খনিন্দ্ৰ ভূষণ মহন্ত
(১)
থম-থমকৈ বহি আছে সন্ধ্যাটো
তাতকৈ আহাঁ, যাতনাৰ কথাকে পাতোঁ
কোৱাঁচোন – জীৱনটো যদি বৃত্ত
প্রহৰবোৰ যদি ব্যাসার্ধ
পৰিধিতনো মই কি থ’ম?
(২)
স্মৃতিৰ চহৰখন আজি ধুমায়িত...
নিচা লগা মানুহৰ দৰে খোজ দি দি মই বুজিছোঁ :
ভালপোৱাও কেতিয়াবা ৰে’লৰ চিৰিৰ দৰে
শূন্য নে পূর্ণ – সেয়া বিচার্য নহয়।
(আঃ! এয়া কেনে উপপাদ্য!)
(৩)
হাতত হাত ধৰি ওলমি আছে গ’ল্ডেন শ্বাৱাৰ...
প্রসাৰিত আঙুলিবোৰে হেৰুৱাইছে (নে বিচাৰিছে) বাট
আঁত বিচাৰি মই ভাবি আছোঁ :
বিন্যাসৰ সূত্র ফুলতকৈ আন কোনে জানে?
_____
ভ্ৰাম্যভাষ : ৯১০১৯৮৬১৪০