জুবিলী গগৈ
নজনাকৈয়ে আহিলোঁ বহুদূৰ
নজনাকৈয়ে বুলিলোঁ বাট
একা-বেঁকা পথেৰে
দুচকুত আন্ধাৰ লৈ
পিঠিত বোজা বান্ধি
কৰি থাকিলোঁ অপেক্ষা
সেউজীয়া পোহৰ
বিয়পি যোৱালৈ
ভিৰৰ মাজতো
কৰি থাকিলোঁ
অবিৰত জীৱন-পাঠ
ছানি পৰা চকুত ধূলি মাৰি
গুচি গ’ল সময়
ডিজিটেল পাখি মেলি
বহু পিছত ৰৈ গ’লেও
আগুৱাই যোৱাৰ বাদে
বিকল্প নাই
জীৱনৰ নীতিহীন পৃষ্ঠা
আজিও মই
ডিলিট কৰিব পৰা নাই