মানস প্ৰতিম দত্ত
এৰাসুঁতিৰ ওপঙি ফুৰে মৰা ম’হ
শগুণ শূন্য
ডাইক্ল’ফেনাকে নোহোৱা কৰিলে
শৈশৱৰ
ভালনে ছাৰ- ভাল ছাৰ
ভাল ছাৰ মানে শগুণ
পানী মৰে
নদী হেৰায়
উৱঁলি পৰে কুঁহিপাঠৰ আদিপাঠ
কাম্প’চী ঐ
য়াকাছী ঐ
পানী যদি এনেকৈয়ে মৰি থাকে
বিল ভাঙি এনেকৈয়ে যদি পথাৰ হয়
বোধৰ বেলিত
অইনিঃতমৰ সুৰবোৰে
কাবানৰ কৰুণ চকুলোৱে
হয়কলি চৰাইজনী হৈ
ক’ব জানো পাৰিব-
খেতিত থাকে ভোকৰ ভোগ
পানীত থাকে প্ৰাণ
বিলত নুশুনো যেতিয়া
ডাউকৰ খোজ এৰি
বালিঘোঁৰাৰ মাত
মেটেকাৰ শিপা চিঙি
দলনিত মৰে পানী
শুকান ভূজল
গভীৰ নলা
জীয়াই থকাৰ সুগভীৰ ঘাঁ