প্ৰদীপ শইকীয়া
ভাবিছিলোঁ
মণিপুৰ মানে ছাংগাই পহু ৷ তাৰ শিঙৰ ফাঁকেদি দেখা জোনৰ মুখ
ভাবিছিলোঁ
মণিপুৰ মানে পুং চ’লম্ ৷ তালে তালে নচা বগা পাগুৰি
মণিপুৰ মানে বৈষ্ণৱ-কীৰ্তন ৷ ৰাসলীলা ধীৰগতি ৰাধা
লাই হাৰাওবা
পেনা-খোংবা বীণাৰ মিড়
দূৰদৰ্শনত এটা অদ্ভুত অজগৰ
মেৰিয়াই ধৰিছে গাওঁ-ভূঁই চুবুৰী চহৰ
দ’ম দ’ম ছাই ৷ আকাশলংঘা ধোঁৱাৰ দৈত্য
জুমবন্ধা মানুহ ৷ অদৃশ্য গুলী
বিতত শিশু নাৰী অসহায় মৰদ ৷ টোপা-টোপে তেজ
ছাংগাই উৎসৱৰ নিশা
মুকলি আকাশৰ তলত যাৰ স’তে বহিছিলোঁ
তেওঁবা এতিয়া ক’ত
আমিযে পাতিছিলোঁ
ৰহস্যময় মাইবী আৰু অৰিবাম শ্যাম শৰ্মাৰ কেমেৰাটোৰ কথা ৷ সেই শব্দবোৰবা এতিয়া
ক’ত
ছাৰখাৰ
আধাপোৰা মণিপুৰ
ইণ্ডো-মিয়ানমাৰ সীমান্ত পাৰহৈ এদিন আনিছিলোঁ এপাট কেটেপা ৷ দুখন কম্বল ৷
পানীৰ বাৰ্মিজ বটল
মোৰে’ৰ পৰা ওভতোঁতে দেখিছিলোঁ
এটা প্ৰকাণ্ড মেথোন জাৰৰ নিশা অকলে গৈ থকা
সিও চাগে জাহ গ’ল ৷ নাগৰিক কুকি পৰ্বতৰ
জুই হত্যা ধৰ্ষণ লুটপাত বাৰুদ-বাহিনী
কৰ-কাটল সম্প্ৰদায়-বিচাৰ ভূমি-দখল
তেজখোৱা ন ন অভিসন্ধি
সিংহাসন-সপোন
বৰ সুলভ আজি
বঙহে বঙহক খায়
ৰাজপথত গুলীত থকাসৰকা বিৱসনা নাৰী
দেশৰ সহজ মানুহ হে মৃতসকল
ৰাজপ্ৰধানক আমি জগাব নোৱাৰিলোঁ
জুয়ে পোৰা দিনদুপৰতো