ৰঞ্জিত পাটগিৰি
ক’ত এৰি থৈ আহিলোঁ
শৈশৱৰ পাগলাদিয়া,
ক’ত হেৰাল কলেজীয়া দিনৰ দুটি চকু
তাম বৰণীয়া!
দুখৰ বতাহে
কাহানিও শুকুৱাব নোৱাৰে চকুপানী৷
কোনোবাই মোক অলপ
আন্ধাৰৰ আতৰ আনি দিয়া হ’লে
গালে-মুখে সানি নিজৰ মাজতে হেৰাবলে’৷
পোহৰে কি জানে
জোনাকী পৰুৱাৰ কেনি বাট...
কোন কবিয়ে জানো কৈছিল―
মানিমুনি শাক
তই তাতেই থাক৷