অন্যযুগ/


শৱ

 প্ৰেমনাৰায়ণ নাথ

 

সময়ে গিলি থ’লে সময় সিদিনা

মেঘ বৈ আহে মাজে মাজে

পাৰ ভাঙি জ্বলা জুই হৈ

 

থোকাথুকি নামঘোষা

‘তেবেসে লৈলো শৰণ’

যেন ৰ’ল আহি জীৱনৰ পানচৈ ঢলং পলং

কেনেকৈ পঢ়োঁ আৰু এই পাঠ

ভগা কলিজাত

‘কিমতে ভকতি কৰিবো তোমাত হৰি এ’

 

এয়াই সচাঁ বেলিৰ পোহৰৰ দৰে

ভ্ৰান্তি মাথোন স্বপ্নবিলাস

 

চকুলো শুকাব জুই নুমাব

স্মৃতিৰ চিৰন্তন নৈ

চকুলোৰ ডঁৰিয়লিত ৰৈ

মোক সুধিব - কোৱাচোন কোন সচাঁ-

 

            তুমি নে মই?

***

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ