উদয় কুমাৰ বৰুৱা
শেষ নোহোৱা বাটটোৰে অকলশৰে
গৈ থাকোঁতে সানমিহলি ভাবনাবোৰ
থিয় পাহাৰ এটা হয়
যান-জঁটত ৰৈ দিওঁতে লগ হয় এটা চেৰেলা কুকুৰ
এই যেন উদ্যাপিত হ’ব মহাকাব্যৰ শেষ দৃশ্য
মোৰ একাকী ভ্ৰমণ আৰু কিমান বাকী
ভাবি থাকোঁতেই দুপৰৰ বেলিটো হেৰায় ।
পোহৰৰ ক্ষীণকায় ৰেখা এডালত নঅঁকা ছবি এখন ওলমি থাকে
(আজিকালি সঘনাই এনেকুৱাই হয়)
পাহাৰটোৰ সিপাৰে কিজানি অগাইধনি এন্ধাৰ।
কিজানি কোনোবা ষোড়শীৰ
চুলিৰ অৰণ্যত এতিয়া চম্পাফুলৰ ৰাতি
জলমগ্ন আন্ধাৰৰ মাজেৰে হঠাৎ পাৰ হৈ যায় হেমন্তৰ চঞ্চল বতাহজাক
এচমকা বিজুলীৰ দৰে অনামী
এক ৰহস্যই যেন লেহন কৰি যায় সৰ্বশৰীৰ
নাজানো কাৰ বুকুৰ উত্তাপ বিচাৰি এন্ধাৰত উচুপি উঠে সপোন এটাই
অন্তৰাত্মাই কয় : খুলি দিয়াঁ কলিজাৰ দুৱাৰ
জীয়ন দিয়া তেজত
অকাল বসন্ত ফুলক হিয়াই হিয়াই