উদয় কুমাৰ বৰুৱা
মোৰ দৰে আপোনাৰ হৃদয়তো
থাকেনে বৈ এখন নিৰিবিলি নৈ
তাৰ পাৰত বহি কৰেনে কেতিয়াবা
অতীত বুৰঞ্জী ৰোমন্থন
নতুবা হয়নে কথোপকথন
ফুলি থকা এজাৰজোপাৰ
হেজাৰ বেদনাৰে
আৰু থৰ হৈ চাই থকা ৰঙা জিঁয়াটোৰ
কঁপা কঁপা মৌনতাৰে
কৰে নে উপভোগ দুপৰ বেলা নদীৰ শিলত বহি মাছৰোকাটোৰ মৎস্যকামনা
মন নাযায়নে চাবলৈ সেই নদীৰ
ডেউকাৰ আঁৰত তিলে তিলে কেনেকৈ গঢ় লৈ উঠে নব্য সভ্যতা
হিমসনা গধুলি এটাত কাঁচিজোনটোৰ স’তে নামি অহা আকাশখনৰ বাসনা এটাই আপোনাকো
নুফুৰেনে খেদি
কেতিয়াবা প্ৰাণোচ্ছল নদীখন
তৰাং হোৱাৰ আশংকা এটাই
আপোনাকো নাথাকেনে ৰেপি
হয়, জানিবৰ মন যায় সকলো থকাৰ পিছতো শূন্যতাৰ বিননি এটাই মোৰদৰে
আপোনাকো মেৰিয়াই ধৰি থাকে নেকি?