অন্যযুগ/


কণামেঘ

উদয় কুমাৰ বৰুৱা

 

অৱশেষত

পানীপটাৰ শিলটোৰ অবিৰত প্ৰাৰ্থনাত কণামেঘৰ টোপনি ভাগিল

 

লগেলগে বাউলি এজাক বতাহৰ পিছে পিছে মুষলধাৰ বৰষুণ

কণামেঘে দেখা নাই আগচোতালৰ ন-কৈ ফুলা নেমুজোপা, কিম্বা অজ্ঞাত,নেমুজোপাই লালন কৰা গোপন সপোনটোৰ কথাও

 

নামহীন অত্ৰানি এটাই

হঠাৎ জোকাৰি গ’ল তাৰ সমস্ত শৰীৰ

জানোচা সপোনটো...

 

তেতিয়াই, হয় তেতিয়াই একাঁঠু বিষাদত ডুবি কণামেঘৰ স্বগতোক্তি :

“শিলবোৰ কেৱল শিলেই নহয়

নদীৰ দৰে শিলৰো থাকে আত্মা

প্ৰেমহীনতাতো বৈ থাকে নীৰৱে

অনন্য স্বৰ হৈ”

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ