অন্যযুগ/


আঁত ধৰাৰ বাট

 উজ্জ্বল স্মৰণ দত্ত 

 

পট  সলাইছিল কাহিনীয়ে

ধোবাং বাং মেলা

সামৰিব পৰা নাই কথাবোৰ ৷

বলা যুগপট  বা

গাত কথা নলগা

গতিৰে জিনা

আথাউনি  বাট

নাপায়  থাউনি 

পাবত গজাটো নহয় ৷

বৃত্তৰ  বাহিৰত

ভ্ৰমে  ভ্ৰম ৷

কৌটিকলীয়া আঁত

বুকুৱেদি বয় লুইতৰ সোঁত 

কালৰ জৰী হৈ আঁতে ডোলত ৷

গুৰিব’ঠা  আদিমূল 

বৰগছ হৈ শিপায় ৷

নজহা  নপমা  বান্ধ

গজালি  নলমৰি ওলায়

টানে আঁতত ৷

মূলৰ   আঁত

আঁতৰ  মূল

মূলৰ  মূল আদিমূল ৷ 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ