অৰুণ গগৈ
চ’তৰ শেষত বহাগ মাহত
ফুলিল ঢাপৰ নাহৰ,
বিহুৱা ঢুলীয়া ৰঙতে বলিয়া
মাৰিলে ঢোলত চাপৰ ৷
তাঁতৰ শালত হাতৰ পাকত
ঘূৰিল কাঠৰ যঁতৰ,
পিৰালি-কাষত বসন্ত কালত
ফুলিল ধুনীয়া তগৰ ৷
শুনিছোঁ ৰিণিকি অতিকৈ চিনাকি
ঢোল-পেঁপাৰ মাত,
নাচনী-ঢুলীয়া মন উৰণীয়া
বিহু বিহু লাগে গাত ৷
বিহুৰে শুৱনি ধুনীয়া নাচনী
হাতত জেতুকাৰ বোল
কুলিৰ মাতত মুগাৰ সাজত
নাচনীৰ মন বিয়াকুল ৷
বিহুৱা ডেকাই ঘৰে ঘৰে গায়
জাত জাত বিহুনাম
মাৰিছে হুঁচৰি গাইছে চিঞৰি
দেহি ঐ গোবিন্দাই ৰাম ৷
***
ঠিকনা :
মৰিয়নী, যোৰহাট
ভ্ৰাম্যভাষ : ৯৭০৭৩৯০৫৪০