অসমীয়াৰ জাতীয় উৎসৱ তথা জাতিটোৰ প্ৰাণ হিচাপে বিহুৰ বিৰ্ৱতনো লক্ষণীয়। বসন্ত কালৰ ৰং-ৰহইচ আৰু ৰং-ৰহইচৰ লগত কৃষিৰ সামঞ্জস্যই জীৱজগতৰ বাবে মূল আনন্দ আৰু উৎকৰ্ষৰ উৎসৱ¸। সেই বাবে ইয়াক লৈয়েই চহা জীৱনৰ অৰঙে-দৰঙে অসমৰ উলুৱনিয়ে-বননিয়ে হাজাৰ-বিজাৰ বনগীত, বনঘোষা ৰচিত হৈ আহিছে। বিহুৰ উৎপত্তি কৃষিজীৱী সমাজ এখনত হোৱা বাবে পৰৱৰ্তী বহু কাললৈ পথাৰত, আঁহত গছৰ তলত বা ডাঙৰ গছ বিশেষৰ তলত বসন্ত কালত এই নৃত্যবিধ সম্পাদিত হৈছিল। এই নৃত্যৰ মূল উদ্দেশ্য আছিল ব্যস্ত জীৱনত ৰং-ৰহইচেৰে অলপ সময় নিজৰ মাজত উদ্যাপন কৰা।
অতীজৰে পৰা পালন কৰি অহা বিহুটি অসমীয়াৰ ঐতিহ্য আৰু পৰিচয়। প্ৰকৃতপক্ষে অসমীয়া সমাজ জীৱনৰ ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, ধৰণ-কৰণ, পিন্ধন-উৰণ, খেতি-বাতি, খোৱা-বোৱা, চিন্তা-চৰ্চা আদি এনে এটা দিশ নাই, যিসমূহ বিহুৰ মাজেদি প্ৰতিফলিত হোৱা নাই। তাৰ লগে লগে বিহুৱে সামাজিক ঐক্য-সম্প্ৰীতি আৰু জাতীয়তাবোধ সৃষ্টিত মহত্ত্বপূৰ্ণ অৱদান আগ বঢ়াই আহিছে। হেঁপাহৰ বিহুটিয়ে প্ৰীতি আৰু আনন্দময়তাৰ সৃষ্টি কৰে। যুগে যুগে বিহুৰ সৈতে অসমীয়া মানুহৰ এক সুগভীৰ আৱেগিক সম্পৰ্ক জড়িত হৈ আছে। বিহু মানেই আনন্দ-উলাহ, মৰম-চেনেহ, ভাতৃত্ব-বন্ধুত্বৰ উৎস। এই বিহুটিৰ লগত অসমত বসবাস কৰা পাহাৰ-ভৈয়াম, ধৰ্ম-বৰ্ণ, জাতি-উপজাতি নিৰ্বিশেষে সকলোৰে সম্পৰ্ক নিবিড় হৈ আছে বাবেই বিহুৰ মৰমত প্ৰতিগৰাকী অসমবাসীৰ হদয়ত তৎপৰতা আৰম্ভ হয়।
সাম্প্ৰতিক কালত বিহু মঞ্চতহে দেখিবলৈ পোৱা যায়। বিহুৰ দিনত ঘৰে ঘৰে গৈ হুঁচৰি গোৱাৰ নিয়ম প্ৰায় নাইকিয়া হোৱাৰ দৰে হৈছে। অৱশ্যে যুগৰ পৰিৱৰ্তন হোৱাৰ লগে লগে সময়ৰ সোঁতত পৰি কৃষ্টি-সংস্কৃতিৰো পৰিৱৰ্তন হোৱাটো স্বাভাৱিক যদিও আমাৰ অসমীয়া সমাজৰ কৃষ্টি-সংস্কৃতি হেৰাই নোযোৱাকৈ জীয়াই ৰখাৰ প্ৰচেষ্টা কৰাৰ সময় সমাগত; নহ’লে আধুনিক মানসিকতাই, অৰ্থাৎ যান্ত্ৰিক সভ্যতাই এদিন ইতিহাসৰ ৰূপ সলনি কৰিব পাৰে। অতীতত বিহু সন্মিলন নাছিল। পিছে বিহু সন্মিলন এটা ভাল অনুষ্ঠান; কিন্তু তেনে মেলামুখী উৎসৱে জাতীয় কৃষ্টি-সংস্কৃতি যাতে অৱনমিত নকৰে, তাৰ বাবে আমি সচেতন হোৱাটো একান্তই বাঞ্ছনীয়।
মুকলিকৈ ভাবি চালে বৰ্তমান কালত প্ৰকৃতিৰ পৰা বিহু আহি চহৰৰ ৰংগমঞ্চলৈ ঢাপলি মেলিছে। মানুহৰ মানসিক পৰিৱৰ্তন অথবা উMৰণ নঘটিলে বিহুৱে ৰূপান্তৰিত ৰূপ কেতিয়াও নেপালেহেঁতেন। পশ্চিমীয়া সংস্কৃতিৰ প্ৰভাৱে আমাৰ যুগমীয়া সংস্কৃতিৰ সকলো দিশকে গ্ৰাস কৰিছে। বৰ্তমান সময়ত বিভিন্ন ক্ষেত্ৰত বহুতো পুৰণি পৰম্পৰাক অসমীয়াই সম্পূৰ্ণ বিসৰ্জন দিয়া যেন ধাৰণা হয়। অসমীয়াৰ বাপতি সাহোন বিহুটিও বিশ্বায়নৰ ধামখুমীয়াত হেৰাই যোৱাৰ উপক্ৰম হৈছে। গতিকে বাণিজ্যিকীকৰণৰ দৃষ্টিৰে বিহু প্ৰয়োজনৰ মানসিকতা ত্যাগ কৰিব পাৰিলেও বিহুৰ প্ৰকৃত স্বতন্ত্ৰতা আৰু স্বৰূপ সুৰক্ষিত হ’ব।
বিহু সন্মিলনৰ সৈতে বিহুৰ ঐতিহ্য আৰু পৰম্পৰাৰ যি সম্পৰ্ক আছে, সেই সম্পৰ্ক ৰক্ষা কৰি চলিব পাৰিলেহে বিহুৰ ঐতিহ্য ৰক্ষা পৰিব। আজি-কালি অনুষ্ঠিত হোৱা বিহুমেলাত বিহু কুঁৱৰী, বিহু ৰাণী, বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতাই বিহুক মেলাসদৃশ কৰাত অৰিহণা যোগাইছে। বিহু উৎসৱ সদায় উৎসৱ হৈয়েই থাকক। বিহুগীতবোৰ সাহিত্যিক মৰ্যাদাৰে ভৰপূৰ এক সাৰ্বজনীন লোকসংগীত। বিহু নাচৰ পৰিৱেশ, কলাশৈলী, পৰিৱেশনৰ এক নিজা ৰীতি আছে। সাংস্কৃতিক সন্ধিয়া পাতি ডাঙৰ ডাঙৰ গায়ক-গায়িকাক মাতি মানুহে যিকোনো সময়তেই সাংস্কৃতিক সন্ধিয়া পাতিব পাৰে। ব’হাগ বিহুত উত্তৰ-পূৰ্বাঞ্চলত থকা বিভিন্ন জাতি-জনজাতিসমূহৰ লোকচান সমাৰোহ পাতি লোকপৰম্পৰা অটুত ৰক্ষাৰ যত্ন কৰা উচিত। তেনে কৰিলে অঞ্চলটোত লোক পৰিৱেশ কলা প্ৰদৰ্শনৰ এক সমূহীয়া প্ৰচেষ্টা গঢ় লৈ উঠিব। অসমীয়া সংস্কৃতিৰ মূল সম্পদ হ’ল বিহুগীতবোৰ। বিহুগীত অবিহনে বিহু অৰ্থহীন; কিন্তু পৰিৱৰ্তনশীল সমাজত কেতবোৰ নহ’লে বিহুগীতৰ নামত ভেঙুচালি কৰাহে পৰিলক্ষিত হৈছে। বিহুগীতৰ নামত ইলেক্ট্ৰনিক বাদ্যযন্ত্ৰৰে তাল মিলাই যিবোৰ গীত উপহাৰ দিছে, সেইবোৰৰ সৰহ সংখ্যকেই মৌলিকতাৰ পৰা আঁতৰি আহি বিহুক বিকৃত কৰাৰ প্ৰৱণতাত লিপ্ত হোৱাটো সকলোৱে লক্ষ্য কৰিছে। বিহু এক লোকসংস্কৃতি। লোকসংস্কৃতিৰ কোনো ব্যাকৰণ নাই যদিও লোকসংস্কৃতিয়ে জাতি একোটাৰ জাতীয় পৰিচয় বহন কৰে। সেয়ে লোকসংস্কৃতিত পৰিণত হ’ব নোৱাৰে তাৰ প্ৰতি চকু ৰখাটো আৱশ্যক। বিহুৰ ক্ষেত্ৰতো একে কথাই খাটে। কাৰণ, বিহুৱে আজি ভাৰতৰ পৰিসীমা অতিক্ৰম কৰি বিশ্ব দৰবাৰত উপস্থিত হ’বলৈ সক্ষম হৈছে। এনে স্থলত বিহুৰ স্বকীয়তা বজাই ৰখাটো অতি প্ৰয়োজন।