দাদুল দেৱকৃষ্ণ
ৰাতিৰ বৰষুণজাকে ঠাণ্ডা আগতকৈ দুগুণ কৰিলে। দুগুণ কৰিলে মানে আঘোণ মাহতে পুহমহীয়া জাৰ নমাই আনিলে। আজি বিছনাৰ পৰা নামিবলৈকে বনানি আৰু বিটপীৰ মন যোৱা নাই। লেপৰ উম্ এৰিবলৈ এজনীয়েও মন কৰা নাই। ইফালে আইতাকে জুই জ্বলাই লৈ তাহাঁতক জুহাললৈ মাতি আছে— “জুইত গা তপতাই লহিহঁত। দিনটোলৈ তপত হৈ থাকিবি।”
মাকেও তাহাঁতক বিছনা এৰিবলৈ কৈ আছে। তাহাঁতৰ কিন্তু
কাপোৰৰ উম্ এৰি আহিবলৈ মন যোৱা নাই। কিন্তু নুঠিলেতো নহ’ব; সেয়ে অনিচ্ছা সত্ত্বেও
বিছনাৰ উম এৰি আহিল বনানি আৰু বিটপী।
দুয়ো চকু-মুখ ধুলে আৰু দাঁত মাজিলে। আইতাকে পুনৰ
জুহাললৈ মতাত জুহাল পালেগৈ তাহাঁত। জুহালত একাষে আইতাক আৰু আনফালে দেউতাক। আইতাকে
কাঁহৰ বাটি এটাত ফিকা চাহ এবাটি লৈ খোৱাৰ যো-জা চলাইছে। বনানি আৰু বিটপী পীৰা
দুখন পাৰি দেউতাকৰ ওচৰতে বহিল।
: ‘‘বতৰটো সোনকালে মুকলি নকৰিব
নেকি!’’ — দেউতাকে বিৰবিৰালে।
: ‘‘নকৰে। মই পৰহি গধূলি
কোৱা নাছিলোঁ জানো। সেইদিনা মেঘৰ চেহেৰা দেখি মই ঠিকেই ধৰিছিলোঁ।’’ — আইতাকে দেউতাকক উদ্দেশ্যি ক’লে।
বনানিৰ দেউতাকৰ ঠিকেই মনত পৰিল আয়েকৰ কথা।
তেওঁ মাকক ‘আই’ বুলি সম্বোধন কৰে। তেৱেঁই
নহয়, তেওঁৰ সমবয়সীয়া প্ৰায়সকলেই মাকক ‘আই’ বুলি মাতে। ‘মা’-তকৈ ‘আই’ বেছি পুৰণি আৰু আপোন আপোন
লগা শব্দ। পৰহি ৰাতিপুৱা পূবফালে আকাশ ৰঙা হৈছিল আৰু বেলি পাটত বহাৰ সময়ত পশ্চিম আকাশ
ক’লা বৰণৰ হৈছিল। তাকে দেখি আয়েকে ডাকৰ বচন আওৰাইছিল—
‘‘উদয়ে
সিন্দুৰ পশ্চিমে কালা।
তেৱে জানা বহু বাৰিষা মালা।।”
আমাৰ পৰম্পৰাগত কথাবোৰো উলাই
কৰিব পৰা কথা নহয়। ডাকৰ বচনৰ বহু বৈজ্ঞানিক ভিত্তি আছে। বনানিৰ আইতাকে পৰহি কোৱা
ডাকৰ বচনফাকি তাৰেই উদাহৰণ।
: ‘‘কালি আমাক বতৰৰ কথা ক’ম
বুলি কৈছিল নহয়!’’ — মাক-পুতেকৰ মুখত বতৰৰ কথা শুনি শুনি তাৰ মাজতে
বনানিয়ে মাত লগালে।
: ‘‘ক’ম ৰ’বা।’’ — দেউতাকে ক’লে।
: ‘‘ক’ম
নহয়, কওক। এতিয়াই।’’ — বনানি সহজে এৰি দিয়া ভকতনী নহয়।
: ‘‘শুনা তেন্তে।’’
সাধাৰণভাৱে ক’বলৈ
হ’লে কোনো এটা নিৰ্দিষ্ট সময়ত কোনো এটা নিৰ্দিষ্ট
বায়ুমণ্ডলীয় অঞ্চলত সংঘটিত হোৱা পৰিঘটনাকে বতৰ বোলা হয়। বা বতৰ হৈছে কোনো
স্থানৰ কোনো সময়ৰ বায়ুমণ্ডলীয় অৱস্থা। সাধাৰণত এদিনৰ এনে তথ্যকেই বতৰ বোলে, আৰু কেতিয়াবা কোনো
নিৰ্দিষ্ট এলেকাৰ কম সময়ৰ বায়ুমণ্ডলীয় অৱস্থাকো বতৰ বোলা হয়।
: ‘‘বতৰৰ বেছিভাগ পৰিঘটনা
বায়ুমণ্ডলৰ কোনটো স্তৰত হয় জানা?’’
— বনানিৰ দেউতাকে সোধে।
: ‘‘আপুনি ক’লেহে
জানিম।’’ — বিটপীয়ে তপৰাই মাত দিলে।
: ‘‘ট্ৰপ’স্ফিয়াৰত
সংঘটিত হয়।’’ — বনানিৰ দেউতাকে হাঁহি হাঁহি
ক’লে। বিটপীৰ কথা কোৱা ঢংটোৱে তেওঁক হাঁহিৰ খোৰাক যোগাইছিল।
: ‘‘বতৰ সলনি বা পৰিৱৰ্তন হোৱা
বুলি কিদৰে জনা যায়?’’ — বনানিৰ প্ৰশ্ন।
: ‘‘বৰষুণ দীঘলীয়াকৈ দি থাকিলে
বাৰিষা কাল আৰু বৰষুণ দিবলৈ এৰি দিয়া দিনবোৰ খৰালি কাল।’’— দেউতাকে কোৱাৰ আগতে আইতাকে ক’লে।
: ‘‘কথাটো আইতাই ঠিকেই কৈছে যদিও
তোমালোকে বুজিব পৰাকৈ ক’ব পৰা নাই। আচলতে যিকোনো এখন ঠাইৰ বায়ুমণ্ডলৰ ঘনত্ব (তাপ
আৰু জলীয় বাষ্পৰ) পৰিৱৰ্তনৰ ফলতেই বতৰৰ পৰিৱৰ্তন হয়।’’
: ‘‘কিন্তু কিয় এই পৰিৱৰ্তন ঘটে?’’ — বনানিয়ে সোধে।
: ‘‘সূৰ্যৰ ৰশ্মিৰ আপতিত কোণৰ
পৰিৱৰ্তনৰ বাবেই এই পৰিৱৰ্তনবোৰ হয়।’’ — দেউতাকে ক’লে।
: ‘‘ধুমুহা, চাইক্ল’ন আদি বতৰ পৰিৱৰ্তনৰ
উদাহৰণ নহয় জানো দেতা?’’ — বনানিয়ে পুনৰ সুধিলে।
: ‘‘ঠিকেই ধৰিছা। অস্থিৰ বায়ুৰ
বাবে চাইক্ল’ন, ধুমুহা আদিৰ সৃষ্টি হয়। বতৰৰ কেইবাটাও উপাদান
থাকে।’’— দেউতাকে ক’লে।
: ‘‘বতৰৰ উপাদান?’’ — বিটপী উৎসুক হৈ উঠিল।
: ‘‘অঁ। বতৰৰ উপাদান আছে। বতৰৰ
উপাদান বুলিলে সেইসমূহ উপাদানকে বুজায়, যিবোৰৰ পৰিৱৰ্তনৰ ভিত্তিত কোনো স্থানৰ
বায়ুমণ্ডলীয় অৱস্থাৰ পৰিৱৰ্তন সূচিত হয়।
: ‘‘কোনবোৰ উপাদান?’’ — এইবাৰ বনানিয়ে সুধিলে।
: ‘‘বায়ুৰ প্ৰৱাহ বা বতাহ, তাপ, চাপ, বৰষুণ আৰু আৰ্দ্ৰতা।’’ — দেউতাকে উত্তৰ দিলে।
: ‘‘বতৰ মানে কি সেয়া অলপ
বুজিছোঁ বাৰু। কিন্তু জলবায়ু মানেনো কি?’’
— এইবাৰ প্ৰশ্নকৰ্তাৰ ৰূপত
বিটপী।
: ‘‘কোনো এটা ভৌগোলিক অঞ্চলৰ তাপ, আৰ্দ্ৰতা, বায়ুমণ্ডলীয় চাপ, বতাহ, বৰষুণ, বায়ুমণ্ডলীয় উপাদানৰ
পৰিমাণ আৰু অন্য অসংখ্য ধাতৱ মৌলৰ পৰিমাণ আদিৰ দীঘলীয়া সময়ৰ পৰিসংখ্যাকেই
জলবায়ু বোলে। এক কথাত ক’বলৈ গ’লে দীঘলীয়া সময়ৰ বাবে বতৰৰ
পৰিৱৰ্তনেই জলবায়ু।’’ — দেউতাকে ক’লে।
: ‘‘দীঘলীয়া মানে কিমান
দীঘলীয়া সময়ৰ বতৰৰ পৰিৱৰ্তন?’’ — বনানিয়ে পুনৰ সুধিলে।
: ‘‘সাধাৰণতে ৩০ বছৰতকৈ অধিক
অন্তৰালৰ বতৰৰ পৰিসংখ্যাক ভিত্তি কৰি কোনো এটা অঞ্চলৰ জলবায়ু নিৰ্ণয় কৰা হয়।’’
: ‘‘আজিকালি বতৰৰ ৰেহ-ৰূপ কি হয়
ধৰিবকে নোৱাৰি। কিযে অমংগলীয়া দিন-কাল আহিল।’’ — বনানিৰ আইতাকে নিজে নিজক
কোৱাৰ দৰে ক’লে।
: ‘‘এয়া সকলো মানুহৰ বাবেই
হৈছে। মানুহে কৰা কেতবোৰ কামে পৃথিৱীৰ বতৰ আৰু জলবায়ু সলনি হোৱাত বৰঙণি
যোগাইছে। মুঠতে মানুহৰ বাবেই প্ৰকৃতি জগতত দিনে দিনে কু-প্ৰভাৱ পৰি আহিছে। বতৰ
আৰু জলবায়ু পৰিৱৰ্তনত ‘গ্ৰীন হাউছ’ গেছৰ প্ৰভাৱ যথেষ্ট।’’ — বনানিৰ দেউতাকে ক’লে।
: ‘‘গ্ৰীন হাউছ গেছ?’’ — বনানিৰ প্ৰশ্ন।
: ‘‘অঁ, গ্ৰীন হাউছ গেছ। সেই বিষয়ে
কিন্তু আজি নকওঁ। গোহালিৰ গৰুজাক উলিয়াবলৈ আছেই নহয়। বৰষুণজাক এৰিছে যেতিয়া সেই
কামটো কৰি লওঁ।’’— কথাখিনি কৈ বনানিৰ দেউতাক জুহালৰ কাষ এৰি
বাহিৰলৈ ওলাই গ’ল।
বনানি আৰু বিটপী জুহালত বহি থাকিল। আইতাক তাহাঁত দুজনীলৈ বুলি ছছপেনটোত গাখীৰ তপতোৱাত লাগিল।