দাদুল দেৱকৃষ্ণ বৰুৱা
(২৪)
ৰাতিপুৱাই লুকা ওলালহি৷ ষ্টেপানে তেতিয়া মলেঁয়া আৰু ক্লেপেটাঁক আহাৰ খুৱাই আজৰি হৈছিলহে৷ মলেঁয়া যিহেতু দ্বিতীয়বাৰৰ বাবে উমনিত বহিছে, গতিকে তাইক ক্লেপেটাঁই খুৱাবলৈ লৈছে৷ চোতালত মাছৰ পাত্ৰটো থ’লে ক্লেপেটাঁই নিজৰ জোখাৰে খাই উঠি এটা এটাকৈ ঠোঁটত লৈ ঘৰৰ মূধচত থকা বাহত বহি ৰোৱা মলেঁয়াক খুৱায়গৈ৷ আগৰ দৰে ঘৰৰ মূধচত উঠি মলেঁয়াক খুৱাবলৈ কোনো উঠি যাব নালাগে৷ মাৰ্ক’ৰ কষ্ট কমিল৷
: বহুদিনৰ
মূৰত!— লুকা আহি ওচৰ পোৱাৰ লগে লগে স্বভাৱসুলভ হাঁহিৰে ক’লে ষ্টেপানে৷
: ক’তনো
বাৰু বহুদিন, এপষেক হৈছেহে! ক্লেপেটাঁ অহাৰ পাছদিনাই আহিছিলোঁ৷
লুকাই হাঁহিলে আৰু হাতত লৈ অহা Novi List-অৰ আজিৰ সংখ্যাটো ষ্টেপানলৈ বুলি আগবঢ়াই দিলে৷
বাতৰি কাকতখন
হাতত লৈয়ে ষ্টেপানৰ ওঁঠেৰে হাঁহি বাগৰি গ’ল৷ পোহৰ হৈ গ’ল তেওঁৰ মুখমণ্ডল৷ Novi
List-অৰ প্ৰথম পৃষ্ঠাতে ওলাইছে ক্লেপেটাঁ উভতি অহাৰ বাতৰি আৰু মলেঁয়াৰ সতে এখন যুগ্ম
ফটো৷ বাতৰিৰ শিৰোনাম— ‘আফ্ৰিকাৰপৰা ক্ৰ’ৱেছিয়ালৈ : প্ৰেমৰ বাতৰি লৈ মলেঁয়াৰ কাষলৈ
ক্লেপেটাঁ’৷
: ধন্যবাদ
লুকা৷— ষ্টেপানে ক’লে৷
: বাতৰিটোৰ
বাবে?
: ফটোখনৰ
বাবে৷ বৰ ধুনীয়া লাগিছে৷
: কিন্তু
পলম হ’ল দুদিনমান৷
: কোনো খেদ নাই৷
দুয়ো বহিল৷ বসন্তৰ ৰ’দে জিলিকাই তোলা ব্ৰডস্কি ভৰোঁত এতিয়া নিৰিবিলি পৰিৱেশ৷ কিছুদিন আগেয়ে হৈ গৈছে কাৰ্নিভেল৷ উৎসৱৰ হাই-উৰুমি এতিয়া আৰু নাই৷
হাই-উৰুমি
ভাল নাপায় ষ্টেপানে৷ জীৱ-জন্তু আৰু চৰাইবোৰেও ভাল নাপায় কোলাহল৷ সেয়ে প্ৰব্ৰজন কালত
চৰাইবোৰে এৰাই চলিব বিচাৰে কোলাহলপূৰ্ণ নগৰ-চহৰ৷ প্ৰব্ৰজনৰ বাসন্তী সময় শেষ হ’ল ইতিমধ্যে৷
তাৰেই প্ৰমাণস্বৰূপে মলেঁয়া উমনিত বহি আছে ঘৰৰ মূধচত; ক্লেপেটাঁ ক’ৰবাৰপৰা উৰি আহি
তাইৰ কাষত ৰৈছেহি৷
: ই চক্কৰ
এটা মাৰি আহিলগৈ!— লুকাই ক্লেপেটাঁৰ ফালে চাই ক’লে৷
: তাৰ নৈমিত্তিক উৰণ৷— ষ্টেপানে ক’লে৷
গে’টৰ
মুখত গাড়ী এখন ৰ’ল৷
গাড়ীৰপৰা কোনোবা এজন নামিল৷ লাখুটিত ভৰ দি থিয় হৈছে তেওঁ৷ গে’টখন খুলি তেওঁ ষ্টেপানৰ চৌহদলৈ সোমাই আহিল৷ আৰে, এয়াচোন মিষ্টাৰ ইগৰ৷ কি হ’ল ইগৰৰ? লাখুটিত ভৰ দি আহিবলগীয়া হৈছে যে! আগবাঢ়ি গ’ল ষ্টেপান৷ তেনে সময়তে মাৰ্ক’ও আহি পালেহি চাইকেল লৈ৷ সি গে’টৰ একাষে চাইকেলখন আওজাই থৈ গে’টখন খুলি দিলে৷
: কি
হ’ল তোমাৰ?— কৌতূহল দমাব নোৱাৰি ওচৰ নৌপাওতেই ষ্টেপানে সুধিলে৷
: ময়ো
মলেঁয়াৰ দৰে হ’লোঁ বুজিছা৷— মিষ্টাৰ ইগৰে হাঁহিলে৷
: কি
হ’ল কোৱাঁচোন৷
: বিশেষ
একো নাই বুজিছা৷ ভৰিটোত কচকা খালোঁ৷ ভাল হ’ব সোনকালে৷ হাড় ভগা নাই বাৰু৷— মিষ্টাৰ
ইগৰে ক’লে৷
: বহক, বহক...৷— লুকাই চকী এখন ঠিক কৰি দিলে৷
মিষ্টাৰ
ইগৰ বহিল৷ চকীত টিকা ৰাখিয়েই তেওঁ ঘৰৰ মূধচলৈ চালে৷
: ইহঁতহালক
একেলগে দেখিলে বুকু ভৰি যায় জানা৷
: মোৰেই
সৌভাগ্য৷ জীৱনৰ লগৰীয়া ইহঁত৷
: উমনিত
বহা কিমান দিন হ’ল?— মিষ্টাৰ ইগৰে সুধিলে৷
: এই
সপ্তাহতে পোৱালি ওলাব চাগে!— ষ্টেপানে সন্তুষ্টিৰে ক’লে৷
: বৰ
ভাল৷
: ইহঁত
থাকিলে বুকু ভৰি থাকে মোৰ৷ কিন্তু যেতিয়া ক্লেপেটাঁ যায়গৈ, মনটো মৰি যায় মলেঁয়াৰ
দৰেই৷
: এইবাৰ
এটা কাম কৰিব লাগিব৷— লুকাই ক’লে৷
: কি
কাম?— ষ্টেপানে সুধিলে৷
: ক্লেপেটাঁক
ছেটেলাইট টেগ পিন্ধাই দিবলৈ চেষ্টা কৰিম৷ তেতিয়া আমি তাৰ গতিবিধি গম পাই থাকিম৷
: বৰ
ভাল হ’বহে৷— মিষ্টাৰ ইগৰে ক’লে৷
: চেষ্টা
কৰিম লগাবলৈ৷ যোগাযোগ কৰি চাম৷ সফল হ’মনে নহ’ম সময়তহে জানিম৷— লুকাই ক’লে৷
: লেবাননৰ
বাবেহে ভয়৷— ষ্টেপানে ক’লে৷
: মানুহবোৰে
যে এতিয়াও কিয় চৰাইবোৰ মাৰে ভাবি নাপাওঁ মই৷— লুকাৰ মাতটোত অলপ উষ্মতা৷
: চিকাৰৰ প্ৰৱণতা মানুহৰ তেজতে আছে বুইছা ডেকাল’ৰা৷ আদিম কালৰেপৰা চিকাৰৰ প্ৰবৃত্তি মানুহৰ ৰক্তকণিকাত সোমাই আছে৷ সেয়ে আজিকালিও সুবিধা পালে এচামে চিকাৰ কৰিবলৈ নেৰে৷
চিকাৰ!
শব্দটো
বৰ সৰল৷ কিন্তু চিকাৰেই যে বহু প্ৰজাতি পৃথিৱীৰপৰা বিলুপ্ত কৰি দিছে৷ প্রাগৈতিহাসিক কালত
খাদ্য সংস্থান আৰু আত্মৰক্ষাকল্পে মানুহে বন্য পশু-পক্ষীক জোঙা পাথৰ, গছৰ ঠাল ইত্যাদিৰে
চিকাৰ কৰিছিল৷ আৰু এতিয়া মানুহে বন্য উল্লাসৰ বাবে চিকাৰ কৰে৷
: মানুহ
সভ্য হ’বলৈ এতিয়াও বাকী৷— ষ্টেপানে ক’লে৷
: মানুহৰ
চিকাৰৰ বাবেই বহু প্ৰজাতি এতিয়া বিপদাপন্ন৷ আৰোহী পাৰৰ দৰে প্ৰজাতি চিকাৰৰ ক’লা অধ্যায়ৰ
সকৰুণ স্মৃতি৷— লুকাই ক’লে৷
: আৰোহী
পাৰ!— মাৰ্ক’ কৌতূহলী হৈ উঠিল৷
: অঁ৷
আৰোহী পাৰ— Passenger Pigeon৷— লুকাই ক’লে৷
: অসংখ্য
আছিল আৰোহী পাৰ৷ কিন্তু এতিয়া নাই৷— ষ্টেপানে ক’লে৷
: আচলতে
আৰোহী পাৰ বিলুপ্তিৰ ঘটনা প্রকৃতিৰ স্বার্থৰ সতে মানুহৰ স্বার্থৰ সংঘর্ষত কি ঘটে তাৰেই
এক মর্মান্তিক উদাহৰণ৷ বিশ্বাস কৰা হয় যে এই প্রজাতিটো এসময়ত মার্কিন যুক্তৰাষ্ট্রৰ
মুঠ পক্ষীৰ জনসংখ্যাৰ ২৫ৰপৰা ৪০ শতাংশ আছিল৷ অনুমান কৰা হয় যে ইউৰোপীয়সকলে আমেৰিকা
আৱিষ্কাৰ কৰাৰ সময়ত ৩ বিলিয়নৰ পৰা ৫ বিলিয়ন আৰোহী পাৰ আছিল৷— লুকাৰ দীঘলীয়া কথা৷
: প্রাথমিক অনুসন্ধানকাৰীসকলে তেওঁলোকৰ লেখাত প্রায়েই আৰোহী পাৰৰ কথা উল্লেখ কৰে৷ এইবিধ চৰাইৰ সংখ্যা ইমানেই আছিল যে যেতিয়া জাকপাতি উৰিছিল, তেতিয়া এটা জাক বহলে প্ৰায় এক মাইল আৰু দীঘলে ইমান বেছি আছিল যে এটা নিৰ্দিষ্ট স্থানেদি পাৰ হৈ যাবলৈ কেইবা ঘণ্টাও লাগিছিল৷— ষ্টেপানে সংযোগ কৰিলে৷
আৰোহী পাৰ এসময়ত গ্রহটোৰ সকলোতকৈ অধিক সংখ্যক চৰাইৰ প্ৰজাতি আছিল৷ আমেৰিকাৰ বৈজ্ঞানিক পক্ষীবিদ্যাৰ জনক আলেকজেণ্ডাৰ উইলছনে অনুমান কৰিছিল যে আৰোহী পাৰৰ এটা জাকত দুই বিলিয়ন চৰাই থাকে৷ জন জেমছ অডুবনে লিখিছিল— তিনি দিন ধৰি এটা জাক উৰি গৈ থকা দেখিছিল তেওঁ; আৰু অনুমান কৰিছিল যে যে মাজে মাজে প্রতি ঘণ্টত ৩০০ মিলিয়নৰো অধিক পাৰ উৰি গৈছিল৷ কেবা মাইলজোৰা দীঘল আছিল এই প্ৰব্ৰজন৷ আনহাতে ইহঁতৰ বাহ সজাৰ ঔপনিবেশিক এলেকাটো আছিল প্ৰায় চল্লিছ মাইল দীঘল৷
খাদ্য, আশ্রয় বা বাহ বান্ধিবৰ বাবে ক্রমাগতভাৱে স্থানান্তৰিত হৈছিল আৰোহী পাৰবোৰ৷ ১৮৩১ চনত পক্ষীবিষয়ক জীৱনীত আমেৰিকান প্রকৃতিবিদ আৰু শিল্পী জন জেমছ অডুবনে ১৮১৩ চনত আৰোহী পাৰৰ এটা জাক পর্যবেক্ষণ কৰিছিল আৰু কি দেখা পাইছিল সেয়া এইদৰে বর্ণনা কৰিছিল— "মই নামিলোঁ৷ এঠাইত বহিলোঁ আৰু মোৰ হাতৰ পেঞ্চিলেৰে কাগজত চিহ্নিত কৰিবলৈ আৰম্ভ কৰিলোঁ, পাৰ হৈ যোৱা প্রতিটো পালৰ বাবে একোটাকৈ বিন্দু তৈয়াৰ কৰি৷ অলপ সময়ৰ ভিতৰতে যিটো কাম মই আৰম্ভ কৰিছিলোঁ, সেইটো কাম এৰি দিবলৈ বাধ্য হৈছিলোঁ৷ কাৰণ অগণিত ভিৰৰ মাজেৰে চৰাইৰ পালবোৰ গৈ আছিল৷ কেইটামান মিনিটৰ ভিতৰতে মই কাগজখনত তৈয়াৰ কৰা বিন্দুবোৰ গণনা কৰিলোঁ৷ দেখা পালোঁ যে ১৬৩টা পাল একৈছ মিনিটত পাৰ হৈ গৈছে৷ মই আগুৱাই গৈছিলোঁ৷ যিমানদূৰ আগুৱাইছিলোঁ সিমানেই দেখা পাইছিলোঁ উৰি আহি থকা জাকবোৰ৷ বতাহ আক্ষৰিক অর্থতে পাৰৰে ভৰি আছিল; মধ্যাহ্ন-দিৱসৰ আলোক গ্রহণৰ দ্বাৰা যেন অস্পষ্ট আছিল; সিহঁতৰ মল খহি আহিছিল, তুষাৰপাতৰ দৰে, ডেউকাৰ ক্রমাগত গুঞ্জনে যেন মোৰ সংবেদনাক শান্ত কৰাৰ প্রৱণতা লৈ আহিছিল৷ সিহঁতৰ বায়ৱীয় বিৱর্তনৰ চৰম সৌন্দর্য মই আপোনালোকক বর্ণনা কৰি জনাবলৈ অসমৰ্থ৷ জাকবোৰ প্রায় কৌণিক ৰেখাৰ দৰে সমুখৰ ফালে আগুৱাই গৈছিল, অৱতৰণ কৰিছিল আৰু অকল্পনীয় বেগেৰে পৃথিৱীৰ খুব ওচৰেৰে পাৰ হৈ গৈছিল৷ যেন এটা বিশাল স্তম্ভৰ অনুৰূপ লম্বভাৱে ইটোৰ পিছত সিটোকৈ পাৰ হৈছিল...৷ সূর্যাস্তৰ আগেয়ে পাইছিলোঁগৈ লুইছভিল, হার্ডেঞ্চবার্গৰ পৰা পঁচানব্বৈ মাইল নিলগত৷ পাৰৰ জাকবোৰ তেতিয়াও অপৰিমিত সংখ্যাত গৈ আছিল আৰু একেৰাহে তিনিদিন একেই দৃশ্য দৃশ্যমান হৈ থাকিল৷"
: ইমানবোৰ
চৰাই চিকাৰীয়ে মাৰি শেষ কৰি দিলে!— দস্তুৰমতে আচৰিত হয় মাৰ্ক’৷
: নেটিভ
আমেৰিকানসকলেও আৰোহী পাৰ চিকাৰ কৰিছিল; কিন্তু ইউৰোপীয়সকলৰ আগমনৰ পাছত, বিশেষকৈ ১৯
শতিকাত চিকাৰ আৰু তীব্র হয়৷ পাৰৰ মাংস সস্তা খাদ্য হিচাপে বাণিজ্যিকীকৰণ কৰা হৈছিল,
যাৰ ফলত বহু দশক ধৰি ব্যাপক হাৰত চিকাৰ কৰা হৈছিল৷ অৱশ্যে চৰাইবিধৰ বিলুপ্তিত অৱদানকাৰী আৰু কেবাটাও কাৰণ আছিল; যাৰ
ভিতৰত প্রজাতি সংৰক্ষণৰ বাবে প্রয়োজনীয় বৃহৎ প্রজনন জনসংখ্যাৰ সংকুচিত হোৱা আৰু ব্যাপকভাৱে
বন ধ্বংস কৰা; যাৰ ফলত আৱাসস্থল ধ্বংস হৈছিল৷— লুকাই ক’লে৷
: সঁচাকৈয়ে
মানুহৰ বাবেই প্ৰকৃতি সদায় বিপন্ন হৈ আহিছে৷— মাৰ্ক’ই ক’লে৷
: ১৯০৯
চনত, চিনচিনাট্টি চিৰিয়াখানাত থকা মার্থা নামৰ চৰাইজনী আৰু তাইৰ দুই পুৰুষ সঙ্গী একমাত্র
পৰিচিত বাচি থকা আৰোহী পাৰ হৈ উঠে৷ এই পুৰুষ পাৰ দুটাৰ মাজৰে এটা সেই বছৰৰ এপ্রিলত
মৃত্যু ঘটে৷ তাৰ পাছত জর্জ নামৰ আনটো পাৰ ১০ জুলাই, ১৯১০-ত মৃত্যু মুখত পৰে৷ অকলশৰীয়া হৈ পৰে মাৰ্থা৷ পৃথিৱীৰ
একমাত্ৰ জীৱিত আৰোহী পাৰ মাৰ্থাৰো বাৰ্ধক্যজনিত কাৰণত মৃত্যু হয় ১৯১৪ চনৰ ১ ছেপ্টেম্বৰত৷—
লুকাই ক’লে৷
: আৰোহী পাৰৰ আৰু ঢেৰ কথা আছে৷ বৰ দীঘলীয়া৷ পাতিম আমি সেইবোৰো৷— ষ্টেপানে ক’লে৷
আৰোহী
পাৰৰ কথাত সকলো বুৰ গৈ থাকোঁতেই ইজন সিজনকৈ কেবাজনো লোক আহি ষ্টেপানৰ চোতাল পালেহি৷ তেওঁলোক
সকলো সংবাদ মাধ্যমৰ মানুহ৷ আজি Novi List-অত ওলোৱা বাতৰিটো পাই তেওঁলোক নিজৰ নিজৰ সংবাদ
প্ৰতিষ্ঠানৰ পৰা আহিছে মলেঁয়া আৰু ক্লেপেটাঁৰ বিষয়ে অধিক খবৰ সংগ্ৰহ কৰাৰ উদ্দেশ্যে৷
: বন্ধুসকল আহাঁ, আহাঁ৷— লুকাই হাঁহি মাৰি সকলোকে স্বাগতম জনালে৷
ষ্টেপানৰ সতে সকলোৱে কথা পাতিলে৷ মলেঁয়া আৰু ক্লেপেটাঁৰ বিষয়ে নতুন কিবা কথা আছে নেকি জানিব বিচাৰিলে৷ ষ্টেপানে যি পাৰে ক’লে৷ সকলোৱে উমনিত বহি থকা মলেঁয়া আৰু ওচৰতে থিয় হৈ থকা ক্লেপেটাঁৰ ফটো তুলিলে৷
এসময়ত সকলো গ’লগৈ৷ লুকা, মাৰ্ক’ আৰু মিষ্টাৰ ইগৰো গ’লগৈ৷ আজিকালি অৱশ্যে ষ্টেপানৰ চোতালত মানুহ থাকেই৷ মলেঁয়া আৰু ক্লেপেটাঁক চাবলৈ আহে মানুহবোৰে৷ ফটো তোলে, ভিডিঅ’ কৰে৷ ইণ্টাৰনেটৰ কৃপাত, মানুহৰ উৎসাহৰ ফলত মলেঁয়া আৰু ক্লেপেটাঁৰ কাহিনী এতিয়া বিশ্বখ্যাত হৈ পৰিল৷ তথাপি কিন্তু দুঃচিন্তা এটাই ষ্টেপানৰ মনত দোলা দি থাকিবলৈ এৰা নাই৷ আজি আৰোহী পাৰৰ চিকাৰৰ কথাবোৰ পতাৰ পাছত এই চিন্তাৰ গাঢ়তা বাঢ়িল৷
ক্লেপেটাঁ আকৌ যাবগৈ মলেঁয়াৰ পোৱালিকেইটা জগাৰ পাছত সিহঁতক লৈ দক্ষিণ আফ্ৰিকালৈ৷ সি আকৌ অহা বছৰলৈ উভতি আহিব বসন্ত কালত৷ কিন্তু লেবাননৰ আকাশ তাৰ বাবে নিৰাপদ নহয়৷ উভতি আহোঁতে সি যদি চিকাৰীৰ কবলত পৰে কি হ’ব! নাই নাই, আৰু ভাবিব নোৱাৰে ষ্টেপানে৷ তাৰ নিৰাপত্তাৰ বাবে কি কৰিলে ভাল হ’ব মনে মনে তাকেই গুণিলে ষ্টেপানে৷
সন্ধিয়া
হ’ল৷
মলেঁয়া উমনিত৷ ক্লেপেটাঁ তাইৰ কাষতে ডেউকাত মূৰ গুজি জিৰণি লৈছে৷ ষ্টেপান সাধাৰণতে লেখা-মেলাৰ বাবে ব্যৱহাৰ কৰা টেবুলখনৰ ওচৰলৈ গৈ চকীত বহিল৷ কাগজ কলম উলিয়াই ল’লে৷ পাছ মুহূৰ্ততে তেওঁ কলমটো এৰি গোটাই ৰখা ক্লেপেটাঁৰ পাখি এটা হাতত তুলি ল’লে৷ এই পাখিটোকে চিয়াঁহীত জুবুৰিয়াই এখন চিঠি লিখিবলৈ ঠিক কৰিলে তেওঁ ক্লেপেটাঁ আৰু মলেঁয়াৰ বাবে; লেবাননৰ ৰাষ্ট্ৰপতিলৈ৷ অহাবাৰ বাৰু নিৰাপদে মলেয়াঁৰ কাষলৈ আহিব পাৰিবনে ক্লেপেটাঁ!— এই ভাবনাৰেই তেওঁ ৰাষ্ট্ৰপতি Mishel Naim Aoun-অলৈ মুকলি চিঠিখন লিখিবলৈ আৰম্ভ কৰিলে—
ৰাষ্ট্ৰপতি
অউন ডাঙৰীয়া,
মোৰ নাম ষ্টেপান ৱকিক৷ মানুহে মোৰ পৰিচয় বিভিন্ন ধৰণে দিয়ে যদিও তেওঁলোকে মোৰ ক্ষেত্ৰত এটা অতি সঁচা কথা ক’বলৈ নাপাহৰে যে মই এনে এজন মানুহ যি পশু-পক্ষীক নিজতকৈও অধিক ভাল পাওঁ৷ ক্ৰ’ৱেছিয়াৰ মোৰ সৰু গাঁওখনত মই এটা সৰু ষ্টৰ্কৰ পোৱালি পাইছিলোঁ, যাৰ ডেউকা এখন চিকাৰীয়ে আঘাত কৰাৰ ফলত ভাগি পৰিছিল৷ মই তেতিয়াই নিশ্চিত হৈ পৰিছিলোঁ যে এই কণমানি ষ্টৰ্ক পোৱালিটিয়ে জীৱনকালত হয়তো কোনোদিনেই উৰিবলৈ সমৰ্থ নহ’ব৷ আঘাতপ্ৰাপ্ত চৰাইজনীয়ে এইটোৱেই বুজাইছিল যে পৰিভ্ৰমী পক্ষীবোৰ সিহঁতৰ উৰণ পথত সুৰক্ষিত নহয়৷ মই চৰাইজনী ঘৰলৈ লৈ আহিলোঁ আৰু সুস্থ কৰিবলৈ চেষ্টা চলালোঁ৷ মই তাইৰ বাবে মোৰ ঘৰৰ মূধচত এটা বাহ সাজি দিলোঁ, আৰু শীত কালছোৱা মোৰ সতে একেলগে ঘৰৰ ভিতৰত থকাৰ ব্যৱস্থা কৰিলোঁ৷ তাইক মই মলেঁয়া (সৰু বা নুমলীয়া) বুলি নাম এটাও দিলোঁ৷ যিহেতু মলেঁয়া উৰিব নোৱাৰে, সেইবাবে মই তাইৰ ডেউকা দুখন মই নিজে ধুই দিওঁ আৰু খাদ্যৰ বাবে মাছ ধৰি আনি দিওঁহি৷ মই অতি কাষৰ পৰা মলেঁয়াক দীৰ্ঘদিন ধৰি পাই আহিছোঁ বাবে এটা কথা অনুভৱ কৰিব পাৰিছোঁ যে এই ষ্টৰ্ক চৰাইবোৰ সঁচাকৈয়ে এটা সুন্দৰ প্ৰজাতিৰ জীৱ৷
যোৱাটো বসন্ত ঋতুৰ কথা৷ আফ্ৰিকাৰ পৰা উভতি অহা ক্লেপেটাঁ নামৰ ষ্টৰ্কটো আহি মালেঁয়াৰ লগ লাগিলহি৷ সেই তেতিয়াৰপৰাই মালেয়াঁৰ সতে ক্লেপেটাঁৰ সংসাৰ আৰম্ভ হ’ল৷ ইতিমধ্যে মলেয়াঁ আৰু ক্লেপেটাঁৰ যুগ্ম জীৱনৰ সাক্ষী হিচাপে পোৱালি জগিছে আৰু বিশ্বৰ বিভিন্ন স্থানলৈ উৰা মাৰিবলৈ সমৰ্থ হৈছে৷ শীত কালছোৱা ক্লেপেটাঁ আন আন ষ্টৰ্কৰ দৰে দক্ষিণ আফ্ৰিকাত কটায়গৈ আৰু মাৰ্চ মাহৰ শেষৰ ফালে মলেয়াঁৰ কাষলৈ উভতি আহে৷ এনেদৰেই বিগত পোন্ধৰ বছৰ মলেয়াঁ আৰু ক্লেপেটাঁৰ সংসাৰ চলি আহিছে৷
ক্লেপেটাঁ উভতি অহা চৈধ্য হাজাৰ কিলোমিটাৰ উৰণ-পথছোৱা বিভিন্ন বিপদ আৰু প্ৰতিবন্ধকতাৰে পৰিপূৰ্ণ৷ মলেঁয়াৰ কাষলৈ উভতি আহিবলৈ ক্লেপেটাঁই উৰণ আৰম্ভ কৰা সময়ছোৱা আমি গাঁওবাসীয়ে বৰ উদ্বিগ্নতাৰে অপেক্ষা কৰোঁ আৰু এই সময়খিনি মোৰ জীৱনৰ সকলোতকৈ কঠিন সময় যেন লাগে৷ কিন্তু যেতিয়াই ক্লেপেটাঁ আহি মলেঁয়াৰ কাষত উপস্থিত হয়হি আৰু মই যতনাই থোৱা পাত্ৰৰ পৰা মাছ খায়হি তেতিয়া এক বুজাব নোৱাৰা সুখদ অনুভূতিয়ে মোৰ অন্তৰ-আত্মা আচ্ছন্ন কৰি পেলায়৷ এই আনন্দ মোৰ বাবে এক পৰম সম্পদ, যি সম্পদ কোনো মূল্যৰ বিনিময়ত ক্ৰয় কৰিব পৰা নাযায়৷ মই তিনিজন পুত্ৰৰ পিতৃ; কিন্তু যেতিয়াৰ পৰাই ক্লেপেটাঁ আহি মলেঁয়াৰ বাহত পৰিছিলহি তেতিয়াৰ পৰাই মই তাক মোৰ চতুৰ্থ পুত্ৰ হিচাপে গ্ৰহণ কৰিছিলোঁ৷ এবাৰ উৰি যোৱাৰ পাছত উভতি অহালৈকে ক্লেপেটাঁৰ চিন্তা মোৰ মন-মগজুত সোমাই থাকে৷ কাৰণ গোটেই উৰণ-পথছোৱা ধুমুহা, ভোক আৰু পিয়াহেৰে পৰিপূৰ্ণ এছোৱা পথ৷ এইছোৱা পথৰ আটাইতকৈ বিপদসংকুল অংশ হিচাপে চিহ্নিত হৈছে লেবাননৰ আকাশমাৰ্গৰ ২০০ কিলোমিটাৰ৷ প্ৰতিবছৰে এই ২০০ কিলোমিটাৰ এলেকাত প্ৰায় দুই মিলিয়ন প্ৰব্ৰজনকাৰী পক্ষীক আনন্দৰ বাবে, খাদ্যৰ বাবে আৰু পইচাৰ বাবে হত্যা কৰা হয়৷ চলিত বছৰ ক্লেপেটাঁৰ দলত উৰি অহা ক্ৰ’ৱেছিয়াৰ চেলা (Tesla) নামৰ চৰাইজনী দুৰ্ভাগ্যজনকভাৱে উক্ত পথছোৱাত চিকাৰৰ কবলত পৰিল৷ SOS Stork Croatia-ই GPS-অৰ সহায়ত এই তথ্য লাভ কৰিছে৷ মলেয়াঁৰ ওচৰত কটাই ক্লেপেটাঁ পুনৰ এই পথেৰেই দক্ষিণ আফ্ৰিকালৈ উৰা মাৰিব৷ মোৰেই দুৰ্ভাগ্য যে মই ক্লেপেটাঁৰ সতে উৰি গৈ তাৰ নিৰাপত্তা সুনিশ্চিত কৰিব নোৱাৰোঁ; কিন্তু আপোনলৈ ক্লেপেটাঁৰ পাখিৰে লিখা এই চিঠিখন প্ৰেৰণ কৰিব পাৰোঁ যাতে আপুনি লোবননৰ আকাশমাৰ্গত প্ৰব্ৰজনৰ সময়ছোৱাত যিমানদূৰ সম্ভৱ পৰিভ্ৰমী পক্ষীসমূহৰ নিৰাপত্তা সুনিশ্চিত কৰিব পাৰে৷ চিঠিখনৰ লগতে ক্লেপেটাঁৰ এটা পাখিও আপোনালৈ প্ৰেৰণ কৰিছোঁ এই বিশ্বাসেৰে সৈতে যে সকলোৱে বুজি উঠক তৰৱোলতকৈ চৰাই পাখি শক্তিশালী৷ মই আশা কৰিম ক্লেপেটাঁ পুনৰ দক্ষিণ আফ্ৰিকাৰ পৰা উৰি অহাৰ পূবেৰ্ই আপুনি নিশ্চিতভাৱে পক্ষী চিকাৰৰ আইনখন সংশোধন কৰিব আৰু পৃথিৱীৰ এই আশ্চৰ্যজনক জীৱকুলক নিৰ্মম হত্যাৰ পৰা সুৰক্ষা দিবলৈ সমৰ্থ হ’ব৷ আমাৰ ৰাষ্ট্ৰত বিশ্বাস কৰা হয় যে ষ্টৰ্ক চৰায়ে সন্তান আৰু নতুন জীৱন কঢ়িয়াই আনে৷ ক্লেপেটাঁ আৰু মলেঁয়াই মোৰ সমগ্ৰ জীৱন অধিকাৰ কৰি আছে৷
আপুনি
পৰীৰ কাহিনী বা শিশুহঁতৰ সাধুকথাক বিশ্বাস নকৰিব পাৰে, কিন্তু আপুনি বিনাদ্বিধাই বিশ্বাস
কৰিব পাৰে যে ক্লেপেটাঁ দক্ষিণ আফ্ৰিকাৰ পৰা উভতি অহাৰ দৃশ্যৰাজি কেমেৰাত বন্দী কৰিবৰ
বাবে কেনেদৰে উদগ্ৰীব হৈ ৰৈ থাকে অজস্ৰজন; ক্লেপেটাঁৰ আগমনে কেনেদৰে কঢ়িয়াই আনে হাঁহি
আৰু আনন্দ তথা সকলোকে মনত পেলাই দিয়ে প্ৰেমৰ অৰ্থ প্ৰকৃতাৰ্থত কি? মোৰ ক্লেপটাঁৰ কাহিনীয়ে
এইটোৱেই প্ৰমাণ কৰে যে প্ৰেমৰ কোনো পৰিসীমা নাই৷ মইও কোনো পৰীৰ কাহিনী বিশ্বাস নকৰোঁ,
কিন্তু বিশ্বাস কৰোঁ যে সাধুতা আৰু বিশ্বাসৰ কথা আমাক প্ৰকৃতিয়ে সোঁৱৰাই থকাৰ লগতে
আমি ভবাতকৈ বহু বেছি আমাক দি থাকে; সকলোৰে উৰ্ধত মই বিশ্বাস কৰোঁ যে আপোনাৰ মানৱতাবোধ
আৰু সদিচ্চাক, সেয়েহে আগতীয়াকৈ আপোনাক ধন্যবাদ জনালোঁ৷
–ইতি
মলেঁয়া, ক্লেপেটাঁ আৰু ষ্টেপান ৱকিক
চিঠিখন লিখি সামৰি ষ্টেপানে চকুহাল মুদি দিলে৷ কাইলৈকে চিঠিখন তেওঁ ডাকত দিব৷ তেওঁ এটা দৃশ্য কল্পনা কৰিলে— তেওঁৰ এই চিঠিখনক লৈ লেবানিজ চৰকাৰে এক বৈঠক আহ্বান কৰি দুষ্প্ৰাপ্য পক্ষী প্ৰজাতিৰ নিৰাপত্তাৰ বিষয়টোক লৈ আলোচনা কৰিছে! সকলোৱে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে৷ ক্লেপেটাঁ আৰু আনবোৰ পৰিভ্ৰমী চৰাই লেবাননৰ আকাশত নিৰাপদ হ’ব!
(আগলৈ)