গায়ত্ৰী দেৱী বৰঠাকুৰ
অন্যযুগ/
পূজাৰ কবিতা
শ মানে শৰত
শ মানে শৰালি
শুকুলা আকাশত উৰে জাক পাতি
শ মানে শুক্লপক্ষ
শ মানে শতৰূপা
আহিন মাহত দুৰ্গা দেৱীৰ কৰোঁ আৰাধনা
প মানে পূজা
প মানে প্ৰসাদ
বেলুনবোৰ উৰিলেই দূৰ হয় মনৰ বিষাদ
প মানে পানীবেলুন
প মানে পেঁপা
শেৱালিৰ মালা গাঁঠি লাগে কি যে মজা
ত মানে তপ
ত মানে তপস্যা
ৰজা সুৰথে কৰিছিলে দেৱীৰ আৰাধনা
ত মানে তিথি
ত মানে ত্ৰিশূল
প্ৰকৃতিৰ সুন্দৰ ৰূপত আমি যাওঁ ভোল
জ মানে জেলেপী
জ মানে জক্মক্
পূজাৰ দিনত আমি মিঠাই খাম টপাটপ্
জ মানে জয়ন্তী
জ মানে জবাফুল
শেৱালিৰ গোন্ধত ধৰণী আমাৰ আমোলমোল
ব মানে বাতাচা
ব মানে বুন্দিয়া
ফুৰিবলৈ যাম আমি পূজাৰ দিনত সন্ধিয়া
ব মানে বেলুন
ব মানে বাঁহী
পূজাত আমি ফুৰিমগৈ চাইকেলত উঠি
চ মানে চাদৰ
চ মানে চামৰ
পথাৰত নাচে থোকে সেউজীয়া ধানৰ
চ মানে চণ্ডী
চ মানে চামুণ্ডা
ভক্তগণে দশভুজাৰ কৰে বন্দনা
ম মানে মন্দিৰ
ম মানে মাটিচাকি
নিয়ৰ ভৰা পথাৰত উমলিম আমি
ম মানে মহিষমৰ্দিনী
ম মানে মহিষাসুৰ
আইৰ কৃপাত আমাৰ দুৰ্গতি হ’ব দূৰ
দ মানে দুৰ্বা
দ মানে দুৰ্গা
আয়ে পূৰ্ণ কৰে ভক্তৰ মনোবাঞ্ছা
দ মানে দক্ষিণা
দ মানে দশমী
দেৱালয়ত কৰে নৱদুৰ্গাৰ স্তুতি
আ মানে আৰতি
আ মানে আয়তী
পূজা ঘৰত আইতাৰ লগত খাম জেলেপী
আ মানে আদ্যাশক্তি
আ মানে আই
বিদ্যা-বুদ্ধিৰে আমাৰ মন পূৰ্ণ কৰা আই
ঠিকনা :
তেজপুৰ
শোণিতপুৰ- ৭৮৪০০১
ভ্ৰাম্যভাষ: ৮৮২২৯৪৩০৬৪