অন্যযুগ/


পুৱা-গোধূলিৰ বেলি: দুঃসময়ৰ দস্তাবেজ

 গীতালী শইকীয়া

একো একোজন কবি একো একোছোৱা সময়ৰ প্ৰতিনিধি৷ তেওঁলোকে একোটা যুগৰ চিন্তা-চেতনা, ভয়-শংকা-আতংক, আশা-নিৰাশা-প্ৰত্যাশা, স্বাধীনতা মুক্তিৰ চেতনা, স্পৃহা-সফলতা-বিফলতা, উন্নতি-অৱনতি সকলোকে প্ৰতিনিধিত্ব কৰে৷ কবি একো একোটা সময়ৰে নহয় কাল-স্থান নিৰপেক্ষ মানৱৰ কণ্ঠ৷ জ্ঞান পূজাৰীৰ পুৱা গোধূলি বেলি’ (১৯৯২)-ৰ কবিতাসমূহে সেই কথাকে কয়৷

নৱকান্ত বৰুৱা, নীলমণি ফুকনৰ উত্তৰসূৰী হিচাপে প্ৰতীক, চিত্ৰকল্প-মেটাফৰৰ জগতত নিজস্ব চিন্তা-চেতনা, অনুশীলন, প্ৰতিভাৰে এটুকুৰা নিগাজি ঠাই উলিয়াই লোৱা কবি জ্ঞান পূজাৰী (১৯৪৮-)-ৰ কবিতাসমূহ অসমৰ বিভিন্ন কাকত-আলোচনীত ১৯৭০–ৰ দশকৰ পৰা প্ৰকাশ হৈ আহিছে৷ ১৯৮০-ৰ দশকৰ অসমৰ সন্ত্ৰাসজৰ্জৰ পৰিৱেশ-পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সভ্যতা-সংস্কৃতি মানৱীয় প্ৰমূল্যক প্ৰত্যাহ্বান জনোৱা কেতবোৰ কাৰকে পূজাৰীৰ কবিতাৰ পৃষ্ঠভূমি, কথনৰীতি, ভাববস্তু-কথাবস্তু আটাইবোৰলৈকে অসচেতনভাৱেই আনিলে পৰিৱৰ্তন৷ ইমেজ (Image)-বোৰ সলনি হল৷ মেটাফৰ (Metaphor)-বোৰ সেই সময়ৰ অগ্নিময় সময়ৰ বুকুৰ পৰা কবিৰ হৃদয়ৰ বতৰা হৈ কাপেদি নিগৰি ওলাল৷

প্ৰণিধানযোগ্য যে প্ৰথম মহাসমৰৰ (১৯১৪–) ৰ বিভীষিকা, ভঙ্গুৰ মানৱীয় প্ৰমূল্য, ভগ্নপ্ৰায় বিশ্বাস আৰু ক্ৰমবৰ্ধিত সংশয়ে আধুনিকতাবাদী শিল্প সাহিত্যৰ বিষয়বস্তু আৰু ৰূপ ৰীতি (Form)-লৈ বিস্তৰ পৰিৱৰ্তন আনিলে৷ মাৰ্ক্সীয় দৰ্শন (Marxism) আৰু ডাৰ্‌ৱি‍ন (Darwin)-ৰ বিৱৰ্তনৰ তত্ত্ব (Theory of Evolution), ফ্ৰয়েড্ (Sigmund Freud)-ৰ মানুহৰ মনঃস্তত্ত্ব সম্পৰ্কীয় বৈপ্লৱিক চিন্তা-চৰ্চা আৰু নৱতম আৱিষ্কাৰসমূহেই আধুনিক সাহিত্য-শিল্পৰ পটভূমি৷ য়ুৰোপৰ চিত্ৰকল্পবাদ (Imagism) আৰু প্ৰতীকবাদে (Symbolism) কঢ়িয়াই অনা নতুনত্বৰ প্ৰভাৱে সমগ্ৰ পৃথিৱীতে সাহিত্যৰ সৃষ্টি, ৰূপ-ৰীতিত অভিনৱ জোৱাৰৰ সৃষ্টি কৰিলে৷

অসমীয়া আধুনিকতাবাদী কবিতাৰ আৰম্ভণিৰ দশকতে পাশ্চাত্যৰ আধুনিকতাবাদী সাহিত্যৰ অধ্যয়ন, চিত্ৰকল্পবাদ, প্ৰতীকবাদ, জাপানী হাইকু, লৰকা, অক্টাভিঅ পাজ, এলিয়ট-পাউণ্ডৰ কাব্যকৃতিৰ মদিৰা পি কবিসকলে নিজা এটা কাঠাম গঢ়ি তুলিবলৈ সক্ষম হয়৷ আনন্দ বৰমুদৈয়ে কৈছে— ‘‘চিত্ৰকল্পবাদ, প্ৰতীকবাদকে আৰম্ভ কৰি বিভিন্ন দেশৰ কবিতাৰ আন্দোলন আৰু কলা-কৌশলৰ লগত আমাৰ কবিসকল পৰিচিত হৈ নতুন আংগিক আৰু চেতনাৰে কবিতা লিখিবলৈ আৰম্ভ কৰিলে৷ এই সময়ছোৱাৰ কবিতাৰ বিশিষ্ট ৰূপ তথা চৰিত্ৰলৈ মন কৰিলে দেখা যায় যে ৰোমাণ্টিজমৰ দ্বিতীয় জোৱাৰৰ প্ৰভাৱ স্পষ্ট হোৱা সত্ত্বেও কবি জ্ঞান পূজাৰী, নীলিম কুমাৰ, বিপুলজ্যোতি শইকীয়া, ৰবীন্দ্ৰ বৰা, সমীৰ তাঁতী আদিৰ হাতত কবিতাই সমকালীন সমাজ-বাস্তৱতাক নিৰ্মোহভাৱে বিশ্লেষণ কৰি দ্বন্দ্ব্ব, সংঘাত, আতংক, সমস্যা, দুৰ্নীতি, প্ৰমূল্যৰ অৱক্ষয়, বিচ্ছিন্নতা, চেতন-অৱচেতনৰ ভিন্ন স্তৰৰ ক্ৰিয়া-প্ৰতিক্ৰিয়া বুদ্ধিদীপ্ততাৰে চিত্ৰকল্প আৰু প্ৰতীকৰ সহায়ত ইঙ্গিতধৰ্মি‍তাৰে প্ৰকাশ কৰিবলৈ ধৰিলে৷

জ্ঞান পূজাৰীৰ ১৯৯২ চনত প্ৰকাশ পোৱা পুৱা গোধূলিৰ বেলি দুঃস্থ-ৰুগ্ন সময়ৰ ছবিৰে ভৰা কবিতাৰ সমষ্টি৷ ১৯৭৯ চনৰ পৰা সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত চলা ঐতিহাসিক অসম আন্দোলন আৰু পাছলৈ সৃষ্টি হোৱা স্বাধীনতাপ্ৰয়াসী সংযুক্ত মুক্তি বাহিনী, অসম চমুকৈ ULFA-ৰ উত্থান; সন্ত্ৰাসবাদী সংগঠনসমূহে (আন কেইবাটাও জনগোষ্ঠী বড়ো, নগা আদিৰ উগ্ৰবাদী সংগঠন) সৃষ্টি কৰা আতংকৰ বিপৰীতে চলা অমানুষিক ৰাষ্ট্ৰসন্ত্ৰাসৰ পৰিণতিত জনজীৱন বিপন্ন হোৱাৰ লগতে সামাজিক শান্তি, সুৰক্ষাও বিপন্ন হল৷ এক তীব্ৰ নৈৰাজ্যবাদে, বিচ্ছি‍ন্নতাই গা কৰি উঠিবলৈ সুবিধা পালে এই সময়তে৷ মানৱ অধিকাৰ খৰ্ব হল৷ নৈয়ে জুৰিৰে শ উটি অহা অসমৰ পথাৰ-সমাৰতো তেজৰ সোঁত ব’লে৷ ১৯৮৩ চনত নেলীত সাম্প্ৰদায়িক সংঘৰ্ষ হল৷ তাতো তেজৰ বন্যা বলে৷ পুলিচী নিৰ্যাতনত অসংখ্য ডেকাই জীৱন হেৰুৱালে৷ জ্ঞান পূজাৰীৰ সংবেদনশীল মনে সমাজত চলি থকা আতংক-অস্থিৰতা (Social unrest) চিত্ৰকল্প-মেটাফৰৰ জৰিয়তে কবিতালৈ ৰূপান্তৰিত কৰিলে৷ নাগৰিক’ (১৯৮৩) নামৰ কবিতাটো  তাৰেই স্বাক্ষৰ

মোৰ কবিতা মোৰ আচল পৰিচয়

জীয়াই জীয়াই মোক ডিঙিলৈকে পুতি থৈছিল

চকুকেইটা মোৰ কাউৰীক খাবলৈ দিয়া হৈছিল৷

চোকা দাঁতেৰে ৰাং কুকুৰ

কেইটাই উলিয়াই নিছিল মগজুটো৷

শগুণে খুলি নিছিল মঙহবোৰ

 

মানুহ ইজনৰ পৰা সিজন ক্ৰমাৎ বিচ্ছিন্ন৷ শংকা-অবিশ্বাসে নিলগলৈ লৈ গৈছে ওচৰৰ জনক

বনজুঁইৰ ধোঁৱাই মানুহৰ পৰা মানুহ

নমনা হৈছিল৷ মানুহ বনমানুহ

স্বাধীনতাৰ অত বছৰ হৈ যোৱাৰ পাছতো দেশত কাঙাল নাতৰিল৷ দৰিদ্ৰ লোকে দুখ-দৈন্যতে জীৱন পাত কৰিয়ে আছে৷ বছৰি থুকুচি থুকুচি যায় বানপানীয়ে৷ ইমানবোৰ সমস্যাৰ মাজত বাউলী হৈ মানুহ জীয়াই থাকে

গিৰীয়েৰৰ জকজকীয়া হাড়ৰ মাজেৰে

তোৰ চুলিটাৰী যেন

ভোক

হাত দুখন বানত মেলি দি

বাউলী

 কাঙালী

কি বিচাৰিছ কি হেৰুৱালি (১৯৮৪)

শব্দচয়নৰ ভাঁজে ভাঁজে বিজড়িত হৈ ভিন্ন পাঠ আৰু আন্তঃপাঠৰ সম্ভাৱনা৷ বিচ্ছিন্নতা, একাকিত্ব আৰু প্ৰাচীন-অৰ্বাচীনৰ দ্বন্দ্বসংঘাতৰ দ্যোতনা৷ জ্ঞান পূজাৰীৰ কবিতাৰ ভাবৰ গভীৰতা আৰু শব্দৰ সুষমা মন কৰিবলগীয়া৷  পুৱা ৰঙাকৈ উদয় হোৱা বেলিটো গোধূলিৰ ধূসৰতাত লীন যায়৷ হেৰাই যায় পোহৰৰ উৎসৱ৷ মোলান পৰে পৃথিৱীৰ ৰঙ-মাদকতা; বহুত সম্ভাৱনা এনেকৈ গোধূলিৰ ধূসৰতাত বিলীন হৈ যায়

সজ কৈছা

বোলো সজ কৈছা বোপা

এতিয়া অস্ত্ৰ সম্বৰণ কৰা ভাল

অস্ত্ৰ যিহেতু নায়েই ...

বলাৎকাৰ যিহেতু হৈয়ে গৈছে

অস্ত্ৰ যিহেতু তুণত

কাগজে-কলমে যিহেতু বিপ্লৱ সমাপন হৈছে

আহক শৱযাত্ৰা কৰোঁ৷

ইতিমধ্যে বিপ্লৱীসকল ভোগবাদৰ কবলত পৰিল৷ লক্ষ্যভ্ৰষ্ট হোৱা বিপ্লৱৰ শেষত পুনৰ অস্থিৰতা আৰু নৈৰাজ্যবাদে গা কৰি উঠিল৷ বিপ্লৱৰ বিপৰীতমুখী যাত্ৰা, আদৰ্শ আৰু ভণ্ডামিৰ দ্বন্দ্ব শান্তিৰ বিপৰীতে বিভীষিকাই পুনৰ কবি প্ৰাণত চৰম বেদনাৰ সঞ্চাৰ কৰিলে৷ ধিক্কাৰ দি উঠিল কবি

যিহেতু চহৰত বিপ্লৱকালীন সময় আৰু

যিহেতু সকলো মুধাফুটা, মুধাফুটা

উগ্ৰপন্থী কাপালিক

দালাল দৈৱজ্ঞ জ্যোতিষী মুধাফুটা বুদ্ধিজীৱীৰ ঘাটি আৰু

গাঁওবোৰত যিহেতু বলাৎকাৰ সমাপন হৈ গৈছে আৰু

বিপ্লৱো যিহেতু তোমালোকৰ হাতৰ খেলনা

আহক আমি শৱযাত্ৰা কৰোঁ৷

 অসমীয়া মধ্যবিত্ত, বুদ্ধিজীৱীৰ ভূমিকা সদায়েই হতাশাজনক৷ আজিলৈকে অসমৰ সমাজ-জীৱনত মুধাফুটা বুদ্ধিজীৱীয়ে নিজৰ কৰ্তব্য সঠিকভাৱে সমাপণ কৰিব নোৱাৰিলে৷ ব্যক্তিস্বাৰ্থ নিয়ন্ত্ৰিত দেশত সততা-নিৰপেক্ষতাৰ ঠাই ক? এই সমাজ শৱযাত্ৰাৰ সমাজ৷ সুনীল নাথে প্ৰসঙ্গত কৈছিল— ‘‘The Assamese middle class played the role of Frankenstein when it applauded from the gallery at the emerging ULFA, which rapidly grew in strength during the late ১৯৮০ব্দ in the adulatory atmosphere created by the middle class led Assamese media.’’ (সঞ্জীৱ বৰুৱাৰ Durable Disaster নামৰ গ্ৰন্থৰ পৰা উদ্ধৃত)৷

এহাতেদি সমাজ-সংস্কৃতিত গা কৰি উঠা নৈৰাজ্যবাদ আনহাতেদি চিৰ পৰিচিত সাহস-উদ্দীপনাদায়িনী অসমৰ প্ৰকৃতি৷ কবি ৱৰ্ডছৱৰ্থে দুখ বেদনাৰ পৰা মুক্তি বিচাৰি প্ৰকৃতিত বিচৰণ কৰাৰ দৰে কবিয়ে দোৰপাং নৈৰ চিৰপ্ৰৱাহিনী সুঁতিত দেখিছে সৃষ্টিৰ উদ্দাম শক্তিআদিম বন্যতাতে নিহিত আছে জীৱনীশক্তিমানৱ সৃষ্ট আধুনিক কৃত্ৰিমতাত নাই৷ দেখা যায় যে ৰোমাণ্টিছিজমৰ দ্বিতীয় স্তৰৰ ঢৌৱে এই সময়ৰ কবিতাক প্ৰভাৱান্বিত কৰিলেও বহুক্ষেত্ৰত ৰোমাণ্টিচিজ্‌ম আৰু এণ্টি-ৰোমাণ্টিচিজ্‌মৰ কটাকটি খেল এখনে কবিতাক সুষমাময় শৰীৰ আৰু ব্যাপ্তি প্ৰদান কৰিছে

মোৰ দুচকুৰ সোণজুলি পাৰ হৈ

দোৰপাং নৈ

নাকী চিঙা গোনা ম

......

বনৰীয়া হাতীৰ দাঁত

শিং গুজি লৈ

ডিঙিত বাঘনখৰ মালা

মোক দে

কোবেৰে পাৰ হৈ যায়৷ (১৯৯০)

জীৱন যন্ত্ৰণাই কবিক সৃষ্টিমুখী কৰি দোৰপাং নৈৰ কাষ চপাই নিছে৷ সৃষ্টিৰ উৎস এই যন্ত্ৰণাৰ উপলব্ধিয়ে সমাজ আৰু মানুহক লৈ অনেক সাৰ্থক ব্যঞ্জনাময় উক্তিৰ সৃষ্টি কৰিবলৈ প্ৰেৰণা দিয়ে৷

কবিতাবোৰ কথকজনৰ আত্মকথন (Internal Monologue) নহয়৷ প্ৰচুৰ ধীশক্তি, বুদ্ধিমত্তাৰে দেশ-কালক কোবাই থকা ধুমুহাৰ ইঙ্গিত দি দুৰ্গত মানুহৰ চিৎকাৰ, আৰ্তস্বৰ বেদনাক পুৱা গোধূলিৰ বেলিত মানুহৰ হৃদয়তন্ত্ৰী আৰু বিবেকক জোকাৰি যোৱাকৈ বৰ্ণনা কৰিছে কবিয়ে৷ বিপ্লৱৰ দৰে কাল-ক্ষণ ইতিহাস উলট-পালট কৰিব পৰা ঘটনা মানুহৰ বাবে খেলনালৈ পৰ্যবসিত হল৷ গভীৰতাক এৰি মানুহ উপৰুৱা কথা কিছুমানত নিমগ্ন হল৷ সভ্যতা-সংস্কৃতি বিপন্ন কৰি তোলা এনে এক সামাজিক বাতাৱৰণত কবিকণ্ঠ সচকিত হৈ উঠিছে

গাঁওবোৰে বেৰি আছে জোৰডাল লৈ’’

ৰবাত এতিয়াও এচাঁহিমান আশা নিৰ্বাপিত নোহোৱাকৈ ৰৈ গৈছে৷

এই মাদল ৰাতি

গোটেই ৰাতিটো সাৰে থাকো

আৰু হাল বাওঁ৷

আধুনিক কবিতাত আধুনিক জীৱনশৈলী, আৰ্থ-সামাজিক, ৰাজনৈতিক বাতাৱৰণক ভিন্ন ৰূপত সমালোচনা কৰা হৈছে৷ জ্ঞান পূজাৰীৰ কবিতাটো বিভিন্ন সম্পৰীক্ষাৰ সমাহাৰে, বিৰোধাভাষ, অনুক্ৰম আদি অৰ্থালংকাৰ-শব্দালংকাৰৰ পয়োভৰে কাব্যপাঠ কৰি তোলে এক চমৎকাৰ অভিজ্ঞতা৷ কবিয়ে কবিতাক সমাজ সমালোচনাৰ মাধ্যম কৰি লৈছে৷  টেষ্টকেপ’ (১৯৮৩)-ত নৰখাদক মানুহৰ অবিবেকী কাণ্ড পোনপটীয়া চিত্ৰকল্পেৰে ফুটাই তুলিছে

সকলোৱেই খেলিছোঁ সুন্দৰ চমৎকাৰ

আক্ৰমণাত্মক

যেন নৰখাদক

ভাল লাগে খেলি

মানুহ খুনৰ খেল৷

কবিতাটোত নিহিত আছে তীৰ্যক ব্যঙ্গ আৰু শ্লেষ (Irony)৷ নকলেও হব যে কবিতাটো এক বিশেষ ঐতিহাসিক পটভূমিত লিখা৷ ১৯৮৩ চনত অসমত অবৈধ নিৰ্বাচন হৈ গল৷ দিল্লীৰ কথাত উঠা-বহা কৰা চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ ঘটনাৰাজি হৃদয়ঙ্গম নকৰিলে৷ কংগ্ৰেছ চৰকাৰে দিল্লীৰ কথামতে উঠা-বহা কৰি অসমক আৰু জটিলতৰ পৰিস্থিতিলৈ লৈ যায়৷ পুৱা গোধূলিৰ বেলি’-ৰ কবিতাসমূহক সেই সময়ৰ ঐতিহাসিক দলিল বুলি ক’ব পাৰি৷ দীন-হীন মানুহ৷ দ্বৈপায়ন দ্বীপলৈ পৰ্যবসিত মানুহ৷ অসহায় মানুহ

আঃকাল! হতশ্বাস

আকাল আহি নিজান দ্বৈপায়ন দ্বীপত

দ্বৈপায়ন মানুহ৷

যন্ত্ৰযুগৰ ধামখুমীয়াত একাকিত্বই ক্ষত কৰা মানুহ, যুগপৎভাৱে সামাজিক অস্থিৰতাই কোবাই যোৱা দুঃসময় পূজাৰীৰ কবিতাত সৰল অথচ কাব্যিক ব্যঞ্জনাৰে প্ৰকাশ পাইছে৷ মৃত্যু বৰ সুলভ, ধ্বংস চকুৰ আগতে সংঘটিত হয়

গছৰ পৰা লুটি খায় সৰি পৰে

ঢোৰা কাউৰী৷ ৰক্তাভ ধুমায়িত৷

ঘৰত জুই দি শিশু কন্যাসহ

অকালতে দাহ হয়

আঃকাল৷ (১৯৮১)

যান্ত্ৰিক সভ্যতাৰ আনুষঙ্গিক অমানৱীয় কাৰ্যকলাপ, দুৰ্নীতি, আন্তৰিকতাবিহীন সামাজিক সম্পৰ্ক (Social relation), ঈৰ্ষা, কপটতা, ভণ্ডামিয়ে বানৰ ৰূপ পৰিগ্ৰহ কৰিছে৷ মধ্যবিত্তীয় জীৱন পৰিক্ৰমাত লাভ আৰু সুবিধাই মুখ্য ভূমিকা গ্ৰহণ কৰে৷ জীৱনৰ মাদকতা ক

লাখুটিৰে খুপি খুপি

চকুচেলোৱা ফাঁচীবজাৰ

চকু চেলোৱা বুঢ়া

নে পাগলা ঘণ্টা

দেখা নাই বানত ভাহিছে

চৰা দামৰ পাহাৰ

আলকতৰাৰ দৰে গলিছে

লা বজাৰ

মাউৰ!

কবিতাটোৰ সামৰণি তাৎপৰ্যপূৰ্ণ

মাউৰ!’— এটা মাত্ৰ শব্দ৷ অৰ্থ বৰ গভীৰ৷ মাউৰ শব্দৰ অভিধানগত অৰ্থ মহামাৰী৷ অসমীয়া ভাষাত গালি দিবৰ বাবেও মাউৰত যোৱা বাক্যষাৰ ব্যৱহৃত হয়৷ দুখ-তাপত ম্ৰিয়মাণ বিষয়ীৰ মুখে মাউৰ শব্দ উচ্চাৰণ হৈছে৷ নঞৰ্থক কথা, অবাঞ্ছি‍ত পৰিস্থিতিয়ে ক্ৰমে মহামাৰীৰ ৰূপ ধাৰণ কৰিছে৷ কবিতাই এক গণ মাধ্যম হিচাপে সকীয়নি দিছে মানুহক৷ জোকাৰণি তোলা সকীয়নি— ‘মাউৰ!

সৰ্বতিকালৰে পৰা চলি অহা শাসক আৰু শাসিতৰ যুঁজ, প্ৰচণ্ড ছাপৰ মাজত সাধাৰণ জনগণৰ নিজা পৰিচয়ৰ বাবে কৰিব লগা সংগ্ৰাম কবিৰ দৃষ্টিত অন্য ৰূপত ধৰা দিছে৷ শক্তিৱন্তজন অত্যাচাৰী; শোষিত প্ৰজা যুগে যুগে প্ৰতাৰিত, বঞ্চিত নিপীড়িত৷ কালৰ চকৰি ঘূৰিছে৷ অথচ ঘানিত পেৰাৰ দৰে পেৰিছে সৰ্ব সাধাৰণৰ জীৱন৷  বিপৰ্যস্ত সমাজ তথা সভ্যতাৰ চিতাজুইত ঐতিহ্য পোৰা গৈছে৷ সমাজ বাস্তৱতাৰ ভয়ংকৰ এখনি ছবি চিতাজুইৰ ৰূপত উন্মেষ ঘটিছে

ঠিক এইখিনিতেই

এইখিনিতেই মোৰ চিতাৰ জুই জ্বলোৱা ...

লভিতা

বুকুৱে পিঠিয়ে সী

কোনে যেন

বুকু দুছেও কৰি ৰিঙিয়াই আছে:

ইলাহী ইলা হী (১৯৮৩)

এই লভিতা জ্যোতিপ্ৰসাদ আগৰৱালাৰ সাহসী লভিতা, যি লভিতাই শাসকৰ বিৰুদ্ধে মাত মাতিবলৈ ভয় কৰা নাছিল৷ সেই লভিতাকে উদ্দেশ্য কৰি শাসিতৰ অসহায়তাক মূৰ্ত কৰি কবি কণ্ঠই বিনাইছে— ‘‘ই লাহী ইলাহী’’ হে ঈশ্বৰ৷ (ৰক্ষা কৰা৷)

চহৰকেন্দ্ৰিক যান্ত্ৰিক সভ্যতাই কঢ়িয়াই আনিছে আতংকময় দিন গুৱাহাটী মহানগৰীৰ মৃত্যু জল, যি জলত ডুবি গৈছে অসহায় সহসৃজন

কোৱাচোন কোৱা

ডুবি যোৱা

মহানগৰীত লাখুটি ডুবিল ক?

বুঢ়া

সংকট আৰু নৈৰাজ্যৰ প্ৰতিবাদকল্পে যিসমূহ কবিতা ৰচিত হৈছে, সেইসমূহ জ্ঞান পূজাৰীয়ে মানুহ আৰু সমাজৰ বৰ্তমানৰ দুৰ্বিষহ অৱস্থাৰ পৰা পৰিত্ৰাণৰ বাবে কৰা মন্ত্ৰোচ্চাৰণ বুলি কব পাৰি হয়তো আকাশ এতিয়াও ফৰকাল৷ ধোঁৱাই ঘেৰি ৰখা বাবেহে আমি সত্য কি বুজি পোৱা নাই

কোনো কোনোৰ মতে

আকাশখন কিন্তু তেতিয়াও ফৰকাল আছিল৷

এই ফৰকাল আকাশখনেই কবিকণ্ঠৰ আশা ভৰা জীৱনৰ অভিজ্ঞান৷ কবি জ্ঞান পূজাৰীয়েও আধুনিক সভ্যতাৰ ধ্বংসকামি‍তাক ফঁহিয়াই চাই বাৰম্বাৰ মানুহক দিছে সোঁৱৰাই আধুনিকতাৰ অভিশাপনিৰাশা, ক্লান্তি, দ্বিধা, ব্যৰ্থতা, সংশয়, অনাস্থা-অবিশ্বাসৰ পৃথিৱী এখন তুলি ধৰিছে জ্ঞান পূজাৰীয়ে৷ তুলি ধৰিছে বিপৰ্যস্ত মানুহৰ প্ৰাত্যহিক জীৱন, জীৱনৰ তুচ্ছতা৷ এতিয়া কবিয়ে প্ৰেমাষ্পদৰ শুভ চিন্তাৰে হৃদয়ৰ বাৰ্তা প্ৰেৰণ কৰিলেও ৰোমাঞ্চিত হোৱাৰ পৰিৱেশ বিচাৰি নাপায় পাহাৰৰ ওখ টিং 

জোন ওলাল 

জোনৰে তেজৰ ডোঙাত

বা ৰবা নুশুবা৷

আধুনিক কবি লোককবিতাৰ সুৰত মুগ্ধ৷ প্ৰকৃততে লোককবিতাই কবি প্ৰাণত গঢ়ি দিয়ে সৃষ্টিৰ মুকুৰ; এই প্ৰভাৱ কবিৰ কাব্য গাঁথনিৰ বিভিন্ন স্তৰ, বিন্যাস আৰু বিকাশত জড়িত হৈ থাকে৷

আন হাতে ৰোমাণ্টিক অনুভূতিৰ ৰেশ জ্ঞান পূজাৰীৰ কবিতাতো অনুভূত হয়৷ ৰোমাণ্টিচিজ্‌মৰ দ্বিতীয় জোৱাৰৰ প্ৰভাৱ স্পষ্ট হোৱা সত্ত্বেও কবিৰ হাতত কবিতাই সমকালীন সমাজ বাস্তৱতাক নিৰ্মোহভাৱে বিশ্লেষণ কৰি দ্বন্দ্ব, সংঘাত, আতংক, সমস্যা, দুৰ্নীতি, প্ৰমূল্যৰ অৱক্ষয়, বিচ্ছি‍ন্নতা, চেতন-অৱচেতনৰ ভিন্ন স্তৰৰ ক্ৰিয়া-প্ৰতিক্ৰিয়া বুদ্ধিদীপ্ততাৰে চিত্ৰকল্প আৰু প্ৰতীকৰ সহায়ত ইঙ্গিতধৰ্মি‍তাৰে প্ৰকাশ কৰিছে

ইমানকৈ ঐনিতম নিবিনাবি

ঘাঁ লাগে মোৰ কলিজাত... 

বানে খেদা মান

থান হেৰুৱাই

মান হেৰুওৱা লোকৰ গান এই কবিতা৷

বানে ভঙা/ধান বনা বুকু/আই মোৰ লংদৈ/আই মোৰ ঐনিতম ঐ... 

১৯১৬ চনত জ্ঞান পূজাৰীৰ মেঘমালাৰ ভ্ৰমণ’ (২০১৩) সাহিত্য অকাদেমি বঁটাৰে সন্মানিত হোৱাটো আমাৰ বাবে সৌভাগ্য৷ পুৱা গোধূলিৰ বেলি’-ৰ পাছৰ ভালেমান কবিতাত কবিৰ কাব্যৰীতিৰ ৰূপান্তৰ ঘটিছে৷ সলনি হৈছে কথাবস্তু তথা ভাৱবস্তু৷ গাঁথনিৰ মাজত গল্পৰ দৰে একোটা কাহিনী কোৱাৰ ৰীতি বহুত কবিতাত দেখা পোৱা গৈছে৷ কিন্তু দ্বন্দ্বময় পৰিস্থিতি (Conflicting situation)-ৰ ৰক্তাক্ত বাতাৱৰণৰ মাজতো ধীৰ-স্থিৰ কবিপ্ৰাণে এখন আকাশ আৰু এখন অৰণ্যৰ মাজতে সত্যান্বেষণৰ উদ্দেশ্য সংযুক্ত কৰি মানৱৰ মুক্তিৰ কথাকে দোহাৰি আছেতীব্ৰ মানৱতাবোধে কবিতাসমূহক জীপাল কৰি তুলিছে৷

মোৰ সপোনৰ সোণাৰু ফুলবোৰক দেখিলোঁ

আমাৰ লতাশিল ফিল্ডৰ ফুটবল খেলি থকা লৰাবোৰৰ ভৰিত৷ ....

জোনবাই ওলাওঁ ওলাওঁ

বা নুশুবা

কবিৰ এয়া সকীয়নি৷ এই সকীয়নিয়ে জগাই ৰাখক সহস্ৰজনক৷

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ