অনুবাদ- কৌস্তুভমণি শইকীয়া দত্ত
নন্দিনীৰ অংগনিসৃত জলেৰে (গোমূত্ৰৰে)
চকুদুটি ধুলে সজ্জনে বন্দন কৰা দিলীপনন্দনে
অতীন্দ্ৰিয় সকলো বিষয় দেখাকৈ দিব্যদৃষ্টি পালে ।
তদঙ্কনিস্যন্দনজলেন লোচনে প্রমৃজ্য পুণ্যেন পুৰস্কৃতঃ
সতাম্ |
অতীন্দ্রিয়েষ্বপ্যুপপন্নদর্শনো বভূব ভাবেষু দিলীপনন্দনঃ || ৩-৪১||
ৰাজনন্দনে দেখিলে পূবলৈ চাই
পৰ্বতৰ পাখি ছেদ কৰি দেৱৰাজ ইন্দ্ৰই
ৰথৰ ৰচীত বান্ধি যজ্ঞৰ ঘোঁৰা নিছে পলুৱাই ।
কৰিবলৈ প্ৰতিৰোধ ঘোঁৰাৰ চঞ্চল গতি
বাৰে বাৰে সাৰথিয়ে অশ্বক গৈছে কোবাই ।
স পূর্বতঃ পর্বতপক্ষশাতনং দদর্শ দেবং নৰদেবসংভবঃ |
পুনঃ পুনঃ সূতনিষিদ্ধচাপলং হৰন্তমশ্বং ৰথৰশ্মিসংযুতম্ || ৩-৪২||
দেখিলে ৰঘুৱে তেওঁৰ চকু পলক নেপেলোৱা
আৰু দেখিলে ৰথৰ ঘোঁৰা সেউজীয়া
বাৰুকৈ চিনিলে দেৱৰাজ ইন্দ্ৰ সেয়া ।
নিবৃত কৰাৰ অৰ্থে বুলিলে বচন ধীৰ-গম্ভীৰ গগনস্পৰ্শা ।
শতৈস্তমক্ষ্ণামনিমেষবৃত্তিভির্হৰিং বিদিৎবা হৰিভিশ্চ
বাজিভিঃ |
অবোচদেনং গগনস্পৃশা ৰঘুঃ স্বৰেণ ধীৰেণ নিবর্তয়ন্নিব || ৩-৪৩||
মনীষিসকলে সদায় আপোনাক যজ্ঞৰ প্ৰথম স্থানত ৰাখে
মোৰ পিতাই অজস্ৰ ব্ৰতানুস্থান সম্পন্ন কৰিছে ।
আশ্চৰ্য যে আপুনি কিয় প্ৰবৃত্ত হৈছে পিতাৰ যজ্ঞনাশে ?
মখাংশভাজাং প্রথমো মনীষিভিস্ত্বমেব দেবেন্দ্র সদা নিগদ্যসে
|
অজস্রদীক্ষাপ্রয়তস্য মদ্গুৰোঃ ক্রিয়াবিঘাতায় কথং প্রবর্তসে
||
৩-৪৪||
হে ত্ৰিলোকৰ নাথ! আপুনি সকলো দেখে দিব্য়দৃষ্টিৰে
কৰ্ম আপোনাৰ বিনাশ কৰা যি যজ্ঞনাশ কৰে ।
আপুনি যদিহে হয় ক্ৰিয়াকৰ্মৰ অন্তৰায়
ধৰ্ম-কৰ্ম লোপ পাব সমুদায় ।
ত্রিলোকনাথেন সদা মখদ্বিষস্ত্বয়া নিয়ম্যা ননু দিব্যচক্ষুষা
|
স চেৎস্বয়ং কর্মসু ধর্মচাৰিণাং তৎবমন্তৰায়ো ভবসি চ্যুতো
বিধিঃ ||
৩-৪৫||
হে মঘৱন্ ! অশ্বমেধৰ প্ৰধান অংগ এই ঘোঁৰাটি দিয়ক ঘূৰাই
অসৎ পথ নকৰে অবলম্বন বেদৰ পথ প্ৰদৰ্শক দেৱতাই ।
তদঙ্কমগ্র্যং মঘবন্মহাক্রতোৰমুং তুৰংগং প্রতিমোক্তুমর্হসি |
পথঃ শ্রুতের্দর্শয়িতাৰ ঈশ্বৰা মলীমসামদদতে ন পদ্ধতিম্ || ৩-৪৬||
শুনি ৰঘুৰ এই প্ৰগলভ বচন
ঘূৰাই লৈ ৰথৰ দিশ
সবিস্ময়ে দিলে প্ৰত্যুত্তৰ ।
ইতি প্রগল্ভং ৰঘুণা সমীৰিতং বচো নিশম্যাধিপতির্দিবৌকসাম্ |
নিবর্তয়ামাস ৰথং সবিস্ময়ঃ প্রচক্রমে চ প্রতিবক্তুমুত্তৰম্ || ৩-৪৭||
হে ৰাজকুমাৰ! কৈছা যদিও সঠিক কথা,
যশেই যাৰ সম্পদ
কাম তেওঁৰ শতৰুৰ পৰা যশ ৰক্ষা কৰা ।
জগতে জানে তোমাৰ পিতাৰ যশৰ কথা
মোৰ যশকো লঙ্ঘিব খোজে
যজ্ঞ সম্পাদনৰ দ্বাৰা ।
যদাত্থ ৰাজন্যকুমাৰ তত্তথা যশস্তু ৰক্ষ্যং পৰতো যশোধনৈঃ |
জগৎপ্রকাশং তদশেষমিজ্যয়া ভবদ্গুৰুর্লঙ্ঘয়িতুং মমোদ্যতঃ || ৩-৪৮|
|
পুৰোষোত্তম বুলিলেই কেৱল বিষ্ণু
ত্ৰয়ম্বক বুলিলেই কেৱল মহেশ্বৰ
শতক্ৰতু বুলিলে কেৱল মোকেই বুজে মুনিসৱে
মই থাকোতে নোৱাৰে পাব এই নাম দ্বিতীয় জনে।
হৰির্যথৈকঃ পুৰুষোত্তমঃ স্মৃতো মহেশ্বৰস্ত্র্যম্বক এব
নাপৰঃ |
তথা বিদুর্মাং মুনয়ঃ শতক্রতুং দ্বিতীয়গামী ন হি শব্দ এষ নঃ
||
৩-৪৯||
সেয়ে কপিল মুনিক অনুকৰণ কৰি হৰণ কৰিছোঁ অশ্ব
তুমি নকৰিবা প্ৰচেষ্টা দিবলৈ বাধা।
সগৰৰ পুত্ৰসকলৰ বাটে তুমি নাযাবা ।
অতোঽযমশ্বঃ কপিলানুকাৰিণা পিতুস্ত্বদীয়স্য ময়াপহাৰিতঃ |
অলং প্রয়ত্নেন তবাত্র মা নিধাঃ পদং পদব্যাং সগৰস্য সংততেঃ || ৩-৫০||
তেতিয়া অশ্বৰক্ষক নিৰ্ভীক ৰঘুৱে হাঁহিমাৰি ক’লে
ইন্দ্ৰক
এয়ে যদি আপোনাৰ কথা তেন্তে কৰক অস্ত্ৰ ধাৰণ ।
ৰঘুৰ লগত যুদ্ধ জয় নকৰাকৈ নোৱাৰে কৰিব অশ্ব হৰণ ।
ততঃ প্রহাস্যাপভয়ঃ পুৰন্দৰং পুনর্বভাষে তুৰগস্য ৰক্ষিতা |
গৃহাণ শস্ত্রং যদি সর্গ এষ তে ন খল্বনির্জিত্য ৰঘুং কৃতী
ভবান্ ||
৩-৫১||
এই বুলি ইন্দ্ৰৰ সমুখ হৈ ৰঘুৱে জুৰিলে ধনু শৰ হৈ ঊৰ্ধ্বমুখ
অতি ৰমণীয় ‘আলীড়’ মুদ্ৰাত শৰীৰ প্ৰকাশে যেন শিৱ ।
স এবমুক্ত্বা মঘবন্তমুন্মুখঃ কৰিষ্যমাণঃ সশৰং শৰাসনম্ |
অতিষ্ঠদালীঢবিশেষশোভিনা বপুঃপ্রকর্ষেণ বিডম্বিতেশ্বৰঃ || ৩-৫২||
ৰঘুৰ স্তম্ভৰ দৰে শক্তিশালী বাণৰ প্ৰহাৰত বিদ্ধ হ’ল
ইন্দ্ৰৰ বুকু
প্ৰচণ্ড ক্ৰোধত দেৱৰাজে জুৰিলে আমোঘ বাণৰ ইন্দ্ৰধনু
উজলি উঠিল চেৰাই নৱ মেঘমালাৰ ৰঙকো ।
ৰঘোৰবষ্টম্ভময়েন পত্রিণা হৃদি ক্ষতো গোত্রভিদপ্যমর্ষণঃ |
নবাম্বুদানীকমুহূর্তলাঞ্ছনে ধনুষ্যমোঘং সমধত্ত সায়কম্ || ৩-৫৩||
ভীষণ অসুৰৰ ৰক্তপান কৰা বাণে বিন্ধিলে ৰঘুৰ বক্ষ
যেন সকৌতুকে পান কৰিলে মানৱ শৰীৰ ৰক্ত ।
দিলীপসূনোঃ স বৃহদ্ভুজান্তৰং প্রবিশ্য ভীমাসুৰশোণিতোচিতঃ |
পপাবনাস্বাদিতপূর্বমাশুগঃ কুতূহলেনেব মনুষ্যশোণিতম্ || ৩-৫৪||
ঐৰাৱত চালনাত যি হাতৰ আঙুলিবোৰ অংকুশৰ দৰে কৰ্কশ
যি হাতত শচীৰ দেহৰ মংগল চিহ্ন বন্ধা থাকে
কাৰ্তিকৰ দৰে বিক্ৰমশালী ক্ৰোধিত ৰঘুৱে
নিজ নামাংকিত শৰেৰে সেই হাত বিদ্ধ কৰিলে ।
হৰেঃ কুমাৰোঽপি কুমাৰবিক্রমঃ সুৰদ্বিপাস্ফালনকর্কশাঙ্গুলৌ |
ভুজে শচীপত্রবিশেষকাঙ্কিতে স্বনামচিহ্নং নিচখান সায়কম্ || ৩-৫৫||
ইয়াৰ পিছতে অন্য এক ময়ূৰপাখিলগা বাণেৰে
ছেদ কৰিলে ইন্দ্ৰৰ ৰথৰ বজ্ৰাকৃতি পতাকা ৰঘুৱে ।
ক্ৰোধিত হ’ল অতিকৈ ইন্দ্ৰ দেৱৰাজ
এনে অনুভৱ হ’ল যেন কাটিলে দেৱলক্ষ্মীৰ
কেশ ।
জহাৰ চান্যেন ময়ূৰপত্রিণা শৰেণ শক্রস্য মহাশনিধ্বজম্ |
চুকোপ তস্মৈ স ভৃশং সুৰশ্রিয়ঃ প্রসহ্য কেশব্যপৰোপণাদিব || ৩-৫৬||
বৰ্ষণ কৰি ঊৰ্ধ্বমুখী আৰু অধোমুখী বাণ
পাখিলগা সাপৰ দৰে ভয়ংকৰ,
তুমুল যুদ্ধ হ’ল দুয়োৰে মাজত
উভয়েই আছিল বিজয় অভিলাষী ।
চাই থাকিলে তধা লাগি
পৃথিৱীত সৈন্যদল আৰু আকাশত সিদ্ধঋষি ।
তয়োৰুপান্তস্থিতসিদ্ধসৈনিকং গৰুত্মদাশীবিষভীমদর্শনৈঃ |
বভূব যুদ্ধং তুমুলং জয়ৈষিণোৰধোমুখৈৰূর্ধ্বমুখৈশ্চ পত্রিভিঃ
||
৩-৫৭||
মেঘে যিদৰে নোৱাৰে নিজৰে দেহৰ বজ্ৰাগ্নি প্ৰচণ্ড বৰষুণেৰেও
নুমাব
ইন্দ্ৰয়ো নোৱাৰিলে অতি তেজোদীপ্ত ৰঘুক অস্ত্ৰবৰিষণেৰে
ৰোধিব ।
অতিপ্রবন্ধপ্রহিতাস্ত্রবৃষ্টিভিস্তমাশ্রয়ং দুষ্প্রসহস্য
তেজসঃ |
শশাক নির্বাপয়িতুং ন বাসবঃ স্বতশ্চ্যুতং
বহ্নিমিবাদ্ভিৰম্বুদঃ || ৩-৫৮||
ইয়াৰ পিছতে ৰঘুৱে চন্দ্ৰাকৃতি বাণেৰে
ইন্দ্ৰৰ হৰিচন্দন অংকিত হাতৰ মুঠিতে
সেই ধনু-গুণ কৰিলে খণ্ডিত
সমুদ্ৰমন্থনৰ দৰে গুৰু-গম্ভীৰ যাৰ শব্দ ।
ততঃ প্রকোষ্ঠে হৰিচন্দনাঙ্কিতে প্রমথ্যমানার্ণবধীৰনাদিনীম্
|
ৰঘুঃ শশাঙ্কার্ধমুখেন পত্রিণা শৰাসনজ্যামলুনাদ্বিডৌজসঃ || ৩-৫৯||
ইন্দ্ৰৰ উঠিল প্ৰচণ্ড খং
ধনুৰ্বাণ এৰি হাতত তুলি ল’লে
প্ৰচণ্ড বজ্ৰ প্ৰবল শত্ৰুৰ প্ৰাণ নাশিবলে ।
পৰ্বতৰো বুকু যি ভেদ কৰে অনায়াসে ।
স চাপমুৎসৃজ্য বিবৃদ্ধমৎসৰঃ প্রণাশনায় প্রবলস্য বিদ্বিষঃ |
মহীধ্রপক্ষব্যপৰোপণোচিতং
স্স্ফুৰৎপ্রভামণ্ডলমস্ত্রমাদদে || ৩-৬০||
ৰঘুৰ বক্ষত প্ৰচণ্ড বজ্ৰই আঘাত হানিলে
সহিব নোৱাৰি ৰঘু মাটিত বাগৰি পৰিলে
লগতে সৈনিকসকলৰ অশ্ৰুকণাও ধৰাত পৰিলে ।
কিন্তু নিমিষতে পুনৰ উঠিল ৰঘু বেদনা পাহৰি
বিয়পি পৰিল চৌপাশে সৈনিকৰ হৰিষধ্বনি ।
ৰঘুর্ভৃশং বক্ষসি তেন তাডিতঃ পপাত ভূমৌ সহ সৈনিকাশ্রুভিঃ |
নিমেষমাত্রাদবধূয় চ ব্যথাং সহোত্থিতঃ সৈনিকহর্ষনিস্বনৈঃ || ৩-৬১||
ৰঘুৰ নিষ্ঠুৰ অস্ত্ৰৰ প্ৰহাৰ বহুপৰ চলি থাকিল
কুমাৰৰ অপূৰ্ব বল আৰু সাহস দেখি ইন্দ্ৰ সন্তুষ্ট হ’ল
।
গুণীয়ে সদায় নিজ গুণে সৰ্বত্ৰে উচ্চপদ পায় ।
তথাপি শস্ত্রব্যবহাৰনিষ্ঠুৰে বিপক্ষভাবে চিৰমস্য তস্থুষঃ |
তুতোষ বীর্যাতিশয়েন বৃত্রহা পদং হি সর্বত্র গুণৈর্নিধীয়তে || ৩-৬২||
ইন্দ্ৰই ক’লে-
সৰ্ব্বোচ পৰ্বতেও নোৱাৰে মোৰ অস্ত্ৰ ৰোধিব
তোমাৰ বাহিৰে কোনেও পৰা নাই সহিব ।
তোমাৰ প্ৰতি হৈছোঁ অতিকে প্ৰসন্ন
অশ্বৰ বাহিৰে তোমাক কি লাগে কোনা বৎস ।
অসঙ্গমদ্রিষ্বপি সাৰবত্তয়া ন মে ৎবদন্যেন বিসোঢমায়ুধম্ |
অবেহি মাং প্রীতমৃতে তুৰঙ্গমাৎকিমিচ্ছসীতি স্ফুটমাহ বাসবঃ || ৩-৬৩||
তুণৰ পৰা উলিওৱা কাঁড় সামৰি থ’লে
ৰঘুৰ আঙুলি জিলিকাই তুলিলে
কাঁড়ৰ পাখিৰ সোণালী কিৰণে ।
প্ৰিয়ভাষী ৰাজপুত্ৰই সুৰেন্দ্ৰক ক’লে-
ততো নিষঙ্গাদসমগ্রমুধৃতং সুবর্ণপুঙ্খদ্যুতিৰঞ্জিতাঙ্গুলিম্
|
নৰেন্দ্রসূনুঃ প্রতিসংহৰন্নিষুং প্রিয়ংবদঃ
প্রত্যবদৎসুৰেশ্বৰম্ || ৩-৬৪||
হে প্ৰভু ! যদি আপুনি কেতিয়াও এৰিব নোৱাৰে এই অশ্ব
অজস্ৰ যজ্ঞ কৰা মোৰ পিতাই পাওক সম্পূৰ্ণ ফল
বিধিমতে শেষ হ’লে এই যজ্ঞ ।
অমোচ্যমশ্বং যদি মন্যসে প্রভো ততঃ সমাপ্তে বিধিনৈব কর্মণি |
অজস্রদীক্ষাপ্রয়তঃ স মদ্গুৰুঃ ক্রতোৰশেষেণ ফলেন যুজ্যতাম্ || ৩-৬৫||
এতিয়া আনৰ বাবে অগম্য যজ্ঞমণ্ডপত থকা পিতা ৰজা দিলীপ
কঠিন সাধনাত তেওঁ এতিয়া ত্ৰিলোচনৰ অংশ স্বৰূপ ।
গতিকে পঠাবলৈ এই বাৰ্তাৰ বৃত্তান্ত আপুনি ব্য়ৱস্থা কৰক ।
যথা স বৃত্তান্তমিমং সদোগতস্ত্রিলোচনৈকাংশতয়া দুৰাসদঃ |
তবৈব সংদেশহৰাদ্বিশাংপতিঃ শৃণোতি লোকেশ তথা বিধীয়তাম্ || ৩-৬৬||
সেয়ে হওক বুলি মনোৰথ পূৰণৰ প্ৰতিশ্ৰুতি দি
মাতলি-সাৰথি ইন্দ্ৰ অহা পথে গ’ল
ঘূৰি ।
সুদক্ষিণাতনয়ো ঘূৰিল যজ্ঞশালালৈ বুলি
ঘোঁৰা ঘূৰাই নোপোৱাত মনত কিছু অসন্তুষ্টি ।
তথেতি কামং প্রতিশুশ্রুবান্রঘোর্যথাগতং মাতলিসাৰথির্যয়ৌ |
নৃপস্য নাতিপ্রমনাঃ সদোগৃহং সুদক্ষিণাসূনুৰপি ন্যবর্তত || ৩-৬৭||
ইন্দ্ৰৰ বাৰ্তাবাহকৰ মুখে সকলো জানিলে পূৰ্বেই
অভিনন্দন ৰঘুক জনাই
আনন্দত কম্পিত হাতে বজ্ৰই ক্ষত কৰা শৰীৰ চালে চুই ।
তমভ্যনন্দৎপ্রথমং প্রবোধিতঃ প্রজেশ্বৰঃ শাসনহাৰিণা হৰেঃ |
পৰামৃশন্হর্ষজডেন পাণিনা তদীয়মঙ্গং কুলিশব্রণাঙ্কিতম্ || ৩-৬৮||
ৰাজশাসন যাৰ চিৰসন্মানীয় আয়ুৰ শেষত কৰিব স্বৰ্গাৰোহন ।
সেই আশাতেই জখলাৰ দৰে নিৰান্নবৈ যজ্ঞ কৰিলে সমাপন ।
ইতি ক্ষিতীশো নবতিং নবাধিকাং মহাক্রতূনাং মহনীয়শাসনঃ |
সমাৰুৰুক্ষুর্দিবমায়ুষঃ ক্ষয়ে ততান সোপানপৰম্পৰামিব || ৩-৬৯||
বিষয়বিমুখ হ’ল মহাৰাজ ইয়াৰ পিছত
বিধিমতে পুত্ৰ ৰঘুক ৰাজচিহ্ন শ্বেতছত্ৰ কৰিলে দান ।
বৃক্ষৰ ছায়াত থাকিবলৈ ৰাণীৰ লগত গ’ল
তপোবন ।
ইক্ষ্বাকু বংশৰ সকলোৰে বাৰ্ধক্যত এয়ে কুলব্ৰত ।
অথ স বিষয়ব্যাবৃত্তাত্মা যথাবিধি সূনবে
নৃপতিককুদং দত্ত্বা যূনে সিতাতপবাৰণম্ |
মুনিবনতৰুচ্ছায়াং দেব্যা তয়া সহ শিশ্রিয়ে
গলিতবয়সামিক্ষ্বাকূণামিদং হি কুলব্রতম্ || ৩-৭০||
(কালিদাসৰ ৰঘুবংশ মহাকাব্যৰ তৃতীয় অধ্যায় সমাপ্ত ।)