অনুবাদ - কৌস্তুভমণি শইকীয়া দত্ত
সয়ম্বৰসভালৈ গৈ কুমাৰ অজই দেখিলে
সাজিকাচি পৃথিৱীৰ ৰজাসকলে মনোজ্ঞ বেশে
শৰীৰত লৈ বিমানচাৰী দেৱতাৰ সৌন্দৰ্য
ৰাজোচিত সিংহাসনত হৈছে উপবিষ্ট ।
স তত্র মঞ্চেষু মনোজ্ঞবেষান্সিংহাসনস্থানুপচাৰবৎসু |
বৈমানিকানাং মৰুতামপশ্যদাকৃষ্টলীলান্নৰলোকপালান্ || ৬-১||
ৰতিৰ প্ৰাৰ্থনাত যেন কামদেৱে পুনৰ লভিলে শৰীৰ
তেনে ৰূপ দেখি কাকুৎস্থৰ ৰজাসৱৰ ইন্দুমতীৰ আশা ভাগিল ।
ৰতের্গৃহীতানুনয়েন কামং প্রত্যর্পিতস্বাঙ্গমিবেশ্বৰেণ |
কাকুৎস্থমালোকয়তাং নৃপাণাং মনো বভূবেন্দুমতীনিৰাশম্ || ৬-২||
বিদৰ্ভৰাজে দেখুৱাই দিয়া সুসজ্জিত সোপানেৰে মঞ্চত উঠিল
যেন সৰু সৰু শিলাখণ্ডত ভৰি থৈ সিংহৰ শিশু পৰ্বতৰ চূড়াত
উঠিল ।
বৈদর্ভনির্দিষ্টমসৌ কুমাৰঃ কৢপ্তেন সোপানপথেন মঞ্চম্ |
শিলাবিভঙ্গৈর্মৃগৰাজশাবস্তুঙ্গং নগোৎসঙ্গমিবাৰুৰোহ || ৬-৩||
বৰ্ণিল কাপোৰ পৰা ৰত্নময় আসনত তেওঁ বহিল
যেন ৰণৰ দেৱতা গুহ ম’ৰাবাহনত জিলিকি উঠিল ।
পৰার্ধ্যবর্ণাস্তৰণোপপন্নমাসেদিবান্রত্নবদাসনং সঃ |
ভূয়িষ্ঠমাসীদুপমেয়কান্তির্ময়ূৰপৃষ্ঠাশ্রয়িণা গুহেন || ৬-৪||
সকলো ৰজাতকৈ তেওঁৰ সৌন্দৰ্য হাজাৰ গুণে জিলিকি উঠিল
চকু ছাট মাৰি ধৰিলে যেন ৰাশি ৰাশি ডাৱৰৰ গাত বিজুলী ।
তাসু শ্রিয়া ৰাজপৰংপৰাসু প্রভাবিশেষোদয়দুর্নিৰীক্ষ্যঃ |
সহস্রধাত্মা ব্যৰুচদ্বিভক্তঃ পয়োমুচাং পঙ্ক্তিষু বিদ্যুতেব
||
৬-৫||
অতীব সুন্দৰ মহাৰ্ঘ আসনত উপবিষ্ট সুসজ্জিত ৰজাসকলৰ মাজত
জিলিকি উঠা ৰঘুনন্দন অজ যেন কল্পতৰুৰ মাজত পাৰিজাত ।
তেষাং মহার্হাসনসংস্থিতানামুদাৰনেপথ্যভৃতাং স মধ্যে |
ৰৰাজ ধাম্না ৰঘুসূনুৰেব কল্পদ্রুমাণামিব পাৰিজাতঃ || ৬-৬||
আন সকলো ৰজাক এৰি নগৰবাসীৰ চকু অজতে ৰৈ গ’ল
যেন ফুলগছ এৰি ভোমোৰা মদস্ৰাৱী বন্যহস্তীৰ কুমস্থলত বহিল ।
নেত্রব্রজাঃ পৌৰজনস্য তস্মিন্বিহায় সর্বান্নৃপতীন্নিপেতুঃ |
মদোৎকটে ৰেচিতপুষ্পবৃক্ষা গন্ধদ্বিপে বন্য ইব দ্বিৰেফাঃ || ৬-৭||
তাৰপিছত অভিজ্ঞ চাৰণে কৰিলে স্তুতিগান বংশমৰ্যাদাৰ
উপস্থিত একত্ৰিত
সূৰ্যবংশী আৰু চন্দ্ৰবংশী ৰজাৰ ।
অগৰু-ধূপৰ ধোঁৱাই বতাহত উৰি চুলেগৈ পতাকা ।
অথ স্তুতে বন্দিভিৰন্বয়জ্ঞৈঃ সোমার্কবংশ্যে নৰদেবলোকে |
সংচাৰিতে চাগুৰুসাৰয়োনৌ ধূপে সমুৎসর্পতি বৈজয়ন্তীঃ || ৬-৮||
দিগন্তত ভাঁহি উঠিল গুৰু-গম্ভীৰ মংগল শংখধ্বনি
মেঘৰ গৰ্জন ভাবি উপবনত ময়ূৰে ধৰিলে চালি ।
পুৰোপকণ্টোপবনাশ্রয়াণাং কলাপিনামুদ্ধতনৃত্তহেতৌ |
প্রধ্মাতশঙ্খে পৰিতো দিগন্তাংস্তূর্যস্বনে মূর্চ্ছতি
মঙ্গলার্থে || ৬-৯||
চাৰিজন মানুহে কান্ধত লোৱা দোলাত উঠি
পৰিজন-পৰিয়ালে চৌপাশে আগুৰি
কইনাৰ সাজেৰে সয়ম্বৰা ইন্দুমতী
কৰিলে প্ৰবেশ মণ্ডপৰ ৰাজমাৰ্গৰে আহি ।
মনুষ্যবাহ্যং চতুৰন্তয়ানমধ্যাস্য কন্যা পৰিবাৰশোভি |
বিবেশ মঞ্চান্তৰৰাজমার্গং পতিংবৰা কৢপ্তবিবাহবেষা || ৬-১০||
শত শত চকুৰ একমাত্ৰ লক্ষ্য
বিধাতাৰ অপূৰ্ব সৃষ্টি ইন্দুমতী
সকলো ৰজাৰ মন কাষলৈ গ’ল উৰি
আসনত থাকিল মাথোন দেহ পৰি ।
তস্মিন্বিধানাতিশয়ে বিধাতুঃ কন্যাময়ে নেত্রশতৈকলক্ষ্যে |
নিপেতুৰন্তঃকৰণৈর্নৰেন্দ্রা দেহৈঃ স্থিতাঃ কেবলমাসনেষু || ৬-১১||
গছৰ আগে কুঁহি মেলি দৃষ্টি আকৰ্ষণ কৰাৰ দৰে
ৰজাবৃন্দই দিলে প্ৰেমৰ আগলিবতৰা বিভিন্ন প্ৰকাৰে ।
তাং প্রত্যভিব্যক্তমনোৰথানাং মহীপতীনাং প্রণয়াগ্রদূত্যঃ |
প্রবালশোভা ইব পাদপানাং শৃঙ্গাৰচেষ্টা বিবিধা বভূবুঃ || ৬-১২||
এজনে হাতৰ লীলাপদ্ম থাকিল ঘূৰাই
ভোমোৰা গ’ল উৰি গাত লাগি কঁপি উঠা পাপৰি।
মণ্ডলাকৃতিৰে ফুলৰ ৰেণু থাকিল উৰি ।
কশ্চিৎকৰাভ্যামুপগূঢনালমালোলপত্রাভিহতদ্বিৰেফম্ |
ৰজোভিৰন্তঃ পৰিবেষবন্ধি লীলাৰবিন্দং ভ্রময়াংচকাৰ || ৬-১৩||
এজনৰ বিলাসী বস্ত্ৰ গ’ল কান্ধৰ পৰা খহি
বাহুত পিন্ধা ৰত্নখচিত বাজুত লাগিল ধৰি
ঠিক কৰাৰ ছলেৰে কন্যাক কৰিলে সুন্দৰ মুখভংগী ।
বিস্রস্তমংসাদপৰো বিলাসী ৰত্নানুবিদ্ধাঙ্গদকোটিলগ্নম্ |
প্রালম্বমুৎকৃষ্য যথাবকাশং নিনায় সাচীকৃতচাৰুবক্ত্রঃ || ৬-১৪||
আনএজনে তলমূৰ কৰি ভৰিৰ আঙুলিলৈ নমাই চকুৰ দৃষ্টি
সোণৰ পাদদানীত আঁক-বাক কৰিলে নখেৰে কিবাকিবি ।
আকুঞ্চিতাগ্রাঙ্গুলিনা ততোঽন্যঃ কিঞ্চিৎসমাবর্জিতনেত্রশোভঃ
|
তির্যগ্বিসংসর্পিনখপ্রভেণ পাদেন হৈমং বিলিলেখ পীঠম্ || ৬-১৫||
বাওঁহাতে আসনত ভৰ দি কান্ধ হেলনীয়া কৰি
এজনে বৰকৈ আলাপ কৰিলে বন্ধুৰ সতে
কণ্ঠৰ মালা ওলমি পৰিল বেঁকা হৈ কথা পাতোতে ।
নিবেশ্য বামং ভুজমাসনার্ধে তৎসংনিবেশাৎ অধিকোন্নতাংসঃ |
কশ্চিদ্বিবৃত্তত্রিকভিন্নহাৰঃ সুহৃৎসমাভাষণতৎপৰোঽভূৎ || ৬-১৬||
প্ৰিয়তমাৰ নিতম্বত আঘাত কৰাত অভ্যস্ত নখেৰে ইংগিতেৰে
প্ৰেয়সীৰ প্ৰিয় কুমলীয়া কেতেকীৰ বগাপাহি ছিঙিলে এক যুৱকে ।
বিলাসিনীবিভ্রমদন্তপত্রমপাণ্ডুৰং কেতকবর্হমন্যঃ |
প্রিয়ানিতম্বোচিতসংনিবেশৈর্বিপাটয়ামাস যুবা নখাগ্রৈঃ || ৬-১৭||
এজনে ৰত্নৰ আঙুঠি পিন্ধা আঙুলিৰ ঝলক তুলি
ধ্বজচিহ্নৰ ৰেখা থকা তামৰঙী পদুমৰ দৰে তলুৱাৰে
অৱলীলাৰে পাশাৰ ঢাল যেন দিলে ।
কুশেশয়াতাম্রতলেন কশ্চিৎকৰেণ ৰেখাধ্বজলাঞ্ছনেন |
ৰত্নাঙ্গুলীয়প্রভয়ানুবিদ্ধানুদীৰয়ামাস সলীলমক্ষান্ || ৬-১৮||
কোনো কোনোৱে নিজৰ ঠাইতে বহি পোণাই ল’লে
শিৰৰ কিৰীটি
মুকুটৰ বজ্ৰ-মাণিকৰ প্ৰভাৰে পৰশত যেন ভৰিল আঙুলি ।
কশ্চিদ্যথাভাগমবস্থিতেঽপি স্বসংনিবেশাদ্ব্যতিলঙ্ঘিনীব |
বজ্রাংশুগর্ভাঙ্গুলিৰন্ধ্রমেকং ব্যাপাৰয়ামাস কৰং কিৰীটে || ৬-১৯||
ৰজাসকলৰ বংশজ্ঞাত পুৰুষৰ দৰে প্ৰগলভা নিৰাপত্তাৰক্ষী
সুনন্দাই
লৈ গ’ল ৰাজকুমাৰীক মগধৰাজৰ কাষলৈ জনাবলৈ
পৰিচয় ।
ততো নৃপাণাং শ্রুতবৃত্তবংশা পুংবৎপ্রগল্ভা প্রতিহাৰৰক্ষী |
প্রাক্সংনিকর্ষং মগধেশ্বৰস্য নীৎবা কুমাৰীমবদৎসুনন্দা || ৬-২০||
এৱেই মগধ ৰাজন আশ্ৰয় শৰণাগতৰ স্বভাৱ গম্ভীৰ
প্ৰজাৰঞ্জক ৰজা এওঁ সাৰ্থক তেওঁৰ নাম পৰন্তপ ।
অসৌ শৰণ্যঃ শৰণোন্মুখানামগাধসত্ত্বো মগধপ্রতিষ্ঠঃ |
ৰাজা প্রজাৰঞ্জনলব্ধবর্ণঃ পৰংতপো নাম যথার্থনামা || ৬-২১||
হাজাৰ-বিজাৰ ৰজা থাকিলেও পৃথিৱীৰ সুশাসক এওঁহে
যেন অলেখ গ্ৰহ-তৰা থাকিলেও ৰাতি পোহৰ কৰে জোনেহে ।
কামং নৃপাঃ সন্তু সহস্রশোঽন্যে ৰাজন্বতীমাহুৰনেন ভূমিম্ |
নক্ষত্রতাৰাগ্রহসংকুলাপি জ্যোতিষ্মতী চন্দ্রমসৈব ৰাত্রিঃ || ৬-২২||
সকলো সময়তে অজস্ৰ যাগ-যজ্ঞ কৰে
হাজাৰ নেত্ৰৰ ইন্দ্ৰ তাত থাকে উপস্থিত
ফলত দীৰ্ঘদিন পিন্ধা নাই মন্দাৰ ফুল
শশীৰ শেঁতা মুখত পৰি থকা আউল-বাউল চুলিত।
ক্রিয়াপ্রবন্ধাদয়মধ্বৰাণামজস্রমাহূতসহস্রনেত্রঃ |
শচ্যাশ্চিৰং পাণ্ডুকপোললম্বান্মন্দাৰশূন্যানলকাংশ্চকাৰ || ৬-২৩||
এওঁক তুমি পাণিগ্ৰহণ কৰিলে নগৰী প্ৰবেশৰ সময়ত
ৰাজপ্ৰাসাদৰ খিৰিকিৰে ৰৈ ৰৈ চাব পাটলিপুত্ৰৰ সুন্দৰীগণে
সকলোকে কৰিবা আনন্দ প্ৰদান তোমাক সচ্চক্ষে দেখাৰ।
অনেন চেদিচ্ছসি গৃহ্যমাণং পাণিং বৰেণ্যেন কুৰু প্রবেশে |
প্রাসাদবাতায়নসংস্থিতানাং নেত্রোৎসবং পুষ্পপুৰাঙ্গনানাম্ || ৬-২৪||
সুনন্দাৰ কথা শুনি তন্বী সুন্দৰীয়ে নুবুলিলে সামান্য বচন
মধুফুল-দূবৰিৰ মালা কিঞ্চিৎ নমাই নীৰস চকুৰে চাই কৰিলে
প্ৰণাম ।
এবং তয়োক্তে তমবেক্ষ্য কিংচিদ্বিস্রংসিদূর্বাঙ্কমধূকমালা |
ঋজুপ্রণামক্রিয়য়ৈব তন্বী প্রত্যাদিদেশৈনমভাষমাণা || ৬-২৫||
বতাহত ওফন্দি উঠা ঢৌৱে যিদৰে
মানস সৰোবৰৰ ৰাজহংসক উটুৱাই নিয়ে
এপাহ পদুমৰ পৰা আন এপাহ পদুমৰ কাষলৈ
বেত্ৰধাৰী ৰক্ষী সুনন্দাই ৰাজকুমাৰীক লৈ গ’ল
অন্য ৰজাৰ সমুখলৈ ।
তাং সৈব বেত্রগ্রহণে নিয়ুক্তা ৰাজান্তৰং ৰাজসুতাং নিনায় |
সমীৰণোত্থেব তৰংগৰেখা পদ্মান্তৰং মানসৰাজহংসীম্ || ৬-২৬||
সুনন্দাই ক’লে ৰাজকুমাৰীক এওঁ
অংগদেশৰ ৰজা
যাৰ যৌবনশ্ৰী পাবলৈ দেৱনাৰীয়েও কৰে প্ৰাৰ্থনা
প্ৰসিদ্ধ মাউতে
প্ৰশিক্ষণ দিয়ে এওঁৰ হস্তীবাহিনীক
ইন্দ্ৰৰ স্বৰ্গসুখ ভোগ কৰে বাস কৰিও পৃথিৱীত ।
জগাদ চৈনাময়মঙ্গনাথঃ সুৰাঙ্গনাপ্রার্থিতয়ৌবনশ্রীঃ |
বিনীতনাগঃ কিল সূত্রকাৰৈৰৈন্দ্রং পদং ভূমিগতোঽপি ভুংক্তে || ৬-২৭||
মুকুতাৰ দৰে চকুলোৰ টোপাল সৰাই শত্ৰুৰ নাৰীৰ বক্ষত
যেন পিন্ধাই দিয়ে সূতাবিহীন মুকুতাৰ হাৰ ।
অনেন পর্যাসয়তাশ্রুবিন্দূন্মুক্তাফলস্থূলতমান্স্তনেষু |
প্রত্যর্পিতাঃ শত্রুবিলাসিনীনামুন্মুচ্য সূত্রেণ বিনৈব
হাৰাঃ ||
৬-২৮||
যদিও লক্ষ্মী আৰু সৰস্বতী বাস কৰে বেলেগে
এওঁৰ সৈতে দুয়ো বসতি কৰে একেলগে ।
হে কল্যাণী ! ৰূপহী আৰু মধুৰভাষিণী তুমি
হ’বৰ যোগ্যা তেওঁলোকৰ তৃতীয়া সপত্নী ।
নিসর্গভিন্নাস্পদমেকসংস্থমস্মিন্দ্বয়ং শ্রীশ্চ সৰস্বতী চ |
কান্ত্যা গিৰা সূনৃতয়া চ যোগ্যা তৎবমেব কল্যাণি
তয়োস্তৃতীয়া || ৬-২৯||
অংগৰাজৰ পৰা দৃষ্টি আঁতৰাই ক’লে,
আগলৈ ব’লা -
এনে নহয় তেওঁ
নাছিল সুদৰ্শন
এনে নহয় ইন্দুমতীৰ ভাল নাছিল পচন্দ
পিছে ব্যক্তিভেদে হয়েই ৰুচি ভিন্ন।
অথাঙ্গৰাজদবতার্য চক্ষুর্যাহীতি জন্যামবদৎকুমাৰী |
নাসৌ ন কাম্যো ন চ বেদ সম্যগ্দ্রষ্টুং ন সা ভিন্নৰুচির্হি
লোকঃ ||
৬-৩০||
তাৰপিছত দ্বাৰৰক্ষীয়ে ইন্দুমতীক এক ৰজাক দেখুৱালে
শত্ৰুৰ বাবে দুঃসহ আৰু সুন্দৰ সদ্যউদিত জোনৰ দৰে ।
ততঃ পৰং দুঃপ্রসহং দ্বিষদ্ভির্নৃপং নিয়ুক্তা প্রতিহাৰভূমৌ |
নিদর্শয়ামাস বিশেষদৃশ্যমিন্দুং নবোত্থানমিবেন্দুমত্যৈ || ৬-৩১||
অবন্তীৰাজ এওঁ সুদীৰ্ঘ বাহু বহল বুকু আৰু সৰু সুগোল ককাল
শৰীৰ বিশ্বকৰ্মাৰ
চক্ৰাকাৰ শানত গঢ়া সূৰুযৰ দৰে দীপ্তমান।
অবন্তিনাথোঽযমুগ্রবাহুর্বিশালবক্ষাস্তনুবৃত্তমধ্যঃ |
আৰোপ্য চক্রভ্রমমুষ্ণতেজাস্ত্বষ্ট্রেব যত্নোল্লিখিতো বিভাতি
||
৬-৩২||
এই ৰাজনে যেতিয়া তিনিশক্তি সহ যুদ্ধযাত্ৰা কৰে
স্বয়ং গৈ পোৱাৰ আগতেই
অশ্বখুৰাৰ ধূলিয়ে সামন্তৰজাৰ মুকুটৰ মণি প্ৰভাহীন কৰে।
অস্য প্রয়াণেষু সমগ্রশক্তেৰগ্রেসৰৈর্বাজিভিৰুত্থিতানি |
কুর্বন্তি সামন্তশিখামণীনাং প্রভাপ্রৰোহাস্তময়ং ৰজাংসি || ৬-৩৩||
এওঁৰ বাসস্থান জটাত চন্দ্ৰধাৰী শিৱৰ মহাকাল মন্দিৰৰ কাষতে
সেয়ে কৃষ্ণপক্ষতো জোনাক উপভোগ কৰে প্ৰেয়সীসৱৰ সতে।
অসৌ মহাকালনিকেতনস্য বসন্নদূৰে কিল চন্দ্রমৌলেঃ |
তমিস্রপক্ষেঽপি সহপ্রিয়াভির্জ্যোৎস্নাবতো নির্বিশতি
প্রদোষান্ || ৬-৩৪||
হে সুন্দৰী ৰম্ভোৰু, বিহাৰ কৰিব খোজা নেকি এই
ৰজাৰ সতে
শিপ্ৰা নদীৰ ঢৌত স্নাত বতাহত কঁপি উঠা উদ্যানবোৰত ?
অনেন যূনা সহ পার্থিবেন ৰম্ভোৰু কচ্চিন্মনসো ৰুচিস্তে |
সিপ্রাতৰংগানিলকম্পিতাসু বিহর্তুমুদ্যানপৰংপৰাসু || ৬-৩৫||
অৱন্তীনাথ যেন সূৰ্য সখি পদুমক ফুলাই শতৰু বোকা শুকুৱায়
পছন্দ নকৰাৰ দৰে ভেঁটফুলে বেলিক
বন্ধুবৎসল শত্ৰুনাশী অৱন্তীনাথৰ প্ৰতি
সুকুমাৰী ইন্দুমতীয়ে অনুভৱ নকৰিলে প্ৰীতি ।
তস্মিন্নভিদ্যোতিতবন্ধুপদ্মে প্রতাপসংশোষিতশত্রুপঙ্কে |
ববন্ধ সা নোত্তমসৌকুমার্যা কুমুদ্বতী ভানুমতীব ভাবম্ || ৬-৩৬||
ইন্দুমতী কন্যা পাহি যেন পদুমৰ
সৰ্বগুণসম্পন্না তপ্তকাঞ্চন বৰণৰ
অনুপম সৃষ্টি বিধাতাৰ
সুনন্দাই নিলে সমুখলৈ
অনুপৰাজৰ ।
তামগ্রতস্তামৰসান্তৰাভামনূপৰাজস্য গুণৈৰনূনাম্ |
বিধায় সৃষ্টিং ললিতাং বিধাতুর্জগাদ ভূয়ঃ সুদতীং সুনন্দা || ৬-৩৭||
কাৰ্তবীৰ্য নামেৰে আছিল এক ৰাজন
নৃপতিৰ নামত সঁচাই অসাধাধাৰণ ।
সংগ্ৰামৰ সময়ত
সহস্ৰ বাহু কৰে ধাৰণ
ওঠৰটা দ্বীপত কৰিছিল যজ্ঞৰ বলিশাল(যূপকাষ্ঠ) স্থাপন ।
সংগ্ৰামনির্বিষ্টসহস্রবাহুৰষ্টাদশদ্বীপনিখাতয়ূপঃ |
অনন্যসাধাৰণৰাজশব্দো বভূব যোগী কিল কার্তবীর্যঃ || ৬-৩৮||
অকাৰ্যৰ চিন্তা কোনোবাই কৰিলেই ধনু হাতত লৈ হয় উপস্থিত
মনত ভিতৰতে চিন্তা অপৰাধকো সুশিক্ষাৰে কৰে নিবৃত্ত ।
অকার্যচিন্তা সমকালমেব প্রাদুর্ভবংশ্চাপধৰঃ পুৰস্তাৎ |
অন্তঃশৰীৰেষ্বপি যঃ প্রজানাং প্রত্যাদিদেশাবিনয়ং বিনেতা || ৬-৩৯||
ইন্দ্ৰক বিজয়ী লংকেশ্বৰকো তেওঁ কাৰাগাৰত থ’লে
ধনুৰ গুণেৰে বান্ধি
দহখনমুখেৰে ঘন শ্বাস ল’লেও নিদিলে মুক্তি
নোপোৱালৈকে সন্তুষ্টি ।
জ্যাবন্ধনিষ্পন্দভুজেন যস্য বিনিঃশ্বসদ্বক্ত্রপৰংপৰেণ |
কাৰাগৃহে নির্জিতবাসবেন লঙ্কেশ্বৰেণোষিতমা প্রসাদাৎ || ৬-৪০||
তেওঁৰ বংশজাত এওঁৰ নাম প্ৰতীপ অনুৰাগী জ্ঞানীজনৰ
দৃঢ়তাৰে কৰিছিল প্ৰশ্ৰয়ত উৎপন্ন শ্ৰীৰ (সম্পদৰ) চঞ্চল
স্বভাৱ দূৰ ।
তস্যান্বয়ে ভূপতিৰেষ জাতঃ প্রতীপ ইত্যাগমবৃদ্ধসেবী |
যেনঃ শ্রিয়ঃ সংশ্রয়দোষৰূঢং স্বভাবলোলেত্যয়শং প্রমৃষ্টম্ || ৬-৪১||
যুঁজৰ বেলিকা অগ্নিদেৱ এওঁৰ সহায়ৰ হাত
পদুমপাতৰ পৰশৰ দৰে সহিছিল
ক্ষত্ৰিয়কুলৰ কালৰাতি যেন
পৰশুৰামৰ কুঠাৰৰ শাণিত আঘাত ।
আয়োধনে কৃষ্ণগতিং সহায়মবাপ্য যঃ ক্ষত্রিয়কালৰাত্রিম্ |
ধাৰাং শিতাং ৰামপৰশ্বধস্য সংভাবয়ত্যুৎপলপত্রসাৰাম্ || ৬-৪২||
যদি চাব খোজা তুমি
মাহিষ্মতী নগৰীৰ প্ৰাচীৰক কঁকালৰ বস্ত্ৰ হৈ আগুৰি থকা ৰেবা
নদী
যাৰ জলপ্ৰবাহ যেন লহৰ তোলা ধুনীয়া বেণী
তেন্তে হ’ব পাৰা আজানুলম্বিত এই ৰজাৰ অংকশায়িনী
।
অস্যাঙ্কলক্ষ্মীর্ভব
দীর্ঘবাহোর্মাহিষ্মতীবপ্রনিতম্বকাঞ্চীম্ |
প্রাসাদজালৈর্জলবেণিৰম্যাং ৰেবাং যদি প্রেক্ষিতুমস্তি কামঃ
||
৬-৪৩||
ৰূপহ কোঁৱৰ যদিও পছন্দ নহ’ল ইন্দুমতীৰ
শৰতৰ মেঘহীন আকাশৰ পূৰ্ণচন্দ্ৰতো যিদৰে মন নভৰে পদুমৰ।
তস্যাঃ প্রকামং প্রিয়দর্শনোঽপি ন স ক্ষিতীশো ৰুচয়ে বভূব |
শৰৎপ্রমৃষ্টাম্বুধৰোপৰোধঃ শশীব পর্যাপ্তকলো নলিন্যাঃ || ৬-৪৪||
তেতিয়া অন্তঃপুৰৰক্ষিকাই ক’লে কথা শূৰসেনৰাজ
সুষেণৰ
দেশ-দেশান্তৰে যাৰ কীৰ্তি প্ৰচাৰিত
সজ আচৰণত যি দুইকুলৰে যেন প্ৰদীপ ।
সা শূৰসেনাধিপতিং সুষেণমুদ্দিশ্য লোকান্তৰগীতকীর্তিম্ |
আচাৰশুদ্ধোভয়বংশদীপং শুদ্ধান্তৰক্ষ্যা জগদে কুমাৰী || ৬-৪৫||
মুনিৰ আশ্ৰমত যিদৰে বিৰোধিতা এৰি সিংহ-গৰু একত্ৰে থাকে
নীপবংশজ এই ৰজাৰ যজ্ঞপৰায়ণতা আৰু পাৰ্থিৱগুণে
স্বাভাৱিক পৰস্পৰবিৰোধী গুণৰ দ্বন্দ্ব এৰিছে ।
নীপান্বয়ঃ পার্থিব এষ যজ্বা গুণৈর্যমাশ্রিত্য পৰস্পৰেণ |
সিদ্ধাশ্রমং শান্তমিবেত্য সত্ত্বৈর্নৈসর্গিকোঽপ্যুৎসসৃজে
বিৰোধঃ ||
৬-৪৬||
এওঁৰ আপোন প্ৰাসাদত চন্দ্ৰমাৰ নয়নাভিৰাম শোভা জিলিকে
শতৰুৰ নগৰত এওঁৰ দুঃসহ পৰাক্ৰমত অট্টালিকাত বন গজে ।
যস্যাত্মগেহে নয়নাভিৰামা কান্তির্হিমাংশোৰিব সংনিবিষ্টা |
হর্ম্যাগ্রসংৰূঢতৃণাংকুৰেষু তেজোঽবিষহ্যং ৰিপুমন্দিৰেষু || ৬-৪৭||
মথুৰাৰ কাষৰ যমুনাত এওঁ যেতিয়া জলবিহাৰ কৰে
অন্তেষপুৰৰ সুন্দৰীসকলৰ পানী মিহলি হোৱা বুকুৰ চন্দনে
ক’লা যমুনাৰ পানী গংগাজলৰ ঢৌৰ দৰে শুভ্ৰ কৰি
তোলে।
যস্যাবৰোধস্তনচন্দনানাং প্রক্ষালনাদ্বাৰিবিহাৰকালে |
কলিন্দকন্যা মথুৰাং গতাপি গঙ্গোর্মিসংসক্তজলেব ভাতি || ৬-৪৮||
গৰুড়ৰ ভয়ত পলাওতে কালীনাগে যমুনাৰ তীৰত পেলাই গৈছিল
মস্তকমণি
সেই মণি বুকুৰ হাৰত পিন্ধি উজলিছে তেওঁ কৌস্তুভধাৰী
কৃষ্ণতকৈও বেছি ।
ত্রস্তেন তার্ক্ষ্যাৎকিল কালিয়েন মণিং বিসৃষ্টং যমুনৌকসা
যঃ |
বক্ষঃস্থলব্যাপিৰুচং দধানঃ সকৌস্তুভং হ্রেপয়তীব কৃষ্ণম্ || ৬-৪৯||
হে সুন্দৰী, উপভোগ কৰা তোমাৰ
যৌবনশ্ৰী এওঁক কৰি বৰণ
বৃন্দাবনৰ কুঁহিপাত আৰু ফুলেৰে সজ্জিত কুঞ্জবনৰ শয্যাত
যি কুবেৰৰ উপবন চৈত্ৰৰথতকৈ কোনোগুণে নহয় কম ।
সংভাব্য ভর্তাৰমমুং যুবানং মৃদুপ্রবালোত্তৰপুষ্পশয়্যে |
বৃন্দাবনে চৈত্রৰথাদনূনে নির্বিশ্যতাং সুন্দৰি যৌবনশ্রীঃ || ৬-৫০||
সিক্ত পাহাৰীয়া ফলৰ সুবাস সনা শিলাখণ্ডত বহি গোবৰ্ধনৰ
ময়ুৰীৰ নাচ চাবা গুহাই গুহাই ঋতুত বাৰিষাৰ ।
অধ্যাস্য চাম্ভঃপৃষতোক্ষিতানি শৈলেয়গন্ধীনি শিলাতলানি |
কলাপিনাং প্রাবৃষি পশ্য নৃত্যং কান্তাসু গোবর্ধনকন্দৰাসু || ৬-৫১||
সেই ৰজাক বাদ দি নদীৰ সোঁতৰ ঘূৰ্ণীৰ দৰে সুন্দৰ নাভিৰ
কন্যাই
মুখ ঘূৰাই গুচি গ’ল স্ৰোতস্বিনী নদীয়ে
যিদৰে পাহাৰ এৰি যায় সাগৰ ধিয়াই ।
নৃপং তমাবর্তমনোজ্ঞনাভিঃ সা ব্যত্যগাদন্যবধূর্ভবিত্রী |
মহীধৰং মার্গবশাদুপেতং স্রোতোবহা সাগৰগামিনীব || ৬-৫২||
ন-জোনৰ দৰে হেমাংগদ নামে কলিংগৰ ৰজা
হাতত পিন্ধিছিল কেয়ূৰ-কংকণ ধুনীয়া।
তেওঁ কৰিছিল শত্ৰুকুলক বিনাশ
অংগৰক্ষকে ক’লে পূৰ্ণিমাৰ জোন যেন
কন্যাক ।
অথাঙ্গদালিষ্টভুজং ভুজিষ্যা হেমাঙ্গদং নাম কলিঙ্গনাথম্ |
আসেদুষীং সাদিতশত্রুপক্ষং বালামবালেন্দুমুখীং বভাষে || ৬-৫৩||
মহেন্দ্ৰ পৰ্বতৰ সমান শক্তিসম্পন্ন অধিপতি মহেন্দ্ৰ পৰ্বত
আৰু সমুদ্ৰৰ
মদধাৰাবৰ্ষী হাতীৰ দল আগে-পিছে যায় সময়ত যুদ্ধযাত্ৰাৰ।
অসৌ মহেন্দ্রাদিসমানসাৰঃ পতির্মহেন্দ্রস্য মহোদধেশ্চ |
যস্য ক্ষৰৎসৈন্যগজচ্ছলেন যাত্রাসু যাতীব পুৰো মহেন্দ্রঃ || ৬-৫৪||
অগ্ৰণী ধনুৰ্দ্ধৰ এওঁৰ সুন্দৰ বিশাল বাহুত গুণৰ ৰেখা দুটি
শত্ৰুৰ বন্দিনী ৰাজলক্ষ্মীৰ যেন কাজল মিহলি চকুপানী ।
জ্যাঘাতৰেখে সুভুজো ভুজাভ্যাং বিভর্তি যশ্চাপভৃতাং পুৰোগঃ |
ৰিপুশ্রিয়াং সাঞ্জনবাষ্পসেকে বন্দীকৃতানামিব পদ্ধতী দ্বে || ৬-৫৫||
ৰজা নিজৰ কোঠাত শুই থাকিলে সমুদ্ৰৰ গৰ্জনে জগাই
তল পেলাই প্ৰত্যুষৰ তূৰ্যধ্বনি
প্ৰাসাদৰ খিৰিকিৰ পৰাই সাগৰৰ ঢৌ লেখিব পাৰি ।
যমাত্মনঃ সদ্মনি সংনিকৃষ্টো মন্দ্রধ্বনিত্যাজিতয়ামতূর্যঃ |
প্রাসাদবাতায়নদৃশ্যবীচিঃ প্রবোধয়ত্যর্ণব এব সুপ্তম্ || ৬-৫৬||
তালবনৰ পাতৰ ধ্বনিত মুখৰিত সমুদ্ৰ-তীৰত এওঁৰ সৈতে বিহাৰ
কৰিলে তুমি
ক্লান্তিৰ ঘাম মচি কোনোবা দ্বীপৰ লবংগফুলৰ ৰেণু বতাহে আনি
দিবহি সানি ।
অনেন সার্ধং বিহৰাম্বুৰাশেস্তীৰেষু তালীবনমর্মৰেষু |
দ্বীপান্তৰানীতলবঙ্গপুষ্পৈৰপাকৃতস্বেদলবা মৰুদ্ভিঃ || ৬-৫৭||
এইদৰে যদিও প্ৰয়াস কৰিলে আকৃষ্ট কৰা
বিদৰ্ভৰাজৰ ৰূপহী ভগ্নী আঁতৰিল তেওঁৰ পৰা
যিদৰে ৰাজলক্ষ্মী নৰয় অনেক চেষ্টাৰ পিছতো
দৈৱ বিপৰীত হ’লে পৰম কুশলীজনৰো ।
প্রলোভিতাপ্যাকৃতিলোভনীয়া বিদর্ভৰাজাবৰজা তয়ৈবম্ |
তস্মাদপাবর্তত দূৰকৃষ্টা নীত্যেব লক্ষ্মীঃ প্রতিকূলদৈবাৎ || ৬-৫৮||
ইয়াৰ পিছতে দেৱদৰ্শন উৰগপুৰৰ ৰজাৰ কাষলৈ দ্বাৰৰক্ষীয়ে নিলে
হে সুন্দৰনয়নী এইফালে চোৱা বুলি সমুখলৈ আনি আগৰ দৰেই ক’লে
।
(উৰগ+পুৰ - নাগ+পুৰ)
অথোৰগাখ্যস্য পুৰস্য নাথং দৌবাৰিকী দেবসৰূপমেত্য |
ইতশ্চকোৰাক্ষি বিলোকয়েতি পূর্বানুশিষ্টাং নিজগাদ ভোজ্যাম্ || ৬-৫৯||
কান্ধত ওলমিছে মালা এওঁৰ পাণ্ড্য নাম
বাহুত হৰিচন্দনেৰে কৰিছে প্ৰসাধন ।
উদিত সূৰ্যৰ ৰক্তিম আভা সনা
জলপ্ৰপাতেৰে সজ্জিত হিমাচ্ছাদিত পৰ্বতৰ দৰে এওঁৰ শোভা ।
পাণ্ড্যোঽযমংসার্পিতলম্বহাৰঃ কৢপ্তাঙ্গৰাগো হৰিচন্দনেন |
আভাতি বালাতপৰক্তসানুঃ সনির্ঝৰোদ্গাৰ ইবাদ্রিৰাজঃ || ৬-৬০||
বিন্ধ্যক সূৰুজৰ পথ ভেটাৰ পৰা স্তব্ধ কৰা
সমুদ্ৰক শুহি পুনৰ ভৰাই তোলা অগস্ত্যমুনিয়ে
স্নেহেৰে সোধেহি কুশল বাৰ্তা
যশস্বী ৰজাৰ অশ্বমেধ সমাপ্তিৰ স্নানৰ বেলিকা ।
বিন্ধ্যস্য সংস্তম্ভয়িতা
মহাদ্রের্নিঃশেষপীতোজ্ঝিতসিন্ধুৰাজঃ |
প্রীত্যাশ্বমেধাবভৃথার্দ্রমূর্তেঃ সৌস্নাতিকো যস্য
ভবত্যগস্ত্যঃ || ৬-৬১||
যিহেতু অস্ত্ৰলাভ কৰিছিল মহাদেৱৰ পৰা
অভিমানী লংকাধিপতি যাওতে উত্তৰলৈ ইন্দ্ৰলোক জয়ৰ বাবে
জনস্থান অধিকাৰ কৰাৰ আশংকাত সন্ধি কৰি গৈছিল এওঁৰ সৈতে ।
অস্ত্রং হৰাদাপ্তবতা দুৰাপং যেনেন্দ্রলোকাবজয়ায় দৃপ্তঃ |
পুৰা জনস্থানবিমর্দশঙ্কী সংধায় লঙ্কাধিপতিঃ প্রতস্থে || ৬-৬২||
তোমাৰ পাণিগ্ৰহণ কৰিলে নৃপতিয়ে এই মহান কুলৰ
সাম্ৰাজ্যৰ সমুদ্ৰই আবৰা ৰত্নময় দক্ষিণ দিশ সতিনী হ’ব
তোমাৰ ।
অনেন পাণৌ বিধিবদ্গৃহীতে মহাকুলীনেন মহীব গুর্বী |
ৰত্নানুবিদ্ধার্ণবমেখলায়া দিশঃ সপত্নী ভব দক্ষিণস্যাঃ || ৬-৬৩||
সুশোভিত পাণলতাই মেৰাই ধৰা তামোলগছৰ তলত
আৰু চন্দনগছক মেৰাই ধৰা ইলাছিলতাৰ মাজত
মাটিত মেলি দিয়া তামোলৰ পাতৰ আস্তৰণত
মলয় দেশৰ ৰাণী হৈ ৰমন কৰাৰ ইচ্ছা তোমাৰ হওক ।
তাম্বূলবল্লীপৰিণদ্ধপূগাস্বেলালতালিঙ্গিতচন্দনাসু |
তমালপত্রাস্তৰণাসু ৰন্তুং প্রসীদ শশ্বন্মলয়স্থলীষু || ৬-৬৪||
এই ৰাজন নীলা পদুম যেন শ্যাম ৰঙৰ
উজ্জল অগ্নিবৰণৰ তোমাৰ সুন্দৰ শৰীৰ
ডাৱৰ আৰু বিজুলীয়ে ইজনে সিজনৰ বঢ়োৱাৰ দৰে ৰহন
তোমালোকৰ মিলনেও কৰিব পৰস্পৰৰ শোভাবৰ্ধন ।
ইন্দীবৰশ্যামতনুর্নৃপোঽসৌ তৎবং ৰোচনাগৌৰশৰীৰয়ষ্টিঃ |
অন্যোন্যশোভাপৰিবৃদ্ধয়ে বাং যোগস্তডিত্তোয়দয়োৰিবাস্তু || ৬-৬৫||
দ্বাৰৰক্ষীৰ এই উপদেশ মনে নধৰিল বিদৰ্ভৰ ৰাজকন্যাৰ
বেলি মাৰ গ’লে জাপ যোৱা পদুমত
নোসোমায় যেন জোনৰ কিৰণ ।
স্বসুর্বিদর্ভাধিপতেস্তদীয়ো লেভেঽন্তৰং চেতসি নোপদেশঃ |
দিবাকৰাদর্শনবদ্ধকোশে নক্ষত্রনাথাংশুৰিবাৰবিন্দে || ৬-৬৬||
ৰাতিৰ ৰাজপথত গৈ থকা পোহৰ পাৰ হৈ গ’লে
পথৰ দুকাষে এৰি যোৱা অট্টালিকা যিদৰে অন্ধকাৰ হয়,
যিসকল ৰজাৰ আগেৰে পাৰহৈ গ’ল স্বয়ম্বৰা
ইন্দুমতী
তেওঁলোকৰ মুখো তেনেকৈয়ে বিবৰ্ণ হৈ ৰ’ল ।
সংচাৰিণী দীপশিখেব ৰাত্রৌ যং যং ব্যতীয়ায় পতিংবৰা সা |
নৰেন্দ্রমার্গাট্ট ইব প্রপেদে বিবর্ণভাবং স স ভূমিপালঃ || ৬-৬৭||
ৰাজকুমাৰী সমুখলৈ আহিলত বৰণ কৰিবনে মোক
তাকে ভাবি ৰঘুৰ নন্দন অজৰ মন ব্যাকুল হ’ল
।
সোঁ-বাহুত বন্ধা কেয়ূৰৰ ঘন ঘন স্পন্দনত
মনৰ শংকা পিছে সকলো দূৰ হ’ল ।
তস্যাং ৰঘোঃ সূনুৰুপস্থিতায়াং বৃণীত মাং নেতি সমাকুলোঽভূৎ |
বামেতৰঃ সংশয়মস্য বাহুঃ কেয়ূৰবন্ধোচ্ছ্বসিতৈর্নুনোদ || ৬-৬৮||
সেই সৰ্বাংগসুন্দৰ ক্ষত্ৰিয় ৰাজপুত্ৰৰ কাষত ৰৈ গ’ল
কুমাৰী
ভোমাৰাৰ জাক যেন ফুলি থকা আমগছৰ পৰা নাযায় অন্যলৈ উৰি ।
তং প্রাপ্য সর্বাবয়বানবদ্যং ব্যাবর্ততান্যোপগমাৎকুমাৰী |
ন হি প্রফুল্লং সহকাৰমেত্য বৃক্ষান্তৰং কাঙ্ক্ষতি ষট্পদালী
||
৬-৬৯||
দেখিলে মনেচিতে ডুবিল জোনৰ পোহৰ যেন ইন্দুমতী
সবিস্তাৰে ক’বলৈ আৰম্ভ কৰিলে সুনন্দা
বাকপটীয়সী ।
তস্মিন্সমাবেশিতচিত্তবৃত্তিমিন্দুপ্রভামিন্দুমতীমবেক্ষ্য |
প্রচক্রমে বক্তুমনুক্রমজ্ঞা সবিস্তৰং বাক্যমিদং সুনন্দা || ৬-৭০||
ইক্ষ্বাকু বংশত জন্ম হৈছিল ককুৎস্থ নামৰ সৰ্বোত্তম ৰাজন
ৰজাবৰ্গৰ মাজত নাছিল এনে উচ্চ আৰু চক্ৰৱৰ্তী লক্ষণ
তেওঁৰ নামেৰেই পৰৱৰ্তী কোশল ৰাজন্যৰ হ’ল
ককুৎস্থ নাম ।
ইক্ষ্বাকুবংশ্যঃ ককুদং নৃপাণাং ককুৎস্থ ইত্যাহিতলক্ষণোঽভূৎ
|
কাকুৎস্থশব্দং যত উন্নতেচ্ছাঃ শ্লাঘ্যং
দধত্যুত্তৰকোসলেন্দ্রাঃ || ৬-৭১||
যুঁজত ইন্দ্ৰৰ বৃষভ ৰূপত আৰোহন কৰি শিৱৰ ভংগীৰে কৰে
বাণবৰ্ষণ
চকুৰ পানীয়ে তিয়াই গাল অসুৰ-ৰমণীৰ ধুই নিয়ে পত্ৰলেখা।
মহেন্দ্রমাস্থায় মহোক্ষৰূপং যঃ সংযতি প্রাপ্তপিনাকিলীলঃ |
চকাৰ বাণৈৰসুৰাঙ্গনানাং গণ্ডস্থলীঃ প্রোষিতপত্রলেখাঃ || ৬-৭২||
ঐৰাৱতৰ আস্ফালনত আৰোহী দুয়োৰে বাহু ঘঁহনি খাই বিচ্যুত হয়
কেয়ূৰ
দেৱৰাজ সৰগৰ সিংহাসনত থাকিলেও আসনৰ আধা ককুৎস্থৰ ।
ঐৰাবতস্ফালনবিশ্লথং যঃ সংঘট্টয়ন্নঙ্গদমঙ্গদেন |
উপেয়ুষঃ স্বামপি মূর্তিমগ্র্যামর্ধাসনং গোত্রভিদোঽধিতষ্ঠৌ || ৬-৭৩||
কুলৰ প্ৰদীপ কীৰ্তিমান ৰজা দিলীপৰ তেওঁৰ বংশতে জন্ম
নিৰান্নবৈটি অশ্বমেধ কৰি ইন্দ্ৰৰ ঈৰ্ষাত সামৰিছিল শততম
যজ্ঞ ।
জাতঃ কুলে তস্য কিলোৰুকীর্তিঃ কুলপ্রদীপো নৃপতির্দিলীপঃ |
অতিষ্ঠদেকোনশতক্রতুৎবে শক্রাভ্যসূয়াবিনিবৃত্তয়ে যঃ || ৬-৭৪||
তেওঁ যেতিয়া কৰিছিল পৃথিৱী শাসন
নৰ্ত্তকী কামিনীয়ে যদি কৰে ৰাজপথতে শয়ন
বস্ত্ৰ উৰুওৱাৰ সাহো নকৰিছিল বতাহে
কোনোবাই হাত লগোৱাৰ কথা বহু দূৰৰে ।
যস্মিন্মহীং শাসতি বাণিনীনাং নিদ্রাং বিহাৰার্ধপথে গতানাম্
|
বাতোঽপি নাস্রংসয়দংশুকানি কো লম্বয়েদাহৰণায় হস্তম্ || ৬-৭৫||
তেওঁৰে পুত্ৰ ৰঘুৱে এতিয়া কৰিছে দেশ শাসন
বিশ্বজিৎ নামে যজ্ঞ কৰিছে সমাপন ।
দানত বিলালে চাৰিও দিশৰ পৰা জয় কৰা ধন
হাতত আছেগৈ মাটিৰ পাত্ৰ মাথোন ।
পুত্রো ৰঘুস্তস্য পদং প্রশাস্তি মহাক্রতোর্বিশ্বজিতঃ
প্রয়োক্তা |
চতুর্দিগাবর্জিতসংভৃতাং যো মৃৎপাত্রশেষামকৰোদ্বিভূতিম্ || ৬-৭৬||
তেওঁৰ খ্যাতি পৃথিৱীৰ সীমা পাৰ কৰি লংঘিছে চূড়া পাহাৰৰ
সাগৰ পাৰ হৈ পাতাল ভেদি চুইছে বাসস্থান নাগলোকৰ ।
দেৱলোক পৰ্যন্ত বিস্তৃতি যাৰ সাধ্য নাই বৰ্ণনা দিয়াৰ ।
আৰূঢমদ্রীনুদধীন্বিতীর্ণং ভুজংগমানাং বসতিং প্রবিষ্টম্ |
ঊর্ধ্বং গতং যস্য ন চানুবন্ধি যশঃ পৰিচ্ছেত্তুমিয়ত্তয়ালম্ || ৬-৭৭||
দেৱৰাজ ইন্দ্ৰৰ পুত্ৰ যেনেকৈ জয়ন্ত তেনেকৈ ৰঘুৰ পুত্ৰ এই
অজ
পিতাৰ দৰেই পৃথিৱীৰ গুৰুভাৰ বহন কৰাত দক্ষ ।
যিদৰে ষাঁড়ৰ দৰেই যুঁৱলি টানিবলৈ শিকে গোবৎস ।
অসৌ কুমাৰস্তমজোঽনুজাতস্ত্রিবিষ্টপস্যেব পতিং জয়ন্তঃ |
গুর্বীং ধুৰং যো জগতস্য পিত্রা ধুর্যেণ দম্যঃ সদৃশং
বিভর্তি ||
৬-৭৮||
তোমাৰ সৈতে ভালকৈ মিলে
ৰূপে গুণে বংশ-মৰ্যাদাই তাৰুণ্য বিনয়ে
ৰত্নৰ সৈতে হওক কাঞ্চন সংযোগ বৰণ কৰা এওঁকে ।
কুলেন কান্ত্যা বয়সা নবেন গুণৈশ্চ তৈস্তৈর্বিনয়প্রধানৈঃ |
তৎবমাত্মনস্তুল্যমমুং বৃণীষ্ব ৰত্নং সমাগচ্ছতু কাঞ্চনেন || ৬-৭৯||
যেতিয়া সুনন্দাৰ কথা হ’ল অৱসান
লাজ কাটিকৈ থৈ ৰাজকুমাৰীয়ে কৰিলে সুখদৃষ্টি
তেওঁৰ হৃদয়ৰ বৰণমালা সেয়াই যেন।
ততঃ সুনন্দাবচনাবসানে লজ্জাং তনূকৃত্য নৰেন্দ্রকন্যা |
দৃষ্ট্যা প্রসাদামলয়া কুমাৰং প্রত্যগ্রহীৎসংবৰণস্রজেব || ৬-৮০||
কুঞ্চিত কেশৰ সুন্দৰীয়ে শালীনতাৰ বাধাত
ফুটাই ক’ব নোৱাৰিলে মনৰ অভিলাষ
সেই কথা ব্যক্ত হ’ল ৰোমাঞ্চিত শৰীৰৰ ভাষাত।
সা যূনি তস্মিন্নভিলাষবন্ধং শশাক শালীনতয়া ন বক্তুম্ |
ৰোমাঞ্চলক্ষ্যেণ স গাত্রয়ষ্টিং ভিত্ত্বা
নিৰাক্রামদৰালকেশ্যাঃ || ৬-৮১||
সখীক পুলকিত দেখি পৰিহাস কৰি ক’লে
বেত্ৰধাৰিণী সখী
হে আৰ্যা,তেন্তে আগবাঢ়ো ব’লা আমি
ৰাজকুমাৰীৰ চকুত ফুটিল সখীলৈ কৃত্ৰিম খঙৰ ভ্ৰূকুটি ।
তথাগতায়াং পৰিহাসপূর্বং সখ্যাং সখী বেত্রভৃদাবভাষে |
আর্যে ব্রজামোঽন্যত ইত্যথৈনাং বধূৰসূয়াকুটিলং দদর্শ || ৬-৮২||
বগা মালাধাৰি যেন শৰীৰধাৰী প্ৰেম ৰক্তিম মংগল সেন্দূৰত
ধাত্ৰীৰ হাতৰ পৰা লৈ লাহি হাতেৰে পিন্ধালে ৰঘুনন্দনৰ কণ্ঠত
।
সা চূর্ণগৌৰং ৰঘুনন্দনস্য ধাত্রীকৰাভ্যাং কৰভোপমোৰূঃ |
আসঞ্জয়ামাস যথাপ্রদেশং কণ্ঠে গুণং মূর্তমিবানুৰাগম্ || ৬-৮৩||
তেওঁ দেখিলে বিশাল বক্ষত দুলি আছে মংগল পুষ্পৰ বৰমালা
এনে অনুভৱ হ’ল যেন কণ্ঠালিংগন কৰিছে
বিদৰ্ভৰ ৰাজকন্যা।
তয়া স্রজা মঙ্গলপুষ্পময়্যা বিশালবক্ষঃস্থললম্বয়া সঃ |
অমংস্ত কণ্ঠার্পিতবাহুপাশাং বিদর্ভৰাজাবৰজাং বৰেণ্যঃ || ৬-৮৪||
জোনৰ সৈতে মিলিত হৈছে জোনাক
জাহ্নৱী গৈ পৰিছেগৈ যোগ্য সমুদ্ৰত ।
এনে বহু কথা আনন্দিত নগৰবাসীয়ে ক’লে
অতি শ্ৰবণকটু প্ৰত্যাখ্যিত ৰজাসকলৰ বাবে ।
শশিনমুপগতেয়ং কৌমুদী মেঘমুক্তং
জলনিধিমনুৰূপং জহ্নুকন্যাবতীর্ণা |
ইতি সমগুণয়োগপ্রীতয়স্তত্র পৌৰাঃ
শ্রবণকটু নৃপাণামেকবাক্যং বিবব্রুঃ || ৬-৮৫||
প্রমুদিতবৰপক্ষমেকতস্তৎক্ষিতিপতিমণ্ডলমন্যতো বিতানম্ |
উষসি সৰ ইব প্রফুল্লপদ্মং কুমুদবনপ্রতিপন্ননিদ্রমাসীৎ || ৬-৮৬||
এফালে আনন্দত মতলীয়া বৰপক্ষ
যেন পুৱা ফুলি উঠা সৰোবৰৰ পদুম
আনফালে উদাস ৰজামণ্ডলী
যেন পাহি জাপযোৱা নিষ্প্ৰভ ভেঁটফুল ।
(কালিদাসৰ
ৰঘুবংশ মহাকাব্যৰ ষষ্ঠ অধ্যায় সমাপ্ত ||)