অনুবাদ - কৌস্তুভমণি শইকীয়া দত্ত
(পঞ্চম অধ্যায়)
বিশ্বজিৎ যজ্ঞৰ দান দক্ষিণাত হ’ল
শূন্য ৰাজকোষ
সেই সময়তে শিক্ষা কৰিলে সমাপ্ত বৰতন্তু মুনিৰ শিষ্য কৌৎস
গুৰুদক্ষিণা দিবলৈ গুৰুক ৰঘুৰ ওচৰলৈ আহিল বিচাৰি সাহায্য ।
তমধ্বৰে বিশ্বজিতি ক্ষিতীশং নিঃশেষবিশ্রাণিতকোশজাতম্ |
উৎপাতবিদ্যো গুৰুদক্ষিণার্থী কৌৎসঃ প্রপেদে বৰতন্তুশিষ্যঃ || ৫-১||
নিৰ্মল চৰিত্ৰৰ যশোবন্ত ৰঘুৰ নাছিল সোণৰ পাত্ৰ
অতিথিৰ অভ্যৰ্থনা কৰিলে মাটিৰ পাত্ৰত লৈ অৰ্ঘ্য।
স মৃণ্ময়ে বীতহিৰণ্ময়ৎবাৎপাত্রে নিধায়ার্ঘ্যমনর্ঘশীলঃ |
শ্রুতপ্রকাশং যশসা প্রকাশঃ প্রত্যুজ্জগামাতিথিমাতিথেয়ঃ || ৫-২||
সন্মান যাৰ সম্পদ সেই নীতিজ্ঞ ৰজাই বহিবলৈ দি কুশাসন
যথাবিধি অৰ্চনা কৰি কৰযোৰে কৌৎসক বুলিলে বচন ।
তমর্চয়িৎবা বিধিবদ্বিধিজ্ঞস্তপোধনং মানধনাগ্রয়ায়ী |
বিশাংপতির্বিষ্টৰভাজমাৰাৎকৃতাঞ্জলিঃ কৃত্যবিদিত্যুবাচ || ৫-৩||
হে কুশাগ্ৰবুদ্ধ! মন্ত্ৰজ্ঞানী ঋষিৰ অগ্ৰণী আপোনাৰ গুৰু
সূৰ্যৰ পৰা জগত জাগ্ৰত হোৱাৰ দৰে
আপুনিও তেওঁৰ পৰা লাভ কৰিছে অগাঢ় জ্ঞান
আছেনে আপোনাৰ গুৰু কুশলে ।
অপ্যগ্রণীর্মন্ত্রকৃতামৃষীণাং কুশাগ্রবুদ্ধে কুশলী
গুৰুস্তে |
যতস্ত্বয়া জ্ঞানমশেষমাপ্তং লোকেন চৈতন্যমিবোষ্ণৰশ্মেঃ || ৫-৪||
কায়মনেবাক্যে কৰিছে তেওঁ যি ইন্দ্ৰৰ আশংকাৰ কাৰণ তপস্যা
সেই ত্ৰিগুণ তপত হোৱা নাইতো কোনো বিঘিনি বা সমস্যা ।
কায়েন বাচা মনসাওই শশ্বদ্যৎসংভৃতং বাসবধৈর্যলোপি |
আপাদ্যতে ন ব্যয়মন্তৰায়ৈঃ কচ্চিন্মহর্ষেস্ত্রিবিধং তপস্তৎ || ৫-৫||
আপোনাৰ আশ্ৰমৰ তৰুবন পালনত যেন আপোন সন্তান
যাৰ যত্ন নানা প্ৰকাৰৰ
আৰু চৌপাশে দিয়ে জলাধাৰ বন্ধন
প্ৰবল বতাহ বা অন্য উপদ্ৰৱত হোৱা নাইতো কোনো ক্ষতি
কুশলে আছেনে সেই শ্ৰান্তি-নাশক বৃক্ষ-গুল্মগণ ?
আধাৰবন্ধপ্রমুখৈঃ প্রয়ত্নৈঃ সংবর্ধিতানাং সুতনির্বিশেষম্ |
কচ্চিন্ন বায়্বাদিৰুপপ্লবো বঃ শ্রমচ্ছিদামাশ্রমপাদপানাম্ || ৫-৬||
কুশলে আছেনে নৱজাতক হৰিণাৰ পোৱালিবোৰ
তপস্বীসকলৰ শয্যাতেই জন্মৰ নাভি সৰে যাৰ
যজ্ঞৰ বাবে আনি থোৱা তৃণত মুখ দিলেও
মৰমতে বাধা নিদিয়ে কোনেও ।
ক্রিয়ানিমিত্তেশ্বপি বৎসলৎবাদভগ্নকামা মুনিভিঃ কুশেষু |
তদঙ্কশয়্যাচ্যুতনাভিনালা কচ্চিন্মৃগীণামনঘা প্রসূতিঃ || ৫-৭||
যি তীৰ্থৰ পানীত আপোনালোকে নিয়মিত স্নান কৰে
আৰু কৰে পিতৃ-পুৰুষৰ তৰ্পণ আদি
যাৰ বালিচঁহীয়া উপকুলৰ শস্যৰ ছভাগৰ এভাগ কৰদান কৰে
সেই নৈখনি আছে নে
কুশলে ?
নির্বত্যতে যৈর্নিয়মাভিষেকো যেভ্যো নিবাপাঞ্জলয়ঃ পিৎৠণাম্ |
তান্যুঞ্ছষষ্ঠাঙ্কিতসৈকতানি শিবানি বস্তীর্থজলানি কচ্চিৎ || ৫-৮||
অতিথিৰ বাবে সঞ্চয় কৰে যি বনৰীয়া ধান
নিজৰো পেট প্ৰবৰ্তনৰ যি অৱলম্বন
গাঁৱৰ উদঙীয়া পশুৱে আহি কৰিছে নেকি উছন?
নীবাৰপাকাদি কডংগৰীয়ৈৰামৃশ্যতে জানপদৈর্ন কচ্চিৎ |
কালোপপন্নাতিথিকল্প্যভাগং বন্যং শৰীৰস্থিতিসাধনং বঃ || ৫-৯||
আপোনাৰ গুৰু মহৰ্ষিয়ে শিক্ষাদানৰ অন্তত
গৃহস্থাশ্ৰমত প্ৰৱেশ কৰিবলৈ কৰিছেনে অনুমতি প্ৰদান
এয়াইতো সময় গৃহস্থী হৈ কৰিবলৈ সকলো উপকাৰ সাধন ।
অপি প্রসন্নেন মহর্ষিণাৎবং সম্যগ্বিনীয়ানুমতো গৃহায় |
কালো হ্যয়ং সংক্রমিতুং দ্বিতীয়ং সর্বোপকাৰক্ষমমাশ্রমং তে || ৫-১০||
আপুনি সাক্ষাৎ আহি উপস্থিত হোৱাটো সৌভাগ্য
পিছে আপোনাৰ আদেশ পালনতহে মন হ’ব
তৃপ্ত
কৃতাৰ্থ কৰিলে আহি
কি কাৰণত
স্ব-উদ্দেশ্যত বা গুৰুৰ আদেশত ?
তবার্হতো নাভিগমেন তৃপ্তং মনো নিয়োগক্রিয়য়োৎসুকং মে |
অপ্যাজ্ঞয়া শাসিতুৰাত্মনা বা প্রাপ্তোঽসি সংভাবয়িতুং
বনান্মাম্ || ৫-১১||
অৰ্ঘ্যৰ পাত্ৰ মাটিৰ দেখি বুজিলে বৰতন্তু মুনিৰ শিষ্যই
সৰ্বস্ব দান কৰি উদাৰ ৰঘু হ’ল নিঃস্ব ।
জানিলে নিজৰ উদ্দেশ্য সিদ্ধিৰ আশা ক্ষীণ
কৌৎসই ৰাজনক বুলিলে মধুৰ বচন ।
ইত্যর্ঘ্যপাত্রানুমিতব্যয়স্য ৰঘোৰুদাৰামপি গাং নিশম্য |
স্বার্থোপপত্তিং প্রতি দুর্বলাশস্তমিত্যবোচদ্বৰতন্তুশিষ্যঃ
||
৫-১২||
হে নাথ ! হে ৰাজন !
আমাৰ সকলোৰে
কুশল-মংগল
আপুনি ৰক্ষাকৰ্তা থাকোঁতে প্ৰজাৰ কিদৰে হ’ব
অমংগল
আন্ধাৰ নহয় কাৰো চকুৰ দৃষ্টি সূৰুযে বিলালে পোহৰ ।
সর্বত্র নো
বার্তমবেহি ৰাজন্নাথে কুতস্ত্বয়্যশুভং প্রজানাম্ |
সূর্যে তপত্যাবৰণায় দৃষ্টেঃ কল্পেত লোকস্য কথং তমিস্রা || ৫-১৩||
হে মহাভাগ ! আপোনাৰ কুলৰে ধৰ্ম মাননীয়ৰ প্ৰতি ভক্তি
তথাপি অতিক্ৰম কৰিলে সকলো পূৰ্বপুৰুষক আপুনি ।
মোৰ দুখৰ বিষয় এটাই তথাপি
অসময়ত আহি হ’লোঁহি আপোনাৰ সাহায্য প্ৰাৰ্থী ।
ভক্তিঃ প্রতীক্ষ্যেষু কুলোচিতা তে পূর্বান্মহাভাগ
তয়াতিশেষে |
ব্যতীতকালস্ত্বহমভ্যুপেতস্ত্বামর্থিভাবাদিতি মে বিষাদঃ || ৫-১৪||
হে নৰেন্দ্ৰ! সজপাত্ৰত সৰ্বস্ব দান কৰি কেৱল আপোনাৰ শৰীৰ
আছে বাচি
অৰণ্যবাসীয়ে বনজ ধান দাই নিয়াৰ পাছত থিয় দি থকা নৰাৰ দৰে
ৰিক্ত আপুনি ।
শৰীৰমাত্রেণ নৰেন্দ্র তিষ্ঠন্নাভাসি
তীর্থপ্রতিপাদিতর্দ্ধিঃ |
আৰণ্যকোপাত্তফলপ্রসূতিঃ স্তম্বেন নীবাৰ ইবাবশিষ্টঃ || ৫-১৫||
একচ্ছত্ৰী সম্ৰাট হৈও
আপুনি যজ্ঞ-দানেৰে হৈছে নিঃস্ব
সেয়া অতি সমুচিত কথা ।
দেৱতাই পৰ্যায়ক্ৰমে কৰা পানৰ ফলত
ক্ষয় হোৱাৰ দৰে কৃষ্ণপক্ষৰ চন্দ্ৰকলা
বৃদ্ধিতকৈও গৌৰৱৰ কথা ।
স্থানে ভবানেকনৰাধিপঃ সন্নকিংচনৎবং মখজং ব্যনক্তি |
পর্যায়পীতস্য সুৰৈর্হিমাংশোঃ কলাক্ষয়ঃ শ্লাঘ্যতৰো হি
বৃদ্ধেঃ ||
৫-১৬||
আপোনাৰ সৰ্বসুমংগল হওক হে ৰাজন
মই আন ঠাইলৈ যাওঁ সাহায্য বিচাৰি,
তাৰ বাহিৰে মোৰ কোনো নাই কোনো উপায়
শৰতৰ জলহীন মেঘক চাতকেও নিবিচাৰে পানী ।
তদন্যতস্তাবদনন্যকার্যো গুর্বর্থমাহর্তুমহং যতিষ্যে |
স্বস্ত্যস্তু তে নির্গলিতাম্বুগর্ভং শৰদ্ঘনং নার্দতি
চাতকোঽপি || ৫-১৭||
এইবুলি মহৰ্ষিৰ শিষ্য যাবলৈ হ’ল
উদ্যত
গমনত বাধা দি ৰঘুৱে কৌৎসক কৰিলে প্ৰশ্ন
হে বিদ্বান! অনুগ্ৰহ কৰি জনাওক মোক
কি দ্ৰব্য কিমান বিচাৰে গুৰুৱে গুৰুদক্ষিণাত ?
এতাবদুক্ত্বা প্রতিয়াতুকামং শিষ্যং মহর্ষের্নৃপতির্নিষিধ্য
|
কিং বস্তু বিদ্বন্গুৰবে প্রদেয়ং তৎবয়া কিয়দ্বেতি
তমন্বয়ুঙ্ক্ত || ৫-১৮|
তাৰ পাছত ৰজাক জনালে
বিচক্ষণ কৌৎস-ব্ৰহ্মচাৰী
শুনা যথাবিধি যজ্ঞকাৰী গৰ্বশূন্য ৰক্ষক ৰঘু বৰ্ণাশ্ৰমী ।
ততো যথাবদ্বিহিতাধ্বৰায় তস্মৈ স্ময়াবেশবিবর্জিতায় |
বর্ণাশ্রমাণাং গুৰবে স বর্ণী বিচক্ষণঃ প্রস্তুতমাচচক্ষে || ৫-১৯||
মই সুধিলোঁ মহৰ্ষি গুৰুক বিদ্যাৰ সমাপ্তিত,
কি দিম গুৰু-দক্ষিণা ।
গুৰুৱে জনালে তেওঁ অতিকে সুখী
লাভ কৰি মোৰ সুদীৰ্ঘ আৰু প্ৰগাঢ় গুৰুভক্তি ।
সমাপ্তবিদ্যেন ময়া মহর্ষির্বিজ্ঞাপিতোঽভূদ্গুৰুদক্ষিণায়ৈ |
স মে চিৰায়াস্খলিতোপচাৰাং তাং ভক্তিমেবাগণয়ৎপুৰস্তাৎ || ৫-২০||
তথাপি মই গুৰুক সুধিলোঁ কি দি হ’ম
গুৰুঋণমুক্ত
মোৰ দীনতা জানিও গুৰুৱে খুজিলে চৌধকোটি স্বৰ্ণমুদ্ৰা
হৈ মোৰ বাৰম্বাৰ প্ৰশ্নত বিৰক্ত ।
নির্বন্ধসংজাতৰুষার্থকার্শ্যমচিন্তয়িৎবা গুৰুণাহমুক্তঃ |
বিত্তস্য বিদ্যাপৰিসংখ্যয়া মে কোটীশ্চতস্রো দশ চাহৰেতি || ৫-২১||
আপোনাৰ পূজাৰ পাত্ৰ দেখিয়ে বুজিছোঁ
প্ৰভু আপুনি এতিয়া নামত মাত্ৰ ৰজা ।
মনৰ উৎসাহ মোৰ মনতে মাৰ গ’ল
কিদৰে বিচাৰোঁ ইমান গুৰুদক্ষিণা ।
সোঽহং সপর্যাবিধিভাজনেন মৎবা ভবন্তং প্রভুশব্দশেষম্ |
অভ্যুৎসহে সংপ্রতি নোপৰোদ্ধুমল্পেতৰৎবাচ্ছ্রৰুতনিষ্ক্রয়স্য
||
৫-২২||
এনেদৰেই সকলো জনালে বেদজ্ঞ শিৰোমণি ব্ৰাহ্মণে
শুনি পুনৰ কৌৎসক ক’লে চন্দ্ৰকান্তি
জিতেন্দ্ৰিয় ৰাজনে ।
ইত্থং দ্বিজেন দ্বিজৰাজকান্তিৰাবেদিতো বেদবিদাং বৰেণ |
এনোনিবৃত্তেন্দ্রিয়বৃত্তিৰেনং জগাদ ভূয়ো জগদেকনাথঃ || ৫-২৩||
বেদজ্ঞ কোনো ব্ৰাহ্মণ আহি ৰঘুৰ সহায় বিচাৰি ঘূৰি যাব
প্ৰথম বাৰলৈ হ’ব এনে অপযশ যে অন্য দাতাৰ
ওচৰ চাপিব।
গুর্বর্থমর্থী শ্রুতপাৰদৃশ্বা ৰঘোঃ সকাশাদনবাপ্য কামম্ |
গতো বদান্যান্তৰমিত্যয়ং মে মা ভূৎপৰীবাদনবাবতাৰ || ৫-২৪||
সেয়ে হে বৰেণ্য! আপুনি জিৰাওক মোৰ যজ্ঞগৃহত চতুৰ্থ অগ্নিৰ
দৰে
মই পূৰণ কৰিম আপোনাৰ প্ৰয়োজন মাথোঁ দুই-তিনিদিনতে ।
স তৎবং প্রশস্তে মহিতে মদীয়ে
বসংশ্চতুর্থোঽগ্নিৰিবাগ্নিগাৰে |
দ্বিত্রাণ্যহান্যর্হসি সোঢুমর্হন্ যাবদ্যতে সাধয়িতুং
তৎবদর্থম্ || ৫-২৫||
ৰঘুৰ বচন প্ৰতিজ্ঞাসদৃশ জানি কৌৎস থাকিল সন্তোষ মনে
দিগ্বিজয়ত পৃথিৱী
ধনশূন্য হ’ল জানি ৰঘু গ’ল কুবেৰৰ কাষলে ।
তথেতি তস্যাবিতথং প্রতীতঃ প্রত্যগ্রহীৎসংগৰমগ্রজন্মা |
গামাত্তসাৰাং ৰঘুৰপ্যবেক্ষ্য নিষ্ক্রষ্টুমর্থং চকমে
কুবেৰাৎ ||
৫-২৬||
বশিষ্টৰ মন্ত্ৰপূত পানী ছটিওৱা ৰঘুৰ ৰথ
অপ্ৰতিহত আকাশ, সাগৰ আৰু পৰ্বতত
বতাহে উৰুৱাই নিয়া মেঘৰ দৰে দ্ৰুত ।
বসিষ্ঠমন্ত্রোক্ষণজাৎপ্রভাবাদুদন্বদাকাশমহীধৰেষু |
মৰুৎসখস্যেব বলাহকস্য গতির্বিজঘ্নে ন হি তদ্রথস্য || ৫-২৭||
কৈলাসনাথ কুবেৰক সামন্তমিত্ৰ বুলি ভাবি
জয় কৰাৰ কথা নাভাবিলে ৰঘুৱে বাহুবলেৰে
আন্ধাৰ হ’লত শয়ন কৰিলে অস্ত্ৰসজ্জিত ৰথতে
প্ৰশান্ত মনে ।
অথাধিশিশ্যে প্রয়তঃ প্রদোষে ৰথং ৰঘুঃ কল্পিতশস্ত্রগর্ভম্ |
সামন্তসংভাবনয়ৈব ধীৰঃ কৈলাসনাথং তৰসা জিগীষুঃ || ৫-২৮||
পুৱাই উঠি যুদ্ধ অভিমুখী হ’ব খোজোঁতেই
দিলেহি আচৰিত খবৰ ধনৰ ভঁৰালৰ ৰখীয়াই
আকাশৰ পৰা ধনৰ ভঁৰালত হৈছে সোণৰ বৃষ্টি ।
প্রাতঃ প্রয়াণাভিমুখায় তস্মৈ সবিস্ময়াঃ কোষগৃহে নিয়ুক্তাঃ |
হিৰণ্ময়ীং কোষগৃহস্য মধ্যে বৃষ্টিং শশংসুঃ পতিতাং নভস্তঃ || ৫-২৯||
যাৰ বিৰুদ্ধে কৰিছিল ধন বিচাৰি অভিযান
সেই কুবেৰে দান কৰিলে অজস্ৰ সোণ
বজ্ৰাঘাতত ছিটিকি পৰা সুমেৰু সমান ।
সেই উজ্জ্বল স্বৰ্ণৰাশি ৰঘুৱে কৌৎসক কৰিলে প্ৰদান ।
স ভূপতির্ভাসুৰহেমৰাশিং লব্ধং কুবেৰাদভিয়াস্যমানাৎ |
দিদেশ কৌৎসায় সমস্তমেব পাদং সুমেৰোৰিব বজ্রভিন্নম্ || ৫-৩০||
দানৰ বাবে ইচ্ছুক ৰঘু সকলো সম্পদ কুবেৰপ্ৰদত্ত
গুৰুৱে বিচৰা দক্ষিণাতকৈ অধিক ল’বলৈ
অনিচ্ছুক কৌৎস ।
অভিনন্দন জনালে সাকেতবাসীয়ে দেখি দুয়োৰে মহত্ত্ব ।
জনস্য সাকেতনিবাসিনস্তৌ দ্বাবপ্যভূতানভিনন্দ্যসত্ত্বৌ |
গুৰুপ্রদেয়াধিকনিঃস্পৃহোঽর্থী নৃপোঽর্থিকামাদধিকপ্রদশ্চ || ৫-৩১||
সকলো স্বৰ্ণ বোজাই শত উট আৰু ঘোঁৰাত
প্ৰণাম জনালে প্ৰজাৰঞ্জক ৰঘুৱে আনন্দিত কৌৎসক ।
হাত দাঙি বিদ্বান কৌৎসই কৰিলে আশীৰ্বাদ ।
অথোষ্ট্রবামীশতবাহিতার্থং প্রজেশ্বৰং প্রীতমনা মহর্ষিঃ |
স্পৃশন্কৰেণানতপূর্বকায়ং সংপ্রস্থিতো বাচমুবাচ কৌৎসঃ || ৫-৩২||
আচৰিত নহয় যে যি ৰজাই নিষ্ঠাৰে চতুৰ্বিধ প্ৰজাপালন কৰে
তেওঁক পৃথিৱীয়ে কামধেনুৰ দৰে সকলো দিয়ে ।
কিন্তু আপোনাৰ প্ৰভাৱ ইমান চিন্তাৰে চুব নোৱাৰি
আকাশৰ পৰাও আনিলে সকলো প্ৰয়োজন দোহন কৰি ।
কিমত্র চিত্রং যদি কামসূর্ভূর্বৃত্তে স্থিতস্যাধিপতেঃ
প্রজানাম্ |
অচিন্তনীয়স্তু তব প্রভাবো মনীষিতং দ্যৌৰপি যেন দুগ্ধা || ৫-৩৩||
সকলো মংগল আপোনাৰ লগত আছে বাস কৰি
সেয়ে যিকোনো আশীৰ্ৱাদ মাথোন হ’ব
পুনৰুক্তি।
তথাপি কৰিছোঁ আপোনাক আশীৰ্ৱাদ
নিজৰ গুণৰ অনুৰূপ এটি পুত্ৰ কৰক লাভ
আপোনাৰ পিতৃয়ে যিদৰে লাভ কৰিছিল বৰেণ্য আপোনাক ।
আশাস্যমন্যৎপুনৰুক্তভূতং শ্রেয়াংসি সর্বাণ্যধিজগ্মুষস্তে |
পুত্রং লভস্বাত্মগুণানুৰূপং ভবন্তমীড্যং ভবতঃ পিতেব || ৫-৩৪||
এইদৰে আশীৰ্ৱাদ কৰি ব্ৰাহ্মণ ৰাওনা হ’ল
গুৰুৰ কাষলৈ
সূৰ্যৰ পৰা আলোক ওলোৱাৰ দৰে
পুত্ৰ এটি লাভ কৰিলে অলপ দিনৰ ভিতৰতে আশীৰ্বাদ ক্ৰমে ।
ইত্থং প্রয়ুজ্যাশিষমগ্রজন্মা ৰাজ্ঞে প্রতীয়ায় গুৰোঃ সকাশম্
|
ৰাজাপি লেভে সুতমাশু তস্মাদালোকমর্কাদিব জীবলোকঃ || ৫-৩৫||
ব্ৰাহ্মমুহূৰ্তত ৰাজমহিষীয়ে জন্ম দিলে কাৰ্তিকৰ দৰে সুন্দৰ
পুত্ৰ
ব্ৰহ্মাৰ কৃপাধন্য মুহূৰ্তত জন্মা বাবে ৰঘুৱে নাম থলে অজ ।
ব্রাহ্মে মুহূর্তে কিল তস্য দেবী কুমাৰকল্পং সুষুবে
কুমাৰম্ |
অতঃ পিতা ব্রহ্মণ এব নাম্না তমাত্মজন্মানমজং চকাৰ || ৫-৩৬||
প্ৰদীপ এগছিৰ পৰা জ্বলোৱা প্ৰদীপৰ দৰে সম্পূৰ্ণ একে
তেজোদ্বীপ্ত সুদীৰ্ঘ বীৰ্যবান ৰূপৱান পিতা ৰঘুৰ দৰে ।
ৰূপং তদোজস্বি তদেব বীর্যং তদেব নৈসর্গিকমুন্নতৎবম্ |
ন কাৰণাৎস্বাদ্বিভিদে কুমাৰঃ প্রবর্তিতো দীপ ইব প্রদীপাৎ || ৫-৩৭||
বিধিমতে গুৰুগৃহৰ শিক্ষা সাং কৰি যৌৱনত হ’ল
অতি কান্তিময় ।
ৰাজলক্ষ্মী যদিও আছিল অনুৰাগিনী অজলৈ ,
ধীৰ-স্থিৰ কন্যাই যিদৰে বাট চাই পিতাৰ বিবাহৰ অনুমতিলৈ
অজই সিদৰে অপেক্ষা কৰে পিতাৰ আদেশলৈ ।
উৎপাতবিদ্যং বিধিবদ্গুৰুভ্যস্তং যৌবনোদ্ভেদবিশেষকান্তম্ |
শ্রীঃ সাভিলাষাপি গুৰোৰনুজ্ঞাং ধীৰেব কন্যা পিতুৰাচকাঙ্ক্ষ
||
৫-৩৮||
স্বয়ম্বৰ পাতিলে ভগ্নী ইন্দুমতীৰ বিদৰ্ভৰাজ ভোজে
অজক বিচাৰি সেই স্বয়ম্বৰত ৰঘুলৈ দূত পঠালে ।
অথেশ্বৰেণ ক্রথকৈশিকানাং স্বয়ংবৰার্থং স্বসুৰিন্দুমত্যাঃ |
আপ্তঃ কুমাৰানয়নোৎসুকেন ভোজেন দূতো ৰঘবে বিসৃষ্টঃ || ৫-৩৯||
তেওঁ ভোজৰ সৈতে বৈৱাহিক সম্বন্ধ গৌৰৱান্বিত ভাবিলে
অজক সসৈন্যে বিদৰ্ভৰাজৰ সমৃদ্ধ ৰাজধানীলৈ পঠালে।
তং শ্লাঘ্যসংবন্ধমসৌ বিচিন্ত্য দাৰক্রিয়ায়োগ্যদশশ্চ
পুত্রম্ |
প্রস্থাপয়ামাস সসৈন্যমেনমৃদ্ধাং বিদর্ভাধিপৰাজধানীম্ || ৫-৪০||
ৰাজকীয় শিবিৰসমূহ ৰাজকোঁৱৰৰ যাত্ৰাপথৰ
সমতুল্য আছিল প্ৰমোদ উদ্যানৰ ।
পতা আছিল নগৰৰ পৰা মগোৱা শয্যা সুন্দৰ
গাঁওবাসীয়ে আনিছিল অজলৈ নানান উপহাৰ ।
তস্যোপকার্যাৰচিতোপচাৰা বন্যেতৰা জানপদোপদাভিঃ |
মার্গে নিবাসা মনুজেন্দ্রসূনোর্বভূবুৰুদ্যানবিহাৰকল্পাঃ || ৫-৪১
(ক্ৰমশঃ)