অন্যযুগ/


ৰজাই হুকুম দিছে‍

ৰাজশ্রী ধনদিয়া

গা-ভাৰী দেহাৰে ঘৰখনৰ ইটো-সিটো বন কৰি থকাৰ মাজতে ৰজনীয়ে খবৰবোৰ পাই থাকে। আজি-কালি খবৰ পাবলৈ ৰ’ব লাগেনে কিবা? কথা বুলিলেইচোন বতাহ। তাতে এই হেন জ্বলন্ত অগ্নিপিণ্ডৰ ফিৰিঙতি, আঙঠাই জকাইচুকীয়া গাঁৱকো চুবলৈ এৰা নাই, তেনে স্থলত চহৰৰ পৰা সামান্য নিলগত থকা পাহাৰৰ দাঁতিকাষৰীয়া ৰজনীহঁতৰ গাঁওখন
চৌকাত জ্বলি থকা জুইকুৰা নুমাই যোৱাৰ পাছতো আঙঠাৰ উত্তাপে মিহি মিহিকৈ ঠাইকণ গৰম কৰি ৰাখিছিল। ধোঁৱাবলৈ আৰম্ভ কৰাৰ আগতেই কোনোবাই তাত শুকান পাত এখিলা বা কাগজ এখন পেলাই দিলে। বতাহৰ বা লাগি জুইকুৰা আকৌ দপ্ দপ্‌কৈ‍ জ্বলি উঠিল
    কথাবোৰ যেন তেনেকুৱাহে হৈছে
   ঘটনাবোৰ ভালদৰে মাৰ যাবলৈ নাপায়, ঘটনাবোৰক লৈ চৰ্চাবোৰ ইমুখ-সিমুখ হৈ বাগৰি ফুৰি ভাগৰিবলৈ নাপায়েই, আন কিছুমান ঘটনা ঘটিবলৈ ধৰে, আকৌ চৰ্চা হ’বলৈ ধৰে। পৰুৱাৰ গাঁতটোত গৰম পানী অলপ ঢালি দিলে যিদৰে লমালমে পৰুৱাৰ জাকটো ওলাই আহে, ঠিক তেনেকৈয়ে! তেনেকৈয়ে মানুহবোৰ লানি নিছিগাকৈ যোৱা চাৰি দিন ওলাই আছে, ওলায়ে আছে। ওলাই অহা মানুহবোৰে অ’ত জুম বান্ধে, ত’ত জুম বান্ধে, গৰম খবৰবোৰ ইহাত-সিহাত হয়। কিছুমান গোপন খবৰৰ ভাগ-বাটোৱাৰা হয়, সেইবোৰ খবৰেই ভাগে ভাগে, ঠায়ে ঠায়ে একোটাহঁত ঘটনা কৰেগৈ। সেই ঘটনাবোৰকে লৈ আকৌ চোতালে-চুবুৰিয়ে, আলিয়ে-গলিয়ে গৰম আলোচনা বহে



        যোৱা চাৰিদিন ধৰি চহৰখন উতলি আছে। খাকী পোছাকে তত নোপোৱা হ’ল। সেনাই পিয়াপি দি ফুৰা চহৰখনত য’ত-ত’ত দপ্‌দপাই জুইবোৰ জ্বলিবলৈ ধৰিলে। জুইবোৰ প্ৰথমে লাগিল মানুহৰ মগজু, তাৰ পাছত মনত, বুকুত; তাৰ পাছত সেইবোৰ জুয়ে লেলিহান শিখা মেলি ৰাজপথত বহি ল’লেহি। জলসিঞ্চন বিভাগৰ অফিছটোৰ পৰা ওলাই আহিয়েই বাঁওফালে মূল পথৰ কাষতে বকুল গছ চাৰিজোপা আছিল। ঘৰচিৰিকাৰ জাকটোৱে তাতেই বাহ লৈছিল। পুৱা-গধূলি কিচিৰ্‌-মিচিৰ্‌ কৰি সিহঁতে ঠাইকণ ভৰাই ৰাখিছিল। সিহঁতৰ বাহবোৰ তেনেই উছন হ’ল। বাহ উছন হোৱা চৰাইজাকলৈ কোনেও কেৰেপকে নকৰিলে। বাহৰ পৰা কণী ভাগি ৰাস্তাত পৰিল, চকু মুদা পোৱালিকেইটাই টোপ বিচাৰি চিঁ-চিঁয়াই থাকিল, চৰাইজাকে পাখি কোবাই কোবাই ধপ্‌ধপাই থকাৰ বাদে একো কৰিব নোৱাৰিলে


        গা-ভাৰী দেহাৰে ঘৰখনৰ ইটো-সিটো বন কৰি থকাৰ মাজতে ৰজনীয়ে খবৰবোৰ পাই থাকে। আজি-কালি খবৰ পাবলৈ ৰ’ব লাগেনে কিবা? কথা বুলিলেইচোন বতাহ। তাতে এই হেন জ্বলন্ত অগ্নিপিণ্ডৰ ফিৰিঙতি, আঙঠাই জকাইচুকীয়া গাঁৱকো চুবলৈ এৰা নাই, তেনে স্থলত চহৰৰ পৰা সামান্য নিলগত থকা পাহাৰৰ দাঁতিকাষৰীয়া ৰজনীহঁতৰ গাঁওখন কোন কুটা?  কথাবোৰ দেখি শুনি ৰজনীৰ ভাব হৈছে এইকেইদিন যেন ৰাইজখনৰ গাত জঁউঠিছে, এইটো জঁক চল্লি বছৰ আগতে ৰাইজৰ গাত উঠিছিল। তাইৰ গাত হেনো সেইটো জঁক উঠা নাই। কিয় উঠা নাই বুলি তাইক প্ৰশ্ন কৰি কাষৰ ঘৰৰে দুজনীমানে লেই লেই ছেই ছেই কৰিছে। ৰজনীয়ে কৰে কি! বাহভগা চৰাইজাকৰ নিচিনাই একে অৱস্থা হোৱাৰ ভয় এটাই তাইক এইকেইদিন শুবলৈ দিয়া নাই। চুবুৰিটোৰ বাকীবোৰ মানুহৰ চিন্তা যি ফালে গৈছে, ৰজনীৰ চিন্তায়ো সেই ফালেই যাবলৈ লৈও উভতি নিজৰ হাফ ৱালৰ ঘৰটোলৈকে আহে। ৰাইজখন বিদেশী খেদিবলৈ উঠি পৰি লাগিছে। নিজৰ মাটিত নিজে বহিব, নিজৰ খেতি নিজে কৰিব, নিজৰ ফচলৰ ভাগ আনক নিদিব বুলি দিন ৰাতিৰ ছেদ-ভেদ নোহোৱাকৈ মানুহবোৰে চিঞৰি আছে। ডবা, শংখ, বৰকাঁহ, তাল বজাই সমদল ওলাইছে, হাতে হাতে জোঁৰ লৈ প্ৰতিবাদ হৈছে, তাৰ মাজতে হতাহতি লাগিছে, বঙহে বঙহক দূষিছে, বঙহৰ তেজ-বলে বঙহকেই হাঁহিছে, মুঠৰ ওপৰত সৱতে বেমেজালি হৈছে  দিনৰ দিনটো কাৰ্ফিউৰ হেঁচা, দোকান-বজাৰ এখনো পাবলৈ নাই। জুম বন্ধা মানুহ পালেই উঠাই নিবলৈ ৰজাৰ আদেশ। তথাপি জানো মানুহমখা নোলোৱাকৈ আছে? কিমান গুলী ফুটাব, কিমান পানী হিলৈ মাৰিব? এইবেলি এইজাক মানুহে গুৰু-গোসাঁই নমনা হৈ ওলাই আহিছে। ৰজনীৰ ক্ৰমাৎ ভয় লগা হৈছে। মানুহটো কামৰ জেগাৰ পৰা ঘৰলৈ অহাৰ নাম নোলোৱা হল। হ’লেই যেনিবা বিনোদৰ ৰঙলৈ নিচা, সেইবুলি নিজৰ পো-তিৰোতাক এই হেন জুইৰ মাজত এৰি জানো তেওঁ ৰঙত ডুবি থাকিবগৈ লাগে? কিজানি আন্দোলন কৰা ভিৰৰ মাজত মানুহটোও হেৰাই গ’ল! কিজানি লাঠীৰ কোবত, বন্দুকৰ গুলীত ক’ৰবাত সেহাই সেহাই তেওঁ পৰি আছেগৈ! জলফাই পাত হেন ৰঙৰ কাপোৰ পিন্ধা মানুহবোৰে তেজলৈ কেৰেপ নকৰে বুলি তাই শুনিছে, মানুহ মাৰিবলৈ দুবাৰ নভবা মানুহ সিহঁত। কথাবোৰ ভাবিলে ৰজনীৰ হাত-ভৰি কঁপিবলৈ ধৰে। ওচৰৰ যমুনা, কমলাহঁতে প্ৰতিদিনে দল বান্ধি ওলাই গৈছে। সিহঁতৰ মুনিহ আৰু ল’ৰা-ছোৱালীকেইটাও ভাগে ভাগে ওলাই যোৱা হৈছে। যাব পৰা নাই কেৱল ৰজনী। পেটত থকাটো আৰু ছবছৰীয়া মইনাৰ মুখখনলৈ চাই তাই বুকুত শিল বান্ধি বহি আছে ঘৰত। দহে তাইক দূষিছে, মানুহটোক বদনৰ গোলাম বুলি হাঁহিছে। তাই ভাবি পোৱা নাই কি উত্তৰ দিব। ৰাইজখনৰ এই বিপদৰ সময়ত তাই হেনো মাত নিদিলে আগলৈ নিজৰ ভেঁটি এৰিব লাগিব। তাইৰনো মাতষাৰত ইমান বল নে? ৰজনীয়ে নুবুজে। সেইদিনা ভাতৰ পাতত বিনোদক কথাবোৰ ক’বলৈহে পালে তাই, মানুহটো তেনেই জক্‌জকাই উঠিল, বোলে, “ৰাইজ-ৰজাৰ কথা এপিনে, নিজৰ ভোকৰ চিন্তা আনপিনে। পেটত বাঢ়ি অহাটোৰে সৈতে মইনাক লৈ লঘোণে থাকিলে ৰাইজে দল বান্ধি আহি খুৱাবহি নে তোক? কামৰ সময়ত কাম। গাঁৱৰ খেতি-মাটিৰ ভাগ নামমাত্ৰ। তাৰে এইখন চহৰত বাৰমাহ চলিবলৈ আঁটিব জানো? কিবা এটা কৰি দুপইচা আৰ্জিলে তই হকা-বাধা নকৰিবি ৰজনী! মই মানুহটোৱেহে জানো তহঁতক সুখেৰে ৰখাৰ চিন্তাত কিমান জুৰুলা হওঁ। হাতলৈ অহা কামক নেওচা দিব নাপায়!’’ হওঁতে কথাটো নোহোৱা নহয়। মানুহটোৰ কথাৰ ওপৰত কথা ক’বলৈ ৰজনীৰ মনে নিদিলে। বিনোদে যোৱা এসপ্তাহ আগৰ পৰা নতুন কাম এটাত ধৰিছে। মানুহটো দিনটো ঘৰত নাথাকে, ৰাতিপুৱাই শাকে-পাতে ভাতমুঠি পেটত পেলাই মইনাক স্কুলত থ’বলৈ ওলাই যায়, তাৰ পৰাই বাহিৰে বাহিৰে কামত লাগেগৈ। বিনোদৰ হাতখন বৰ নিপুণ। হাতখনৰ জহতে চহৰলৈ আহিল বুলি ক’ব পাৰি। গাঁৱৰ ঘৰত থাকোঁতে ৰঙৰ নিচা থকা কামত বিনোদ নহ’লেই নহৈছিল। এই বোলে নামঘৰৰ তোৰণখনত নতুন ৰং দিব লগা হৈছে, বিনোদক ৰঙৰ যোগাৰ দিলেই ৰাইজ নিচিন্ত হ’ব পাৰে, বেলেগকৈ ৰং কৰা মানুহ অনাৰ প্ৰয়োজন নাই। জন্মোৎসৱৰ বেলিকা ভাগৱত যাত্ৰাৰ ঠেলাখন গামোচা, ন্দ্ৰাত, চুম্‌কি, বালিছন্দা আৰু তৰহে তৰহে ৰঙৰ সমাহাৰেৰে বিনোদে যিহে চকুত লগাকৈ সাজি উলিয়ায়, মানুহে তবধ নামানি নোৱাৰে। গাঁৱৰ নামঘৰটোত বছৰি হোৱা ভাওনাৰ অসুৰৰ মুখাকেইখন কোনে বনোৱা? বিনোদেহে‍। এবাৰ ৰসেশ্বৰ বাপে ‘নৃসিংহ মুৰাৰি’ ভাওনাখন গাঁৱৰ বৰনামঘৰলৈ আগ কৰিছিল, গাঁৱৰে ডেকা চামক বাপে সুধিলে বোলে, “বাহিৰৰ পৰা ভাওনা দল ননাকৈ তহঁতেই পৰিবি নে?’’ ডেকা চামেও পাৰিম বুলি হয়ভৰ দিলে। কথামতেই পহিলা আঘোণত ভাওনাখন হ’ল। সেইখন ভাওনাত বিনোদে নামঘৰৰ বাকৰিতে নৃসিংহ অৱতাৰৰ যিখনহে মুখা সাজি উলিয়াইছিল, বুঢ়া-মেথাৰো বুকু কঁপি উঠিছিল। আৰু খুঁটাটো? হিৰণ্যকশিপুৰ ৰাজমহলৰ কাৰুকাৰ্যখচিত খুঁটাটো কি চাবা? কুঁহিলা, ডাঠ কাগজ, নাৰিকলৰ বাকলিৰে সাজি উলিওৱা মজবুত জকমক খুঁটাটোত যেতিয়া হিৰণ্যকশিপুৱে গদাৰে কোব দিছিল, তেতিয়া হেনো বহুতেই সেই খুঁটা নাভাগিবই বুলি শংকাও কৰিছিল। কেৱল মুখাই নে? ভাওনাত অভিনয় কৰা শিল্পীৰ মুখতো বিনোদে ৰং লগালেহে হেনো বচনবোৰত গা উঠে! এইবোৰ কথা বিনোদৰ ওপজা গাঁৱত এতিয়াও মুখে মুখে চলে। অখণ্ড ভাগৱতৰ বেলিকা নামঘৰৰ বাকৰিত, মণিকূটৰ সন্মুখত বৈকুণ্ঠভাগ গঢ়িবলৈ আজিও বিনোদ গাঁৱলৈ যাবলগীয়া হয়। সৰুৰে পৰা ৰং আৰু ছবিৰ প্ৰতি দাহ থকা মানুহটোক ৰসেশ্বৰ বাপৰ ডাঙৰজন ল’ৰাৰ লগত কলেজত একেলগে পঢ়া ছবি অঁকা, মূৰ্তি সজা বন্ধুজনেই চহৰলৈ অনালেচহৰৰ সোঁমাজতে থকা তেওঁৰ কাৰখানাটোত বিনোদক তেওঁ নিগাজীকৈ কামত সুমুৱাই ল’লে। তাত কাম কৰি কৰ্মী বিনোদে বৰ ভাল পালে। টকা-পইচা দুই-চাৰিটা গোটাই লৈ পাহাৰৰ কাষৰে মাটিডোখৰত হাফ ৱালৰ ঘৰ এটাত ভাড়াঘৰ তৰিলেহি সি। মালিকৰ ঘৰটো লগতে লাগি আছে। এইবোৰ মাটি পাহাৰৰ দাঁতিত পৰি থকা মাটি, মালিকে কিমান দৰত কিনিছিল, কিনিছিলেই নে বেদখল কৰিছিল তাৰ হিচাপ নাই। মূৰ্তি গঢ়া কাৰখানাটোৰ মূল মানুহজনৰ ঘৰৰ গাড়ী চলোৱা ড্ৰাইভাৰ বিষ্ণুৱে তাক ভাড়াঘৰটোৰ মালিকৰ সৈতে লগ লগাই দিয়া। তেতিয়াৰে পৰা বিনোদে ঘৰ সলোৱা নাই। নিজাকৈ মাটি অকণ ল’বলৈ মন থাকিলেও দৰ-দাম মনে নিমিলাত ৰজনী আৰু মইনাৰ সৈতে এইটো ঘৰতে বছৰ চেৰেক ধৰি আছে। নিজঞ্জাল সংসাৰখন ধৰি ৰাখিছে সি
        এইকেইদিন ৰজনীৰ মানুহটোৰ খাৱন-শোৱনৰ হিচাপ নোহোৱা হৈছে। চুবুৰীয়া দেশখনৰ পৰা ডাঙৰ আলহী আহিব, চহৰৰ মাজ-মজিয়াত থকা ৰজাৰ অট্টালিকা হেন হোটেলত ৰজাঘৰীয়াই ৰাখিব, সেইখন হোটেলৰে দেৱালত ছবি আঁকি ৰং কৰা বিছ-ত্ৰিছটামান মানুহৰ মাজৰে এটা ৰজনীৰ মানুহটো, বিনোদ। এইকেইদিন কামৰ সুযোগতে বিনোদে সেই হেন অট্টালিকাৰ চৌহদত ভৰি দিবলৈ পাইছে। তৰহে তৰহে হেনো ছবি আঁকিছে তাত, ৰং সানিছে। ক’ৰবাত কাজিৰঙাৰ দলনিত গঁড় এজনী পোৱালি দুটাৰ সৈতে, বোকোছাত ডুব যাবলৈ লোৱা ৰঙা বেলিটো লৈ জাৰণি এডৰা, জৰীগছ ডালৰ খোৰোঙত বাহটোৰ পোৱালীকেইটাৰ কাৰণে মুখত টোপ লৈ ধনেশ চৰাই এজনী, এপিনে আকৌ তাঁতৰ শালৰ শিপিনী, আঁহতৰ তলত কেঁচ বছা মুগা-ৰিহা পিন্ধি কঁকাল খামুচীয়া বিহুৱতীৰ নাচোন, কোনোবা পিনে নৈ-পৰীয়া বালিত মুখা, নামঘৰৰ মণিকূট, মেখেলা উজুৱা বাটেদি কামাখ্যাৰ ছবি, জয়দ’ল শিৱদ’ল, শিং জোকাৰি যুঁজিবলৈ উদ্যত হোৱা দুটা নিপোটল ম’হ এইবোৰ ছবিৰ কথা ৰজনীয়ে আৰ-তাৰ মুখত শুনিবলৈ পাইছিল কথাবোৰ শুনি যাওঁতে তাইৰ বুকুখন এক ইঞ্চিমান ফুলি নুঠাও নহয়। ৰং-তুলিকাৰে লেটি লৈ থকা নিজৰ মানুহটোৰ হাতখন যেন তাই দেখা পায়, থাউকতে সেইখন হাতৰ পৰশত সৌৱা মাছৰোকাই থাপ মাৰি ঠোঁটত সুমুৱাই লৈছে মাছ এটা, ক’ৰবাত আকৌ জালোৱাৰ জালৰ আঁৰেদি দেখা পাইছে কমলাবুলীয়া বেলিটো, সেই হাতখনেই যেন তাইক গালে-মুখে বেলিটোৰ ৰংবোৰ সানি দিয়েহি, তাইৰ চাৰিমহীয়া গৰ্ভত হাত ফুৰায় পৰম হেঁপাহেৰে! কথাবোৰ ভাবি তাই চকু মুদি দিয়ে। মাছৰ কণী হেন নৈ  চাপৰিৰ বালিবোৰ ৰঙেৰে দেৱালত অঁকাটো কম কষ্টৰ কাম নে? ছবিবোৰ এৰি, ৰংবোৰ নিলগাই থৈ বিনোদৰ হেনো আহিবলৈকে মন নাযায়। সময় বেছি দিন নায়েই। চৰকাৰী কামবোৰত সময় কম থাকে, তাগিদা বেছি থাকে। কাৰখানাৰ মূল মালিকে বিনোদক ভৰসা কৰে, তেওঁ নথকা সময়ত বিনোদৰ ওপৰত দায়িত্ব বেছি হয়। সেয়েহে কামটো শেষ নোহোৱালৈকে সি তাতে থাকি ল’ব খুজিলে, অহা-যোৱা কৰা মানে খৰচ বেছি, তাতে সময়ো কম। দেশৰো পৰিস্থিতি বেয়া, এই বোলে অসম বন্ধ, এই চকা বন্ধ চলিয়েই আছে। সেয়েহে সাতে-পাঁচে ভাবি-গুণি বিনোদে কাম শেষ নোহোৱালৈকে দিনকেইটা কাৰখানাৰ কাষতে থকা ল’ৰাহঁতৰ খেৰীঘৰ লানিতে কটোৱাৰ কথা চিন্তা কৰিলে। ৰজনীয়েনো আনৰ মুখত আৰু কিমান শুনিব। আনে শলাগি থকা নিজৰ মানুহটোৰ হাতৰ কামবোৰ চাবলৈকে এদিন মইনাক স্কুলৰ পৰা অনাৰ পৰত তাই বিনোদক গৈ কামৰ জেগাতে লগ ধৰিছিলগৈ। পিছে সেইদিনাই শেষ। তাৰ পাছদিনাৰে পৰা খেলি- মেলিবোৰ আৰম্ভ হ’ল। খবৰবোৰ জুই হ’ল, জুইবোৰে সকলো পিনৰ পৰা মানুহবোৰক দহিবলৈ ল’লে


        এইবোৰৰ মাজত ৰজনী এঘৰীয়া হোৱাদি হ’ল


        আগদিনা সন্ধিয়া ঘৰতে আহি চুবুৰি‍ৰে দুটামান ডেকাই ৰজনীক ধমক দি থৈ গ’লহি, বোলে মানুহটোক চৰকাৰী কামৰ পৰা আঁতৰাই আনিব নোৱাৰিলে সিহঁতৰ অৱস্থা বেয়া হ’ব। ৰজনীয়ে সেপ ঢুকিলে। বিনোদে চৰকাৰী চাকৰি নকৰে বুলি সিহঁতক বুজাবলৈ যাওঁতে তাইক সিহঁতে চুই কিলাবলৈহে বাকী থাকিল। বোলে, “চৰকাৰে কৰিবলৈ দিয়া কাম কৰিছে সি, এইটো সময়ত দেশৰ হৈ, দহৰ হকে মাত মাতিব লাগে, গাঁতৰ পৰা ওলাই আহিব লাগে, সি আকৌ বদনৰ গোলামী কৰি দুপইচা আৰ্জি পৰিয়ালৰ লগত ‘এইচ্’ কৰিবলৈ ওলাইছে! ৰজাই চুবুৰীয়া দেশৰ পৰা আলহী আনি ৰাইজৰ তেজ-মাংসৰে উদৰ পূৰাব, আৰু বিনোদহঁতে তাৰ কাৰণে ৰঙা দলিছা পাৰি থৈছে! কথাবোৰ ৰজনীয়ে বিনোদক শোৱাৰ পৰত ক’লে। মবাইলটোৰ সিটো পাৰে সি কিছু সময় তভক মাৰি ৰ’ল। এইবাৰ কথাষাৰ তাৰ গাত লাগিল। নিজৰ কাৰণে নহয়, ৰজনী আৰু মইনাৰ লগতে তাৰ জীৱনলৈ নতুনকৈ আহিবলগীয়া প্ৰাণটোৰ কথা ভাবি সি এইবাৰ গহীন হ’ল। দিন-কাল সঁচাকৈয়ে বেয়া। সি ৰজনীক আশ্বস্ত কৰিলে, মাত্ৰ দুদিনতে কামখিনি শেষ কৰি সিও ঘূৰি আহি ৰাইজৰ সৈতে এক হ’ব। উচিত-অনুচিত বিচাৰ সিও কৰিব জনা হৈছে

        এৰা! ৰজা সাল-সলনি হয়। ৰাইজৰ মনো সলনি হয়। পিছে একেই থাকে বিনোদ-ৰজনীহঁতৰ দৰে মানুহবোৰৰ জীৱন। ৰজনীয়েও মাজে মাজে নভবা নহয়, সিহঁতৰ দৰে মানুহবোৰৰ কাৰণে আহি থকা চাৰি দিন চৌকাত জুই জ্বলে নে নজ্বলে সেইটোহে ঘাই কথা; গাদীত কোন বহে, তাৰ হিচাপ তাই নাৰাখে। কিন্তু এতিয়া হেনো তাই ভুল কৰিছে। তাই হেনো স্বাৰ্থপৰ হৈ গৈছে। কথাবোৰ ভাবি তাই মইনাক কিছু সময়ৰ কাৰণে ঘৰতে দুৱাৰত দাং মাৰি থৈ পাচলি দুটামান কিনিবলৈ ওলাই আহিল। যোৱা দুদিন ধৰি শাক-পাত এটাও নোহোৱা ঘৰখনত কেৱল দাইলত আলু দি তাই আৰু মইনাই ভাতকেইটা খাই আছিল। এতিয়া সেয়াও শেষ হ’ল। ছে‍গ চাই তিনি-আলিৰ পৰা চাউল, দাইল আৰু পাচলি দুটামান আনি নথ’লে আৰু কিমান দিনলৈ পেটত গামোচা বান্ধিবলগীয়া হয় ঠিক নাই। নিজৰ পেটত থকাটিলৈ তাই চিন্তা নকৰিলে কৰিবই বা কোনে? কোৱা শুনিছে, আন্দোলনৰ অচিলা লৈয়ে বজাৰত এমুঠি শাক বিছ টকা দৰত, এপোৱা পিঁয়াজ চল্লিছ টকা দৰত বিক্ৰী হৈছে। ফুকলীয়া ল’ৰা কেইটামানে অবাইছ মাত মাতি ঘাইপথটোতে প্ৰতিবাদৰ যো-জা চলাইছিল। গছৰ কুন্দা এটা মাজবাটত, চাৰিটামান ল’ৰাই ৰবৰৰ টায়াৰ একোটা ঘূৰাই- ঘূৰাই আনি আন এঠাইত পেলাইছে। কিৰীলি-উকিৰে ঠাইটুকুৰা কঁপি আছে। টায়াৰ পোৰাৰ গোন্ধ লাহে লাহে বাঢ়ি আহিল, ধোঁৱাবোৰ বিষাক্ত। তিনি-আলিৰ ঠেক গলিটোতে আনকালে পাচলিৰ বজাৰ বহে। আন্ধাৰে-মুন্ধাৰে দুজন মানুহে কেজিত পঞ্চাছ-ষাঠিকে কথা পাতি থকা দেখি ৰজনী সেইখিনিলৈ আগবাঢ়ি গ’ল


        ইয়াত বাৰু কেনেবাকৈ পাচলি বিকি আছে নেকি? ৰজনীয়ে আন্ধাৰতে জুমি জুমি চালে। নকিয়াৰ আটাইতকৈ কম দামী মবাইলটোৰ টৰ্চৰ পোহৰত বস্তাৰ তলৰ লেৰেলি যোৱা পালেংকেইডাল জিলিকি উঠিল


        বাইদেউ টৰ্চটো বন্ধ কৰক, দি আছোঁ ৰ’ব”, পাচলি বেপাৰীয়ে অধৈৰ্য হৈ ক’লে 
        ৰজনীয়ে সকাহ পোৱাদি হ’ল। হওক তেও! দুদিনমানলৈ চিন্তা কমিব! পাচলিবেপাৰীৰ ওচৰতে আন দুজন মানুহ ৰৈ আছে। ঘাইপথৰ জ্বলি থকা টায়াৰকেইটালৈ চাই এজনে আন্ধাৰত ক’লে, “আৰু এবাৰ দৌৰিবলৈ পোৱা হ’লে ভাল আছিল। আনজনে উত্তৰ দিলে, “এৰা পাই! সেইটো আশাতে ৰৈ আছোঁ। ৰজনীয়ে নুবুজিলে কি দৌৰাৰ কথা কৈছে, দুপৰীয়া এইখিনিতে হেনো পুলিচে গুলী ফুটাবলগীয়া পৰিস্থিতি হৈছিল। প্ৰতিবাদকাৰীৰ দল এটাই সেনা আৰু পুলিচলৈ শিলগুটি দলিয়াইছিল। প্ৰত্যুত্তৰত খাকী পোছাকেও দলটোক ফৰিং ছিটিকা দিয়াবলৈ গুলী ফুটাবলগীয়া হ’ল। সন্ধিয়ালৈ পৰিস্থিতি শাম কটা বুলি জানিব পাৰিহে তাই ওলাই আহিছিল। চাইকেলত ভেজা দি ৰৈ থকা মানুহ দুজনৰ কথা-বতৰা শুনি তাইৰ বুকুৱে ধান বানিবলৈ ধৰিলে। লৰালৰিকৈ পাচলিকেইটা মৰাপাটৰ বেগটোত ভৰাই তাই উভটি বাট ল’লে


        হঠাৎ মানুহ এজাকে হুৰ-মূৰকৈ দৌৰিলে। ক’ৰবাত গুলী ফুটাৰ শব্দ, লগতে চিঞৰ-বাখৰ। নিমিষতে ঠাইকণ ধোঁৱাময় হৈ পৰিল। শুকান কাহ, চকুৰ পানী, নাকৰ পানীৰে একাকাৰ হৈ ৰজনী ঘৰৰ চোতালত উঠিলহি। বুকুৰ ধপ্‌ধপনি তাইৰ তেতিয়াও মাৰ যোৱা নাই। মানুহৰ হেঁচা-ঠেলা, খুন্দাত তাইৰ মোনাৰ পৰা পাচলি ছিটিকি পৰিলগৈ। তেল-নিমখেৰে ভাতকণ মইনাকে খুৱালে। বিনোদৰ লগত কথা পাতিবলৈ দুবাৰকৈ ফন লগায়ো যেতিয়া সঁহাৰি নাপালে, তেতিয়া তাই নিজৰ খোৱাৰ কথা চিন্তিবলৈও সত নহ’ল, লঘোণে থাকিল। গা-ভাৰী মানুহজনীক জুইকুৰাৰ মাজত এৰি থৈ ৰঙত বুৰ গৈ থকা মানুহটোলৈ বাঢ়ি অহা ক্ষোভ-অভিমানৰ ভৰত পেটৰটোৰ কথা চিন্তা কৰিবলৈও যেন তাইৰ শকতি নোহোৱা হ’ল। বুকুৰ ধপ্‌ধপনি ৰাতিটো মাৰ নগ’ল। মইনাক বুকুত সাবটি তাই উজাগৰে ৰাতিটো পাৰ কৰিলে 
        নকওঁ বুলি ভাবিও নোৱাৰিলে, ৰাতিপুৱালৈ ৰজনীয়ে ফেঁকুৰি ফেঁকুৰি ভোকে-ভাগৰে পুৰণা নকিয়া মবাইলেৰে বিনোদলৈ আকৌ ফন লগালে। সিপিনে মবাইলটো বহুত দেৰি বাজি থাকিল। ৰজনীৰ বুকুৰ ধপ্‌ধপনি আকৌ বাঢ়িবলৈ ধৰিলে। পুনৰ ফন লগালে তাই, এবাৰ-দুবাৰ-তিনিবাৰ। চাৰি নম্বৰ বাৰত বিনোদে মাত দিলে
        ৰজনী চঁক্ খাই উঠিল। মানুহটো ক’ৰবাত ঘূণীয়া হৈ পৰি থকা নাইতো! মাতটো ইমান লেবেজান কিয় শুনা গৈছে‍? আগদিনা সন্ধিয়া পাচলি বজাৰত গুলী ফুটোঁতে হোৱা শব্দটোৱেহে যেন ৰজনীৰ বুকুত ধমৰকৈ মাৰিলে। নিজৰ আলৈ-আহুকাল বখানি বিনোদক ঘৰলৈ মাতি পঠাম বুলি ভবা ৰজনীয়ে ভয়ে ভয়ে খবৰ ল’লে, মানুহটো ঠিকে আছেনে
        প্ৰত্যুত্তৰত বিনোদে ভাগৰুৱা মাতটোৰে দিয়া খবৰটো শুনি তাই দৰক দি ৰ’ল। মানুহটোৰ ৰং লাগি থকা কৰ্মী হাতখনৰ খৰতকীয়া পাকবোৰৰ লগতে চকুৰ সন্মুখত ভাহি উঠিল কোনোবাই এঙাৰৰ নিচান সানি লেতেৰা কৰি দিয়া ছবি অঁকা দেৱালবোৰ। “বদনৰ গোলাম হুঁচিয়াৰ! বুলি ক’লা আখৰেৰে ভৰাই তোলা দেৱালবোৰত বিনোদহঁতে অঁকা ছবিবোৰ বৰ শেঁতা পৰি যোৱা যেন লাগিল তাইৰ। দিনে-নিশাই ছবি আঁকি, ৰং সানি মনবোৰ পোহৰ হৈ থকা মানুহকেইটাৰ দহ-বাৰ দিনৰ কষ্ট আৰু শ্ৰমৰ এই পৰিণাম হোৱা বুলি জানিবলৈ পাই তাই তভক মাৰি ৰ’ল। বিনোদে ঘৰলৈ বাট বুলিছেটকাৰ কাৰণে দুখ কৰা নাই সি। ইমান হেঁপাহেৰে কৰা কামটো হৈ নুঠিল যেতিয়া টকা-পইচাৰ হিচাপ তাক নালাগে। চিঞৰবোৰে, প্ৰতিবাদৰ জুইবোৰে ধুনীয়া পৃথিৱীৰ ৰঙা-সেউজীয়া ৰংবোৰকো শত্ৰু ভাবিবলৈ নেৰিলে


        ৰজনীয়ে বুজিলে, মানুহটো তেনেই ভাগি পৰিল। ভগা মনটো লৈয়েই সি তাইক আশ্বাস দিলে ঘূৰি অহা বুলি


       কিন্তু তাই এটা কথাহে নুবুজিলে, ঘটনাৰ আকস্মিকতাত ঘৰমুখী মানুহটো ভাগি পৰা বুলি জানিও তাইৰ মনটো কিয় বৰ বেছিকৈ বেয়া নালাগিল!

সমাপ্ত 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ