(শ্লেভয় জিজেকৰ ৰগৰেৰে...)
দিগন্ত
শইকীয়া
বপুৰা সিয়ান বৰ
আঁহতৰ তলত জিভা ধৰাই থাকোঁতে
এদিন ওপৰৱালাৰ পৰিল নজৰ
ধৰাই নিলে তাক
বঁটাই নে গতাই বুজাই নাযায়৷
বিদায়ৰ চলেৰে সি কোনো কাণক কৈ গ’ল-
চিঠি লিখিম
চিয়াঁহী যদি নীলা হয় জানিবি কথাবোৰ সঁচা
চিয়াঁহী ৰঙা হ’লে কথাবোৰ মিছা, কিন্তু জানিবি মোৰ গতি বিষম
কিছুদিনৰ পিছত বপুৰাৰ চিঠি, চি্যাঁহী নীলা-
ইয়াত সকলো চমৎকাৰ
ঘৰ পকী আৰামী চকী খোৱাৰ টেবুল সজাত বুলবুল
প্ৰেক্ষাগৃহত পশ্চিমৰ বোলছবিৰ ফোৱাৰা অনৰ্গল
মঙহ মৈথুন হাত মেলিলেই পায়
পিছে ৰঙা চিয়াঁহী পাবলৈ নাই