অন্যযুগ/


ৰঙ্গমঞ্চৰ ঐতিহ্য আৰু বালিগাঁৱৰ সন্মিলিত শিল্পী সমাজ (ৰংঘৰ)-ৰ সোণোৱালী অতীত

  প্ৰদীপ কুমাৰ বৰুৱা

নাট্যশালা, নাট্যমন্দিৰ বা ৰঙ্গমঞ্চ অসমৰ সমাজ-সংস্কৃতিৰ এক অবিচ্ছেদ্য অঙ্গ৷ ত্ৰিছ বা চল্লিছ বছৰৰ আগতে ৰঙ্গমঞ্চ বুলিলে মানুহে proscenium (প্ৰেক্ষাগৃহ)-ত বহি কোনো নাট্যাভিনয় উপভোগ কৰিব পৰা প্ৰমোদগৃহকে বুজিছিল৷ কিন্তু বৰ্তমান Arena Theatre বা Theatre in the round-ৰ বিষয়ে বিভিন্ন আলাপ-আলোচনা হোৱা পৰিলক্ষিত হয়৷ উল্লেখ কৰাটো বাহুল্য মাত্ৰ যে নাটকৰ প্ৰবাদপুৰুষ বুলি খ্যাত শ্বেইক্সপীয়েৰৰ জন্মৰো বহু আগতেই আমাৰ এই মুলুকতে জগতগুৰু শ্ৰীমন্ত শঙ্কৰদেৱে নামঘৰ প্ৰতিষ্ঠা কৰি নাট-ভাওনা ৰচনা কৰি মুকলি মঞ্চত পৰিৱেশনৰ দিহা কৰিছিল৷ তাৰো পূৰ্বে ৰাজহুৱা আলাপ কৰিবৰ হেতু উন্নত সভ্যতাৰ পোহৰে আলোকিত কৰা বিশ্বৰ অঞ্চলবিশেষত ঘূৰণীয়া আকৃতিৰ গেলাৰি‍ আছিল বুলি পঢ়িবলৈ পাওঁ৷ মহেঞ্জ’দাৰো, হৰপ্পা, প্ৰাগজ্যোতিষপুৰ, মেছ’পটেমিয়া, গ্ৰীক অথবা চৈনিক সভ্যতাৰ পুৰাতাত্ত্বিক সমলে সেই কথা উনুকিয়ায়৷ যদিও নাট্যাভিনয়ৰ ক্ষেত্ৰত মুকলি মঞ্চৰ প্ৰয়োগ পঞ্চদশ শতিকাতে শ্ৰীমন্ত শঙ্কৰদেৱেই প্ৰথমে কৰিছিল, মূলতঃ জাতি-ধৰ্ম-বৰ্ণ-লিঙ্গ নিৰ্বিশেষে সকলো শ্ৰেণীৰ মানুহে সমান আসনত বহি (মজিয়া বা ঢাৰিত) নাট দৰ্শন কৰাৰ সুবিধা পোৱাৰ উদ্দেশ্যেই মহাপুৰুষজনাই এনে পদ্ধতি গ্ৰহণ কৰিছিল৷ ড° বাণীকান্ত কাকতি, ° মহেশ্বৰ নেওগ আদি পণ্ডিতপ্ৰবৰসকলে সেয়ে নামঘৰক জাতীয় ৰঙ্গশালা বুলি অভিহিত কৰিছে৷

নাট বা ভাওনাৰ প্ৰচলনৰ পৰৱৰ্তী কালত অসমৰ বিভিন্ন ঠাইত থলুৱা কলা-কৃষ্টি, আখ্যান, কাহিনী আদি নাটকীয় ৰূপত পৰিৱেশন কৰা হৈছিল, যাৰ শৈক্ষিক পৰিভাষা হৈছে লোকনাট্য৷ এইখিনিতে এটা কৌতুকজনক কথা উল্লেখ কৰিব বিচাৰোঁ নাট-ভাওনা বা যাত্ৰাপাৰ্টী, বহু যুগ ধৰি গাঁৱে-ভূঞে-নগৰে বহুল প্ৰচাৰিত আৰু দৰ্শকৰূপী বিৰাট জনসাধাৰণৰ মাজত প্ৰচুৰ জনপ্ৰিয়তা অৰ্জন কৰা এই পৰিৱেশ্য কলা কিছু দিনৰ আগলৈকে মাত্ৰ লোকনাট্য বুলি পৰিচিত আছিল৷ অৰ্থাৎ এক অতি পুৰণি আৰু সেয়ে অমাৰ্জিত প্ৰকৰণ বা ৰূপ, যাক আধুনিকতাই বিদগ্ধ কৰা সমাজে বহু পিছতে এৰি থৈ আহি উৎকৰ্ষণৰ বাটত ভৰি থৈছে৷ কিন্তু হঠাৎ যেতিয়া পশ্চিমীয়া পণ্ডিত-সজ্জন চাহাব’-সকলে ইয়াক পুনৰ Theatre in the round হিচাপে গ্ৰহণ কৰিলে, আমিও বিগলিত নয়নেৰে সেই ৰূপকে আটাইতকৈ আধুনিক আৰু বৈপ্লৱিক ৰীতি বুলি আদৰিলোঁ৷ পশ্চিমৰ দৃষ্টিৰ পৰিৱৰ্তে জাতীয় পটভূমিতেই আমি আমাৰ পৰিৱেশ্য কলা অথবা সংস্কৃতিৰ ভিন্‌ ভিন্‌ দিশসমূহৰ আলোচনা কৰাটো যে প্ৰয়োজনীয়, সেই কথা উনুকিয়াবলৈহে এয়া যোগ দিয়া হল৷

আহোম-উত্তৰ আধুনিক অসমৰ পৃষ্ঠভূমি তদানীন্তন সময়ৰ উচ্চশিক্ষিত অভিজাত শ্ৰেণীৰ কিছু অসমীয়া লোকৰ উদ্যোগতে নিৰ্মাণ হৈছিল৷ যোৰহাটত এই ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল বিবিধ ৰায়ত সভা তথা ৰাজকুমাৰ নৰনাৰায়ণ সিংহ আৰু চাহ ব্যৱসায়ী জগন্নাথ বৰুৱাৰ নেতৃত্বত গঠন হোৱা যোৰহাট সাৰ্বজনিক সভাৰ লগতে অসম ছাত্ৰ সন্মিলন আৰু আছাম এচছিয়েশ্যনে‍৷ কিন্তু ঐক্যবদ্ধ জাতীয় চেতনাৰ উন্মেষ ঘটাই এক নৱ জাগৰণ আনিবলৈ সক্ষম হৈছিল ভাৰতৰ স্বাধীনতা আন্দোলনৰ প্ৰেক্ষাপটে৷ মহামানৱ মহাত্মা গান্ধীৰ নেতৃত্বত ভাৰতীয় জাতীয় কংগ্ৰেছৰ বলিষ্ঠ সহযোগত হোৱা সত্যাগ্ৰহ, অসহযোগ, বিদেশী বহিষ্কৰণ আদি পৰিঘটনাই সমকালীন ভাৰতৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো এক নতুন তৰঙ্গৰ উন্মেষ ঘটাইছিল৷ জাতীয় জাগৰণৰ সেই বৈপ্লৱিক আন্দোলনে এচাম শিক্ষানুৰাগী তৰুণ প্ৰজন্মক জাগ্ৰত কৰি তুলিছিল৷ তাৰ প্ৰভাৱতে অসমৰ বিভিন্ন ঠাইত ৰাইজৰ প্ৰচেষ্টাত কেতবোৰ সামাজিক-সাংস্কৃতিক অনুষ্ঠান গঢ় লৈ উঠে৷ অসমৰ সাংস্কৃতিক ৰাজধানী বুলি খ্যাত যোৰহাটৰ উত্তৰ-পশ্চিম অঞ্চলত অৱস্থিত বালিগাঁৱতো নতুন যুগৰ আলোক আহি পৰিছিল৷ প্ৰসঙ্গক্ৰমে উল্লেখৰ যোগ্য হব যে গান্ধীজীৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ  আচাৰ্য বিনোৱা ভাবেৰ আহ্বানমৰ্মে আমাৰ পিতৃ সমাজহিতৈষী স্বৰ্গীয় ভোগেশ্বৰ বৰুৱা আৰু বাগ্মীবৰ নীলমণি ফুকনৰ উদ্যোগত তথা বিমলা প্ৰসাদ চলিহা, দেৱেশ্বৰ শৰ্মা, কুলধৰ চলিহা, সৰ্বেশ্বৰ বৰদলৈ, বিজয় চন্দ্ৰ ভাগৱতী, মুৰুলীধৰ বৰুৱা, গৌৰীচৰণ বৰকটকী, কৈলাশ চন্দ্ৰ গোস্বামী, চৈয়দ মহবুব ৰহমান, অবিচন্দ্ৰ দেউৰী, মনেশ্বৰ দত্ত, লক্ষ্যেশ্বৰ বড়া, বুদাইৰাম সন্দিকৈ, হীৰালাল সাহনী, ভোলাপ্ৰসাদ গুপ্তা আদিৰ সহযোগত বালিগাঁও অঞ্চলত পূৰ্বোত্তৰ ভাৰতৰ ভিতৰতে প্ৰথমে (১৯৫৭ চনত) সৰ্বোদয় আন্দোলনৰ সূচনা হৈছিল৷ এই আন্দোলনত ভূমিদান পৰ্ব সমাপন হৈছিল; ভূমিৰ গৰাকীয়ে স্বেচ্ছাই মাটি দান কৰিছিল আৰু তাৰ ফলতে বৰ্তমান ব্ৰহ্মপুত্ৰৰ বুকুত লী যোৱা কোজাহোলা পথাৰত এক স্বাধীন জাতীয় অৰ্থনীতিৰ বুনিয়াদ গঠন কৰাৰ লক্ষ্যৰে ককিলামুখ গোশালা সমবায় গঢ় লৈ উঠিছিল৷ ইয়াৰো পূৰ্বে অঞ্চলবাসী ৰাইজৰ বাবে যাতে উন্নত স্বাস্থ্যসেৱা উপলব্ধ হয়, তাৰ কাৰণে ১৯৪৮ চনত ৺কৃষ্ণনাথ শৰ্মা ঔৱনামুখ ৰাজ্যিক চিকিৎসালয় প্ৰতিষ্ঠা কৰা হৈছিল৷ প্ৰথম চিকিৎসক হিচাপে নিযুক্তি পাইছিল ডাঃ আমিৰ খুশ্ৰুৱে৷ উক্ত দুয়োটা অনুষ্ঠানৰ পৰিচালনা সমিতিৰ সভাপতি আৰু সম্পাদক আছিল ক্ৰমে নীলমণি ফুকন আৰু ভোগেশ্বৰ বৰুৱা৷

স্বাধীনোত্তৰ কালত বালিগাঁও অঞ্চলত সাংস্কৃতিক বিপ্লৱৰ সূচনাৰ লক্ষ্যৰে স্থানীয় যুৱক-যুৱতীৰ প্ৰচেষ্টাত বুৰঞ্জীপ্ৰসিদ্ধ ৰজাহাউলি গাঁৱৰ কেন্দ্ৰস্থলত সন্মিলিত শিল্পী সমাজ, বালিগাঁও  নামেৰে এক অনুষ্ঠান গঢ় লৈ উঠে৷ বিশিষ্ট অসমীয়া চাহ ব্যৱসায়ী চন্দ্ৰকমল বেজবৰুৱাৰ পৰিয়ালৰ এটুকুৰা বেফচলী ছন পৰা মাটিতে সংস্কৃতিপ্ৰেমী লোকে অস্থায়ীভাৱে‍ এক মণ্ডপ সাজি লৈছিল আৰু তাতে আলাপ-আলোচনা আদি কৰিছিল৷ কাষৰতে থকা মুকলি পথাৰত যুৱকসকলে ফুটবল আদি খেলিছিল৷ আনহাতে পূৰ্বৰে পৰা শৈক্ষিক-সাংস্কৃতিক দিশত আগৰণুৱা এই অঞ্চলৰ কৃষ্টি অনুৰাগী লোকসকলৰ যৌথ প্ৰচেষ্টাত বৰ্তমান ৰজাহাউলি গাঁও বৰনামঘৰৰ কাষৰতে থকা ঠাইটুকুৰাত প্ৰয়াত আনন্দ বৰুৱা, কমল শৰ্মা, ভোগেশ্বৰ বৰুৱা, মালিৰাম নেওগ, থানেশ্বৰ দত্ত, যোগচন্দ্ৰ দত্ত, কাৰ্ত্তিক বেজবৰুৱা, জগত অধ্যাপক, ডিম্বেশ্বৰ দয়াল শৰ্মা, উমেশ অধ্যাপক, মহানন্দ বৰুৱা, শ্ৰীনাথ বৰা, ৰামেশ্বৰ বৰা, বংশী ভট্টাচাৰ্য্য আদি লোকসকলে নাট্যাভিনয় অনুষ্ঠিত কৰি আহিছিল৷ সেই সময়ছোৱাত গীতা শাস্ত্ৰ অধ্যয়ন আৰু চৰ্চা কৰাৰ উদ্দেশ্যে যোৰহাটৰ এগৰাকী সৰবৰহী ব্যক্তি  ৺ধীৰেশ্বৰ ভট্টাচাৰ্য্যৰ নেতৃত্বত ১৯৪০-৪২ চন মানত গীতাৰ্থী সমাজ নামেৰে এক অনুষ্ঠান ঠন ধৰি উঠিছিল৷ ১৯৫৭ চনৰ এদিন ৰজাহাউলি গাঁৱৰ বৰ নামঘৰত বহা এখন সভাত সমাজপ্ৰাণ ব্যক্তি  ৺ভৰত চন্দ্ৰ অধ্যাপকে গীতাৰ্থী সমাজৰ এটি শাখা বালিগাঁৱত খোলাৰ কথা ব্যক্ত কৰে আৰু তাৰ কাৰণে মাটি বিচাৰে৷ উপস্থিত সমজুৱাই হয়ভৰ দিয়ে৷ সভাত দানশীল বেজবৰুৱা পৰিয়ালৰ  ৺গোলোক চন্দ্ৰ বেজবৰুৱা উপস্থিত আছিল৷ তেখেতে এই সজ প্ৰস্তাৱৰ প্ৰতি সঁহাৰি জনাই পৰিয়ালৰ অধীনত থকা (বৰ্তমান গৃহটি অৱস্থিত ঠাই) প্ৰায় ৰ.৫০ বিঘা মাটি দান হিচাপে দিয়াৰ কথা ঘোষণা কৰে৷ দানপত্ৰত আৱশ্যক অনুসৰি সেই মাটি সন্মিলিত শিল্পী সমাজ (বালিগাঁও)-কো ব্যৱহাৰৰ অনুমতি প্ৰদান কৰা হয়৷ উল্লেখৰ নিষ্প্ৰয়োজন যে নিচেই চালুকীয়াকৈ ৰাইজৰ দান-বৰঙণিৰে গঢ়ি উঠা বেচৰকাৰী অনুষ্ঠান সন্মিলিত শিল্পী সমাজৰ কোনো পুঁজি নাছিল৷ সেয়ে গীতাৰ্থী সমাজৰ পুঁজিত থকা যৎসামান্য ধনকে সমল কৰি লৈ স্থানীয় ৰাইজৰ সহযোগত ইটাৰে এটা ভেঁটি নিৰ্মাণ কৰে৷ তদানীন্তন কালৰ মুকলিমূৰীয়া সত্ৰৰ অধিকাৰ কালীচন্দ্ৰ গোস্বামীয়ে নৱনিৰ্মিত ভেঁটিটোৰ শিলান্যাস কৰিছিল৷ পৰৱৰ্তী সময়ত অন্য ঠাইত গীতাৰ্থী সমাজে এটুকুৰা ভূমি লাভ কৰাৰ বাবে ভৰত চন্দ্ৰ অধ্যাপকৰ ইচ্ছাক্ৰমে বৰ্তমানৰ ভেঁটি আৰু মাটি সন্মিলিত শিল্পী সমাজে লাভ কৰে৷ ভেঁটি আৰু মাটি লাভ কৰাৰ পাছত সন্মিলিত শিল্পী সমাজৰ এখন পৰিচালনা সমিতি গঠন কৰা হল৷ সমিতিখন আছিল এনে ধৰণৰ

সভাপতি: ভৰত চন্দ্ৰ অধ্যাপক

সম্পাদক: আনন্দ বৰুৱা

কোষাধ্যক্ষ: কামাখ্যা চৰণ ঠাকুৰ

কাৰ্যাধ্যক্ষ: থানেশ্বৰ দত্ত

নাট্যাধ্যক্ষ: কমল শৰ্মা

সমিতিৰ সৈতে জড়িত সদস্যসকল আছিল যোগচন্দ্ৰ দত্ত, প্ৰসাদ শৰ্মা, হলিৰাম নেওগ, নৰেন্দ্ৰনাথ দত্ত, দুলাল ভট্টাচাৰ্য্য, সম্ভূৰাম কলিতা, মজৰুল হক নেওগ (জাণ্টি), হলিৰাম নেওগ (সৰুমাইনা), চাহাবুদ্দিন নেওগ, বিপিন দত্ত, দ্বিজেন শৰ্মা, সোমেশ্বৰ চুতীয়া, ৰজনী ভূঞা আদি৷

উক্ত সময়ছোৱাতে (সম্ভৱতঃ ১৯৫৯ চন) ৰজাহাউলি নিবাসী  ৺বুব বৰুৱাৰ বাৰীত সন্মিলিত ছাত্ৰ সংঘ (চমুকৈ থ্ৰি এছ. ক্লাৱ) নামৰ এটা অনুষ্ঠান গঢ় লৈ উঠে৷ এই অনুষ্ঠানৰ সৈতে জড়িত লোকসকলৰ ভিতৰত যতীন্দ্ৰনাথ শৰ্মা, ৰমেন বৰুৱা (অতুল), যদুনাথ বেজবৰুৱা, বদন বৰকটকী, পাৰ্ব্বতীপ্ৰসাদ বৰকটকী (পানু), টঙ্কেশ্বৰ শৰ্মা, সত্যপ্ৰসাদ বৰুৱা, চৈয়দ নজিবুৰ ৰহমান, মনোৰম বৰুৱা, দিলীপ চন্দ্ৰ শৰ্মা, অৰুণ চন্দ্ৰ ভূঞা আদিৰ নাম উল্লেখযোগ্য৷ এই অনুষ্ঠানৰ সৌজন্যত শ্ৰীশ্ৰী সৰস্বতী পূজা আৰু বাণী সন্মিলনৰ নাট্যাভিনয়ে বালিগাঁৱত নাট্যকলা চৰ্চাৰ এক নৱজাগৰণ আনিছিল৷ সন্মিলিত শিল্পী সমাজৰ স্থায়ী ভেঁটি নিৰ্মাণ হোৱাত পৰৱৰ্তী সময়ত থ্ৰি এছ. ক্লাব সন্মিলিত শিল্পী সমাজৰ সৈতে সংযুক্ত হৈ পৰে৷ এই থ্ৰি এছ. ক্লাবৰ উদ্যোগতে মঞ্চায়ন হৈছিল মণিৰাম দেৱান, ভাস্কৰ পণ্ডিত, ৰক্ষ কুমাৰ, সন্ধি, অতুল বৰদলৈৰ বনৰীয়া ফুল’, ° অখিল চক্ৰৱৰ্ত্তী এনিশাৰ ডায়েৰি আদি বহুচৰ্চিত নাটকৰ৷ সন্মিলিত শিল্পী সমাজৰ তৰফৰ পৰাও নাট্যাভিনয়ত অংশগ্ৰহণ কৰা হৈছিল৷

প্ৰতিষ্ঠাৰ পাঁচ বছৰৰ পাছত ১৯৬২ চনত সন্মিলিত শিল্পী সমাজৰ দ্বিতীয়গৰাকী সভাপতিৰূপে দায়িত্ব লাভ কৰে  ৺লোকৰাম বৰাই আৰু  ৺প্ৰসাদ শৰ্মাক সম্পাদক হিচাপে মনোনীত কৰা হয়৷ এই সময়ছোৱাত পকী ভেঁটীটোৰ বাদে স্থায়ী মঞ্চ নাছিল বাবে ৰজাহাউলিৰ নাৰ্ছৰ ফিল্ড (বৰ্তমান কৃষ্ণকুমাৰ বৰুৱা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সন্মুখৰ ময়দান)-ত নাট্যাভিনয় কৰা হৈছিল৷ সেই সময়ত ঘাইকৈ পৌৰাণিক আৰু ধৰ্মমূলক নাটকেই মঞ্চস্থ হৈছিল৷ অভিজ্ঞ দক্ষ শিল্পীৰ পৰিপক্ব অভিনয়ৰ বাবে অনুষ্ঠানৰ খ্যাতি প্ৰসাৰিত হৈছিল৷ এই সময়তে বিশিষ্ট বিজ্ঞানী  ৺কামাখ্যাচৰণ ঠাকুৰৰ বিশেষ প্ৰচেষ্টাত (ASSAM SOCIETY REGN. ACT. ১৮৮০-ৰ অধীনত) অনুষ্ঠানৰ নিয়মাৱলী প্ৰস্তুত কৰা হয় আৰু শ্বিলঙত অৱস্থিত পঞ্জীয়ন কাৰ্যালয়ৰ পৰা (পঞ্জীয়ন নং ১৪/১৯৬২-৬৩) বিভাগীয় অনুমোদন লাভ কৰা হয়৷

তৃতীয়টো কাৰ্যকালৰ বাবে সভাপতি আৰু সম্পাদক হয় যথাক্ৰমে  ৺যোগচন্দ্ৰ দত্ত আৰু  ৺প্ৰসাদ শৰ্মা৷ এই কাৰ্যকালৰ প্ৰধান কাৰ্যসূচী আছিল অনুষ্ঠানৰ স্থায়ী ৰঙ্গমঞ্চ নিৰ্মাণ কৰা আৰু তাৰ কাৰণে প্ৰয়োজনীয় সা-সামগ্ৰী সংগ্ৰহ কৰা৷ সেই উদ্দেশ্যে অঞ্চলটোৰ জ্যেষ্ঠ আৰু কনি‍ষ্ঠ সকলোকে লৈ এটা সন্মিলিত হুঁচৰি দল গঠন কৰি অৰ্থ সংগ্ৰহ কৰি, দীপাৱলী আৰু লক্ষ্মীপূজাত ভাগ্য পৰীক্ষাৰ খেল অনুষ্ঠিত কৰি লাভাংশৰ টকা গোটাই, ৰাইজৰ দান-বৰঙণি সংগ্ৰহ কৰি আৰু তদানীন্তন যোৰহাট সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী যোগেন শইকীয়াৰ পৰা লাভ কৰা আৰ্থিক অনুদানেৰে কংক্ৰীটৰ এটি মঞ্চ নিৰ্মাণ কৰা হল৷ যদিওবা তেতিয়াও প্ৰেক্ষাগৃহ এটাৰ অভাৱ থাকিল৷

১৯৭১ চনত সন্মিলিত শিল্পী সমাজৰ মঞ্চতে কাষৰীয়া চৈধ্যখন গাঁৱৰ ৰাইজক একত্ৰিত কৰি বৃহত্তৰ বালিগাঁও ভিত্তিত এখন বিহু সন্মিলন আয়োজন কৰিবলৈ ৰাজহুৱা সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ সেইমৰ্মে  ৺যোগচন্দ্ৰ দত্তক সভাপতি, যতীন্দ্ৰনাথ শৰ্মাক উপসভাপতি আৰু গণেশ নেওগক সম্পাদক হিচাপে লৈ এখন উদ্‌যাপন সমিতি গঠন কৰি পোনপ্ৰথমবাৰৰ বাবে সদৌ বালিগাঁও বিহু সন্মিলন’-ৰ আয়োজন কৰা হয়৷ এই বিহু সন্মিলনত স্থানীয় শিল্পী তথা হুঁচৰি দলৰ লগতে শলমৰা, মনাইমাজি, মিঠাআমতল আদি ঠাইৰ পৰাও প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল৷ এই বিহু সন্মিলনৰ সৈতে জড়িত থকা লোকসকলৰ একাংশৰ নাম (স্মৃতিত থকা অনুযায়ী) উল্লেখ কৰিছোঁ যদুনাথ বেজবৰুৱা, টঙ্কেশ্বৰ শৰ্মা, কণমইনা দাস, নলিনী শৰ্মা, চন্দ্ৰ ভূঞা, ৰত্নেশ্বৰ ভূঞা, ভূপেন শৰ্মা (মণ্টু), ৰাজেন বড়া, প্ৰদীপ কুমাৰ বৰুৱা, ৰমণী শৰ্মা (ললিত), বিবলা দাস, জেহিৰ আহমেদ, এম. কে. জামাল (বুবুজান), ৰৌজ নেওগ, অনিল শৰ্মা, মৃদুল বৰুৱা, বিৰিঞ্চি বৰুৱা, গোলাপ শৰ্মা, থানুৰাম ভঁৰালী, নজিবুৰ ৰহমান, সুৰেন্দ্ৰনাথ দত্ত, অনিল বৰঠাকুৰ, হলিৰাম নেওগ, প্ৰশান্ত কুমাৰ ভূঞা, নৰেন কলিতা আদি৷

১৯৭২-৭৪ চনৰ বাবে চতুৰ্থটো কাৰ্যকালৰ কাৰণে সন্মিলিত শিল্পী সমাজৰ নৱগঠিত সমিতিৰ সভাপতি হয় গোলাপ চন্দ্ৰ শৰ্মা বৰুৱা (মৌজাদাৰ), সম্পাদক প্ৰসাদ শৰ্মা, সাংস্কৃতিক সম্পাদক চৈয়দ নজিবুৰ ৰহমান, সহ: সম্পাদক থানুৰাম ভঁৰালী, কাৰ্যাধ্যক্ষ থানেশ্বৰ দত্ত আৰু কোষাধ্যক্ষ কামাখ্যা চৰণ ঠাকুৰ৷ একেটা কাৰ্যকালতে বালিগাঁও অঞ্চলৰ মহিলাসকলক একত্ৰিত কৰাৰ মানসেৰে ১৯৭২ চনৰ ১৫ আগষ্ট তাৰিখে গল্ড নাহৰ বেগমক সভানেত্ৰী, ঠুনু দেৱী আৰু কমলা দেৱীক উপসভানেত্ৰী আৰু বাসন্তী দত্তক সম্পাদিকা হিচাপে লৈ প্ৰগতি মহিলা সমিতি নামেৰে মহিলা সবলীকৰণৰ অনুষ্ঠান গঠন হয়৷ এই মহিলা সমিতিৰ সৈতে গঠনপৰ্বৰে পৰা জড়িত কেইগৰাকীমান মহিলা হৈছে বিজয়া দেৱী, সুবৰ্ণপ্ৰভা বৰুৱা, নুৰ নাহাৰ বেগম, জোনাকী কলিতা, ৰহিলা ভূঞা, ঊষা ভূঞা, শোণিত বৰা, ইলা শৰ্মা, সোণমাই দেৱী, মাজনী ভূঞা, মঞ্জুৰী ভূঞা (বুলুমণি), পুতলি কলিতা আদি৷ আনহাতে শিশু-কিশোৰৰ বৌদ্ধিক-মানসিক বিকাশ সাধনৰ বাবে সদৌ অসম মইনা পাৰিজাতৰ সৈতে জড়িত হৈ থকা যদুনাথ বেজবৰুৱা আৰু কামাখ্যাচৰণ ঠাকুৰৰ বিশেষ যত্নত ১৯৬৯ চনত গঠন কৰা হয় আলোক সন্ধানী মইনা পাৰিজাত, যাৰ প্ৰতিষ্ঠাপক সভাপতি আৰু সম্পাদক হল ক্ৰমে ৰমেন বৰুৱা (অতুল) আৰু চৈয়দ নজিবুৰ ৰহমান (মতিন)৷ পৰিচালিকা হিচাপে আছিল মঞ্জুৰী ভূঞা আৰু মাছৰহাটৰ দৰঙ্গীচুক নিবাসী নাট্যকাৰ অৰুণ চন্দ্ৰ দাসে বহু দিনলৈকে প্ৰশিক্ষকৰ দায়িত্ব নিষ্ঠা সহকাৰে পালন কৰিছিল৷ নতুন দিল্লীত অনুষ্ঠিত হোৱা সৰ্বভাৰতীয় শিশু সমাৰোহত এই মইনা পাৰিজাতৰ শিশুসকলে অনবদ্য প্ৰদৰ্শনেৰে ভূয়সী প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছিল৷ আনহাতে ১৯৭৫-৭৬১ ভিতৰতে স্থানীয় যুৱকসকলৰ প্ৰচেষ্টাত বৰ্তমানৰ প্ৰেক্ষাগৃহৰ দক্ষিণফালে অঙ্গনবাদী কেন্দ্ৰটো থকা ঠাইতে জ্ঞানবিকাশ পাঠাগাৰ নামেৰে এটা পুথিভঁৰাল প্ৰতিষ্ঠা হয়৷ সমিতিৰ প্ৰতিষ্ঠাপক সভাপতি আছিল  ৺সুশীল কুমাৰ বৰুৱা, উপসভাপতি ৰাতুল কুমাৰ ভূঞা আৰু  ৺মহেন্দ্ৰ কলিতা, সম্পাদক হৰেন শৰ্মা আৰু সুৰেণ ভূঞা আৰু সহ: সম্পাদক হিচাপে আছিল  ৺সঞ্জীৱ ভূঞা আৰু স্বপন বেজবৰুৱা আদি৷ এই ছাত্ৰ-যুৱকসকলে হুঁচৰি গাই দান-বৰঙণি তুলি বাঁহ-খেৰৰ এটা পুথিভঁৰাল সাজিছিল আৰু বিভিন্ন মূল্যৱান কিতাপ সংৰক্ষণ কৰি গ্ৰন্থ অধ্যয়নৰ এক পৰিৱেশ সৃষ্টি কৰিছিল৷

সন্মিলিত শিল্পী সমাজৰ চতুৰ্থটো কাৰ্যকালত হোৱা দুটা গুৰুত্বপূৰ্ণ কাৰ্যসূচী হ এটা স্থায়ী প্ৰেক্ষাগৃহ নিৰ্মাণ আৰু শ্ৰীশ্ৰী কৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলাৰ মঞ্চায়ন৷ উল্লেখ্য যে উক্ত বৰ্ষত সদৌ বালিগাঁও বিহু সন্মিলনৰ সভাপতিৰ দায়িত্বত আছিল গোলাপ চন্দ্ৰ শৰ্মা বৰুৱা আৰু তেখেতৰ সবল নেতৃত্বত ন-পুৰণি শিল্পী, কলা-কুশলীৰ লগতে সমীপৰ যুৱক-যুৱতী তথা জ্যেষ্ঠ সকলো একত্ৰিত হৈ এটা স্থায়ী প্ৰেক্ষাগৃহ নিৰ্মাণৰ হকে মাৰ বান্ধি ওলাই আহিছিল৷ গৰুগাড়ীত বোজাই কৰি নিজ বালিগাঁও, গণেশৰটিকা, ভাৱলীচুক, টকৰুগাঁও, ন-বালিগাঁও, মিঠাআমতলৰ পৰা বাঁহ সংগ্ৰহ কৰি, ককিলামুখ অঞ্চলৰ পৰা শিমলু গছৰ খুঁটা যোগাৰ কৰি, কাৰেং চাপৰিৰ পৰা সৰণ খেৰ কঢ়িয়াই আনি ৰাইজৰ সমূহীয়া শ্ৰমদানৰ জৰিয়তে এই সামাজিক-সাংস্কৃতিক অনুষ্ঠানটোৰ স্থায়ী প্ৰেক্ষাগৃহটি নিৰ্মাণ কৰা হয়৷ সেই প্ৰেক্ষাগৃহতে দ্বিতীয়বাৰৰ কাৰণে সদৌ বালিগাঁও বিহু সন্মিলন অনুষ্ঠিত হয়৷ ৰাইজে ৰং-ৰহইচৰ সঙ্গমস্থলী হিচাপে নৱনিৰ্মিত গৃহটিৰ নাম দিয়ে ৰংঘৰ৷ তাৰ পাছৰে পৰা সন্মিলিত শিল্পী সমাজ, বালিগাঁও (ৰংঘৰ)  নামেৰে অনুষ্ঠানটি পৰিচিত হয় আৰু ইয়াৰ সহযোগী অনুষ্ঠান হিচাপে প্ৰগতি মহিলা সমিতি আৰু আলোক সন্ধানী মইনা পাৰিজাতে নিজস্ব সক্ৰিয়তা বৰ্তাই ৰাখে৷ স্মৰ্তব্য যে গৃহ নিৰ্মাণৰ বেলিকা যোৰহাট সমষ্টিৰ তদানীন্তন বিধায়ক বিজয়কৃষ্ণ সন্দিকৈয়ে বছৰি ১,০০০.০০ (এক হাজাৰ) টকাকৈ তিনিবাৰ চৰকাৰী অনুদান আগবঢ়াইছিল৷

সন্মিলিত শিল্পী সমাজ (ৰংঘৰ)-ৰ উদ্যোগত আয়োজিত শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলা প্ৰদৰ্শনীৰ সৈতে জড়িত কিছু শিল্পী, কলা-কুশলীৰ নাম এই সুযোগতে স্মৰণ কৰিব বিচাৰিছোঁ, যথা  বাপুকান্ত মহন্ত, বসন্ত ভট্টাচাৰ্য্য, অনিল বৰঠাকুৰ, যদুনাথ বেজবৰুৱা, ৰীতেন বৰকটকী, অনিল বৰকটকী, আনন্দ বৰুৱা, যতীন্দ্ৰনাথ শৰ্মা, কণমইনা দাস, অপূৰ্ব ঠাকুৰ, পুলিন শৰ্মা, গিৰীশ বৰদলৈ, অৰুণ ভূঞা, নলিনী শৰ্মা, গঙ্গেশ্বৰ শৰ্মা, তপন ভট্টাচাৰ্য্য (গিল্‌পিন্‌), ইন্দ্ৰপ্ৰসাদ বৰুৱা, সুশীল কুমাৰ বৰুৱা, ৰাজেন বড়া, প্ৰভাত শৰ্মা, অৰুণ শৰ্মা, জগন্নাথ শৰ্মা, পৰমা বৰা, প্ৰশান্ত কুমাৰ ভূঞা আদি৷ জ্যেষ্ঠসকলৰ ভিতৰত দেৱকুমাৰ মহন্ত, ডিম্বেশ্বৰ দয়াল শৰ্মা, যোগচন্দ্ৰ দত্ত আৰু গোলাপ চন্দ্ৰ শৰ্মা বৰুৱাৰ নাম উল্লেখযোগ্য৷ সেইদৰে মহিলাৰ চৰিত্ৰত অভিনয় কৰা সহ: শিল্পীসকলৰ অন্যতম আছিল ৰুণু বেজবৰুৱা, বিজয়া দেৱী, বীণা দেৱী, মঞ্জুৰী ভূঞা, ৰঞ্জিতা ভট্টাচাৰ্য্য, আৰতি শৰ্মা, ৰেখা দেৱী, বুলবুলি ভট্টাচাৰ্য্য, বুলি বেগম, ল্ড নাহাৰ বেগম, মামণি শৰ্মা, স্ব›Ÿা বেজবৰুৱা, বিজুমণি ভূঞা, জীনা শৰ্মা আদি৷ উল্লেখ্য যে সেই সময়ত ইছলাম ধৰ্মাৱলম্বী লোকেও ৰাসলীলাৰ অভিনয়ত সুখ্যাতিৰে অংশগ্ৰহণ কৰিছিল৷ লগতে পুৰুষ আৰু মহিলাৰ সহ: অভিনয়ে সংকীৰ্ণতাৰ প্ৰাচীৰ ভাঙি সমন্বয়ৰ নতুন দিগন্তৰ সূচনা কৰিছিল৷ এটা কথা উল্লেখ নকৰিলে অনুচিত হব যে ‘ৰংঘৰ’-ৰ প্ৰায় সকলো ধৰণৰ অনুষ্ঠান আয়োজন কৰিবলৈ যাওঁতে ৰজনী ভূঞা আৰু বসুকান্ত ভূঞাৰ সহযোগিতা আছিল উৎসাহজনক৷ বিশেষকৈ ৰাসোৎসৱৰ নিয়মীয়া গ্ৰীণ ৰুম হিচাপে ভূঞা ধানকল নিঃসংকোচে ব্যৱহাৰ কৰা হৈছিল৷

ইয়াৰ পাছত ১৯৮০ চনমানলৈ সন্মিলিত শিল্পী সমাজৰ সাংস্কৃতিক যাত্ৰা স্থৱিৰপ্ৰায় হৈ পৰিল৷ সেই সময়ছোৱা সমগ্ৰ অসমক উত্তাল কৰি তোলা অসম আন্দোলনৰ ভৰপক সময় আছিল৷ চৌপাশ অস্থিৰ হৈ থকা সময়তে ১৯৮০-৮৩ কাৰ্যকালৰ বাবে সন্মিলিত শিল্পী সমাজ, বালিগাঁও (ৰংঘৰ)-ৰ নতুন সমিতি এখন গঠন কৰা হয়৷ এই পঞ্চমটো কাৰ্যকালৰ বাবে সভাপতি কণমইনা দাস, উপসভাপতি অৰুণ ভূঞা, যতীন্দ্ৰনাথ শৰ্মা, সম্পাদক প্ৰদীপ কুমাৰ বৰুৱা (এই লেখক), সহ: সম্পাদক ৰাজেন বড়া, ৰিয়াজ নেওগ, সাংস্কৃতিক সম্পাদক ৰমণী শৰ্মা, এম. কে. জামাল আৰু ভূপেন শৰ্মাই দায়িত্ব নিৰ্বাহ কৰিছিল৷ এই কাৰ্যকালতে তদানীন্তন কংগ্ৰেছী নেতা পদ্ম শৰ্মা আৰু দীননাথ ৰাজখোৱাৰ সৌজন্যত ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰ্যালয়ৰ পৰা এক মোটা পৰিমাণৰ পুঁজি এককালীন সাহায্য হিচাপে লাভ কৰা হয়৷ সেই টকাৰে পুৰণি খুঁটা উঠাই প্ৰেক্ষাগৃহৰ পকীকৰণ আৰম্ভ কৰা হয়৷ সেইদৰে শ্ৰীশ্ৰীকৃষ্ণৰ ৰাসলীলাৰ প্ৰদৰ্শনীৰ জৰিয়তে আহৰিত লভ্যাংশৰে মঞ্চভাগৰ টিনপাতখিনি ক্ৰয় কৰা হয়৷ উক্ত সময়ছোৱাত সদৌ বালিগাঁও বিহু সন্মিলনখন সন্মিলিত শিল্পী সমাজ (ৰংঘৰ)-ৰ পৰিচালনা সমিতিৰ উদ্যোগত আয়োজিত হৈছিল আৰু পুৰণি লোকসকলৰ নিশ্চয় মনত আছে যে¸ এই সন্মিলনত নিশাৰ সাংস্কৃতিক কাৰ্যসূচীত অসমৰ কেইবাগৰাকী খ্যাতনামা শিল্পীয়ে অংশগ্ৰহণ কৰিছিল৷ ইয়াৰ পাছত অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনত বালিগাঁৱৰ কেন্দ্ৰবিন্দুলৈ ৰূপান্তৰিত হল ৰংঘৰ৷

১৯৮৩১ পৰৱৰ্তী কালত সন্মিলিত শিল্পী সমাজ (ৰংঘৰ)-ৰ দায়িত্ব প্ৰদান কৰা হয়  ৺লোকৰাম বৰা আৰু সুৰেন্দ্ৰনাথ দত্তক৷ পৰ্যায়ক্ৰমে  ৺পোণা হাজৰিকা, কণমইনা দাস, ভৰত চন্দ্ৰ অধ্যাপক আৰু অৰুণ ভূঞাই সভাপতিৰ দায়িত্ব পালন কৰাৰ বিপৰীতে একেলেথাৰিয়ে দীৰ্ঘ সময়ৰ বাবে সুৰেন্দ্ৰনাথ দত্ত সম্পাদক হিচাপে থাকে৷ ইতিমধ্যে ৰাসলীলাৰ জৰিয়তে আহৰিত পুঁজি আৰু চৰকাৰী অনুদান আদিৰে ৰংঘৰৰ প্ৰেক্ষাগৃহৰ টিনপাত আৰু বাকী ৰৈ যোৱা পকীকৰণৰ কাম সম্পন্ন হয়৷ ছে‍গা-চোৰোকাকৈ কিছু বছৰ ৰংঘৰ-ৰ সাংস্কৃতিক যাত্ৰা চলি থাকে যদিও পাছলৈ উপযুক্ত কৰ্মসূচী তথা সুস্থ পৰিচালনা নীতিৰ অভাৱ হোৱাৰ বাবেই অনুষ্ঠানটো মৃতপ্ৰায় হৈ পৰে৷ মাজতে কণমইনা দাসক সভাপতি আৰু প্ৰসাদ শৰ্মাক সম্পাদক হিচাপে লৈ ১৯৯০-৯২ চনমানত গঠিত হোৱা সমিতিয়ে কিছু কৰ্মসক্ৰিয়তা আনিবলৈ চেষ্টা কৰিছিল৷ ইয়াৰ পাছত এক দীঘলীয়া বিৰতি; পৰিচালনা সমিতিৰ নিষ্ক্ৰি‍য়তাৰ বাবে ৰংঘৰ পৰ্যবসিত হল গৰু-ছাগলীৰ জিৰণি‍স্থানলৈ৷ অতি শেহতীয়াভাৱে‍ ক্ৰীড়া সংগঠক ম: আজিজুৰ ৰহমানক সভাপতি আৰু দিলীপ শইকীয়াক সম্পাদক হিচাপে লৈ গঠন হোৱা সন্মিলিত শিল্পী সমাজ (ৰংঘৰ)-ৰ পৰিচালনা সমিতিখনৰ লগতে বিশেষভাৱে‍ স্থানীয় মহিলাসকলৰ উৎসাহ-উদ্যম আৰু যুৱক-যুৱতীসকলৰ সহযোগিতাত ৰংঘৰ’-ত কিছু সক্ৰিয়তা পৰিলক্ষিত হৈছে৷ আমি গভীৰভাৱে‍ বিশ্বাস কৰোঁ যে উত্তৰ প্ৰজন্মৰ হাতত নেতৃত্ব চমজাই দিলেহে ৰংঘৰৰ বুকুত উন্মেষ ঘটিব নৱজীৱনৰ৷ পৰিশেষত, জাকজমকতাসৰ্বহ  ব্যৱসায়িক ধাৰণাৰ প্ৰতিমুখে ৰংঘৰৰ দৰে বেচৰকাৰী অনুষ্ঠানৰ গঠনৰ আঁৰৰ প্ৰেৰণা হিচাপে অপেছাদাৰী নাট্যসুঁতিৰ যিটো ধাৰাই পৰিশীলিত প্ৰদৰ্শনমুখী ভাবনাৰে বৃহৎ গণসংযোগৰ মাধ্যম হিচাপে নাটকৰ এক পৰিমণ্ডল গঢ়ি তোলাৰ প্ৰয়াস কৰে আৰু সমান্তৰালভাৱে কলা-কৃষ্টিৰ জীপাল বাতাৱৰণ সৃষ্টি কৰে সেই জীৱনমুখী সাংস্কৃতিক ধাৰাৰ প্ৰাণদায়িনী শক্তিৰ সাৰ্থক উপলব্ধি আজিৰ সমাজত অতীৱ জৰুৰী বিবেচিত হৈছে৷

(কৃতজ্ঞতা স্বীকাৰ : লেখাটো প্ৰস্তুত কৰিবলৈ যাওঁতে  কণমইনা দাস, ৰাজেন বড়া আৰু ৰাতুল কুমাৰ ভূঞাৰ সৈতে হোৱা আলোচনামৰ্মে কিছু তথ্য সন্নিৱিষ্ট কৰা হৈছে৷)

(বি: দ্ৰ:  থাউকতে পোৱাকৈ প্ৰামাণ্য তথ্য-টোকা নথকাৰ বাবে ৰংঘৰৰ ইতিহাস যিমানে পুৰণি হৈছে, সিমানে বিস্মৃতিৰ গৰ্ভত সোমাইছে৷ আনহাতে স্মৃতিপটৰ পৰা যিখিনি ইয়াত তুলি ধৰা হল, সিও আঁসোৱাহমুক্ত নহব পাৰে৷ এনে অৱস্থাত কাৰোবাৰ নাম অযথা ইয়াত উল্লেখ হব পাৰে বা আৱশ্যকীয় নাম বাদ পৰিব পাৰে৷ সদাশয় বিজ্ঞজনে আঙুলিয়াই দিলে সংশোধন কৰা হব৷)


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ