তেঁতেলী আৰু সৰিয়হৰে ইলিচ মাছ
ইলিচ মাছ বুলি ক’লেই সাধাৰণতে সৰিয়হ-ইলিচ, ভাপা ইলিচ, ইলিচ মাছৰ পাতুৰি আদি ৰন্ধনশৈলীয়েই আমাৰ মনলৈ আহে। এইবাৰ আগ বঢ়াইছোঁ ইলিছ মাছৰ এক ব্যতিক্ৰমী ৰন্ধন—
উপকৰণ | |
---|---|
ইলিচ মাছ | ৬ টুকুৰা |
সৰিয়হ | ২ চাহ-চামুচ |
তেঁতেলী | ১/২ টেবুল-চামুচ |
কেঁচা জলকীয়া | ৪টা |
নিমখ | স্বাদ অনুসৰি |
চেনি | ১ চাহ-চামুচ |
গোটা সৰিয়হ | ১/২ চাহ-চামুচ |
মিঠাতেল | ২ টেবুল-চামুচ |
প্ৰণালী: প্ৰথমে মাছকেইডোখৰ নিমখ আৰু হালধি সানি কিছু সময় মেৰিনেট কৰি ৰাখক৷ সেইখিনি সময়তে তেঁতেলীখিনি কাঁচৰ বাটি এটাত একাপ পানীৰ স’তে মিহলাই লওক৷ তাৰ পাছত সৰিয়হখিনি দুটা কেঁচা জলকীয়া আৰু অকণমান নিমখেৰে সৈতে মিক্সিত পেষ্ট কৰি, এটা বাটিত পেষ্টখিনিৰ লগত হালধি আৰু এগিলাচ পানী মিহলাই ৰাখক৷ এতিয়া এটা ফ্ৰায়িং পেনত মিঠাতেল দি গেছত তুলি দি, তেল গৰম হ’লে গোটা সৰিয়হকেইটা ফুটাই মাছ কেইচকল দি কিছু সময় ইলুটি-সিলুটি কৰি সৰিয়হমিহলি পানীখিনি এখন চেকনীৰে চেকি দি দিয়ক৷ সেইখিনি উতল অহাৰ লগে লগে তেঁতেলীপানীখিনিও চেকি তাতে দি দিয়ক৷ স্বাদ অনুসৰি নিমখ দিয়াৰ লগতে অকণমান চেনি দি জোলখন ঘন হৈ অহিলে দুটামান কেঁচা জলকীয়া ফালি দি নমাই পৰিৱেশন কৰক৷
গুটিকচুৰে
সৈতে মাছ
উপকৰণ | |
---|---|
চেনিপুঠি মাছ | ৫০০ গ্ৰাম |
কচু | ১টা (১৫০ গ্ৰাম) |
মেথিগুটি | ১ চাহ-চামুচ |
পিঁয়াজ | সৰু চাই ১টা |
কেঁচা জলকীয়া | ২টা |
গোলনেমুৰ ৰস | ২ চাহ-চামুচ |
ধনিয়াপাত | ২ টেবুল-চামুচ |
নিমখ | স্বাদানুসাৰে |
প্ৰণালী: প্ৰথমে কচুটো গুচাই টুকুৰা-টুকুৰ কৰি সিজাই লৈ পিটিকি লওক৷ তাৰ পাছত ফ্ৰাইপেনত মাছকেইচকল আধা ভজা কৰি সেই তেলতে মেথিকেইটা ফুটাই, পিঁয়াজকেইচকল দিয়ক৷ পিঁয়াজ ভালদৰে ভজা হ’লে হালধি দি আগতে পিটিকি থোৱা কচুখিনি দি অকণমান লৰাই এগিলাচমান গৰম পানী দিয়ক৷ উতল অহাৰ লগে লগে মাছ দি, মাছ সিজি জোলখন ঘন হ’লে নেমুৰস দি, অকণমান চেনি আৰু কেঁচা জলকীয়াকেইটা ফালি দি শেষত ধনিয়াপাত দি নমাই পৰিৱেশন কৰক৷
এইমাহৰ চাংমাইশাল ‘তৃপ্তি’-ৰ সৌজন্যত