মৌচুমী মহন্ত
আটাৰ খুৰ্মা
আটা : ৫০০ গ্ৰাম
গুৰ : ২৫০ গ্ৰাম
ৰোকা নাৰিকল: দুই টেবুল-চামুচ
ৰিফাইন তেল
নিমখ এচিকুট
প্ৰণালী: আটাৰ লগত ৪ টেবুল-চামুচ তেল আৰু নিমখ দি
ভালকৈ সানি ল’ব৷ এতিয়া পানীৰে আটাখিনি মাৰি কেইটামান বল
বনাই বেলনাত অলপ ডাঠকৈ বেলি লৈ নিজৰ পছন্দৰ আকাৰত কাটি লওক৷ এখন কেৰাহীত তেল গৰম
কৰি কম জুইত কাটি থোৱা টুকুৰাবোৰ মচ্মচীয়াকৈ ভাজক৷ এতিয়া গুৰৰ লগত আধাকাপ পানী
মিহলাই উতলিবলৈ দিয়ক৷ গুৰ উতলি আঠালেতীয়া হ’লে ভাজি থোৱা খুৰ্মাবোৰ গুৰৰ লগত মিলাই
অলপ দিয়ক৷ গুৰ শুকাই
খুৰ্মাবোৰত লাগি ধৰিলে জুই বন্ধ কৰক৷
পিঁয়াজী বেঙেনা
আদা-নহৰু বটা: এক টেবুল-চামুচ
জীৰাগুড়ি: আধা চাহ চামুচ
ধনিয়াগুড়ি: আধা চাহ-চামুচ
নিমখ-হালধি: আন্দাজমতে
গৰম মচলাৰ গুড়ি: আধা চাহ-চামুচ
কেঁচা জলকীয়া দুটামান আৰু ধনিয়াপাত অলপ
প্ৰণালী: প্ৰথমে বেঙেনাখিনি গোল গোলকৈ কাটি নিমখ-পানীত ১০ মিনিট পানীত তিয়াই থ’ব৷ তাৰ পাছত নিমখ-হালধি সানি তেলত ফ্ৰাই কৰি ল’ব৷ পিঁয়াজখিনি বটি ল’ব৷ কেৰাহীত তেল গৰম কৰি বটা পিঁয়াজখিনি দিব৷ পিঁয়াজখিনি ৰঙচুৱা পৰিলে আদা-নহৰু বটাখিনি দি কেঁচা গোন্ধ গ’লে গুড়ি মচলা দিয়ক৷ মচলা ভজাৰ পাছত আধাকাপ পানী দি উতল আহিলে বেঙেনাখিনি দি দিয়ক৷ কেঁচা জলকীয়াকেইটাও ফালি দিয়ক৷ জোলখিনি উতলি ডাঠ হৈ আহিলে গৰম মচলাৰ গুড়ি আৰু অলপ কুটা ধনিয়াপাত দি নমাই থওক৷
ফুলকবিৰ পকোৰা
ফুলকবি: ৪০০ গ্ৰাম
বেছন: এক কাপ
আদা-নহৰু বটা: এক চাহ-চামুচ
জলকীয়াৰ গুড়ি: আধা চাহ-চামুচ
জীৰা : আধা চাহ-চামুচ
ধনিয়াৰ গুড়ি: আধা চাহ-চামুচ
নিমখ আৰু হালধি: আন্দাজমতে
বেকিং পাউদাৰ: আধা চাহ-চামুচ
প্ৰণালী: ফুলকবি ঠাৰিৰ সৈতে সৰু সৰুকৈ কাটি লৈ অলপ সিজাই ল’ব৷ বেছনৰ লগত সকলো বস্তু মিহলাই পানীৰে ফেটি ল’ব৷ এতিয়া এপাহ এপাহকৈ ফুল লৈ বেছনত ডুবাই গৰম তেলত ভাজিব৷
ঠিকনা: