Letters to a Young Poet
মূল (জাৰ্মান): ৰেইনাৰ মাৰিয়া ৰিল্কে
এম্ জি হাৰ্টাৰ নৰ্টনে কৰা ইংৰাজী পাঠৰপৰা অনুবাদ : ৰমানন্দন বৰা
নবীন কবিলৈ চিঠি
পেৰিছ, ১৭ ফেব্ৰুৱাৰি, ১৯০৩
প্ৰিয়বৰেষু,
তোমাৰ চিঠিখন মই কেইদিনমানৰ আগতেহে পাইছোঁ।
তোমাৰ স্নেহাৰ্দ্ৰ বিশ্বাসৰ বাবে ধন্যবাদ জনাইছোঁ। ইয়াতকৈ অধিক ক’ব নোৱাৰোঁ। তোমাৰ কবিতাৰ
বৈশিষ্ট্যৰ
সম্পৰ্কত
মন্তব্য দিব নোৱাৰোঁ। কাৰণ সমালোচনাত্মক ধৰণ-কৰণ মোৰ পৰা বহু দূৰৈত। সমালোচনাৰ
শব্দাৱলীৰ বিষয়ে বিশেষ একো নজনাকৈ এটা শিল্পকৰ্মৰ সম্পৰ্কত আলোচনা কৰিব নোৱাৰি।
এই শব্দবোৰে মোৰ বাবে কম-বেছি পৰিমাণে হাঁহি উঠা ধৰণৰ ভুল বুজাবুজিৰ সৃষ্টি কৰে।
মানুহে ভবাৰ দৰে বিষয়বোৰ আমাৰ বাবে ইমান বোধগম্য আৰু প্ৰকাশযোগ্য নহয়। প্ৰায়বিলাক
বিষয়েই অপ্ৰকাশ্য, কাৰণ সেইবিলাক
এনেকুৱা এখন ৰাজ্যত ঘটে, য’লৈ আজিলৈকে শব্দৰ প্ৰৱেশ ঘটা
নাই। তদুপৰি শিল্পকৰ্ম অধিক অপ্ৰকাশ্য, এইবোৰ এনে ৰহস্যময় সত্তা যাৰ জীৱন আমাৰ মৃত্যুৰ পাছতো বৰ্তি থাকে৷
এই পাতনিৰ পাছত মই এইটোৱেই ক’ব খোজোঁ যে তোমাৰ কবিতাবোৰত
ব্যক্তিগত শৈলী নাই; যদিওবা সিবিলাকৰ মাজত
একান্ত আৰু গোপন ব্যক্তিগত কিবা এটাৰ আৰম্ভণি দেখা যায়। শেষ কবিতা ‘মাই ছ’ল’-ত এই কথা অতি স্পষ্ট বুলি মই অনুভৱ কৰোঁ। ইয়াত শব্দ আৰু
গীতিময়তাৰ মাজেৰে একান্ত তোমাৰ কিবা এটা ওলাই আহিবলৈ বিচাৰিছে। এটি ধুনীয়া কবিতা ‘টু লিঅ’পাৰ্ডি’-ত এই নিঃসংগ মহান
ব্যক্তিজনৰ সৈতে এটা সম্পৰ্ক গঢ় লৈছে। তৎসত্ত্বেও কবিতাবোৰ নিজস্বভাৱে একো হ’ব পৰা নাই, স্বতন্ত্ৰ হোৱা নাই; আনকি শেষৰ¸ ‘লিঅ’পাৰ্ডি’
শীৰ্ষক
কবিতাটোও। কবিতাবিলাকৰ লগতে তুমি পঠোৱা চিঠিখনেও কেতবোৰ দুৰ্বলতা স্পষ্ট নকৰাকৈ
থকা নাই। মই কবিতাবোৰ পঢ়ি যাওঁতে দুৰ্বলতাবোৰ অনুভৱ কৰিছিলোঁ যদিও সেইবিলাক মই
বিশেষভাৱে উল্লেখ কৰিব পৰা নাই।
তুমি মোক সুধিছা তোমাৰ
কবিতাবিলাক ভাল হৈছেনে? তুমি মোক সুধিছা।
ইয়াৰ আগতেও তুমি বহুতক সুধিছা। তুমি সেইবোৰ আলোচনীলৈ পঠিয়াইছা। আনৰ লগত তুলনা
কৰিছা।¸ কোনো সম্পাদকে যেতিয়া
তোমাৰ প্ৰয়াসক স্বীকৃতি দিয়া নাই তুমি বৰ অশান্তিত ভুগিছা। এতিয়া (যিহেতু তুমি মোক উপদেশ দিবলৈ
অনুমতি দিছা) মই তোমাক এই আটাইবোৰ কথা ত্যাগ কৰিবলৈ অনুৰোধ কৰিছোঁ। তুমি সন্ধান
কৰিছা বাহিৰত। তুমি এইটো কামেই কৰিব নালাগিব। কোনেও তোমাক উপদেশ দিব নোৱাৰে, সহায় কৰিব নোৱাৰে; কোনেও। কেৱল এটাই পথ আছে।
নিজৰ ভিতৰলৈ যোৱা। সেই কাৰণটো বিচাৰি উলিওৱা, যি তোমাক লিখিবলৈ অনুপ্ৰাণিত
কৰিছে; বিচাৰি উলিওৱা তোমাৰ
অন্তৰৰ অন্তঃস্থলীলৈ ই শিপাইছেনে;
তোমাৰ
আত্মাক সোধা— এইটো লিখিব নোৱাৰিলে
তোমাৰ মৃত্যু হ’বনে? সৰ্বোপৰি, নিশা আটইতকৈ নীৰৱ মুহূৰ্তত
নিজকে সোধা— মই লিখিমনে? এটা গভীৰ উত্তৰ বিচাৰি অৱগাহন
কৰা। যদি উত্তৰটো সদৰ্থক হয়,
তোমাৰ
অতি ব্যাকুল প্ৰশ্নটোৱে বিচাৰি পোৱা উত্তৰটো যদি শক্তিশালী আৰু পোনপটীয়া হয় যে ‘মই লিখিবই লাগিব’; তেন্তে এই প্ৰয়োজনটো অনুসৰি
জীৱনটোক গঢ়ি লোৱা। তোমাৰ জীৱনটোৱে আটাইতকৈ নিৰুদ্বিগ্ন আৰু তুচ্ছ সময়তো তোমাৰ এই
তাগিদাটোৰ এটা লক্ষণ বা সাক্ষ্য ফুটাই তুলিব লাগিব। তাৰ পাছত প্ৰকৃতিৰ কাষ চাপি
যোৱা। পৃথিৱীৰ প্ৰথম মানুহ এটাৰ নিচিনাকৈ ক’বলৈ আৰম্ভ কৰা— তুমি কি দেখিলা, কি অভিজ্ঞতা হ’ল, কি ভাল পালা, কি হেৰুৱালা। প্ৰেমৰ কবিতা
নিলিখিবা। প্ৰথম অৱস্থাত সেই ফৰ্মবিলাক ত্যাগ কৰিবা, যিবোৰ অতিশয় ভংগুৰ আৰু বিশেষত্বহীন। এইবিলাকেই আটাইতকৈ
কঠিন। কাৰণ যি ক্ষেত্ৰত ভাল,
আনকি
অতি উৎকৃষ্ট পৰম্পৰাই আমাৰ মন উপচাই তোলেহি, তাত নিজাববীয়াকৈ নতুন কিবা এটা দিবলৈ হ’লে মহৎ আৰু সম্পূৰ্ণ পৰিপক্ক
শক্তিৰ প্ৰয়োজন। সেই কাৰণে সাধাৰণ বিষয়বস্তুৰ পৰা নিজকে আঁতৰাই ৰাখা আৰু তোমাৰ
দৈনন্দিন জীৱনে আগবঢ়োৱা বিষয়ৰ সন্ধান কৰা। তোমাৰ দুখ, আশা-আকাংক্ষা, হেৰাই যোৱা চিন্তা-ভাবনা,
সুন্দৰতাৰ
ধ্যান-ধাৰণা আদিবোৰক মৰমলগা,
শান্ত, সৰল আনুগত্য আৰু ব্যৱহাৰিকতাৰে
বৰ্ণনা কৰা। প্ৰকাশ কৰিবলৈ যত্ন কৰা তোমাক নিজক, তোমাৰ চৌপাশৰ বস্তুবোৰক, তোমাৰ অনুভূতিৰ সাঁচবোৰক, তোমাৰ স্মৃতিৰ বস্তুবোৰক। যদি তোমাৰ দৈনন্দিন জীৱনটো নিচেই
সাধাৰণ দৰিদ্ৰ যেন বোধ হয়,
তেন্তে
তাক দোষ নিদিবা। দোষ দিয়া তোমাৰ দৃষ্টিক। নিজকে কোৱা যে ইয়াৰ ভিতৰত সোমাই থকা সম্পদ
উলিয়াই আনিব পৰাকৈ তুমি কবি নহয়।
সৃষ্টিকৰ্তাৰ বাবে দাৰিদ্ৰ্য বা দৰিদ্ৰবিহীন কোনো ঠাই নাই। যদিহে তুমি কাৰাগাৰত
আছা, য’ত ওখ বেৰকেইখনে পৃথিৱীৰ কোনো
শব্দকে তোমাৰ চেতনালৈ আহিবলৈ নিদিয়ে, তেতিয়াও জানো তোমাৰ শৈশৱটো নাথাকিব— সেই অমূল্য ৰাজকীয়
সম্পদ, স্মৃতিৰ অফুৰন্ত
ভঁৰালটো? তোমাৰ মনোযোগ তাত
নিৱিষ্ট কৰা। তোমাৰ চহকী অতীতৰ শিহৰণবোৰ বিস্মৃতিত বুৰ যোৱাৰ পৰা উঠাই আনিবলৈ যত্ন
কৰা। তেতিয়া তোমাৰ ব্যক্তিত্ব অধিক দৃঢ় হ’ব, তোমাৰ নিঃসংগতা
বিস্তৃত হ’ব আৰু অস্পষ্ট
চিন্তা-ভাবনাবোৰ আঁতৰ হ’ব— আৰু এনেকৈ অন্তৰ্মুখী হোৱাৰ ফলত, তোমাৰ নিজৰ পৃথিৱীখনতে
নিমজ্জিত হোৱাৰ ফলত যদি কবিতা ওলাই আহে, তেনেহ’লে তুমি আৰু কাকো এয়া
ভাল কবিতা হৈছেনে বুলি সুধিবৰ প্ৰয়োজন নাথাকিব। অথবা আলোচনীবোৰে তোমাৰ কবিতাক
গুৰুত্ব দিয়ক বুলি যত্ন কৰাৰো প্ৰয়োজন নাই। কাৰণ তুমি তাত বিচাৰি পাবা তোমাৰ প্ৰিয়
স্বাভাৱিক সম্পদবোৰ, তোমাৰ জীৱনৰ একোটা
টুকুৰা, তোমাৰ জীৱনৰ কণ্ঠ।
প্ৰয়োজনৰ পৰা সৃষ্টি হোৱা শিল্পবস্তুৱেই উৎকৃষ্ট। ইয়াৰ উৎপত্তিৰ মূলতে থকা এই
বৈশিষ্ট্যই হ’ল ইয়াৰ মাপকাঠি; অন্য একো নাই। সেয়ে, হে প্ৰিয়বৰ, ইয়াতকৈ মই আৰু আন একো উপদেশ
দিব নাজানো:
নিজৰ ভিতৰলৈ যোৱা, সেই গভীৰতাত বিচাৰ
কৰা, য’ৰ পৰা তোমাৰ জীৱনে উত্থান
বিচাৰি পায়। ইয়াৰ উৎসতে ‘তুমি লিখিবানে?’ এই প্ৰশ্নৰ উত্তৰ বিচাৰি
পাবা। যি উত্তৰেই পোৱা, গ্ৰহণ কৰা। তাত
প্ৰশ্ন নুতুলিবা। সম্ভৱতঃ এনেকুৱাও হ’ব পাৰে যে তুমি এজন শিল্পী হিচাপে পৰিচয় দিয়াৰ ধাৰণাটোৱেই নাকচ হৈছে। তেতিয়া
বাহিৰৰ পৰা ক্ষতিপূৰণ নিবিচৰাকৈ তোমাৰ এই দুৰ্ভাগ্য গ্ৰহণ কৰাঁ, দুখৰ ভাৰ আৰু ইয়াৰ বিশালতাক
বহন কৰা। কাৰণ সৃষ্টিশীল শিল্পীজন নিজেই একোখন পৃথিৱী হৈ উঠিব লাগিব; নিজৰ মাজত আৰু তেওঁ সংযুক্ত
হৈ থকা প্ৰকৃতিৰ মাজত সকলো বিচাৰি পাব লাগিব।
কিন্তু তোমাৰ নিজৰ মাজত, তোমাৰ ভিতৰৰ নিঃসংগতাৰ মাজত
অৱগাহন কৰোঁতে এনেকুৱাও হ’ব পাৰে যে তুমি কবি
হোৱাটো বাদ দিব লগা হৈছে (মই কৈছোঁৱেই, এইটো অনুভৱ কৰা দৰকাৰ যে কোনোবাই যদি নিলিখাকৈ জীয়াই থাকিব পাৰে, তেন্তে তেওঁ লিখাৰ প্ৰয়াস
নকৰাই ভাল।) তথাপি মই তোমাক যি আত্মানুসন্ধানৰ কথা কৈছোঁ, সি কেতিয়াও অথলে নাযায়। যি প্ৰকাৰেই নহওক কিয়, তেতিয়াৰ পৰা তোমাৰ জীৱনে নিজৰ
পথ ল’ব, যিটো হয়তো মই কোৱাতকৈ ভাল, চহকী আৰু বিশাল হ’ব বুলি আশা কৰিব পাৰোঁ।
তোমাক আৰুনো কি ক’ম? কেৱল একেটা কথাকেই জোৰ দি কোৱাহে হ’ব। মুঠতে মই তোমাক এই উপদেশেই দিবলৈ বিচাৰোঁ যে নীৰৱে আগ বাঢ়ি যোৱা আৰু
তোমাৰ উত্তৰণৰ সমগ্ৰ পথটোত তোমাক অতি নিৰ্দয়ভাৱে হানি কৰিব পাৰে কেৱল এটা কথাই— যদিহে তুমি তোমাৰ ভিতৰতে, তোমাৰ একান্ত নিৰ্জন ক্ষণত পাব পৰা উত্তৰটো বাহিৰৰ পৰা
বিচাৰিবলৈ লোৱা।
তোমাৰ চিঠিখনত অধ্যাপক হেৰকৰ
নামটো পাই মোৰ বৰ ভাল লাগিল। এইজন জ্ঞানী ব্যক্তিৰ প্ৰতি মোৰ বহু বছৰৰ পৰা গভীৰ
শ্ৰদ্ধা আৰু কৃতজ্ঞতা আছে। অনুগ্ৰহ কৰি তেখেতক মোৰ অনুভৱ জনাবা। মোক যে এতিয়াও মনত
পেলাইছে, সেইটো তেখেতৰে
মহানুভৱতা; আৰু কেনেদৰে কৃতজ্ঞ হ’ব লাগে মই জানো।
তুমি মোলৈ পঠোৱা কবিতাখিনি মই
তোমালৈ ঘূৰাই পঠিয়াইছোঁ। মোৰ দৰে অচিনাকি মানুহৰ ওপৰত ৰখা গভীৰ বিশ্বাসৰ বাবে
তোমাক পুনৰবাৰ ধন্যবাদ জনাইছোঁ। মই সততাৰে মোৰ জ্ঞান অনুসৰি উত্তৰ দিবলৈ যত্ন কৰিলোঁ। এনে কৰিবলৈ পাই মই
নিজকে প্ৰকৃত জোখতকৈ অধিক যোগ্য বুলি ভাবিছোঁ।
বিশ্বাস আৰু সহৃদয়তাৰে,
ৰেইনাৰ মাৰিয়া ৰিল্কে