অন্যযুগ/


ৰহিমলা ঐ

প্ৰতীক্ষা বৰা

 

আৰু এনেকৈয়ে, থনৰকৈ ভাগিল বুকুখন। বুকু ভঙাৰ শব্দটো যেন ইন্দ্ৰাণী শইকীয়াৰ কাণতহে বাজিল। হাই-উৰুমি নোহোৱা জঠৰ দুপৰীয়া এটাত কাণ দুখন জোৰকৈ হেঁচি ধৰিবৰ মন গ’ল তেখেতৰ, হো-হোৱাই উজাই অহা আগবেলাৰ হজম হ’বলৈ নেদেখা খোৱাবোৰক ঘটিয়ে ঘটিয়ে পানী খাই উলিয়াই দিহে তত্ পালে। ‘গেছে’ দিগদাৰ দিয়া শীতাৰ্ত মাঘৰ দুপৰীয়া, সেউজীয়া বন্ধাকবি আৰু আধা কেঁচেলুৱা আলুবোৰ কি ফূৰ্তিত জানো গিলিছিল! জপটিয়াই ধৰিব খোজা দুখ এটাৰ উপলব্ধিত ওঁঠৰ কোণদুটা তলফালে ক্ৰমাৎ বেঁকা হৈ আহি আহি অদ্ভূত কোঁ-কোঁৱনিৰ শব্দ এটা বাহিৰ ওলাল। খিৰিকীৰ লোহাডালত খামোচ মাৰি ধৰি মানুহজনী বহুত পৰলৈকে কঁপি থাকিল।

চাদৰৰ আঁচলেৰে চকু-মুখ মোহাৰি আইনাত চালেহি নিজকে। কি নাই, কি নাই এই প্ৰতিবিম্বত? দেৱী প্ৰতিমাৰ দৰে নিটোল সুন্দৰ এখনি তেজগোৰা মুখ, কপাহী চাদৰখনে ধুনীয়াকৈ মেৰিয়াই ৰাখিব পৰা মাৰ্বলৰ মূৰ্তিৰ দৰে নিমজ শৰীৰ। গলধনৰ ওপৰত নিৰ্বিঘ্নে জিৰাবলৈ লোৱা কিচকিচিয়া চুলিৰ ঘিলাখোপা, তাতে গুঁজি লোৱা খৰিকাজাঁই। চকু পানীপতাত পু্ৱা গা-পা ধুই অভ‍্যাসবশতঃ সানি লোৱা কাজলৰ অৱশেষ। আৰু কি লাগে সৌন্দৰ্য‍ৰ নামত?

নাই। এইবোৰৰ উপৰি আৰু বহুত কিবাকিবিয়েই লাগে। সুন্দৰ যুক্তিশীল মন, অধ‍্যয়নস্পৃহা, কিছু বাচকবনীয়া খ, পাকঘৰত দিবা-নিশি হেঁতা ঘূৰাই ভাত-দাইল-ভাজি ৰন্ধাৰ উপৰি অত‍্যাধুনিক কিছু দেশী-বিদেশী ব‍্যঞ্জন ৰন্ধাৰ পাৰদৰ্শিতা, আজৰি পৰৰ বেলকনিৰ আড্ডাবোৰ সৰস কৰি তুলিব পৰা গুণ এইবোৰৰ এটাও ইন্দ্ৰাণী শইকীয়াৰ নাই।

কিশোৰী অৱস্থাত ইন্দ্ৰাণী শইকীয়া মস্ত জাধলী আছিল। জাধলী মানে, মূৰৰ চুলি অত‍্যাধিক প্ৰয়োজন নোহোৱালৈকে নফণিয়াইছিল, সাজ-পাৰত চৌখিন নাছিল, মুখত এচিকুটো ৰং ঘঁহিব নাজানিছিল, দূৰণিবটীয়াকৈ ফুৰিবলৈ যাওঁতে কাচিৎ সনা আইলাইনাৰকণ বাদুৰ এক মিলিমিটাৰ ওপৰত আঁকিবলৈ লওঁতে ভনীয়েক ৰঞ্জনাই দুভুকুমান দি গালি পাৰিছিল; “কিবা অকণতো শিক। হাতডালেই পোন নহয় তোৰ।” কাজল, লিপষ্টিক, আইলাইনাৰ, পাউদাৰ কিবা যেন নহ’লেও হৈ যায়। ঈশ্বৰে দিয়া ভাল ধৰণৰ মুখ এখন আছেই, ছালছটাও ভাল ফোঁহা এটা নুঠে। চুলি মুঠা জবাফুল, জেতুকা পিহি সানি মাকেই যি ভাল কৰি থৈ গ’ল, ৰ’দত ওলালেই জিকমিকায়। কি আৰু লাগিছে। ৰূপহ কোঁৱৰে আহি সৌন্দৰ্য‍ৰ পিয়লা পান কৰাৰহে কথা!

ৰূপহ কোঁৱৰে বাট ভুল কৰিলে। ভুল কৰিলে নে ভোল গ’ল, চিঠিখন আহি ভনীয়েক ৰঞ্জনাৰ হাতত হে পৰিল। দুই পৃষ্ঠা জোৰা কবিতা কবিতা লগা কথাবোৰ, যেন দেহজ সৌন্দৰ্য‍ৰ সুষম সাধনা। ৰঞ্জনাৰ চকু কাজলত, ৰূপৰ পায়েলৰ ৰুণুকজুনুক সমৃদ্ধ উচ্ছ্বল জলতৰংগ যেন পদধ্বনিত, পদুম ফুলৰ ঠাৰি হেন হাতত পিন্ধা মুঠিখাৰুযোৰৰ ছন্দোবদ্ধ লয়লাসত ৰূপহ কোঁৱৰৰ কিবা যেন হৈ যায়‌‌। তালফাল লগোৱা বুকুৰ গৰাকীয়ে উপায়ান্তৰ হৈ চিঠি লিখিছে, ৰঞ্জনাক গৰকি যাবলৈ অনুৰোধ কৰিছে তাৰ তালফলৰ শাহ হেন বুকু।

ইন্দ্ৰাণী শইকীয়াৰ বুকুখন ‘থনৰ’কৈ সিদিনাও ভাগিছিল। এক অৰ্থত সেয়াই আছিল আৰম্ভণি, ৰূপহ কোঁৱৰৰ আয়তাকাৰ চকুৰ গভীৰতাত অতদিনে থৰকাচুটি হেৰাইছিল তেওঁৰহে, চকুৰ অগা-ডেৱাবোৰকেই সন্মতি বুলি ভাবি মনতে ভাবি গুণি আগবাঢ়িছিল তেওঁহে– ৰঞ্জনাতো নহয়। তেনেহ’লে এয়া কি হৈ গ’ল! 

সেইবাৰৰ পৰা কত ভাঙিল, কত জোৰা লাগিল, কিন্তু প্ৰথমবাৰ ‘থনৰ’ কৰাৰ সেই বিকট কাণ তাল মৰা শব্দ কিবা এটামান অসহনীয় হ’লেই ‘ট্ৰিগাৰ’ এটাৰ দৰে ইন্দ্ৰাণী শইকীয়াৰ কাণত বাজি থাকিল।

কথাবোৰ সলনি হৈছিল। পোন চুলিবোৰৰ জঁট ভাগিছিল। বেণীত গোঁজ খাইছিল গোলপীয়া গোলাপ, শুভ্ৰ খৰিকাজাঁই অথবা বতৰ চাই তগৰ। বহাগ আহিলেই খোপাত মেৰিয়াই কপৌ। (কোঁৱৰে লিখা চিঠিখনত কিবা খোপাত গোজা ফুলৰ সুঘ্ৰাণৰ কথা আছিল, সেই বিশেষ বাক‍্যশাৰী অলপ আৱেগিক ধৰণে লিখা কাৰণেই নেকি ইন্দ্ৰাণী শইকীয়াৰ মনত দ-কৈ সাঁচ বহুৱাইছিল। সেই বাক‍্যৰ গেদখিনিৰেই কামাল এইবোৰ।) মুখত সামান‍্য প্ৰসাধনৰ লেপ লাগিছিল (কাজলৰ মাত্ৰাই সৰ্বাধিক), পুৱা উঠি খোজকঢ়াৰ অভ‍্যাস আৰু ঘূৰি আহি কুহুমীয়া গৰম পানীত নেমু চেপি খোৱাৰ অভ‍্যাস এটা গঢ় লৈ উঠিছিল।

কোঁৱৰ নাহিছিল। ৰঞ্জনায়ো পঠিয়াই দিছিল তাক। দুয়ো বাই-ভনীৰ জীৱনত কোঁৱৰ স্মৃতি হৈছিল। এৰি গৈছিল এটা অভিশাপ - ‘থনৰ’ ‘থনৰ’ শব্দৰে ভৰা।

“ইমান ছেঞ্চিটিভ্ হ’লে কেনেকৈ হ’ব?” বুলি হাতখনত ধৰাৰ দিনৰেপৰা গিৰিহঁতে ইন্দ্ৰাণী শইকীয়াক শুনাই আছে। বিনিময়ত মাত এষাৰিও নামাতে তেওঁ। কাৰণ মাতি লাভ নাই। ইন্দ্ৰাণী শইকীয়া ছেঞ্চিটিভেই। নহ’বলৈ চেষ্টা কৰিছিল এসময়ত, দুমাহ মান ধৈৰ্য‍ ধৰি থকাৰ পিছত এদিন ৰ’দ লৈ অকলশৰে ভাত খাবলৈ বহোঁতেই হাও হাওকৈ কান্দিলে। মুখৰ আধাচোবোৱা ভাত লডাই লডাই সৰিল। অৱশেষত পেট গৈ পোৱাকিটাও বমি হৈ ওলাই আহিল। বাদ দিলে। ঈশ্বৰৰ অভিশাপ! কিবা পূৰ্বজন্মৰ খেল!

‘তুমি বৰ ছেঞ্চিটিভ!” এটা ‘জেনেৰেলাইজড্ অপিনিয়ন’। আনক দি ভাল লাগে। প্ৰশংসা, অপমান কিম্বা সহমৰ্মিতা– সুযোগ-সুবিধা বুজি সকলোতে এই আপ্তবাক‍্যষাৰ ইস্তেমাল কৰিব পৰা যায়। তৎসত্ত্বেও ইন্দ্ৰাণী শইকীয়া প্ৰয়োজনত মানসিকভাৱে সবল হ’ব পাৰিছিল। ঘৰ ধৰি খাইছিল। প্ৰয়োজনত মুখে মুখে উত্তৰো দিবলৈ শিকিছিল। মৰমিয়াল আৰু সাদৰী তিৰোতা আছিল। ফেচবুক, ইনষ্টাগ্ৰাম কৰিবলৈ শিকিছিল। অ’ৰ ত’ৰ বন্ধু এগাল গোটাইছিল। ‘বৌ’, ‘বৌ’ বুলি সিহঁতৰো কত যে আদৰ। এদিন সদলবলে আহি তেওঁৰ ঘৰত এসাঁজ খায়ো গ’লহি। কিবা ফে’চবুকীয়া গোট এটাৰো তেওঁ নিয়মীয়া সদস‍্যা। লাইক, কমেণ্টৰ ফুলজাৰি। চলি আছিল সকলো বেলেঞ্চত।

আহি গ’ল। চাপ খালে আপদ। কালসৰ্পৰ দৰে ফণা মেলি ফে’চবুকটোৱে নতুনকৈ বৃহদাকাৰ ‘থনৰ’ শব্দ এটাৰ যো-জা কৰিলে। 

অনাহূত জুই লাগিল ক’ৰবাত।

ক’ৰবাত মানে, সেই মনটোতে লাগিল। সি ক্ৰমাৎ শৰীৰলৈ বিয়পিল। পুনৰ মনটোক ঘুকুটি খালে।

ধূপ-ধূনা আৰু গধূলিগোপালৰ মিশ্ৰিত গোন্ধ ওপঙি ফুৰা সন্ধ‍্যা এটাত ঘপহকৈ চকুত পৰিছিল। লেম্পশ্বে’ড এটাৰ পোহৰৰ আঁৰত হাৰমনিয়ামৰ ৰীডত এহাল হাত, ফ্ৰেমৰ ভিতৰত সেই লেম্পশ্বেড, হাত আৰু হাৰমনিয়ামৰ এছোৱা। গোটেইখন ছাঁ-পোহৰৰ খেলা। মায়া, মায়া। সকলোবোৰেই দেখোন মায়া। ‘পৰজনমৰ শুভলগনত যদিহে আমাৰ হয় দেখা’; মাতটো যেন ইন্দ্ৰাণী শইকীয়াই ধাৰণ কৰি লৈছিল। কিছুমান মাতত জীৱন ধাৰণৰ শক্তি থাকে, যি সাৰ পানী যোগান ধৰি সময়বোৰ সহনশীল কৰি তোলে। ইন্দ্ৰাণী শইকীয়াই সেই মাতটোত জীৱন ধাৰণৰ শক্তি বিচাৰি পাইছিল। সেই সুৰৰ আঁচল ধৰি তেওঁ আছিল অনাগত দিনবোৰ পাৰ কৰি নিয়াৰ অবোধ সপোন এটা দেখিছিল।

“আপুনি...”

“অঁ, ভালে আছে ?”

“দেখি থকা হয় আপোনাক, মাত লগোৱাহে নহয়।”

“কওকচোন।”

গতানুগতিকতাই যেতিয়া আমনি কৰিবলৈ ধৰে, মানুহে হঠাৎ কিবা এটা কৰি পেলাব বিচাৰে। পৃথিৱীখন তল-ওপৰ কৰা টাইপৰ। বান্ধোন এটাই যেতিয়া কেউপিনৰ পৰা আঁটি আঁটি আহি থাকে, উশাহটো সিমানেই নুঘূৰা হয়। লাগি লাগি ধৰে। মুক্তমনে ল’ব পৰা বতাহ এছাটি বিচাৰি আগ-পিছ নুগুণি খুলি দিয়া হয় কোঠাৰ হাজাৰখন খিৰিকী। খিৰিকীৰ ইপাৰে বতাহছাটি ধূলিয়ৰিয়ে হওক লাগিলে, ক্ষন্তেকলৈ সেয়াই জুৰ মলয়া। মলয়াছাটি গাত লগাবলৈ অদ্ভুত তাড়না এটা ওপজিল তেওঁৰ, হুৰমূৰাই খুলি দিলে বহুতখন খিৰিকী। বান্ধ সুলকিল। মন এই উৰোঁ উৰোঁ।

বিবেকে প্ৰশ্ন কৰে- এয়া দায়িত্বজ্ঞানহীনতাৰ চৰম নিদৰ্শন নহয়নে?”

“কিন্তু মই যে হাৰি গৈছোঁ।”

“ইস্। মায়াৰ ওচৰত নে? যদি সেইজন এজন ‘ৰেপিষ্ট্’, এজন ‘ডমেষ্টিক এবিউচাৰ’ অথবা ‘ক্লেপ্ট’মেনিয়াক’? তুমিতো একোৱেই নাজানা।”

“ইমান বেয়া কাম তেওঁ কৰিবগৈ নোৱাৰে।”

প্ৰশ্নৰ কটা-কটি চলি থাকে। অহৰহ যদ্ধ এখন চলি থাকে। পিছল বাট এটাত অত‍্যধিক খুপি খুপি আগবাঢ়ে ইন্দ্ৰাণী শইকীয়া। মানুহে গম পালেও জানো কমখন কথা হব!

ছাঁ-পোহৰৰ ভিডিঅ’টোকে ঘূৰাই পকাই চাই থাকে তেওঁ। মন দি চাওঁতে চাওঁতে সৰু সৰু কথাবোৰ সাৰি নাযায়। হাৰমনিয়ামৰ আঙুলিবোৰ ভোটা, লেম্পশ্বে’ডটোৰ পোহৰখিনি মাজে মাজে কঁপি থাকে, আন্ধাৰ ঠাইখিনিত কিবা কিতাপ-পত্ৰৰ জাপ, সামান‍্য পোহৰ পৰা কাগজৰ বগা বগা আগবোৰেই তাৰ প্ৰমাণ। আৰু বা কোন আছে ঘৰখনত! তেওঁৰ অনুভৱ হয় যেন আৰু কোনোবা আছে। এটা ‘ফেমিনিন এনাৰ্জি’, যেন এই সোমাবহি ফ্ৰেমত, ঘৰৰ কাম কাজৰ পৰা আহৰি পোৱা নাই, অথবা কাম কাজৰ অন্তত চাহ একাপ লৈ এক্ষন্তেক জিৰাইছে, অথবা অফিচৰ কাম, ব‍্যস্ততা, বজাৰ-সমাৰ। সেই ফেমিনিন এনাৰ্জিটো ফ্ৰেমত বন্দী হোৱাক লৈ তেওঁৰ অপেক্ষা, অন্ততঃ তেওঁৰ উত্তেজনাখিনি শাম কাটক। পাৰিলে আজিয়েই কিবা এটা হেস্ত-নেস্ত হৈ যাওক।

“আপোনাৰ ঘৰত কোন কোন আছে?”

“মই অকলে।”

“অহ্।”

গানৰ ‘অ’ডিঅ’ ক্লিপ’বোৰ আহি থাকে। ডাউনল’ড কৰি শুনা চলি থাকে। একেটা কণ্ঠ দিনটোত চাৰিবাৰমান বজা শুনি ঘৰৰ মানুহে শুনিবলৈ বাধ‍্য হয়; “কোনে গাইছে নো?”

“এহ্ দাদা এজন, লকডাউন পাই খুব গান গাইছে, গাই গাই আমালৈ পঠিয়াই আছে।”

*  *  *

কেতিয়াও লগ নোপোৱা মানুহ এজনক জোৰ কৰি গান গোৱাবলৈ বেয়াও লাগে তেওঁৰ, তথাপি লাজ-মান কাটি কৰি কেতিয়াবা ঢাকোনখন উদঙাই দিয়া হয়।

“শুনকচোন, ৰহিমলা ওৰণিৰ মাজেৰেটো গাই শুনাব?”

“ওঁ মুড বনাব লাগিব।”

ইন্দ্ৰাণী শইকীয়াই মন কৰে, মানুহজন অধ‍্যয়নশীল। ঘৰত এটা মস্ত ডাঙৰ লাইব্ৰেৰী ৰাখিছে। ফে’চবুকত কোনো-কোনো মানুহৰ কথা-বতৰাত সাংঘাটিক ছিৰিয়াছ মন্তব‍্য কৰা দেখে। গল্প-উপন‍্যাস, দেশ-কাল-ৰাজনীতিৰ বিষয়ত সমালোচনাত্মক মন্তব‍্য, ‘সমগ্ৰ ছিষ্টেম’টোক লৈ জ্ঞানগৰ্ভ উক্তি অথবা চূড়ান্ত বিষোদগাৰ, নিৰ্মলপ্ৰভা বৰদলৈয়ে লিখা প্ৰথমটো গানৰ পৰা আৰম্ভ কৰি পীযুষ মিশ্ৰৰ ৰংগমঞ্চৰ গীত, মংগোলীয়সকলৰ লোকসংগীত, ক’ৰিয়ানসকলৰ ট্ৰট্ মিউজিক, অ’ল্ড্ মেন ৰিভাৰ, বব্ ডিলান, পিংক ফ্লয়ড আদিৰ মাজেদি গৈ ‘ইমাজিন ড্ৰেগনছ’ৰ প্ৰচুৰ জীৱনমুখী গানলৈকে, এই সকলোবোৰৰ ওপৰত তেওঁ কিবা এষাৰি ক’ব পৰাকৈ মজুত ৰাখিছে।

ইন্দ্ৰাণী শইকীয়াই এইবোৰ একোৰে উৱাদিহ নাপায়। তেওঁৰ কাণত ইলেক্ট্ৰনিক গীটাৰৰ কোঁ-কোঁৱনিবোৰ সংগীত যেন নালাগেই। দেশ-কাল-ৰাজনীতি সম্পৰ্কে সাংঘাতিক কিবা এষাৰি ক’ব পৰাকৈ হিম্মত, অধ‍্যয়ন তেওঁৰ নাই। অঁ, অৱশ‍্যে নিত‍্যব‍্যৱহাৰ্য সামগ্ৰীৰ মূল‍্যবৃদ্ধিৰ বিষয়ত তেওঁ ভালকৈয়ে এবকলা গাব পাৰিব। গতানুগতিক জীৱনটো জীয়াই থাকোঁতে সন্মুখীন হ’বলগীয়া বিভিন্ন সমস‍্যাসমূহৰ কথাও ক’ব পাৰিব (তাৰো সকলোবোৰ নহয়।) ভয়ংকৰ কিবা এষাৰি কৈ ৰাইজৰ ৰোষত পৰাৰ হাবিয়াস তেওঁৰ নাই, ডাঙৰ কৰিবলৈ চাৰিবছৰীয়া ল’ৰা এটা আছে। কথা-কাণ্ডবোৰ আঁতৰৰ পৰা চাই সন্তোষ লভা হয় যদিও মনত অকণমান বেজাৰো লাগে- পেনপেনীয়া গল্প উপন‍্যাসবোৰ এৰি লাগতিয়াল বিষয় এটাকে মন দি পঢ়া হ’লে আজি তেওঁ সেইজনৰ লগত সমানে সমানে...

এহ্ থওক, গানবোৰতো তেওঁলৈকে আহে।

তেওঁ মানি লৈছে, যে গানবোৰ অকল তেওঁলৈকে আহে। অন্ততঃ তেওঁ নিজাকৈ অনুৰোধ কৰাকেইটাতো আহেই। ভাল লাগে এনেদৰে ভাবি। আজিলৈকে কোনেও তেওঁৰ নামত নিলিখা কবিতাটো, তেওঁৰ নামত নহা চিঠিখন, তেওঁৰ চকুত চকু ৰাখি ভুটুংকৈ মৰমৰ কথাষাৰি কৈ নোযোৱা ৰূপহ কোঁৱৰ, তেওঁৰ বাবে নিলিখা গানটো; এই সকলোবোৰৰ ক্ষতিপূৰণ যেন এতিয়া হাৰমনিয়াম বাদকৰ গানখিনিতেই (তেওঁ মনত পেলাই, বিয়াত বহাৰ আগেয়ে, আৰু তাৰ আগতো দুবাৰমান ঠিক এনে ধৰণৰ ‘ফিলিং’ আহিছিল দেখোন, সময়ৰ গঁৰা খহনীয়াত সেইবোৰ উটি গল যদিও নৱ নৱ বহাগ অহাদি, গুটি সিঁচিলেই জাৰৰ আগে আগে সোণগলা ৰ’দ পাই লহপহকৈ গজি অহা ধনিয়াডৰাৰ দৰে ‘ফিলিং’টো গজি-মৰি থাকে। উফ্ এই ‘ছেঞ্চিটিভ হাৰ্ট’খনৰ কিবা এটা কৰিবৰ হ’ল দেই।)

উত্তেজনা শাম নাকাটে। পৰা হ’লে লিখি পেলালেহেঁতেন এই কাহিনীটো, কোনেও গৈ নোপোৱা গুহা-কন্দৰৰ বুকুত ঠেকা খোৱাকৈ চিঞৰি চিঞৰি ক’লেহেঁতেন এই কাহিনীটো, থিয় গঁৰাৰ পৰা উকি মাৰি পৰ্বতৰ নামনিলৈকে বিয়পাই দিলেহেতেন এই কাহিনীটো, আকাশবাণী কেন্দ্ৰৰ কোনো ‘ফোন-ইন’ অনুষ্ঠানত উশাহ নোপোৱাকৈ কৈ পেলালেহেঁতেন এই কাহিনীটো আৰু ক’লেহেঁতেন “অমুক গানটো বজাওকনা তেওঁ বৰ ভাল পাইছিল।”

কিন্তু কাহিনীৰ অন্ত ইমানতে হ’ব নালাগে, সেইবাবে উছাহতে গৈ ক’লেগৈ পুৱতিতৰা বৰুৱাক।

পুৱতিতৰা বৰুৱা; মিউচুৱেল ফ্ৰেণ্ড, কেইবাটাও অনলাইন গোটৰ নিয়মীয়া সদস‍্যা, লিখা-মেলা কৰে, ইটো-সিটো ‘ফ্ৰেছ টপিক’ৰ ওপৰত নিয়মীয়াকৈ নিজৰ প্ৰগতিশীল বক্তব‍্য দাঙি ধৰে (ফে’চবুকত নাৰী সবলীকৰণৰ তেঁৱেই যেন বাটকটীয়া; শিৰত সেন্দূৰ লোৱা, কৰ্মক্ষেত্ৰে, সংসাৰক্ষেত্ৰে সংস্কৃতি ৰক্ষাৰ নামত চাদৰ মেখেলাযোৰ পিন্ধিবই লগীয়া হোৱা, বিবাহ নামৰ অনুষ্ঠানৰ আজিৰ যুগত প্ৰাসংগিকতা কিমান আদি বিষয়ত ক’বলৈ পালে তেওঁ সলসলীয়াকৈ ক’ব-লিখিব পাৰে, তাকো তথ‍্য আৰু উদাহৰণসহকাৰে।), খুহুতীয়া কথাৰ পেৰা, চকুত ডাঠকৈ কাজল আঁকে, কপাহী শাৰী পিন্ধে, কেতিয়াবা অনলাইনত নিজৰ দুখৰ প্ৰলাপো বকে... মুঠতে সুখে-দুখে, খঙে-ৰাগে তেওঁ তমস্কাৰ।

কথাবোৰৰ পৰা পুৱতিতৰাক বুজন মহিলা যেন লাগে। হৰম’নে ওভতগোৰে নাচোতে যে আইন-কানুন, অনুষ্ঠান-প্ৰতিষ্ঠান নামানে, গতিকে ইয়াৰ সাপেক্ষে আজিৰ যুগৰ নৈতিক ব‍্যৱস্থাটোৰ গুৰিৰ পৰা সালসলনি কৰাৰ প্ৰয়োজন আহি পৰিছে; এই ধৰণৰ কথাৰ পৃষ্ঠপোষকতাও তেওঁ অ’ত ত’ত কৰি ফুৰা দেখে। প্ৰথমাৱস্থাত সেইবোৰ দেখি ইন্দ্ৰাণীৰ চকু থৰ হৈছিল। এতিয়া লগা হৈছে। পুৱতিতৰাক ইন্দ্ৰাণীৰ লগা হৈছে।

“হেৰি নহয় বাইদেউ (পুৱতি দুবছৰমান ডাঙৰ বয়সত), কথা এটা হৈছে নহয়!”

 *  *  *

 “হেই, সৌজন। মোকো দি থাকে হেৰৌ সেইবোৰ গান। এনে চেনি!” 

‘এনে চেনি!’ শব্দ দুটা ধমহকৈ বুকুত লাগি থনৰকৈ বুকুখন ভাগিল।

পুৰণা ট্ৰিগাৰৰ উকমুকনি। ৰূপহ কোঁৱৰে তাহানিতে দি যোৱা শাওপাত, গোটেই জীৱনলৈ বুলি তাইৰ মূৰৰ ওপৰত বহি একঠা খাব। 

পুৱতিতৰাই হয়তো আৰু কিবাকিবি কৈছিল। “এই মানুহবোৰ এনেকুৱাই, অনলাইন আহি ফুকলীয়া ছোৱালীকো এৰি নিদিয়ে, তুমি মই কোন কুটা” ধৰণৰ কলাখাৰ হেন কথা। ইন্দ্ৰাণী শইকীয়াৰ শুনাৰ ধৈৰ্য‍ নাছিল। তেওঁৰ কাণত বুকু ভঙাৰ থনৰ থনৰ শব্দ একোটাহঁত কাণ তাল মৰাকৈ বাজিব ধৰিছিল।

চকু-মুখ মোহাৰি তেওঁ দিনটোলৈ আজৰি হ’ল।

দুখত মজি থাকিব পৰাটোও মধ‍্যবিত্তৰ বাবে এটা বিলাসেই।

ঘৰ-দুৱাৰ সাৰি-মচি, ভাত-পানী ৰান্ধি তেওঁ কিবাকিবি কামত ব‍্যস্ত থাকিব বিচাৰিলে। সদৌ শেষত বাস্তৱলৈ উভতি অহাৰ বাট একেটাই। শান্ত, গতানুগতিক, নিজান, সহজ।

ৰাতিলৈ ‘মটন কছা’ ৰন্ধনৰ ফৰমাইচ উঠিল। ফৰমাইচ পূৰণৰ যো-জা চলিল। শুকাবলৈ মেলি দিয়া খৰখৰীয়া কাপোৰ সন্ধিয়া লগাৰ আগে ভাগে আহি ভিতৰ সোমাল। গোঁসাই ঘৰত চাকি তেল-শলিতাৰ আপুৰুগীয়া গোন্ধ বিয়পিল। প্ৰদীপ জ্বলিল। আঁঠু কাঢ়ি মূৰ দোঁৱাই ইন্দ্ৰাণীয়ে কিমতে ভকতিটো দীঘলকৈ সুৰ লগাই গালে। ভৰি হাত ধুই পঢ়া মানুহ পঢ়া ভাগে, টি.ভি. চোৱা মানুহ টি.ভি.-ৰ ভাগে, পাকঘৰৰ মানুহ পাকঘৰ ভাগে সোমাল। হোটেলৰ পৰা অনা গৰম গৰম চিঙাৰাৰে চাহ পৰ্ব এটা সাউৎকৰে চলি গ’ল। চাহৰ কাপ, গিলাছৰ টুং টাং, কুকাৰৰ হুইচেল বাজিল, বজাৰৰ মোনা খালি হ’ল, সন্ধিয়া সাত বজাত ৰিংকুৱে চিঞৰি চিঞৰি এছ. অ’. পি. এখন পঢ়িলে, বাণিজ‍্যিক বিৰতিত ছানৰাইজ মছলা...

টিলিঙা বজাই গান এটা আহিল। ছাগলী মাংস চাফা কৰি থকাৰ পৰা এখন হাতেৰে ইন্দ্ৰাণী শইকীয়াই গানটো খুলি চালে। সেইজনেই। ছয়া-ময়া মানুহ। ‘এনে চেনি!’।

হাতৰ টিপা পিছলোঁতে ম’বাইলৰ পৰা চিনাকি কণ্ঠ অট’মেটিক ভাহি আহিল -

“ৰহিমলা ওৰণিৰ মাজেৰে

ৰহিমলা তৰালৈ নাচাবা

ৰহিমলা ঐ খহিব পপীয়া তৰা

ৰহিমলা বেৰৰ জলঙাৰে

ৰহিমলা জোনলৈ নাচাবা

ৰহিমলা ঐ ডাৱৰে ঢাকিব ধৰা।

...

 

                  

ভ্ৰাম্যভাষ : ৮০৭৬৭৬৪৮৪১

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ