ভৰত ৰাজখোৱা
অংকন: বৰ্ণিল মহন্ত |
ৰ’জীৰ মনটো বেয়া৷ অকণো ভাল লগা নাই৷ কথাষাৰ
তাই সৰু ভাইটি, নীলা, মণি, বৰমাক আৰু বৰদেউতাকক কেইবাবাৰো ক’বলৈ চেষ্টা কৰিছে৷ কিন্তু
তেওঁলোকে তাইক অকণো বুজিবলৈ চেষ্টা কৰা নাই৷ বৰকৈ আমনি কৰি থকা বুলি তাইকহে ধমকি
দিছে৷
আজি দুপৰীয়া তাই ভাতেই নাখালে৷ নীলাই বহু চেষ্টা কৰিছিল তাইক
খুৱাবলৈ৷ কিন্তু তাই নাখাওঁ বুলি এবাৰ যি সিদ্ধান্ত ল’লে, তাৰ পৰা লৰ-চৰকে নকৰিলে৷
“অ’ ৰ’জী খাচোন, দুটামান খা৷ এইডোখৰ মাছ দিছোঁ চা...৷”— নীলাই ফুচুলাইছিল৷
কিন্তু ৰ’জী অলৰ-অচৰ৷ তাই
নাখাওঁ বুলি ভাবিছে যেতিয়া নাখায়েই আৰু৷ তাই ভাতৰ ফালে নাচালেই৷
সৰু ভাইটিয়ে বিস্কুট দুটা লৈ তাইক মাতিছিল৷ এটা
সি নিজে খাইছিল৷ আনটো তাইক দিছিল৷ বিস্কুট দেখি যেনিবা তাই খালে৷ সৰু ভাইটিৰ বৰ
ফূৰ্তি লাগিল৷ তাই সৰু ভাইটিৰ লগত অলপ খেলিলেও৷
তাই আজি দিনটো আটাইৰে ওচৰে-পাঁজৰেই ফুৰিছে৷ কিন্তু কাৰো
কাষলৈ আগৰ দৰে অহা নাই৷ কথাটো সৱেই লক্ষ্য কৰিছে৷ বৰমাকে
বৰদেউতাকক কেইবাবাৰো কোৱাও শুনিছে তাই৷
“এইজনীৰ কি হৈছে মন কৰিছানে? আঁতৰি আঁতৰি ফুৰিছে যে তাই৷”
“এৰা, এইজনীৰ খং উঠি থকা যেন লাগিছে৷”— বৰদেউতাকে কৈছিল৷
ৰ’জীৰ সঁচাকৈয়ে খং উঠিছে৷ দেখিবলৈ মন নোযোৱা
লেতেৰাডালে তাইক ইবাৰ ঠেলিব, সিবাৰ জোকাব, ভাল লাগে নেকি? সৰু ভাইটিৰ লগত তাৰ কি দোস্তি! আৰু নামটোও কেনেকুৱা! শুনি ভাল নলগা৷ ‘ৰ’কী’-এক্কেবাৰে ইংলিছ নাম৷ কোনজন জ্যোতিষীয়ে দিছিল জানো সেইটো নাম? ছিঃ! আমাৰ গাঁৱে-ভূঞে সেইটো নাম খাপ খায় জানো?
তাইৰ নামটোও ইংলিছ নাম৷ হ’লেও শুনি ইমান ভাল লাগে৷
সি এটা মস্ত গুণ্ডা৷
সি নীলাহঁতৰ ঘৰত থাকিবলৈ আহোঁতে ৰ’জীয়ে প্ৰথমে ভালেই পাইছিল, খেলিবলৈ লগ এটা পালে বুলি৷ সৰু ভাইটি, নীলা আৰু মণিয়ে তাইৰ লগত
খেলিয়েই থাকে বাৰু৷ তথাপি, নিজৰ বুলিও কথা এটা আছে নহয়৷
সিহঁতকেইটা স্কুললৈ যোৱাৰ পাছত তাই বৰ অকলশৰীয়া
অনুভৱ কৰে৷ অকলে অকলে কিমাননো খেলিব৷ ডাঙৰ হ’লে তাইও বাৰু স্কুললৈ যাব৷ নীলাই নিম বুলি
কৈছেই৷
কিন্তু ই গুণ্ডাই প্ৰথম দিনাৰ পৰাই তাইৰ লগত
কাজিয়া আৰম্ভ কৰিলেই নহয়৷ ৰ’জীৰ প্লেটৰ পৰা থাপ মাৰি মাংস এডোখৰ লৈ গ’ল৷ তাই আপত্তি কৰিলত সিহে আকৌ বেছিকৈ বকিলে৷ তাৰ মুখখন বৰ চোকা৷
সৰু ভাইটিয়ে আক’ তাকহে বেছি পাত্তা দিয়ে৷ দুইটাই জঁপিয়াই
জঁপিয়াই খেলি থকা দেখিলে তাইৰ ক’ৰবালৈ গুচি যাবলৈ মন যায়৷ ই আহিয়েই তাইৰ স্বাধীন জীৱনটোত
বহুত অশান্তিৰ সৃষ্টি কৰি দিলে৷ চালা ... হাৰামী!
গুণ্ডাই কেতিয়াবা তাইক জোৰেৰে মাৰি দিয়ে৷ তাই
কান্দিবও নোৱাৰে, হাঁহিবও নোৱাৰে৷ তাইৰ সেই অৱস্থাটো সি খুউব
উপভোগ কৰে৷ বৰদেউতাকৰ ওচৰত বহি
মিচিক-মাচাককৈ হাঁহি তাইৰ ফালে চাই থাকে৷ তেনেকুৱা সময়ত তাৰ মূৰটো চোবাই চোবাই খাবলৈ মন যায় তাইৰ৷
এইবোৰকে ভাবি ভাবি তাই কেতিয়া চোতাল পাৰ হৈ
পদূলি পালেগৈ গমকে নাপালে৷ সিহঁতৰ ঘৰৰ কাষৰে ৰাণুৰ বাপেকে কিহবালৈ মাৰি পঠিওৱা
ফৰ্মূটি এটা লাগিলহি নহয় তাইৰ মূৰত৷ তাই বৰ দুখ পালে৷ কপালখন ফাটিয়েই গ’ল নেকি? তাই
চিঞৰি চিঞৰি ঘৰ পালেহি৷ ফৰ্মূটি লগা ঠাইডোখৰ উখহি আহিল৷
“গৈছিলি নহয় ওলাই৷ পালি এতিয়া
মজাটো?”— বৰদেউতাকে আকৌ তাইকহে গালি পাৰিলে৷ তাইৰ চকুপানী
ওলাই আহিল৷
তাইৰ চিঞৰ শুনি গুণ্ডাটো ওলালহি৷ সি এতিয়া কম
লাজ দিবনে তাইক? তাৰ মুখলৈ নাচাওঁ বুলি ৰ’জীয়ে চকু দুটা মুদি দিলে৷
কিন্তু তাইক আচৰিত কৰি গুণ্ডাটোৱে তাইৰ কাষতে
বহি লৈ তাইৰ দুখ পোৱা ঠাইডোখৰ শুঙি শুঙি বিচাৰি লৈ চেলেকিবলৈ ধৰিলে৷ তাইৰ ডিঙিয়েদি
নিজে গম নোপোৱাকৈয়ে ‘কুঁই কুইঁ’ শব্দ এটা ওলাই আহিল৷
“হেৰা, আমাৰ
কুকুৰপোৱালিহালে দোস্তি কৰিলে হে— চোৱাঁহি আহাঁ৷”— বৰদেউতাকে বৰমাকক কোৱা ৰ’জীৰ কাণত পৰিল৷ তাই চকু
দুটা জোৰকৈ মুদি দিলে৷ তাই চকু মেলিলেই কিজানি গুণ্ডাটো আঁতৰি যায়, সেই ভয়ত৷
ঠিকনা :
কদম, লখিমপুৰ
ফ’ন : ৯৬৭৮১৭৩৭৯০