ড° ইৰাণী হাজৰিকা
কাইলৈৰ পৰা মনসা পূজা আৰম্ভ হ’ব৷ তাৰ বাবে যোৱা
এমাহ ধৰি বাপুকণহঁতৰ ঘৰতো পূজাৰ যো-জা চলিছে৷ প্ৰতি বছৰে শাওণ
আৰু ভাদ মাহৰ দোমাহী দিনাৰ পৰা তিনিদিন ধৰি এই পূজা হয়৷ তাৰ মনত পৰা দিনৰে পৰা
মনসা পূজাত দেউতাকে দেওধনী নৃত্য কৰি অহা দেখিছে৷ পুৱা দেউতাকে দিয়া নিৰ্দেশ মতেই
সি মাটিচাকিৰ বাবে শলিতা পকোৱাত ব্যস্ত৷ শলিতাকেইডাল পকাই হোৱাত দেউতাকে দিয়া গছা
আকৃতিৰ অলপ ওখ অষ্টমুখী চাকিটোত সি আঠডাল শলিতা সজাই দিলে৷
এপাকত বাপুকণে খিৰিকীখনেৰে বাহিৰলৈ চাই দেখে তেতিয়ালৈ নিশাটো আৰম্ভ হৈছে৷
নিজান নীৰৱ নিশাটোত ঘৰৰ কাষেৰে নদীখন ধীৰে ধীৰে বৈ আছে। ফৰকাল আকাশৰ বুকুত শুকুলা
ডাৱৰবোৰ নিৰলে শুই পৰিছে। সি একে উশাহতে ভিতৰৰ পৰা নদীৰ পাৰত বান্ধি থোৱা নাওখনত
উঠিলগৈ আৰু নাও মেলি দিলে৷ কিছু দূৰ ভটিয়াই গৈ মাছুৱৈয়ে ডাঙৰ জালখন বান্ধি থৈ যোৱা
বাঁহডালত ধৰি ৰৈ গ’ল৷ নাওখনত পাৰি থোৱা সৰু কাঠচটাত ওপৰমুখ কৰি লাহেকৈ শুই পৰিল সি
আৰু সহস্ৰ তৰাৰে আৱৰি থকা আকাশখনত চকু ফুৰালে। বৈ থকা নদীখনৰ পৰা কুলু
কুলু সুৰটো আহি তাৰ কাণত বাজি উঠিল৷ চকুহাল জপাই দি বাপুকণে ৰাতিৰ নিৰ্জনতাখিনি
অনুভৱ কৰিলে৷ তাৰ দুচকুৰ পতাত যেন মহাকাশৰ অন্ধকাৰখিনিয়েহে ভিৰ কৰিলেহি। এটা পোহৰৰ
কণাৰ তাড়ণাত সি চকুহাল পুনৰ মেলি দিলে৷ আকাশৰ পৰা অলপ পাতলীয়া পোহৰ আহি তাৰ চকুত
ধৰা দিলেহি৷ সীমাহীন অন্ধকাৰ ভেদি মহাকাশৰ বুকুৱেদি বৈ অহা এনেকুৱা অলপ পোহৰৰ কণাই
কেইঘণ্টামানৰ পাছত চৌপাশ উজ্জ্বলাই তুলি আকৌ এটা নতুন পুৱা উপহাৰ দি যাব৷ দিনত
এইখন নাৱতে উঠি সি নদীখনৰ আনটো পাৰত থকা তাৰ স্কুলখনলৈ যায়৷ স্কুলত ছাৰে পঢ়ুওৱা
বিশ্বব্ৰহ্মাণ্ড, মহাকাশৰ কথাবোৰ এই সময়খিনিত তাৰ আকৌ এবাৰ ভাবি ভাল লাগে। এই যে
সময় বোলা ধাৰণাটো, ইও ছাৰে বুজোৱাৰ পাছত তাৰ লাহে লাহে ভাল লগা হৈ
উঠিছে৷ ছাৰে সিদিনা কোৱাৰ দৰে চতুৰ্থ মাত্ৰাটো সময় বুলি ধৰি লৈ জগতখন কল্পনা কৰিলে
এটা বেলেগ ধৰণৰ অনুভূতিয়ে আৱৰি ধৰে। চতুৰ্থ মাত্ৰাৰ সময়বোৰ গতি কৰাৰ লগে লগে
তিনিমাত্ৰাযুক্ত এই জগতখনত কিমান সালসলনি ঘটে। চতুৰ্থ মাত্ৰাৰ পৰা সময়ৰ একো একোটা
ভাগ লৈ (কাল) জগতখনৰ ভিতৰভাগ চালে বৃহৎ পৰিৱৰ্তনবিলাকে চকুত ধৰা দিয়ে। এনেকুৱা
পৰিৱৰ্তনৰ অংশ হিচাপেই অতীতৰ কোনোবা এটা সময়ত এই নদীখন আৰু নদীৰ মাজৰ সিহঁত বাস
কৰা এই সৰু চাপৰিটোৰ সৃষ্টি হৈছিল৷ বিছ-বাইছ ঘৰমান মানুহৰ সৈতে চাপৰিটোত থকা এই
সৰু গাঁওখন প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যৰে ভৰপূৰ৷
নিশা গভীৰ হৈ অহাত বাপুকণে নাওখন পাৰলৈ লাহে লাহে চপাই আনিলে আৰু পাৰত থকা
আঁহত গছজোপাত বান্ধিলে। খহনীয়া ৰোধ কৰিবৰ উদ্দেশ্যে নদীৰ পাৰত আঁহতৰ লগতে এনেকুৱা
বহুত সৰু-বৰ গছ তাৰ কোনোবা পূৰ্বপুৰুষে ৰুইছিল। এবাৰ সিহঁতে গৰমৰ দিনৰ দুপৰীয়া
এইখিনি ঠাইতে এডাল প্ৰকাণ্ড সাপ দেখিছিল। এটা গৰুপোৱালিৰ
ভৰিত মেৰাই ধৰা ক’লা কিচ্কিচীয়া সাপডাল দূৰৈৰ
পৰা জিলিকি আছিল। দুই-চাৰিজন গাঁৱৰ মানুহৰ লগত ৰৈ সিও দূৰৰ পৰা দৃশ্যটো চাই আছিল৷
ওচৰৰ গছবোৰত বাস কৰা চৰাইবোৰে সাপডাল খুঁটি খুঁটি খেদিবলৈ চেষ্টা কৰিছিল৷ গৰুপোৱালিটোক
নিশ্চিত মৃত্যুৰ পৰা বচাবলৈ সি সাপডাল মাৰিবলৈ ঠিৰাং কৰিলে৷ এপাকত হাতত মাৰি এডাল লৈ
আগবাঢ়ি যোৱা বাপুকণক সকলোৱে বাধা দি ক’লে—
“সৰ্পদেৱী হ’ল মা মনসা। তোৰ দেউতাৰ হ’ল এজন
দেওধাই। তেওঁ মনসা পূজাত দেৱীৰ সন্তুষ্টিৰ বাবে নৃত্য কৰে। তই
যদি সাপডাল মাৰ, মহাপাপ হ’ব৷”
আন কোনেও সাপডাল মাৰিবলৈ মৰসাহ গোটাব নোৱৰাত, শেহত বাপুকণে সিহঁতৰ
ঘৰত থকা মেকুৰীটোৰ হতুৱাই যুদ্ধ কৰাই যেনিবা সাপটো খেদিলে।
ঘৰলৈ ঘূৰি আহি সি মাছ ধৰা পলটোৰে ঢাকি ৰখা ক’লা ৰঙৰ পাৰহালত হাত বুলালে৷ কুঁচিমুচি
বহি থকা পাৰহাললৈ তাৰ কিবা এটা মৰম ওপজি গ’ল৷ চকুৰ কোণত এটোপাল চকুপানী গোট খালে৷
পূজাত দেৱীক দান দিবলৈ মাকে পাৰহাল গাঁৱৰ কাৰোবাৰ ঘৰৰ পৰা কিনি আনি থৈছে৷ দিনত
মাকে কৈ আছিল—
“এইবাৰ দেৱী মাৰ কৃপাত নাতিনীৰ মুখ দেখিবলৈ পাওঁ যেন৷”
বায়েক নীলাৰ বিয়াৰ দুই বছৰ পাৰ হ’ল, অথচ সন্তানৰ মুখ দেখা নাই৷ এয়ে লৈ দুয়োখন
ঘৰৰ মানুহৰ চিন্তা৷ সিদিনা গাঁৱৰ সেউতী আইতা ক’ৰবাৰ পৰা আহি এপাক সিহঁতৰ
তাতো সোমাইছিল৷ কথাৰ মাজত মাকক সুধিছিল— “নীলাৰ গা-ভাৰী হৈছে নেকি?”
তাৰ পাছত মাকক এই দিহাটো দি ক’লে—
“কেতিয়াবা
কন্যাকালৰ দোষ থাকে৷ চিন্তা নকৰিবি৷ দেৱীমা সন্তুষ্ট হ’লে সকলো ঠিক হৈ যাব৷”
কন্যাকাল বুলি ক’লেই তাৰ মনত পৰে বায়েক তোলনী হোৱা সময়ৰ কথা৷ তোলনী হোৱাৰ পাছত
বায়েক নীলা তিনি বছৰমানহে ঘৰত থাকিবলৈ পাইছিল৷ চাপৰিৰ হালধীয়া সৰিয়হৰ ফুলবোৰৰ মাজে
মাজে তাৰ লগত দৌৰি ফুৰা বায়েকজনীক হঠাৎ এদিন ঘৰৰ ভিতৰৰ এটা চুকত সুমুৱাই ৰাখিছিল৷
গাঁৱৰ তিৰোতা মানুহবোৰ সিহঁতৰ ঘৰলৈ আহি উৰুলি দি নীলাক এসাঁজ চাদৰ-মেখেলা পিন্ধাই
মাটিত খেৰ পাৰি শুবলৈ দিছিল৷ লাহে লাহে তাতকৈ আঢ়ৈ বছৰমান ডাঙৰ বায়েক নীলা একলা-দুকলাকৈ বাঢ়ি পাটগাভৰুজনী হৈ
পৰিছিল৷ নীলাই আৰু আগৰ দৰে সিহঁতৰ লগত দৌৰি-ঢাপৰি নেখেলা হৈছিল৷ তাই মাকৰ লগত
ঘৰুৱা কাম-কাজ শিকিছিল৷ এনেকৈ তিনি বছৰমান পাৰ হোৱাৰ পাছত নীলাক নদীৰ সিপাৰৰ এজন
উপযুক্ত ল’ৰা পাই বিয়া দিলে৷ নীলাৰ বিয়াৰ পাছত ছোৱালী তোলনী হ’লেই ডাঙৰ হ’ল বুলি
ভবা সিহঁতৰ গাঁৱৰ মানুহখিনিৰ লগতে তাৰ মাক-দেউতাকেও স্বস্তিৰে
উশাহ ল’লে৷
ৰাতি শোৱাৰ আগতে বাপুকণে নাৰিকল তেলৰ পৰি থকা খালী টেমা এটাত পানী ভৰাই
পাৰহালৰ ওচৰত লাহেকৈ থৈ গ’ল৷ পুৱা শোৱাৰ পৰা উঠি সি চৰাইহালে খাবলৈ বুলি অলপ চাউল
পলটোৰ ভিতৰলৈ ছটিয়াই দিলে৷ অলপ পাছত গা-পা ধুই সি দেউতাকৰ লগত নদীৰ
আনটো পাৰত থকা পূজাস্থলীলৈ
বুলি ওলাই গ’ল৷ তাত গৈ দেখে আগৰে পৰা সেই ঠাইত থকা দেৱীৰ মূৰ্তিটি
শুদ্ধিকৰণ কৰি ইতিমধ্যেই প্ৰতিষ্ঠা কৰিছে৷ দুয়োফালে দুই নাগকন্যা থকা মূৰ্তিটিত
অষ্টনাগে মূৰৰ ওপৰত ছত্ৰ ধৰি আৱৰি আছিল৷ সুন্দৰ মূৰ্তিটো
কোনোবা শিল্পীৰ নিপুণ হাতৰ পৰশত যেন প্ৰাণ পাই উঠিছে৷ পূজাৰীজনে মাটিৰে
অষ্টদলপদ্মৰ ওপৰত ঘট প্ৰতিষ্ঠা কৰি দেৱীৰ সন্মুখত ৰাখিছে৷ ঘটটো আঁহতপাত, বৰগছৰ পাত, আমপাত,
অশোক আৰু বেলগছৰ পাতেৰে সজাই তুলিছে৷ ঘটটোৰ ওচৰতে কলপাত এখনত নাৰিকল,
কচুফুল আদি ফল-মূল সজাই দিছে৷ অষ্টনাগৰ বাবে আঠভগীয়া নৈবেদ্য এখনো যুগুত কৰিছে৷
তাৰ লগত সি আগদিনা ৰাতি প্ৰস্তুত কৰি থোৱা অষ্টমুখী চাকিগছো অষ্টনাগক পূজিবৰ
বাবে সজাই দিলে৷
পূজা আৰম্ভ হোৱালৈ তেতিয়াও অলপ সময় বাকী আছিল৷
সেয়ে সি বাহিৰৰ ফালৰ দোকান বজাৰবোৰ চাবলৈ বুলি ওলাই গ’ল৷ এখন-দুখনকৈ লাহে লাহে
বহুত দোকানেৰে পূজাস্থলীখন ভৰি পৰিছে৷ অস্থায়ীভাৱে দিয়া এই দোকানবোৰ এইকেইদিন
জেলেপী, পকৰীৰে ভৰি থাকে৷ সৰুতে এই দিনবোৰত তাৰ কমখন ফূৰ্তি হয়নে! পূজাস্থলীত থকা এই দোকানবোৰ
ঘূৰি ফুৰি মাকৈ, মিঠাই আদি খাওঁতে তাৰ সময়ৰ জ্ঞানেই নোহোৱা হৈছিল। অলপ বুজা হোৱাৰ
পাছত কিন্তু তাৰ মন্দিৰৰ ভিতৰত পৰিৱেশন কৰা দেওধনী নৃত্যটো চোৱাৰ
প্ৰতি আগ্ৰহ বাঢ়িল৷ আৰ্কষণীয় নৃত্যটো চোৱাৰ লগতে দেৱীক পূজা দিবলৈ আন বহুত মানুহৰ
আগমন ঘটা সি ইমান বছৰে দেখি আহিছে৷ দিনক দিনে তাৰ এই দেওধনী নৃত্যটোৰ প্ৰতি কৌতূহল
বাঢ়ি গৈছে৷ কোনো নিৰ্দ্দিষ্ট মুদ্ৰা নথকা এই নৃত্যটো কেনেকৈ নিজে নিজে ইমান সুন্দৰ
হৈ ফুটি উঠে, তাৰ কৌতূহল বাঢ়ি যায়৷
এবাৰ মনসাদেৱীৰ অস্তিত্বৰ বিষয়ে দেউতাকক সোধোঁতে
কৈছিল—
“কোৱা
শুনা মতে মনসা দেৱী হ’ল পাতালত পদুম ফুলত জন্ম হোৱা শিৱৰ কন্যা৷”
কথাষাৰ শুনাৰ পাছত সি তাৰ কৌতূহলী মনটোক দমাব নোৱাৰি শিৱ, দেৱী
মনসা আদিৰ বিষয়ে স্কুলৰ ছাৰজনক সোধাত ছাৰে ক’লে—
“শিৱ নিজেই এক বিশাল ধাৰণা৷ সেয়ে বহুতেই শিৱক অন্য এক মাত্ৰা বুলিও ক’ব খোজে৷
এটা শব্দত ক’বলৈ হ’লে শিৱ মানে হ’ল এক
মহাশূন্যতা৷ কোনো শাৰীৰিক অৱয়ব নথকা অথচ আমি সজোৰে বা প্ৰচণ্ড প্ৰয়োজনেৰে অনুভৱ কৰা এক
শক্তি৷ এই শক্তিৰ পৰাই আনুষংগিকভাৱে সৃষ্টি হোৱা আন এক শক্তি হ’ল দেৱী মনসা৷ ভালদৰে
ভাবিলে দেৱী মনসাৰ অৰ্থও যেন মহাশূন্যতাৰ লগত ৰিজাব পাৰি৷”
মন্দিৰৰ ভিতৰৰ পৰা ভাহি অহা বিশেষ বাদ্যযন্ত্ৰৰ মাতটোৱে দেওধনী নৃত্য আৰম্ভ
হোৱাৰ ইংগিত দিলে৷ সি নৃত্য চাবলৈ বুলি খৰখেদাকৈ মন্দিৰৰ ভিতৰলৈ গ’ল৷ দেউতাকৰ লগতে
আন দুজন দেওধাই সেই বিশেষ বাদ্যৰ তালে তালে মহাদেৱৰ ৰূপত নৃত্য কৰিছে৷ ডিঙিত ৰুদ্ৰাক্ষৰ
মালাৰে সৈতে হালধীয়া বৰণৰ বাঘৰ ছালসদৃশ বস্ত্ৰ পৰিধান কৰি তিনিও নিজৰ নিজৰ লয়েৰে
নৃত্যৰ মাজত সোমাই পৰিছে৷ এপাকত জলন্ত চাকি এগছ লৈ নৃত্য কৰিছে যদি আন এটা পাকত
তীক্ষ্ণ দা এখনৰ ধাৰটোৰ ওপৰত থিয় দি নৃত্য কৰিছে৷ মাজে মাজে গাৰ নোম শিয়ৰি
যোৱা দৃশ্য, মাজে মাজে নৃত্যৰ মনোমোহা ঠাঁচ৷ দেওধাসকলৰ গাত হঠাতে ক’ৰ পৰা ইমান
শক্তি গোট খায়হি! বিশেষ বাদ্যযন্ত্ৰটোৰ মাতত অকল যে
দেওধাসকলৰ মনৰ মাজতহে নৃত্যৰ লয়বোৰে ধৰা দিয়েহি? আন কাৰো বাবে ইয়াক পৰিৱেশন
কৰাটো সম্ভৱ কিয় নহয়? বিশেষ ৰীতি-নীতিৰ মাজত নিজকে ৰখাৰ বাবে এই সময়খিনিত
তেওঁলোকৰ অৱচেতন মনটে জাগি উঠে নেকি? মন্দিৰৰ ভিতৰত বহি শান্ত মনেৰে একাণপটীয়াকৈ
বহুতো মানুহে এই নৃত্য উপভোগ কৰি আছে৷ এই সকলো মানুহ বিশ্বাসৰ একেডাল ডোলেৰে বান্ধ খাই আছে৷ হয়তো
জীৱনটো আৰু সমাজখন নিয়াৰি তথা শৃংখলাবদ্ধভাৱে চলাই নিবলৈ অতীতৰ কোনোবা সময়ত কোনোবা মহামানৱে
শূন্যতাই গঢ়া বিশ্বাসৰ এই মহান ডোলডালৰ প্ৰয়োজন অনুভৱ কৰিছিল, যি পৰৱৰ্তী
সময়ত এক আদৰ্শ হিচাপে বাট বুলিছিল৷ সেয়ে তেওঁলোকে হয়তো আমাৰ এই কায়িক অৱয়ববোৰৰ
সিপাৰৰ মহাশূন্যতা বা শিৱ বা দেৱী মনসা দৰে ধাৰণাবোৰ দেখিবলৈ আৰু বুজিবলৈ সক্ষম হৈছিল৷ কিন্তু সময়ৰ
গতিত যেন এই ধাৰণাবোৰৰ শুদ্ধ অৰ্থবা প্ৰকৃত উদ্দেশ্য হেৰাই যাব ধৰিলে বা সমাজ
জীৱনত মুখ্য কথা হিচাপে ধৰা দিলেহি৷ ফলত কেতিয়াবা ই এটা অজগৰ সাপৰ দৰে হৈ উঠি সহজ-সৰল
জীৱনবোৰক গো-গ্ৰাসে গিলিছেও৷
গম নোপোৱাকৈয়ে মনসা পূজাৰ দুটা দিন পাৰ হ’ল, আজি অন্তিম দিন৷ বাপুকণৰ মনতো আজি
আনদিনাতকৈ ফৰকাল৷ কাৰণ আজি বায়েক নীলাও আহিব পূজালৈ৷ কেইবা সপ্তাহৰ মূৰকত সি
বায়েকক লগ পাব৷ যথা সময়ত সিহঁত পূজাস্থলীলৈ বুলি ৰাওনা হ’ল৷ ইতিমধ্য মাকে পলটোৰে
ঢাকি ৰখা পাৰহাল মোনা এটাত ভৰাই লৈছে৷ সিহঁত গৈ পূজাস্থলী পাওঁতে পূজা আৰম্ভ
হৈছিল৷ আজি দেৱীৰ সন্মুখত দেওধনী নৃত্যটো কালীৰ
ৰূপত অন্য এজন দেওধাই পৰিৱেশন কৰি আছে৷ তেওঁৰ সন্মুখত পূজাৰ অন্য সামগ্ৰীৰ
লগতে ঘটটো সজাই থোৱা আছে৷ ক’লা বৰণৰ লাহী শৰীৰটোত ৰঙা বস্ত্ৰ পৰিধান কৰি, কঁকাললৈকে বৈ
পৰা ক’লা চুলিকোছা মেলি তেওঁ বাদ্যযন্ত্ৰৰ তালে তালে ভৰিৰ ছন্দ মিলাইছিল৷ সময়
হোৱাত বায়েক আৰু মাকে লৈ অনা পাৰহাল দেৱীলৈ বুলি তেওঁৰ হাতত তুলি দিলে৷ পাৰহাল
দুহাতেৰে কপালৰ ওচৰত লৈ এক বিশেষ ভংগিমাত আগলৈ হাওলি তেওঁ পুনৰ নৃত্য কৰি গ’ল৷
লাহে লাহে বাদ্যৰ মাত্ৰা বাঢ়ি গ’ল আৰু তেওঁ নৃত্যৰ মাজত গভীৰৰ পৰা গভীৰতৰলৈ সোমাই
গৈ থাকিল৷ এপাকত তেওঁ সন্মুখৰ ঘটটোত সজোৰে পাৰহাল হেঁচি
ধৰিলে৷ অলপ পাছত অৰ্ধমৃত পাৰহাল দেৱীৰ মূৰ্তিটিৰ ফালে দলিয়াই দিলে৷
মৃতপ্ৰায় পাৰহাল মাটিত ছটফটাই ডেউকা কোবাই কোবাই পৰি থাকিল৷ কৰুণ দৃশ্যটো বাপুকণে
চাই থাকিব নোৱাৰি মন্দিৰৰ পৰা ওলাই আহি নদীৰ পাৰত আওহতীয়া ঠাই এটুকুৰাত বহি
বায়েকহঁতলৈ অপেক্ষা কৰি থাকিল৷
লাহে লাহে দিন বাগৰিল আৰু পাৰহাল দান দিয়াৰ ডেৰ বছৰমান পাৰ হ’ল৷ আগৰ বছৰৰ দৰে এখন মনসাপূজা আকৌ পাৰ হৈ গ’ল৷ তাৰ বাবে দুয়োখন পূজাৰ মাজত পাৰ্থক্য মাথোঁ এটাই আছিল, এইবাৰৰ পূজাত সিহঁতে পাৰ দান দিয়া নাছিল, কাৰণ তেতিয়ালৈ বায়েক নীলা সাত মাহৰ সন্তানসম্ভৱা হৈছে৷ ইতিমধ্যে নাতিনীৰ মুখ চাবলৈ দুয়োখন ঘৰৰ মানুহৰ মনবোৰ আনন্দই নধৰা হৈ পৰিছে৷ কিন্ত হঠাতে যেতিয়া এদিন খবৰ আহিল যে কিবা বিশেষ জটিলতাৰ বাবে নীলাক হস্পিটেলত ভৰ্তি কৰিবলগা হৈছে, তেতিয়াই আনন্দৰ যতি পৰিল৷ মাক-দেউতাকৰ লগত বাপুকণো পলম নকৰাকৈ নদীখনৰ আনটো পাৰত থকা হস্পিটেলখন পালেগৈ৷ নাৰ্চে মাকক ক’লে নীলাৰ বয়স কিছু কম হোৱাৰ বাবেই হয়তো শাৰীৰিক জটিলতাই দেখা দিছে৷ কি হ’ব এতিয়াই একো ক’ব পৰা নাযাব৷ বাপুকণে ৱাৰ্ডটোৰ দুৱাৰমুখৰ পৰা বায়েকৰ বিছনাখন চালে৷ তাইৰ গাৰ বৰণটো আগতকৈ অনুজ্জ্বল হৈ পৰিছে৷ চকুৰ তলৰ ক’লা দাগবোৰ স্পষ্টকৈ জিলিকি উঠিছে আৰু বিছনাখনত ছাটিফুটি কৰি নীলা শুই আছে৷ নীলাক তাৰ ডেৰ বছৰৰ আগতে মন্দিৰত দেৱীৰ ওচৰত ছটফটাই থকা পাৰহালৰ দৰে লাগিল৷ মৰমৰ বায়েকজনীক সেইটো অৱস্থাত দেখি সি নিজকে বৰ অসহায় অনুভৱ কৰিলে৷ ধীৰে-সুস্থিৰে সি নদীৰ পাৰলৈ আহি নাওখন নদীত মেলি দি অকলশৰে কান্দি পেলালে৷ কিবা এটা অজান দুখে তাক যেন কোঙা কৰি পেলালে৷ লাহে লাহে তাৰ শৰীৰটো যেন গধুৰ হৈ পৰিল৷ তাৰ ভাব হ’ল শান্ত নদীখনে মুহূৰ্ততে তাণ্ডৱ ৰূপ ধাৰণ কৰি তাৰ সৈতে নাওখন মুহূৰ্ততে গিলি পেলাব৷ ক’ব নোৱৰাকৈয়ে সি ব’ঠাপাত সজোৰে খামুচি ধৰি যিমান পাৰি সিমান জোৰেৰে পানীখিনি পিছলৈ ঠেলি পঠিয়ালে আৰু নাওখন খৰ-ধৰকৈ আগ বাঢ়িল লক্ষ্যবিহীনভাৱে৷