ধুনীয়া মুখ
যি ডেইজীৰ দৰে পাহিবোৰ সূৰ্যলৈ মেলি দিয়ে
ঠিক তেনেকৈয়ে
তুমি পৃষ্ঠাটো লুটিয়াওঁতে তোমাৰ মুখখন দেখুওৱাঁ৷
মোহনীয় হাঁহি
যিকোনো পুৰুষেই তোমাৰ সন্মোহনত বন্দী হ’ব,
তোমাৰ কাৰণে কিমান কবিতা লিখা হ’ল?
তোমাৰ অবাস্তৱ আকাংক্ষা জগাবলৈ৷
কিন্তু আজি মই সেই সদায় কোৱা কথাবোৰ পুনৰাবৃত্তি নকৰোঁ,
এই কবিতাটো সেই সকলো নাৰীৰ বাবে
যাৰ সৌন্দৰ্য তেওঁলোকৰ ব্যক্তিত্বত,
এই কবিতাটো তোমালোক এই নাৰীসকলৰ বাবে,
এটি নতুন সাধু ক’বলৈ,
ঐক্যবদ্ধ প্ৰাণৰ প্ৰতি ভালপোৱাৰ সংগ্ৰাম
এটা নতুন দিনে জাগৃত কৰা প্ৰাণচঞ্চলতাৰ বাবে সংগ্ৰাম
অৱহেলিত অধিকাৰৰ বাবে সংগ্ৰাম
নাইবা মাত্ৰ আৰু এটা নিশা জীয়াই থকাৰ সংগ্ৰাম৷
হয়, তোমালোক এখন দুখ-কষ্টৰ পৃথিৱীৰ নাৰীসকলৰ বাবে,
তোমালোকৰ বাবে, এহেজাৰ এনিশাৰ ক্লান্তিহীন যোদ্ধা
তোমালোকৰ বাবে, মোৰ হৃদয়ৰ বন্ধু৷
এতিয়াৰ পৰা, মোৰ মূৰটোৱে আলোচনীৰ পাতলৈ জুমি নাচাব,
আৰু নিশাৰ উজ্জ্বল নক্ষত্ৰবোৰক,