কল্যাণী
দত্ত
পুৱাৰ পৰা ৰাতি এপৰলৈকে
ঘৰখন উৰুলিকৃত হৈ থাকে। যেন বিয়াঘৰ এখনহে! হাই-উৰুমি বা কাজিয়া-পেচাল
বুলি নহয়, অনৱৰতে হাঁহি-খিকিন্দালিহে। বেলি উঠাৰ লগে লগে আৰম্ভ হোৱা হাঁহি-কিৰীলি আৰু
কথাৰ লানি নিছিগা ধাৰবোৰ নিশা ভাত খোৱাৰ পাছতহে শাম কাটে৷ আইতাকে মাজে মাজে দবিয়াই
উঠে— “হেৰৌ মনে মনে থাকচোন অলপ। সন্ধিয়া পৰত ধৰালৈ গোসাঁই ঈছৰ নামে৷ ঘৰে ঘৰে
সোমাই অঞ্জল দিয়ে৷ তহঁতে এনেকৈ হাঁহিত ঘৰৰ টিং উৰুৱাওঁ যেন কৰি থাকিলে গোসাঁই ঈছৰ
পত্ৰং দিব৷”
মাকেও কথাষাৰত হাত উজান
দিয়ে— “হয়
পাই, মুখ দুখন নিবিষায় নে কি জানো এই দুজনীৰ! কেতিয়াকৈ যে স্কুললৈ যাব পৰা হ’ব
যেন লাগিছে৷ তেতিয়াহে যদি ঘৰখন অলপ শান্ত হয়৷”
পিছে মাক-আইতাকৰ কথা বুজিব
পৰাকৈ সিহঁতৰ বয়সেইনো হৈছে কিমান ! তালযুৰীয়া ছোৱালী দুজনী
মাথোঁ ডেৰ বছৰৰহে ডাঙৰ-সৰু৷ গতিকে ভাল-ভুলৰ প্ৰভেদ বুজিব পৰা হোৱা নাই অদ্যাপি৷
পুৱাৰ পৰা গধূলি এপৰলৈকে খেলি, দৌৰি, জঁপিয়ায়েই পাৰ কৰে দুয়ো৷
সোণমণি ডাঙৰ৷ তাইৰ জন্মৰ
ডেৰ বছৰমানৰ পাছতেই আহিছিল সোণপাহি ৷ দুয়োজনীৰে নাম দুটা আইতাকেই ৰাখিছিল৷ “পোছাকী নাম তহঁতে যি দিয় দি থাকিবি পাছে-পৰে৷ ঘৰত মাতিবলৈ মই দিম নাম৷” সোণমণিৰ জন্মৰ দিনাই আইতাকে
সোলা হাঁহিটো মাৰি ঘোষণা কৰিছিল কথাষাৰ৷ মাকৰ আব্দাৰত পো-বোৱাৰী কোনেও এষাৰো মাত
মতা নাছিল৷ কোঠাত সোমাই দুয়ো মুখ টিপি হাঁহিছিল৷
সেই সোণমণি থুপুক্-থাপাক্কৈ
খোজ কাঢ়ি বৰঘৰ-চ’ৰাঘৰ কৰিব পৰা হোৱা দিন এটাতে সোণপাহি আহিছিল
ঘৰখনলৈ৷ ঘৰখনৰ যেন জেউতি আগতকৈও চৰিছিল৷ আইতাকৰ ব্যস্ততাবোৰ বাঢ়িছিল৷ সোণমণিক
পিটিকি পিটিকি খিচিৰি খুৱাই দিয়াৰ পৰা অশৌচীয়া বোৱাৰীয়েকৰ বাবে
জালুক বটি পাতত দিয়ালৈকে৷ ভেদাইলতাৰে জীয়ন দি থোৱা মাগুৰ মাছৰ জোল ৰন্ধাৰ পৰা
ঘৰ-চোতাল সৰালৈকে৷ তথাপি, আইতাক ভাগৰুৱা হোৱা নাছিল৷ সোণমণিৰ কলকলনিয়ে ঘৰখনৰ অৱসাদবোৰ ধুই
নিছিল৷
সোণমণিৰ ওপৰে-তলে গুৰিদাঁত
ওলোৱাৰ সময়তে সোণপাহিয়েও অ’ত-ত’ত ধৰি থিয় দিব পৰা হৈছিল৷
ঘৰখনৰ মানুহবোৰ কেৱল দুয়োজনীৰে লগত ব্যস্ত হৈয়ে থাকিব লাগে৷ কোনোবা এবাৰত যদি
সোণমণিয়ে দৌৰি গৈ বুৰাই থোৱা পানী বাল্টিত হাত ভৰায়গৈ, কোনোবা এবাৰত আকৌ সোণপাহি
থুপুক্-থাপাক্কৈ গৈ চূণৰ টেমিটোতে হাত দিয়েগৈ৷ মুঠতে আইতাক আৰু মাকে ধনু ধৰাদি
ধৰি ৰাখিব লাগে দুয়োটি সোণ পুতলাকে৷
আবেলি মাকে দীঘল
বাঢ়নীটাৰেৰে চোতাল সাৰে৷ বাঢ়নীৰ কাঠি এটা লৈ সোণমণিয়ে মাকৰ পিছে পিছে কণ কণ ভৰিৰ
চিন মাটিত এৰি চোতালখন আঁক-বাক কৰি যায়৷ সেই সময়ত আইতাকে সোণপাহিক যেনে-তেনে কোলাত
বহুৱাই ৰাখে৷ মাজে মাজে ৰাস্তাই যোৱা মানুহ দেখুৱাই দোখুৱাই গায়— “হাতীত উঠি পানীৰাম ঘৰলৈ
যায়, আলিবাটৰ মানুহে ঘূৰি ঘূৰি চায়”৷
সন্ধিয়া চাৰিআলিত থকা
দোকানখন সামৰি সোণমণিহঁতৰ দেউতাক ঘৰলৈ আহে৷ দুটি জীৱন্ত পুতলাৰ ভৰিৰ নাচোনত শাঁত
পৰে তেওঁৰ ভাগৰুৱা কলিজা৷ সোণমণিয়ে “দেতাক পানী মই দিম মই দিম” বুলি আইতাকৰ হাতৰ
পৰা পানীৰ গিলাচটো লৈ ঢোলোকনি খুৱাই খুৱাই আধা পানী পেলাই নি দেউতাকৰ হাতত গিলাচটো
দিয়েগৈ৷ আধাগিলাচ পানীৰেই পিয়াহ পলায় মানুহজনৰ৷ মাকে আখলত খোলা পাতে৷ তেল দিয়া
পিঠাৰ ফুৰ্ফুৰীয়া গোন্ধত মলমলায় ঘৰৰ আগফাল-পিছফাল৷
“মা
হুমণিয়ে মোক নিদিয়ে”— কণমানি সোণপাহিয়ে থেন্থেনায় মাকৰ আগত৷ মাকে তাইক মৰমেৰে বুজায়— “হুমণি
বুলি নকয় কলিজা মোৰ, বা বুলি ক’বা
দেই।”
দিনবোৰ গৈ থাকে৷
দুয়োজনীয়ে “ৰ’দো
দিছে, বৰষুণো দিছে, খঁৰা শিয়ালৰ বিয়া” গাব পৰা হয়৷ আইতাকক সাধু ক’বলৈ
খাটনি ধৰিব পৰা হয়৷ পুৱাৰ পৰা গধূলিলৈকে মাথোঁ চিঞৰ-বাখৰ কৰি থাকিব পৰা হয়৷ মাকৰ
চাদৰ এখন গাত আঁৰি দৰা-কইনা খেলিব পৰা হয়৷
খং উঠিলে কেতিয়াবা আইতাকে
কয়— “কিহৰ
বাবে ইমান মুখ দুখন বাঢ়িছে ঔ এই দুজনীৰ! ছোৱালী মানুহৰ মুখ একেবাৰে লাওপাত, কচুপাত হেন হৈছে৷”
মাকে মুখেৰে একো নামাতে৷
আইতাকে যে এইবোৰ কথা অন্তৰ ফালি নকয়, সেয়া তেওঁ বুজে৷ নহ’লেনো
কেতিয়াবা সোনকালে সিহঁতৰ টোপনি গ’লে “ফুট গধূলিতে সোণপুতলা
দুটাক কিয় শুৱাই থ’লি” বুলি বোৱাৰীয়েকক চকু পকাই ধৰেনে!
“কওকচোন
আইতা, তাৰ পাছৰখিনি... আচলতে সম্পূৰ্ণ কথাখিনি জনাটো মোৰ বাবে বৰ জৰুৰী৷ গোটেই
কথাখিনি নজনাকৈ ট্ৰিটমেণ্ট দিবলৈ অলপ প্ৰব্লেম হয়৷ তাতে ইমান সৰুতেই...”
নাটকৰ এটা দৃশ্যৰ যেন
দৃশ্যপট পৰে৷
‘পোহৰ
আৰু ছাঁ’ নামৰ নাটকখনৰ আঁৰকাপোৰ আঁতৰাৰ লগে লগে আন এটা
দৃশ্যলৈ আগুৱাই যায় দৰ্শকৰূপী ডাক্তৰ ঋষিকেশ ভট্টাচাৰ্য৷
ঘৰখনত মৰিশালিৰ নিস্তব্ধতা
সৰ্বত্ৰ৷ আজিকালি দুযুৰি কণ কণ ভৰিয়ে দেওধনী নৃত্য নকৰে ঘৰখনৰ চাৰিবেৰৰ মাজত৷
এযুৰি ভয়াৰ্ত হৰিণী নয়নে নিৰুদ্বেগ হৈ দৃষ্টি প্ৰসাৰি থাকে সুদূৰলৈ৷
“এইটো
কাৰ দৌল...
ক’লি
ঔচ, বগী ঔচ...
ধেক্কেচ...’’
তাৰ পাছৰ হাঁহিৰ খলকনিবোৰ
বিচাৰি বুঢ়ীয়ে ঘৰখনৰ বাহিৰে-ভিতৰে হাহাকাৰ কৰি থাকে৷ সেই হাঁহিবোৰ যে কাৰ ঘৰৰ এলান্ধুকলীয়া বৰপেৰাত সোমাল! কাৰ
চকুৰ পোৰণিয়ে বাৰু ছাই কৰি দিলে সেই দিনবোৰ? বুঢ়ীয়ে ভাবি পাৰ নাপায়৷ আই
গোসাঁনীৰ মন্দিৰলৈ এটকা চাৰিঅনাৰে তামোল-পাণৰ টোপোলা বান্ধে৷ সকলো ভাল হৈ উঠক, এই আশাৰে৷ তথাপি, সকলো নিঃসাৰ হৈ ৰয়৷
আগফালে মুঢ়াটোত বহি থকা
জীৱন্ত পুতলাটো চাবি নিদিলে পৰি থকা প্লাষ্টিকৰ পুতলাটোৰ দৰে বহি থাকে৷
“ইয়েই
আমি পূজা চাবলৈ যাম, পূজা চাবলৈ যাম৷” “পূজাত বোলে বেলুন আৰু
পুতলা ওলায়, হয় নে আইতা?”— ঘৰখন
পুৱাৰ পৰাই আনন্দমুখৰ হৈ আছিল সেইদিনাও৷ আনদিনাৰ দৰেই৷ সোণমণি, সোণপাহিৰ হেঁপাহক আওকাণ
কৰিব নোৱাৰি মাক-দেউতাকে দুয়োকে লৈ যায় পূজাথলীলৈ৷ সোণমণি মটৰচাইকেলৰ আগত বহে৷ মাক
আৰু দেউতাকৰ মাজত কণমানি সোণপাহি৷ তামোলৰ সেলেঙি বৈ থকা ওঁঠেৰে আইতাকে দুয়োৰে
দুগালত টপক্ টপক্কৈ চুমা খায়৷ পদূলিমুখলৈ আগবঢ়াই দি আইতাকে দঢ়াই
দঢ়াই কয়— “সোনকালে
ঘূৰি আহিবা দেই সোণপুতলা দুটা মোৰ৷ নহ’লে মই অকলে অকলে কান্দি
থাকিম নহয়৷”
আহে, সোনকালে ঘূৰি আহে সিহঁত ৷ পিছে যোৱাৰ দৰে মটৰচাইকেলেৰে নহয়৷ কোনোবা
অচিনাকি মানুহ এজুমৰ মাজত তিনিখন বগা কাপোৰৰ তলত৷ বুঢ়ী অচেতন হৈ পৰে৷ কোনোবাই
নাৰিকল তেলৰ টেমাটো বুঢ়ীৰ মূৰত উবুৰিয়াই দিয়ে৷ কোনোবাই টেঙা-পানী দিয়ে৷
“আপুনি
এনে কৰিলে নহ’ব আইতা৷ অকণমানিজনীৰ মুখলৈ চাই আপুনি ধৈৰ্য
ধৰিব লাগিব৷ বেচেৰীয়ে মূৰত অলপ আঘাত পাইছে৷ কান্দিব পৰা নাই এতিয়ালৈকে তাই৷
চাৰিআলিৰ ডাক্তৰখানাতে ৰখা হৈছে তাইক৷”
বুঢ়ী সচকিত হৈ পৰে৷ “কি
হৈছিল? কি হৈছিল মোৰ বুকুৰ আগমঙহকেইটুকুৰাৰ লগত?”— বুঢ়ীয়ে বিৰ্বিৰায়৷
কোনোবাই বিৱৰি যায়৷ ৰাস্তা
পাৰ হ’বলৈ লওঁতেই পিছফালৰ পৰা অহা প্ৰচণ্ডবেগী ট্ৰাকৰ খুণ্ডাত
ছিটিকি পৰে সোণমণি৷ আৰু বাকী তিনিজনৰ ওপৰেৰে পাৰ হৈ গ’ল ট্ৰাকখন...
বুঢ়ীৰ আৰু শুনাৰ ধৈৰ্য
নাথাকে৷ বুকুৰ বিষ আৰু মনৰ শোকে বুঢ়ীক এফালৰ পৰা শুহি নিয়ে৷ তিনিকুৰা জুইৰ লেলিহান
শিখাই দহি পেলায় বুকুখন৷
তাৰ পাছত, ঘৰখন আৰু উৎসৱমুখৰ নহ’ল কাহানিও৷ খেলা
বস্তুবোৰ তেনেকৈয়ে পৰি ৰ’ল এচুকত৷ আগফালৰ বাৰাণ্ডাখনৰ এটা মুঢ়া উকা হৈ থাকিল অনৱৰতে৷
“মুখেৰে
মাত এটা মাত অ’ সোণমণি, তোক মই কাবৌ কৰিছোঁ৷”—
বুঢ়ীৰ হিয়াভঙা কান্দোনেও সোণমণিৰ মুখৰ মাত ঘূৰাই আনিব নোৱাৰে
কোনোদিন৷
—
“ইস ইস, থকাজনীও বেঙীহে হ’ব
হ’বলা! একো এটা মুখৰ মাত নোলোৱা হৈ থাকিল দেহি বেচেৰীজনীৰ!”
—
“তাই বহুত বেছি চঁক খালে৷
সেইবাবে মাতটো চিৰদিনলৈ নাইকিয়া হৈ গৈছে৷”
—
“এৰা পাই, ঘৰখনলৈ চাব নোৱৰা অৱস্থা হ’ল৷
বুঢ়ীও এই বেজাৰতে সিফলীয়াহে হ’ব যেন পাওঁ!”
টুকুৰা-টুকুৰ কথাবোৰে বিষকাঁড় একোপাট হৈ
বুঢ়ীক বিন্ধি থাকে৷ নিজকে প্ৰবোধ দিয়ে তেওঁ— নাই নাই, এই কথাই কথা নহয়। তেওঁ
ভাগি পৰিলে নহ’ব৷ তিনিকুৰা জুই দেখিয়েই কণমানিজনী নিৰ্বাক
হৈ আছে৷ তিনিটা তেজ লগা ছিন্ন ভিন্ন শৰীৰেই তাইক খেদি ফুৰিছে৷ আকৌ এবাৰ ভয়াৱহতাৰ
মুখামুখি হ’বলৈ নিদিয়ে তেওঁ কণমানিজনীক৷
বুঢ়ীৰ মনটো দৃঢ় হয়, হৃদয়খন কঠিন হয়৷ আৰু
খোজবোৰ আগ বাঢ়ে ডাক্তৰখানাৰ দিশে৷
“কচোন
সোণমণি, আইতা বুলি ক৷ আ....ই.....তা৷”— কাকূতি কৰে বুঢ়ীয়ে সোণমণিক৷ কিন্তু, এটা নিৰ্জীৱ পুতলাৰ দৰে
বহি থাকে সোণমণি৷ যেন এটা যন্ত্ৰহে৷
“আইতা, আপুনি ভাগি নপৰিব৷ আপোনাৰ
ঘৰখনত আকৌ এটা সোণকলি ফুলিব৷ এযুৰি নূপুৰ পিন্ধা ভৰিয়ে দেওধনী নাচিব৷ অৱশ্যে, এই কাৰ্যৰ বাবে মোক অলপ
সময়ৰ প্ৰয়োজন হ’ব৷” বুঢ়ীৰ হাতত হাত ৰাখি ডাক্তৰে আশ্বাস
দিয়ে৷
সোণমণিক কোলাত তুলি আইতাকে
ঘৰমুখী যাত্ৰাপথত খোজ দিয়ে৷ এই পথত তেওঁ এতিয়া অকলে নহয়৷ তেওঁৰ লগত আছে এজন
সহযাত্ৰী৷
লেখিকাৰ ঠিকনা :
ভৱানীপুৰ, বৰপেটা
(অসম)
পিন: ৭৮১৩৫২
ভ্ৰাম্যভাষ: ৮৩৯৯০১৪৪০৭