চিত্ৰশিল্পক এক নতুন গতি দিবলৈ চেষ্টা কৰি আহিছে অসমৰ বিশিষ্ট চিত্ৰশিল্পী পৰেশ ভূঞাই। ১৯৮৯ চনত তেখেতৰ শিল্প প্ৰদৰ্শনী দৰ্শন কৰি সুধাকণ্ঠ ভূপেন হাজৰিকাই লিখিছিল— ‘‘শ্ৰী পৰেশ ভূঞাৰ চিত্ৰ প্ৰদৰ্শনী আজি দেখিলোঁ। টেম্পেৰা৷ মিক্স্ড মিডিয়া আৰু অইল পদ্ধতিত অঁকা কেইখনমান কোন্ভাছ বৰ উপভোগ কৰিলোঁ। বিষয়বস্তু শক্তিশালী। বিশেষকৈ ‘হকাৰ’ নামৰ কেন্ভাছখনৰ ডিটেইল্ছ ভাল লাগিল...। আহকচোন তেখেতৰ সৈতে কথা পাতোঁ, ছবিৰ কথা...৷
? নমস্কাৰ। আপুনি শিল্পচৰ্চাৰ ক্ষেত্ৰখনলৈ কিদৰে আকৰ্ষিত হ’ল, ক’ব নেকি?
: সৰুৰে পৰা চিত্ৰশিল্পৰ প্ৰতি বিশেষভাৱে আকৰ্ষিত হৈছিলোঁ। মই ৰং-তুলিকাৰ প্ৰতি আকৰ্ষিত হোৱাৰ মূলতে আছিল মোৰ দাদা অৱনী ভূঞা। তেওঁ ভাল ছবি আঁকিছিল। তেওঁৰ পৰাই মই প্ৰথমে ছবি অঁকাৰ প্ৰেৰণা লাভ কৰিছিলোঁ। পৰৱৰ্তী সময়ত হাইস্কুলত পঢ়িবলৈ গ’লোঁ। স্কুললৈ যাওঁতে সময় উলিয়াই পেইণ্টিঙৰ দোকানবোৰত শিল্পকৰ্মীসকলৰ কাম কৰাৰ ধৰণ, আগ্ৰহ আদিয়ে মোক বাৰুকৈয়ে আকৰ্ষিত কৰিছিল।
? আপোনাৰ প্ৰিয় চিত্ৰশিল্পীজনৰ বিষয়ে ক’ব নেকি?
: মোৰ প্ৰিয় শিল্পী কোন বুলিলে একেষাৰতে উত্তৰ দিয়া টান যদিও প্ৰিয় শিল্পী বুলিলে মোৰ মনলৈ প্ৰথম অহা শিল্পীগৰাকীয়েই হ’ল অমৃতা শ্বেৰগিল। তেখেতৰ সৃষ্টিকৰ্মই মোক বাৰুকৈয়ে আকৰ্ষিত কৰে।
? এজন শিল্পী আৰু এজন সাধাৰণ দৰ্শকৰ দৃষ্টিত চিত্ৰশিল্পৰ যথেষ্ট পাৰ্থক্য আছে। তেনে স্থলত চিত্ৰশিল্পক জনগণৰ মাজলৈ নিবলৈ কেনে প্ৰচেষ্টা হাতত লোৱাৰ কথা চিন্তা কৰিছে?
: শিল্পীসকলৰ দৃষ্টি আৰু সাধাৰণ দৰ্শকৰ দৃষ্টিত বিশেষ একো পাৰ্থক্য নাথাকে। আচলতে ছবি এখন চোৱাৰ পাছত অথবা সময়ছোৱাত সকলোৰে দৃষ্টিভংগী বেলেগ বেলেগ হয়। অৰ্থাৎ এখন ছবিৰ সৌন্দৰ্যক প্ৰত্যেকেই বেলেগ বেলেগ ধৰণেৰে উপভোগ কৰিব বিছাৰে।
? আপুনি সৰুৰে পৰা চিত্ৰশিল্পৰ উপৰি ভাস্কৰ্য শিল্পৰো চৰ্চা কৰিছে আৰু ফট’গ্ৰাফিও কৰি আহিছে। যদিওবা ক্ৰমে ক্ৰমে আপুনি ফট’গ্ৰাফি ক্ষেত্ৰখনৰ পৰা আঁতৰি অহা পৰিলক্ষিত হৈছে। তথাপি এই তিনিওখন ক্ষেত্ৰৰ ভিতৰত আপোনাৰ প্ৰিয় ক্ষেত্ৰ কি?
: সৰুতে শিল্পচৰ্চাৰ উপৰি ভাস্কৰ্য চৰ্চা কৰি ভাল পাইছিলোঁ। প্ৰায় পঞ্চম শ্ৰেণীৰ পৰাই দেৱীৰ প্ৰতিমা নিৰ্মাণ কৰি আহিছোঁ। সেয়ে মোৰ বাবে চিত্ৰশিল্প আৰু ভাস্কৰ্যশিল্পী দুয়োটাই প্ৰিয় যদিও ভাস্কৰ্যৰ কাম কৰি বেছি ভাল পাওঁ।
? আধুনিক শিল্পৰ প্ৰতি দৰ্শকসকল বাৰুকৈয়ে বিৰাগ হৈছে বুলি প্ৰায়ে অভিযোগ উঠে। কথাষাৰ সঁচা নেকি? ইয়াৰ মূলতে কিন্তু শিল্পীসকলৰেই দোষ আছে বুলি দৰ্শকে ক’ব খোজে। তেওঁলোকৰ মতে শিল্পীসকলে গভীৰ ভাব অংকন কৰিবলৈ গৈ প্ৰায়ে ‘এবষ্ট্ৰেক্ট’ ছবি অংকন কৰে। যাক দৰ্শকে সহজে আদৰি ল’ব নোখোজে।
: দৰ্শকৰ বিৰাগৰ মূল কাৰণ বুলিলে ক’ব লাগিব শিল্পৰ প্ৰতি তেওঁলোকৰ জ্ঞান আৰু অধ্যয়নৰ কিছু অভাৱ। অৱশ্যে গভীৰ ভাব প্ৰকাশ কৰিবলৈ ছবি এখন এবষ্ট্ৰেক্ট্ হ’বই লাগিব বুলি কোনো কথা নাই।
? আমি সততে শুনা পাওঁ যে নবীন শিল্পীসকলে কম অধ্যয়ন কৰে আৰু সহজ জনপ্ৰিয়তা বিচাৰে। এই বিষয়ে আপোনাৰ মতামত?
: একেবাৰে সঁচা বুলি নকৈ ইয়াক আমি মিছা নহয় বুলি ক’ব পাৰোঁ। আচলতে প্ৰজ্ঞা, অধ্যৱসায় আৰু অধ্যয়ন অবিহনে এখন ভাল ছবি আমি অংকন কৰিব নোৱাৰোঁ৷ নবীন চামৰ মাজত অধ্যয়নৰ অভাৱ পৰিলক্ষিত হৈছে। ই বেয়া কথা। ইয়াৰ বাবে তেওঁলোকে বিজ্ঞজনৰ পৰামৰ্শ লোৱা উচিত। আমিও বিভিন্ন কৰ্মশালাৰ জৰিয়তে এটি পৰিৱেশ গঢ় দিবলৈ চেষ্টা কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছোঁ।
? অসমৰ শিল্পীসকলে দৰ্শকক শিল্পকলাৰ প্ৰতি আকৰ্ষিত কৰিব নোৱৰাৰ মূল কাৰণ আপুনি কি বুলি ভাবে?
: আচলতে ছবি এখন চাবলৈ, বুজিবলৈ আমাক এটা শিল্পীসুলভ মন লাগিব। অৱশ্যে শিল্পীসুলভ মন গঢ় দিয়াত মূল ভূমিকা পালন কৰিব লাগিব শিল্পীসকলেই।
? ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত অসমৰ শিল্পকলা পিছ পৰি থকাৰ মূল কাৰণ কি?
: এই ক্ষেত্ৰত চৰকাৰে গুৰুত্বপূৰ্ণ ভূমিকা লোৱা উচিত আছিল যদিও তেওঁলোকৰ ভূমিকা প্ৰায় নিষ্ক্ৰিয়। প্ৰাথমিক বিদ্যালয় পৰ্যায়ত চিত্ৰকলাক এটা বিষয় হিচাপে অন্তৰ্ভুক্ত কৰিলেও অসমৰ প্ৰায়বিলাক বিদ্যালয়তে শিল্পকলাৰ উপযুক্ত জ্ঞান থকা শিক্ষকৰ অভাৱ দেখা যায়। এই ক্ষেত্ৰত চৰকাৰে চকু দিয়া উচিত।
? চিত্ৰশিল্পৰ বৰ্তমান অৱস্থাক লৈ আপুনি সুখী নে?
: সুখী বুলি ক’ব নোৱাৰিম। তথাপি ইয়াক ন পৰিকল্পনাৰে জনগণৰ মাজলৈ লৈ যাব পাৰিলে বেছি সুখী হ’ম।
? ধন্যবাদ। আপোনাৰ বহুমূলীয়া সময় আমাক দিয়াৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ।