সাক্ষাৎ গ্ৰহণ কৰোঁতা: পৰাগজ্যোতি মহন্ত
|
দেৱব্ৰত মহন্ত |
প্ৰশ্ন: আপুনি ইংৰাজী সাহিত্যৰ এগৰাকী প্ৰবক্তা, কবি, লগতে এগৰাকী
চিত্ৰশিল্পীও৷ এই তিনিওটা দিশতে একাত্ম হৈ আপুনি আপোনাৰ জীৱনটো আগুৱাই লৈ গৈছে৷ এই
ক্ষেত্ৰত কেনে অনুভৱে আপোনাৰ সত্তাত জোকাৰণি তোলে?
উত্তৰ: হয়, তোমাৰ দৰে আন বহুতেই মোৰ পৰা এই কথা জানিব বিচাৰে৷
দৰাচলতে সৃষ্টিৰ মুহূৰ্তই দিয়া আনন্দ সকলোৰে ঊৰ্ধ্বত বুলি মই ভাবোঁ৷ টকা-পইচা, ঘৰ-দুৱাৰ,
গাড়ী-ঘোঁৰা আদি বস্তুবাদী জগতৰ উপাদানসমূহে দিয়া আনন্দ সদায় ক্ষণস্থায়ী৷ এইবিলাকে
এজন মানুহক একমাত্ৰ পাৰ্থিৱ জগতখনতে আবদ্ধ কৰি ৰাখে; ইয়াৰ বাহিৰলৈ কোনোদিনে তেওঁক
লৈ যাব নোৱাৰে৷ কবিতা নাইবা ছবি এখন সুন্দৰভাৱে সম্পূৰ্ণ কৰাৰ পাছত যি সফলতাৰ সুখ
অন্তৰত অনুভৱ কৰা যায়, সেই সুখ আন কোনো বস্তুবাদী জগতখনৰ উপাদানসমূহে দিব নোৱোৰে৷
যেতিয়া মোৰ হাতত টকা-পইচা নাছিল, যেতিয়া হতাশাৰ ৰুক্ষ মৰুভূমিত মই দিন কটাবলগীয়া হৈছিল,
তেতিয়া মোক জীয়াই ৰাখিছিল একমাত্ৰ ৰং-তুলিকাই৷ এই কথা পলে পলে মই আজিও অনুভৱ কৰোঁ৷
প্ৰশ্ন: আমি সকলো কথাই আলোচনা কৰিম৷ প্ৰথমে আপোনাৰ শৈশৱ
আৰু শিক্ষা জীৱনৰ বিষয়ে কিছু ক’বনে?
উত্তৰ: মোৰ শৈশৱ কালটো শিৱসাগৰৰ
আমগুৰিতে পাৰ হৈছিল বুলি ক’ব পাৰি৷ তেতিয়াৰ দিনত আজিৰ দৰে সন্তানক ইংৰাজী মাধ্যমৰ
স্কুলত পঢ়ুওৱাৰ ঢৌ অভিভাৱকসকলৰ মাজত নাছিল৷ দেউতাই পোনপ্ৰথমে আমগুৰিৰ ভূঞাহাটৰ
স্কুল এখনতে নাম লগাই দিছিল৷ তাত দ্বিতীয় শ্ৰেণীলৈকে পঢ়াৰ পাছত আমগুৰি কলেজৰ ওচৰৰ
কছাৰী লাইন তিনিআলিৰ স্কুল এখনত তৃতীয় শ্ৰেণীৰ পৰা পঢ়িছিলোঁ৷ সেই স্কুখনৰ নিচেই
কাষতে দীঘল দীঘল বাঁহগছ আৰু অন্যান্য গছ-গছনিৰে এখন সৰু জংঘল আছিল৷ তাত আমি শিক্ষাগুৰুসকল
আহি পোৱাৰ আগতে কেঁচুমটা লৈ খুব দলিয়াদলি খেলিছিলোঁ৷ লাহে লাহে সময় বাগৰিল৷ এদিন
জাঁজী হেমচন্দ্ৰ শৰ্মা মহাবিদ্যালয়ৰ পৰা ইংৰাজীত মেজৰ লৈ বি.এ. পাছ কৰিলোঁ৷ ইয়াৰ
পাছত মাষ্টাৰ ডিগ্ৰী পঢ়িবৰ বাবে ঢাপলি মেলিলোঁ পুনেলৈ৷ পুনেত সপোন দেখিবলৈ
শিকিছিলোঁ৷ পাহাৰৰ ওপৰৰ শুকান জাৰণিৰ মাজত বহি চাইছিলোঁ তলৰ সৰু সৰু ঘৰবোৰ৷ সেই
স্মৃতিয়ে মোক আজিও কেতিয়াবা অস্থিৰ কৰি তোলে৷
|
দেৱব্ৰত মহন্তৰ চিত্ৰকৰ্ম |
প্ৰশ্ন: চিত্ৰশিল্প আৰু কবিতা৷ কোনখন
ক্ষেত্ৰলৈ কেতিয়া আৰু কেনেকৈ আগমন ঘটিল?
উত্তৰ: স্কুলত পঢ়ি থাকোঁতেই ছবি আৰু
কবিতা দুইটাৰে প্ৰতি আকৰ্ষিত হৈছিলোঁ৷ আনুষ্ঠানিক শিক্ষা নোলোৱাকৈয়ে পেঞ্চিলেৰে
জয়ন্ত হাজৰিকা, মহাত্মা
গান্ধী, লাল বাহাদুৰ শাস্ত্ৰী আদি বৰেণ্য ব্যক্তিসকলৰ
প্ৰতিকৃতি অংকন কৰিছিলোঁ৷ কিন্তু সেই সময়ত আমাৰ ঘৰতেই হওক বা আমগুৰিতেই হওক,
চিত্ৰকলাক আঁকোৱালি ল’ব পৰাকৈ বৰ বিশেষ এটা পৰিৱেশ নাছিল৷ সেয়ে
আৰ্ট স্কুলত গৈ চিত্ৰকলাৰ অ-আ-ক-খ শিকিব নোৱৰাৰ দুখত ছবি অঁকাৰ ধান্দা মনৰ পৰা
সম্পূৰ্ণৰূপে আঁতৰাই পেলাইছিলোঁ৷ পাছত বহু দেৰিকৈ পুনেৰ পৰা মাষ্টাৰ ডিগ্ৰী কৰি
ঘূৰি অহাৰ পাছতহে আকৌ ছবি আঁকিবলৈ ল’লোঁ৷ এই ক্ষেত্ৰত মোৰ তিনিগৰাকী শিক্ষাগুৰু—
পিংকী সুখী, ৰবীন বৰ আৰু মৌচুমী দেৰ নাম উল্লেখ কৰিবই
লাগিব৷
|
দেৱব্ৰত মহন্তৰ চিত্ৰকৰ্ম |
প্ৰশ্ন: কোনটোৰ প্ৰতি আপোনাৰ আকৰ্ষণ
অত্যধিক? সাম্প্ৰতিক
কবিতাৰ আৰু চিত্ৰশিল্পৰ প্ৰতি আপোনাৰ মনোভাৱ কেনে? ব্যক্ত
কৰিব৷
উত্তৰ: ছবি আৰু কবিতা দুয়োটাই প্ৰিয়
যদিও কেতিয়াবা ছবিৰ প্ৰতিহে বেছি আকৰ্ষণ অনুভৱ কৰোঁ৷ কবিতা লিখিছোঁ যদিও কবিতাৰ
ক্ষেত্ৰত বৰ বেছি আগ বাঢ়িব পাৰিছোঁ বুলি এতিয়াও ক’ব নোৱাৰোঁ৷ আনকি আজি পৰ্যন্ত
কবিতাৰ সংকলন এটাও উলিয়াব পৰা নাই৷ ছবিৰ ক্ষেত্ৰত অৱশ্যে অকণমান হ’লেও আগ বাঢ়িছোঁ
যেন লাগে৷ দেশে-বিদেশে বিভিন্ন প্ৰদৰ্শনীতো ভাগ লৈছোঁ৷ ২০১৫ চনত গুৱাহাটীত মুনমী
বৰাৰ গীতৰ আধাৰত এখন একক প্ৰদৰ্শনী অনুষ্ঠিত কৰিছোঁ৷
সাম্প্ৰতিক অসমীয়া কবিতা আৰু ছবিৰ জগতখন
খুব সুন্দৰ বুলিয়েই ক’ব পাৰি৷ বহুত ভাল ভাল কবি ওলাইছে৷ লগতে বহুত
প্ৰতিশ্ৰুতিসম্পন্ন কবিৰ কবিতাও পঢ়িবলৈ পাইছোঁ৷ কিন্তু বহুতে কবিতাৰ ইংগিতধৰ্মিতা
আৰু প্ৰতীকধৰ্মিতা— এই দিশ দুটাৰ পৰা আঁতৰি খুব সহজভাৱেই কবিতা লিখিবলৈ
লৈছে৷ এই কথাটো কিন্তু সঁচাকৈ এক চিন্তনীয় বিষয়৷ ছবিৰ ক্ষেত্ৰতো অসমীয়া
শিল্পীসকলৰ কাম-কাজ যথেষ্ট আশাপ্ৰদ বুলিয়েই ক’ব পাৰি৷ যোৱাকেইবছৰত কেইবাজনো ভাল
ভাল শিল্পীয়ে আত্মপ্ৰকাশ কৰিছে৷ বহুতে ভাৰতবৰ্ষৰ লগতে পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ
কৰ্মশালাত ভাগ লোৱাৰ লগতে প্ৰদৰ্শনীও অনুষ্ঠিত কৰিছে৷ এইসকলৰ ভিতৰত অনুপ কুমাৰ
শৰ্মা, কমল কুমাৰ
মহন্ত, দাদুল চলিহা, মিণ্টু ডেকা
আদিৰ নাম ল’ব পাৰি৷
প্ৰশ্ন: চিত্ৰশিল্পৰ বাবে আনুষ্ঠানিক শিক্ষা
লৈছিলনে?
উত্তৰ: প্ৰথম অৱস্থাত মোৰ আনুষ্ঠানিক
শিক্ষা নাছিল৷ সৰুৰে পৰাই ছবি আঁকিবলৈ লৈছিলোঁ যদিও ঘৰত মা-দেউতাই এইবোৰতকৈ
পঢ়া-শুনাতহে বেছি গুৰুত্ব দিছিল৷ অৱশ্যে তেতিয়াৰ দিনত আমাৰ পৰিৱেশটো আজিৰ দিনতকৈ
বহুত বেলেগ আছিল৷ আজিৰ তাৰিখত পঢ়া-শুনাৰ লগতে অভিভাৱকে নাচ-গান, চিত্ৰকলা, খেলা-ধূলা আদি extra-curricular কাম-কাজৰ
ওপৰতো যথেষ্ট গুৰুত্ব আৰোপ কৰা দেখা যায়৷ যি কি নহওক, মোৰ
চিত্ৰকলাৰ আনুষ্ঠানিক শিক্ষা আৰম্ভ হৈছিল পুনেত মাষ্টাৰ ডিগ্ৰী কৰি অসমলৈ ঘূৰি
অহাৰ পাছতহে৷ এই ক্ষেত্ৰত অলপ আগতে উল্লেখ কৰি অহা মোৰ তিনিগৰাকী শিক্ষাগুৰুৰ কথা
কোনোদিনে পাহৰিব নোৱাৰিম৷
প্ৰশ্ন: চিত্ৰশিল্পৰ বিষয়ত আপোনাৰ গুৰু
অথবা পথপ্ৰদৰ্শক?
উত্তৰ: হয়, ইতিমধ্যে উল্লেখ কৰা তিনিগৰাকী
শিক্ষাগুৰুৰ লগতে আন কেইবাজনো জ্যেষ্ঠ ব্যক্তি আৰু চিত্ৰশিল্পীয়ে মোক আগ বাঢ়ি
যোৱাত তেওঁলোকৰ দিহা-পৰামৰ্শৰে সহায় কৰিছে৷ সেইসকলৰ ভিতৰত ডা° প্ৰজ্ঞান শইকীয়াৰ পৰিবাৰ তথা মোৰ একালৰ
সহকৰ্মী পল্লৱী শইকীয়া বাইদেউ, অসমৰ প্ৰতিষ্ঠিত শিল্পী অনুপ কুমাৰ শৰ্মা, দেৱানন্দ
উলুপ, কমল কুমাৰ মহন্ত, নিউ
দিল্লীৰ পাৰুল গাৰ্গ, ইজিপ্তৰ কাইৰোৰ আব্দুল ৰহমান ফৌজি,
ইজৰাইলৰ এডি লাছৰি, হাংগেৰিৰ ছুজাৰ,
বাংগালোৰৰ ৰমেশ টাৰডেল আদিয়েই প্ৰধান৷
প্ৰশ্ন: আপোনাৰ কেনভাছত সাধাৰণতে বিমূৰ্ত ছবিৰ অংকনতহে
বেছিকৈ প্ৰাধান্য দিয়া দেখা গৈছে৷ যিবোৰ অন্ততঃ উচ্চ খাপৰ হোৱা হেতু সৰ্বসাধাৰণ
মানুহৰ পক্ষে সহজে বোধগম্য নহয়৷ সূক্ষ্ম নিৰীক্ষণৰ প্ৰয়োজন৷ এই ক্ষেত্ৰত আপোনাৰ
পৰা কিছু কথা জানিব বিচাৰিছোঁ৷
উত্তৰ: হয়, মোৰ প্ৰায় সকলো ছবিয়েই
এবষ্ট্ৰেক্ট, অৰ্থাৎ বিমূৰ্তধৰ্মী৷ আৰম্ভণিতে realistic
ছবি আঁকিছিলোঁ যদিও বৰ্তমান বিমূৰ্ত ছবিতে বেছিভাগ সময় পাৰ
কৰিছোঁ বুলি ক’ব পাৰি৷ দৰাচলতে ইংৰাজীৰ ‘abstract’ শব্দটোৰ
অসমীয়া প্ৰতিশব্দ হৈছে ‘বিমূৰ্ত’; অৰ্থাৎ, যাৰ কোনো নিৰ্দিষ্ট ‘shape’ বা ‘আকৃতি’
নাথাকে৷ এই বিমূৰ্ত কলাৰ প্ৰধান বিশেষত্ব হৈছে যে ইয়াত শিল্পীজনে স্পষ্টকৈ,
মানে দৰ্শকে পোনছাটেই ধৰিব পৰাকৈ কোনো বিষয়বস্তু বা ভাব
উপস্থাপন কৰিব নিবিচাৰে৷ তেওঁ মাথোঁ ৰং আৰু ৰেখাৰ সহায়ত ইয়াৰ আভাস এটাহে দিয়ে৷ এই
ক্ষেত্ৰত প্ৰচলিত নীতি-নিয়মৰ পৰা আঁতৰি তেওঁ বিভিন্ন পৰীক্ষা-নিৰীক্ষাও চলাব পাৰে৷
ফলত বিমূৰ্ত ছবি হৈ পৰে প্ৰতীকধৰ্মী, ইংগিতময় এক সাঁথৰ
নতু কবিতাৰ নিচিনা৷ ই দৰ্শকৰ মনত অনুসন্ধিৎসাৰ ভাব জগাই তোলাৰ লগতে চিন্তা কৰিবলৈ
উদগনি দিয়ে৷ কিন্তু মই ভাবোঁ দৰ্শকে অৰ্থতকৈ ছবিখন দেখিবলৈ কেনেকুৱা হৈছে এই
কথাটোতহে গুৰুত্ব দিয়া উচিত৷
|
দেৱব্ৰত মহন্তৰ চিত্ৰকৰ্ম |
প্ৰশ্ন: কবিতা আৰু চিত্ৰশিল্প— কোনটোক
লৈ আপুনি বেছি সুখ অনুভৱ কৰে অথবা কোনটোৱে আপোনাক বেছি আত্মসন্তুষ্টি দিয়ে? নিশ্চয়কৈ চিত্ৰ অংকনে নহয়নে?
উত্তৰ: দুইটাই মোৰ বাবে প্ৰিয় যেন ভাব
হয়৷ কবিতা এটা সম্পূৰ্ণ কৰি যিদৰে আত্মসন্তুষ্টি লাভ কৰোঁ, ঠিক সেইদৰে ছবি এখন আঁকিও সমানে
আত্মসন্তুষ্টি লাভ কৰোঁ৷ তথাপি কবিতাতকৈ ছবিতহে বেছিকৈ জড়িত হৈ পৰিছোঁ যেন লাগে৷
নহ’লে কিজানি ইমান দিনে অতি কমেও দুখনমান কবিতা সংকলন প্ৰকাশ কৰিব পাৰিলোঁহেঁতেন৷
প্ৰশ্ন: সম্প্ৰতি বিশ্বৰ ভিন্ন প্ৰান্তত
বহুলভাৱে চৰ্চিত, সমাদৃত
চিত্ৰশিল্পীসকলৰ তালিকাত অন্যতম আপুনিও৷ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত একাধিক
চিত্ৰ প্ৰদৰ্শনীত আপোনাৰ ছবিয়ে যথেষ্ট খ্যাতি অৰ্জন কৰাৰ লগতে কেইবাবাৰো স্বৰ্ণ,
ৰজত আৰু ব্ৰ’ঞ্জৰ পদক আঁজুৰি আনিবলৈ সক্ষম হোৱাৰ খবৰ বিভিন্ন
বৈদ্যুতিন মাধ্যম তথা বাতৰি কাকতসমূহে প্ৰকাশ কৰিছে৷ আমিও যথেষ্ট গৌৰৱ অনুভৱ
কৰোঁ৷ এই ক্ষেত্ৰত আপোনাৰ অনুভৱ কেনে, অলপ বহলাই কওক৷
উত্তৰ: হয়, বিভিন্ন ৰাষ্ট্ৰীয় আৰু
আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনীত মই অংশগ্ৰহণ কৰিছোঁ৷ এইবিলাকৰ ভিতৰত দিল্লী, উত্তৰ প্ৰদেশ, অমৃতসৰ, ম্যানমাৰ, কলিকতা, সৰ্বভাৰতীয়
কলা মহোৎসৱ, শ্ৰীলংকা, ইজিপ্তৰ
কাইৰো, হাংগেৰিৰ বোধাপেষ্ট্, য়ুৰোপৰ
য়ুক্ৰেইন, দক্ষিণ ক’ৰিয়াৰ পঞ্চম আন্তঃৰাষ্ট্ৰীয় কলা
মহোৎসৱ, নেডাৰলেণ্ড, ইণ্ড’নেছিয়াৰ
জাকাৰ্টা, ইটালিৰ কেম’ মিউজিয়াম আদিয়েই প্ৰধান বুলি ক’ব
পাৰি৷ এই প্ৰদৰ্শনীসমূহত ভাগ ল’বলৈ পাই এটা কথাই ভাল লাগিছে যে মোৰ সৃষ্টিসমূহ
অসম তথা ভাৰতবৰ্ষৰ সীমা পাৰ হৈ বাহিৰলৈ যাব পাৰিছে; বিশ্বৰ
ভিন্ন প্ৰান্তৰ শিল্পীসকলৰ তালিকাত অকণমান হ’লেও মোৰ নামটো সংযোজিত হৈছে৷
এইখিনিতে অৱশ্যে এটা বেয়া লগা কথাও আছে আৰু সেই কথাটো হৈছে— ইতিমধ্যে উল্লেখ কৰা
প্ৰদৰ্শনীবোৰৰ উপৰি বিভিন্ন ৰাষ্ট্ৰীয় গোটবিলাকে অনুষ্ঠিত কৰা অন্লাইন
প্ৰতিযোগিতাবোৰতো মাজে মাজে মই অংশগ্ৰহণ কৰি থাকোঁ৷ ফলত বহুতে মোৰ সকলো
কাম-কাজ অন্লাইন বুলিহে মন্তব্য প্ৰকাশ কৰিব খোজে৷ কিন্তু এইটো তেওঁলোকৰ
সম্পূৰ্ণ ভ্ৰান্ত ধাৰণা৷ বুজাবলৈ গ’লে ইয়াত বহুত সময় লাগিব৷
প্ৰশ্ন: আপোনাৰ চিত্ৰ জীৱনৰ অনুপ্ৰেৰণা?
উত্তৰ: চিত্ৰকলাৰ জগতখনত আগ বাঢ়ি যাবৰ
বাবে কেইবাজনো ব্যক্তিয়ে মোক উৎসাহ-উদ্দীপনা দি সহায় কৰিছে৷ তেওঁলোকৰ ভিতৰত
প্ৰথমেই ডা° প্ৰজ্ঞান
শইকীয়াৰ পৰিবাৰ তথা মোৰ একালৰ সহকৰ্মী পল্লৱী বাইদেউৰ নাম ল’ব লাগিব৷ তেখেতেই
পোনপ্ৰথম চিত্ৰকলাৰ অ-আ-ক-খ শিকিবৰ বাবে এজন শিক্ষাগুৰুৰ ওচৰলৈ যাবলৈ মোক
উৎসাহিত কৰি তুলিছিল৷ তদুপৰি চিত্ৰকলাৰ সাধনা নিৰৱচ্ছিন্নভাৱে চলাই যাবলৈ যথেষ্ট
আজৰি সময়ৰ প্ৰয়োজন৷ পেইণ্টিং এখন পূৰ্ণাংগ ৰূপ দিবলৈ কিছু সময় আৰু ধৈৰ্য লাগে; কষ্টও হয়৷ এই ক্ষেত্ৰত মোৰ
শ্ৰীমতীৰ সহযোগিতা আৰু বুজাবুজিৰ কথাও উল্লেখ কৰিব লাগিব৷
প্ৰশ্ন: ছবি আঁকোতে কোনবোৰ দিশত
গুৰুত্ব দিয়ে?
উত্তৰ: ছবি এখন আঁকিবলৈ লওঁতে মই প্ৰথম
গুৰুত্ব দিয়া বিষয়টো হ’ল ৰং৷ কোনকেইটা ৰং ব্যৱহাৰ কৰিলে ছবিখন মোৰ ভাল লাগিব
বা আনেও পছন্দ কৰিব, এই কথা চিন্তা কৰিহে মই ছবিখন আৰম্ভ কৰোঁ৷ তাৰ পাছত ছবিখনৰ আংগিক অথবা
সামগ্ৰিক দিশটোৰ কথা ভাবোঁ৷ এনেকৈয়ে শেষত মোৰ ছবিখন হয়গৈ৷
প্ৰশ্ন: ভাল ছবি এখনৰ আঁৰৰ কথাখিনি কি?
উত্তৰ: যিকোনো উৎকৃষ্ট সৃষ্টিৰ বাবে
সাধনাৰ প্ৰয়োজন৷ ভাল ছবি এখনৰ ক্ষেত্ৰতো সেই একেই কথা বুলি ভাবোঁ৷ ৰঙৰ
কম্বিনেশ্বনৰ লগতে সুন্দৰ কম্প’জিশ্বনেই হ’ল ভাল ছবি এখনৰ আঁৰৰ মূল কথা৷
প্ৰশ্ন: আপোনাৰ সফলতাৰ গ্ৰাফডাল
ক্ৰমান্বয়ে ঊৰ্ধ্বগামী হোৱা আমি দেখিবলৈ পাইছোঁ৷ ই কেতিয়াবা ঈৰ্ষাৰো কাৰণ৷ এনে
কেতবোৰ লক্ষণ আপোনাৰ কিছুমান ছবিৰ মাধ্যমেৰে প্ৰকাশ কৰা দেখা যায়৷
উত্তৰ: হয়, গোপনে গোপনে মোৰ প্ৰতি
ঈৰ্ষান্বিত হৈ মোৰ পিছত লাগি থকা কিছু ব্যক্তিক লৈও মই কবিতা লিখিছোঁ বা ছবি
অংকন কৰিছোঁ৷ ইয়াৰে এটা কবিতা ‘ঈৰ্ষান্বিত মানুহবোৰ’ কিছু দিনৰ আগতে ‘দৈনিক অসম’
কাকতৰ দেওবৰীয়া চ’ৰাত প্ৰকাশ হৈ গৈছে৷ দৰাচলতে মোৰ প্ৰতি কোনোবা ঈৰ্ষান্বিত
হৈছে বুলি গম পালে ভিতৰি ভিতৰি ময়ো উন্মাদ আৰু অস্থিৰ হৈ পৰোঁ৷ শেষত ইয়াৰ
বহিঃপ্ৰকাশ ঘটে এখন ছবি অথবা কবিতাত৷
|
আলাপ সন্মান, ২০১৮ |
প্ৰশ্ন: কেতবোৰ স্মৰণীয় অভিজ্ঞতাৰ
বিষয়ে কওক৷
উত্তৰ: এবাৰ গুৱাহাটীৰ ষ্টেট আৰ্ট
গেলেৰিত এখন প্ৰদৰ্শনী অনুষ্ঠিত হৈছিল৷ তাত মোৰ দুখন ছবি আছিল৷ প্ৰদৰ্শনীখন
মুকলি কৰিছিল প্ৰথিতযশা চিত্ৰশিল্পী, গুৱাহাটীৰ অতুল বৰুৱাদেৱে৷ বেৰত ওলমি থকা ছবিবোৰ এফালৰ পৰা চাই আহি
থাকোঁতে হঠাতে তেওঁ অৰ্গেনাইজাৰজনৰ দ্বাৰা মোক মাতি পঠিয়ালে৷ মই আচৰিত হৈছিলোঁ৷
ঠিক তেনেকৈ আৰু এটা পাহৰিব নোৱৰা অভিজ্ঞতা
হৈছিল চেৰাপুঞ্জীৰ ছাইমিকা ৰিজৰ্টত৷ সেইবাৰ গুৱাহাটীৰ ৰূপ বৰ্ণমৰ হৈ আমি কেইবাজনো
তাত ছবি আঁকিবলৈ গৈছিলোঁ৷ গুৱাহাটীৰ পৰা প্ৰায় চাৰে চাৰি ঘণ্টা নে পাঁচ ঘণ্টাৰ
যাত্ৰা৷ ছাইমিকা ৰিজৰ্ট গৈ পাওঁতে প্ৰায় আবেলি হ’বলৈ আৰম্ভ কৰিছিল৷ সোনকালে আহাৰ
খাই ৰূপ বৰ্ণমৰ
সভপতি, প্ৰসিদ্ধ
চিত্ৰশিল্পী অনুপ কুমাৰ শৰ্মাই (অনুপ ছাৰ) ৱৰ্কশ্বপৰ শুভাৰম্ভ কৰাৰ পাছত আমি ভাগে
ভাগে কেবিনবিলাকলৈ গ’লোঁ৷ আমাৰ কেবিনবিলাক আছিল একেবাৰে পাহাৰৰ দাঁতিত৷ সেয়ে
পাহাৰৰ মায়াময় পৰিৱেশত আমি সকলো আপোন পাহৰা হৈ পৰিছিলোঁ৷ মই থকা কেবিনটোত দুজন
মণিপুৰৰ শিল্পীও আছিল৷ কেবিনত সোমোৱাৰ পাছতে নিজৰ নিজৰ জেগা ঠিক কৰি লোৱাৰ পাছত
সকলো টোপনিত লালকাল দিলে৷ মাত্ৰ সাৰে থাকিলোঁ মই আৰু মণিপুৰৰ এজন শিল্পী৷
তেখেতেও শুবলৈ লৈ হঠাৎ আকৌ উঠি মজিয়াতে কেনভাছখন থিয় কৰাই লৈ নতুন ছবি এখনৰ
পৰিকল্পনাত মগ্ন হ’ল৷ সেই ছেগতে কিছু সময় অকলে কটাওঁ বুলি কেবিনৰ দুৱাৰখন বাহিৰৰ
পৰা জপাই দি মই পিছফালৰ বাৰান্দা পালোঁহি৷ চাৰিওফালে চাই দেখিলোঁ কেৱল পাহাৰ…
মাথোঁ পাহাৰ…৷ মাজে মাজে শৰীৰত অনুভৱ কৰিলোঁ শীতল বা৷ এনেদৰে কিমান সময় তন্ময় হৈ
ৰৈ আছিলোঁ ক’ব নোৱাৰোঁ৷ হঠাৎ মোৰ সোঁ কাণৰ নিচেই কাষত সৰুকৈ সুহুৰি বজাব
খোজাৰ নিচিনাকৈ শব্দ কৰি কোনোবাই ফুঁ মাৰি দিলে৷ মই তৎক্ষণাৎ লগৰজন বুলি ঘূৰি
চাই দেখোঁ কোনো নাই৷ কেবিনৰ ভিতৰলৈ আহি দেখোঁ— সকলো টোপনিত৷ কেৱল মইহে সাৰ
পাই আছোঁ৷ তেনেহ’লে কোন আছিল সেয়া! মনে মনে মোৰ অকণমান ভয়ো লাগিল৷ যি নহওক,
এনে অচিনাকি ঠাইত অকলশৰে পাহাৰৰ দাঁতিত থিয় হৈ থকাটো উচিত নহ’ব
বুলি ভাবি কেবিনৰ ভিতৰলৈ সোমাই দুৱাৰখন লাহেকৈ বন্ধ কৰি দিলোঁ৷ কেইদিনমানৰ পাছত
ছাইমিকা ৰিজৰ্টৰ পৰা ঘূৰি আহি শুনিলোঁ— এটা সময়ত সেই ঠাইখিনি হেনো এখন কবৰস্থান
আছিল৷
প্ৰশ্ন: সাধনা অথবা কঠোৰ শ্ৰমৰ অবিহনে
কোনো শিল্পই পূৰ্ণতা নাপায়, প্ৰাণ প্ৰতিষ্ঠা নহয়৷ আপুনিও ব্যতিক্ৰম নহয়৷ কোনো সমস্যাই এই
ক্ষেত্ৰত আপোনাৰ ওপৰত প্ৰভাৱ পেলোৱা নাইনে?
উত্তৰ: হয়, শিল্পৰ পৰিপূৰ্ণতাৰ বাবে সাধনাৰ
প্ৰয়োজন৷ এই ক্ষেত্ৰত মাজে মাজে কিছু সমস্যাৰ সন্মুখীন নোহোৱা নহয়; কিন্তু প্ৰবল ইচ্ছাশক্তিৰ বাবেই এইবোৰ আঁতৰাই কিছু আগ বাঢ়িব পাৰিছোঁ
বুলি বিশ্বাস কৰোঁ৷ এখন ভাল ছবিৰ বাবে একমাত্ৰ শিল্পীজন দক্ষ হ’লেই নহ’ব৷ লগতে
উৎকৃষ্ট ৰং, কেনভাছ আৰু অন্যান্য সামগ্ৰীও লাগিব৷
প্ৰশ্ন: ভৱিষ্যৎ পৰিকল্পনা কিবা আছেনে?
উত্তৰ: ভৱিষ্যৎ পৰিকল্পনা বুলি ক’বলৈ
গ’লে ৱিলিয়াম শ্বেইক্সপিয়েৰৰ কবিতাৰ আধাৰত এলানি ছবি অঁকাৰ কথা ভাবিছোঁ৷ এই কথা
ইতিমধ্যে ৰাইজক জনাইছোঁৱেই৷ চাওঁচোন কিমান সফল হ’ব পাৰোঁ৷
প্ৰশ্ন: আপোনৰ কেইখনমান উল্লেখযোগ্য
ছবিৰ বিষয়ে কওক, যি
আপোনাৰ মনোজগতত বিশেষ প্ৰভাৱ পেলাইছে আৰু পৰৱৰ্তী সময়ত আপোনাক হাতত ৰং-তুলিকা
লৈ ৰাতি বহু সময়লৈকে উজাগৰে থাকি কেনভাছত ৰং বুলাবলৈ উৎসাহ যোগাই থাকে৷
উত্তৰ: ছবি এনেয়ে বহুত আঁকিছোঁ৷ তথাপি
মোৰ নিজৰ বিবেচনাত উল্লেখযোগ্য বুলি ক’বলৈ যাওঁতে প্ৰথম ‘Ready for Journey’ ছবিখনেই মনলৈ
আহিছে৷ছবিখনৰ উৎসও সঁচাকৈয়ে এটা যাত্ৰাই আছিল৷ ক’লৈ গৈছিলোঁ বৰ্তমান পাহৰিছোঁ
যদিও যোৱাৰ আগদিনাখন যে ছবিখন খৰধৰকৈ আঁকি সম্পূৰ্ণ কৰিছিলোঁ, সেই কথা আজিও ভালদৰে মনত আছে৷ এইখনৰ দৰে আন এখন প্ৰিয় ছবি হ’ল— ‘The
Dark Sky and the Red Soil’৷ বৰ্তমান হিংসা-হত্যাৰে জৰ্জৰিত
পৃথিৱীৰ কথা মনত ৰাখিয়েই এই ছবিখন অংকন কৰিছিলোঁ৷ ঠিক তেনেকৈ আৰু বহুতো মোৰ
প্ৰিয় ছবি আছে, যিবিলাকে মোক সদায় ৰং-তুলিকাৰ সুগন্ধি
পথত আগ বাঢ়ি যাবৰ বাবে উৎসাহিত কৰি থাকিব৷
প্ৰশ্ন: বিগত কালছোৱাত আপুনি
ফ্ল’ৰেন্সৰ প্ৰখ্যাত লিঅ’নাৰ্ড’ ড্যা ভিঞ্চি বঁটাৰ বাবেও আমন্ত্ৰিত হৈছিল৷ এই
আমন্ত্ৰণ আপোনাৰ বাবে অপ্ৰত্যাশিত আছিল নেকি?
উত্তৰ: হয়, ফ্ল’ৰেন্সৰ এই লিঅ’নাৰ্ড’ ড্যা ভিঞ্চি বঁটাৰ বাবে
আমন্ত্ৰণ পাই আনন্দিত হৈছিলোঁ৷ কিন্তু ইয়াৰ টেক্নিকেল কিছুমান আসোঁৱাহ আৰু ব্যক্তিগত
অসুবিধাৰ বাবে এই বঁটাটো গ্ৰহণ কৰিব নোৱাৰিলোঁ৷ হ’লেও মোৰ মনত কোনো আক্ষেপ নাই৷
কিয়নো বঁটাতকৈ সকলোৰে মনত বিস্ময়ৰ ভাব সৃষ্টি কৰিব পৰা এখন পেইণ্টিংহে মোৰ বাবে
অধিক গুৰুত্বপূৰ্ণ৷
প্ৰশ্ন: ২০১৯ চনত চিত্ৰকলাৰ শিক্ষাৰ বাবে ‘উত্তৰ প্ৰদেশ
বুক অব ৰেকৰ্ডছ’-এ আপোনাক ‘Excellent Teacher Icon Award’ সন্মান আগ বঢ়াইছে৷ এয়া ৰাজ্যবাসীৰ
বাবে অত্যন্ত গৌৰৱৰ বিষয়৷ এই সফলতাক লৈ আপোনাৰ মনোভাব কেনে আছিল?
উত্তৰ: বঁটাটোৰ
বাবে নিৰ্বাচিত হোৱাত ভালেই লাগিছিল৷ দৰাচলতে শিক্ষাৰ লগতে অন্যান্য
extra-curricular কামৰ সম্পৰ্কত বিবেচনা কৰি এই বঁটাটো ভাৰতৰ বিভিন্ন ঠাইৰ শিক্ষকলৈ
আগ বঢ়োৱা হৈছিল৷ চিত্ৰকলাৰ ক্ষেত্ৰখনত দেখুওৱা কিছু পাৰদৰ্শিতাৰ বাবে এই বঁটাটোৰ
বাবে মোকো নিৰ্বাচিত কৰিলে৷ মনে মনে কিছু ভয়ো লাগিছিল; কিয়নো, আজিলৈকে নিজকে কোনোদিন
মই Excellent Teacher বুলি ভাবি পোৱা নাই৷
প্ৰশ্ন: এজন কবি অথবা এজন চিত্ৰকৰ হিচাপে সমাজৰ প্ৰতি কিমানখিনি
দায়বদ্ধতা থকাটো উচিত বুলি ভাবে? নতুন প্ৰজন্মৰ প্ৰতি কিবা ক’বলগীয়া?
উত্তৰ: সমাজৰ প্ৰতি তেওঁলোকৰ দায়িত্ব আছে, নথকা নহয়৷ কিন্তু
সেইদৰে চিত্ৰশিল্পীসকলৰ প্ৰতিও সমাজৰ কিছু দায়িত্ব আছে৷ বাহিৰত এখন ছবি এক লাখ ডেৰ
লাখ টকাত বিক্ৰী হয়৷ তাত ঘৰে ঘৰে এখন পেইণ্টিং সজাই থোৱাটো এক আভিজাত্যৰ চিন৷ কিন্তু
আমাৰ ইয়াত সজাই থোৱাটো দূৰৰে কথা, দুহেজাৰ-এহেজাৰ টকাতো কোনেও ছবি এখন কিনিব নিবিচাৰে৷
অকল সেয়াই নে? অসমীয়া চেনেলকেইটা খুলিলেই কেৱল
নৃত্য-গীতৰ পয়োভৰ৷ মই কি ক’ব বিচাৰিছোঁ তুমি গম পাইছাই চাগে!
বাকী নতুনসকলৰ প্ৰতি মোৰ ক’বলগীয়া এটাই যে তেওঁলোকে সাধনা
অব্যাহত ৰাখক৷ কষ্ট কৰিবলৈ শিকক৷ সফলতা আৰু পৰিপূৰ্ণতা এদিন নিজে নিজেই হাতলৈ আহিব৷
প্ৰশ্ন: আপোনাৰ প্ৰিয় গ্ৰন্থ?
উত্তৰ: দিনে-নিশাই অনৱৰতে ছবিৰ লগত ব্যস্ত হৈ থকাৰ ফলত কিতাপ
পঢ়িবৰ বাবে মই আজি-কালি সময় নোপোৱাই হ’লোঁ বুলি ক’ব পাৰি৷ তথাপি প্ৰিয় গ্ৰন্থ বুলি
সোধোঁতে বিপুলজ্যোতি শইকীয়াৰ পাহৰণিৰ নৈ, মহাকাব্যৰ প্ৰথম পাত আৰু লগতে অতনু ভট্টাচাৰ্যৰ
প্ৰাপ্তি অপ্ৰাপ্তি— এই কিতাপকেইখনেই এই মুহূৰ্তত মনলৈ আহিছে৷