ড০ চন্দ্ৰধৰ চমুৱা
(যোৱা সংখ্যাৰ পাছৰ পৰা)
(উনৈশ)
ভীষণ কষ্টকৰ পাহাৰীয়া বাট ৷ ডয়-কাও-ৰং দু পৰ্বত পাৰ হৈ ছ্যু-কা-ফাই দেখিলে এখন নদী পশ্চিম ফালে বৈ গৈছে। কষ্টকৰ পঅৰীয়া বাটৰ শেষত নদীখন পাই মানুহবোৰৰ ভাল লাগিল৷ নদীৰ পাৰে পাৰে পশ্চিমলৈ গৈ থাকিব পৰা যাব, হয়তো এই নদীৰ পথেই ৱাইছালি দেশত ওলাইছেগৈ৷ এতিয়া খৰালি হৈছে, নদীত পাৰ ওপচা পানীও নাই৷ নদীখন হাতে পোৱাত থাকিলে খোৱাপানীৰ সমসয়াও দূৰ হয়৷ কথাটো সকলোৱে সমৰ্থন কৰিলে৷
আৰম্ভ হ’ল নৈপৰীয়া যাত্ৰা। ক’ৰবাত শিল-বালি, ক’ৰবাত থিয় গৰা। হাতী, ঘোঁৰা, পদাতিক ৰণুৱা, বনুৱা, পুৰুষ আৰু নাৰী। নৈৰ পাৰৰ অধিবাসীসকলৰ কোনো কোনো ভয়ত এস্তমান, কোনো কোনোৰ মনত আক’ সীমাহীন কৌতূহল কাৰণ অভিযাত্ৰী সকল ইদলৰ পিছত সিদল আহিয়েই আছে। গোটেইবোৰ মানুহ গোট খালে যে কিমান হ’বগৈ তাৰ যেন লেখ-জোখ দিয়াটোৱেই টান হ’ব, যদিওবা ছ্যু-কা-ফাৰ দলত প্রায় ন হাজাৰহে মানুহ আছে। এনেকৈ কুৰি-পাঁচিছ জনীয়া দলবোৰ ইদলৰ পিছত সিদলকৈ আহি থাকিলে মানুহৰ এনে ধাৰণা হয়েই আৰু সেয়ে হয়তো ছ্যুই কৌশলগত ভাৱে মানুহবোৰ এনেকৈ নদীৰ পাৰেদি আহিবলৈ কৈছে।
দিনটোৰ শেষত মানুহবোৰ এঠাইত ৰ’লহি। তাতে ৰাতিটোৰ বাবে জিৰণিৰ ব্যৱস্থা কৰা হ’ল। বতৰ ভাল, তম্বু বা পঁজাৰ দৰকাৰ নাই। নদীৰ পাৰতে ভাত-পানী খাই মানুহবোৰে হাঁহি-স্ফুৰ্তি আৰু নাচ-গান কৰিছে। তাই-ছান দেশৰ পৰা কঢ়িয়াই অনা বসন্ত উৎসৱৰ নৃত্য-গীত। ছেং-নাং আৰু ছেংবাওসকলৰ সুকীয়া সুকীয়া বিহু। নিৰ্মল আকাশ, শাৰদী জোনাক। কোনো কোনোৱে সুবিধা বিচাৰি একো ঘুমতি মাৰিও ললে। শিতানত এটুকুৰা কাঠ আৰু কিছু শুকান ঘাঁহ বনেই এখন বিছনাৰ বাবে যথেষ্ট ।
পুৱা সূৰ্যোদয়ৰ লগে লগে পুনৰ নদীৰ পাৰে পাৰে যাত্ৰা আৰম্ভ হ’ল। কিছুদূৰ অহাৰ পাছত মানুহবোৰ ৰৈ গ’ল। এইখন নাম্ বং (দীঘল নদী); গৈ যেন শেষেই নহ’ব এনে লাগিছিল; কিন্তু শেষত দেখোন এই ঠাই পোৱা গ’লহি য’ত বহুত নদী আহি মিলিছেহি । ছয় সোঁতা পানী লৈ নদীখন পশ্চিমলৈ বৈ গৈছে। এয়া যে নাম-ৰুক (ছয় পানী)ৰ ঠাই! ছ্যুই পানীৰ ৰং আৰু সোঁত চাই ক’লে ছটা সোঁতৰ পানী নাম্ৰুক্। সকলোৱে ক’লে এয়া নাম্ ৰুক্। এই নামেৰেই পিছলৈও চলি গ’ল (নামৰূপ) ।
ডাঙৰীয়া আৰু বিষয়াসকলক মাতি ছ্যুই ক’লে, “ইয়াত কেইদিনমান থকা য’ক। খোজ কাঢ়িব নোৱাৰা বহুত মানুহ আছে, বয়বস্তুৰ সৈতে বহুত মানুহ ভাগৰিও পৰিছে, কোনে কোনো ৰুগীয়াও হৈছে। এইদৰে গৈ থাকিলে হয়তো বহুতে বাটতে হাড় সোধাব লাগিব। গতিকে বয়-বস্তুৰ সৈতে এভাগ মানুহ ভূৰত উঠি এই নাম্-ৰুকেদি ভটিয়াই যাব লাগিব। ওচৰত অপৰ্যাপ্ত কাঠ আছে। পানীত উপঙা চাই চোম, মৰশাল, চ, শিমলু আদি কটা হ’ক। বাঁহ গছো হাবিত দেধাৰ আছে। গছ-গছনি মেৰিয়াই বেত আৰু লতাবোৰো ওচৰতেই আছে। এইবোৰৰে সৈতে কিছুমান ভূৰ সজা হ’ক। শিমলু আৰু চ-কাঠৰ নাও কাটি লব পৰাও যাব।
নাম্-ৰুকৰ পাৰতে শিবিৰ পাতি দলটো কিছুদিন ৰ’ল। সকলো যোগাৰ হ’লত আকৌ পশ্চিম মুখী যাত্ৰা আৰম্ভ হ’ল। পানীয়েদি আৰু বামেদি দুদল মানুহ সমান্তৰালভাৱে ইদলে সিদলক সততে দেখি থাকিব পৰাকৈ আহি থাকিল।
এইবাৰ আহি আহি আন এখন নৈ পোৱা গ’ল। কোনো কোনোৱে পানীৰ চলু হাতত লৈ চালে। চিঞৰি ক’লে, “জীন্..জীন্” (চেচী) ৷ এইখন নদীক বা কি নাম দিয়া যায়? “জীন” নেকি ? বাৰু চোৱা য’কচোন, ভটিয়াই গ’লে কিজানি মানুহৰ গাঁও-ভুঁই পোৱা যায়েই। ওচৰৰ বাসিন্দাই যি নাম দি থৈছে সেই নামেৰেই হ’ব। কিছুদুৰ ভটিয়াই আহিয়েই দলটোৱে এখন গাঁও পালে। মানুহবোৰে ঘাটৰ ফালে ওলাই আহিচাই আছেহি- ল’ৰা, ডেকা, বুঢ়া,পুৰুষ-নাৰী। চেহেৰাইপাতিয়ে তাই মানুহৰ দৰেই লাগিল। সাজ-পাৰতো কিছু মিল আছে। ভাষাও হয়তো বুজিব পৰা ধৰণৰ হ’ব পাৰে।
অনুমানটো ভুল নহ’ল। মানুহবোৰক ওচৰলৈ মাতিবলৈ কেইজনমানক পঠোৱা হ’ল। তেওঁলোক চাপি আহিল। মানুহবোৰে তাই ভাষাই কয়, কিন্তু শব্দৰ উচ্চাৰণ আৰু বাক্য গাঁঠনিহে কিছু আচহুৱা ধৰণৰ তথাপি বুজিব পাৰি।
“নদীখনৰ নাম কি?” ছ্যু-কা-ফাৰ দলৰ এজনে সুধিলে ।
“দিহিং (বুঢ়ীদিহিং)” একাধিক গাঁওবাসীয়ে একেলগে উত্তৰ দিলে।
“তোমালোকৰ গাঁওখনৰ নাম কি?” তাই বিষয়া এজনে সুধিলে।
“মঙ্-লা-খেন্...” মানুহবোৰে একাধিক কণ্ঠত ক’লে।
“মঙ্-লা-খেন্, আমাৰ নিজৰ গাঁও যেনেই লাগিছে অ’ই।” এজন তাই লোকে ৰস কৰি ক’লে। বাকীবোৰেও হাঁহি কথাটো সমৰ্থন কৰিলে। “আমি মিতিৰ পাতিম দেই৷” কোনোবা এজনে তাতে যোগ দিলে আৰু ওচৰত থকাবোৰে আগৰ দৰে হাঁহি সঁাৰি জনালে৷ কোনো কোনো গাঁওবাসীয়েও মূৰ দুপিয়াই শলাগিলে:
“ওঁ পাতিম পাতিম, আমি মিতিৰ পাতিম৷”
‘তোমালোকৰ ওচৰত অন্য কি গাঁও আছে।” তাই লোকে সুধিলে।
_ সৌখন ওচৰতে টেংচা গাঁও আছে, আমাৰ মানুহৰ গাঁও৷” এজন বুঢ়ালোকে কিছুদূৰৰ ওখ তামোল এজোপাৰ ফালে আঙুলিয়াই ক’লে। মানুহবোৰে চাই পঠিয়ালে, হয়, সেইফালে এখন গাঁও আছে। ছ্যুই ভাবি সিদ্ধান্ত কৰিব পৰা নাই সাগৰৰ মাজৰ দ্বীপৰ দৰে তাই মানুহৰ গাঁওকেইখন কেনেকৈ ওলাল। এৰা, এইবোৰ চাম্-লুঙ্-ফাৰ লগত অহা মানুহো হ’ব পাৰে। কিবাকৈ থাকি গ’ল । নতুবা ওচৰৰ পাহাৰে কন্দৰে তাই মানুহৰ কোনোবা উপজাতি আছে। তাই লোক হয়তো সি ইয়ালৈ অহাৰ বহু পূৰ্বে এইবোৰ ঠাইতো সিঁচৰিত হৈ আছে৷ সি যে কিমান কথা নাজানে! নিজৰ জ্ঞানৰ সীমাবদ্ধতাত সি মনতে লাজ পালে, কিন্তু প্ৰকাশ নকৰিলে। দুই এদিনতে সি সকলো বুজ ল’লে। তাই মানুহবোৰে ছ্যু-কা-ফাৰ দলৰ লগত সহযোগ কৰিব। ভাষাৰ কিছু মিল থকাৰ বাবে সকলোৰে সুবিধা হ’ব।
ছ্যু-কা-ফাই এই গাঁও দুখনৰ ওচৰতে নদীৰ কিনাৰত দুদিনমান থাকি যোৱাৰ ইচ্ছা প্রকাশ কৰিলে। তম্বু তৰা হ’ল,গছৰ ডাল পাতেৰে অসংখ্য জুপুৰিও সজা হ’ল। ছ্যুই বাহৰলৈকে এদিন গাঁও দুখনৰ মুখিয়াল মানুহবোৰক মতাই দিলে; আৰু নিয়ম সঙ্গত ভাবে এইবাৰ ডা-ডাঙৰীয়াসকলৰ মেল পাতি আলোচনা কৰা হ’ল। গাঁৱত মানুহে কোনো দ্ৰোহ আচৰণ নকৰি সহযোগ কৰাৰ কথা দিলে। তেতিয়া অঞ্চলটোৰ অন্যান্য গঁও-বিলাকৰ তালিকা তেওঁলোকৰ পৰাই লোৱা হ’ল। পণ্ডিতে এইবোৰ লিখি ৰাখিলে৷ মানুহবিলাকে ক’লে যে এই গাঁওবিলাকৰ লগত নতুনকৈ অহা তাই-ছান মানুহৰ যোগাযোগ কৰাই দিব পৰা যাব। ছ্যু-কা-ফাই তেওঁলোকৰ লগত আলাপ-আলোচনাৰ অৰ্থে বিষয়া পঠাবলৈ স্থিৰ কৰিলে। এই নতুন ঠাইৰ মানুহবোৰৰ লগত যাতে খিলঞ্জীয়া গাঁওবাসী সকলৰ ভাল চিনা-পৰিচয় হয়, নৈ-বিল বাট-পথ সকলো চিনাজনাৰ ক্ষেত্ৰত এওঁলোকে সহায় কৰে তাৰ বাবে এই দুখন গাঁৱৰ মানুহবোৰক কোৱা হ’ল। ইতিমধ্যে অঞ্চলৰ প্রায়বোৰ গাঁৱেই জানি উঠিছে যে মঙ্-লা-খেন আৰু টেংচা গাঁৱে পূবৰ ফালৰপৰা হাতী-ঘোঁৰা, সৈন্য-সামন্ত ডা-ডাঙৰীয়া, পণ্ডিত-পুৰোহিত লৈ অহা লেংডনৰ বংশৰ ছ্যু-কা-ফা নামৰ কোঁৱৰ এজনক ৰজা বৰিছে। কোঁৱৰজনে পূবৰ ফালৰ পৰা ৰাজ্য বহলাই আহি আছে। এইখন ঠাইত আক তেনেকুৱা শক্তিশালী ৰজা নায়েই। তাতে দুখন গাঁৱে ছ্যু-কা-ফাক ৰজা মানিলেই। মানুহবোৰে নিজাকৈ মেল মাতি স্থিৰ কৰিলে যে এই ৰজাৰ আশ্ৰয়তে সকলো নিৰাপদে থকাই ভাল। দুইএজনে কিছু বিৰোধ কৰিছিল যদিও নৰজিল। কাৰণ মানুহবোৰে শান্তিহে বিচাৰে, সেই শান্তি লাগিলে যি ৰজায়েই নিদিয়ক। প্ৰজা সদায় প্ৰজা, অযোধ্যাতো আৰু লংকাতো। “তথাপি ৰজাই ৰজাই যদি ৰণ কৰে তেন্তে আমি এইজনৰ ফলীয়া হ’লেহে ৰক্ষা হ’ব।” কোনো কোনোৱে এনেকৈ মন্তব্য কৰিলে।
ছ্যু-কা-ফাই বৰমেল পাতি কথাবোৰ আকৌ আলোচনা কৰিলে। ডাঙৰীয়া এজনে ক’লে বোলে এই ঠাইৰ পৰা ডয়-কাও-ৰঙলৈ বাটত হাঁহ-কুকুৰা মাৰি খাই নগ’লে খোজেৰে পুৱাৰ পৰা এদিনৰ বাটহে।
“গতিকে এই গাঁওবোৰকো সামৰি তালৈকে এখন প্ৰদেশ পাতো, কথাটো কেনে হয়?”
ছ্যু-কা-ফাই সমজুৱাকৈ সুধিলে। আটাইবোৰে একেমুখে ক’লে যে কামটো বঢ়িয়া হ’ব, কাৰণ ইতিমধ্যে পূবত খাম্-য়াঙ্ প্ৰদেশ পাতি অহা হৈছেই, তাৰ ভাটিত এইখন নতুনকৈ পাতিলে দুয়োখন মিলি পূবৰ ভেটি মজবুত হ’ব।
এতিয়া দ্বিতীয় কথা হ’ল এই প্ৰদেশৰ শাসনকৰ্তা কোন হ’ব। ছ্যু-কা-ফাৰ দলত যোগ্য লোকৰ অভাৱ নাই। তথাপি তাই পং, চেং-কং আদি কেইজন মানক ছ্যু-কা-ফাৰ পাছৰ অভিযানবোৰত দৰকাৰ হ’ব। গতিকে তেঁওলোকক বাদ দি শাসনকৰ্তা নিৰ্বাচন কৰা হ’ক। এই সম্পৰ্কে কথাটো কৈ শাসনকৰ্তা নিৰ্বাচনৰ বাবে দুই ডাঙৰীয়া থাও-মঙ্-বান-ৰুই আৰু থাও-মঙ্-কাঙ্-ঙানে ছ্যু-কা-ফাকে সিদ্ধান্ত দিবলৈ ক’লে। তেতিয়া ছ্যুই বংশৰ এজন কোঁৱৰ খুন-টঙক শাসনভাৰ দিয়াৰ ইচ্ছা ব্যক্ত কৰিলে। সকলোৱে উত্তম উত্তম বুলি মন্তব্য কৰিলে। প্রদেশখনৰ নাম দিয়া হ’ল নাম্ৰুক্।
++ ++
++
নাম্ ৰুকত তুন্-ৰুং-ৰাই
আৰু খা-ৰুং-ৰাই গছ থকা পৱিত্ৰ স্থানত পূজা প্ৰাৰ্থনা কৰি ছ্যু-কা-ফা ওলাল নতুন
অভিযানত৷ কাষৰ নদীখনতো এভাগি পূজা প্ৰাৰ্থনা কৰি আহিল।
সৰহখিনি মানুহ
নাও আৰু ভুৰত যাব। ইতিমধ্যে নাম্-ৰুকতে এসপ্তাহৰ ভিতৰতে বহুতো ডাঙৰ
ডাঙৰ শিমলু আৰু চ গছ কাটি দহ-বাৰজনকৈ মানুহ উঠিব পৰা নাও খুলি লোৱা হৈছে। তাতে
বান্ধি অনা ভূৰবোৰ আছেই।
ছ্যু-কা-ফাই মাতৃভূমিৰ পৰা বহু বছৰ জুৰি দিক্চৌ বাট আহিছে নিজৰ লক্ষ্যৰ আৰু
হেঁপাহৰ ৱাইছালি দেশ বিচাৰি। কিন্তু ইয়াৰ মানুহে দেখোন সেইখন দেশৰ নামেই যেন শুন৷
নাই! যিখন দেশত সি এতিয়া ভৰি দিছেহি সেইখনৰ সমতলত বিশাল অৰণ্য, অনেক নৈ, বিল, জান-জুৰি,
মাজে মাজে একোখন পথাৰ ফলমূল,তামোল-পাণৰ বাৰী, সোণালী ধাননি৷
সৰিয়হনিবোৰ ‘সোণ-হালধীয়া ফুলেৰে চকুৰে নমনা দুৰলৈকে জিলিকি আছে, যেন
একোখন হালধীয়া সাগৰহে ৷ পুৱাৰ সোণালী ৰ’দে আক’ তাতে নতুন ৰং ছটিয়াইছে। এনেহে লাগিছে যেন বুকুৰ ওপৰত স্বৰ্ণহাৰেৰে কোনোবা ন-কইনাজনীহে। পুৱাৰ পাছত
পূৰঠ ৰ’দালি আহিছে, আকৌ সন্ধিয়াৰ বহণে
পথাৰ আৰু নৈ বিলৰ ওপৰত এক সোণালী মায়াময় আবিৰ সানি দিছে। ছ্যু আজি ভাবত বিভোৰ৷
খাম্-পেং নামৰ হাতীটোৰ পিঠিত উঠি সি ভটিয়াই আহি আছে, চাৰিওফালে সোণালী
পৰিৱেশ, মনত সোণালী স্বপ্ন । তাৰ মুখৰ
পৰা ওলহি'আহিল একাকি কবিতাঃ
কাউ চে পাই তি
ম্যুঙ্-দ্যুন্-ছুন্-খাম্ দাই
ন্যুক্ ফ্যেউ পাই ফ্ৰম্ দাই তুন্ মাই।
এইখনতো ৱাইছালি
দেশ নহয়! এইখন মুঙ্-দ্যুন্-ছুন্-খাম্হে! ডাঙৰীয়াসকলৰ ফালে, বিষয়া, পুৰোহিত তথা সমীপস্থ
প্ৰজাবোৰলৈকো চাই ক’লে : “এইখন ম্যুঙ্-দ্যুন-ছুন্-খাম্
!” সকলোৱে উচ্চাৰণ কৰিলে? ম্যুঙ-দ্যুন্-ছুন্-খাম্৷
সোণালী পকা পাণ, পকা তামোল, পকা কলেৰে ভৰপূৰ বাগিচাৰ এই দেশ, যি দেশক আৰু সুন্দৰকৈ সজাই তুলিব লাগিব। তাৰ মনৰ আকাশত
যেন এতিয়া ভূত-ভৱিষ্যতৰ অনেক তৰাৰ
জিলমিলনি ? থৌকি-বাথৌ ভৰপূৰ মন; শাস্ত্ৰকথা, ৰাজনীতিৰ পৰা আৰম্ভ কৰি খেতি বাতি আৰু ছেংনাং
বিহুলৈকে অনেক কথা। বৌদ্ধশান্ত্ৰৰ পঞ্চশীল, তাই শাস্ত্ৰ তাও-তেহ-চিঙৰ পঞ্চ-প্ৰতিজ্ঞা, ম’লুং পণ্ডিতৰ পেঞ কা-কা আৰু বুৰঞ্জীৰ শিক্ষা; পুলিন-পুথাওৰ
ধৈৰ্য, সহনশীলতা, ন্যায়-নীতি শিক্ষাৰ কঠিয়াতলিত গজা শান্তি-মৈত্ৰী সহযোগিতাৰ বীজ এই দেশৰ নতুন মাটিত ৰোপন কৰিব লাগিব৷
চ্যালুইন, নাম-মাও আৰু নাম্কিউৰ পাৰৰ সেই উতলা যৌৱনৰ গীত-বাদ্য-নৃত্য আৰু খেল-ধেমালিৰে এই দেশৰ নাটিত নতুন প্ৰাণৰ খলকনি
তুলিব লাগিব।
সদলবলে সি
পশ্চিমমুৱা হৈ আহি আছে। মানুহৰ খেতি বাতি আৰু দখল নথকা ভাল ঠাই এখন ক’ত
বা পোৱা যায়! লোকৰ দখলৰ ওপৰত দখল লোৱাটো অন্যায়। নাৰী বা দুৰ্বল লোকৰ ওপৰত সৎ মানুহে উৎপীড়ণ কৰে নেকি ? তাও শাস্ত্ৰই কি শিকাইছেঃ তুন্ নাং নী খুম্ লাও৷
মীৰীত্ ডুন্ আও দাই ৷ অন্যায় দখল কৰিলে স্থানীয় লোক অসন্তুষ্ট হ’ব। সি যিবোৰ মানুহৰ লগত ঘৰ পাতি খাম বুলি আহিছে সেইবোৰ
অসন্তুষ্ট হ’লে কেনেকৈ সেই ঘৰ টিকি থাকিব? গতিকে তাক আজি এখন ভাল ঠাই লাগে য’ত থিতাপি ল’লে কাৰো পানীখোৱা পুখুৰীত বিহ ঢলা নহয়।
(আগলৈ)