অন্যযুগ/
চ্যেলুইনৰ পৰা লুইতলৈ
ড° চন্দ্ৰধৰ চমুৱা
পাছদিনা পুৱা। ৰাতি ডাঙৰকৈ বৰষুণ দিয়াৰ
পাছত আকাশ ফৰকাল। পথাৰবোৰত পানী ৰৈছে। হালোৱাই হাল-কোৰ লৈ পথাৰলৈ গৈছে। কোনো কোনোৱে
ইতিমধ্যে হাল জুৰিছেই। ক’ৰবাত গজলীয়া ম’হ হলীয়াকৈ বোৱা হৈছে, ক’ৰবাত ডেমেহাগুটীয়া
ম’হৰ হাল। লগত বা ওচৰত হয়তো দুই-তিনিহাল গৰু। হোঁ হোঁ, যা যা, ঘূৰ ঘূৰ... হালোৱা মানুহৰ
কণ্ঠৰ লগতে চপ্ চপ্… চটপ্ চটপ্ অনেক শব্দ পথাৰখনৰ পৰা ভাহি আহিছে। এতিয়া মাটি
আগতীয়াকৈ কৰ্হোৱাহে হৈছে। বানপানী বা বৰষুণৰ পানী জমা হ’লে বাই থোৱা মাটিবোৰ পানীৰ
তলত আৰু ওপৰত ৰ’দৰ তাপত গেলি কোমল হ’ব। আৰু এইদৰে এক-ডেৰ মাহ ৰাখি হালোৱাই সমাৰ বাই
মৈ দি মাটি বৰ’ খুৱাব আৰু বৰ’ খুওবাৰ দুই-এদিনৰ পাছত পুনৰ হাল বাই মৈয়াই বোকা দিব।
বোকামাটিত কঠীয়া গুচি গুচিকৈ ৰোৱা হ’ব। একেঘৰতে একেদিনাই সৰহীয়াকৈ বোকা দিয়া হ’ব,
বগলী চৰাই পৰাদি গাঁৱৰ ৰোৱনীৰে একোখণ্ড পথাৰ ভৰি পৰিব। জীয়াৰী-বোৱাৰী অনেকৰ হাঁহি-স্ফূৰ্তিৰে
ৰোৱা কাম শেষ হ’ব, দুখ-ভাগৰ কাৰো মনলৈকে নাহিব। ম’লুংজনৰ নিজৰ খেতি-খোলাৰ জ্ঞান আৰু
শ্ৰমৰ অভিজ্ঞতাৰে বৰ্ণোৱা এই কথাবোৰ ছ্যুৱে বাটৰ দাঁতিত পথাৰৰ ফালে চাই চাই শুনি শুনি
গৈ থাকিল। তাৰ ইচ্ছা আছিল এই মানুহবোৰৰ লগত এমাহমান থাকি যাব। কিন্তু ৰাজধানী চেংচেৰ
পৰা ইতিমধ্যে ৰজাঘৰীয়া টেকেলাই খবৰ আনিছে দলটো চেংচেলৈ সোনকালে ঘূৰি যাব লাগে। সেয়েহে
বস্তু-বেহানি সামৰি সকলো আজি ধলপুৱাতেই ওলাই আহি এইখিনি পাইছেহি। কিয় মাতি পঠাইছে
সেয়া টেকেলাই নক’লে, ক’লে বোলে ক’বলৈ ৰাজমাওৰ মানা আছে। তেনেহ’লে ৰাজধানীত কিবা অপায়-অমংগল
হৈছে নেকি বাৰু নহ’লেনো এনায়েকে ছ্যুক কথাটো জনাবলৈ কিয় মানা কৰিব? কোনোবা শত্ৰুৱে
দেশ আক্ৰমণ কৰিছেহি নেকি? নতুবা বেলেগ ধৰণৰ... মানে কিবা ষড়যন্ত্ৰৰ কথা তেওঁ পাইছে
নেকি? ছ্যু চিন্তিত হৈ ৰ’ল৷ দুঃচিন্তাৰ বিপৰীতে আকৌ ভাবিছে— কিবা সুখবৰোতো থাকিব
পাৰে, যিটো এনায়েকে তাক নিজ মুখে আশীৰ্বাদেৰে সৈতে উপহাৰৰ দৰে দিব খুজিছে। সেয়া পিতাক
চাং-ন্যেউৰ পৰা অহা কিবা সংবাদো হ’ব পাৰে৷... নাই নহয়… তাৰ নিচাওদেৱেক পামেউপুঙৰহে
কিবা টান বেমাৰ হৈছে৷ নিচাওদেৱেকৰ মৃগী ৰোগৰ বিষয়ে সি জানে৷ জুই, পানী আদিলৈ ভয়৷ তেনে
কিবা কাৰণৰ দুৰ্ঘটনাও হ’ব পাৰে৷ কেতিয়াবাতো কলাঘুমতিতে তেওঁ চিঞৰি উঠে— সেইটো সেইটো
! ব্লক্ খাম্-দেঙ্৷ ... কিন্তু কোন এই ব্লক্-খাম্-দেঙ্? সিবাৰ বৰবায়েকৰ বিয়াত
লগ পোৱা সেই কোঁৱৰজন নেকি? কিন্তু মানুহে কৈছে সেইজন নহয়। এইজন বেলেগ এজন ৷ এওঁ হেনো
স্বৰ্গৰ ৰজা লেংডনৰ নাতিয়েক য়ক্-কা-চ-নাৎ ওৰফে ব্লক্-খাম্-দেঙ্। এওঁ তেজ-মঙহৰ
মানুহ নহয় বুলিহে মানুহে কয়। ছ্যুৱে জানে তাৰ এপাওদেৱেক সৰু ৰাণী নাম-আপে পুত্ৰ সন্তানৰ
বাবে এই দেৱতাজনক পূজা-প্রাৰ্থনা কৰাৰ কথা। প্রাৰ্থনাৰ ফলো লাভ হৈছে তেওঁৰ৷ সি আৰু
জানে কিবা কথাত এদিন ভীষণ খং কৰি তাৰ নিচাওদেৱেকে সৰু এপাওদেৱেকক কাৰেঙৰ বাহিৰ কৰি
দিছিল। সৰু এপাওদেৱেকৰ দেউতাক হৈছে থাও-খেন-মঙ্ ডাঙৰীয়া। তেওঁ দেউতাকৰ ঘৰতে বহু দিন
থাকিবলৈ লৈছিল৷ কাৰেঙৰ কোনোবা ৰখীয়া-পৰীয়াই নিচাওদেৱেকক কিবা কথা লগাইছিল৷ তেনে ধৰণৰ
কিবা কথা উক দি উঠিছে নেকি? তাৰ নিচাওদেৱেক পামেউপুঙ্ সুখী হোৱাটোকে সি সদায় কামনা
কৰি আহিছে। আৰু দুটাকৈ সুন্দৰ পুত্ৰ-সন্তান পোৱাৰ পাছত তেওঁতো সকলো বাদ দি সুখী হ’ব
লাগিছিল! ছ্যুক মাও-লুঙৰ সিংহাসন নালাগে, কিন্তু ৰজা পামেউপুঙ্ সুখী হোৱাটো তাক লাগে।
তাৰ বাবে সি সকলো ত্যাগ কৰিবলৈও প্রস্তুত।
এনায়েকে তালৈ বাৰ্তা পঠাইছে। তেনেহ’লে তেওঁৰ
নিজৰোতো কিবা অঘটন হ’ব পাৰে! কিজানি এনায়েকে একো কথা কোৱাই নাই, আৰু হয়তো তেওঁ কথা
ক’ব পৰা অৱস্থাতে নাই, হয়তো আনেহে...৷ নাই নহয়, সি এই কথা ভাবিবই নোৱাৰে৷ এনায়েকৰ
কিবা এটা হোৱাটো সি কেনেকৈ ভাবিব? মাক আৰু এনায়েক অবিহনে সি কাৰ স’তে থাকিব?
অনেক চিন্তা-উদ্বেগৰ মাজত সি দূৰৰ থুপি থুপি
চাংঘৰবোৰলৈ আৰু মুকলি পথাৰখনৰ কৰ্মব্যস্ত মানুহবোৰলৈ চাই পঠিয়ালে। তাৰ দেশৰ এই কৰ্মীবোৰ
কিমান যে মুকলিমূৰীয়া, কিমান যে সুখী! তেওঁলোকে নিজে আৰ্জি খাইছে, ৰজাঘৰক খুৱাইছে,
প্রজাঘৰক খুৱাইছে, দুখীয়া-নিচলাক খুৱাইছে। এই মানুহবোৰৰ মাজত সি যেন মুকলিমূৰীয়াকৈ
খেতি-খোলা কৰি ঘূৰি ফুৰিব! সেয়া বাৰু সম্ভৱ নহয় নাই, অন্ততঃ দুমাহ এওঁলোকৰ লগত থাকি
যাব পৰা হ’লেও কিমান যে ভাল লাগিলহেঁতেন৷ তাই ৰাজবংশৰ বহুতো ৰজাৰ খেতি-বাতিত ভাল অভিজ্ঞতা
থকাৰ কথা সি জানে। নগৰৰ বাহিৰত বহুতো কোঁৱৰে হাল-কোৰ লৈ খেতি-বাতি কৰি থাকে। কোনো
ৰজাৰ পুত্ৰ বা যোগ্য উত্তৰাধিকাৰী নাথাকিলে দুয়ো মন্ত্ৰীয়ে আলচ কৰি তেনেকুৱা খেতিয়ক
কোঁৱৰ একোজনকে হাতী-ঘোঁৰাত তুলি ৰাজধানীলৈ আনি ৰজা পাতে৷ হয়তো উপযুক্ত কোঁৱৰ নাপালে
মন্ত্ৰী দুজনেই দেশ শাসন কৰি থাকে, কিন্তু ৰাজপাটত হ’লে কোনোজন নবহে।
সি পথাৰখনলৈ চাই চাই গৈ আছে। মনতে কৈছে৷
বোধহয় খেতিয়ক কোঁৱৰটি ৰজা হৈ খেতিৰ কথাত বেছি মন-কাণ দিয়ে। আৰু নিদিবও পাৰে। কিন্তু
খেতিয়েই দেশৰ ঘাই শক্তি, ঘাই অৱলম্বন। ছ্যুৰ কল্পনাপ্ৰৱণ তৰুণ মনে দেশৰ সীমা চেৰাই
যেন দেশ-দেশান্তৰলৈ উৰা মাৰে! ডাৱৰৰ মাজতো এচেৰেঙা ৰ’দ অহাৰ দৰে আৰু ৰোগ শোকৰ যন্ত্ৰণাৰ
মাজতো খন্তেক সুখ অহাৰ দৰে তাৰ দুঃচিন্তাৰ মাজতো খন্তেকৰ বাবে সুখৰ কল্পনাই পাহি মেলি
ৰ’ল। জীৱনত প্ৰতিষ্ঠা লাভৰ ইচ্ছা-আকাংক্ষা আৰু প্রয়াস থকা স্বাৰ্থান্বেষী লোকে আপোনজনৰ
বিয়োগৰ নিচিনা দুখকো আওকাণ কৰি নিজ পৰিকল্পনা সাৰ্থক কৰাৰ সাধনাত নিমজ্জিত হোৱাৰ দৰে
সিও যেন খন্তেকৰ বাবে কল্পনাৰ নাওখনত পাল তৰি দিলে— সি পিতৃৰ ৰাজ্যৰ ভিতৰতে হওক বা
অন্যতে হওক, ক’ৰবাত এখন ৰাজ্য পাতিব, তাৰ মানুহবোৰক ইয়াতকৈ বহুত ভালকৈ খেতি কৰিবলৈ
শিকাব, অৰণ্য ভাঙি নতুন নতুন পথাৰ উলিয়াবলৈ মানুহক লগাব। খেতি ৰক্ষাৰ বাবে জলৰ দেৱতা,
থলৰ দেৱতা, স্বৰ্গৰ দেৱতা আৰু পুলিন-পুথাওৰ উদ্দেশ্যে মানুহবোৰে বিশ্বাস মতে পূজা-প্ৰাৰ্থনা
কৰিব; বিশ্বাস, উৎসাহ আৰু যত্নৰ মাজত শইচ নদন-বদন হ’ব৷ ৰাজ্যখনৰ শইচৰ ভঁড়ালবোৰ ভৰি
পৰিব; দহ বছৰ জোৰাকৈ ভঁড়াল উপচি পৰা ৰাহিধান, পুখুৰীত মাছ, গৰালত গাহৰি, হাঁহ-কুকুৰা,
গোহালিত গৰু। গাঁও আৰু নগৰত যেতিয়া খাদ্য-সম্ভাৰ উপচি পৰিব তেতিয়া সি দিগ্বিজয়ৰ
কাৰণে ওলাই যাব৷
খেতিৰ মাটি৷ সোণালী মাটি। ইয়াতকৈ আপোন আৰু
কি হ’ব পাৰে?
সি বাটত ঘোঁৰা ৰাখি পথাৰখনৰ ফালে নামিল।
ওচৰত হাল বাই থকা হালোৱাবোৰে হাল ৰাখি একেথৰে চাই থাকিল। ম’লুংজনো তাৰ লগে লগে নামি
গ’ল। বোকা মাটি। তেওঁ এখামোচ মাটি লৈ শুঙি চালে, ছ্যুকো সুঙিবলৈ দিলে। তাৰ পাছত তেওঁ
তাৰে অকণমান মুখৰ ভিতৰত লৈ জিভাৰ আগেৰে চাকি চালে৷ ছ্যুকো তেনে কৰিবলৈ দিলে৷ তাৰ পাছত
তেওঁ মন্তব্য কৰিলে… এনে মাটিত বৰাধান ভাল হয়।
এইদৰে দ-বাম চাই কেইবাডৰাও মাটি পৰীক্ষা
কৰি মাটিৰ গুণাগুণ একে পোৱা হ’ল। ছ্যুৰ লগত ম’লুংজনৰ উপৰি ভূমি-বিশেষজ্ঞ ক্লেন্ও আছে।
তেওঁ সকলো চাই-মেলি বুজাই গৈছে।
ইয়াৰ পাছত ছ্যুৰ বৰ ইচ্ছা হ’ল কেইপাকমান
হাল বাই চাবলৈ৷ ওচৰত থকা হালোৱাজনে গৰুহাল এৰি দিলে। ম’লুংজন এজন খেতিয়ক, ঘৰত নিজে
খেতি কৰে, বঢ়িয়াকৈ হাল-কোৰ বাব জানে। তেওঁ নাঙলৰ গৰুহাল এপাক ঘূৰালে, ছ্যু লগে লগে
থাকিল। বাঁওহাতে নাঙলৰ কুটিত ধৰি সোঁহাতে এচাৰিডাল লৈ গৰু খেদি সিৰলুৰ কিনাৰেদি নাঙলৰ
ফালচটা লাগি যোৱাকৈ কেতিয়াবা নাঙলটো পোনাই আৰু কেতিয়াবা বেঁকা কৰি লগাই যাবলৈ, ফালি-ছিৰি
নিনিবলৈ অৰ্থাৎ আগৰ সিৰলু আৰু পিছৰ সিৰলুৰ মাজত ব্যৱধান নৰখাকৈ কেনেকৈ হাল বাব লাগে
তেওঁ তাক শিকাই দিলে। ছ্যুৱে কামটো নিজে কৰি চালে। দেখিলে যে কামটো আঁতৰৰ পৰাহে সহজ
যেন লাগে, আচলতে বৰ জটিল৷ হয়তো অন্যান্য কামৰ দৰে কেইবাফালেও চকু নিদিলে নহয়। হালোৱাই
একেটা সময়তে কম পক্ষেও চাৰিফালে মনোযোগ দিব লাগে— গৰুহাল আগলৈ পোনকৈ খেদা, মুহূৰ্তে
মুহূৰ্তে নাঙলটো থিয়কৈ বা হলাই ফালচটা সঠিক ঠাইত লগোৱা, নাঙলৰ ফাল যাতে গৰুৰ বেঙেটিত
নালাগে, তাৰ প্ৰতি সতর্ক থকা, নাঙলৰ কুঁজ আৰু ডিলাৰ কেপত লাগি ধৰা জেং-জাবৰ ভৰিৰে এৰুওৱাৰ
লগতে গছৰ শিপা আদিৰ প্রতি সাৱধান হোৱা। মুঠতে দেহৰ কোনো অংগই ব্যৱহাৰ নোহোৱাকৈ নাথাকে।
তাৰ এইবাৰ বোধগম্য হ’ল যে আচলতে কোনো কামেই উজু নহয়, কিন্তু অভ্যাসৰ বলত সকলো কামেই
উজু আৰু উপভোগ্য হৈ পৰে। পণ্ডিতে সদায় কৈ থকাৰ দৰে কাম কৰিবই লাগিব, কামৰ সাফল্যত
লাভ কৰা আনন্দই আচল আনন্দ। খেতি-পথাৰৰ কাম, বাঢ়ৈৰ কাম, কমাৰ আৰু কুমাৰৰ কাম-- এইবোৰ
হৈছে পাইক প্ৰজাৰ কাম। কিন্তু...
কিবা এটা ভাবিবলৈ লৈ সি বেলিটোৰ ফালে চালে।
বেলি দুডাঁৰেই উঠা নাই, তথাপি সোনকাল নকৰিলে নহয়। ৰাজধানীলৈ খৰখেদা কৰিবই লাগিব৷ কি
বা পৰিস্থিতি হৈছে তাত!
বৰষুণৰ পানীতে হাত-ভৰিবোৰ ধুই ছ্যুৱে ঘোঁৰাৰ
ওপৰত উঠিলেগৈ৷ আৰম্ভ হ’ল পুনৰ পশ্চিমমুখী যাত্ৰা।