অন্যযুগ/


চ্যেলুইনৰ পৰা লুইতলৈ‍

ড˚ চন্দ্ৰধৰ চমুৱা
(সাত)
চাকি-শলিতা। ডাম-লাক বা মজিয়াৰ মূৰৰ ফ’কামৰ খুঁটাৰ কাষত কৰা পূজানুষ্ঠান। ছ্যু কাইলৈ প্রবাসলৈ যাবজীৱনৰ প্রথম প্ৰবাস-যাত্ৰা। গতিকে যাত্ৰাৰ শুভ কামনাৰে উপৰিপুৰুষ পুলিন-পুথাওদাম আৰু ফীসকলক সন্মান জনাই জাননী দি যোৱাৰ এটি পৰম্পৰা। 
মৃতসকলৰ উদ্দেশ্যে নৈবেদ্য উছৰ্গা কৰি প্রার্থনা জনোৱা হৈছে। দেৱ- দেৱীসকলৰ লগতে উপৰিপুৰুষ সন্তুষ্ট হৈ থাকিলে অপায়-অমঙল নহয়। বিপদত তেওঁলোকে হাত পাতি ধৰে। কথাতে কয় বোলে ‘‘যাৰ থাকে মৰা-মৃতক সহায়তাক যমেও থাকে ডৰাই।’’ 
ৰাজমাৱে তিনি পুৰোহিতক মতাই আনিলে। ৰাজহাউলিৰ ডাঙৰ ৰান্ধনিঘৰটোৰ কাষতে পৱিত্ৰ ভাবত ৰখা এখন মজিয়া। তাতে ডাম-লাকৰ কাষত চাকি-শলিতা জ্বলাইছে। মাজৰ চাৰিচুকীয়া বা চাৰিমুখীয়া ঘাই চাকিখনেৰে সৈতে এঘাৰখন চাকি মড়লাকাৰে জ্বলোৱা হৈছে। পুৰোহিত ম’লুং পণ্ডিতে ইতিমধ্যে বান-চেং পুথিৰ সাংকেতিক চিনবোৰত কুকুৰাৰ ঠেং লগাই মঙল চাই থৈছে। শুভ ক্ষণ কাইলৈ বেলি দুডাঁৰ উঠাৰ সময়। এতিয়া সেৱকীয়ে মহামৃতক দেৱতাসকললৈ ওলগ জনাই আশীৰ্বাদ ল’ব লাগে। 
কলহত বৰা চাউলৰ পৰা বনোৱা লাও সুসঞ্চিত হৈ আছে। ৰান্ধনিশালৰ ঘাই ৰান্ধনী তিৰোতাগৰাকীয়ে বনোৱা এই লাও। পূজাৰ কাৰণে প্ৰস্তুত কৰা এই লাও৷ এয়া গা-পা ধুই মজিয়া মচি বৰা চাউল চেৱা দি সিজাই চেঁচা কৰি বন দৰবৰ শুকান পিঠা গুড়ি‍ কৰি সানি বৰ যত্ন আৰু ভয়-ভক্তিৰে বনাইছে। যাৰ উদ্দেশ্যে প্রস্তুত কৰা হৈছে তেওঁৰ প্রতি উছৰ্গা নকৰাকৈ কলহৰ পৰা লাও বাকি খালে অঘটন হয়। সেয়ে তিৰোতা দুজনীয়ে আজি ডাঙৰ ফুল-জালি কটা মাটিৰ কলহ দুটা ৰজাঘৰৰ মহামৃতকলৈ তুতি-মিনতি জনাই চাকি-কৰণিৰ পাছত স্থাপন কৰিলেহি৷ পুৰোহিতে উছৰ্গা মন্ত্ৰ মাতিলে— হে পুলিন-পুথাও ন-পুৰুষৰ দেৱতাসকল! আপোনাসৱক কি দিম কি নিদিম মনে নাপাওঁ গুণি। জানমতি বস্তু আপোনাসৱে জানি আছে। কেইগছিমান চাকিদুটিমান গুৱা-পাণঅকণমান দেৱৰ ৰস আগত দি মিনতি কৰা হৈছে। তাকে গ্ৰহণ কৰি সেৱকীৰ অপায়-অমঙল দূৰ কৰি য’তে থাকে ত’ৰে পৰা সেৱকীৰ মনোবাঞ্ছা পূৰ্ণ কৰিব লাগে৷... 
সকলোৱে ভৰিৰ কলাফুলৰ ওপৰত টিকা থৈ ঢাৰিৰ ওপৰত বহি আছে। ছ্যুক চাকিৰ ফালে দুই হাত আগবঢ়াই মজিয়াত ৰাখিবলৈ কোৱা হ’ল। ম’লুঙে আশীৰ্বাদ দিলে— চাও মুঙ্‌ চাও নুৰু ঐ চাও মুঙ্‌ চাও কাও ঐ... এই প্ৰাৰ্থনাভাগিতে যেন ঘৰদেউ-পৰদেউ তুষ্ট হ’ব লাগে। ৰাজকোঁৱৰ ছ্যুৱে‍ প্ৰবাসলৈ যাত্ৰা কৰিছে। জলদেউথলদেউবিৰিখৰ দেউশিলৰ দেউবনৰ ডাঙৰীয়াগাঁও-দেৱতানগৰ-দেৱতামৈদামৰ দেৱতাভূত-পেৰেতডাইনী-যখিনী সকলোৰে পৰা ঘৰদেৱে ৰক্ষা কৰিব লাগে। বংশৰ আদি দেউ লেংডনে কৃপাদৃষ্টিৰে চাব লাগে৷ ... চাও মুঙ্‌ চাও নুৰু ঐ চাও মুঙ্‌ চাও কাও ঐ...। 
ন-পুৰুষৰ দেৱতালৈ উছৰ্গা কৰা কলহৰ ৰস বাটিত বাকি তলে-ওপৰে কলপাত দি আগে আগে দি‍ যোৱা হ’ল। সুকীয়াকৈ পাতত কুকুৰাৰ মঙহৰ ভজা। লাও আৰু ভাত খোৱাৰ পাছত সকামৰ অন্ত পৰিল। পাছদিনা যাত্ৰাৰ সময়তো এনায়েকে ছ্যুক সেই মজিয়াখনলৈ নি ম’লুং পণ্ডিতৰ মুখে পুনৰ আশীৰ্বাদ দিয়ালে। দেৱতালৈ উছৰ্গা কৰা লাওৰ বাটিৰ পৰা এচেলেক মৰাই মূৰে-গায়ে হাত ফুৰাই পঠালে। 
ঠিক বেলি দুডাঁৰ উঠাৰ সময়তেই যাত্ৰা আৰম্ভ হ’ল। পূবৰ ফালে এই যাত্ৰা৷ নিচাৱেক ৰজা পামেউপুঙে বাটচ’ৰালৈকে তক আগবঢ়াই দিলে। তাৰ লগত ধনু-কাঁড়তৰোৱাল আৰু যাঠিৰে এটা অশ্বাৰোহী দল। আৱশ্যকীয় ৰচদ-পাতি লগত টোপোলা বান্ধি লোৱা হৈছে। এই প্ৰবাস-যাত্ৰাত ছ্যুৰ কাৰণে প্ৰধান পথপ্ৰদৰ্শক ব্যক্তিজন হৈছে এজন ম’লুং পণ্ডিতযিজনে অনেক ভূত-ভৱি‍ষ্যতৰ কথা ক’ব পাৰে। আচৰিত লোক! কেৱল এৱেতো নহয়বহুতে এইবোৰ ক’ব পাৰে। এওঁলোকৰ তিনিজন গোট খালেতো কথাই নাই। কিন্তু কেনেকৈ ক’ব পাৰে এই কথাবোৰ! ছ্যুৰ মনত বহুত দিনৰ পৰা এই প্রশ্ন। কেৱল মৰা কুকুৰাৰ ঠেঙৰ ওপৰতেই নিৰ্ভৰ কৰি এওঁলোকে সকলো কয়নেৰহস্যটো বুজিবলৈ তাৰ কিছু দেৰি লাগিছিল। 
ৰাজধানী চেংচে নাম্‌-মাওৰ পাৰতে। কিন্তু যিখিনি ঠাইলৈ সি যাব লাগিবসেয়া পূবলৈ দুদিনৰ বাট। বাটত দুপৰীয়া ৰান্ধি-বাঢ়ি খাই জিৰাই-শঁতাই নগ’লে নহয়। বসন্ত কালৰ পয়চাংকেন উৎসৱৰ বতৰ। চাৰিওফালে ঢোল-পেঁপাৰ মাত। 
যিখন গাঁৱত দলটো উপস্থিত হৈছেগৈতাত উৎসৱৰ উদুলি-মুদুলি৷ ইজনে সিজনৰ গালৈ পুখুৰীৰ পানী ছটিয়াইছে। কোনো কোনোৱে মাটিৰ টেকেলিতামৰ ঘটী,কাক বাঁহৰ চুঙা আদিত পানী ভৰাই ঘূৰি ফুৰিছে। নদীৰ পাৰতো জুম জুম ডেকা-গাভৰু। 
বান-লুঙ্‌ গাঁও। মানুহবোৰে ৰং-ৰহইচ কৰি আহি গাঁওখনৰ বৌদ্ধ মন্দিৰৰ চ’তালত উপস্থিত হৈছেহি। মন্দিৰৰ বাকৰিত গেৰুৱা বস্তু পিন্ধা আৰু টকলা মূৰৰ এজন মানুহ দেখা গৈছে। ছ্যুৱে‍ এনে মানুহ নগৰতো অনেক দেখিছে। এইসকল হৈছে বৌদ্ধ ভিক্ষুএওঁলোকক ছ্যাৰা বুলি জনা যায়। 
মন্দিৰৰ চ'তালতো পানী ছটিওৱাৰ কাম পূৰাদমে চলিব ধৰিছে। ইফালে ঢোল বজোৱাই ঢোল বজাইছেতাল বজোৱাই তালকোনোৱে ম’হৰ শিঙৰ পেঁপা। ধিন্‌-খিতা-তা-ধিন্‌-খিতা-ঢোলত বোল। টিহিটি-ট-ল পেঁপাৰ মাত। মাজে মাজে গীত-বসন্তক উদ্দেশ্যিচেনেহীক উদ্দেশ্যিচেনাইক উদ্দেশ্যিখেতিপথাৰ আৰু নদ-নদীৰ বিষয়েউদ্ভিদৰ বিষয়েসফল প্ৰেমৰ আশাৰ গীতবিফল প্ৰেমৰ হা-হুতাহৰ গীত। কোনোৱে ঢৌল-তালৰ ছে‍ৱে ছে‍ৱে‍পেঁপাৰ তালে তালেগীতৰ সুৰে সুৰে হাতৰ মুদ্ৰা দি দি কঁকাল ভাঙি ভাঙি নাচিছে। কিছু দূৰত গছৰ আঁৰত গাভৰুৰ দল এটা। হাতচাপৰি বাই বাইআৰু কেতিয়াবা ডেকাহঁতৰ ঢোল-তাল-পেঁপাৰ ছে‍ৱে ছে‍ৱেতালে তালে হালি-জালি নাচিছে। তাৰ পাছত আৰম্ভ হৈছে জোৰা নামৰ কটাকটি। গাভৰুৰ দলত এজনীয়ে গাইছে
তোৰ ঘৰ ইপাৰে মোৰ ঘৰ সিপাৰে 
মাজত নাম-মাও নৈ, 
মেৰৌন ঘৰ সাজি মোক ল'ব নোৱাৰ 
বেলেগত বিচাৰিম পৈ‍। 
ডেকাৰ দলত এটাই গালে
চাংঘৰ সাজিছোঁ তোকে ৰাখিম বুলি 
চক্‌লং কাহানি হ’ব, 
চেংৰেন ঘৰতে তোকে শপত খুৱাম 
ম’লুঙে আশীৰ্বাদ দিব। 
এইদৰে জাউৰি‍য়ে জাউৰি‍য়ে নামনাচ-বাগ বহু পৰলৈ‍ চলিল৷ হঠাতে এই গীত-নৃত্য-বাদ্যত এটা যতি পৰিলমুক্ত আনন্দ-উল্লাসৰ ঠাইত কিছু সময় সংযমৰ গহীনতাই বিৰাজ কৰিলে। কাৰণকণাকণিকৈ সকলোৱে জানি উঠিছে যে চেংচেৰ পৰা ৰাজকুমাৰ ছ্যু-কা-ফা সদলবলে এই ঠাইলৈ আহিছে আৰু কিছু দূৰৰ পৰা উৎসৱৰ ৰং-ধেমালি চাই আছেহি। ডেকা আৰু গাভৰুৰ উভয় দলতে তৎপৰতা বাঢ়িল তেওঁলোকে অতিথিক আদৰিব লাগিব। ঢোল-তাল-পেঁপাৰে সকলো গৈ ছ্যুহঁতৰ দলটোৰ ওচৰত উপস্থিত হ’ল। ঘৰৰ পৰা ফুলাম গামোচাতামোল-পাণ আৰু শৰাই অনা হ’ল
ৰাজকুমাৰ আৰু ম’লুঙক আদৰাৰ পাছত স্থিৰ হ’ল যে গাঁৱৰ মুৰব্বীজনৰ ঘৰতে তেওঁলোকক আপ্যায়ন কৰা হ’ব। নৃত্য-গীত-বাদ্যৰে এটা সমদল যাত্ৰা আৰম্ভ হ’ল। ডেকাসকল আগত আৰু গাভৰুসকল পাছত। ডেকাসকলৰ মূৰত ফুল নথকা ৰঙা আঁচৰ গামোচাগাত হাতচুটি চাপ্‌কন্আঁঠুলৈকে পৰা পত্‌নয়কোনোৰ লুঙি‍কঁকালত টঙালিৰ দৰে ৰঙীন বস্ত্ৰ৷ গাভৰুসকলৰ নানা ৰঙৰ আঁচু দিয়া মেখেলাগাত কোনোজনীৰ চাপ্‌কন্ ব্লাউজ ৰঙাহালধীয়াসেউজীয়াক’লা আদি ৰঙৰ। চোলাৰ ওপৰত ৰীহা৷ চোলা নোহোৱাবোৰে ৰীহাকে দুয়ো কাষলতিৰ তলেদি আঁটি‍ লৈছে৷ প্ৰায়বিলাকৰে কান্ধত ওলোমাই লোৱা একোটা ফুলাম মোনা। মূৰত খোপা বান্ধিছে  নেঘেৰীঘিলাচকলীয়া আৰু কলডিলীয়া খোপা যাৰ যি মন গৈছে। খোপাবোৰত কপৌফুল মেৰাই বান্ধিছেকোনোজনীৰ মূৰত আকৌ গেজেং ফণি একোখন৷ বিবাহিত আৰু বৃদ্ধসকলে দূৰৰ পৰ৷ ৰং-ৰহইচবোৰ চাইছে। তেওঁলোকৰ কঁকালতো নানা ৰঙৰ মেখেলাগাত ৰীহা আৰু চাদৰমূৰত ফচৌ পাগ। 
গাঁওপ্ৰধানৰ প্রায় দুপুৰা মাটিৰ আহল-বহল বাৰীখনৰ চাৰিওফালে ওখ ঢাপ৷ ঢাপত তামোলনাৰিকল আদি গছ। হিজু কাঁইটৰ বেঢ়া। বাৰীৰ ভিতৰত নানা টেঙা তুকুচাবতৰীয়া ফলৰ গছশুৱালু আৰু মদাৰ গছত পাণ৷ হাউলিটোত গোহালিঘৰভঁড়ালঘৰহাঁহ-কুকুৰাৰ ঘৰগাহৰিৰ গঁৰালছাগলীৰ চাংঘৰ৷ পূবফালে এটা পুখুৰীপশ্চিমত এডৰা বাঁহনিউত্তৰফালে তামোলনি আৰু দক্ষিণফালে দুই-এজোপা চাপৰ গছৰ বাহিৰে ঘৰৰ আগফালে মুকলি৷ পদূলিতে আছে এটি তালপাতৰ বাটচ’ৰা৷ পদূলিৰ পৰা আহি পোৱা যায় মুকলি চ’ৰাঘৰটো৷ চ’ৰাঘৰটো পাৰ হৈয়েই পায় মাৰলঘৰ। 
মুধেদি দুৱাৰ কটা। চ’ৰাঘৰৰ উত্তৰমূৰে আছে আখলঘৰটো ৷ এই ঘৰটোৰ বাহিৰে বাকীবোৰ চাংঘৰ কেঁচি টানি ইটোৰ লগত সিটো সংযোগ কৰা হৈছে। চাঙৰ তলবোৰ ফুঁ মাৰি ভাত খাব পৰাকৈ ৰখা হৈছে। 
ডেকা-গাভৰুসকল চ’তালতে ৰ’ল। ছ্যু-কা-ফাৰ লগত যোৱা পালি-পহৰীয়াসকলক চ’ৰাঘৰতে পাটিদৈৰ ঢাৰি পাৰি বহিবলৈ দিয়া হ’ল। গৃহস্থই ছ্যু-কা-ফাম’লুংজন আৰু ছ্যু-কা-ফাক বিভিন্ন বিদ্যা শিকোৱা শিক্ষক চাৰিজনক মাৰলঘৰলৈ আথে-বেথে মাতি নিলে। তাতে তামুলী পীৰাত কাপোৰ একোখন পাৰি অতিথিসকলক বহিবলৈ দিয়া হ’ল। গাঁওবাসীৰ পক্ষৰ পৰা যাৰ ঘৰত যি আছে লৈ আহিছে। চেৱা দিয়া ভাতটোপোলা ভাতচুঙা চাউলকোমলচাউলএঁৱা গাখীৰদৈগুৰবৰা চাউলৰ পিঠা-পনা আদিৰ উপৰি লাওপানীশুকান মাছশুকান গাহৰি আৰু গৰুৰ মঙহজীয়া মাছকেঁচা মঙহ ইত্যাদি। ফল-মূলো যেয়ে যি পাইছে লৈ আহিছে। মানুহৰ অহা-যোৱাৰ সোঁতলানি নিছিগা পৰুৱাৰ দৰে। 
অতিথিসকলক খাদ্যসম্ভাৰেৰে আপ্যায়ন কৰা হ’ল। অৱশ্যে গাঁৱৰ বুঢ়া-মেথায়ো ইয়াত ভাগ ল’লে ৷ ছ্যুৰ বাবে ই এটা বিৰল সুবিধাৰ সময়। এই বুঢ়া-মেথাসকলৰ পৰা অনেক কথা জানিবৰ বাবে সি উৎসুক হৈ পৰিল। প্ৰথমে সি বিচাৰিলে বসন্ত কালৰ এই পানী ছটিওৱা উৎসৱৰ আঁতিগুৰি। আৰম্ভ হ’ল কাহিনী কথন। বুঢ়াসকলে ক’লে যে এই উৎসৱ তেওঁলোকৰ পুলিন-পুথাওসকলেও নজনা কালৰ পৰা পালন কৰি আহিছে। এই উৎসৱৰ মূলতে এটা কাহিনী আছে এটা প্ৰকাণ্ড দৈত্যই বাৰজনী তাই গাভৰু অপহৰণ কৰি নিছিল। তাৰে এজনী বুদ্ধিমতী গাভৰুৱে দৈত্যটো পুৰি মাৰিলে। সেই জুইত গাভৰুসকলো দগ্ধ হ’ল। ৰাইজে সিহঁতক বচাবলৈ পানী ছটিয়াইছিল। তেতিয়াৰ পৰাই এই আচাৰ-পৰম্পৰা চলি আহিছেএয়া কৰিলে বছৰটোলৈ অপায়-অমঙলৰ জুয়ে পুৰিব নোৱাৰে।... ছ্যুৱে‍ ম’লুঙৰ মুখলৈ চাই সুধিলে বিশ্বাসটো কিমান শুদ্ধ ম’লুঙৰ বুদ্ধিদীপ্ত চকুহাল উজ্জ্বল হৈ উঠিল৷ বিশ্বাসটো শুদ্ধ বুলি কৈ লগতে যোগ দিলে বসন্তৰ আগতে শীতৰ খৰাং বতৰত দৈত্যৰ দৰে বনজুই জ্বলেমানুহগৰুঅৰণ্যৰ পশু-পক্ষী পুৰি মৰে। আচাৰ-অনুষ্ঠানেৰে মানুহে প্ৰকৃতিৰ নিষ্ঠুৰতাৰ পৰা নিষ্কৃতি পাব খোজেগতিকে কথাটো সঁচাআৰু শীতল জলেইতো আমাৰ প্ৰাণ! এই জলে আমাৰ মলি-মাকতিদুখ-তাপ ধুই নিয়ে
আবেলি পথাৰত ডেকা-গাভৰুসকলৰ ঢোপ খেল আৰম্ভ হ'ল৷ মোনা একোটাত ফটাকানিকপাহ কিম্বা অন্য মোনাকে টোপোলা কৰি ভৰাই সজা ঢোপ দলিয়াই কৰা খেল!
ছ্যু আৰু তাৰ দলে ঘোঁৰাৰ পিঠিৰ পৰাই উপভোগ কৰিছে সেই খেল৷ এপিনে একোদল ডেকা আৰু আনপিনে গাভৰু। এটাই ঢোপ৷ এপক্ষই আনপক্ষলৈ দলি মাৰেকোনোৱে ধৰিলে ইটো পক্ষৰ এজন মাজ ঠাইত পতা জিগিনীটোলৈ আহিব লাগে৷ ধৰোঁতাজনে তেওঁৰ গালৈ ঢোপটে৷ মাৰি পঠিযায়বাগি দি সাৰিব পাৰিলে খেলত বাচেনহ’লে মৰে অৰ্থাৎ খেলৰ ৰা বাহিৰ হৈ যায় এইদৰে এটা এটাকৈ মৰি শেষত দুটা থাকেগৈ৷ নতুবা এটা দলত কেৱল এটা আৰু আনটোত একাধিক থাকেগৈ৷৷ বাকী থকাটোৰ গাত ঢোপ লগাব পাৰিলেই ইটো দলে খেলত জিকে কেতিয়াবা আক’ এনে হয় যে কোনো একোযোৰা ডেকা-গাভৰুৱে আছুতীয়াকৈ ঢোপ খেলি থাকে। সিহঁতৰ ভিতৰত হৰা-জিকা নহয়হে নহয়। হয়তো ডেকাই ভাবিছে ছেং-নাং-জনী হাৰিলে বৰ বেয়া কথা হতাই লাজ পাবদ্বিতীয়তে খেলৰ মাজত অংগ সঞ্চালনত তাইৰ অংগে ফুটি উঠা শোভাতৎপৰ দৃষ্টি আৰু হাঁহি-কটাক্ষ এইবোৰ ইমান সোনকালে শেষ হ’বলৈতো দিব নোৱাৰি! আনহাতে গাভৰুৰ মনৰ কথাও হয়তো তেনেকুৱাই ছেংবাওটো হাৰিলে তাক ইচ্ছা কৰিয়ে হৰুওৱা বুলি সি ভাবি লভাবি ল’ব যেন তাই তাক বেয়া পাইহে আঁতৰাই পঠিয়াইছে। সি গুচি গ’লে‍ তাক ভালকৈ চোৱাৰ সুযোগটোও যাবগৈকোনে জানেসুযোগ দুনাই নাহিবও পাৰে। খেলৰ হৰা-জিকা ধান্দাৰ পৰিৱৰ্তে কোনো কোনোৱে আকৌ এনেয়ে পৰস্পৰৰ হাতলৈ ঢোপ দলিয়াই আছে। তাকে দেখি ওচৰতে কোনোবা এটাই মন্তব্য প্ৰকাশ কৰা ছ্যুৱে‍ শুনিলে৷  সি কৈছে ‘‘এইহালি এইবাৰ যোৰ পতাৰ কথা আছেঘৰৰ সন্মতি হ’লেই চক্‌লং হ’ব।’ গছৰ ওপৰৰ পৰা কোনোবা উতনুৱা এটাই গীতকে জুৰিলে 
ঐ নাঙ্ ঐ প’লহৰ মাগুৰ মাছ ভালেকৈ ধৰিবি 
পিছলিলে পাবলৈ নাই
যৌৱন ধেমালি কৰি ল এতিয়াই
বয়স গ’লে পাবলৈ নাই
ইফালে নদীৰ ফালে থকা গাভৰুৰ জুমটোৰ কোনোবা লচপচী এজনীয়েও গাই পঠিয়ালে
ঐ ছেং এ তাতৰ পাটৰ পৰাচালোঁ ডিঙি মেলি
নিদিলি এষাৰি মাত
যৌৱন যাব বুলি বিননি জুৰিছ
এতিয়াহে লাগিলে গাত
এনেকৈয়ে সময় গৈ থাকিল। দিন্‌হা মাহবসন্ত উৎসৱ সাত দিন চলিছে। ৰং-ৰহইচৰ সময়। সকলোৰে আজৰি। নৃত্য-গীতখেল-ধেমালিৰ উপৰি পথাৰত গৰুৰ যুঁজম’হৰ যুঁজ আৰু কুকুৰা যুঁজৰ আয়োজন৷ ইয়াৰ পাছত নাও খেল৷ ওচৰৰ গাঁওবোৰৰ মানুহ ভাগি-ভূঁহৰি আহিছে। নদীত বহুত নাও৷  গাঁওখনে প্ৰতি কমেও দহখনকৈ নাও আহিছে। প্ৰতিযোগীসকল ব’ঠা লৈ নাৱত উঠিছেযেন নৌ-যুদ্ধলৈ যাবলৈ প্ৰস্তুত হৈছে। আঁতৰৰ পৰা এনেহে লাগিছে যেন নদীৰ মাজত অনেক ৰঙৰ জাক জাক চৰাইহে পৰি আছে। নাও খেলৰ শুভাৰম্ভ কৰিব লাগে ৰাজকুমাৰে। কিন্তু তেওঁ প্ৰতিযোগী নহয়। তেওঁ দলটিৰ নাও বোৱাত পাকৈত চাৰিজন মানুহ লগত লৈ এখন নাও বাই বাই মাজপানীৰ পৰা উভতি আহিব। তাৰ পাছত শাৰী পতাই থোৱা প্ৰতিযোগী নাওবোৰ দহ-বাৰখনকৈ নদীৰ মাজলৈ তীব্ৰ গতিত মেলি দিয়া হ’ব। সিপাৰৰ মাটি চুইহে নাও ঘূৰিব লাগিব৷ নিৰীক্ষণকাৰীৰ নাও লগে লগে থাকিব
ৰাজকুমাৰৰ বাবে এখন নাৱৰ যোগাৰ হ’ল। ছ্যু নাৱৰীয়াসকলৰ লগত উঠিলে৷ নিজে এপাট ব’ঠা ধৰিলে। পাছত পাকৈত নাৱৰীয়া দুজনে শিকাই দিলে কেনেকৈ পানীৰ তলত যোৱা ব’ঠাৰ অংশ কেতিয়াবা গাৰ ফাললৈ টানি আৰু কেতিয়াবা গাৰ ফালৰ পৰা ঠেলি আৰু কেতিয়াবা ব’ঠাৰ ধাৰটো ইপাক-সিপাক কৰি নাৱৰ দিশ নিয়ন্ত্ৰণ কৰিব লাগে। সেয়া সি জানি ল’লে। কিছু নিয়ম জানিলেও ব্যৱহাৰিক ক্ষেত্ৰতহে জনা-নজানাটো প্রম৷ণ হয়৷ গতিকে প্ৰতিযোগিতা আনুষ্ঠানিকভাৱে মুকলি কৰাৰ পাছত সি নাৱৰীয়াকেইজনক লগত লৈ প্ৰতিযোগিতাৰ থলিৰ পৰা একাষৰীয়া হ’ল৷ এইবাৰ চলিল নদীৰ সোঁততনদীৰ সোঁতৰ বিপৰীতে আৰু পথলুৱাকৈ নৌকাচালনাৰ প্ৰশিক্ষণ। মাজতে কিছু জিৰণি লয় আৰু পাৰলৈ আহি চাই থাকে প্ৰতিযোগিতাত চলা নাওবোৰৰ নাৱৰীয়াহঁতৰ আপ্ৰাণ চেষ্টানিৰীক্ষণ কৰে নাওবোৱাৰ কলা-কৌশল৷ কেনিনো চাব সিচাই অন্তই নহয়। ইফালে গাভৰুসকলেও সুকীয়াকৈ নাও খেল পাতিছে
(আগলৈ‍)

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ