অন্যযুগ/


সমাজ, সংহতি আৰু ক্ৰিকেট


প্ৰসেনজিৎ চৌধুৰী

১৯৩৬ চন৷ বাৰ্লিনত মহা আড়ম্বৰেৰে অনুষ্ঠিত হৈছিল অলিম্পিক৷ লং জাম্পত জাৰ্মানিৰ হৈ অংশ লৈছে সপ্ৰতিভ শ্বেতাংগ খেলুৱৈ লুজ লঙে৷ দৰ্শকৰ মাজত উপৱিষ্ট নাজি নায়ক হিটলাৰ প্ৰতিযোগিতাৰ চূড়ান্ত পৰ্যায়ত লং জাম্পৰ বিজয়ী হ’ল আমেৰিকাৰ কৃষ্ণাংগ ক্ৰীড়ক জেছি‍ ৱেন্‌ছ৷ প্ৰচন্দ খঙেৰে হতোদ্যম হিটলাৰ ষ্টেডি‍য়ামৰ পৰা ওলাই গ’ল৷ আৰ্য অভিমানৰ আকণ্ঠ নিমজ্জমান হিটলাৰে কৃষ্ণাংগ ক্ৰীড়কৰ বিজয়ক সহজভাৱে গ্ৰহণ কৰিব নোৱৰাটোৱেই আছিল স্বাভাৱিক৷ পিছে পৰাভূত জাৰ্মান জাম্পাৰজনৰ আচৰণ আছিল একেবাৰে বিপৰীতধৰ্মী: তেওঁ দ্ৰুত গতিৰে গৈ প্ৰতিদ্বন্দ্বী বিজয়া জাম্পাৰজনক আলিংগন কৰি অভিনন্দন জনালে৷ এয়া নিটোল-নিভাজ খেলুৱৈসুলভ মানসিকতাৰ নয়নানন্দ নিদৰ্শন৷ সমজাতীয় উষ্ণ ঔদাৰ্যৰ উদাহৰণ ক্ৰিকেটৰ প্ৰসংগতো দেখা যায়৷ এবাৰ ব’ম্বেৰ চতুৰ্কোণীয় ক্ৰিকেট টুৰ্নামেণ্টত ইছলাম জিমখানা ৱাজি আলীয়ে ফিল্‌ডিং কৰি থাকোতে গুৰুতৰ আঘাত পাই মাটিত বাগৰি পৰিল৷ লগে লগে হিন্দু দলৰ অধিনায়ক চি কে নাইডুৱে পেভেলিয়নৰ পৰা দৌৰি আহি আলীক খেলপথাৰৰপৰা ওলাই যোৱাত সহায়ৰ হাত আগবঢ়ালে৷ এই খেলখনত জিকি টুৰ্নামেণ্টত ট্ৰফি লাভ কৰাৰ পাছত ইছলাম দলৰ ৱাজিদ আলীয়ে হিন্দু দলটোৰ ‘sportsman’s spirit’-ৰ শলাগ লৈছিল৷  ক্ৰিকেট খেলৰ তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ মাজতো বন্ধুত্বৰ বাতাৱৰণ অক্ষুণ্ণ ৰখাটো নিঃসন্দেহে প্ৰশংসনীয় সুকীৰ্তি‍৷ সংযমজাত এনে সুকীৰ্তিৰ কাৰণেই বোধহয় ‘ক্ৰিকেট’ শব্দটোৱে এক নতুন সম্প্ৰসাৰিত অৰ্থ লাভ কৰিলে: ‘that which in fair and sporting’৷ সততা আৰু শিষ্টাচাৰৰ লগত এইবিধ খেল ওতপ্ৰোতভাৱে জড়িত বুলি ভবা হয়৷ কোৱা বাহুল্য, সততা আৰু শিষ্টাচাৰৰ লগত যথাক্ৰমে ন্যায়বোধ আৰু সাংস্কৃতিক প্ৰমূল্য সম্পৰ্কীত, অৰ্থাৎ আদৰ্শ ক্ৰিকেট খেলৰ এটা নৈতিক-সাংস্কৃতিক দিশো থাকে৷ নিঃসন্দেহে ক’ব পাৰি যে ক্ৰিকেট তথা ক্ৰীড়কৰ বাণিজ্যিকীকৰণ আৰু জাতীয়তাবাদৰ উৎকট উদ্দীপনৰ সৈতে এই নৈতিক-সাংস্কৃতিক দিশটোৰ সম্বন্ধ বৈৰীমূলক৷ ইয়াৰ প্ৰমাণ সাম্প্ৰতিক কালত বেচ সুলভ৷ 
ক্ৰীড়াৰ‍ ঘনিষ্ঠ অনুশীলনে মানৱ-সমাজৰ পৰা অসূয়া-অপ্ৰীতি দূৰ কৰিব পাৰে বুলি এচাম শুভচিন্তকে মত পোষণ কৰে৷ এই চাম মংগলাকাংক্ষী মানুহৰ একেবাৰে বিপ্ৰতীপ স্থিতি গ্ৰহণ কৰা চিন্তকো নথকা নহয়৷ উদাহৰণস্বৰূপে আমি জৰ্জ অৰৱেলৰ ক্ষুৰধাৰ সমালোচনালৈ আঙুলিয়াব পাৰোঁ৷ তেওঁ ‘The Sporting Spirit’ শীৰ্ষক নিবন্ধটোত কিছুমান সাধাৰণীকৰণ বহুতৰ বাবে গ্ৰহণযোগ্য নহ’ব পাৰে৷ কিন্তু এই কথাত কোনো সন্দেহ নাই যে নিবন্ধটোত চিন্তা উদ্ৰেককাৰী অপ্ৰিয় কথা কিছুমান তেওঁ সাহসেৰে ব্যক্ত কৰিছে৷ তেওঁ কৈছে‍-- কিছু লোকে যেতিয়া কয় ক্ৰীড়াই বিভিন্ন জাতিৰ লগতে সদ্ভাৱ-সম্প্ৰীতিৰ সূচনা কৰে তেতিয়া তেওঁ আচৰিত হয়৷ তেওঁৰ সুস্পষ্ট মত হ’ল—আজি‍-কালি প্ৰায় সকলো ক্ৰীড়াই প্ৰতিদ্বন্দ্বিতাপূৰ্ণ, বিজয় লাভৰ কাৰণে আপ্ৰাণ চেষ্টা নকৰিলে খেলৰ কোনো অৰ্থই নাথাকে৷ আৰৱেলৰ মতে গাঁৱৰ সেউজীয়া পথাৰত কেৱল আনন্দ আৰু শৰীৰৰ উৎকৰ্ষ সাধনৰ উদ্দেশ্যে খেলত অংশ সোৱাটো সম্ভৱ৷ কিন্তু যেতিয়া বৃহৎ জনগোষ্ঠীৰ মৰ্যাদাৰ প্ৰশ্নটো আহি পৰে, তেতিয়া ‘‘The most savage combative instinct are aroused.’’৷ ক্ৰিকেটৰ পৰাও অসদ্ভাৱৰ উদ্ভৱ হ’ব পাৰে বুলি তেওঁ স্পষ্টকৈ কৈছে৷ অৰৱেলে জাতীয়তাবাদৰ উত্থান আৰু ‘competitive prestige’-ৰ লগত ফুটবল আৰু বক্সিঙৰ দৰে খেলৰ প্ৰসাৰ আৰু জনপ্ৰিয়তাৰ সংযোগ বিচাৰি পাইছে৷ তেওঁৰ নিকপটীয়া নিন্দাত্মক বক্তব্য বেচ প্ৰাঞ্জল: দ্বেষ, দম্ভ, ঈৰ্ষা, নিয়মৰ প্ৰতি অমান্যতা আৰু হিংস্ৰতাৰ পৰা আনন্দ আহৰণৰ ধৰ্ষকামী মনোবৃত্তি—এইবোৰৰ লগতহে খেলা-ধূলা সম্পৰ্কীত, যাক fair play বোলা হয়, তাৰ সৈতে ই সম্পৰ্কহীন৷ অৰৱেলৰ ভাষাত ছিৰিয়াছ ক্ৰীড়া হ’ল war minus the shooting’৷ খুব সম্ভৱ জাতীয়তাবাদ-প্ৰৰোচিত প্ৰতিযোগিতাৰ উলংগ উগ্ৰতাই অৰৱেলক খেলা-ধূলাৰ প্ৰতি একেবাৰে বীতশ্ৰদ্ধ কৰি তুলিছিল৷ 
ক্ৰীড়াৰ চৰিত্ৰ ভূমিকাক ভিন্ন ভাবনাৰে‍ বিচাৰ কৰাৰ প্ৰয়াস আমি মনস্বী মনীষী অমৰ্ত্য সেনৰ এটা প্ৰবন্ধত পাওঁ৷ তেওঁ ক্ৰীড়াৰ এটা উপেক্ষিতপ্ৰায় ভূমিকাৰ প্ৰতি আমাৰ দৃষ্টি আকৰ্ষণ কৰিছে৷ ক্ৰীড়া প্ৰতিৰোধৰ অভিব্যক্তিও হ’ব পাৰে‍; ইয়াৰ জৰিয়তে মানুহে স্বীয় কণ্ঠস্বৰ-নিজৰ ক্ষোভ, দাবী, মতামত ব্যক্ত কৰিবলৈ সুযোগ পায়—in their attempt to counter tyranny or exploitation or deep inequality.’ এই সূক্ষ্মদৰ্শী উক্তিয়ে তাহানিৰ ব’ম্বে টুৰ্নামেণ্টত সামাজিক বৈষম্যৰ মুখামুখি হৈও নিজৰ চমকপ্ৰদ পটুতাৰে প্ৰসিদ্ধি লাভ কৰা পাল ৱান্‌কাৰ ভাতৃদ্বয়ৰ কথা মনত পেলাই দিয়ে৷ ক্ৰীড়াৰ সামাজিক বৰঙণিৰ প্ৰসংগত সেনে কৈছে যে খেলা-ধূলাই মানুহক সমাৱেশিত কৰে৷ ইয়াৰ যিটো শুভ বৈশিষ্ট্যৰ প্ৰতি মানুহ ক্ৰমশঃ আকৃষ্ট হৈছে সেইটো হ’ল ‘‘its role in supplanting confrontation by congregation.’’৷ অমৰ্ত্য সেনৰ মতে প্ৰাচীন কালত গ্ৰীকসকলে খেলা-ধূলাৰ এই ইতিবাচক ভূমিকাৰ স্বৰূপ হৃদয়ংগম কৰিব পাৰ‍িছিল: কেৱল খেলুৱৈৰ দৃঢ়তা-দক্ষতাৰ ৰাজহুৱা প্ৰদৰ্শনৰ কাৰণেই নহয়, সৌহাৰ্দ্যপূৰ্ণ  সমাৱেশৰ ব্যৱস্থা কৰাৰ উদ্দেশ্যেও গ্ৰীকসকলে অলিম্পিকৰ আয়োজন কৰিছিল৷১০
একৈছ শতিকাৰ আৰম্ভণিতে প্ৰকাশিত অমৰ্ত্য সেনৰ প্ৰবন্ধটোত তেওঁ ভাৰত-পাকিস্তানৰ টেষ্ট ক্ৰিকেটৰ পুনৰাম্ভৰ বিষয়টো উল্লেখ কৰিছে৷ তেওঁ আশা কৰিছে, দুইখন দেশৰ মাজত গুৰুতৰ সমস্যাবোৰৰ সমাধান নকৰিলেও ক্ৰিকেট খেলে ভিন্নধৰ্মী যোগাযোগৰ—‘different dialogue’-ৰ সূচনা নিশ্চয় কৰিব: ‘‘In the contest og many other disputes, suspicion of each other can be fed by mutual ignorance and non-communication. Games can help to make each nation or group to see the humanity of others with somewhat greater clarity.’’১১ খেলা-ধূলাই অন্য জাতি‍-সম্প্ৰদায় বা গোষ্ঠীৰ লগত কথোপকথনৰ বাট নিমজ-নিৰ্বিঘ্ন কৰাৰ যি শুভ সম্ভাৱনা তাৰ মাজত নিশ্চয় আশাবাদী অমৰ্ত্য সেনে এক উন্নত ভৱিষ্যতৰ পূৰ্বাভাষ প্ৰত্যক্ষ কৰিছে৷
আমি ওপৰত দুটা মত উল্লেখ কৰিছোঁ—এটা জৰ্জ অৰৱেলৰ, আনটো অমৰ্ত্য সেনৰ৷ মত দুটাৰ ঐতিহাসিক পটভূমি সুকীয়া৷ আনহাতে দুয়োগৰাকী চিন্তকে স্বীয় দৃষ্টিকোণৰ পৰা ব্যক্ত কৰিছে নিজৰ অভিমত৷ স্বাভাৱিকতে অৰৱেলৰ মতামতৰ লগত সেনৰ মতামতৰ বৈসাদৃশ্য বেচ প্ৰকট৷ এই ধৰণৰ প্ৰায় পৰস্পৰবিৰোধী ব্যাখ্যা-বক্তব্যৰ পটভূমিত ক্ৰীড়াপ্ৰেমী মানুহৰ মনত এটা প্ৰশ্ন নিশ্চয়কৈ উদ্ভৱ হ’ব পাৰ‍ে: ক্ৰিকেটৰ ক্ৰীড়াংগণক জানো প্ৰীতিৰ প্ৰাংগনলৈ ৰূপান্তৰিত কৰাটো সম্ভৱ? ৰামচন্দ্ৰ গুহৰ ৰচনাত প্ৰশ্নটোৰ পৰোক্ষ আৰু আংশিক উত্তৰ আছে৷ তেওঁ কৈছে‍-- এই কথা তৰ্কাতীতভাৱে সত্য যে খেলা-ধূলাই বৈৰী ভাবাপন্ন গোষ্ঠীৰ খেলুৱৈসকলক একত্ৰ কৰে৷ কিন্তু তেওঁৰ সংশয়পূৰ্ণ সাৰুৱা প্ৰশ্ন— ‘‘খেলুৱৈসকলৰ এনে সমাৱেশে জানো তেওঁলোক‍ৰ নিজ নিজ গোষ্ঠীবোৰক ওচৰ চপাই আনে?’’১২ গুহই কৈছে, যেতিয়া কোনো খেলুৱৈয়ে কয় যে ক্ৰিকেটাৰসকল ধৰ্মনিৰপে‍ক্ষতাৰ মূৰ্তিমান ৰূপ, তেতিয়া আমি নিশ্চয় সহমত পোষণ কৰিব পাৰ‍োঁ, but what about their supporters?১৩  প্ৰশ্নটো বিশেষভাৱে গুৰুত্বপূৰ্ণ এই বাবেই যে সমৰ্থকসকলৰ মন আৰু আচৰণ ক্ৰিকেটাৰসকলৰ এক্তিয়াৰৰ বাহিৰত৷
ক্ৰিকেটৰ সমৰ্থক দুবিধ৷ এবিধ সমৰ্থকে খেলপথাৰত সোঁশৰীৰে উপস্থিত থাকি নিজৰ দলটোক হুলস্থূলীয়া হৰ্ষধ্বনিৰে উদগনি দিয়‍ে আৰু প্ৰতিপক্ষৰ খেলুৱৈসকলক ইতিকিং কৰি বা অন্য প্ৰকাৰে নিৰুদ্যম কৰিবলৈ চেষ্টা কৰে৷ অন্যবিধ সমৰ্থক থাকে বাহিৰত৷ এওঁলোকে উৎসাহজনক অগ্ৰগতিৰ লগত সংগতি ৰাখি বা প্ৰতিপক্ষ পৰাজিত হোৱাৰ পাছত এক মুখৰ মদান্ধ পৰিৱেশৰ সৃষ্টি কৰে‍ যেনে, খেলখনৰ ফলাফল এক কালজয়ী ক্ৰান্তিকাৰী ঘটনা৷  পৰাভূত হ’লে তেওঁলোকে‍ কেতিয়াবা অবুজ মনৰ আখেজ আক্ৰোশ অন্য প্ৰকাৰে প্ৰকাশ কৰে৷ সমৰ্থকসকলৰ এনে আচৰণৰ প্ৰতি লক্ষ ৰাখিয়েই নিশ্চয় ৰামচন্দ্ৰ গুহই উল্লিখিত চুটি অথচ অৰ্থপূৰ্ণ প্ৰশ্নটো উত্থাপন কৰিছে৷ এই প্ৰসংগত গুৰুত্ব সহকাৰে উল্লেখ কৰিবলগীয়া বিষয়টো হ’ল— সমৰ্থকসকলৰ মনোভাব আৰু আচৰণ কেনে হ’ব, সেইটো বহু পৰিমাণে নিৰ্ভৰ কৰে ক্ৰিকেটৰ লগত সম্বন্ধ নথকা কেতবোৰ কাৰকৰ ওপৰত৷ সামাজিক পাৰিপাৰ্শ্বিকতা, ৰাজনৈতিক বিৰোধ-বিতৰ্ক, অৰ্থনৈতিক অৱস্থা, মিডিয়াসমূহৰ ভূমিকা, আন্তঃসাম্প্ৰদায়িক সম্পৰ্ক ৰখা, নিকট অতীতৰ স্মৃতি, জাতীয়তাবাদৰ প্ৰৰোচনা—এইবোৰৰ দ্বাৰা সৰহ সংখ্যক সমৰ্থকৰ অনুৰাগ-বীতৰাগ কিবা নহয় কিবা প্ৰকাৰে প্ৰভাৱিত হয়৷ চাৰিটা বৃত্তৰ সহায়ত এই বক্তব্য দাঙি ধৰিবলৈ আমি চেষ্টা কৰিছোঁ৷ 

প্ৰথম অৰ্থাৎ ক্ষুদ্ৰতম বৃত্তটোত আছে ক্ৰিকেটাৰসকল৷ তাৰ পিছৰ বৃত্তটোৱে সাঙুৰি লৈছে সমৰ্থকসকলক, তৃতীয় বৃত্তত অৱস্থিত ক্ৰীড়া বহিৰ্ভূত কাৰকসমূহ—যেনে, সামাজিক বাতাৱৰণ, মিডিয়াৰ প্ৰচাৰ৷ বৃহত্তম চতুৰ্থ বৃত্তটো বৃহৎ সমাজৰ সূচক৷ সমাজত বিবাদ-বিভাজনৰ অনভিপ্ৰেত পৰিৱেশ সৃষ্টি কৰাৰ ক্ষেত্ৰত দ্বিতীয় বৃত্তৰ সমৰ্থকসকলৰ ভূমিকা আৰু সক্ৰিয়৷ তাৰ মানে চতুৰ্থ বৃত্তৰ ওপৰত পৰোক্ষভাৱে হ’লেও দ্বিতীয় বৃত্তৰ প্ৰভাৱ পৰে৷ এই প্ৰভাৱ বুজাবলৈ কাঁড়চিহ্ন ব্যৱহাৰ কৰা হৈছে৷) আনহাতে অদৃশ্য শক্তিৰ দৰে তৃতীয় বৃত্তৰ ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক কাৰকবোৰে—কেতিয়াবা সচেতনভাৱে—প্ৰতাপী আৰু প্ৰভাৱশালী দ্বিতীয় বৃত্তৰ প্ৰতিক্ৰিয়াৰ চেহেৰা-চৰিত্ৰ বহুলাংশে নিয়ন্ত্ৰণ কৰে৷  পোন কথাত ক’বলৈ গ’লে সমৰ্থকসকলৰ অখেলুৱৈসুলভ মনোভাব আৰু আচৰণে সমাজ-জীৱনৰ ওপৰত—সাময়িকভাৱে হ’লেও সাঁচ পেলায়৷ পক্ষান্তৰে এওঁলোকৰ যি অনভিপ্ৰেত ভূমিকা, তাৰ প্ৰধান উৎস নিহিত থাকে সমকালীন সমাজ-বাস্তৱত৷ ‍

উৎস নিৰ্দেশ আৰু প্ৰাসংগিক টোকা:

 

) R. Guha, A Corner of a Foreign Field: The Indian History of a British Sport, London, 2003, P.308

) Ibid., P.309

)W.Geddie ed., Chamber’s Twentieth Century Dictionary,  Bombay,1964

) G. Orwell, Notes on Nationalism,UK, 2018, P.48

) Ibid., P.49

) Ibid., P.51

) Ibid., P.50

) A. Sen, The Country of First Boys, New Delhi, 2018, P.29

) Ibid., P.34

0) Ibid., P.34

১১) Ibid., P.35

১২)R. Guha, op,cit, PP. 311-12

১৩) Ibid., P.312 অৰৱেলেও দৰ্শকৰ মনোভাৱৰ কথা কৈছে: ‘But the significant thing is not the behaviour of the players but the attitude of the spectators.’ লগতে তেওঁ জাতীয়তাবাদৰ প্ৰৰোচনাৰ কথা কবলৈ পাহৰা নাই৷ (G.Orwell,op.cit., P.49)


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ