পাৰভীন চুলতানা
মহামাৰি বুলিলে এতিয়া ক’ৰ’না মহামাৰিৰ ভয়াৱহতা
সকলোৰে চকুৰ আগত ভাহি উঠে; কিন্তু তাতোকৈ ভয়াৱহ মহামাৰি আমাৰ অলক্ষিতে থাকি গৈছিল আৰু সেয়া
হৈছে মানসিক অসুস্থতাৰ মহামাৰি। যি ক’ৰ’না মহামাৰিতকৈ ভয়াৱহ।
সৌ সিদিনা বলিউডৰ জনপ্ৰিয় নায়ক তথা
শিক্ষাৰ ক্ষেত্ৰত তীব্ৰ মেধাৱী সুশান্ত সিং ৰাজপুতয়ে আত্মহত্যা কৰাপিছত সকলোস্তৰতে
হতাশাগ্ৰস্ত বা বিষন্নতাৰ
(depression ) বিষয়ে চৰ্চা হবলৈ ধৰিছে। হয়তো জনপ্ৰিয় ব্যক্তি হোৱাৰ বাবে এনে
প্ৰচাৰ হৈছে কিন্তু প্ৰতিদিনে এনে আত্মহত্যাৰ ঘটনা ঘটি আছে বৰ্তমান। ভাৰতীয় মানুহৰ মাজত এই আত্মহত্যা বা হতাশাগ্ৰস্ত লৈ
ইমান প্ৰতিক্ৰিয়া
ৰাজহুৱা বাবে হোৱা নাছিল ইয়াৰ আগলৈকে। জনপ্ৰিয় যুব প্ৰজন্মৰ এজনে
আত্মহত্যা কৰাৰ পিছত মানসিক ৰোগ , হতাশা আদিক লৈ
ৰাজহুৱাভাৱে আলোচনা , Whatsapp ত বিভিন্ন হতাশা লৈ video
ভাইৰেল হৈছে পোন প্ৰথমবাৰৰ বাবে।
সুস্বাস্থৰ অধিকাৰী বুলিলে সুস্থ শৰীৰ , সুস্থ চিন্তাধাৰা অৰ্থাৎ সুস্থ
মন বুজায় । পৰিতাপৰ বিষয় যে আমাৰ ভাৰতবৰ্ষত
অন্ধবিশ্বাস আৰু মানসিক বাবে শিক্ষিত লোকৰ অভাৱৰ কাৰণে মানসিক অসুস্থতা এতিয়াও
সহজভাৱে গ্ৰহণ কৰিব পৰা নাই।
বিশ্ব স্বাস্থ্য সংস্থাৰ মতে বছৰি ৪৫০ নিযুত লোকে হতাশাগ্ৰস্ত বা অন্য মানসিক ৰোগত
ভোগে। বছৰি ৮ লাখ মানুহে মানসিক ৰোগত ভূগি
বিশেষকৈ হতাশাগ্ৰস্ত হৈ আত্মহত্যা কৰে।
বৰ্তমান আত্মহত্যা পৃথিৱীৰ সকলো মৃত্যুৰ কাৰণত দ্বিতীয় স্থানত
আছে। ভাৰতবৰ্ষত বছৰি
প্ৰায় ৩ লাখ মানুহে আত্মহত্যা কৰে। কিন্তু পৰিতাপৰ কথা যে আমাৰ দেশত মানসিক অসুস্থতা স্বীকৃতিবিহীন হৈয়ে
আছে।
অতি পৰিতাপৰ কথা যে আমাৰ সমাজত মানসিক
অসুস্থতাৰ বিষয়ে সজাগতা বৃদ্ধি একেবাৰে হোৱা নাই বুলি কব পাৰি। প্ৰায়বোৰ ৰোগী আৰু অভিভাৱকৰো মানসিক
অসুস্থতাৰ সম্পৰ্কে নুন্যতম জ্ঞানখিনিও নাই। তদুপৰি বেছিভাগ মানসিক অস্থিৰতাত ভূগি থকা মানুহে নিজকে ৰোগী বুলি
মানি লব নোখোজে। বিষন্নতাত ভূগি থকা
লোকে প্ৰায়ে লুকাই ৰাখে তেখেতৰ অসুস্থতা আৰু পৰিয়ালৰ সদস্য সকলেও লাজৰ বিষয় বুলিও
লুকাই ৰাখে , যাৰ
ফলস্বৰূপে এসময়ত জটিল হৈ পৰে এই সাধাৰণ অসুস্থতা। সমাজে এজন মানুহৰ হতাশাগ্ৰস্থ আচৰণবোৰ বা অসংগগ্ল
অসংগ্লন্ন চিন্তাধাৰাবোৰ মানাসিক অসুস্থতা বুলি মানি লবলৈ নিবিচাৰে। অনেকেই মানসিক ৰোগীক লৈ কৌতুক কৰে বা
চাইক বুলি তাছিল্য
কৰি ইন্দন ইন্দন যোগায় আৰু হতাশগ্ৰস্থ হবলৈ বাধ্য কৰায়।
যিকোনো কাৰণতে এজন ব্যক্তি হতাশাগ্ৰস্ত
হব পাৰে তাতে উচ্চ শিক্ষিত , ধনী ,
দুখীয়াৰ প্ৰশ্ন নাহে। তেওঁৰ মনোজগতখন বিভিন্ন উপাদানে চুৰমাৰ কৰি পেলায়। বিভিন্ন ধৰণৰ চিন্তা, আৱেগ , বিভ্ৰান্তিৰ বাবে অকল্পনীয় মানসিক কষ্টত ভোগে। এই সময়ত আত্মীয়- স্বজন আৰু বন্ধু বান্ধবীৰ সহায়
সহানুভূতি তেওঁৰ একমাত্ৰ সম্বল। যিজন মানুহে বিভিন্ন নেতিবাচক চিন্তাই বিশৃঙ্খল কৰি ৰাখে , এইখিনিয়ে তেওঁৰ বাবে অসহনীয়
কষ্ট। তাতে যদি তেওঁৰ আপোন
মানুহবোৰে তেওঁক এৰাই চলে , অৱহেলা কৰে , তেওঁৰ লগত সম্পৰ্ক নাৰাখে ,
তেতিয়া তেওঁৰ এই বিষন্নতা কেৱলমাত্ৰ অসুস্থতা নহয় , এক চৰম শাস্তি আৰু আত্যাচাৰ হৈ পৰে।
সেয়ে হতাশাগ্ৰস্থ এজনৰ অভিভাৱক , আত্মীয়- স্বজন আৰু শুভাকাংক্ষী , বন্ধু- বান্ধৱী সকলে যিমান
পাৰে সিমানেই হতাশাগ্ৰস্থৰ বিষয়ে জানিবলৈ চেষ্টা কৰিব লাগে আৰু চিকিৎসাৰ ক্ষেত্ৰত
সহযোগিতা আগবঢ়াবো উচিত।
এয়াইে বৰ্তমান সকলোতকৈ ডাঙৰ মানৱ ধৰ্ম আৰু সমাজ সেৱা।
এজন মানসিক ভাৱে হতাশাগ্ৰস্থ ব্যক্তিয়ে
কেৱল আত্মহত্যা নকৰে , তেওঁ বহুতো অসামাজিক যেনে নৃশংস হত্যাকাণ্ড , বলৎকাৰ
, চুৰি ডকাইতি ইত্যাদি কামবোৰো কৰি সমাজত অশান্তি সৃষ্টি কৰিব পাৰে। পৃথিৱীৰ বেছিভাগ নৃশংস হত্যাকাণ্ড
সংগঠিত কৰে মানসিক অসুস্থতা থকা ব্যক্তিয়ে।
সকলো মানুহে জীয়াই থাকিব বিচাৰে। খুজি মাগি হলেও খাই জীয়াই থাকিবলৈ
অপ্ৰাণ চেষ্টা কৰে কিন্তু কিয় সকলোবোৰ থকা সত্বেও কিছুমানে আত্মহত্যাৰ পথ বাচি লয়
তাক আমি গভীৰভাৱে চিন্তা কৰা উচিত মানৱতাৰ খাতিৰত বা আমাৰ নৈতিক দায়িত্ব হিচাপে। শাৰীৰিক অসুস্থতাৰ কাৰণে যিদৰে
চিকিৎসকৰ ওচৰলৈ যাওঁ ঠিক সেইদৰে মানসিক স্বাস্থ্যৰ কাৰণেও চিকিৎসকৰ ওচৰলৈ যোৱাটো
কোনো লাজৰ বা আত্মসন্মান লাঘৱ নহয়।
সমাজৰ মানসিকতা সলনি কৰিব লাগিব আমি সকলোৱে মিলি। মানসিক অসুস্থতা সম্পৰ্কে যদি সমাজ সচেতন নহয় আৰু
সমাজৰ মানসিকতা যদি সলনি নহয় সময়ৰ লগত ,
তেতিয়া হয়তো সেইদিন বেছি দেৰি নহব যত ঘৰে ঘৰে মহামাৰিৰ দৰে মানসিক অসুস্থ ৰোগীৰ মহামাৰি দেখা দিব।
কেতিয়াবা হতাশাৰ কাৰণে জীয়াই থকাটো এজন
ব্যক্তিৰ বাবে দূৰ্বিষহ হৈ পৰে।
সেই সময়ত আত্মহত্যাহে পৰিত্ৰাণৰ একমাত্ৰ উপায় যেন ভাৱ হয় আৰু হৎকাৰি সিদ্ধান্ত লয়। এখন কিতাপত পঢ়িছিলোঁ আত্মহত্যাৰ তাড়নাত নিজকে শেষ কৰি দিয়াৰ শেষ
মূহুৰ্তত এক আৰ্তনাদ কৰে কোনোবাই তেওঁক ৰক্ষা কৰিবলৈ। কিমানযে হৃদয়স্পৰ্শী এই আহ্বান !! আত্মহত্যাৰ অপচেষ্টা বা মনত
আত্মহত্যাৰ এক প্ৰবল তাড়না জগা সকলক যদি এইসময়ছোৱত যথাযথ সহায়ৰ হাত আগবঢ়াযাব
পৰা যায় তেন্তে তেওঁৰ মনৰ পৰা এই ভাৱ দূৰ হয়।
বৰ্তমান আত্মহত্যা কৰা খবৰবোৰ সামাজিক
মাধ্যমত বিশেষকৈ ফেচবুকত আৰু ইলেক্ট্ৰনিক সংবাদ মাধ্যমত মৃতকৰ ফটোৰ সৈতে যিদৰে
প্ৰচাৰ কৰা হয় , সেয়া
খুবেই অন্যায়।
সমাজত বিৰোপ প্ৰভাৱ পেলায় আৰু আত্মহত্যা কৰিবলৈ উৎগনি যোগায় হতাশাগ্ৰস্থ হৈ থকা
সকলক। যিসকলৰ মনত আত্মহত্যা কৰাৰ চিন্তা
দোল্যমান হৈ আছে কিন্তু কেনেকৈ কৰিব সাহস গোটাব পৰা নাই ,
সেইসকলে সাহস পায় তেনে দৃশ্য দেখাৰ লগে লগে। উদাহৰণস্বৰূপে শৰাইঘাট দলঙতৰ পৰা জপিয়াই আত্মহত্যা কৰা ঘটনা দেখি
দেখি অৱশেষত শৰাইঘাট দলং এসময়ত Hot spot হৈ পৰিছিল।
সেয়ে বৃহত্তৰ সমাজৰ স্বাৰ্থত এনেবোৰ
দৃশ্য বা খবৰ বেছি প্ৰচাৰ কৰিব নালাগে।
এইখিনিতে অনিচ্ছা সত্বেও উল্লেখ কৰিব
বিচাৰিছোঁ , মনোৰোগ
চিকিৎসাৰ সহায় লোৱা সত্বেও বহু লোকেই আত্মহত্যা কৰে। সম্পূৰ্ণৰূপে Counseling ৰ দ্বাৰা চিকিৎসা প্ৰদান কৰা হয় যদিও বহু
সময়ত দেখা যায় ৰোগীৰ হতাশাগ্ৰস্ত কিমান গুৰুতৰ তাক কিছু গুৰুত্ব সহকাৰে লোৱা নহয়
যাৰ ফলস্বৰুপে ৰোগীয়ে সিমান সকাহ নাপায় মানো কষ্টৰ পৰা আৰু কিছু নিৰাশ হয়। কেতিয়াবা চিকিৎসক জনেও সময়ৰ অভাৱত
এজন ৰোগীক সিমান সময় দিব নোৱাৰে।
তদুপৰি জনসংখ্যাৰ তুলনাত মনোৰোগ চিকিৎসক এতিয়াও বহুত কম। সেয়ে সকলোৱে সুবিধা নাপায়। চহৰ অঞ্চলত সীমাবদ্ধ হোৱাৰ কাৰণে সৰু সৰু চহৰ বা
ঠাইত মনোৰোগ চিকিৎসৰ অভাৱ।
বাৰে বাৰে চহৰলৈ আহিবলগীয়া হোৱাৰ কাৰণে কিছুমানৰ অসুবিধা হয় আৰু চিকিৎসা সেৱা
গ্ৰহণ কৰাৰ পৰা বিৰত থাকে।
স্কুল পৰ্যায়ৰ পৰা উচ্চ শিক্ষাৰ অনুষ্ঠানত মানসিক স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি Counselling ৰ ব্যৱস্থা ৰাখিব
লাগে , তেতিয়া হয়তো বহুত অসুস্থতা প্ৰাৰম্ভিক পৰ্যায়ত
নিৰ্মূল হব আৰু সুস্থ মানসিকতা লৈ সুস্থ নাগৰিক হিচাবে দেশৰ সেৱা আগবঢ়াই যাব পাৰিব।
লেখিকাৰ ঠিকনা:
এফ.এ. আহমেদ ৰ’ড, ছয়মাইল, গুৱাহাটী
ভ্ৰাম্যভাষ:
৯৫০৮০৭৬১৪৫