অন্যযুগ/


সামাজিক ডাৰউইনবাদ : বৈজ্ঞানিক মতবাদৰ অপপ্ৰয়োগ

 লক্ষ্যজ্যোতি বৰঠাকুৰ


বিজ্ঞানৰ ক্ষেত্ৰখনত কোনো এটা সূত্ৰ বা মতবাদ প্ৰতিস্থিত হোৱাৰ পূৰ্বে তাৰ বিষয়ে আলোচনা, পৰ্যালোচনা আদি হয়, বহুতো বিৰুদ্ধাচৰণ হয়; বহুত সময়ত বিজ্ঞানীসকল একাধিক ভাগত বিভক্ত হয়। এয়া কোনো নতুন কথা নহয়। বিজ্ঞানত চিৰন্তন সত্য বুলি কোনো কথা নাই। যিকোনো এটা প্ৰাকৃতিক ঘটনা ব্যাখ্যা কৰাৰ ক্ষেত্ৰত যিটো সূত্ৰ বা মতবাদে কোনো এক নিৰ্দিষ্ট সময়ত আটাইতকৈ বেছি কথা সঠিকভাৱে ব্যাখ্যা কৰিব পাৰে তাকেই সেই সময়ত বৈজ্ঞানিক মান্যতা দিয়া হয়। ইয়াৰ অৰ্থটো এই যে ভৱিষ্যতে যদি এনে কোনো মতবাদ কোনোৱে আগবঢ়ায় যি বৰ্তমান প্ৰচলিত মতবাদটোতকৈ পৰিঘটনাটোৰ লগত জড়িত কথাসমূহ বেছি সঠিকভাৱে ব্যাখ্যা কৰিব পাৰে তেন্তে আগৰ মতবাদটোক অগ্ৰাহ্য কৰি নতুনটোক মানি লোৱাত বিজ্ঞানীমহলত বিশেষ সমস্যা নহয়। এনেদৰে মানি লোৱাতো বিজ্ঞানৰ নিয়ম৷ আন যিকোনো বিষয়ৰ ক্ষেত্ৰত বিজ্ঞানৰ দৰে ইমান উদাৰ মনোভাৱ নাই৷ সেয়ে বিজ্ঞান নান্দনিক, সেয়া বিজ্ঞানৰ মাধুৰ্য৷ সুস্থ, গণতান্ত্ৰিক আৰু পৰীক্ষালব্ধ বিৰোধিতাই যুগে যুগে বিজ্ঞানৰ, যুক্তিবাদৰ উন্নতি সাধন কৰি আহিছে৷ কিন্তু এনে বিৰুদ্ধাচৰণ যদি উদ্দেশ্য প্ৰণোদিত হয়? এনে কৰাৰ অন্তৰালত যদি কোনো ব্যক্তি, সংস্থা আদিৰ ন্যস্তস্বাৰ্থ জড়িত থাকে? যদি বিৰুদ্ধাচৰণৰ কাৰণ হিচাপে প্ৰক্ষেপ কৰা যুক্তিবোৰ নিতান্তই তৰল আৰু অবৈজ্ঞানিক হয়?

বহুত সময়ত দেখা যায় কিছুমান বৈজ্ঞানিক মতবাদে সমাজত প্ৰচলিত ধ্যান-ধাৰণা বিশেষকৈ আমাৰ ধৰ্মীয় ধাৰণাক প্ৰত্যক্ষ বা পৰোক্ষভাৱে আঘাত কৰে বা এনে ধাৰণাৰ প্ৰতি ভাবুকি সৃষ্টি কৰে৷ এনে ধৰণৰ বৈজ্ঞানিক মতবাদসমূহৰ বিৰুদ্ধে উদ্দেশ্যপ্ৰণোদিত, স্বাৰ্থজড়িত অপপ্ৰচাৰ বেছিকৈ হয়। এনে অপপ্ৰচাৰে বিজ্ঞানৰ বিদ্যায়তনিক দিশটোৰ বিশেষ কিবা ক্ষতি কৰে বুলি কব নোৱাৰি যদিও সামগ্ৰিকভাৱে সমাজৰ কিন্তু ই ক্ষতিসাধন কৰে, জনসাধাৰণক বিজ্ঞানমনস্ক কৰি তোলাত বাধা হিচাপে থিয় দিয়ে। আশা কৰিব পাৰি, সময়ৰ লগে-লগে জ্ঞান-বিজ্ঞানৰ উন্মেষ ঘটি এই বাধাসমূহ আঁতৰিব আৰু জনসাধাৰণে প্ৰকৃত সত্যক আদৰি লব। যদিওবা এনে ধৰণৰ অপপ্ৰচাৰ সমাজৰ বাবে যথেষ্ট ক্ষতিকাৰক তাতোকৈ বহুত বেছি ক্ষতি তেতিয়া হয়, যেতিয়া কোনো এক বৈজ্ঞানিক মতবাদৰ ভুল ব্যাখ্যা কৰি কিছুমান সামাজিক অসমতাক, কিছুমান অনৈতিক কৰ্মকাণ্ডক ন্যায্যতা প্ৰদান কৰা হয়। এনে অপচেষ্টাই সমাজৰ, জনসাধাৰণৰ বহুত বেছি ক্ষতিসাধন কৰে, সামগ্ৰিকভাৱে সমাজক এক নিৰ্দিষ্ট সময়ৰ বাবে কক্ষচ্যুত কৰিব পাৰে। সামাজিক ডাৰউইনবাদএনে এক অপপ্ৰচাৰ; ডাৰউইনৰ জৈৱ-বিৱৰ্তন সম্পৰ্কীয় মতবাদৰ আলম লৈ সমাজৰ কিছুমান অনৈতিক, ভিত্তিহীন কথাক ন্যায্যতা প্ৰদানৰ বাবে কৰা এক উদ্দেশ্য প্ৰণোদিত প্ৰচেষ্টা।

১৮৫৯ চনত চাৰ্লছ ডাৰউইনে তেখেতৰ যুগান্তকাৰী গ্ৰন্থ On the Origin of Species by means of Natural Selectionপ্ৰথম প্ৰকাশ কৰে। এই গ্ৰন্থখনে জীৱজগতৰ উৎপত্তি সম্পৰ্কে প্ৰচলিত ধাৰণা সম্পূৰ্ণভাৱে সলনি কৰি এক বিপ্লৱৰ সূচনা কৰে৷ এই গ্ৰন্থতে ডাৰউইনে প্ৰথমবাৰৰ বাবে জীৱৰ বিৱৰ্তনৰ ভিত্তি হিচাপে প্ৰাকৃতিক নিৰ্বাচন’-ৰ(natural selection)কথা কলে। বহুত সময়ত পোন প্ৰথমবাৰৰ বাবে ডাৰউইনেই জীৱ সৃষ্টি সম্পৰ্কত প্ৰচলিত ধৰ্মীয় সৃষ্টি তত্ব’-ৰ বিপৰীতে গৈ এক বিজ্ঞানসন্মত ধাৰণা দিছিল বুলি ভবা হয় যদিও এই কথা সম্পূৰ্ণ শুদ্ধ নহয়৷ আচলতে ওঠৰ শতিকাৰ মাজভাগৰ পৰাই জীৱৰ সৃষ্টি সম্পৰ্কত বহুলভাৱে প্ৰচলিত বাইবেলীয় ধাৰণাৰ প্ৰতি বহুতো প্ৰত্যাহ্বান আহিবলৈ আৰম্ভ হৈছিল। বিজ্ঞানীসকলে বুজিবলৈ আৰম্ভ কৰিছিল যে প্ৰকৃতিত উপলব্ধ ইমান বাৰে ৰহণীয়া জৈৱ-বৈচিত্ৰ্যৰ সৃষ্টি সম্পৰ্কত বাইবেলৰ সৃষ্টিতত্ত্বতকৈ বিৱৰ্তনেহে সঠিক ধাৰণা দিব পাৰিব। বিৱৰ্তন সম্পৰ্কত এক সু-সংগত ধাৰণা দিবলৈ ১৮০৯ চনতেই প্ৰথম চেষ্টা কৰিছিল ফ্ৰান্সৰ বিখ্যাত জীৱবিদ জিন বেপ্টিছ লেমাৰ্কে (Jean Baptiste Monet, Chevalier de Lamarck)৷ সেয়ে সচৰাচৰ ভবাৰ দৰে ডাৰউইন বিৱৰ্তনবাদৰ প্ৰথম প্ৰচাৰক নাছিল বা তেওঁ বিৱৰ্তনবাদ এক সত্য মতবাদ বুলি প্ৰমাণ কৰাৰ চেষ্টাও কৰা নাছিলডাৰউইনে প্ৰকৃততে বিৱৰ্তন কিদৰে ঘটে, অৰ্থাৎ জৈৱ বিৱৰ্তনৰ এক কাৰ্যপ্ৰণালী দিয়াৰ চেষ্টা কৰিছিল আৰু তেওঁ এই কাৰ্যপ্ৰণালীৰ নাম দিছিল প্ৰাকৃতিক নিৰ্বাচন৷ অৱশ্যে এটা কথা ঠিক যে ডাৰউইনে আগ বঢ়োৱা বিৱৰ্তনবাদৰ মতবাদ লেমাৰ্ক বা তেওঁৰ আন পূৰ্বসুৰীসকলতকৈ যথেষ্ট বেলেগ আৰু সঁচা অৰ্থত বেছি বিজ্ঞানসন্মত আছিলে।

লেমাৰ্কৰ বিৱৰ্তন সম্পৰ্কীয় মতবাদটো বহু পৰিমাণে এৰিষ্টটলৰ স্কেলা নেচাৰা’ (scala natura, the 'scale of nature'ধাৰণাৰ দ্বাৰা অনুপ্ৰাণিত। বহুত সময়ত জীৱৰ পৰম শৃংখল’ (the Great Chain of Being) বুলি অভিহিত কৰা এই ধাৰণাতো আচলতে পৌৰাণিক গ্ৰীক আখ্যানৰ কিছু সংশোধিত ৰূপান্তৰ। এই ধাৰণা অনুসৰি প্ৰকৃতিৰ সকলো জীৱ এক প্ৰাকৃতিক অধিক্ৰম’ (Natural hierarchy)-ত সজ্জিত। এই ক্ৰমৰ একেবাৰে তলত থাকে পোক-পৰুৱা, কীট-পতংগ আদি, তাৰ ওপৰত মাছ, সৰীসৃপ, চৰাই আদি, তাৰ ওপৰত অন্য স্তন্যপায়ী প্ৰাণীসমূহ, তাৰো ওপৰত মানুহ আৰু এই ক্ৰমৰ একেবাৰে শীৰ্ষত থাকে ভগৱান (গড)। কিছু এৰা-ধৰাকৈ সকলো ধৰ্মই জীৱ সৃষ্টি সম্পৰ্কত এনে ধৰণৰ তত্ত্ব একোটাকে বিশ্বাস কৰে আৰু মধ্যযুগৰ পৰৱৰ্তী সময়তো জীৱ সৃষ্টিৰ এই ধাৰণাটোৰেই বিভিন্ন ৰূপত সাৰ্বজনীনভাৱে ইউৰোপত প্ৰচলিত আছিল। লেমাৰ্ক আৰু তেওঁৰ সমসাময়িক বিজ্ঞানীসকলে এই ধাৰণাৰ ওপৰত ভৰ দিয়েই জৈৱ-বিৱৰ্তনৰ এটা সংগঠিত সূত্ৰ দিয়াৰ চেষ্টা কৰিছিলে। লেমাৰ্কৰ মতবাদ অনুসৰি সকলো জীৱই এই অধিক্ৰমৰ একেবাৰে তলৰ ঢাপত জীৱন আৰম্ভ কৰে আৰু বহু দীৰ্ঘসময় ধৰি ক্ৰমে ক্ৰমে এঢাপ দুঢাপকৈ জখলাৰ শীৰ্ষলৈ গতি কৰে। লেমাৰ্কৰ মতে এই সমগ্ৰ পৰিক্ৰমা এক ৰহস্যময় প্ৰাকৃতিক শক্তিৰ দ্বাৰা পৰিচালিত হয়। জীৱ প্ৰজাতি এটাই গোটেই জীৱন পৰিক্ৰমাত আয়ত্ত কৰা এনে ধৰণৰ গুণসমূহ পাছৰ প্ৰজন্মলৈ পৰ্যৱসিত হয়।

ডাৰউইনে প্ৰাকৃতিক অধিক্ৰম’-ৰ ধাৰণাক নস্যাৎ কৰিলে আৰু কলে যে বিৱৰ্তন এনে ধৰণৰ কোনো জখলা বগোৱা কাৰবাৰ নহয়। পৃথিৱীৰ কোনো জীৱকে, সি কিবা পৰুৱাই হওক বা মানুহেই হওক, আন জীৱতকৈ বেছি ভাল বা শ্রেষ্ঠ বুলি কব নোৱাৰি। যিকোনো এটা জীৱৰ জৈৱিক শ্ৰেষ্ঠতাৰ মান নিৰূপণ কৰাৰ একমাত্ৰ মাপকাঠি হল জীৱবিধৰ বংশবৃদ্ধিৰ ক্ষমতা। কোনো এক নিৰ্দিষ্ট পৰিৱেশত আৰু কোনো এক নিৰ্দিষ্ট সময়ত যদি এটা বেক্টেৰীয়া আৰু এজন মানুহে সমান সফলভাৱে জীয়াই থাকি বংশবৃদ্ধি কৰিব পাৰিছে, তেন্তে বেক্টেৰীয়াটো আৰু মানুহজন একে পৰ্যায়ৰ জীৱ, এটাক আনটোতকৈ শ্ৰেষ্ঠ বুলি কোৱাৰ কোনো অৱকাশ নাই। পৰিৱৰ্তিত পৰিৱেশৰ লগত খাপ খাই জীৱ এটাই জীয়াই থাকি প্ৰজনন কৰিবৰ কাৰণে প্ৰয়োজন হোৱা পৰিৱৰ্তনসমূহ কিন্তু প্ৰাকৃতিক নিৰ্বাচনৰ দ্বাৰাই হয়। ইয়াত লেমাৰ্কে কোৱাৰ দৰে কোনো গুপুত জৈৱিক শক্তিৰ প্ৰভাৱৰ কথা নাই। সকলো জীৱৰে অন্তিম পৰিণতি দুটাই- প্ৰাকৃতিক নিৰ্বাচনৰ মাধ্যমেৰে নতুন জীৱ প্ৰজাতিলৈ বিৱৰ্তিত হোৱা নতুবা পৃথিৱীৰপৰা লুপ্ত হোৱা।

প্ৰাকৃতিক নিৰ্বাচনৰ সম্পৰ্কত সৰ্বসাধাৰণৰ বোধগম্য হোৱাকৈ ব্যাখ্যা কৰাৰ স্বাৰ্থত ডাৰউইনে যোগ্য ভোগ্য বসুন্ধৰাআৰু জীয়াই থকাৰ সংগ্ৰাম’- এই কথা দুষাৰি ব্যৱহাৰ কৰিছিল। মন কৰিবলগীয়া কথাটো হল যে ডাৰউইনে On the Origin of Species by means of Natural Selection’ কিতাপখনত প্ৰথমতে যোগ্য ভোগ্য বসুন্ধৰাবাক্যষাৰি অন্তৰ্ভুক্ত কৰা নাছিলকিতাপখনৰ পঞ্চম সংস্কৰণতহে তেওঁ এই বাক্যষাৰ উল্লেখ কৰিছিলআচলতে এইষাৰ ডাৰউইনৰ নিজা কথাও নহয়। ১৮৬৪ চনত ব্ৰিটিছ সমাজবিদ তথা দাৰ্শনিক হাৰ্বাট স্পেঞ্চাৰে (Herbert Spencer) ‘Principles of Biology’ নামৰ কিতাপখন প্ৰকাশ কৰে। স্পেঞ্চাৰে ডাৰউইনৰ বিৱৰ্তন সম্পৰ্কীয় কথাখিনি ইতিমধ্যে পঢ়িছিল আৰু প্ৰাকৃতিক নিৰ্বাচন মতবাদটোক সামাজিক তথা অর্থনৈতিক দিশটোৰ লগত সাঙুৰি যোগ্য ভোগ্য বসুন্ধৰাবাক্যষাৰ প্ৰথম বাৰৰ বাবে ব্যৱহাৰ কৰে। ডাৰউইনে স্পেঞ্চাৰৰ কথাষাৰ পাছৰ পৰ্যায়তহে তেওঁৰ লেখাত অন্তৰ্ভুক্ত কৰে। ঠিক একেদৰে অৰ্থনীতিবিদ থমাছ মালথাছ (Thomas Malthus)-জীয়াই থকাৰ সংগ্ৰাম (Struggle for existence) বাক্যষাৰো ডাৰউইনে ধাৰ কৰি ব্যৱহাৰ কৰিছিল। এই বাক্য দুটাৰ দ্বাৰা তেওঁ নিজে আগ বঢ়োৱা বিৱৰ্তন সূত্ৰটোৰ সামাজিক প্ৰভাৱৰ বিষয়ে একো মন্তব্য কৰা নাছিল। কোনো বিজ্ঞানীয়ে তেওঁ আগবঢ়োৱা তত্ত্ব বা মতবাদৰ সমাজৰ ওপৰত প্ৰভাৱ কি হ, এই মতবাদৰ সামাজিক বৈধতা আছেনে নাই বা ইয়াৰ প্ৰায়োগিক দিশৰ নৈতিকতা আদি কথাবোৰ কেতিয়াও আলোচনা নকৰে, ডাৰউইনেও কৰা নাছিল৷ বিজ্ঞানৰ আওতাত এইবোৰ কথা নপৰেই, এয়া সম্পূৰ্ণৰূপে সমাজবিজ্ঞানৰ বিষয়৷ কিন্তু এই বাক্য দুটা ব্যৱহাৰ কৰাৰ বাবেই স্পেঞ্চাৰ আৰু মালথাছৰ অনুগামীসকলে ডাৰউইনৰ মতবাদ তেওঁলোকে ইমানদিনে বিশ্বাস কৰা ধাৰণাসমূহৰ সপক্ষে এক বৈজ্ঞানিক প্ৰমাণ বুলি প্ৰচাৰ চলালে। তেওঁলোকে কলে, মানুহৰ মাজত থকা যিকোনো বৈষম্য আচলতে জন্মসূত্ৰেই আহে বুলি ডাৰউইনে বৈজ্ঞানিকভাৱে প্ৰমাণ কৰিলে। স্পেঞ্চাৰে বিশ্বাস কৰিছিল যে মানুহে নৈতিকতা, জ্ঞান আদি জীৱন কালত শিকা কথাবোৰ জেনিটিকেলি পিছৰ প্ৰজন্মলৈ যায়। স্পেঞ্চাৰৰ এই ধাৰণা আচলতে বিৱৰ্তন সম্পৰ্কত লেমাৰ্কে দিয়া মতবাদৰ সৈতেহে কিছু মিলে। ডাৰউইনে এনেকুৱা কথা কেতিয়াও কোৱাতো নাছিলেই, বৰং ইয়াৰ সম্পূৰ্ণ বিপৰীত কথাহে কৈছিলে। তথাপি উদ্দেশ্য প্ৰণোদিতভাৱে সামাজিক ডাৰউইনিজিমৰ প্ৰবক্তাসকলে সমাজত তেওঁলোকে কোৱা কথাবোৰ ডাৰউইনে সমৰ্থন কৰা বুলিহে কলে৷

লাহে লাহে যেতিয়া সামাজিক ডাৰউইনবাদৰ ধাৰণাসমূহে জনপ্ৰিয়তা লাভ কৰিবলৈ আৰম্ভ কৰিলে, আন এজন ব্ৰিটিছ স্কলাৰ ফ্ৰাঞ্চিছ গেলটনে’ (Francis Galton) এক নতুন বিজ্ঞান (ভুৱা বিজ্ঞান?) ‘সুপ্ৰজননবাদ (eugenics)- জন্ম দিলে৷ গেলটনে কলে যে ব্ৰিটিছসকলৰ সম্ভ্ৰান্ততা অক্ষুণ্ণ ৰাখিবৰ বাবে চৰকাৰে জনকল্যাণমূলক আঁচনিসমূহ বাদ দিব লাগে। গেল্টনৰ মতে এই আঁচনিবোৰৰ লাভ উঠাই সমাজৰ নিম্নস্তৰৰ মানুহবোৰে বেছিকৈ সন্তান জন্ম দিছে। ইয়াৰ ফলত সন্ত্ৰান্ত শ্ৰেণীৰ তুলনাত নিম্নস্তৰৰ মানুহখিনিৰ জনসংখ্যা বাঢ়ি গৈছে আৰু ই সমাজৰ মান, বিশুদ্ধতা আদি বিনষ্ট কৰিছে।

গেলটনৰ মতবাদটোৱে নিজ দেশত বেছি সমাদৰ নাপালে যদিও আমেৰিকাত সি জনপ্ৰিয়তা লাভ কৰিলে। ১৯২০-৩০ চনৰ সময়ছোৱাত সুপ্ৰজননবাদআমেৰিকাত এটি জনপ্ৰিয় সামাজিক বিপ্লৱৰ দৰে হৈ পৰিল। এই ধাৰণাক সমৰ্থন কৰি বিভিন্ন কিতাপ, চিনেমা আদি প্ৰকাশ হ, গোটেই দেশৰে মেলা, প্ৰদৰ্শনী আদিত যোগ্য পৰিয়ালআৰু ভাল সন্তান’ ‘fitter family’ and ‘better baby’) প্ৰতিযোগিতা আদি অনুষ্ঠিত হল। সুপ্ৰজননবাদ’-ত বিশ্বাসীসকলে সমাজৰ পৰা নিম্নমানৰ অনাকাংক্ষিত বোজাবোৰ নোহোৱা হোৱাটো বিচাৰিছিল। নিজৰ এই ধাৰণাক বাস্তৱায়িত কৰাৰ উদ্দেশ্যে তেওঁলোকে এই তথাকথিত নিম্নশ্ৰেণীৰ মানুহখিনিক সন্তান জন্ম দিয়াত বাধা দিয়া উচিত হব বুলি মতপোষণ কৰিছিল। কুৰি শতিকাৰ আৰম্ভণিৰ সময়তে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পঁচিছখন ৰাজ্যত এই শ্ৰেণীৰ মানুহবোৰক জোৰ-জৱৰদস্তি বন্ধ্যাকৰণ কৰাবৰ বাবে আইন প্ৰণয়ন কৰিলে আৰু সেই আইনৰ অধীনত প্ৰায় ৬৪,০০০ আমেৰিকানৰ বন্ধ্যাকৰণ কৰোৱা হল৷ তেনেদৰে বন্ধ্যাকৰণ কৰোৱাসকলৰ ভিতৰত প্ৰধানতঃ আছিল প্ৰৱজনকাৰী, লা ছালৰ লোক, অৱিবাহিত মাতৃ, মানসিক ৰোগী আদি।

হিটলাৰ সুজননবাদআৰু সামাজিক ডাৰউইনবাদধাৰণাৰ দ্বাৰা গভীৰভাৱে অনুপ্ৰাণিত হৈছিল। তেওঁ কেলিৰ্নিয়া ষ্টেটৰ জোৰ-জৱৰদস্তি বন্ধ্যাকৰণনীতিৰ অনুসৰণতে নাজি-জাৰ্মেনীৰ বৈষম্যমূলক নীতিসমূহ গঢ় দিছিল। হিটলাৰে বিশ্বাস কৰিছিল জাৰ্মান জাতিৰ আৰ্য গৰিমা কিছুমান অনাৰ্য মানুহৰ সংস্পৰ্শত ম্লান হৈছে আৰু এই গৰিমা ঘূৰাই আনিবৰ বাবে এই অনাৰ্য বোজাবোৰক মাৰি-কাটি শেষ কৰিব লাগিব। হিটলাৰ আৰু তেওঁৰ ভক্তবোৰে ইহুদী, ৰোমানিয়ান, পোলিশ্ব আৰু ছোভিয়েট ৰাষ্ট্ৰৰ নাগৰিক, শাৰীৰিকভাৱে অক্ষম ব্যক্তি, সমকামী আদি কিছু নিৰ্দিষ্ট মানুহক জাৰ্মানসকলতকৈ জৈৱিকভাৱে তল খাপৰ বুলি বিশ্বাস কৰিছিল আৰু সেই মানুহবোৰক হত্যা তথা নানা অমানুষিক অত্যাচাৰ কৰিছিল।

মূলতঃ নাজিবাদৰ লগত সাঙোৰ খোৱাৰ বাবে আৰু কোনো বৈজ্ঞানিক ভিত্তি নথকা হেতু আমেৰিকা আৰু য়ুৰোপৰ সৰহ অংশতে লাহে-লাহে এই মতবাদে সমাদৰ হেৰুৱালে। তথাপি কিন্তু এতিয়াও বহুতে ডাৰউইনিজমৰ লগত সামাজিক ডাৰউইনবাদক খেলিমেলি কৰি বিভ্ৰান্তি সৃষ্টি কৰাৰ চেষ্টা কৰা দেখা যায়। আচলতে কিন্তু ডাৰউইনৰ জৈৱ-বিৱৰ্তন তত্ত্বৰ লগত সামাজিক ডাৰউইনবাদৰ কোনো সম্পৰ্ক নাই।

ডাৰউইনিজমৰ লগত বহুত সময়ত জেনিটিক্ নিৰ্দিষ্টতা’(genetic determinism) কথাটোকো সাঙুৰিবলৈ চেষ্টা কৰা দেখা যায়৷ প্রকৃততে কিন্তু জেনিটিক নিৰ্দিষ্টতা’সামাজিক ডাৰউইনবাদৰ আধুনিক ৰূপ বুলিও কব পাৰি৷ কি নো এই জেনিটিক নিৰ্দিষ্টতা’? এই ধাৰণা মতে মানুহ আৰু আন সকলো জীৱই কৰা যিকোনো কাম, আচৰণ আদিৰ বাবে কেৱল জিনক দায়বদ্ধ কৰাৰ মানসিকতা। এজন চোৰে চুৰি কৰে কিয়নো তাৰ জিনতেই এই গুণটো (দোষ?) লুকাই আছে আৰু সেইবাবে তাক চৌৰ্য-কাৰ্যৰ বাবে দোষাৰোপ কৰা অনুচিত, কথাটো ঠিক এনে ধৰণৰে। জেনিটিক নিৰ্দিষ্টতাৰ দোহা দি চুৰি, ডকাইতি, আনকি হত্যা, ধৰ্ষণ আদিকো ন্যায্যতা প্ৰদান কৰিবলৈ চেষ্টা কৰা হয়। ডাৰউইনৰ সময়ত জিন বা ডি এন এ-ৰ কোনো ধাৰণা নাছিলেই। ডাৰউইনে অৱশ্যে জীৱৰ বহুখিনি চাৰিত্ৰিক বৈশিষ্ট্য বংশানুক্ৰমে আহে বুলি কৈছিল যদিও এনে ধৰণৰ চাৰিত্ৰিক নিৰ্দিষ্টতাৰ কথা কেতিয়াও কোৱা নাছিল। জীৱৰ চাৰিত্ৰিক বৈশিষ্ট্য বহন পৰিমাণে যে পৰিৱেশ নিৰ্ভৰ সেই কথা ডাৰউইনে স্পষ্টভাৱে কৈছিল। গতিকে তথাকথিত জেনিটিক নিৰ্দিষ্টতাৰ লগত ডাৰউইনৰ ধাৰণাক খেলিমেলি কৰাৰ কোনো যুক্তি নাই৷ জীৱ এটাই কোনো এক নিৰ্দিষ্ট পৰিস্থিতিত কেনে ধৰণে ব্যৱহাৰ কৰিব সেয়া নিৰ্ভৰ কৰে জীৱটোৰ জেনেটিক আৰু জীৱটো ডাঙৰ হোৱা পৰিৱেশৰ ওপৰত। এটা সৰু উদাহৰণেৰে কথাটো আলোচনা কৰা হওক ঃ

ছিয়াত পোৱা হাতীৰ বৈজ্ঞানিক নাম এলিফাছ মেক্সিমাছ’ (Elephas Maximus) পোহনীয়া আৰু বনৰীয়া দুয়োবিধ হাতী একে প্ৰজাতিৰ আৰু অতি স্বাভাৱিকতে সিহঁতৰ জেনেটিক গঠনো একে ধৰণৰ। কিন্তু পোহনীয়া হাতী এজনীৰ পোৱালি এটা আৰু বনৰীয়া হাতী এজনীৰ পোৱালি এটাৰ আচাৰ-আচৰণ একে হব জানো? হাতী পোৱালিটোৱে কোনো এক নিৰ্দিষ্ট পৰিৱেশত কেনেকুৱা ব্যৱহাৰ কৰিব সেয়া নিৰ্ভৰ কৰিব, সি ডাঙৰ হোৱা পৰিৱেশৰ ওপৰতহে। যিকোনো জীৱই তাৰ পূৰ্ব অভিজ্ঞতাৰ পৰা শিকে। অভিজ্ঞতাৰ পৰা জীৱ এটাই কোনো এক নিৰ্দিষ্ট পৰিস্থিতিত কেনে ধৰণে ব্যৱহাৰ কৰিলে তাৰ লাভ হব সেই কথা শিকে আৰু তাৰ ওপৰত ভিত্তি কৰিয়েই আচাৰ-আচৰণ দেখুৱায়। জীৱসমূহৰ জেনেটিকেলি অহা কিছুমান সুনিৰ্দিষ্ট আচৰণ আছে যদিও সেইসমূহ একেবাৰে অনিয়ন্ত্ৰিত কেতিয়াও নহয়।

নিজৰ প্ৰবৃত্তিক পৰিস্থিতি সাপেক্ষে নিয়ন্ত্ৰিত কৰিব পৰা ক্ষমতা সকলো জীৱৰে থাকে, মানুহ ইয়াৰ ব্যতিক্ৰম হোৱাৰ কথাই নাহে। মানুহৰ স্বভাৱ-চৰিত্ৰ, আচাৰ-আচৰণ, ব্যৱহাৰ-পাতি আনকি মানুহ এজনৰ যিকোনো এটা বিষয়ৰ প্ৰতি দৃষ্টিভংগীও বহুত পৰিমাণে মানুহজনৰ সমাজ, সংস্কৃতি, ধৰ্ম আদিৰ ওপৰত নিৰ্ভৰ কৰে। এই ক্ষেত্ৰত জিনৰ অৱদান একেবাৰে নস্যাৎ কৰিব নোৱাৰি যদিও সাংস্কৃতিক কাৰকসমূহেই ইয়াত প্ৰ্ধান ভূমিকা লয়। সেয়ে জেনিটিক নিৰ্দিষ্টতাডাৰউইনিজমে ন্যায্যতা দিয়া এক বৈজ্ঞানিক মতবাদ বুলি ভবাৰ কোনো ল নাই। তদুপৰি আমি সদায় মনত ৰখা উচিত যে বিজ্ঞানৰ কাম সত্যৰ অনুসন্ধান কৰাহে, সমাজত কোনটো কৰণীয় কোনোটো অকৰণীয় সেয়া বিচাৰ কৰাৰ দায়িত্ব বিজ্ঞানৰ নহয়। উচিত-অনুচিত বিচাৰ কৰাৰ দায়িত্ব সমাজ বিজ্ঞানৰহে। হত্যা, ধৰ্ষণ আদি অসামাজিক জঘন্য কামবোৰক ডাৰউইনিজম বা আন কোনো বৈজ্ঞানিক তত্ত্বৰ দ্বাৰা অৱশ্যম্ভাৱী বুলি প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰাটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয়।

 

ঠিকনা :

ৰসায়ন বিজ্ঞান বিভাগ

নগাঁও মহাবিদ্যালয়

ভ্ৰাম্যভাষ : ৮০১১৪১৬৬৩৪

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ