ড° ভাৰত বৰুৱা
১৮৪৯ পৰা ১৮৫৫ চনৰ ভিতৰত কেলিফৰ্নিয়াৰ ছেমুৱেল ব্ৰেনন নামৰ মানুহজন হৈ পৰিছিল মিলিঅ’নিয়াৰ। তাৰ কাৰণ হৈছে কেলিফৰ্নিয়াৰ “গ’ল্ড-ৰাছ”। পিছে এই “গ’ল্ড-ৰাছ”নো কি আছিল? ঘটনাটো আছিল এনেকুৱা- জেমছ মাৰ্শ্বল নামৰ এজন কাঠমিস্ত্ৰীয়ে কেলিফৰ্নিয়াৰ ছেক্ৰেমেণ্ট’ নদীৰ পাৰত জ’ন চাট্টাৰ নামৰ এজনৰ বাবে এটা কাঠৰ মিল তৈয়াৰ কৰি আছিল। ১৮৪৮ চনৰ ২৪ জানুৱাৰীৰ দিনা জেমছে নদীৰ পানীত সোণালী ৰঙৰ চকমকীয়া বস্তু এবিধ দেখিবলৈ পালে আৰু সোণ বুলি বুটলি আনি জ’নৰ লগত মিলি পৰীক্ষা কৰি সঁচা সোণ বুলি প্ৰমাণ কৰিবলৈ সক্ষম হ’ল। জেমছ আৰু জ’নে যুটিয়া অংশীদাৰ হিচাপে গোপনে নদীৰ পানীৰ পৰা “পেনিং” প্ৰক্ৰিয়াৰে সোণ সংগ্ৰহ কৰিবলৈ ল’লে। পিছে তেওঁলোকৰ নদীৰ পানীৰ পৰা সোণ উদ্ধাৰৰ কথা বেছিদিন গোপন হৈ নাথাকিল। অনতিপলমে এই খৱৰ চাৰিওফালে প্ৰচাৰ হৈ পৰিল। ১৮৪৯ চনৰ ভিতৰত কেৱল আমেৰিকাৰেই নহয় পৃথিৱীৰ প্ৰায় প্ৰতিটো কোণৰ পৰা আশী হাজাৰমান মানুহে নদীৰ পানীৰ পৰা সোণ উদ্ধাৰৰ বাবে কেলিফৰ্নিয়া পালেহি। নদীৰ পৰা পেনিং প্ৰক্ৰিয়াৰে সোণ বুটলিবলৈ ঘাইকে এখন পানী সৰকিব পৰা চিদ্ৰ থকা কেৰাহী বা চালনি হ’লেই হৈছিল। সেই কেৰাহীৰে খৰাং নদীৰ পৰা বালি-বোকাসহ পানী তুলি জোকাৰি থাকিলেই পানীৰ লগতে বোকা-বালিবোৰ ফুটাৰে সৰকি নদীত পৰেগৈ আৰু সেই বোকা-বালিৰ লগত যদি সোণৰ টুকুৰা থাকে সেয়া চালনীৰ ওপৰত ৰৈ যায়। (অসমত আহোম ৰজাৰ পৃষ্ঠপোষকতাত এই পদ্ধতিৰেই সোণ উৎপাদন কৰা হৈছিল।) তদুপৰি কেতিয়াবা কোনো ঠাইত খৰাং নদীত খান্দিবৰ বাবে বেলচা, পিক-এক্স ইত্যাদি আহিলাৰ প্ৰয়োজন হৈছিল। ১৮৪৯ চনত সোণ বিচাৰি কেলিফৰ্নিয়ালৈ ধাপলি মেলাসকলক “ফ’ৰ্টি-নাইনাৰ” বোলা হৈছিল। এই ফ’ৰ্টি-নাইনাৰৰ বেছিভাগেই নিৰাশাৰে ঘৰমুৱা হ’ব লগাত পৰিছিল। কিন্তু ছেমুৱেল ব্ৰেনন এই গ’ল্ড-ৰাছৰ পৰা বাৰুকৈয়েই লাভৱান হৈছিল। কেৱল লাভৱানেই নহয় একেবাৰে মিলিঅ’নিয়াৰ হৈ পৰিছিল। পিছে তেওঁ সোণ গোটাই মিলিঅ’নিয়াৰ হোৱা নাছিল, হৈছিল সেই ফ’ৰ্টি-নাইনাৰসকলক সোণ বোটলাৰ বিভিন্ন আহিলা বিক্ৰী কৰিহে। ঊনৈছ শতিকাৰ প্ৰথম ভাগত এনে ধৰণৰ গ’ল্ড-ৰাছৰ উদাহৰণ কানাডা, অষ্ট্ৰেলিয়া, ছাউথ আফ্ৰিকা ইত্যাদি দেশতো দেখা গৈছিল।
আজিৰ এই বিজ্ঞান আৰু প্ৰযুক্তিৰ যুগত পুনৰ এক “নতুন গ’ল্ড-ৰাছ” দেখিবলৈ পোৱা গৈছে। এই গ’ল্ড-ৰাছ পিছে পেনিং পদ্ধতিৰে নদীৰ বুকুৰ পৰা সোণ বোটলা নহয়। এই অভিযান হ’ল সমুদ্ৰ-মন্থন কৰি সমুদ্ৰৰ অতল গভীৰতাৰ পৰা নিকেল (Nickel), ক’বাল্ট (Cobalt) জাতীয় ধাতৱ পদাৰ্থ সংগ্ৰহ কৰা। এই নতুন গ’ল্ড-ৰাছক আন ভাষাত সমুদ্ৰ-মন্থন অথৱা deep-sea mining অথৱা seabed mining বুলিও কোৱা হয়। ভাৰতীয় পুৰাকাহিনীৰ সমুদ্ৰ-মন্থনত দেৱতা আৰু অসুৰসকলে মিলি মন্দৰ পৰ্বত আৰু বাসুকী নাগৰ সহায়ত সমুদ্ৰৰ অতল-গহ্বৰ মন্থন কৰি অমৃত আৰু হলাহল বিষ উদ্ধাৰ কৰিছিল। বিষ্ণুৱে তেতিয়া এগৰাকী দিপলীপ নাৰীৰ ৰূপ লৈ ছলনা কৰি অমৃত কেৱল মাত্ৰ দেৱতাসকলৰ মাজতহে বিলাই দিছিল। আনহাতে হলাহল বিষ মহাদেৱে নিজে পান কৰি তিনিলোকৰ মংগল সাধন কৰিছিল। হলাহল বিষৰ এই কল্পকাহিনীৰ এক বিকল্প তত্ত্বও পোৱা যায়। সেই তত্ত্বমতে, মন্দৰ পৰ্বতেৰে সমুদ্ৰ মন্থন কৰোঁতে নাগৰাজ বাসুকীৰে পৰ্বতটো মেৰিয়াই লৈ দুয়োফালে ক্ৰমে দেৱতা আৰু অসুৰে ধৰি ঘূৰ্ণন প্ৰক্ৰিয়াৰে মন্থন কৰা হৈছিল। এই কাৰ্যৰ ফলত বাসুকীৰ মুখৰ পৰা বিষ নিৰ্গত হৈছিল। আনহাতে মন্দৰ পৰ্বতটো প্ৰথমে সমুদ্ৰত থওঁতে বুৰ গৈছিল, তেতিয়া বিষ্ণুৱে কুৰ্ম অৱতাৰ লৈ নিজৰ চলঙৰ ওপৰত মন্দৰ পৰ্বতটোক ধাৰণ কৰিছিল। যি কি নহওক, আধুনিক সমুদ্ৰ-মন্থন পিছে সম্পূৰ্ণ পৃথক। এই মাইনিঙৰ মূল উদ্দেশ্যই হৈছে সমুদ্ৰৰ তলিত থকা অতি মূল্যৱান ধাতু উদ্ধাৰ কৰা আৰু যিবোৰৰ গ্ৰীন-বেটাৰী টেকন’ল’জিত প্ৰয়োগ হয়। এই মূল্যৱান ধাতৱ পদাৰ্থ উদ্ধাৰ কাৰ্য কৰোঁতে বহু পৰিমাণৰ হলাহল বিষ সদৃশ বিষাক্ত আৱৰ্জনাৰো সৃষ্টি হয় যি সমগ্ৰ জীৱ-জগতৰ বাবেই হানিকাৰক।
Deep-sea কি?
Deep-sea বুলি ক’লে সাধাৰণতে মহাসমুদ্ৰৰ পৃষ্ঠৰ পৰা প্ৰায় ২০০ মিটাৰৰ পৰা তলৰ অংশক বুজোৱা হয় । তাত মোটামুটি কোনো ধৰণৰ পোহৰ নাই আৰু তাপমান শূন্য ডিগ্ৰী চেলছিয়াছৰ ওচৰা-ওচৰি। আনহাতে চাপ প্ৰায় ১০০০ বাৰ (৯৮৭ এটিএম)। মানে তাত এনেকুৱা লাগিব যেন আপোনাৰ ভৰিৰ বুঢ়া আঙুলিৰ ওপৰত কেইবাটাও হাতী ঠিয় হৈ আছে। কিন্তু তেনে পৰিস্থিতিতো অন্য এক জীৱজগত তাত বিৰাজমান। শুনিবলৈ আচৰিত যেন লাগিলেও সত্য যে সেই জগতখনৰ জীৱৰ লগত বিজ্ঞানীসকলৰ নামমাত্ৰ পৰিচয়হে হৈছে।
মাইনাৰসকলে
ধাতুৰ ফচল চপাবলৈ মূলতে তিনিটা অংশ বাচি লৈছে। (১) Abyssal zone, এই অংশ সমুদ্ৰপৃষ্ঠৰ
পৰা প্ৰায় ৩০০০-৬০০০ মিটাৰৰ ভিতৰত অৱস্থিত। এই গভীৰতাত সমুদ্ৰ
তলৰ পৃষ্ঠত অগণন আলু সদৃশ ধাতৱ টেমুনা সিঁচৰতি হৈ আছে। এই টেমুনাবোৰ গঢ় লওঁতে কেইবা নিযুত বছৰ লাগে কিয়নো, এই ধাতৱ মেদৰ এক ছেণ্টিমিটাৰ জমা হওঁতেই প্ৰায় ১০০০
বছৰমান লাগে। মাছৰ দাঁত, হাড়, আৰু আন
সৰু সৰু বস্তুৰ ওপৰত লাহে লাহে খনিজ-পদাৰ্থ জমা হৈ হৈ এই টেমুনাবোৰৰ সৃষ্টি হয়।
এই টেমুনাবোৰৰ ওপৰতেই সামুদ্ৰিক-স্পঞ্জ,
ষ্টাৰফিছ, সামুদ্ৰিক-আৰ্চিন আৰু অসংখ্য অণুজীৱ ইত্যাদিয়ে ঘৰ
কৰে।
(২) সমুদ্ৰৰ abyssal zone-অৰ পৰা প্ৰায় বহু হাজাৰ মিটাৰ উচ্চতাত থকা seamount হৈছে খনিজ-পদাৰ্থ জমা হোৱাৰ আন এক উপযুক্ত স্থান। এই seamount-অৰ পৃষ্ঠভাগ ক’বাল্ট (cobalt), প্লেটিনাম (platinum), আৰু ম’লিবডিনাম (molybdenum) আদি ধাতুৰে ভৰি থাকে। আনফালে seamount-অত বসতি স্থাপন কৰা জীৱবোৰৰ ভিতৰত টুনা, হাংগৰ, ড’লফিন, কাছ, প্ৰবাল অন্যতম।
(৩) Deep-sea ভাগত খনিজ-পদাৰ্থ
জমা হোৱা আন এক স্থান হ’ল volcanogenic massive
sulfide অংশ। সমুদ্ৰৰ অতল গহ্বৰৰ বেছিনত থকা জ্বালামুখীৰ ক্ষুদ্ৰ
ক্ষুদ্ৰ ফাটবোৰেদি গৰম পানী নিৰ্গত হয় আৰু সেই ছিদ্ৰৰ চাৰিওফালে ক’পাৰ (copper), লিড (lead), জিংক
(zinc), গ’ল্ড (gold), ছিলভাৰ (silver) আদিৰ আকৰবোৰ জমা হয়। ভূগৰ্ভৰ গৰম
পানী উঁহবোৰৰ চাৰিওফালে য়েটি, কেঁকোৰা, স্কেলি-ফুট শামুক
ইত্যাদি ব্যতিক্ৰমী জীৱবোৰ বিৰাজমান।
এই deep-sea মাইনিঙৰ জল্পনা-কল্পনা উদ্যোগীসকলে প্ৰায় অৰ্ধশতিকা ধৰি কৰি আহিছে যদিও
বিস্তৰ অগ্ৰিম খৰচ, সাগৰীয় ধাতৱ-আকৰৰ নিম্ন মান, আৰু প্ৰক্ৰিয়াটো চৰকাৰীভাৱে বিধিসন্মত নকৰাৰ বাবেই বিনিয়োগকাৰীসকলে
হোঁহকা-পিচলা কৰি আছিল। পিছে বৰ্তমান সময়ত বৈদ্যুতিক যান চলাবৰ বাবে বেটাৰীৰ লগতে বায়ুশক্তি আৰু সৌৰশক্তি জমা কৰাৰ বৰ্ধিত চাহিদাৰ ফলত কিছু কিছু খনিজ-পদাৰ্থৰ দামে আকাশ চুবলৈ ল’লে। লগে লগে বিনিয়োগকাৰীসকলৰ উৎসাহ দুগুণে বাঢ়িল। কানাডাৰ Deep Green
নামৰ ষ্টাৰ্ট-আপ কোম্পানীটোৱে প্ৰশান্ত মহাসাগৰত মাইনিং কৰাৰ বাবে
১৫০ মিলিয়ন ডলাৰ পুঁজি যোগাৰ কৰিবলৈ উঠি-পৰি লাগিছে। ২০২৪ চনৰ ভিতৰত এই মাইনিঙৰ
প্ৰক্ৰিয়া পূৰাদমে আৰাম্ভ হোৱাৰ সম্ভাৱনা।
ঊনৈছ শতিকাৰ গ’ল্ড-ৰাছৰ দৰে এই গ’ল্ড-ৰাছ
পিছে প্ৰকৃততে উল্লিখিত অন্য অতি মূল্যৱান ধাতু যেনে নিকেল, ক’বাল্ট ইত্যাদিৰ
সন্ধানহে। সমুদ্ৰপৃষ্ঠৰ তলত লিখা ধৰণেৰে এই ধাতুসমূহৰ বিশাল অৱক্ষেপণ
পোৱা গৈছে। এইবোৰ ধাতু সচৰাচৰ ব্যৱহৃত হয়
আধুনিক যন্ত্ৰজগতৰ সৰু-ডাঙৰ বৈদ্যুতিক যন্ত্ৰবোৰ যেনে বৈদ্যুতিক যানৰ বেটাৰী,
উইণ্ড টাৰ্বাইন, ছ’লাৰ
পেনেল ইত্যাদিৰ বাবে শক্তি সঞ্চয়ৰ উদ্দেশ্যে অতি প্ৰয়োজনীয়। এই প্ৰযুক্তিবোৰ ব্যৱহাৰ
কৰাৰ ইতিবাচক দিশটোৱেই হৈছে যে ইয়াৰ দ্বাৰা পৰিৱেশ পৰিৱৰ্তনৰ লগত যুঁজ দিব পাৰোঁ,
কিয়নো এই প্ৰক্ৰিয়াৰ দ্বাৰা কাৰ্বন ফুটপ্ৰিণ্ট কমাব পাৰি। ওপৰত
উল্লিখিত আহিলাবোৰৰ বহুল প্ৰচলনেৰে আমি জীৱাশ্ম-ইন্ধনৰ ব্যৱহাৰ কমাই পৰিৱেশ
পৰিৱৰ্তনক ৰুধিব পাৰিম। যি কি নহওক, এই ধৰণৰ বিশাল
পৰিধিৰ deep-sea মাইনিং
অথৱা seabed মাইনিং
আগতে কেতিয়াও কৰা হোৱা নাছিল। বাণিজ্যিক ভিত্তিত ইয়াৰ আৰাম্ভণি এতিয়াও হোৱা নাই।
কিন্তু এই লাভজনক পদক্ষেপ ল’বলৈ কেইবাটাও বাণিজ্যিক উদ্যোগে
পূৰাদমে কাম চলাই আছে। কিন্তু, বাণিজ্যিক হাৰৰ seabed মাইনিঙৰ দ্বাৰা পৰিৱেশৰ আৰু বেছি ক্ষতি হোৱাৰহে আশঙ্কা আছে।
প্ৰশান্ত মহাসাগৰৰ অতল তলত খনন কৰিবলৈ যো-জা কৰা ঠাইৰ পৰিসৰ
সমগ্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাটিকালিৰ সমান। এই উদ্যোগবোৰে প্ৰায় তিনিশ টন ওজনৰ ৰবটৰ সহায়ত seabed মাইনিঙৰ পৰিকল্পনা হাতত লৈছে। পৰিৱেশ বিজ্ঞানীসকলে এই বিষয়ক লৈ বাৰুকৈয়েই চিন্তিত হৈ পৰিছে। বহু পৰিৱেশ
বিজ্ঞানীয়ে মিলি এখন প্ৰতিবেদনতো চহী কৰিছে। পিছে এই deep-sea মাইনিঙৰ পৰা কি ধৰণৰ ক্ষতি হ’ব পাৰে?
Deep-sea mining বা Seabed mining-অৰ পৰানো কি কি ক্ষতি হ’ব পাৰে?
১) সমুদ্ৰৰ অতল
তলিখন এখন বিচিত্ৰ স্বতন্ত্ৰ জগত। সেইখন জগতৰ লগত সচৰাচৰ ভূপৃষ্ঠৰ জগতখনৰ কোনো মিল
নাই। আনহাতে সেই জগতখন ইমানেই বিশাল যে তাৰ বেছিভাগ জীৱক বিজ্ঞানে এতিয়াও আৱিষ্কাৰেই কৰিব পৰা নাই। সেইখন জগতৰ বৈচিত্ৰ্যৰ মূল কাৰণেই হৈছে
যে তাত জীৱবোৰে উচ্চ চাপ আৰু নামমাত্ৰ পোহৰতো জীৱন ধাৰণ কৰিব পাৰে। সেই অতল গভীৰতাৰ যি
ৰসায়নবিজ্ঞান সেয়া আন ক’তোৱেই সম্ভৱ নহয়। গতিকে সেই তিনিশ
টন ওজনৰ ৰবটৰ সাহাৰ্যৰে সমুদ্ৰ তলৰ মন্থনে সেই বৈচিত্ৰ্যময়
জগতখন সমুলি ধ্বংস কৰি পেলোৱাৰ আশঙ্কা আছে।
২) দ্বিতীয়তে, সেই গভীৰতাত জীৱবিলাকৰ জীৱনচক্ৰৰ ঘড়ীটো হেনো তেনেই লেহেমীয়া গতিৰ। সমুদ্ৰৰ
গভীৰতাত থকা কিছু কিছু প্ৰাণী যেনে সোণালী প্ৰবাল হয়তো মিচৰৰ
পিৰামিডতকৈও পূৰ্বৰ। সমুদ্ৰতলিৰ মাইনিঙৰ ফলত সেই বহু পুৰণি
জীৱবোৰৰ বিলুপ্তিৰ লগতে বহু পৰিমাণৰ সমুদ্ৰ জীৱ মানৱৰ দ্বাৰা আৱিষ্কৃত
হোৱাৰ আগতেই অৱলুপ্তিৰ মুখত পৰিব পাৰে। আনহাতে সমুদ্ৰ বিজ্ঞানীসকলে মত পোষণ কৰে
যে সমুদ্ৰ গহ্বৰৰ পৰা নিতৌ বহু ধৰণৰ নতুন
নতুন জীৱৰ সন্ধান পোৱা গৈছে আৰু ই জীৱবিজ্ঞানৰ বাবে অতিকৈ ইতিবাচক দিশ। গতিকে সমুদ্ৰৰ
অতল গভীৰতাত মাইনিং প্ৰতিষ্ঠান স্থাপন কৰা মানেই এই নতুনকৈ আৱিষ্কৃত আৰু অনাৱিষ্কৃত প্ৰাণীৰ সমুদ্ৰৰ গভীৰতাতেই
অৱলুপ্তি ঘটাৰ আশঙ্কা।
৩) আন এটা
গুৰুত্বপূৰ্ণ দিশ হ’ল যে এই seabed মাইনিঙৰ
ফলত সৃষ্টি হোৱা বিষাক্ত আৱৰ্জনাবোৰ পুনৰ সমুদ্ৰৰ পানীলৈ
নিক্ষেপ কৰা। এই সম্ভাব্য seabed মাইনিং উদ্যোগ আৰু সাম্প্ৰতিক
seafood উদ্যোগে সেই একেই সমুদ্ৰতলখন অংশীদাৰীভাৱে ল’ব লাগিব। গতিকে মাইনিং উদ্যোগে সৃষ্টি কৰা
বিষাক্ত আৱৰ্জনাবোৰে seafood বিষাক্ত কৰাৰ প্ৰচুৰ আশঙ্কাই
দেখা দিব।
৪) শেষত বহু মুকলি প্ৰশ্ন থাকি যায়। সমুদ্ৰই হাজাৰ হাজাৰ বছৰ ধৰি কাৰ্বন বহন কৰি আহিছে আৰু কাৰ্বনৰ বাহক হিচাপে পৰিৱেশ নিয়ন্ত্ৰণত সহায়ক হৈ আহিছে। সমুদ্ৰই কাৰ্বন বহন কৰাৰ প্ৰথম উদাহৰণেই হ’ল বায়ুমণ্ডলৰ অতিৰিক্ত কাৰ্বন-ডাই-অক্সাইড গেছ প্ৰাকৃতিকভাৱে সমুদ্ৰৰ পানীত দ্ৰৱীভূত হৈ পানীৰ ক্ষাৰতা নিয়ন্ত্ৰণত ৰাখে, যাৰ বাবে সমুদ্ৰই এক বিশাল জলচৰ জীৱ-জগতক আশ্ৰয় দিব পাৰিছে। সমুদ্ৰ পানীৰ ক্ষাৰতা যদি অতি বেছি হৈ পৰে তেন্তে সমস্ত সামুদ্ৰিক জীৱৰ বিলুপ্তি ঘটিব। গতিকে পৰিৱেশ নিয়ন্ত্ৰণত সমুদ্ৰ হৈছে মানৱৰ পৰম মিত্ৰ। মাইনিং উদ্যোগে যিবোৰ ধাতুৰ সন্ধানত সমুদ্ৰ পৃষ্ঠত তোলপাৰ লগাবলৈ যো-জা কৰিছে, সেই ধাতুবোৰ সমুদ্ৰৰ তলত সামাধিস্থ হৈ আছে নিযুত নিযুত বছৰ ধৰি। সেইবোৰৰ লগতে সমাধিস্থ হৈ আছে কাৰ্বন। এই seabed মাইনিঙৰ ফলত সেই বহুগুণী ধাতুবোৰৰ উদ্ধাৰ হ’ব ঠিকেই, লগতে মুকলি হ’ব নিযুত নিযুত বছৰ সমাধিস্থ হৈ থকা কাৰ্বন আৰু সেই কাৰ্বন আকৌ আমাৰ পৰিৱেশত সংযোজিত হ’ব। গতিকে গ্ৰীন টেকন’ল’জিৰ বাবে উদ্ধাৰ হ’ব মূল্যৱান ধাতু লগত স্ববিৰোধীভাৱে মুকলি হ’ব বহু পৰিমাণৰ কাৰ্বন। গতিকে কাৰ্বন ফুটপ্ৰিণ্ট বৰ্ধিত হোৱাৰহে আশঙ্কা। এই উদ্যোগে আগন্তুক প্ৰায় দুবছৰৰ ভিতৰতে পুৰাদমে মাইনিং আৰম্ভ কৰাৰ কথা। সমগ্ৰ বিশ্বৰ প্ৰায় ৫০০ জনমান মেৰাইন বিজ্ঞানীয়ে এই সমুদ্ৰ-মন্থন বা deep-sea মাইনিঙৰ বিৰুদ্ধে এখন প্ৰতিবেদনত চহী কৰিছে। কিন্তু প্ৰশ্ন হৈছে এই ধৰণৰ সাগৰ-মন্থন যদি বন্ধ কৰা হয় তেন্তে গ্ৰীন-প্ৰযুক্তিৰ বিকল্প কি হ’ব? পৰিৱেশ বিজ্ঞানীসকলৰ মতে এই গ্ৰীন-প্ৰযুক্তিৰ প্ৰথম পদক্ষেপেই হোৱা উচিত অন্য এক বেটাৰী প্ৰযুক্তি আৱিষ্কাৰ কৰা য’ত এনে ধৰণৰ বিৰল ধাতৱ পদাৰ্থৰ প্ৰয়োজনেই নহয়।
তথ্য-উৎস : Nature, ISSN 0028-0836
লেখকৰ ঠিকনা :
Bharat Baruah, Ph. D., Associate Professor
Department of
Chemistry and Biochemistry
Kennesaw State
University
370 Paulding
Avenue, MD#1203
Kennesaw, GA
30144
Office SL4015,
Lab SL4045
Phone
470-578-2654, Fax: 470-578-9137
E-mail:
bbaruah@kennesaw.edu
http://facultyweb.kennesaw.edu/bbaruah/
https://scholar.google.com/citations?user=2qax6nEAAAAJ&hl=en