অংকিতা বৰুৱা
কাৰ্ভিঙ নাইফখনৰে কাঠৰ টুকুৰাটোক এখন মুখাবয়বলৈ ৰূপান্তৰ কৰাত ব্যস্ত সি । মুখখনৰ প্ৰতিটো অংগকে নিখুতভাবে ফুটাই তুলিবলৈ সি খুব সাৱধানে তাৰ হাতখন চলাই গৈছে । তাৰ বিশেষ ধ্যান থাকে চকুযুৰিত । শব্দতকৈ এযোৰ চকুৰ সংবেদনশীলতাই তাক বেছিকৈ আকৰ্ষিত কৰে । তাৰ হাতেৰে প্ৰাণ পাই উঠা মুখখনত চকুযুৰিও সাংঘাটিকভাৱে আকৰ্ষনীয় হোৱাটো তাৰ প্ৰধান লক্ষ্য । মনৰ মাজত আঁকি লোৱা প্ৰতিমূৰ্ত্তিটোক তাৰ অভিজ্ঞ হাতদুখনেৰে নিখুতভাবে গঢ় দি গৈ থাকিল । যিমানে সি শেষ পৰ্য্যায়ৰ ফালে আগবাঢ়িছে সিমানে তাৰ উৎকন্ঠা বাঢ়ি আহিছে । এক ধৰণৰ পৰিশীলিত ব্যগ্ৰতা হয়তো প্ৰতিজন সৃষ্টিকামীয়ে সময়ে সময়ে নিজৰ চেতনাত ধাৰণ কৰে !
পেইন্ট ব্ৰাছডালেৰে বেচ্ কালাৰটোত শেষ টাচ্ছটো দিছে সি । চকুৰ মণিকেইটাক আৰু অলপ উজ্জ্বল কৰি তুলিছে । মণি দুটাৰ উজ্জলতাত বগা অংশটো বগা যদিও সামান্য নীলাৰ চাপ এটা পৰা যেন লাগিছে । আকৌ এবাৰ চকু ফুৰালে সি সম্পূৰ্ণ হৈ উঠা মুখখনত । এই শিল্প তাৰ কেতিয়া নিচা হৈ পৰিল সি নিজেই নাজানে । কিন্তু এতিয়ালৈ সি এজন অভিজ্ঞ ভাস্কৰ্য্য শিল্পী হৈ উঠিছে । এই শিল্পৰ প্ৰতিটো দিশ সামৰি তাৰ সৃষ্টিয়ে গতি ল'ব জনা হৈছে । অৱশ্যে তাৰ সৃষ্টিসমূহ কেৱল সি আৰু তাৰ কোঠাটোৰ মাজতেই আবদ্ধ হৈ ৰয় । কেতিয়াও ঘূণাক্ষৰেও কোনো দ্বিতীয় এজনক এই বিষয়ে কোৱা নাই সি । বছৰযোৰা সাধনাই তাৰ মনটোক স্থিতপ্ৰজ্ঞতাৰে সামৰি ৰখাত প্ৰতিপল সহায় কৰিছে বাবেই সি কৃতজ্ঞ এই বিদ্যাত । উৎসাহেৰে সি মুখখন দুহাতেৰে তুলি ললে ।
খুটিয়াই
চাইছে সি মুখখনক । প্ৰতিটো অংগকে আলফুলে এবাৰ স্পৰ্শ কৰি চাইছে । যি স্পৰ্শত লাগি
আছে সৃষ্টিৰ অমল সুখ । এটুকুৰা কাঠেও কি এক সুকোমল হৃদয়জ অনুভৱ কঢ়িয়াব পাৰে ! তাৰ বুকুখনৰ এচোৱা চুই চালে সি , জীয়া শিলচটা এপলকৰ বাবে লৰচৰ কৰি
উঠিল ।
কিছুপৰলৈ তাৰ দুচকু নিবদ্ধ হৈ ৰ'ল মুখখনৰ চকুযুৰিত। এটা প্ৰশ্নবোধকে আহি তাৰ কপালৰ ৰেখাকেইডাল অধিক গাঢ় কৰি তুলিলেহি । দুহাতেৰে চকু মুখ মোহাৰি সি পুনৰ মন দিলে সম্পূৰ্ণ হৈ উঠা মুখখনত । আকৌ এবাৰ ভালদৰে চকুযুৰিক লক্ষ্য কৰিলে ।
হয় জানো ? নে এয়া তাৰ ভ্ৰম !
এই
চকুযুৰি ... এই দৃষ্টি ... !
ক'ৰবাত
যেন অপ্ৰত্যাশিত কিবা এটা ঘটি গৈছে ! দোহাৰিবলৈ নিবিচৰা এক প্ৰাচীন সত্যৰ সৈতে সি যেন পুনৰবাৰ মুখামুখি হৈছে ।
আঁতৰি আহিবলৈ আপ্ৰাণ চেষ্টা কৰাৰ পাছতো এক বিশেষ বিন্দুত যেন থমকি ৰৈ গ'ল সি !
অতীতটোক সমগ্ৰতাৰে ভাৰহীন কৰি পেলালে বুলিয়েই সি ইমানদিনে নিজৰ প্ৰতি এক গভীৰ বিশ্বাস গঢ়ি তুলিছিল। সন্মুখৰ বাটটোক নিজ ইচ্ছাৰে সজাই তুলিব জনা মানুহ সি । স্মৃতিকাতৰতা ত্যাগ কৰিব পৰাকৈ স্বাভিমানীও ।
এই মুখখন সম্পূৰ্ণ হৈ উঠাৰ ঠিক এক চেকেণ্ড আগলৈকে সি নিজৰ প্ৰতি তেনে এক ধাৰণাতে বিশ্বাসী হৈ আছিল। এছোৱা সময়ক এৰি পেলাওঁ বুলিয়েই এৰি পেলাব পৰাকৈ সি স্থিতপ্ৰজ্ঞ । তাৰ মনত শৈশৱে গঢ় দিয়া , 'পুৰুষত্ব'ৰ প্ৰতিচ্ছবিখনে অহৰহ সোঁৱৰাই থাকে - সি এজন প্ৰকৃত পুৰুষ , স্থিতপ্ৰজ্ঞ সি । সমাজৰ দৃষ্টিত এজন প্ৰকৃত পুৰুষ হোৱাৰ এই কচৰৎ তাৰ বহু যুগৰ । অসহজ কথাবোৰক সহজ কৰি তোলাৰ সেই কৌশল সি সৰুতেই শিকি পেলাইছিল।
কিন্তু
হঠাত তাৰ এনে কিয় লাগিছে নৈৰ পকনীয়াৰ দৰে এজাক স্মৃতিয়ে আহি তাক পলকতে মেৰিয়াই
ধৰিছেহি ! এটা নিৰ্জীৱ কাঠৰ টুকুৰাইও কঢ়িয়াই নেকি যাতনাবিলাস ! নে তাৰ বুকুৰ জীয়া শিলচটাৰ চাৰিওফালে সেই স্মৃতিবোৰ আথা খাই ৰৈ
গৈছে !
অস্থিৰ
হৈ উঠিছে সি ।
এনে
হোৱাৰতো কথা নাছিল !
যাতনাৰ নিশ্বাস এটাত তাৰ হাতৰ ৰঙ মচিবলৈ ব্যৱহাৰ কৰা শতচ্ছিন্ন কাপোৰ টুকুৰা সামান্য কঁপি উঠিল । ঠিক তাৰ বুকুৰ ভিতৰখনৰ দৰেই ।
কিমানদিন হ'ল চাগে এই 'স্থিতপ্ৰজ্ঞ' শব্দটোৰ সৈতে তাৰ মিতিৰালি হোৱা ! সৰু আছিল সি । অন্তত সকলো কথা বুজিব পৰাকৈ পৰিপক্ক হৈ উঠা নাছিল তেতিয়া । সকলো কথাকে পোহৰমুখী বুলি ভবাৰ বয়স আছিল সেয়া । ভাল-বেয়া , শুদ্ধ-অশুদ্ধৰ বিচাৰ কৰাৰ অৱকাশেই বা আছিল ক'ত ! লগৰ ল'ৰা-ছোৱালীৰ সৈতে আওঁহতীয়া ফিল্ডখনত ৰবাব টেঙাৰে বল খেলাৰ বয়স আছিল সেয়া । ভৰ দুপৰীয়া ফিল্ডখনৰ কাষৰ গছত বগাই লেটেকু পনিয়ল চুৰ কৰি খোৱাৰ দিন আছিল সেয়া । নদীখনত জপংকৈ গোটেইকেইটা একেলগে জপিয়াই জলকেলী কৰাৰ বয়স আছিল সেয়া । সেই নিৰ্দোষ ধেমালিৰে পৰিবেষ্টিত জীৱনবোৰত জটিলতাৰ সুৰুঙাই বা আছিল ক'ত !
তেতিয়াই
সিঁহতৰ সমাজখনে শিকাইছিল - ল'ৰা মানুহে কান্দিব
নাপায় । ল'ৰা মানুহ বজ্ৰৰ দৰে কঠিন আৰু সাহসী হ'লেহে শোভা পায় । পেনপেনীয়া
স্বভাৱবোৰে ল'ৰাৰ পুৰুষত্বত আঘাত হানে - সেইয়াই আৰম্ভনি আছিল । সেই কথাবোৰ ব্ৰহ্মবাক্য হৈ ৰৈ গৈছিল তাৰ জীৱনৰ বাবে । কতবাৰ জীৱনে তাক
কন্দুৱাই মাৰিবলৈ উঠি পৰি লাগিছে তাৰ হিচাপ সি ৰখা নাই । অথচ প্ৰতিবাৰেই সি আকাশলৈ
মূৰ তুলি চাই স্থিতপ্ৰজ্ঞ হৈ ৰোৱাৰ আখৰা চলাই আহিছে । বুকুখনত যাতনাই হেঁচি ধৰিলেও
সি বাহ্যিকতাত নিৰ্লিপ্ত হৈ থকাৰ চেষ্টা চলাই আহিছে । সি এটাই শিকিছে জীৱনৰপৰা ।
পুৰুষে নাকান্দে । কন্দাৰ অধিকাৰ পুৰুষৰ নাথাকে । পুৰুষ মানেই স্থিতপ্ৰজ্ঞ । হাজাৰ
ধুমুহাতো সামান্যতমো হালি নপৰাকৈ থকাজনেই আচল পুৰুষ ।
ইমান সহজ আছিল জানো কথাবোৰ ! কিদৰে আয়ত্ব কৰিছিলে সি যাতনাক গিলি থোৱাৰ সেই কৌশল ! তাৰ মনত আছে । খুব ভালদৰেই মনত আছে , আইতাকৰ সৈতে তাক সামৰি ৰখা পিতৃ মাতৃহাল তাৰ বাবে এখন আকাশ হ'ব পৰা নাছিল । জীৱনবোধৰ পাৰ্থক্যই , আদৰ্শৰ পাৰ্থক্যই সিহঁতৰ ঘৰখনৰ বতাহজাক সদায়েই উতপ্ত কৰি ৰাখিছিল । তাৰ শৈশৱত নাছিল পিতৃৰ বোকোচাত উঠি , মূৰে গায়ে বগাই ফুৰি কৰা মৰমৰ আব্দাৰবোৰ অথবা মাতৃৰ স্নেহ সনা মাতষাৰ । তাৰ শৈশৱ বুলিলে এজাক ধুমুহালৈ মনত পৰে , আৰু মনত পৰে আইতাকৰ চাদৰৰ ভাঁজত লাগি থকা ঘাম আৰু ভাতৰ নিসনিৰ মিশ্ৰিত গোন্ধ । দায়িত্বৰে গধুৰ হৈ পৰা আইতাকৰ দাগ লগা হাতখনলৈ মনত পৰে তাৰ । পুৱা গধূলি বেমাৰী মাকজনীৰ কেকনিবোৰে তাৰ মনটোক চেপি খুন্দি অনা মনত পৰে তাৰ । দেউতাকৰ ওফন্দি থকা মুখখনত মাকলৈ বুলি উফৰি পৰা শব্দৰ কাঁড়বোৰ তাৰ স্পষ্টকৈ মনত পৰে । মাকজনীয়ে দূৰ্বল দেহাটোৰেই দেউতাকলৈ চোঁচা মাৰি আহি ফোঁপাই ফোঁপাই কোৱা শব্দৰ প্ৰত্যুত্তৰবোৰ মনত পৰে তাৰ । অথচ সি সেই সময়বোৰতো এটুকুৰা শিল হৈ ৰৈছিল , নিৰ্লিপ্ত ।
সি হয়তো তেতিয়াই স্থিতপ্ৰজ্ঞতাৰ কৌশল শিকিছিল । সম্পৰ্কৰ মাজত থকা বিভেদবোৰো বুজি উঠিছিল তেতিয়াই । সম্পৰ্ক এটাৰ মধুৰতা বেছি নে জটিলতা , জোখা নাছিল সি কেতিয়াও । কেৱল হৃদয়ংগম কৰিছিল , চিৰন্তন নিয়মৰ মাজেৰে বান্ধ খোৱা সম্পৰ্কবোৰৰ মাজতো থাকিব পাৰে এক বিশাল শূন্যতা । সমাজসৃষ্ট সম্পৰ্ক এটাক ৰক্ষা কৰাৰ স্বাৰ্থত নিজস্বতা হেৰুওৱাৰ সপক্ষে সি যুক্তি বিচাৰি পোৱা নাছিল । য'ত অন্তৰৰ দাবী নাথাকে তেনে সম্পৰ্কৰ মূল্যই বা কিমান !
কেতিয়াবা বুকুখনত বেছিকৈ বিষ এটাই খোচ মাৰি ধৰিলে সি দৌৰ মাৰি গৈ আইতাকৰ বুকুত সোমাই বহু পৰ তেনেকৈয়ে পাৰ কৰিছিল । চুটি চুলিকেইডালৰ ভাঁজত আইতাকৰ খহটা আঙুলিকেইটাৰ পৰশে তাৰ কুমলীয়া মনটোক যেন সাধুকথাৰ দেশ এখনলৈ লৈ গৈছিল । সি আশা কৰিছিল , সেই পৰশ যদি কেনেবাকৈ তাৰ মাকৰ আঙুলিকেইটাৰ হ'লহেঁতেন ! এপাকত আইতাকে আদৰুৱা মাতষাৰেৰে কৈছিল তাক -' মতা ল'ৰা হৈনো ইমান কিহৰ দুখ অ' তোৰ ? লৰাই হবলা কান্দে ! তোৰ লগৰকেইটাকে চাচোন , কেনেকৈ উদঙীয়া হৈ ঘূৰি ফুৰিছে । কথাবোৰ ইমানকৈ ভাবিবলৈ এৰ বোপাই। '
আইতাকৰ গালত টপচকৈ চুমা এটা খাই সি লাজ লাজকৈ আঁতৰি আহিছিল । নাই ! আৰু এনেকুৱা কেতিয়াও নকৰে সি । দুখক প্ৰশ্ৰয় দিবলৈ গৈ পুৰুষত্বৰ অহংকাৰ হেৰুৱাব নোখোজে কেতিয়াও । বুকুখন চুই চাইছিল সি , এচটা জীয়াশিলৰ জন্ম হৈছিল বুকুৰ এচুকত ।
জীৱন-মৃত্যুৰ
দোমোজাক বুজি উঠাৰ সময়তে আদৰৰ আইতাকজনীও নোহোৱা হৈছিল তাৰ জীৱনৰপৰা । একুৰা জুইৰ
শিখাই আগুৰি ধৰা আইতাকৰ মুখখনে তাক কেইবাৰাতিও শুবলৈ দিয়া নাছিল । সম্পৰ্ক এটাৰ
স্থায়িত্ব বিচাৰি তাৰ মনত তোলপাৰ লাগিছিল । কি সঁচা আচলতে ! জীৱন নে মৃত্যু !
মৃত্যু মানেই যদি সকলো শেষ তেনেহলে আজিও কিয় সি আইতাকৰ বুকুৰ উম বিচাৰি হাঁহাকাৰ
কৰি উঠিছে ! আইতাকক মেৰিয়াই ধৰা জুইকুৰাৰ সৈতে তাৰ সেই অনুভূতিখিনিও জাহ
যোৱা হলে !
পাছলৈ , বেজাৰ লাগিলে সি নৈপৰীয়া অকলশৰীয়া গছজোপাৰ কাষলৈ গৈছিল । আইতাকক কবলৈ মন যোৱা কথাবোৰ সি গছজোপাৰ সৈতে ভগাই লৈছিল । তাৰ শূন্যতাৰ সমভাগী হৈছিল গছজোপা । গছজোপাই তাক আইতাকৰ দৰেই এবুকু মৰমেৰে সামৰি লৈছিল । মাজে মাজে গছজোপাৰ ওচৰলৈ নাকটো নি সি উশাহটো উজাই লৈছিল । আইতাকৰ গাৰ গোন্ধটোৰ দৰেই গছজোপাৰো নিজস্ব এক গোন্ধ আছিল । কেতিয়াও নাপাহৰা সেই গোন্ধটোৱে তাক ৰাতি সপোনতো খেদি ফুৰিছিল । ঠিক আইতাকৰ মুখখনৰ দৰেই । গছজোপা যুগ যুগ ধৰি আপোচবিহীনভাবে থিয় হৈ ৰোৱাৰ দৰে সিও যেন আয়ত্ব কৰি ল'ব সেই অহংকাৰ । সৃষ্টিৰ তাড়নাৰে সেউজীয়া হৈ ৰোৱা গছজোপাৰ অস্তিত্বই তাক আকাশমুখী পথটোৰ সন্ধান দিছিল ।
কিমান বছৰ , কিমান বছৰৰ আগৰ কথা আছিল সেয়া ! কত দিন , মাহ , বছৰ পাৰ কৰিলে সি গছজোপাৰ কাষলৈ নোযোৱাকৈ !
সেই যে অতিকৈ গোপন সত্য এটা সি ভগাই লৈছিল গছজোপাৰ প্ৰতিটো ডাল-পাত , ঠাল ঠেঙুলিৰ সৈতে । সেইদিনা তাৰ দৰে সিঁহতো এবাৰলৈ কঁপি উঠিছিল নেকি ! হয়তো কঁপিছিল । সেই সত্য যে বৰ সহজ নাছিল । যি সত্যক সি নিজৰ ওচৰত স্বীকাৰ কৰাৰ সময়ত , সিও জানো কঁপি উঠা নাছিল ?
আৰু ...আৰু কোনে জানিছিল সেই সত্য ! গছজোপাৰ বাহিৰেও আন এক সত্বাই তাৰ সেই সত্য জানিছিল । আচলতে সি স্বীকাৰ কৰিছিল তেওঁৰ আগত এক অবিশ্বাস্য অনুভূতিক ( অন্তত তাৰবাবে তেতিয়া সেই অনুভূতিক অবিশ্বাস্য বুলি কোৱাৰেই থল আছিল ) । সন্ধ্যাবেলাৰ ছাঁ-পোহৰৰ মাজতো দীপ্তমান হৈ ৰোৱা চকুযুৰিলৈ চাই সি কৈ পেলাইছিল - ' তোক কেৱল শৈশৱৰ বন্ধু বুলি মানি লব নোৱৰা হৈছোঁ মই । কিবা এক নিজেও বুজিব নোৱৰা অনুভবে মোক অলপ দিনৰপৰা অস্থিৰ কৰি তুলিছে । অৱশেষত মই এটাই বুজিলোঁ , এই অস্থিৰতাখিনি একমাত্ৰ তইহে দূৰ কৰিব পাৰিবি । মোৰ এই ভাললগা , কেৱল এজন বন্ধুৰ প্ৰতি থকা ভাললগা নহয় । তই বুজিছনে মই তোক কি বুজাব বিচাৰিছোঁ ? '
- ' নাই , বুজা নাই মই তই কি কবলৈ বিচাৰিছ । ভালদৰে বুজাই কচোন । '
বন্ধুৱে বুজি নোপোৱা কথাবোৰ কওঁতে তাৰ আউল লগা নাছিল । শৈশৱ-কৈশোৰ একেলগে পাৰ কৰি অহা বন্ধুৰ প্ৰতি তাৰ হৃদয়ত অনুভূত হোৱা বিশেষ অনুভবখিনিক সি অলপো খোকোজা নলগাকৈ কৈ পেলাইছিল । বন্ধুৰ প্ৰতি থকা ভাললগাবোৰ কেতিয়া অনুৰাগলৈ সলনি হৈছিল সিও নাজানে , কিন্তু বন্ধুৰ সান্নিধ্যই তাক কিদৰে মোহাচ্ছন্ন কৰি ৰাখে সেই কথা কবলৈ তাৰ অলপো সংকোচ হোৱা নাছিল । বন্ধুৰ হাতৰ উমাল স্পৰ্শৰ বাবে সি কিদৰে আতুৰ হয় সেই কথা কবলৈও তাৰ অলপো দ্বিধাবোধ হোৱা নাছিল । সি কেৱল কৈ গৈছিল হৃদয় উজাৰি ...
বন্ধুৰ চকুযুৰিৰপৰা ওলোৱা জুইৰ স্ফূলিংগই তাৰ সৰ্বশৰীৰত দহিছিল । শৈশৱ কৈশোৰৰ চিনাকি চকুযুৰিত সেইদিনা কাহানিও নেদেখা ঘৃণা দেখিছিল সি । হয়তো সেইদিনাই সি আটাইতকৈ বেছিকৈ অনুভব কৰিব পাৰিছিল , শব্দতকৈ দুচকুৰ ভাষা বেছি তীব্ৰতৰ । ধাৰাল।
প্ৰায় গতিয়াই নিয়া দি নিৰ্জন ফিল্ডখনলৈ চোচৰাই লৈ গৈছিল তাক বন্ধুৱে । বন্ধুৰ পেশীবহুল হাতৰ খামোচটো তাৰ চাৰ্টৰ কলাৰত পৰিছিল । খঙত কঁপি উঠা বন্ধুৰ চকুৰ তীব্ৰতাত তচ-নচ হৈছিল তাৰ বুকুৰ জীয়া শিলচটা ...
' কি যা তা বকিছ বে তই ! পাগল হৈছ ? এইবোৰ কথা আনে শুনিলে কি হ'ব ভাবি চাইছ এবাৰ ! চাবি কিন্তু , আত্মসন্মান আৰু সমাজ দুয়োটাই মোৰ বৰ প্ৰিয় । এই দুটাত কেৰোণ লাগিলে তোক সুদাই নেৰিম মই । '
প্ৰচণ্ড ঠেলা এটাত সি কৰ্ফাল খাই পৰিছিল । বন্ধুৰ চকুযুৰিলৈ শেষবাৰৰ বাবে চাইছিল সি ...
নহয় নহয় !
এয়া
তাৰ বুকুত দাগ কাটি যোৱা বন্ধুৰ চকু নহয় । এইযোৰ চকু তাৰ বাবে অচিনাকি । আশৈশৱ তাৰ
লগত একলগে ডাঙৰ হোৱা , তাৰ সকলো নিৰ্দোষ ধেমালিৰ বিশ্বস্ত সংগী এই বন্ধুৰ মাজত ক'ত
লুকাই আছিল এনে এজন ভীৰু পুৰুষ ? এয়া সমাজপ্ৰীতি নে ভয় ? আত্মসন্মান
হানি হোৱাৰ স্বীকাৰোক্তি আছিল জানো এয়া ! নে এনে অনুভব অসাংবিধানিক !
সমাজৰ ভয়ে নিষ্পাপ অনুভূতিকো শিকলিৰে বান্ধি পেলাই ! তাৰ চিঞৰি চিঞৰি কবলৈ মন গৈছিল , আৱেগক ৰুধিবলৈ নিশিকিবি বন্ধু ।অনুভৱবোৰ স্বতঃস্ফূৰ্ত , সেয়া লাগে হাঁহিয়েই হওক অথবা বুকুভগা কান্দোন । সমাজৰ ভয়ত পুৰুষত্বক স্থিতপ্ৰজ্ঞতাৰ সংজ্ঞাৰে নুজুখিবি কেতিয়াও । পুৰুষৰ হৃদয়ো নাৰীৰ দৰেই সংবেদনশীল ।
তাৰপাছত ...
তাৰপাছত সি সেই চকুযুৰিক পাহৰিবলৈ চেষ্টা কৰিছিল ।জীয়া শিলচটা আৰু অলপ ডাঙৰ হৈছিল । নিজকে বুজাইছিল সি , অনুভবৰ স্বকীয়তা নাথাকে , পৰাধীন । জীৱন থাকে মানে আবেগক বান্ধি ৰখাৰ খেলখন প্ৰতিনিয়ত চলি থাকে হয়তো । নিয়মৰ পৰিধি ভাঙি নতুনৰ দিশে বাট কটাৰ সাহস সকলোৰে বুকুত নাথাকে । কিন্তু তাৰ আছিল সেই সাহস । অনুভৱৰ পৰিমাপক থকা হলে সি হয়তো দেখুৱাব পাৰিলেহেঁতেন কিমান তেজাল অনুভবেৰে ভৰি আছে তাৰ বুকুৰ অলিন্দ-নিলয় কেৱল সেই বন্ধুৰ প্ৰতি । তাৰ দৰেই সকলো সাহসী হোৱা হলে !
অৱশেষত সি হেৰাই গৈছিল তাৰ প্ৰিয় চহৰখনৰপৰা ।
নতুন ঠাইখনলৈ সি কঢ়িওৱা নাছিল তাৰ প্ৰশ্নবোৰ । এৰি পেলাওঁ বুলিয়েই এৰি পেলাইছিল সি তাৰ অতীতটোক । স্থিতপ্ৰজ্ঞৰ সংজ্ঞাক সি তাৰ মজ্জাত ধাৰণ কৰি লোৱাত এশ শতাংশই সফল বুলি সি ধৰি লৈছিল ।
অথচ , এটুকুৰা কাঠত কাটি উলিওৱা এখন মুখে তাৰ সমস্ত ধাৰণাক ইতিমধ্যে ভুল বুলি প্ৰমাণিত কৰি পেলাইছে । কত বছৰ পাৰ হ'ল ! অথচ , সকলোৰেপৰা এক দুৰত্বত অৱস্থান কৰিও সি যেন সকলোকে হৃদয়ত আজিও কঢ়িয়াই ফুৰিছে। সময়ে কিমান সলনি কৰিলে তাৰ চিনাকি সমাজখন , এবাৰ জানিবলৈ তীব্ৰ হেঁপাহ জাগিল । একেই নিয়মৰ গণ্ডীত এতিয়াও আছেনে তাৰ চিনাকি মানুহবোৰ ... পুৰুষে নাকান্দে ... পুৰুষ স্থিতপ্ৰজ্ঞ !
তড়িৎ সিদ্ধান্তৰে সি আপোন চহৰখনলৈ উলটি আহিছে।
আভিজাত্যই আগুৰি লোৱা চহৰখনৰ মাজত তাৰ চিনাকী চহৰখন কতোৱেই নাই । সলনি হ'ল চিনাকি বাট-পথবোৰ । মৰমলগা আটোমটোকাৰি ঘৰবোৰক ওখ ওখ দালানবোৰে গিলি পেলাইছে । চাৰিওফালে কেৱল জীৱনৰ উদযাপনৰ প্ৰতিযোগিতা । যান-বাহনেৰে ব্যস্ত ৰাজপথ । দূৰৈৰ ক'ৰবাৰপৰা ভাহি আহিছে উত্তাল সংগীতৰ ধ্বনি । সকলো ব্যস্ত নিজ নিজ পৃথিৱীত । নাই , ইয়াত তাৰ বাবে কোনেও অপেক্ষা কৰি থকা নাই । হেৰুৱাই পেলাইছে সি এৰি থৈ যোৱা নিজৰ এখুদমান অস্তিত্বক । কাৰো সময় নাই তালৈ চাবলৈ । এটা ক্ষীণ আশাৰে সি দুই এজনৰ কাষ চাপি গ'ল । কোনোবা এজনতো তাক দেখি আবেগিক হওক ! অত বছৰ ক'ত , কেনেকৈ আছিলি বুলি তাৰ খবৰ সোধক !
কিন্তু নাই ! তেনে একো নহল । সি থকা অথবা নথকাৰ মাজত বিশেষ একো পাৰ্থক্য হয়তো কাৰো অন্তৰে কঢ়িওৱা নাই । কাৰো বাবে বিশেষ হোৱাৰ যোগ্যতা তাৰ নাই । সচাকৈয়ে কাৰো বাবে বিশেষ নহ'লনে সি ! সেই বন্ধুৰো নহ'ল ! সিও পাহৰি পেলাইছেনে তাক চহৰখনৰ দৰে ! এটা দীঘল উশাহ টানি ললে সি । হয়তো অলপ উত্তেজিতও হৈছে । বুকুখন চুই চালে এবাৰ , শিলচটাই খলখলাই উঠিল ।
তাৰ গছজোপা !
মনত ৰাখিছেনে তাৰ প্ৰিয়বন্ধুৱে তাক ? নে পাহৰি পেলাইছে ...
নাই নাই ! সেই বন্ধুত্বত কোনো শঠতা নাছিল । তাক অন্তত গছজোপাই পাহৰিব নোৱাৰে । উদ্ভ্ৰান্তৰ দৰে সি নৈপৰীয়া গছজোপাৰ কাষলৈ দৌৰিছে । স্থিতপ্ৰজ্ঞ , পুৰুষসুলভ অহংকাৰেৰে তাৰ প্ৰিয়বন্ধুক আজি সিও ক'ব - ' চোৱা আমাৰ বন্ধুত্বৰ দোহাই দি তুমি বিচৰাৰ দৰেই মই আকাশমুখী হৈ ৰ'লো । তুমি সুখীনে আজি বন্ধু ? '
সৌৱা তাৰ পুৰাতন চিনাকি নৈখন ।
অন্ধকাৰত
নৈখনৰ পাৰত তাৰ প্ৰিয়বন্ধুক দূৰৈৰপৰা ক'লা ছাঁ এটাৰ দৰে লাগিছে । সি তাৰ
খোজৰ গতিবেগ বঢ়াই দিলে । সোঁ সোঁৱাই বলি থকা নৈপৰীয়া চেঁচা বতাহজাকত তাৰ সৰ্বশৰীৰ
জিকাৰ খাই উঠিল । সি থমকি ৰোৱাৰ প্ৰশ্নই নুঠে ।
গছজোপাক পৰম আবেগত সাবটি ধৰিলে সি - ' বন্ধু ! চোৱা মই উভটি আহিছোঁ তোমাৰ কাষলৈ । তুমি , তুমি হৈয়ে আছা , নহয়নে !
গছজোপা সামান্য কঁপি উঠিল -
'তুমি দেৰি কৰিলা বন্ধু । বহুত দেৰি কৰিলা । তোমাৰ বন্ধুক দেখিছিলোঁ সিদিনা । ইয়াতে
, এইখিনিতে তেওঁ বহুপৰ বহিছিল । বিশ্বাস কৰা , তেওঁক দেখি প্ৰথমতে মোৰ তীব্ৰ
খং উঠিছিল ।
সি যেন নিজৰ কাণ দুখনকেই বিশ্বাস নকৰিব - 'তেওঁ আহিছিল ? মোক বিচাৰি আহিছিলনে তেওঁ সঁচাকৈ ? '
গছজোপাই সামান্য হাঁহিলে ,
' নহয় বন্ধু । তেওঁ তোমাক বিচাৰি ইয়ালৈ অহা নাছিল । তেওঁ আহিছিল প্ৰিয়তমা পত্নীৰ সৈতে । হাতত হাত থৈ দুয়ো প্ৰেমৰ সংলাপ গাইছিল । তেওঁলোকৰ মিঠা মিঠা কথাবোৰ ময়ো শুনিছিলোঁ । মোৰ ছাঁত কিছুপৰ জিৰাইছিল তেওঁলোক । মোৰ জানা , তোমালৈ খুবকৈ মনত পৰিছিল । '
আহত হ'ল সি । বহুদিনৰ মূৰত বিষ এটাই বুকুখন খোচ মাৰি ধৰিলে তাৰ । ওঁঠখন সামান্য কঁপি উঠিল । এই মুহূৰ্ত্তত আকাশমুখী হৈ ৰোৱাৰ অহংকাৰেও তাক চুব পৰা নাই দেখোন ! সি যেন গছজোপাক সাবটি এবাৰ কান্দিব ...
তেতিয়ালৈ নৈখনৰ পানীখিনি কুহুমবুলীয়া হৈ উঠিছিল । আন্ধাৰ ফালি ধীৰ গতিৰে ওলাই অহা বেলিটোৰ হালধীয়া পোহৰত গছজোপাৰ সেউজীয়া পাতবোৰ চিকমিকাই উঠিছিল । সি এৰি থৈ যোৱাৰ দৰেই আকাশমুখী হৈ ৰোৱা গছজোপাৰ গোন্ধটো এবাৰ উজাই ল'লে সি ,
'আস্!'
'তুমি অকলশৰীয়া নহয় বন্ধু । মই আছোঁ তোমাৰ লগত। নিয়ম ভঙাৰ সাহস সকলোৰে নাথাকে ।
তুমি সোঁতৰ বিপৰীতে এখন সমাজক নিব নোৱৰা , কিন্তু তোমাৰ যুঁজখনত সত্যক স্বীকাৰ
কৰিব পৰাকৈ তুমি বিবেকবান হৈ জীয়াই আছা । সেয়া কি তোমাৰ প্ৰাপ্তি নহয় ! তুমি একক ।
ভীৰুতা অথবা সমাজ সচেতনতাই তোমাক বিচলিত কৰিব নোৱৰাকৈ তুমি স্থিতপ্ৰজ্ঞ । মই
বিচৰাৰ দৰেই তুমি আকাশমুখী হৈ জী আছা । যোৱা বন্ধু , উলটি যোৱা তোমাৰ ঠিকনালৈ ।
তোমাৰ শিল্পীসত্বাই তোমালৈ অপেক্ষা কৰি আছে । '
গছজোপাৰ কথাত সি এবাৰ আকাশলৈ মূৰ তুলি চালে । উজ্জ্বল এচেৰেঙা ৰ'দৰ পোহৰত সি দেখিলে আইতাকে তালৈ চাই মিচিকিয়াইছে । সি জাপ মাৰি উঠি বহিল । হঠাত তাৰ অনুভব হল , চহৰখনৰ স্মৃতিৰ ভীৰত সি ইমানপৰে এটা মৃত শৰীৰলৈ ৰূপান্তৰিত হৈছিল । তাৰ আত্মা ৰৈ গৈছে তাৰ নতুন ঠিকনাত ।
আচলতে
সি মৃত হৈ পৰিছিল নে তাৰ বুকুত খাজ কাটি ৰৈ যোৱা চহৰখন !
বতাহতে এবাৰ আইতাকৰ গোন্ধটো উজাই ল'লে সি । গছজোপাৰ সৰি পৰা ডাল এটা সাবটি লৈ সি উভটি খোজ ল'লে তাৰ সৃষ্টিৰ দিশে ।
বুকুৰ শিলচটাক বোৱতী নৈখনত খহাই সি নিৰ্ভাৰ হৈছে ...
কত যুগৰ শেষত এই মুক্তি ... !
-- সমাপ্ত --