আনৰ
অভিজ্ঞতা নিজৰ সৃষ্টিৰ মাজেৰে প্ৰকাশ কৰাটো আন এটা প্ৰক্ৰিয়া। প্ৰতিগৰাকী
শিল্পীৰেই সাৰ্থক সৃষ্টিসমূহ বিশ্লেষণ কৰি চালে এই কথাটো প্ৰতীয়মান হয় যে শিল্পীগৰাকীৰ
ব্যক্তিগত অভিজ্ঞতা, অনুভূতি, কল্পনা,
মনোজগতৰ বিভিন্ন স্তৰত থূপ খাই থকা উপাদানবোৰ তেতিয়াই শিল্পৰ
মাজেৰে আত্মপ্ৰকাশ কৰে। তেতিয়াই শিল্পৰ সেই অংশবোৰেঅন্য
এটি মাত্ৰা অধিগ্ৰহণ কৰে।
গীত-গল্প-উপন্যাস-কবিতা বা চিত্ৰৰ মাজেৰে এই উপাদানবোৰ প্ৰকাশ কৰা যিমান সহজ, বহু
কলাৰ উপাদানৰ সমাহাৰৰ শিল্প মাধ্যম চলচ্চিত্ৰৰ মাজেৰে সেই প্ৰকাশ সিমান সহজ নহয়।
এই কৰ্ম আৰু অধিক জটিল হয় যেতিয়া চলচ্চিত্ৰৰ বাবে লোৱা কাহিনী আনৰ দ্বাৰা ৰচিত
হয়।
চলচ্চিত্ৰ এখন নিৰ্মাণ কৰিবলৈ অইনৰ ৰচিত কাহিনী এটা বিচাৰি উলিয়াওঁতেচলচ্চিত্ৰ-নিৰ্মাতাগৰাকীৰ ৰুচিবোধ, জীৱন-দৰ্শন আদিয়ে নিঃসন্দেহে প্ৰথম স্থান লাভ কৰে। তাৰ লগতে থাকে
কাহিনীটোৰ চলচ্চিত্ৰ ৰূপান্তৰৰ সম্ভাৱনীয়তা, আনুষংগিক সুবিধা আৰু সুযোগৰ কথা। কিন্তু তাৰ লগতে চিত্ৰনিৰ্মাতাগৰাকীয়ে
কাহিনীটোৰ মাজত বিচাৰে,[১০]আত্মজৈৱনিক
উপাদানৰ উপস্থিতি। এই উপাদান অকল ঘটনাই নহয়, ঘটনাৰ
প্ৰতিক্ৰিয়া, অভিজ্ঞতা, অনুভৱ অথবা
কল্পনা আনকি জীৱনত নঘটা ঘটনা যিবোৰ ঘটিলে হয়তো তেওঁ ভাল পালেহেঁতেন⸺সেইবোৰো হ’ব পাৰে। এই উপাদানবোৰৰ পুনৰ নিৰ্মাণ যে অকল অনুভূতিৰ
দিশৰ পৰাই ঘনবদ্ধ হৈ উঠে, সেয়া নহয়— ই স্ৰষ্টালৈ বহন কৰি
আনে ‘কেথৰচিচি’ আস্বাদ—— যি ‘কেথৰচিচ’ শিল্পীগৰাকীৰ সৃষ্টিপ্ৰক্ৰিয়াৰ ধাৰাবাহিকতা
অক্ষুণ্ণ ৰখাৰ বাবে অতি প্ৰয়োজনীয়। প্ৰতিগৰাকী শিল্পীয়েই
হৃদয়ৰ গভীৰত কঢ়িয়াই লৈ ফুৰে অলেখ আশা-সপোন আৰু আকাংক্ষা,
যিবোৰ হয়তো বাস্তৱলৈ ৰূপান্তৰিত নহ’বও
পাৰে। ফলত সৃষ্টিৰ মাজতেই সেই সপোনক বাস্তৱত দেখাৰ কল্পনাই শিল্পীক আকুল-ব্যকুল কৰাটোৱেই স্বাভাৱিক। এই কল্পনাবোৰৰ বৰ্হিপ্ৰকাশ পাতলাই দিয়ে শিল্পীৰ মনৰ গধুৰ বোজা,
মগজুত খালী ঠাইৰ সৃষ্টি কৰে নতুন চিন্তাৰ প্ৰৱেশৰ বাবে।
সত্যজিৎ ৰায়ে নিৰ্মাণ কৰা মুঠ ৩৬খন তথ্যচিত্ৰ, কাহিনী-চিত্ৰৰ
কাহিনী-বক্তব্য-বিষয়বস্তু, পটভূমি, চৰিত্ৰ,
ৰস, আদিৰ মাজত ব্যাপক বিচিত্ৰতা আছে। কিন্তু
তাৰ মাজতো কেতিয়াবা স্পষ্ট, কেতিয়াবা গধূলিৰ শেষ পোহৰৰ
দৰেই ৰহস্যময়, অস্পষ্ট হৈ আত্মপ্ৰকাশ কৰিছে সত্যজিৎ ৰায়ৰ
বংশ-ঐতিহ্য, পাৰিবাৰিক-সামাজিক অৱস্থা, ব্যক্তিগত জীৱনৰ নানান ঘটনা-অনুভূতি, অভিজ্ঞতা,
সপোন আৰু কল্পনাৰ বিচিত্ৰ উপাদান। ইয়াৰে বহু প্ৰতিফলনক পোনপতীয়াকৈ
আত্মজীৱনী বুলি কৈ দিব নোৱাৰি, কিন্তু গভীৰভাৱে চালেই কাণৰ ওচৰত স্পষ্টকৈ বাজি উঠে যে ছবিৰ দৃশ্য আৰু তাৰ সামাজিক
ব্যক্তিগত ঘটনাৰ নেপথ্যত ঝংকৃত হৈ থকা সুৰৰ গঠন আৰু আৱেদন
সম্পূৰ্ণ একে।
জলসাঘৰ কথাছবি
‘জলসাঘৰ’ আৰু ‘সতৰঞ্জ কি
খিলাৰী’⸺এই দুয়োখন ছবিৰ মাজত থকা মূল সাদৃশ্যটি হৈছে বিশালত্বৰ অৱক্ষয়, পতনৰ কাৰুণ্যৰ
এক বিষাদ ৰূপ। ‘জসসাঘৰ’ নিৰ্মাণৰ কাৰণ আছিল— “The fact was that in late
1956, after the failure of 'Aporajita' at box-office, Satyajit Ray knew that he
needed a winner. As he put it then in a letter 'I am more or less back[১১] where I started from. Bank
balance is low and the future looks none too rosy.... One thing is certain— I
have to make money on it (his next film). I am to continue as film-maker and
not revert advertising.”
আন এঠাইত সত্যজিৎ ৰায়ে কৈছে— ‘‘...Aporajita was a failure
at Box-office. Since it was a failure I had to think of doing something
completely different... and I decided to make a film about music and dancing,
the conventional the sort of formula that the Bengali public was used to,
although in developing it, it became a completely different kind of film.’’
এই দুটা উদ্ধৃতিৰ পৰা বুজি পোৱাত অকণো কঠিন নহয় যে নৃত্য-গীতৰ সমাৱেশ ঘটুৱাই দৰ্শকৰ মনোৰঞ্জন কৰি দুপইচা অৰ্জন কৰিব পৰা ছবি এখন নিৰ্মাণ কৰা
সত্যজিতৰ মূল লক্ষ্য আছিল।
‘সতৰঞ্জ
কি খিলাড়ী’ নিৰ্মাণৰ ক্ষেত্ৰত কি কি দিশে বাৰু সত্যজিৎ ৰায়ক উৎসাহী কৰি তুলিছিল?
‘‘I saw the king as an artist, a composer who made some contributions to the
form of singing that developed in Locknow. In fact he was a great parton of
music— that was one redeeming feature about the king.’’
‘সতৰঞ্জ
কি খিলাড়ী’-ৰ কাহিনীভাগৰ সময় হ’ল লক্ষ্ণৌৰ শেষ নবাব ৱাজিদ
আলি শ্বাহৰ ৰাজত্বকাল। নৃত্য আৰু গীতত মগ্ন থকা ৱাছিদ আলি শ্বাহৰ ৰাজ্য বৃটিছে
কৌশলেৰে লৈ যোৱা এই চক্ৰান্ত আৰু ইয়াৰ পটভূমি ভাৰতৰ ইতিহাসৰ এটি গুৰুত্বপূৰ্ণ অংগ
হ’লেও এই দিশটোৱে সত্যজিৎ ৰায়ক প্ৰভাৱিত কৰা নাই। নবাবৰ ব্যক্তিগত জীৱনৰ আশা-আকাংক্ষা-হতাশা
আৰু তাৰ সমান্তৰালভাৱে দুজন ডবামগ্ন উজীৰৰ ব্যক্তিগত কথাকহে
সত্যজিতে গুৰুত্ব দিছে। পৰিৱৰ্তিত সামাজিক আৰু ৰাজনৈতিক
প্ৰেক্ষাপটত ব্যক্তিমনৰ চিত্ৰ অংকনৰ এই প্ৰয়াসৰ বিষয়ে সত্যজিৎ ৰায়ে নিজে এনেদৰে
কৈছে— ‘‘also, to establish the idea of obsession— which is the basic
development of the story— with a game which is basically abstract and[১২] intellectual. If it had been
gambling, there’d be no problem. But, the beauty of the story lies in the
parallel that Prem Chand draws between the game and the moves of craftly Raj,
leading to capture of the king.’’
দুয়োখন ছবিৰ নৃত্য-গীতৰ অংশবোৰেই সত্যজিতৰ আকৰ্ষণৰ মূল বিন্দু আছিল বুলি বিভিন্ন উদ্ধৃতিৰ পৰা প্ৰমাণ হয়। বিশাল
জমিদাৰী আৰু সাম্ৰাজ্যৰ অৱক্ষয় আৰু পতনৰ দিশটোৰ প্ৰতি
সত্যজিতৰ বিশেষ মনোযোগ থকা বুলি তেওঁৰ কথাৰ পৰা অনুমান কৰিব নোৱাৰি যদিও দুয়োখন
ছবিৰ আঁহে আঁহে গ্ৰথিত হৈ থকা বিষাদ আৰু কাৰুণ্যইহে ছবি দুখনৰ মূল আৱেদন।
‘সতৰঞ্জ
কি খিলাড়ী’-ৰ মূল কাহিনীতেই অৱক্ষয়
আৰু কাৰুণ্যই গধুৰ বেদনা নিহিত হৈ আছে। কিন্তু নাচ-গান থকা
ছবি কৰিবলৈ ওলাওাঁত বিষাদ-অৱক্ষয়ৰ
গল্প ‘জলচাঘৰ’-এ কিয় প্ৰাধান্য পালে? সত্যজিতৰ
জীৱনৰ বিভিন্ন পৰ্যায়ৰ পিনে ভালদৰে চালে, এই প্ৰশ্নৰ সহজ
উত্তৰ বিচাৰি পোৱা যায়।
সতৰঞ্জ কি খিলাড়ী কথাছবি
এক আঢ্যৱন্ত, ঐতিহ্যমণ্ডিত পৰিয়ালত জন্ম হৈছিল
সত্যজিতৰ। উপেন্দ্ৰ কিশোৰ ৰায়চৌধুৰীৰ দিনত চাৰিও দিশৰ পৰা বিকশিত হৈ উঠা এই
পৰিয়ালটোলৈ অৰ্থনৈতিক অৱক্ষয় নামি আহিছিল অতি কম সময়ৰ
ভিতৰতে। উপেন্দ্ৰ কিশোৰৰ মৃত্যুৰ মাত্ৰ কেইবছৰমান পাছতেঅকাল
মৃত্যুই সাবটি লয় তেওঁৰ পুত্ৰ আৰু সত্যজিৎ পিতৃ সুকুমাৰ
ৰায়ক। তাৰ পাছতেই সেই বিশাল সাম্ৰাজ্যলৈ পতন নামি আহে,
আনকি শেষত শিশু সত্যজিতে মাকৰ লগত গৈ মোমায়েকৰ ঘৰত আশ্ৰয় ল’বলৈ
বাধ্য হয়। আঢ্যৱন্ত অৱস্থা এটিৰ এই কৰুণ পৰিণতিৰ নেপথ্যত কাৰণবোৰ শিশু সত্যজিতে
অনুধাৱন কৰিব নোৱৰাটো অতি স্বাভাৱিক, কিন্তু
সেই সমৃদ্ধতাৰ বহু অংশই যে তেওঁৰ মনৰ বুজন অংশ অধিকাৰ কৰি আছিল, তাত অকণো সন্দেহ নাই (দ্ৰষ্টব্য: যখন ছোট ছিলাম/
সত্যজিৎ ৰায়)। বৰ্দ্ধিত বয়সে সত্যজিতক উপলব্ধি কৰাইছিল তেওঁৰ পৰিয়ালৰ ঐতিহ্য
আৰু সমৃদ্ধি। সেই উপলব্ধি আৰু স্মৃতিৰ সঞ্চয়ে তেওঁৰ মনত জন্ম দিছিল বিষাদ আৰু
কৰুণাৰ অনুভূতিৰ। মন-গহনত[১৩]পুঞ্জীভূত এইভাৱে প্ৰকাশৰ বাট বিচাৰি পালে ‘জলচাঘৰ’ আৰু ‘সতৰঞ্জ কি খিলাড়ী’ ছবিৰ মাজত।
দুয়োখন ছবিৰ মাজত বিচাৰি পোৱা নাছিল সাদৃশ্য হ’ল— সত্যজিতে এখন ছবিতো অৱক্ষয়ৰ
কাৰণ বিচাৰি যোৱা নাই। যেনেদৰে তেওঁ নিজে বিচাৰি পোৱা নাছিল নিজৰ পৰিয়ালৰ
অৰ্থনৈতিক অৱক্ষয়ৰ কাৰণ (Then the business folded up for reasons which I
never found out— Satyajit Ray to Shyam Benegal.)
‘পথেৰ
পাঁচালী’ ছবিৰ সেই দৰিদ্ৰ ব্ৰাহ্মণ, অপুৰ পিতৃ হৰিহৰে এটি
দৃশ্যত পদ্য লেখি যশ অৰ্জন কৰা মনোভাব প্ৰকাশ কৰিছে। আপাত দৃষ্টিত কথাটো বৰ সৰু
আৰু মূল কাহিনীৰ লগত এই কথাটোৰ বিশেষ সম্পৰ্ক নাই— কাৰণ এই কথাটোৱে ছবিখনৰ আন
ক’তোৱেই গুৰুত্ব লাভ কৰা নাই। তেন্তে, সত্যজিৎ ৰায়ৰ দৰে
মিতব্যয়ী পৰিচালক এগৰাকীয়ে এই সৰু সংলাপটিত গুৰুত্ব দিয়াৰ প্ৰয়োজন কি? সত্যজিৎ এনে এটা পৰিয়ালৰ বংশধৰ, য’ৰ তেওঁৰ পূৰ্বৰ
দুটি প্ৰজন্মই ব্যৱসায় আৰু প্ৰাচুৰ্যৰ মাজতো সাহিত্য চৰ্চাৰ বাবে প্ৰচুৰ সময় আৰু
শ্ৰম ব্যয় কৰিছিল। আনকি তেওঁৰ পিতৃ সুকুমাৰ ৰায় ক’লাজ্বৰত আক্ৰান্ত হৈ
শয্যাশায়ী হৈ থকা সময়ত— যি সময়ত তেওঁৰ পাৰিবাৰিক ব্যৱসায়ৰ অৱস্থা ক্ৰমাৎ বেয়া
হৈ আহিছিল, সেই সময়তো তেওঁ ৰচনা কৰি গৈছিল বাংলা সাহিত্যৰ
বহু স্মৰণীয় ৰচনা, ব্যস্ত আছিল নিজৰ কিতাপ ‘হয়বৰল’-ৰ ছপা কামত তদাৰক কৰাত। সুকুমাৰ ৰায়ৰ এই কৰ্মস্পৃহা সত্যজিতৰ জীৱনতো
প্ৰতিফলিত হৈছে, সুকুমাৰ ৰায়ৰ সাহিত্যপ্ৰীতিৰ স্পিৰিট
প্ৰকাশিত হৈছে ‘পথেৰ পাঁচালী’-ৰ হৰিহবৰ সেই সংলাপটিৰ মাজত।
পথেৰ পাঁচালী কথাছবি
সত্যজিতৰ ছবিবোৰৰ এটি লক্ষ্যণীয় বৈশিষ্ট্য হ’ল নাৰী চৰিত্ৰৰ চিত্ৰায়ণ।
সামগ্ৰিকভাৱে সত্যজিৎ-ছবিত নাৰী চৰিত্ৰৰ সংখ্যা কম। সোণাৰ কেল্লা,
জয়বাব ফেলুনাথ, গোপী-বাঘাৰ ছবি দুখন— এইবোৰত
নাৰী চৰিত্ৰ শূন্যপ্ৰায়। সংখ্যাত কম হ’লেও সত্যজিৎ ৰায়ৰ
সৃষ্ট প্ৰতিটো নাৰী চৰিত্ৰৰ মাজেৰে প্ৰকাশ পাইছে নাৰীৰ প্ৰতি পৰিচালকৰ সন্মান, আন্তৰিকতা আৰু গভীৰ মমত্ববোধ। আনকি সামাজিক[১৪]শালীনতাবোধৰ
দৃষ্টিভংগীৰে অশালীন বুলি চিহ্নিত কৰা চৰিত্ৰ অংকন কৰোঁতেও তেওঁ সত্যজিতে সেই চৰিত্ৰবোৰৰ
প্ৰতি প্ৰদৰ্শন কৰিছে গভীৰ সহানুভূতি আৰু আন্তৰিক মৰম। এনে চৰিত্ৰবোৰক সত্যজিতে
কেতিয়াও নৈতিকতাৰ তুলাচনীৰে বিচাৰ কৰা নাই অথবা সমালোচনাৰ বাণেৰে ক্ষত-বিক্ষত কৰা
নাই। সত্যজিতৰ নাৰী চৰিত্ৰবোৰ সাধাৰণতে হয় স্থিৰমনা, সহনশীল,
দৃঢ়চেতা আৰু জীৱনৰ দুখ-কষ্ট, হাঁহি-কান্দোনৰ
লগত খাপ খুৱাই ল’ব পৰা বিধৰ। এই নাৰী চৰিত্ৰবোৰ জীৱন যুদ্ধত পৰাজয় স্বীকাৰ কৰাৰ
পৰিৱৰ্তেসাহসেৰে সন্মুখ সমৰত অৱতীৰ্ণ
হয়।
দুগৰাকী নাৰীয়ে সত্যজিতৰ জীৱনক গভীৰভাৱে প্ৰভাৱিত
কৰি আহিছে। এগৰাকী তেওঁৰ মাক আৰু আনগৰাকী তেওঁৰ পত্নী। এই দুই নাৰীৰ জীৱন আৰু
কৰ্মই তেওঁক এনেদৰে আৱিষ্ট কৰি ৰাখিছিল যে সত্যজিৎ ৰায়সৃষ্ট
আলেখ নাৰী চৰিত্ৰৰ মাজত এই নাৰী দুগৰাকীৰ উপস্থিতি লক্ষ্য কৰা যায়।
‘মহানগৰ’ৰ
নায়িকাৰ এই ৰূপ সত্যজিত মাতৃ সুপ্ৰভা দেবীৰ জীৱনৰ লগত মিলি যায়। সত্যজিতে নিজে
কৈছে— 'I remember her as working. She was a very hard worker.. She was
very particular that I should be sent to a good school and eventually to a good
college so that I had the best education. She herself took a job later...... সত্যজিতৰ মাতৃৰ কষ্ট, সংগ্ৰাম, দৃঢ়-বিশ্বাস আৰু আত্মমনা স্বভাৱৰ প্ৰভাবেই যে তেওঁক ‘মহানগৰ’ ছবি কৰিবলৈ
উদ্বুদ্ধ কৰিছিল তাত অকণো সন্দেহ থাকিব নোৱাৰে। অকল সুপ্ৰভা দেবীয়ে নহয়, তেওঁৰ পৰিয়ালৰ আন এগৰাকী বোৱাৰী কাদম্বিনী গাংগুলী আৰু সত্যজিৎ পত্নী
বিজয়া বায়ও জীৱন নিৰ্বাহৰ বাবে চাকৰিৰ আশ্ৰয় লৈছিল। নাৰীৰ এই আত্মবিশ্বাসী ৰূপে
সত্যজিতৰ নাৰী চৰিত্ৰবোৰক প্ৰভাবিত কৰিছে। ‘মহানগৰ’ৰ কাহিনী নৰেন্দ্ৰ নাথ মিত্ৰৰ।
সেই কাহিনীৰ মাজত নিজৰ ভাবনাৰ প্ৰতিফলন বিচাৰি পোৱা বাবেহে যে ‘মহানগৰ’ৰ প্ৰতি
সত্যজিৎ আকৃষ্ট হৈছিল তাক অনুমান কৰাটোআকণোকঠিন নহয়।
‘সত্যজিৎ
ছবি’ৰ অধিকাংশ সমালোচকে দ্বিধাহীনভাবে কয় যে অপুৰ চৰিত্ৰটি সত্যজিতৰ বাহিৰে আন
কোনো নহয়। অপুৰ জীৱন, ভাৱনা, চিন্তা
আৰু আচৰণ সত্যজিতৰ জীৱনৰ লগত ইমানেই মিলি যায় যে বিভূতিভূষণ সৃষ্ট এই চৰিত্ৰটি
সত্যজিতৰ কেমেৰাত, অবিস্মৰণীয়ভাবে জীৱন্ত হৈ উঠিছে। শ্যাম
বেনেগালৰ সৈতে হোৱা কথোপকথনত সত্যজিৎ ৰায়ে কৈছে—
Shyam: Was there a kind of
autobiographical resonance in this film (APORAJITA)?
Ray: Well, not in 'Pather
Panchali' frankly, because I know hardly anything about village. I was a
city-born and city-bred person and I did not know the village at all till the
age of thirty-twenty five of thirty- but in the second part the fact of Apu's
adolescence and the mother being a widow- the mother and the son relationship
that can have autobiographical elements in it certainly because I was in a
similar situation.
Benegal: Did you identify with APU?
Ray: I suppose one does. One has
to do, particularly when you deal with a character through three films right
from the childhood to adulthood. You do identify. Otherwise the no getting
under the skin of the character.
প্ৰতিগৰাকী পৰিচালকেই যিদৰে নিজৰ মনোজগতৰ নানান অনুভূতি- অভিজ্ঞতা ছিনেমাৰ
ঘটনাৰ মাজেৰে প্ৰকাশ কৰি এক মুক্তিৰ পবিতৃপ্তিৰ সন্ধান কৰে, সেই
পৰিতৃপ্তি অধিক নিবিড় কৰাৰ বাবে একো একোগৰাকী অভিনেতা-অভিনেত্ৰীৰ সন্ধান কৰে যাৰ
মাজেৰে পৰিচালক গৰাকীয়ে নিজকে প্ৰকাশ কৰাৰ উপযুক্ত বাহন বুলি বিবেচনা কৰে। সেয়ে
বহু পৰিচালকৰ ক্ষেত্ৰত দেখা যায় যে তেওঁলোকে নিজৰ ছবিৰ মাজৰে উপস্থাপন কৰি থাকে।
আকিৰা কুৰোশ্বাৱাৰ ছবিত টচিৰো মিফুনো, ইংমাৰ বাৰ্গমেনৰ ছবিত
মেক্স ভন চিডো, জাঁ লুক গডাৰৰ ছবিত জাঁ- পল-বেলমেন্দো,
ষ্টিভেন স্পিলবাৰ্গৰ ছবিত হেৰিচন ফ’ৰ্ড ইত্যাদি ইয়াৰ সহজ উদাহৰণ।
পৰিচালক একো গৰাকীয়ে একো একোটি চৰিত্ৰৰ মাজত নিজৰ প্ৰতিফলন আৱিষ্কাৰ কৰে আৰু সেই
প্ৰতিফলন প্ৰকাশ কৰিবলৈ সেই বিশেষ অভিনেতা গৰাকীক ৰূপালী পৰ্দালৈ লৈ আহে।
সত্যজিৎ-সৌমিত্ৰৰ ক্ষেত্ৰত এই কথাটো খাটাংকৈ কৈ দিব নোৱাৰি যে সৌমিত্ৰ অভিনীত
প্ৰতিটো চৰিত্ৰই সত্যজিতৰ প্ৰতিফলন। তথাপিতো সৌমিত্ৰ অভিনীত অধিকাংশ চৰিত্ৰৰ
মাজতেই সত্যজিতৰ প্ৰতিফলন দেখা যায়। এই সৌমিত্ৰ প্ৰিয়তাই সত্যজিতক এবাৰ বিপদতো পেলাইছিল।
‘অভিযান’ ছবিৰ ৰুক্ষ ৰাজপুত্ৰ টেক্সি ড্ৰাইভাৰ নৰসিংহৰ ভুমিকাত সৌমিত্ৰ কোনোমতেই
খাপ খোৱা নাছিল। প্ৰখ্যাত সমালোচক চিদানন্দ দাসগুপ্তৰ মতে অভিনেতা নিৰ্বাচনৰ এই
ভুলৰ বাবেই ছবিখন ‘সম্পূৰ্ণ বিফল’ ৰূপে চিহ্নিত হৈছিল। [১৮]সৌমিত্ৰক যে সত্যজিতে ‘অল্টাৰ ইগো’ৰ ৰূপত কল্পনা কৰি ভাল পাইছিল তাৰ প্ৰমাণ
পোৱা যায় তেওঁৰ ৰহস্য উপন্যাসখনিৰ মাজত। এই ৰহস্য কাহিনীলানিৰ মূল চৰিত্ৰ
ডিটিকটিভ ফেলুদাৰ আচৰণ, কৌতুহল আৰু জ্ঞান-তৃষ্ণাৰ মাজত দেখা
যায় সত্যজিতৰ প্ৰতিফলন। শৈশৱ আক যৌবনত সত্যজিতে ভাৰতৰ বিভিন্ন স্থানত কৰা ভ্ৰমণৰ
অভিজ্ঞতা আৰু ভ্ৰমণৰ প্ৰতি থকা আকৰ্ষণ ফেলুদা কাহিনীবোৰত প্ৰকাশিত হৈছে। প্ৰায়
প্ৰতিখন উপন্যাসতেই থাকে ফেলুদাৰ ভ্ৰমণৰ পৰিকল্পনা আৰু শেষত ৰহস্য অনুসন্ধানৰ
কামতেই তেওঁ বিভিন্ন স্থানত ভ্ৰমি ফুৰিবলগীয়া হয়। ফেলুদাৰ ৰহস্য কাহিনীবোৰত
ভ্ৰমণে এটি গুৰুত্বপূৰ্ণ অংশ অধিকাৰ কৰে আৰু বহু ক্ষেত্ৰত মূল কাহিনীৰ সৈতে বিশেষ
সম্পৰ্ক নথকা সত্বেও ভ্ৰমণৰ খুটি-নাটিয়ে উপন্যাসৰ কলেবৰ বৃদ্ধি কৰে। অকল ভ্ৰমণেই
নহয়, ফেলুদাৰ কাহিনীৰ মাজেৰে প্ৰকাশিত হয় পুনৰ্জন্ম,
ই. এচ. পি, অতিন্দ্ৰীয়বাদ আদিৰ দৰে অলেখ
কৌতুহল উদ্দীপক বিষয়। এনে বিষয়ৰ প্ৰতি গভীৰ আগ্ৰহ প্ৰকাশ কৰা সত্যজিতে কৈছে—
I don't
disbelieve in things like spiritualism, or seance or planchette or extrasensory
perception.... I have been reading a great deal about dreams, about memories,
about ESP, and rebirth and memories of previous birth and all that I can't bush
it all aside (S. R. in Sight and Sound, summer '70).
ফেলুদাৰ কাহিনীবোৰ ছপা আখৰত প্ৰকাশ কৰোতে তাৰ লগত সংযোজিত ব্যাখ্যাচিত্ৰবোৰত
ফেলুদাৰ যি ছবি অংকন কৰা হৈছিল তাৰ লগত সৌমিত্ৰৰ সাদৃশ্য বিচাৰি পোৱা যায়।
চলচ্চিত্ৰত ফেলুদাৰ চৰিত্ৰ ৰূপায়িত কৰিবলৈ অনিবাৰ্যভাৱে আহ্বান কৰা হৈছিল
সৌমিত্ৰক। ফেলুদাৰ চেহেৰাৰ লগত নিজৰ চেহেৰাৰ সাদৃশ্য থকাৰ বিষয়ে সত্যজিতে কৈছে— [১৯]I am sure there
is a lot of me in him, but I can't tell you to what extent. সত্যজিতৰ
নিজৰ লগত ফেলুদাৰ সাদৃশ্য, ফেলুদাৰ লগত সৌমিত্ৰৰ সাদৃশ্য,
সৌমিত্ৰৰ লগত সত্যজিতৰ সদৃশ্য— এই বৃত্তিয় সম্পৰ্কৰ পৰা সহজেই
প্ৰতীয়মান হয় যে সত্যজিতে নিজকে প্ৰকাশ কৰাৰ বাবে সৌমিত্ৰকে নিৰ্বাচন কৰিছিল
অথবা সৌমিত্ৰৰ মাজৰেই সত্যজিতে পৰ্দাত আবয়বিক ৰূপত আত্মপ্ৰকাশ কৰিছিল।
কলাগত দিশৰ সীমিত সাফল্যৰ বাবে ‘নায়ক’ ছবিখন প্ৰায়েই আলোচনাৰ বাহিৰত ৰৈ
যায়। সংলাপ প্ৰধান এই ছবিখনত Ray's magic, the simple poetry of his images and
their emotional impact (Martin Scorses) বিচাৰি পোৱা নাযায়। অথচ
এই ছবিখনে বিশেষ তাৎপৰ্য বহন কৰে চিত্ৰনিৰ্মাতা সত্যজিৎ ৰায়ৰ শৈল্পিক জীৱনৰ
চিন্তা-ভাৱনা-আশা-আকাংক্ষা-হতাশা-ক্ষোভ আদিৰ প্ৰকাশ হিচাবে। চলচিত্ৰ জগতখন পৰ্দাৰ
ওপৰত আৰু ভিতৰৰ মানুবোৰৰ প্ৰতি, তেওঁলোকৰ কাম- কাজৰ প্ৰতি
সত্যজিতৰ কি ধাৰণা তাকপ্ৰকশকৰাৰ বাবেই যেন এই ছবিখন নিৰ্মাণ কৰিছিল।
সত্যজিতৰ শৈশৱৰ দিনবোৰ অতিবাহিত হৈছিল গড়পাৰ ৰোডৰ সেই ঘৰটিৰ তিনি মহলাৰ চাদত—
য’ত তেওঁ আনন্দ মনেৰেউভভোগকৰিছিল চিলা উৰোৱা দৃশ্য। প্ৰৌঢ় সত্যজিতে নিৰ্মাণ কৰা ‘সতৰঞ্জ কা খিলাড়ী’ত
লক্ষ্ণৌ চহৰৰ আনন্দ-উচ্ছল মুড প্ৰকাশ কৰাৰ বাবে বিচাৰি[২২]গড়পাৰ ৰোডৰ সেই ঘৰটোত আছিল উপেন্দ্ৰ কিশোৰ ৰায়চৌধুৰীৰ বিখ্যাত প্ৰেছটা— য’ত
শিশু সত্যজিতে অতিবাহিত কৰিছিল অলেখ আবেলি। "I think the most
vivid memory is of the printing press and block making department. because I
used to spend my afternoons there..... the department of the compositors and I
would just walk in ... and there was a process camera which used to fascinate
me a great deal..."
সত্যজিতে পুনৰ কৈছে— '.....and the smell of turpentine which I had
forgotten, but I smell it again when I went to a press. When I was in
advertising and, immediately all the memories of Garpar came rusting back. লগে লগে মনলৈ ‘চাৰুলতা’ ছবিৰ ভূপতিৰ সেই সংলাপটি— ‘মোৰ খুব প্ৰিয় এটি
গোন্ধ! ছপাশালৰ চিয়াহীৰ গোন্ধ! (ইংৰাজীৰ পৰা অনুদিত)।
শৈশৱত সত্যজিতে মাকৰ লগত ফুৰিবলৈ গৈছিল.......we used to spend
holidays...very exicting holidays in hill-stations in Bihar, and we spent long
holidays in Darjilling and the first sight of Kunchanjangha was really just
unforgetable.....' এই স্মৃতিয়েই সত্যজিতক দাৰ্জিলিঙৰ বুকুলৈ টানি
নিছিল ‘কাঞ্চলজংঘা’ ছবি নিৰ্মাণৰ বাবে। ছবিৰ শেষৰ কাঞ্চনজংঘা
শ্বটটি সম্পূৰ্ণ মিলি যায় সত্যজিতে কৈশৰতে দেখা সেই কাঞ্চনজংঘাৰ লগত– 'There
were the snows, red pink, with the sunlight, with the snow catching the
sunlight'.
ফেলুদা চৰিত্ৰটোত— যিটোক আমি সত্যজিতৰ Model role বুলি
ক’ব পাৰে, সেই ফেলুদা সক্ষম- সমৰ্থ যুৱক হ’লেও তেওঁ নাৰীৰ
লগত ক’তো সামান্যতমো ঘনিষ্ঠতা প্ৰকাশ কৰা নাই। এজন স্বাভাৱিক যুৱকৰ ক্ষেত্ৰতো এই
কথা সম্ভৱনে? সম্পূৰ্ণ বাস্তববাদী শিল্পী হৈয়ো[২৩]সত্যজিতে বাস্তবতাৰ এই দিশটো কৌশলগতভাবে এৰাই চলাৰ
কাৰণ কি? নে তেওঁৰ মডেল ৰোলত নাৰীৰ স্থান নাই?
আনহাতে, সত্যজিতৰ ছবিত প্ৰেমৰ কোনো স্মৰণীয়
দৃশ্য নাই। বিবাহোত্তৰ জীৱনত স্বামী-স্ত্ৰীৰ মাজৰ সুন্দৰ প্ৰেমময় সম্পৰ্কৰ
স্মৰণীয় দৃশ্য সত্যজিতে তীব্ৰ সংবেদনশীল ৰূপত অংকন কৰিছে যদিও প্ৰাক্- বৈবাহিক
প্ৰেমৰ দৃশ্য সত্যজিতে যেন এৰাই যাব বিচাৰে। ‘জন-অৰণ্য’, ‘কাঞ্চনজংঘা’
আদি ছবিত প্ৰেমৰ দৃশ্য আছে যদিও সেইবোৰৰ কোনো ইতিবাচক পৰিণতি দেখিবলৈ পোৱা নাযায়।