অন্যযুগ/


অনন্য প্ৰতিভাধৰ ভাৰতীয় বিজ্ঞানী : সত্যেন্দ্ৰ নাথ বসু

  পৰমানন্দ মহন্ত



একৈছ শতিকাৰ আৰম্ভণিতে প্ৰকাশ পোৱা ৰিমাৰ্কেবল্‌ ফিজিচিষ্টচ্  (উল্লেখনীয় পদাৰ্থ বিজ্ঞানী) নামৰ কিতাপ এখনত চাৰে তিনিশ বছৰৰ সময়ছোৱা (১৫৬৪-১৯০৭)-ৰ ভিতৰত জন্ম লোৱা পঞ্চাছগৰাকী পদাৰ্থবিদৰ জীৱন আৰু কৃতিৰ আলোচনা কৰা হৈছে৷ ইটালি‍ৰ গেলিলিঅ গেলিলিয়ে আৰম্ভ কৰা আধুনিক বিজ্ঞানৰ উত্থান আৰু বিকাশত এইছোৱা সময়তেই ওপজা পদাৰ্থ বিজ্ঞানীসকলৰ অৱদানে পদাৰ্থ বিজ্ঞানৰ ধ্ৰুপদী আৰু আধুনিক যুগ দুয়োটাকে সামৰি লৈছে৷ ভাব-চিন্তা, ধ্যান-ধাৰণা, অধ্যাপনা আৰু অনান্য ক্ৰিয়া-কলাপৰ জৰিয়তে বিজ্ঞান জগতলৈ আগ বঢ়োৱা অৱদানৰ ভেঁটিত লেখকে এইসকল পদাৰ্থ বিজ্ঞানীক নিৰ্বাচন কৰিছে৷ এই সম্ভ্ৰান্ত পদাৰ্থ বিজ্ঞানীৰ মাজত কেৱল এজন ভাৰতীয় পদাৰ্থবিদ সত্যেন্দ্ৰ নাথ বসুক স্থান দিয়া হৈছে৷ অনন্য বহুমুখী প্ৰতিভাৰ অধিকাৰী সত্যেন্দ্ৰ নাথ বসু আছিল এগৰাকী ব্যতিক্ৰমী বিজ্ঞানী৷ সঁচা কথা, তেওঁ একেৰাহে একেটা বিষয়ৰ ওপৰত গৱেষণা চলাই থকা নাছিল৷ তেওঁৰ সুদীৰ্ঘ আশী বছৰীয়া জীৱনত বিজ্ঞানৰ বিভিন্ন বিষয়ত গৱেষণা কৰিছে, বা আন সহকৰ্মীক সহায় কৰিছে, বিজ্ঞানৰ আন বিষয়তো গৱেষণা কৰিবলৈ ছাত্ৰ-ছাত্ৰীক উৎসাহ যোগাইছে, আৰু বিশেষকৈ আধুনিক সভ্যতা-সংস্কৃতিত বিজ্ঞানৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা সততে বিদ্বৎ সমাজ আৰু সমাজৰ সাধাৰণ লোকৰ মাজত আলোচনা কৰিছে৷ আনকি জীৱনৰ অধিকাংশ সময় তেওঁ ভাৰতত বিজ্ঞান শিক্ষাৰ বিকাশৰ ক্ষেত্ৰত মাতৃভাষাৰ জৰিয়তে শিক্ষাদানৰ গুৰুত্বৰ বিষয়টো অতি সাৱলীলভাৱে উত্থাপন কৰিছে আৰু ইয়াৰ হকে বিভিন্ন কৰ্মসূচীত অংশগ্ৰহণ কৰিছে৷ তেৱেঁই কুৰি শতিকাৰ একমাত্ৰ ভাৰতীয় পদাৰ্থবিদগৰাকী, পদাৰ্থবিজ্ঞানলৈ যাৰ একমাত্ৰ গুৰুত্বপূৰ্ণ অৱদানটো আধুনিক পদাৰ্থবিজ্ঞানৰ ভেঁটিত অপৰিহাৰ্য হিচাপে যাউতীযুগীয়া হৈ ৰব৷

১৮৯৪ চনৰ ১ জানুৱাৰি‍ত কলিকতাত সত্যেন্দ্ৰ নাথ বসুৰ জন্ম হয়৷ পিতৃ সুৰেন্দ্ৰ নাথ বসু ইষ্ট্ ইণ্ডিয়ান ৰেইলৱেজৰ ইঞ্জিনিয়াৰিং বিভাগৰ গাণনিক আছিল৷ সুৰেন্দ্ৰ নাথ বসু গাণিতিক চৰ্চা আৰু বিজ্ঞানৰ বিভিন্ন বিষয়ৰ প্ৰতি আগ্ৰহী আছিল, লগতে হিন্দু দৰ্শন সম্পৰ্কেও অধ্যয়ন কৰিছিল৷ মাতৃ আমোদিনী দেৱী স্বল্পশিক্ষিতা হলেও ঘৰ-সংসাৰ চলোৱাত নিপুণ আছিল৷ এওঁলোকৰ জ্যেষ্ঠ সন্তান তথা একমাত্ৰ পুত্ৰ সত্যেন্দ্ৰ নাথ ডাঙৰ-দীঘল হৈছিল ছগৰাকী ভনীয়েকৰ লগত৷ সৰুৰে পৰা মেধা আৰু প্ৰখৰ স্মৃতিশক্তিৰ পৰিচয় দিয়া সত্যেন্দ্ৰ নাথ তেতিয়াৰ অতি ওখ খাপৰ হিন্দু স্কুলৰ পৰা হাইস্কুলীয়া শিক্ষা সাং কৰি প্ৰেছিডেঞ্চি কলেজৰ পৰা ক্ৰমে আই.এছচি., বি.এছচি. আৰু এম.এছচি.-ত অতি সুখ্যাতিৰে উত্তীৰ্ণ হয়৷ স্নাতক আৰু স্নাতকোত্তৰ শ্ৰেণীত সত্যেন্দ্ৰ নাথৰ ভালেমান সহপাঠী আছিল যিসকলে পাছলৈ বিজ্ঞানৰ ক্ষেত্ৰত সুনাম আৰ্জিছিল৷ এই দুই শ্ৰেণীত আন এজন প্ৰখ্যাত জ্যোতিৰ্বিজ্ঞানী  মেঘনাদ সাহা আছিল তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বীয় সহপাঠী৷

কুৰি শতিকাৰ প্ৰথম দুটা দশকৰ ভিতৰত ভাৰতীয় লোকৰ জাতীয়তাবাদী চেতনাৰ দ্ৰুত বিকাশ ঘটে৷ ১৯০৫ চনত লৰ্ড কাৰ্জনৰ বঙ্গ বিভাজনৰ ফলত বঙ্গত জাতীয়তাবাদী চেতনা জাগ্ৰত হৈ উঠিল৷ ইতিমধ্যে ভাৰতীয় লোকে ব্ৰিটিছৰ ঔপনিৱেশিক শোষণ-শাসনৰ মাজতে বিজ্ঞান আৰু প্ৰযুক্তিৰ প্ৰয়োগৰ সুফল দেখিবলৈ পাইছিল৷ সেয়েহে এচাম সজাগ ভাৰতীয় লোকে বিজ্ঞান আৰু কাৰিকৰী দিশত নিজৰ লোকক প্ৰশিক্ষিত কৰাৰ প্ৰয়োজনীয়তা উপলব্ধি কৰি এনে শিক্ষাৰ ব্যৱস্থা কৰিবলৈ ব্ৰিটিছ শাসকক হেঁচা দিবলৈ ধৰিলে৷ ভাৰতৰ বিভিন্ন ঠাইত ভাৰতীয় লোকে নিজাববীয়াকৈ এনে অনুষ্ঠান আৰম্ভ কৰিবলৈ ললে যেনে বৰোদাত ১৮৯০ চনত কলাভৱন, বাঙ্গালোৰত ১৯১৯ চনত ইণ্ডিয়ান ইনষ্টিটিউট্ অৱ ছায়েন্স, কলিকতাত ১৯০৫ চনত নেশ্যনেল এডুকেশ্বন কাউন্সিলে স্থাপন কৰা বেঙ্গল নেশ্বনেল কলেজ আৰু বেঙ্গল টেক্‌নিকেল ইনষ্টিটিউট্ আদি৷ অৱশ্যে ১৯০৪ চনৰ পাছৰ পৰা বিশ্ববিদ্যালয়তো বিজ্ঞানৰ বিভিন্ন বিষয়ত স্নাতকোত্তৰ শ্ৰেণী খুলিবলৈ লয়৷ ইয়াৰ আগতে ১৮৭৬ চনতেই চিকিৎসাবিদ ডাঃ মহেন্দ্ৰলাল সৰকাৰে ভাৰতীয় লোকে বিজ্ঞানৰ বিভিন্ন বিষয়ত আলোচনা আৰু চৰ্চা কৰিব পৰাকৈ ইণ্ডিয়ান এছচিয়েশ্বন ফৰ কাল্টিভেশ্বন অৱ ছায়েন্স নামৰ অনুষ্ঠান এটা কলিকতাত স্থাপন কৰে৷ এইটো অনুষ্ঠানৰ প্ৰেৰণাতে কলিকতাত জগদীশ চন্দ্ৰ বসু, প্ৰফুল্ল চন্দ্ৰ ৰায় এই দুগৰাকী বিজ্ঞানীয়ে গুৰুত্বপূৰ্ণ বৈজ্ঞানিক আৱিষ্কাৰ কৰি আন্তৰ্জাতিক ক্ষেত্ৰত খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হয়৷ আধুনিক বিজ্ঞানৰ শিক্ষা আৰু গৱেষণাৰ প্ৰতি ওপজা উৎসাহলৈ জাতীয়তাবাদী চিন্তায়ো সাৰ-পানী যোগালে৷ সেয়েহে কলিকতা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হৈ ১৯০৮ চনৰ পৰাই অশুতোষ মুৰ্খাজীয়ে কলিকতা বিশ্ববিদ্যালয়ত বিজ্ঞানৰ বিভিন্ন বিভাগত গৱেষণাৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনি গঢ়ি তুলিবলৈ অহোপুৰুষাৰ্থ কৰিলে৷ ব্ৰিটিছ চৰকাৰৰ অমনোযোগিতালৈ কেৰেপ নকৰি তেওঁ দানবীৰৰ সহায়ত শকত পুজি গোটাই বিজ্ঞানৰ বিভাগীয় অধ্যাপকৰ পদ সৃষ্টি কৰিলে, য়ুনিৰ্ভাছি‍টি ছায়েন্স কলেজ স্থাপন কৰি বিজ্ঞানৰ বিভিন্ন বিষয়ত স্নাতকোত্তৰ শ্ৰেণী খুলিলে আৰু গৱেষণাৰ বাবে যাৱতীয় পৰিৱেশ গঢ়ি তুলিলে৷ ঠিক এই সময়তে ১৯১৫ চনত, স্নাতকোত্তৰ শ্ৰেণী সুখ্যাতিৰে উত্তীৰ্ণ হোৱা সাহা আৰু বসুৱে উপাচাৰ্যক লগ ধৰি পদাৰ্থ বিজ্ঞানত তেওঁলোকৰ গৱেষণাৰ ধাউতিৰ কথা জনালে৷ সদ্যোত্তীৰ্ণ এই দুই মেধাবী ছাত্ৰক শিক্ষক হিচাপে নিয়োগ কৰি উপাচাৰ্য অশুতোষ মুৰ্খাজীয়ে তেওঁলোকক নতুন পাঠ্যক্ৰম যুগুতাই পঢ়োৱাৰ দায়িত্ব দিলে৷ দুই বন্ধুৱে পদাৰ্থবিজ্ঞানৰ বিভিন্ন বিষয়বোৰ ভগাই লৈ উপযুক্ত পাঠ্যক্ৰম প্ৰস্তুত কৰি শিক্ষকতাত মনোনিৱেশ কৰাই নহয়, গৱেষণাৰ কামতো আগুৱাই গল৷ ইংলেণ্ডৰ বৈজ্ঞানিক আলোচনীত বেলেগে বেলেগে দুয়োৰে গৱেষণা পত্ৰও প্ৰকাশ পালে৷ ইতিমধ্যে ১৯২১ চনত ডি. এছচি‍., ডিগ্ৰী লাভ কৰি সাহাই ১৯২২ চনত বৃত্তি পাই ইংলেণ্ডলৈ গল গৱেষণা কৰিবলৈ আৰু ঢাকাত স্থাপিত হোৱা নতুন বিশ্ববিদ্যালয়ৰ বিচক্ষণ উপাচাৰ্যগৰাকীয়ে বসুক আমন্ত্ৰণ জনালে ঢাকা বিশ্ববিদ্যালয়ত পদাৰ্থবিজ্ঞান বিভাগত অধ্যাপনা কৰিবলৈ। সেয়েহে, ১৯২১ চনৰ জানুৱাৰি‍ মাহৰ পৰা বসুৱে ঢাকা বিশ্ববিদ্যালয়ত কৰ্মজীৱন আৰম্ভ কৰিলে৷

আশুতোষ মুৰ্খাজীয়ে নিদেৰ্শমতেই পদাৰ্থবিজ্ঞানৰ পাঠ্যক্ৰমত কুৰি শতিকাৰ প্ৰথম দুই দশকত গঢ়ি উঠা কোৱাণ্টাম তত্ত্ব আৰু আপেক্ষিকতাবাদৰ দৰে অত্যাধুনিক বিষয়সমূহ সুমুৱাবলৈ সাহা আৰু বসুৱে অহোপুৰুষাৰ্থ কৰিলে৷ পদাৰ্থবিজ্ঞানৰ আন এজন কৃতী ছাত্ৰ প্ৰশান্ত চন্দ্ৰ মহালানবিশৰ লগ লাগি তিনিও আইনষ্টাইনৰ আপেক্ষিকতাবাদ সম্পৰ্কীয় গৱেষণাপত্ৰসমূহ ইংৰাজীলৈ অনুবাদ কৰি আইনষ্টাইনৰ অনুমতি সাপেক্ষে প্ৰকাশ কৰিছিল৷ পদাৰ্থবিজ্ঞানৰ নতুন বিষয়বস্তুৰ বিষয়ে অৱগত হবলৈ তেওঁলোকৰ অপৰিসীম আগ্ৰহ, আৰু ইয়াৰ বাবে প্ৰয়োজনীয় কষ্ট স্বীকাৰৰ কথা এই প্ৰাৰম্ভিক কাৰ্যাৱলীৰ পৰাই অনুমান কৰিব পাৰি৷ ১৯২১ চনত ঢাকা বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিবলৈ গৈ গোটেই বিভাগটো গঢ় দিওঁতেও বসুৱে যথেষ্ট কষ্ট কৰিবলগীয়া হৈছিল৷ স্নাতকোত্তৰ শ্ৰেণীত পাঠদান কৰাৰ মাজতেই তেওঁ তেওঁৰ তাৎপৰ্যপূৰ্ণ ধাৰণাটো আৱিষ্কাৰ কৰে৷

কথাটো এনেকুৱা ১৯০০ চনত জাৰ্মান বিজ্ঞানী মেক্স প্লাংকে এটা অনুমান আগ বঢ়ালে যে পোহৰ আৰু আন পদাৰ্থৰ মাজত শক্তিৰ আদান প্ৰদান এনেকৈ হয় যেন শক্তিৰ একোটা নিৰ্দিষ্ট একক আছে, অৰ্থাৎ এক সুনিৰ্দিষ্ট পৰিমাণৰ জোখতহে যেন শক্তিৰ আদান প্ৰদান হয়৷ এই অনুমানটো ব্যৱহাৰ কৰি তেওঁ বহুত দিন ধৰি ব্যাখ্যা কৰিব নোৱৰা হৈ থকা পৰীক্ষামূলক তথ্য কিছুমান সুন্দৰকৈ ব্যাখ্যা কৰিলে৷ সেই সময়ত কোনো পৰ্দাথবিজ্ঞানীয়েই নিৰ্দিষ্ট পৰিমাণৰ শক্তিৰ গোটৰ অনুমানটো সঁচা বুলি মানি লোৱা নাছিল আনকি মেক্স প্লাংকে নিজেও৷ কিন্তু আন কোনো উপায়েৰেই যে পৰীক্ষালব্ধ তথ্যৰ শুদ্ধ ব্যাখ্যা পোৱা নাযায়৷ পদাৰ্থ বিজ্ঞানত এই বুলি ধৰা হয় যে অনুমান বা তত্ত্ব এটা যিমানেই উদ্ভ যেন নালাগক, ইয়াৰ সহায়েৰে যদি পৰীক্ষামূলক তত্ত্ব বা প্ৰাকৃতিক পৰ্যবেক্ষণ ব্যাখ্যা কৰিব পাৰি, তেনে অনুমান বা তত্ত্বক সাময়িকভাৱে হলেও সত্য বুলি মানিবই লাগিব৷ কিমান পাৰি সিমান নিখুঁত জোখ-মাপ লৈও দেখা গল প্লাংকৰ সূত্ৰই এইসমূহ তথ্যক নিখুঁতভাৱে ব্যাখ্যা কৰিব পাৰিছে৷ আইনষ্টাইনে প্লাংকৰ অনুমানৰ আৰু এঢাপ ওপৰলৈ গৈ অনুমান আগ বঢ়ালে যে পোহৰে কণিকাৰ ৰূপতেই বিভিন্ন পদাৰ্থৰ লগত আন্তঃক্ৰিয়া কৰে৷ পোহৰক এবিধ কণিকা বুলি অনুমান কৰি তেওঁ আন এটি গুৰুত্বপূৰ্ণ পৰিঘটনাৰ অতি সন্তোষজনক ব্যাখ্যা আগ বঢ়ালে৷ পাছলৈ আইনষ্টাইনে নিজেও প্লাংকৰ সূত্ৰটোক বিকল্প উপায়েৰে উলিয়াইছিল, পিছে এইবোৰো সকলোৰে মনঃপুত নহল৷ ১৯২৪ চনত শ্ৰেণীকোঠাত ছাত্ৰ-ছাত্ৰীৰ আগত প্লাংকৰ সূত্ৰৰ ব্যুৎপত্তি দিবলৈ গৈ বসুৱে আকৌ এবাৰ চিন্তা কৰি এটা নতুন অনুমান আগ বঢ়াই সূত্ৰটোৰ সন্তোষজনক ব্যুৎপত্তি দিব পাৰিলে৷ এনে নতুন ধাৰণা প্ৰচাৰ কৰাৰ কাৰণেই বিজ্ঞান-জগতৰ বিশিষ্ট বৈজ্ঞানিক আলোচনীসমূহ থাকে৷ ইংলেণ্ডৰ তেনে এখন আলোচনীলৈ তেওঁ গৱেষণাপত্ৰখন প্ৰেৰণ কৰিলে, কিন্তু প্ৰকাশ নোহোৱাত আইনষ্টাইনলৈ এখন চিঠিৰে তেওঁ অনুৰোধ জনালে যে আইনষ্টাইনে তেওঁৰ প্ৰবন্ধটো পঢ়ি প্ৰকাশৰ যোগ্য বুলি ভাবিলে তেওঁ যেন জাৰ্মান ভাষালৈ অনুবাদ কৰি প্ৰবন্ধটো জাৰ্মানৰ আলোচনী এখনত প্ৰকাশৰ ব্যৱস্থা কৰে৷ আইনষ্টাইনে প্ৰবন্ধটো পঢ়ি ভাল পোৱাই নহয়, ইয়াৰ অনুবাদ কৰি পঠাওঁতে লগতে প্লাংকৰ সূত্ৰৰ বসুৱে কৰা ব্যুৎপত্তি এক বহুমূলীয়া অৱদান বুলি টোকা এটাও সন্নিৱিষ্ট কৰি দিলে৷ প্ৰায় লগে লগেই বসুৰ অনুমানৰ সহায় লৈ আইনষ্টাইনে নিৰ্দিষ্ট কেতবোৰ অণুৰ ক্ষেত্ৰত পদাৰ্থৰ এটা বিশেষ অৱস্থা সৃষ্টি হব বুলি দেখুৱালে যত অতি নিম্ন তাপমানত এনেবোৰ অনুৱে এটা থূলত থূপ পাতি ঘনীভূত অৱস্থাত থাকিব পাৰে ইয়াক পদাৰ্থৰ পঞ্চম অৱস্থা বা বসু-আইনষ্টাইন ঘনীভৱন বুলিও জনা যায়৷ স্মৰ্তব্য যে ১৯৯৫ চনত আমেৰিকাৰ দুটা গৱেষণাগাৰত গৱেষকৰ দলে এনে অৱস্থা সৃষ্টি কৰি দেখুৱায়৷

বসুৰ অনুমানটোত নিহিত ধাৰণাটো হল নিৰ্দিষ্ট ৰঙৰ পোহৰকণা বা ফটনসমূহ সাইলাখ একে এটাক আনটোৰ পৰা পৃথকে চাব নোৱাৰি৷ কোৱাণ্টাম ধৰ্ম মনা এনে কণাৰ বৃহৎ সংখ্যকৰ আচৰণ ইতিমধ্যে জ্ঞাত ধ্ৰুপদী পৰিসাংখ্যিকীয় আচৰণতকৈ সম্পূৰ্ণ আচহুৱা৷ সেয়েহে ইয়াক কোৱাণ্টাম পৰিসাংখ্যিকী বোলে৷ দেখা যায় যে প্ৰকৃতিত মাথোন দুটা প্ৰকাৰৰ কোৱাণ্টাম পৰিসাংখ্যিকীয় আছে তাৰে প্ৰথমবিধ বসুৱে উলিওৱা আৰু যিহেতু ক্ষুদ্ৰ কণিকাৰ ক্ষেত্ৰত আইনষ্টাইনেই এই আচৰণ প্ৰয়োগ কৰি এনেবোৰ কণিকাৰ কেতবোৰ ধৰ্ম সুনিৰ্দিষ্ট কৰি দিলে সেয়েহে ই বসু আইনষ্টাইন বা বসু পৰিসাংখ্যিকী নামেৰে জনাজাত হল৷ আনবিধক উদ্ভাৱক দুজনএনৰিক ফাৰ্মি আৰু পল ডিৰাকৰ নামেৰে ফাৰ্মি-ডিৰাক বা ফাৰ্মি পৰিসাংখ্যিকী বোলা হয়৷ ক্ষুদ্ৰ কণিকাৰ সমূহীয়া আচৰণ নিৰ্ণয় কৰা দুই পৰিসাংখ্যিকীয়ে ক্ষুদ্ৰ কণিকাৰ দুটা নিৰ্দিষ্ট শ্ৰেণী নিৰ্ণয় কৰে৷ এইসমূহ কণিকাৰ দ্বাৰাই সকলো অনু-পৰমাণু আদি সৃষ্টি হৈছে৷ সেয়েহে এই শ্ৰেণী বিভাজন অতিকৈ গুৰুত্বপূৰ্ণ৷ এই দুই শ্ৰেণীৰ কণাসমূহক ক্ৰমে বসন আৰু ফাৰ্মিয়ন বোলে৷ পোহৰকণা এটা বসন, হিলিয়াম পৰমাণু আন এবিধ বসন৷ ঠিক সেইদৰে ইলেক্ট্ৰন, প্ৰটন আদি ফাৰ্মিয়ান৷ আনহাতে, ২০১২ চনত আৱিষ্কাৰ হোৱাৰ সময়ত পৃথিৱী জুৰি খলক লগোৱা হিগ্‌চ বসন কণিকাও এটি বসন৷ সেয়েহে অনুমান কৰিব পাৰি পদাৰ্থ কণিকা জড়িত এই তত্ত্বসমূহত লগত সাঙোৰ খাই থকা বসনসমূহ যুগে যুগে বিজ্ঞানী সত্যেন্দ্ৰ নাথ বসুৰ নাম অজৰ অমৰ কৰি ৰাখিব৷

বসুৰ উক্ত গৱেষণাৰ ফল ইমান গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হল কিয়? কাৰণ যোৱা শতিকাৰ আৰম্ভণিৰ পৰাই প্ৰায় আঢ়ৈ দশক জুৰি পোহৰ আৰু পদাৰ্থৰ অতি ক্ষুদ্ৰ কণিকাৰ আচৰণসমূহ অবোধ্য আছিল আৰু পদাৰ্থবিজ্ঞানী সমাজে এই ধৰ্মসমূহ জানিবলৈ অহোপুৰুষাৰ্থ কৰি আছিল৷ বিষয়টোৰ সম্পৰ্কে ১৯২৩-২৬ চনৰ ভিতৰত প্ৰকাশ পোৱা মৌলিক ধাৰণাসমূহৰ অতি গুৰুত্বপূৰ্ণ গৱেষণাপত্ৰৰ ভিতৰত বসুৰ ধাৰণাটোকো স্থান দিছে এগৰাকী বিজ্ঞানৰ ইতিহাসবিদে৷ ইয়াৰ আন কেয়োজন পদাৰ্থবিদেই সন্মানীয় পদাৰ্থবিজ্ঞানৰ নবেল বঁটা লাভ কৰিলে, বাদ পৰিল কেৱল সত্যেন্দ্ৰ নাথ বসুহে৷ এই লৈ অৱশ্যে বসুৱে কাহানিও ক্ষোভ কৰা নাছিল৷ কিন্তু তেওঁৰ অনুগামীসকলৰ ক্ষোভৰ অন্ত নাই৷

অতি আকষৰ্ণীয় ব্যক্তিত্ব আছিল বসুৰ৷ স্কুলত পঢ়ি থকা অৱস্থাতে ১৯০৫ চনৰ বঙ্গ বিভাজনৰ ঘটনাই সমগ্ৰ বঙ্গত যি জাতীয়তাবাদী স্বদেশী জাগৰণৰ সৃষ্টি কৰিলে, তেওঁকো ই ভালদৰে স্পৰ্শ কৰিছিল৷ পঢ়া-শুনাৰ লগতে তেওঁ নিয়মিত শৰীৰ-চৰ্চা, সঙ্গীত-চৰ্চা আদিও চলাই গৈছিল৷ পাছলৈ সাহিত্য, সংস্কৃতি, শিল্প বিষয়ৰ নানা নিয়মীয়া বৈঠকত ভাগ লৈ তেওঁ উদাৰ মানৱতাবাদী দৃষ্টিভঙ্গী আয়ত্ত কৰি জীৱন নিৰ্বাহ কৰিছিল৷ উনবিংশ শতিকাৰ মাজৰে পৰাই ঘাইকৈ বঙ্গৰ বিদ্বৎ সমাজক আলোড়িত কৰা নৱজাগৰণৰ কাণ্ডাৰী আৰু ন ন চিন্তাৰ বাহকসকলৰ প্ৰতি অকুণ্ঠ শ্ৰদ্ধা আৰু প্ৰশংসা তেওঁৰ লেখা আৰু বক্তৃতাসমূহত প্ৰকাশ পাইছিল৷ ঢাকা বিশ্ববিদ্যালয়ত থকাৰ সময়তো তেওঁ কলিকতাৰ আৰ্হিত নিয়মিত আলোচনা বৈঠকত ভাগ লৈ সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰখনৰ লগত সংযোগ ৰক্ষা কৰি চলিছিল৷ অৱশ্যে বিজ্ঞানৰ বিষয়তেই অধিক আগ্ৰহী আছিল তেওঁ৷  আনকি ঢাকাৰ পৰা বিজ্ঞান পৰিচয় নামৰ বিজ্ঞান সম্পৰ্কীয় আলোচনী এখন প্ৰকাশ কৰি বাংলা ভাষাত সাধাৰণ মানুহৰ মাজত বিজ্ঞান প্ৰচাৰৰ কৰ্মত ব্ৰতী হৈছিল৷ কবিগুৰু ৰবীন্দ্ৰ নাথে বসুৰ প্ৰচেষ্টাক অভিনন্দন জনাই তেওঁৰ একমাত্ৰ বিজ্ঞান বিষয়ৰ গ্ৰন্থ বিশ্ব পৰিচয়’-খন বসুৰ নামত উৎসৰ্গা কৰিছিল৷ পাছলৈ ঢাকাৰ পৰা কলিকতালৈ আহি ১৯৪৮ চনত কলিকতাত বঙ্গীয় বিজ্ঞান পৰিষদ নামৰ অনুষ্ঠান গঢ়ি জনসাধাৰণৰ মাজত বৈজ্ঞানিক ধ্যান-ধাৰণাৰ প্ৰচাৰত ব্ৰতী হয়৷ জ্ঞান ও বিজ্ঞান নামৰ আলোচনী এখনৰ প্ৰকাশৰো ব্যৱস্থা কৰে৷

বলৈ গলে ভাৰতৰ বিজ্ঞান জগতত সত্যেন্দ্ৰ নাথ বসুৰ স্থান অনন্য— তেওঁৰ জীৱনজোৰা কৰ্মৰাজিৰ মাজেৰেই এই অনন্যতা চকুত নপৰাকৈ নাথাকে৷ তেওঁ দাৰ্শনিক বিজ্ঞানীয়েই নাছিল, আছিল এজন মানৱ দৰদী জ্ঞানপিপাসুও৷ ভাৰতৰ বৈচিত্ৰ্যময় সভ্যতা-সংস্কৃতিৰ পৰম্পৰা কৃতজ্ঞচিত্তে স্বীকাৰ কৰিও তেওঁ আধুনিক বিজ্ঞানৰ যুক্তিনিৰ্ভৰতাৰ পক্ষত দৃঢ়ভাৱে আছিল৷ সেয়েহে বিজ্ঞান আৰু বৈজ্ঞানিক বিষয়সমূহক কোনোবাই হেয়জ্ঞান কৰিলে, তেওঁ দৃঢ়ভাৱে বিজ্ঞানৰ পক্ষ লব পাৰিছিল৷ প্ৰকৃতিৰ শক্তিভাণ্ডাৰৰ পৰা সংগ্ৰহ কৰা জ্ঞানৰ ওপৰত মানৱ সভ্যতা প্ৰতিষ্ঠা কৰা বা বিজ্ঞানৰ জৰিয়তেই দাৰিদ্ৰ্য আৰু ৰোগপীড়াৰ পৰা মুক্তি পাই মানুহৰ উন্নত জীৱন-যাপনৰ আহিলা আহৰণ আদি বিষয়ৰ প্ৰতি তেওঁ সজাগ আছিল৷ বিশেষকৈ ভাৰতৰ ক্ষেত্ৰত বিজ্ঞানৰ বিষয়বস্তুবোৰ সৰ্বসাধাৰণে সহজে বুজি পাবলৈ তেওঁ মাতৃভাষাত শিক্ষাদানৰ গুৰুত্বৰ কথা গভীৰভাৱে উপলব্ধি কৰিছিল৷ মাতৃভাষাৰ জৰিয়তে শিক্ষাদানৰ পোষকতা কৰি তেওঁ আনকি ইংৰাজী হটাও ধ্বনি তুলি সৰ্বভাৰতীয় সংগঠন এটাৰ লগতো জড়িত আছিল৷ মাতৃভাষাৰ মাধ্যমেৰে শিক্ষাৰ বিষয়টোত আন কোনো ভাৰতীয় বিজ্ঞানীয়েই ইমান দৃঢ় অৱস্থান লোৱা নাছিল৷ তেওঁ আনকি স্নাতকোত্তৰ শ্ৰেণীতো বাংলা ভাষাত পাঠদান কৰি শিক্ষাৰ ক্ষেত্ৰত মাতৃভাষাৰ প্ৰয়োগৰ উৎকৃষ্টতাৰ উদাহৰণ দাঙি ধৰিছিল৷ স্বাধীনতাৰ পৰৰ্ৱৰ্তী কালত ব্ৰিটিছৰ দিনৰ পৰা চলি অহা চাকৰিজীৱী সৃষ্টিকাৰী শিক্ষাৰ সলনি তেওঁ নতুন শিক্ষানীতি প্ৰৱৰ্তনৰ পোষকতা কৰিছিল যি শিক্ষাৰ জৰিয়তে আত্মনিৰ্ভৰশীল নাগৰিক গঢ়ি সঁচা অৰ্থত দেশক স্বাধীন কৰিব পাৰি৷ প্ৰচলিত পদ্ধতিয়ে মুখস্থ কৰিবলৈ প্ৰৰোচিত কৰে, ইয়াত যে শিক্ষণীয় বিষয়বস্তুৰ সাৰতত্ত্ব সম্পৰ্কে সম্যক জ্ঞান নোপজায় সেই বিষয়ে মই নিঃসংশয় বুলি এনে শিক্ষানীতি তেওঁ কঠোৰভাৱে সমালোচনা কৰিছিল৷ পণ্ডিত, ডাক্তৰ, উকীল, অভিযন্তা, বিজ্ঞানী, প্ৰযুক্তিবিদ, ব্যৱসায়ী, চৰকাৰী আমোলা আদিয়ে মাতৃভাষাত নিজৰ কামৰ কথাবিলাক চিন্তা কৰিব পাৰিব লাগিব৷ তেহে ভাষাটো মুখৰ, মনৰ আৰু কামৰ ভাষা হ’— এয়াই আছিল মাতৃভাষাত শিক্ষাদান সম্পৰ্কে তেওঁৰ মৌলিক ধাৰণা৷ তেওঁৰ উপলব্ধিত মাতৃভাষাৰ জৰিয়তেই সাধাৰণ মানুহৰ নাড়ীৰ লগত সংযুক্ত হৈ ভাষাটোকো ভাল পাব, ইয়াক সমৃদ্ধ কৰিব পাৰিব৷ আৰু সাধাৰণ লোকেও ওপৰ মহলাৰ চিন্তা-চৰ্চাৰ লগত যুক্ত হৈ অধিক আত্মবিশ্বাসী হব পাৰিব। তেওঁৰ মতে মাতৃভাষাৰ জৰিয়তে শিক্ষাদানৰ এয়াই সুফল৷

দেশৰ সকলো দিশত উন্নতিৰ লগত যে মাতৃভাষাত শিক্ষাদানৰ কথাটো জড়িত এই ক্ষেত্ৰত বিশেষকৈ জাপানৰ উদাহৰণ দিবলৈ তেওঁ ভাল পাইছিল৷ জাপানী ভাষাৰ প্ৰতি জাপানীসকলৰ আনুগত্যই বিজ্ঞান-প্ৰযুক্তিৰ ক্ষেত্ৰত জাপানৰ অভূতপূৰ্ব সাফল্যৰ চাবিকাঠি বুলি তেওঁ পতিয়ন গৈছিল৷ সেয়েহে বাংলা ভাষাক বিজ্ঞান চৰ্চাৰ ক্ষেত্ৰত উপযুক্ত কৰি তুলিবলৈ তেওঁ বৈজ্ঞানিক প্ৰতিশব্দৰ ভঁৰাল টনকিয়াল কৰিবলৈ নিজেও চেষ্টা কৰিছিল, আনকো উদনি দিছিল৷ বাংলা ভাষাক বৈজ্ঞানিক চিন্তা-চৰ্চাৰ বাহন হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টাত জন্ম লোৱা বঙ্গীয় বিজ্ঞান পৰিষদ’-এ আজিও তেওঁৰ এই চিন্তা-চৰ্চাসমূহ বহন কৰি আহিছে৷ দুৰ্ভাগ্যবশতঃ স্বাধীনতাৰ পঁয়সত্তৰ বছৰৰ পাছতো ভাৰতত শিক্ষা ব্যৱস্থাত এনে ধৰণৰ পৰিৱৰ্তন সুদূৰপৰাহত হৈয়ে ৰল৷

আচৰিত কথা, বসুলৈ ৰাজহুৱা বিদ্যায়তনিক সন্মানবিলাক পলমকৈহে আহিল৷ ১৯৫৪ চনত ভাৰত চৰকাৰে তেওঁক ৰাজ্যসভালৈ মনোনীত কৰে আৰু একে বছৰতে দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণেৰে সন্মানিত কৰে৷ ১৯৫৬ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা অৱসৰ লোৱাৰ পাছত শান্তিনিকেতনত থকা কবিগুৰু ৰবীন্দ্ৰনাথৰ বিশ্বভাৰতীৰ উপাচাৰ্য পাতে৷ ১৯৫৮ চনতহে তেওঁ ইংলেণ্ডৰ ৰয়েল ছচাইটিৰ সদস্য নিৰ্বাচিত হয়৷ ১৯৫৯ চন মানৰ পৰা মৃত্যু পৰ্যন্ত তেওঁ ৰাষ্ট্ৰীয় অধ্যাপকৰ পদ শুৱনি কৰে৷ প্ৰশান্ত মহালানবিশৰ মৃত্যুৰ পাছত তেওঁ ১৯৬৭ চনৰ পৰা মৃত্যুৰ সময়লৈকে ইণ্ডিয়ান ষ্টেটিষ্টিকেল ইনষ্টিটিউটৰ পৰিচালকমণ্ডলীৰ সভাপতি হৈ অনুষ্ঠানটোৰ গুৰি ধৰি আছিল৷

১৯৭৪ চনত জানুৱাৰি‍ মাহত বসুৰ আশী বছৰীয়া জন্মদিৱসৰ লগতে তেওঁৰ গুৰুত্বপূৰ্ণ আৱিষ্কাৰ প্ৰকাশ কৰা গৱেষণাপত্ৰখনৰ সোণালী জয়ন্তী উদ্‌যাপন কৰিবলৈ কলিকতাত এখন আন্তৰ্জাতিক সন্মিলন অনুষ্ঠিত হয়৷ একে বছৰৰ ফ্ৰেব্ৰুৱাৰি‍ মাহৰ ৪ তাৰিখে তেওঁৰ দেহাৱসান হয়৷ বিভিন্ন বিষয়ৰ প্ৰতি থকা বসুৰ ৰাপৰ কথা মনত ৰাখি ১৯৮৬ চনত কলিকতাত ভাৰত চৰকাৰে সত্যেন্দ্ৰ নাথ বসু মৌলিক বিজ্ঞানৰ জাতীয় কেন্দ্ৰ’— Satyendra Nath Bsse National Centre for Basic Science (SNBNCBS.) স্থাপন কৰি এই মানৱদৰদী বিজ্ঞানী দাৰ্শনিকগৰাকীলৈ শ্ৰদ্ধা জনাইছে৷

(ইচ্ছুক পাঠকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰকাশন শাখাই প্ৰকাশ কৰা বৰেণ্য বিজ্ঞানী গ্ৰন্থমালা’-ৰ অন্তৰ্গত সত্যেন্দ্ৰনাথ বসু’ (২০১৪)-খন পঢ়ি চাব পাৰে৷ প্ৰবন্ধটোৰ কিয়দংশ বাদ দি মূল পাঠটো ২২ ছেপ্টেম্বৰত ডিব্ৰুগড় আকাশবাণী কেন্দ্ৰই প্ৰচাৰ কৰিছিল৷ লেখক)

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ