ৰত্না ভৰালী তালুকদাৰ
অন্যযুগ/
সৌৰভ কুমাৰ চলিহাৰ গল্প— এটি অৱলোকন
The choice to read is always with the reader. If you do not like a book, throw it away. There is no compulsion to read a book. Literary tastes may vary – what is right and acceptable to one may not be so to others. Yet, the right to write is unhindered.
— Madras High Court, July 5, 2016
২০১৬ চনৰ পাঁচ জুন তাৰিখে মাদ্ৰাছ উচ্চ ন্যায়ালয়ে প্ৰদান কৰা উক্ত ৰায়দানটো আমোদজনক, ইয়াত কোৱা হৈছে পাঠকৰ পছন্দ আৰু লেখকৰ স্বাধীনতাৰ কথা। ২০১০ চনত তামিল ভাষাৰ লেখক পেৰুমল মুৰুগানৰ ‘মধৰুবগন’নাম এক উপন্যাস প্ৰকাশ পায়, পৰৱৰ্তী সময়ত ২০১৪ চনত উপন্যাসখন One part Womanনামেৰে ইংৰাজীলৈ অনুদিত হয়। কিন্তু উপন্যাসখনে জাত-পাতত বিশ্বাসী ধৰ্মীয় গোড়ামীৰ উপাসকসকলক বিতুষ্ট কৰে, যাৰ বাবে তেওঁ বাস কৰা চহৰ নামাক্কালৰপৰা বিতাডি়ত হবলৈ বাধ্য হয়। মানসিক অত্যাচাৰত জৰ্জৰিত হৈ তেওঁ ২০১৫ চনত নিজৰ ফে’চবুকৰ দেৱালত ‘লেখক পেৰুমল মুৰুগান মৃত’ বুলিও ঘেষণা কৰিছিল। কিন্তু ধৰ্মীয় মৌলবাদীসকলে লেখকগৰাকীৰ বিৰুদ্ধে আদালতত তৰা এক গোচৰ পৰৱৰ্তী সময়ত মাদ্ৰাছ উচ্চ ন্যায়ালয়ে প্ৰত্যাহাৰ কৰি উক্ত ঐতিহাসিক ৰায় প্ৰদান কৰে, য’ত লেখকৰ স্বাধীনতাক মান্যতা প্ৰদান কৰা হয়। পেৰুমল মুৰুগানৰ সেই অভিজ্ঞতাৰ বিষয়ে এটি লিখনি প্ৰকাশো পাইছিল ‘দ্য টাইমচ অৱ ইণ্ডিয়া’ কাকতত ‘The only thing that can protect a writer’s freedom is you, the reader’-শীৰ্ষক এটি নিবন্ধত, য’ত তেওঁ কৈছে সমকালীন জনপ্ৰিয় সাহিত্যই কোনো প্ৰশ্নৰ অৱতাৰণা নকৰে, বা চলিত জীৱনৰ ওপৰত নতুন আলোকপাত নকৰে।বৰং আমাৰ সংস্কৃতি আৰু সভ্যতাৰ চৰ্বিত-চৰ্বণ কথাবোৰকেই উজলাই তোলে। একঘেয়ামিৰ আৱৰ্তত থাকিব খোজা, আৰু কোনো ধৰণৰ অসুবিধাজনৰ প্ৰশ্নৰ সন্মুখীন হবলৈ সাজু নোহোৱা পাঠকে তেনেধৰণৰ সাহিত্যকেই পুৰস্কৃত কৰিব বিচাৰে—এইবুলি বুলি তেখেতে নিবন্ধটিত উল্লেখ কৰিছে। (নিবন্ধৰ লিংক তলত দিয়া হৈছে)
এটি লেখকসত্তা একে সময়তে এটি সৃষ্টিশীল সত্তা। গোড়া মৌলবাদীৰ দৰে সংকীৰ্ণমনাসকলে সৃষ্টিশীল সত্তাৰ কণ্ঠ ৰুদ্ধ কৰিব বিচাৰিলেও বুদ্ধিদীপ্ত পাঠকে লেখকসত্তাৰ সৃষ্টিশীল কাৰ্যৰ পঠনৰ সময়ত সদায়ে এটা কথা লক্ষ্য কৰে, লেখকেনিজকে প্ৰকাশ কৰিবলৈ কিমান বেছি পৰিমাণে স্বাধীনতা গ্ৰহণ কৰিছে? তেওঁ সুযোগ বুজি কথা কৈছে নেকি? অৰ্ধসত্য প্ৰতিষ্ঠা কৰিব বিচাৰিছে নেকি?বুদ্ধিদ্বীপ্ত পাঠকৰ চকুৰপৰা এই প্ৰশ্নবোৰ এৰাই চলিব নোৱাৰি, কিয়নো তেওঁ সেইজনকেই শ্ৰদ্ধা কৰিব, যি একে আষাৰেই আপোচবিহীন। সৌৰভ কুমাৰ চলিহাৰ গল্পৰ পঠনআমাৰ দৰে পাঠকৰ বাবে বিস্ময়কৰ অভিজ্ঞতা, কিয়নো সি আমাৰ দৃষ্টি কাঢ়ি নিয়ে গল্প নিৰ্মাণৰ ক্ষেত্ৰত লেখকে গ্ৰহণ কৰা অবাধ স্বাধীনতাই।এই কথা সঁচা যে, সকলো লেখকেই কম-বেছি পৰিমাণে লেখকৰ স্বাধীনতা গ্ৰহণ কৰে। সাৰ্থক লেখকসত্তা তেওঁ বাস কৰা সমকালীন বিশ্বৰ পৰিঘটনাৱলীৰ মাথোন সাক্ষীয়েই নহয়, তেওঁ তাৰ ব্যাখ্যাকাৰীও--যি নতুনৰ সন্ধান দিয়ে। কিন্তু অতি কম লেখকেহে, বিশেষকৈ যিসকল প্ৰকৃততেই বিৰলধৰণৰ সাহসী সত্তা, তেওঁলোকেগ্ৰহণ কৰে সৌৰভ কুমাৰ চলিহাৰ দৰে লেখকৰ অবাধ স্বাধীনতা।
এই স্বাধীনতা নিশ্চয়েই দায়িত্বৰপৰা মুক্ত নহয়। কিন্তু সেই দায়িত্ব কাৰ প্ৰতি? এই দায়িত্ব যে সমকালীনপাঠকৰ প্ৰতি নহবও পাৰে, তাক মাদ্ৰাচ উচ্চ ন্যায়ালয়ৰ উক্ত ৰায়দানটিৰপৰাই গম পাব পাৰি। সমকালীন পাঠকে লেখকৰ পাঠ গ্ৰহণ নকৰিব পাৰে, নতুন কথা এটা বা উচিত প্ৰশ্ন এটিক আদৰি লবলৈ পাঠকৰ প্ৰস্তুতি নাথাকিব পাৰে। বিপৰীতে, অসমীয়া সাহিত্যৰ এটি উল্লেখনীয় গল্প ‘গোলাম’ৰ দৰে গল্পৰ মাজেৰে লেখকসত্তাই উত্থাপন কৰা এটা অসুবিধাজনক প্ৰশ্নএৰাই চলাৰ মানসিকতাও হয়তো সমকালীন পাঠকৰ থাকিব পাৰে। কিন্তু সেইবুলিয়েই লেখকে স্বাধীনতা গ্ৰহণ নকৰিবনে? সৌৰভ কুমাৰ চলিহাৰ দৰে গল্পকাৰে দায়িত্ব পালন থৈ গৈছে উৎকৃষ্ট সাহিত্যকলাৰ প্ৰতি।
সৌৰভ কুমাৰ চলিহা অসমীয়া সাহিত্যৰ সেইগৰাকী গল্পকাৰ যি ‘অশান্ত ইলেকট্ৰন’ৰ দৰে গল্প লিখিছে, ‘গোলাম’ৰ দৰে গল্প লিখিছে আৰু ‘সিহঁতেও পাহাৰ বগালে’ দৰে গল্পও লিখিছে। সৌৰভ কুমাৰ চলিহাই যেতিয়া এটা গল্প নিৰ্মাণ কৰে, পাঠকে উমান পায় যে, গল্পকাৰে মাথোন মগ্নভাৱে নহয়, কঠোৰভাৱে নিয়ন্ত্ৰিত হৈ তাক নিৰ্মাণ কৰিছে। শংকৰদেৱৰ সময়ৰপৰাই সম্পৰীক্ষাৰ মাজেৰে গতি কৰা অসমীয়া ভাষা আৰু সাহিত্যত এটা আধুনিক গল্পৰ মান বিংশ শতিকাত কি পৰ্যায়ৰ হ’ব লাগিব তাৰ মাপকাঠিডাল তেঁৱেই যেন নিৰুপণ কৰি ৰাখিলে। সৌৰভ কুমাৰ চলিহাৰ সকলোবোৰ গল্পই নিৰ্মাণ। আৰু কিছুমান আশ্বৰ্যকৰ নিৰ্মাণ। লেখকৰ স্বাধীনতা গ্ৰহণ কৰাৰ ক্ষেত্ৰত গল্পকাৰ যেন সকলো বান্ধোনৰপৰা মুক্ত।লেখক যিমান স্বাধীন, সিমানে তাত সমাহাৰ ঘটিছেবিস্ময়কৰ প্ৰতিভাৰো। ফলত গল্পবোৰ হৈ পৰিছে বাস্তৱতাৰ অনন্যসুন্দৰ যাদুকৰী উপস্থাপনা। অসমীয়া সাহিত্যত এইগৰাকী গল্পকাৰ আমাৰ মাজত আছে, যি যথাৰ্থতেই এলানি বিশ্বমানৰ গল্প আমাক দিছে।
কব পাৰি যে, সাহিত্যৰ ক্ষেত্ৰত সৌৰভ কুমাৰ চলিহাই সৃষ্টিশীল গ্ৰহণ কৰা লেখকৰ স্বাধীনতাক আমি ফ্ৰানজ্ কাফকাৰ দৰে বিস্ময়কৰ সাহিত্যিকৰ সতে তুলনা কৰিব পাৰোঁ। কাফকাই যেতিয়া ‘মেটামৰফচিছ’ নামৰ গল্পটো লিখিলে, তেতিয়া সেই গল্পই সমকালীন বহুতকেই হতাশাৰ গৰ্ভলৈ ঠেলি দিছিল। বহুতেই ভাবিছিল, ইয়াৰ পিছত নো লিখিবলৈ বাকী থাকিল কি? নাগৰিক জীৱনৰ সংকীৰ্ণতা, স্বাৰ্থপৰতা আৰু সুস্থভাৱে জীয়াই থকিবলৈ এধানি উশাহ বিচাৰি কৰা কষ্টকৰ সংগ্ৰামবোৰে অৱশেষত মানুহক কিহলৈ পৰিণত কৰিছেগৈ? এটা কুৎসিত পোকলৈ? গ্ৰিগৰ চামচা নামৰ ব্যক্তিগত কোম্পাণীত কাম কৰা যুৱকজনে এদিন বিচনাপৰা উঠি নিজকে এটা কুৎসিত পোকৰ ৰূপত আৱিস্কাৰ কৰিলে। আৰু তাৰপিছত? সেই কদাকাৰ পোকটোৰ মৰণমুখী কি নিৰ্মম যন্ত্ৰণা! আচলতে যন্ত্ৰণাই আমাক মুখামুখি কৰাইছে আমি মানুহ হৈও পাহৰি থাকিব খোজা সেই ভয়ংকৰ সত্যবোৰৰ, উদঙাই দিছে আমাৰ ভিতৰৰ জন্তুটোক, কিয়নো মানুহৰ আদিম সত্তাটিও মূলত জন্তুৱেই। আগুৱাই অহা হাজাৰ যোজন বাটত আমিৰ ভিতৰত অৱদমিত হৈ থকা সেই জন্তুটোৰ অস্তিত্ব আমি হেৰুৱাই পেলোৱা নাই। কেতিয়াবা আপোনজনৰ মৰমৰ মাত এষাৰো ইমান মহঙা হৈ পৰে! গ্ৰিগৰ চামচাৰ নামৰ চৰিত্ৰটিৰ জৰিয়তে কল্পনাৰ নিৰ্মাণ আৰু দুৰ্দান্ত বিৱৰণীৰ স্বাধীনতা লেখকে লৈ পোলোৱাৰ পিছত সাহিত্যত লিখিবলৈ আৰু কিবা বাকী থাকিল জানো! গল্পৰ যাত্ৰা তেনেহ’লে ইমানতেই শেষ!কিন্তু আচৰিত কথা যে, ‘মেটামৰফচিছ’ৰ পিছতো বিশ্বসাহিত্যত গল্প লিখা হৈ আছে, বিস্ময়কৰ গল্পবোৰ লিখা হৈ আছে। সুখৰ কথা যে, অসমীয়া সাহিত্যতো তেনে বিস্ময়কৰ গল্প লিখা হৈছে। ইয়াৰ আটাইতকৈ উল্লেখনীয় উদাহৰণ বোধহয় সৌৰভ কুমাৰ চলিহাৰ ‘অশান্ত ইলেকট্ৰন’।গল্পৰ পঠনে কয়, দুয়োৰে মেজাজ ভিন্ন। কাফকা নিজে এক হতাশাৰে আৱৰি থকা লোক, তেওঁৰ জীৱনকালো আপাতত চুটি। ইয়াৰ বিপৰীতে সৌৰভ কুমাৰ চলিহাই দীৰ্ঘ সময়ৰ বিৰতিত জীৱনৰ শেহৰফালে লিখা ‘খৰাং’ নামৰ গল্পটোলৈকে সাহিত্যত মাথোন জীৱনৰ জয়গান গাইছে। কিন্তু দুয়োজন বিৰল প্ৰতিভাধৰ লেখকৰ সৃষ্টিৰাজিৰ মাজত দুটি সংযোগ সততেই লক্ষ্য কৰা যায়—প্ৰথমটি হৈছে সৃষ্টিশীল অস্থিৰতা (creative restlessness)আৰু আনটো হৈছে চিন্তাৰ অভিনৱত্ব।সৃষ্টিশীল অস্থিৰতা সকলো লেখকৰেই এটা প্ৰধান চৰিত্ৰ। লেখক এজন বাহিৰৰপৰা যিমানেই ধীৰ-স্থিৰ, ভিতৰৰপৰা সিমানেই অশান্ত। সৌৰভ কুমাৰ চলিহাৰ নামৰ গল্পকাৰজনৰ ভিতৰত থকা ‘অশান্ত ইলেকট্ৰন’বোৰ জীৱনৰ বিয়লি বেলালৈকে অস্থিৰ। গল্পকাৰে গল্পৰ আশ্বৰ্যকৰ নিৰ্মাণৰ মাজেৰেই লেখসত্তাৰ এই সৃষ্টিশীল অস্থিৰতাৰ উমান আমাক দিছে।
কিন্তু লেখকে গ্ৰহণ কৰা স্বাধীনতা অসাৰ হৈ পৰিব, যদিহে তেওঁৰ নাথাকে চিন্তাৰ অভিনৱত্ব।
সাৰ্থক গল্পকাৰ সেইজনেই, যি আনে দেখা নোপোৱা জগত এখন পাঠকৰ সন্মুখত উন্মোচিত কৰি পাঠকক স্তম্ভিত কৰিব, অথবা পাঠকে দেখি থকা জগত এখনকে অভিনৱধৰণে আকৌ এবাৰ তুলি ধৰিব তুলি ধৰিব । পাঠকে বহু সময়লৈকে সেই শব্দবোৰ, চিত্ৰকল্পবোৰ, আৰু গল্পকাৰে সৃষ্টি কৰা পৰিস্থিতি-পৰিবেশৰ মায়াজাল ফালি ওলাই আহিব নোৱাৰিব। কাফকাই যদি ‘মেটামৰফচিছৰ’ জৰিয়তে পাঠকৰ বাবে একেবাৰেই অপৰিচিত জগত এখন উন্মোচিত কৰি আমাক স্তম্ভিত কৰি তুলিলে, সৌৰভ কুমাৰ চলিহাই বিচাৰি ল’লে আনখন জগত—পাঠকৰ সন্মুখৰ জগতখনকেই তেওঁ অভিনৱধৰণে উন্মোচিত কৰিছে। গল্পনিৰ্মাণৰ বাবে সৌৰভ কুমাৰ চলিহাই যি কলা-কৌশল গ্ৰহণ কৰিছে, সেয়া একে আষাৰে অননুকৰণীয়। তেখেতৰ পৰৱৰ্তী সময়ত কেইবাগৰাকী গল্পকাৰে তেনে গল্পভাষা আৰু নিৰ্মাণ-শৈলী গ্ৰহণ কৰিবলৈ চেষ্টা কৰিছে। কিন্তু সি সাৰ্থক হোৱা নাই। ইয়াৰ কাৰণ হৈছে যে, চিন্তাৰ অভিনৱত্ব আৰু সৃষ্টিকৰ্মত লেখকে গ্ৰহণ কৰা স্বাধীনতাই সৌৰভ কুমাৰ চলিহাৰ গল্পবোৰ বহুত ওপৰলৈ লৈ গৈছে। ইমান ওপৰলৈ যে, তাতোকৈও ওপৰ পৰ্যায়লৈ যাবলৈ সক্ষম ন’হলে (যিটো একপ্ৰকাৰে প্ৰায় অসম্ভৱ কথা) তলৰপৰা হাঁকুটিয়াই তাক স্পৰ্শ কৰিব পৰা নাযায়।গল্পৰ শৰীৰ গঠনৰ বাবে পাঠকৰ সন্মুখত অভিনৱ পৰিস্থিতি নিৰ্মাণৰ বেলিকা তেওঁ পৰ্যবেক্ষণ, চিন্তাৰ অভিনৱত্ব, আংগিক আৰ গল্পভাষাক আয়ত্ত কৰাৰ ক্ষেত্ৰত নিজৰ নিয়ন্ত্ৰণ আনিবলৈ যি পৰিমাণে নিজকে সমৰ্পিত কৰিছে আৰু সাধনালব্ধ প্ৰয়াস কৰিছে, সেয়া যেন তাহানিতে লিঅ’নাৰ্ডো দ্য ভিন্সিয়ে ছবি আঁকিবৰ সময়ত কৰা দেহতত্বৰ অধ্যয়নৰ দৰেই ৰোমাঞ্চকৰ এক যাত্ৰা। আমি জানো, মানৱ শৰীৰ যথাৰ্থভাৱে অংকন কৰাৰ প্ৰয়াস নিখুঁত হবলৈ লিঅ’নাৰ্ড দ্য ভিন্সিয়ে কিদৰে সমৰ্পিত হৈ দেহতত্ব অধ্যয়ন কৰিছিল। সৌৰভ কুমাৰ চলিহাৰ এই ৰোমাঞ্চকৰ যাত্ৰাটি অসমীয়া সাহিত্যৰ এক বিৰল আৰু বাটকটীয়া প্ৰয়াস।এই যাত্ৰাই তৰুণ গল্পকাৰ এজনকো ৰোমাঞ্চিত কৰে, প্ৰেৰণা দিয়ে আৰু লেখকৰ দুৰ্বল মুহূৰ্তবোৰত সঞ্জীৱনীৰ দৰে কাম কৰে। তেখেত অসমীয়া ভাষাৰ গল্পকাৰ, আৰু এগৰাকী বিশ্বনাগৰিক। উচ্চশিক্ষাৰ তাগিদাত জীৱনৰ আগচোৱা সময়ত কৰা বিদেশ ভ্ৰমণৰ বাহিৰে সমগ্ৰ জীৱনকাল গুৱাহাটীৰ দৰে চহৰৰ বাসিন্দা হৈও বিশ্ব সাহিত্য আৰু বিশ্ব সংগীতৰ অতবোৰ উপাদানৰ লগতে সমকালীন বিশ্বত বাস কৰা মানুহবোৰৰ ইমানবোৰ আবেগ-অনুভুতি, ভাৱনাৰ আঁত আৰু আউল, চেতনাৰ স্ৰোত সৌৰভ কুমাৰ চলিহাই গল্পত ধৰি ৰাখিছে যে, সি স্ববাৱিকতে পাঠকক গল্পকাৰৰ বিশ্বমুখী মনটোৰ বিষয়ে কৌতূহলী কৰি তোলে। গল্পকাৰৰ আঁৰৰ এই বিশ্বনাগৰিকজনো আমাৰ সমানেই প্ৰিয়।
সৌৰভ কুমাৰ চলিহাৰ গল্পবোৰ ব্যাখ্যাতীত। কিয়নো, কাহিনীত চৰিত্ৰবোৰে নিজৰ নিজৰ কৰ্তব্য এনেদৰে সমাপণ কৰে যে, ইয়াৰ ৰসাস্বাদনহে মাথোন সম্ভৱ। কিন্তু সেইবাবেই সৌৰভ কুমাৰ চলিহাৰ গল্পৰ অৱলোকণৰ মাজেৰে তৰুণ প্ৰজন্মই গল্পৰ কলা-কৌশলৰ প্ৰতি আগ্ৰহী হৈ উঠিব পাৰে। সৌৰভ কুমাৰ চলিহাৰ গল্পৰবিশেষ নাগৰিক গল্প কথকতা বা আংগিকৰ বিষয়ে বহুতো ব্যাখ্যা ইতিমধ্যে হৈ গৈছে। কিন্তু তাৰ পিছতো কবলৈ অনেক কথাই ৰৈ যায়। মানৱ জীৱনৰ বিচিত্ৰ অভিজ্ঞতাবোৰৰ মাজেৰে তেখেতৰ গল্পবোৰ নতুন নতুন ধৰণে ৰসাস্বাদন কৰি থাকিব পাৰি আৰু তাতেই গল্পকাৰ সাৰ্থক বুলি আমাৰ মনে ধৰে।
একে আষাৰে কবলৈ গ’লে সৌৰভ কুমাৰ চলিহা আধুনিক অসমীয়া সাহিত্যৰ এক বিস্ময় প্ৰতিভা।এইক্ষেত্ৰত আধুনিক, এই কথাষাৰ আমি ‘সকলো কালতেই আধুনিক’—এনে অভিধাৰেহে গ্ৰহণ কৰিব লাগিব।সৌৰভ কুমাৰ চলিহাই প্ৰায়বোৰ গল্প নাগৰিক জীৱনৰ ভেটিত নিৰ্মাণ কৰা বাবে গল্পৰ বিৱৰণীও নাগৰিক। গ্ৰাম্য-চেতনাৰ উপস্থাপনা তাকৰ বুলিবই পাৰি। কিন্তু নাগৰিক জীৱনৰ কথা লিখা বাবেইহে যে তেখেতৰ গল্প আধুনিক, সেয়া নহয়—বৰং এই বাবেহে যে আধুনিক যে, তেখেতৰ গল্পবোৰসময়ৰ সোঁতত পুৰণি হৈ নাযায়। বাৰে বাৰে পঢ়ি থকিলেও তাৰ নতুন ৰসাস্বাদন ওলাই থাকিব, কিয়নো গল্পত তেখেতে মানুহৰ মহত্তৰ জীৱনৰ অফুৰন্ত সম্ভাৱনাবোৰৰ কথা কৈ গৈছে।এটা সম্ভাৱনা কেতিয়াও পুৰণি হৈ নাযায়।এই অৰ্থতহে তেখেতৰ গল্প সকলো কালতেই আধুনিক। তেওঁ গল্পৰ চৰিত্ৰবোৰক অৰ্থাৎ মানুহৰ মানৱীয় অনুভূতিবোৰ সৰু সৰু প্ৰেক্ষাত ইমান সুক্ষ্মাতিসুক্ষ্মভাৱে নিৰীক্ষণ কৰিছে যে, বহুসময়ত সেইবোৰ পাঠকৰ বাবে বিৱৰণীৰ telescopic view হৈ পৰে।সৰগৰ জোনবাইক খালি চকুৰে চালে আমি জোনৰ বুকুৰ তুলসীৰ তলত চৰি থকা মৃগ পহুটিকেই দেখা পাম। কিন্তু দূৰবীণ যন্ত্ৰৰে চালে দেখা পাম জোনৰ বুকুৰ খলা-বমাবোৰ, আৰু অচিনা জগতখন। গল্পৰ মাজেৰে সৌৰভ কুমাৰ চলিহায়ো আমাৰ বাবে এই কামটো কৰিছে, তেখেতে গল্পকলাত আমি সততে দেখি নোপোৱা মানুহৰ সম্পৰ্কৰ সৰু সৰু কাৰু-কাৰ্যবোৰ চাবলৈ বিৱৰণীৰ এক দূৰবীণ যন্ত্ৰ আমাৰ বাবে নিৰ্মাণ কৰি দিছে।সাধাৰণ পাঠকৰ চকুৱে দেখা নোপোৱা বিচিত্ৰ মানৱ জীৱনৰ অলেখ অনুভুতি, ব্যৱহাৰ, আচাৰ-আচৰণ, মৰম-ভালপোৱা-অভিমানত নীৰৱ হৈ পৰাৰ ওলোম-জোলোমবোৰতেখেতে গল্পৰ মাজেৰে আমাৰ চকুত নতুনকৈ জিলিকাই তোলে। গল্পত তেওঁ এজন হিৰো বা নায়কৰ সৃষ্টি নকৰে, বৰং আৱেগ-অনুভুতিৰ মথনবোৰেৰে এক বিশেষ ধৰণৰ পৰিস্থিতিহে সৃষ্টি কৰে, তাৰ মাজেৰেই গল্পকাৰে পাঠকৰ মনলৈ কিছুমান প্ৰশ্ন এৰি দিয়ে—যিবোৰ মানৱীয় অনুভুতিৰে সিক্ত আৰু মানুহৰ সভ্যতাৰ স্থায়িত্বৰ বাবে প্ৰয়োজনীয়। এয়া এক সাধনাৰ পৰ্যায়ৰ কচৰত, যি একাধাৰে তীক্ষ্ম আৰু সুক্ষ্মও। সেইবাবেই তেখেতৰ সাৰ্থকগল্পবোৰ যেনে--‘অশান্ত ইলেকট্ৰন’ ‘বাৰকাৰল্’ ‘সিহঁতে পাহাৰ বগালে’ ‘গোলাম’ ‘এহাত দবা’ আদিৰ পঠনে দশকৰ পিছত দশক ধৰি পাঠকক মোহাচ্ছন্ন কৰি ৰাখে আৰু সাহিত্যৰ জগতলৈ নতুনক স্বাগতম জনায়। সেইবাবেই পঞ্চাশ চনতেই প্ৰকাশিত ‘অশান্ত ইলেকট্ৰন’ৰ দৰে গল্পৰ যি দূৰন্ত গতিবেগ, তাত আমি এতিয়াও বিস্ময়ত অভিভূত হৈ পৰোঁ--এনে দুৰ্নিবাৰ গতিৰ গল্পনিৰ্মাণ কি প্ৰক্ৰিয়াৰে সম্ভৱহ’ল বুলি আচৰিত হওঁ।
গল্পকাৰৰ গল্পৰ এই যাত্ৰা ইমানেই একক যে, অসমীয়া সাহিত্যৰ আন কোনো গল্পকাৰৰ সাহিত্যকৰ্মৰ মূল্যাংকনৰ দৃষ্টিভংগীৰে সৌৰভ কুমাৰ চলিহাৰ সাহিত্যকৰ্মৰ মূল্যাংকন কৰিব নোৱাৰি। তেখেতে নিৰ্মাণ কৰা সাহিত্যৰ মূল্যাংকনৰ বাবে আমি এক সুকীয়া দৃষ্টিভংগী গ্ৰহণ কৰিবলৈ বাধ্য। উদাহৰণস্বৰূপে, সাহিত্যত প্ৰায়ে ঐতিহ্য চেতনা বুলি এটা ধাৰণা থাকে, কিন্তু সৌৰভ কুমাৰ চলিহাৰ সাহিত্যত পোনপটীয়াকৈ ঐতিহ্য চেতনা বিচাৰিবলৈ গ’লে আমি হাবাথুৰিহে খাব লাগিব, যদিওবা এই গল্পবোৰ অসমীয়া সাহিত্যৰ ঐতিহ্যৰ চেতনাৰপৰা বিচ্ছিন্ন নহয়। আৰু, সেইবাবেই আজি যদি কোনোবা তৰুণ সাহিত্যিকে অসমীয়া ভাষাত গল্প লিখিবলৈ বিচাৰে, আৰু এইবুলি প্ৰশ্ন কৰে যে, তেখেতে অসমীয়া গল্প-সাহিত্যৰ কোনবোৰ গল্প অৱশ্যেই পঢ়িবলাগিব বুলি, তেতিয়াহ’লে নিশ্চয়েই সৌৰভ কুমাৰ চলিহাৰ গল্পৰ কথা প্ৰথমৰ শাৰীতেই আহিব। বহু সময়ত সৌৰভ কুমাৰ চলিহাৰ গল্পবোৰ পঢ়িলে তাত সাৰ্থক গল্পৰ বিশেষ উপাদানবোৰ নাই যেন লাগে। যেনেকৈ, বহুতেই লেখকৰ এক আদৰ্শ থকা উচিত বুলি বিশ্বাস কৰে। লেখক বা সৃষ্টিশীল সত্তাই যেন সাহিত্যত মানৱীয়তাক উৰ্ধত তুলি ধৰা উচিত। তেওঁ যেন আৰ্তজনৰ কণ্ঠ হোৱা উচিত। সৌৰভ কুমাৰ চলিহাৰ সাহিত্যত এনে কোনো সাৰ্বজনীন আদৰ্শ বা মানৱীয় প্ৰমূল্যৰ গুণ-গান শুনিবলৈ পোৱা নাযায়। তেওঁ বৰং কবলৈ ভালপালে মানুহৰ জীৱনৰ অফুৰন্ত সম্ভাৱনাবোৰৰ কথা।আৱেগ-অনুভূতি আৰু অভিমানবোৰৰ কথা। বহুতো সৃষ্টিশীল সত্তাই সাহিত্যত মনানৱীয়তাৰ গুণাণুকীৰ্তন কৰে, কিন্তু ব্যক্তি জীৱনত তাৰ প্ৰতিফলন ঘটোৱা দেখিবলৈ পোৱা নাযায়। এইক্ষেত্ৰত সৌৰভ কুমাৰ চলিহা এক বিৰল ব্যতিক্ৰম। এজন লেখক হোৱা উচিত তেওঁ বাস কৰা সমকালীন সমাজখনৰ নিঁখূত পৰ্যবেক্ষক । সৌৰভ কুমাৰ চলিহাই এজন নিখুঁত পৰ্যবেক্ষকৰ দায়িত্বকেই অতি সততাৰে পালন কৰিছে। সেয়েহে সাহিত্যৰ শুৱনি সভাবোৰত তেখেতক আমি দেখিবলৈ নাপালোঁ। বৰং অতি সাধাৰণভাৱে জীৱন যাপন কৰি অলেখ বিশ্বমানৰ গল্পৰে সাহিত্যৰ বৰভেটিহে তেওঁ নিৰ্মাণ কৰিলে--য’ত আয়োজন আছে, অপাৰ আয়োজন তেওঁ কৰিছে, কিন্তু বাগাড়ম্বৰ নাই। লেখক হিচাপে ব্যক্তিজীৱনত পালন কৰা সততা আৰু মানৱীয়তাৰ গুণৰ বাবেই বাবেই এনে মহৎ কৰ্ম তেখেতে নিৰ্মাণ কৰি থৈ যাব পাৰিলে।
সৌৰভ কুমাৰ চলিহাৰ গল্পনিৰ্মাণৰ কলা-কৌশলত বিশ্বসংগীতৰ অনন্যসুন্দৰ উপস্থাপনা আছে। ইয়াৰ অৰ্থ এয়া নহয় যে, তেখেতৰ গল্পৰ ভাষা সাংগীতিক, কিন্তু গল্পৰ নিৰ্মাণৰ সময়ত তেওঁ শুনি থকা সংগীতবোৰৰ ধ্বনি-প্ৰতিধ্বনিৰ উপস্থিতি লক্ষ্য কৰা যায়। কেতিয়াবা সংগীতক বিৱৰণীৰবৈপৰীত্যৰ চিত্ৰণৰ বাবেও ব্যৱহাৰ কৰা হয়। যিদৰে, ‘অশান্ত ইলেকট্ৰন’ গল্পৰ চৰিত্ৰবোৰ অদ্ভূতধৰণে অস্থিৰ অথবা কেতিয়াবা উদভ্ৰান্ত। চৰিত্ৰবোৰে যেতিয়া গল্পত ভিৰ কৰি যেনি-তেনি গতি কৰিছে, তেতিয়া সিহঁতৰ কৰ্ম-কাণ্ডৰ দূৰন্ত গতিৰ মাজত সামঞ্জস্য ৰাখিবলৈ গল্পকাৰে গল্পৰ আৰম্ভণিতেই ৰবীন্দ্ৰ সংগীতৰ উপস্থাপনা কৰিছে--এনেদৰে কৰিছে যে, চৰিত্ৰবোৰৰ চাল-চলনৰ মাজে মাজে গল্পৰ শেষলৈকে পানী ৰঙেৰে অঁকা ছবি এখনৰ দৰে ৰবীন্দ্ৰ সংগীতৰ কৰুণ সুৰটোৱে তাক আৱৰি ৰাখে। কিয়নো ৰবীন্দ্ৰ সংগীতৰ উল্লেখৰ পিছতেই আছে এটি চৰিত্ৰৰদ্বাৰা সংঘটিত এক অনাকাংখিত ঘটনা, যাক তেওঁ বীভৎস বুলি কৈছে, সেই বীভৎসতাক পাঠকে গ্ৰহণ কৰি লবলৈকে ৰবি গুৰুৰ সংগীতৰ উল্লেখ নেকি! গল্পৰ আৰম্ভণিতে উল্লেখ কৰা ৰবীন্দ্ৰ সংগীতৰ উপস্থিতি আৱহৰূপত গোটেইতো গল্পত য়েন বিয়পি আছে। সংগীতে বুহ সময়ত আংগিকৰো নিৰ্মাণ কৰিছে। ‘সিহঁতেও পাহাৰ বগালে’ এক প্ৰেমৰ গল্প, য’ত খাছিসকলৰ ঢোলবাদন আৰু গীটাৰৰ ঝংকাৰৰ মাজেৰে ভাহি অহা সংগীতক তেওঁ ইচ্ছাপূৰণৰ আৱহসংগীতৰ আংগিক ৰূপে প্ৰতিষ্ঠা কৰিছে। খাছিসকলৰ ঢোলবাদন আৰু গীটাৰৰ ঝংকাৰ অহিবনে প্ৰেমৰ অনুভূতি ইয়াত শূন্য। উদাসীন। সংগীতৰ আধিপত্য আছে ‘বাৰকাৰল্’ গল্প, য’ত আছে জাৰ্মান সংগীত--হফমেনৰ অৰ্কেষ্ট্ৰা।‘অশান্ত ইলেট্ৰন’ৰ দৰে ইয়াত সংগীত আৱহৰূপত অহা নাই, বৰং গল্পটোৰ বহু অংশই অৰ্কেষ্ট্ৰাৰ পোনপটীা ধ্বনি বা প্ৰতিধ্বনি। তেওঁৰ এটা গল্পৰ নামেই বেথ’ফেন।এই গল্পটিৰ আৰম্ভণিতেই তেওঁ বেথ’ফেনৰ সংগীতক সংজ্ঞায়িত কৰিছে।
অৱশেষত, শ্লেষ আৰু পৰিহাসবোৰৰ কথা নকলে সৌৰভ কুমাৰ চলিহাৰ গল্পৰ বিষয়ে আধা কোৱা হৈ ৰব।গল্পকাৰে লক্ষ্য কৰে। কেৱল মনোযোগেৰেই নহয়, মানুহৰ আচাৰ-আচৰণ কেতিয়াবা কৌতুকেৰেও লক্ষ্য কৰে।এই নিবন্ধটিৰ আৰম্ভণিতে ‘গোলাম’ নামৰ গল্পটিৰ কথা কোৱা হৈছে। শ্লেষ আৰু পৰিহাসবোৰৰ কথা কবলৈ ‘গোলাম’ গল্পটোতকৈ সাৰ্থক গল্প আন কি হ’ব পাৰে--যি মানুহৰ অতীত, বৰ্তমান আৰু ভবিষ্যতৰ সকলো গোলামী মানসিকতাৰ প্ৰতীক! অসমীয়া সাহিত্যৰ ই এক অনন্যসুন্দৰ ব্যংগ সাহিত্যও, য’ত আছে কাৰুণ্য। সমকালীন ৰাজনৈতিক আৰু আৰ্থ-সামাজিক প্ৰেক্ষাপটতো এই গল্পটিৰ সাৰ্থকতা আছে। অথচ আজিৰ পৰিস্থিতিত এনেধৰণৰ গল্পবোৰৰ বিষয়ে যিদৰে চৰ্চা হোৱা উচিত আছিল, সেয়া হোৱা নাই। সৌৰভ কুমাৰ চলিহাৰ গল্পৰ বিষয়ে কৰা আলোকপাতবোৰতো নানা বিষয় সপ্ৰশংসভাৱে অৱতাৰণা কৰা হলেও, এই গল্পটিৰ বিশেষ উল্লেখ শুনিবলৈ পোৱা নাযায়। আমি যেন এতিয়া কিছু গল্পৰ চৰ্চা এৰাই চলিছোঁ, যিটো পাঠক হিচাপে আমাৰ বিফলতা। দৰাচলতে এয়াও এক গোলামী মানসিকতাহে!
বহুতেই কব বিচাৰে যে, সৌৰভ কুমাৰ চলিহাৰ গল্পভাষা বা আংগিক বুজিবলৈ একধৰণৰ মেধা অথবা নিৰ্দিষ্ট বুদ্ধিমত্তাৰ প্ৰয়োজন হয়। ইয়াৰ অৰ্থ এইটো নহয় যে, গল্পবোৰ দুৰ্বোধ্য। বৰং আমি এই বুলিহে কবলৈ ভালপাম যে, সকলোৰে বাবে আছে একোজন সৌৰভ কুমাৰ চলিহা। তৰুণ প্ৰজন্মৰ গল্পকাৰ এজনে কুৰি শতিকাৰ অসমীয়া গল্পসাহিত্যৰ যি পৰ্যায়, তাক জানিবলৈ হ’লে সৌৰভ কুমাৰ চলিহাৰ গল্প পাঠ কৰিবই লাগিব। বহুতো গল্পকাৰৰ গল্পৰ দৰে সৌৰভ কুমাৰ চলিহাৰ গল্প মাথোন এবাৰ পঢ়িয়েই শেষ কৰি থব নোৱাৰি।এই গল্পবোৰ জটিল নহয়, কিন্তু সৰলৰৈখিকো নহয়। এটা সৰল কাহিনীক আৱৰি থকা গল্পত চিত্ৰকল্প নিৰ্মাণ, আংগিক, সংগীতৰ ব্যৱহাৰ আৰু সবাৰো উপৰি গল্পত বাস কৰা মানুহৰ আচাৰ-ব্যৱহাৰ, চাল-চলন,আৱেগ-অনুভূতিৰ প্ৰকাশৰ বিচিত্ৰ ৰূপবোৰৰ পুংখুনুপুংখ বিৱৰণী যিমানেই পঢ়া যায়, সিমানেই নতুন নতুন ধৰণে সমৃদ্ধ হোৱা যায়। তেখেতৰ গল্পৰ পঠন আৰু পুনৰপঠনে আমাক শিকায় গল্পৰ কলা-কৌশলৰ নিৰ্মাণ। কব পাৰি যে, এজন সাৰ্থক গল্পকাৰ সেইজনেই—যি নিজে অবিস্মৰণীয় সাহিত্যকৰ্ম সৃষ্টি কৰাৰ উপৰিও অনুজসকলে শিকি থাকিব পৰাকৈ অলেখ উপাদান নিজৰ সাহিত্যকৰ্মত এৰি থৈ যায়। এই ক্ষেত্ৰতো সৌৰভ কুমৰা চলিহা এক সাৰ্থক স্ৰষ্টা।