লোকনাথ
গোস্বামী
( ৭)
(১)
চতুৰ্থ শ্ৰেণীত
পঢ়ি থাকোঁতেই ১৯৬২ চনত চীন-ভাৰতৰ যুদ্ধ আৰম্ভ হৈছিল৷ আমাৰ স্কুলখনৰ গাতে গা লগাই
মিলিটাৰী কেম্পবিলাক বহিছিল৷ স্কুলৰ খেলা-ধূলা কৰা প্ৰকাণ্ড বালিপুখুৰী ফিল্ডখন
সীমান্তৰ সমীপৱৰ্তী ঠাই হিচাপেই ভাৰতৰ প্ৰতিৰক্ষা বিভাগে হস্তগত কৰি চকুৰ
আগতে বিয়াগোম ‘বে’ছ ওৱৰ্কশ্বপ’ স্থাপন কৰা
দেখিবলৈ পালোঁ৷ বালিপুখুৰীj ওখ ওখ পাৰবিলাক বুল্ড’জাৰেৰে খহাই
সমান কৰি পেলোৱা হ’ল৷ আমি সৰুতেই প্ৰথম এনেকৈ বুল্ডজাৰেৰে বিৰাট পুখুৰীটোৰ পাৰ
বিলাক খহোৱা চাবলৈ গৈছিলোঁ৷ সেই বিলাক চাই প্ৰথমে বৰ আমোদ পাইছিলোঁ যদিও পাছত
স্কুলৰ গাতে লাগি থকা প্ৰকাণ্ড ফিল্ডখন হেৰাই যোৱা কথাটোৱে মনত বৰ দুখ দিছিল৷ এটা
সময়ত কলকাতাৰ ‘মোহন বাগান’কে ধৰি দেশৰ ডাঙৰ ডাঙৰ ফুটবল টীম আহিছিল বালিপুখুৰী
ফিল্ডত খেলিবলৈ৷
চীন-ভাৰতৰ যুদ্ধৰ কথা তেতিয়া গাঁৱৰ মানুহৰ মুখে
মুখে৷ গাঁৱৰ লাইব্ৰেৰীটোত তেতিয়া চৰকাৰৰ ফালৰ পৰা দিয়া ৰেডিঅ’ ছে’ট এটা আছিল৷
দেওবাৰকে ধৰি বন্ধবাৰ হ’লে আমি ৰেডিঅ’ৰ অনুষ্ঠানবিলাক শুনিবলৈ যাওঁ৷ সন্ধিয়া সময়ত
অৱশ্যে নিয়মিত ৰেডিঅ’টো বজোৱা হৈছিল৷ এই বজোৱা কামটো সেই সময়ত লাইব্ৰেৰীটোৰ
দায়িত্বত থকা আমাৰ ঘৰৰ সমূখৰ ঘৰখনৰ মহেন্দ্ৰদাই(মহেন্দ্ৰ নাথ)কৰিছিল৷ এইজন
মহেন্দ্ৰ নাথে মোক নিতৌ লাইব্ৰেৰীটোৰ পৰা মই পঢ়িব পৰা কিতাপ আনি দিছিল৷ গাঁৱৰ
পুথিভঁৰালটো গাঁৱৰ প্ৰায় মাজখণ্ডতে থকাৰ কথাটো ইতমধ্যে পূৰ্ৱে উল্লেখ কৰি আহিছোঁৱেই৷
মুকলি মঞ্চ, বৰ নামঘৰ, পুথিভঁৰালকে
ধৰি প্ৰায়বিলাক ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠান একেখিনি ঠাইতে হোৱাৰ কাৰণে ওচৰ-পাজৰৰ
মানুহখিনিয়ে তাতে দোকান-পোহাৰবিলাকো বহুৱাইছিল৷ দোকানীবিলাকে দোকানৰ সমুখত বাঁহৰ
চাং পাতি দিছিল গাঁৱৰ মানুহে সন্ধিয়া সন্ধিয়া সেই চাংবিলাকত বহি ৰেডিঅ’ৰ বা-বাতৰি,
কৃষিজগত
অনুষ্ঠান, কল্পতৰু আদি যাতে মুকলি মনেৰে শুনিব পাৰে৷ তেতিয়া গাঁৱৰ মানুহৰ ঘৰত
এতিয়াৰ দৰে ৰেডিঅ’ নাছিল৷ গতিকে প্ৰায়বিলাক মানুহেই পথৰুৱা কামৰ পৰা আহৰি উলিয়াই
সেই ঠাইখিনিলৈ আহি চাঙত বহি ৰেডিঅ’ শুনাৰ লগতে ইজনে সিজনে মনৰ ভাৱ আদান-প্ৰদান
কৰিবলৈ বঢ়িয়া সুবিধা পাইছিল৷ সন্ধিয়া পঢ়াৰ সময়ত ঘৰৰ পৰা ওলাবলৈ নিদিছিল যদিও
বন্ধবাৰত, নতুবা কেতিয়াবা চেগ বুজি লগৰ সমনীয়াৰ সৈতে মনে মনে আহি কল্পতৰু
অনুষ্ঠান উপভোগ কৰিবলৈ এৰা নাছিলোঁ৷
(২)
চীন-ভাৰতৰ
যুদ্ধৰ সময়ত আমাৰ পৰিয়ালটোৰ বিলৈ :
চীন-ভাৰতৰ
যুদ্ধৰ দামামা আমি গাঁৱৰ মানুহখিনিয়ে দূৰৰ পৰাই শুনিবলৈ পাইছিলো৷ কিয়নো চীন-ভাৰতৰ
সীমাৰ নাতি দূৰৈত ’নেফা’(North East Frontier Agency) -ত যুদ্ধৰ ঘাটি
বহিছিল(তেতিয়া অৰুণাচল ৰাজ্য গঠন হোৱা নাছিল)৷ সীমান্ত অঞ্চললৈ ভাৰতীয় সেনা
বাহিনীৰ চলাচল এই ছাউনীৰ পৰাই আৰম্ভ হৈছিল৷ আমি স্কুললৈ অহা-যোৱা কৰোতে
সৈন্য-বাহিনীৰ কুচ-কাৱাজ দেখিবলৈ পাইছিলো৷ যুদ্ধৰ বাবে সাজু কৰি ৰখা ঘোৰাবিলাকৰ প্ৰশিক্ষণ গাঁৱৰ কাষৰীয়া পথাৰ,
নৈ
আদিতে চলিছিল৷ ডিপোতা নৈত ঘোৰা বিলাকক গা ধূৱাইছিল৷ তাতোকৈ ডাঙৰ কথা আছিল, গুৱাহাটী(বৰঝাৰ)
আৰু তেজপুৰ (সালনিবাৰী)ৰ বিমানঘাটীৰ মাজৰ সংযোগী আকাশী পথছোৱা আমাৰ ঠিক গাঁৱৰ
ওপৰেদিয়েই আছিল বুলিব পাৰি, যিটো কাৰণে ৰাতি-দিন যুঁজাৰু বিমানৰ
সঘন আহ-যাহ, কাণ তাল মৰা শব্দৰ আমি আজিও জীয়া সাক্ষী৷
’৬২ৰ অক্টোবৰ মানৰ
পৰা সীমান্তত যুদ্ধৰ দামামা সঘনাই বাজিবলৈ ধৰিলে৷৷ আমাৰ গাঁৱৰ ঘৰৰ ওপৰেদি ৪-৫ খনকৈ
জেট বিমান একেলগে উৰে, কাণ তাল মৰা শব্দত ৰাতি টোপনি নধৰে৷ ৰাতি হ’লে
বিমানৰ পোহৰ পৰি নাৰিকল, তামোল গছৰ পাত বিলাক জিলিকি উঠাৰ লগতে
হালি-জালি নাচিবলৈ ধৰে৷ ঘৰৰ ওচৰৰে বৃহৎ বালিপুখুৰী ফিল্ডত বিশাল সেনাৰ ছাউনী৷
তেতিয়াহে গম পালোX দুই-তিনি বছৰমান আগৰsপৰা বৃহৎ আৰু
ঐতিহাসিক বালিপুখুৰrৰ ওখ ওখ পাৰবিলাক বুল্ড’জাৰেৰে কিয় খন্দা আৰম্ভ
কৰিছিল৷ আমাৰ চকুৰ আগত পুৰণি দিনৰ কথাবিলাক ভাহি উঠিল, কেনেকৈ গাঁৱৰ
মানুহবিলাকে দুপৰীয়া খাই বৈ উঠি সাজি-কাচি উৎসৱ চাবলৈ যোৱাদি পুখুৰrৰ
বিশাল পাৰবিলাক বুল্ড’জাৰেৰে খন্দা চাবলৈ ঢপলfয়াই গৈছিল৷ডাঙৰ
মানুহবিলাকৰ পিছে পিছে আমিও দৌৰি দৌৰি নাচি-বাগি গৈছিলো বুল্ড’জাৰৰ খণ্ডন কাৰ্য
চাবলৈ৷ তেতিয়া সেয়া আমাৰ বাবে আশ্চৰ্যকৰ ঘটনা আছিল৷ পৰৱৰ্তী সময়ত তাত কেনেকৈ সেনাৰ
বিশাল ছাউনী আৰু ভাৰতীয় সেনা বাহিনীৰ বিশাল Base Workshop টো স্থাপিত
হৈছিল, সেয়া এতিয়া ভাবিলে সাধু কথা যেন লাগে৷ যুদ্ধৰ সময়ত দেখিছিলো
গাঁওবিলাকৰ মাজে মাজে সৈন্যবাহিনীৰ যুঁজাৰু ঘোৰাৰ কুচ-কাৱাজ৷ ৰাষ্টাৰ দাঁতিত
যুঁজাৰু টেঙ্কবিলাক শাৰী শাৰীকৈ সজাই থোৱা চাই মনে মনে গৈ লগৰ ল’ৰা-ছোৱালীৰ সৈতে
ভিতৰত সোমাই গুলী ওলোৱা ফুটাবিলাকেৰে জুমি চাইছিলোঁ৷
নৱেম্বৰ মাহ
সোমোৱাৰ লগে লগে চাৰিওফালে এক আতংকময় পৰিৱেশ সৃষ্টি হোৱা দেখিলোঁ৷ জিলা প্ৰশাসনৰ
বেছিভাগ মানুহেই প্ৰাণৰ ভয়ত তেজপুৰ চহৰ এৰি নিৰাপদ দূৰলৈ পলায়ন কৰিছিল৷ যুদ্ধৰ
আতংকময় পৰিৱেশৰ মাজতে বহু ধৰণৰ উৰা বাতৰিও ওলাবলৈ ধৰিলে৷ মানুহৰ মুখে মুখে শুনা
গ’ল, চীনা সৈন্য আহি ফুটহিল,
বমডিলা
পালেহি৷ এফালৰ পৰা তাহানি মান সেনাই কটাদি ভাৰতীয় মানুহক য’ত যেনেকৈ পাইছে বোলে
এফালৰ পৰা কচু কটা দিছে বিলাকে মানুহক আৰু বেছি ভয় খুৱাইছিল৷ সন্ধিয়া হ’লে আমি ঘৰৰ
ভিতৰৰ পৰা ওলাবলৈ ভয় কৰিছিলোঁ৷ পগলা ফাটকৰ চিকিৎসাধীন ৰোগীসকলক এৰি দিয়া হৈছিল
বাটলৈ৷ পদুম পুখুৰীৰ পাৰত থকা ভাৰতীয় ষ্টেট বেংকৰ টকাবিলাক পুখুৰীত পেলাই দিয়া
হৈছিল৷
তেনে এক আতংকময়
পৰিস্থিতিৰ মাজতে এদিনাখন পুৱা তেজপুৰ চহৰৰ পৰা এখন জীপগা্ড়ী আহি আমাৰ পদূলি মুখত
ৰ’লহি৷ তাৰ পৰা ততাতৈয়াকৈ আমাৰ টাউনত থকা সৰু দাদা(জগত গোস্বামী)ভিতৰলৈ সোমাই
চিধা-চিধি দেউতাৰ ওচৰলৈ যোৱা দেখিলোঁ৷ দেউতাক কোৱা শুনিলো যে এই মুহূৰ্ততে আমি ঘৰ
এৰি যাব লাগে৷ তেজপুৰৰ পৰিস্থিতি কোন সময়ত কি হয় কোনেও ক’ব নোৱাৰে৷ মুঠতে যিমান
পাৰি সোনকালে আমি ব্ৰহ্মপুত্ৰ পাৰ হ’ব লাগে নিজকে চীনা সৈন্যৰ পৰা বচাবৰ বাবে৷
দেউতা মান্তি হোৱা নাছিল প্ৰথমে৷ এফালে সত্ৰখন, আনফালে হাহ-পাৰ,
গোহালিৰ গৰু, বিশাল বাৰী-ঘৰ
এনেকৈ হঠাতে এৰি যোৱাটো মুঠেও সম্ভৱ নাছিল দেউতাৰ বাবে৷ কিন্তু সৰু দাদাই একো কথা
নুশুনে৷ আমি কথাবিলাকৰ একো আও-ভাও ধৰিব পৰা নাছিলোঁ৷ এটা সময়ত কাপোৰ-কানি য’ত
যেনেকৈ পাওঁ, পিন্ধি, কিছু লগত লৈ জীপগাড়ীত
বহিলোগৈ৷ চুবুৰীৰ মানুহখিনি বাটলৈ ওলাই আহি গোটেই পৰিৱেশটো তধা লাগি চাই ৰ’ল৷ এটা
সময়ত ঘৰ ঘৰ শব্দ কৰি জীপগাড়ী আগ বাঢ়িল৷ চুবুৰীয়া এজনে চিঞৰি কোৱা শুনিলো-‘যাওক
যাওক আপোনালোকেই বাচি থাককগৈ৷ মৰিব লগা আছে যদি আমিবিলাক ইয়াতে মৰিম লাগে৷’
মানুহজনৰ কটাক্ষ চিঞৰটো আজিও কাণত বাজি আছে৷ আমি আটায়ে উঠাৰ পাছত জীপগাড়ীখন চলিবলৈ
ধৰিলে৷ সেই সময়তো জীৱনৰ নিৰাপত্তাৰ প্ৰশ্নটোতকৈ জীপগাড়ীত উঠাৰ চখটো মোৰ অলপ বেছি
আছিল৷
(আগলৈ)