আজিত ছিংনাৰ
তেৰ
বাৰিষা পাৰ হৈ
গ’ল৷ সকলোৰে হাল উঠিল৷ এতিয়া
গাঁওবুঢ়া-মেনাবোৰৰ লগতে আন সচেতন ৰাইজ সাজু হৈছে পেলাই থোৱা কামটো কৰিবলৈ৷
টোপাকুছিৰ ৰজাই ওচৰত থকা পাঁচোৰজাক মাতি আনি গোটেই পৰিকল্পনাটো বিশদভাৱে আলোচনা
কৰিছে৷ আৰু আলোচনাৰ সিদ্ধান্তবোৰ সাতোৰজালৈ পঠিয়াইছে৷ হেনাপতি লক্ষণসিঙে গাঁৱে
গাঁৱে থকা সৈনিকসকললৈ খবৰ পঠিয়াইছে যিকোনো মুহূৰ্ততে হ’বলগা যুঁজলৈ সাজু হৈ
থাকিবলৈ৷
ৰাইজ টোপাকুছিতে
গোট খাই আলোচনা এটাত বহিল৷ আলোচনাত সিদ্ধান্ত কৰা হ’ল যে এখন দৰ্খাস্ত লিখি নগাঁৱৰ
উপায়ুক্তৰ যোগেদি কৰ কমাবলৈ চৰকাৰক অনুৰোধ কৰিব আৰু বিক্ষোভ প্ৰদৰ্শন কৰিব৷
সিদ্ধান্ত
অনুসৰি ৰাইজৰ অনুৰোধত আদালতত দৰ্খাস্ত লিখা মানুহ এজনে ৰাইজৰ দৰ্খাস্তখন লিখি
দিলে৷ দৰ্খাস্তখনত লিখা হ’ল ৰাইজৰ অপাৰ দুখ-দুৰ্গতিৰ কথা৷ বাৰে বাৰে হৈ থকা
বানপানী, খৰাং আদিৰ বাবে ৰাইজে খেতি ভালদৰে নাপায়৷ যি পায় সেয়া নিজলৈকে নাটে৷
বিলবোৰৰ মহল কৰি দিয়াত মাছ মাৰি জীৱন নিৰ্বাহ কৰা কৈৱৰ্ত মানুহবোৰৰ পাকঘৰত জুই
নজ্বলাৰ অৱস্থা হৈছে৷ কানি খোৱা মানুহবোৰে অলপ কানি খাবলৈ নাপালে কাম কৰিব নোৱাৰা
হয়৷ মহলদাৰৰ পৰা তোলাত চাৰিঅনা দি কানি কিনি খাবলৈ মানুহবোৰৰ হাতত পইচা-পাতি নাই৷
এইবোৰ কাৰণতে নাঙলে পতি কৰ, কোৰে পতি কৰ, বিলৰ মহল,
কানিৰ
মহল আদি উঠাই দিব লাগে৷ আৰু কানিয়াবোৰক কানিখেতি কৰিবলৈ সুবিধা দিব লাগে৷
দৰ্খাস্তখনত
ৰাইজৰ অসংখ্যজনে চহী কৰিলে৷ বেছিভাগেই টিপচহীহে দিলে৷ টোপাকুছিৰ ৰজাৰ নিৰ্দেশত
সাহসী চাংবৰ আৰু ৰংবৰে দলটোৰ নেতৃত্ব ল’বলৈ আগ বাঢ়ি আহিল৷ তেওঁলোকক সহায় কৰি গ’ল
দুই-এজন কিছু লিখা-পঢ়া কৰা আৰু আইন-কানুনৰ কিছুকথা জনা মানুহে৷ মানৱ দৰদী কিছু
অসমীয়া মৌজাদাৰেও আঁৰত থাকি ৰাইজক সহায় কৰি গ’ল৷ লক্ষণসিং কিন্তু ওলাই নগ’ল৷ তেওঁ
ব্যস্ত হৈ থাকিল সামৰিক বিষয়টোত৷ ৰাইজৰ মাজত আছে কৰৰ হেঁচাত দোঁ খাই থকা সকলো জাতিৰ
আৰু সকলো ধৰ্মৰ মানুহ৷ মায়ং-তেতেলিয়াৰ পৰা কামপুৰ-যমুনামুখলৈ, গোভা-চহৰীৰ
পৰা নগাঁৱৰ সিপাৰলৈ– এই বৃহৎ অঞ্চলৰ পৰা বহুত মানুহ বিক্ষোভ প্ৰদৰ্শন কৰিবলৈ ওলাই
আহিছে৷
১৮৬১ চনৰ ১৭
ছেপ্তেম্বৰ৷ নগাঁৱৰ উপায়ুক্তৰ কাৰ্যালয়ৰ অভিমুখে ৰাইজ আগ বাঢ়িল৷
উপায়ুক্তৰ
কাৰ্যালয় পোৱাৰ অলপ আগৰে পৰা ৰাইজে কৰ-কাটলৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰি আগুৱাই
গ’ল৷ ৰংবৰে চিঞৰিলে– “নাঙল-কোৰৰ কৰ বন্ধ কৰক৷”
ৰাইজে লগে লগে
চিঞৰিলে– “নাঙল-কোৰৰ কৰ বন্ধ কৰক৷”
ৰংবৰে পুনৰ
চিঞৰিলে– “মহলবোৰ উঠাই দিয়ক৷”
ৰাইজে চিঞৰিলে–
“মহলবোৰ উঠাই দিয়ক৷”
শ্লোগান
দি দি ৰাইজ আগুৱাই গৈ থাকিল৷
উপায়ুক্ত স্কনচে সমদলটোক বাধা দিবলৈ লগে লগে চিপাহী
নিয়োগ কৰিলে৷ ৰাইেজ একে ঠাইতে ৰৈ বিক্ষোভ প্ৰদৰ্শন কৰি থাকিবলৈ বাধ্য হ’ল৷ ৰাইজে
দাবী তুলিলে স্কনচ চাহাবে ওলাই আহি ৰাইজৰ লগত কথা পাতক৷ লগতে ৰাইজে শ¡গান
দি থাকিল– “বিলৰ মহল উঠাই দিয়ক
কানিৰ মহল উঠাই দিয়ক
ঘৰৰ কৰ উঠাই দিয়ক
নাঙলৰ কৰ উঠাই দিয়ক
কোৰৰ কৰ উঠাই দিয়ক...”
কিন্তু ডিচি
স্কনচ ওলাই নাহেহে নাহে৷ আন কোনো বিষয়াকো পঠিওৱা নাই ৰাইজৰ লগত কথা পাতিবলৈ৷ ৰাইজ
লাহে লাহে বিতুষ্ট হৈ আহিল৷ পুলিচৰ লগত ৰাইজৰ ঠেলা-ঠেলি লাগিল৷ ৰাইজে আগুৱাই গৈ
স্কনচক লগ কৰিব খুজিলে৷ তেনেতে স্কনচ কাৰ্যালয়ৰ বাহিৰলৈ আহি খঙেৰে ক’বলৈ ধৰিলে–
“আপলৌগ ইহাছে চলা যাও৷ ইয়াত উৎপাত নেহি কৰৌ৷ গৌ বেক টু ইয়ৰ প্লেচ৷ আপলৌগ কা কুই
বাত নেহী চুনেগা৷ গৌ এৱে ফ্ৰম হিয়ে৷ ইয়াৰ পৰা গুচি যাব৷ গুচি যাব, গুচি
যাব৷ ইহা হাল্লা মত কৰৌ৷...”
কথাখিনি কৈ
স্কনচ নিজৰ কোঠাত সোমাল৷ ৰাইজে চিঞৰি থাকিল– “আমাৰ কথা শুনিব লাগিব৷ কৰ উঠাই দিব
লাগিব৷ মহল উঠাই দিব লাগিব৷ কানিখেতি কৰিবলৈ দিব লাগিব৷ এয়া আমি দৰ্খাস্ত আনিছোঁ,
ডিচিয়ে
ল’ব লাগে৷”
চিপাহীবোৰৰ লগত
ৰাইজৰ ঠেলা-ঠেলি লাগি থাকিল৷ তেনেতে স্কনচৰ নিৰ্দেশ আহিল মানুহবোৰক গ্ৰেপ্তাৰ
কৰিবলৈ৷ থানাৰ ডাৰোগাই ৰাইজক জনালে–
“শান্তি নষ্ট কৰা বাবে আপোনালোকক গ্ৰেপ্তাৰ কৰা হৈছে৷ থানালৈ ব’লক৷”
চিপাহীবোৰৰ
বন্দুকৰ নলত আৱদ্ধ ৰাইজ থানালৈ যাবলৈ বাধ্য হ’ল৷ ৰাইজ লাহে লাহে গৈ থানাত আৱদ্ধ হৈ
পৰিল৷
লঘোনে-ভোকে ৰাইজ
থানাত গধূলিলৈকে আৱদ্ধ হৈ থাকিল৷ সকলোৱে দুখ কৰিলে– ডিচিয়ে তেওঁলোকৰ কথাতো
নুশুনিলেই থানাতহে ভৰাই থ’লে৷ ডিচি ইমান নিষ্ঠুৰ হ’ব লাগে নে? ৰাইজৰ
দুখ-কষ্ট একো নুবুজে৷
গধূলি সময়ত খবৰ
আহিল যে ৰাইজক মুকলি কৰি দিয়াৰ নিৰ্দেশ আহিছে৷ লগতে আগলৈ এনেকুৱা বিক্ষোভ নকৰিবলৈ
ৰাইজক সকীয়াই দিয়া হৈছে৷
থানাৰ পৰা ওলাই
ভোকে-ভাগৰে থকা ৰাইজে সৰু সৰু দলত ভাগ হৈ নিজৰ নিজৰ গাঁৱলৈ খোজ ল’লে৷
ৰংবৰ আৰু
কটহগুৰিৰ পৰা যোৱা মানুহখিনিয়ে ঘৰ আহি পায় মানে ৰাতি ভালেখিনি হ’ল৷ ৰংবৰে চাংবৰক
নিজৰ ঘৰলৈকে লৈ আহিছে লক্ষণসিং আৰু ৰজা ঘন সিঙৰ লগত কথাবোৰ আলোচনা কৰিবলৈ৷ কিন্তু
ৰাতি ভালেখিনি হ’ল৷ ৰংবৰ ঘৰত সোমায়েই চাংবৰৰ সৈতে ভাত খালে আৰু শুই থাকিল৷
পাছদিনা
ৰাতিপুৱাতে ৰংবৰ আৰু চাংবৰ লক্ষণসিঙৰ গুৰিলৈ খোজ ল’লে৷
লক্ষণসিঙৰ ঘৰত
উঠিয়েই ৰংবৰে মাত দিলে– “সেনাপতি মহাশয়, ঘৰত আছে নে?”
“আছোঁ আছোঁ৷”–
লক্ষণসিঙে মাত দি দি ঘৰৰ বাহিৰলৈ আহিল৷
ৰংবৰ ডেকাও
শংকৰদেৱৰ ধৰ্মত শৰণ লোৱা মানুহ৷ তাৰ মুখৰ ভাষাও লক্ষণসিঙৰ দৰেই৷ অৱশ্যে সি মাজে
মাজে ‘খালং-গ’লং’ বুলি চাংবৰহঁতে কোৱাৰ দৰেও কয়৷ লক্ষণসিঙে ৰংবৰহঁতক চ’ৰাঘৰলৈ নি
বহিবলৈ দিলে৷ নিজেও সিহঁতৰ কাষতে বহি মাত দিলে– “কালি কি কি হ’ল খবৰেই পোৱা নাই৷
কালি মই ৰাতিলৈকে কোনোবা আহি ওলায় নেকি বুলি বাট চাই আছিলোঁ৷ কোনো আহি নাপালে৷ কালি
ঘূৰি আহোঁতে ৰাতি হ’ল চাগে’৷”
“সেনাপতি মহাশয়/
”– ৰংবৰে ক’লে৷ “আমাক থানাত নি ভৰাই থৈছিল৷ আন্ধাৰ হোৱাৰ সময়তহে খুলি দিলে৷ নগাঁৱৰ
পৰা এইখিনি বাট আহোঁতে ৰাতিয়েই হ’ল৷ ভোকত আছিলোঁ৷ বৰকৈ ভাগৰো লাগিল৷ ভাত-পানী খাই
শুই থাকিলোঁ৷ বোলো সেনাপতিক ৰাতিপুৱাহে কথাবোৰ ক’ম৷”
‘‘ঠিকে
আছে ঠিকে আছে৷ কওকচোন কি কি হ’ল৷”
“আমি ডিচি অফিচ
পোৱাৰ অলপ আগৰে পৰা কৰবিলাক উঠাব লাগে বুলি দাবী জনাই জনাই গৈ আছিলোঁ৷ ডিচি অফিচৰ
সন্মুখতে চিপাহীয়ে আহি বাধা দিলে৷ আমি ডিচিৰ লগত কথা পাতিব লগা আছে বুলি কৈ
থাকিলোঁ৷ কিন্তু ডিচি ওলাই নাহে নাহেহে নাহে৷ বহুত পাছত ওলাই আহি আমাক খং কৰি ঢেৰ
গালি পাৰিলে৷ আমাক গুচি আহিবলৈ ক’লে৷ আমাৰ কথা সি নুশুনিলেই৷ দৰ্খাস্তও নল’লে৷
আমাক খেদি দিবলৈহে চালে৷ তাৰ পাছত সি নিজৰ কোঠাত সোমাই গ’ল৷ কৰৰ কথা একো নক’লেই৷
পাছত আমাক থানাত ভৰাই থ’লে৷ মানুহটো একেবাৰে ভাল নহয়৷”
“জানো, মানুহটো
ভাল নহয়৷ ইয়াৰ পৰা সুবিচাৰ পোৱাৰ আশা নাই৷”
“হয়, আমি
কেতিয়াও সুবিচাৰ নাপাওঁ৷ আমাৰ কাগজখন নল’লেই নহয়!”
“ই বৰ বদমাছ
মানুহ৷”– লক্ষণসিঙে ক্ষোভ উজাৰিলে৷ “আমাক মানুহ বুলিয়েই নাভাবে৷ সি ইচ্ছা কৰিলেই
কিছুমান কাৰণ দেখুৱাই কৰ কমাই দিব পাৰে৷ কিন্তু নকৰে৷ আনকি আমাৰ ভগৱন্ত ঈশ্বৰকো সি
অপমান কৰে৷ এবাৰ সি ফুলগুৰিলৈ আিহছিল এটা কামত৷ ফুলগুৰিৰ ওচৰতে থকা গড়মূৰ সত্ৰত
সি সোমাইছিল৷ সত্ৰত বহুত মানুহ আছিল৷ ৰাইজে তাক বৰ আদৰ-সাদৰ কৰিছিল৷ কিন্তু সি
জোতা-মোজাৰে সত্ৰত সোমাই ভগৱন্ত গোসাঁইৰ ভেঁটিত থকা সিংহাসনত বহিছিল৷ ৰাইজে মনত বৰ
দুখ পাইছিল৷ এইটো মানুহ এনেকুৱা অহংকাৰী৷ সি আমাক কেতিয়াও মানুহ বুলি ভবা নাই আৰু
নাভাবে৷”
“হয় দেই৷ ই
ভগৱন্ত ভক্তসকলৰ মনত কম দুখ দিলে না! আমি এতিয়া কি কৰিম?”
“ৰজা আৰু ৰাইজৰ
লগত আলচ কৰি লওঁ৷ তাৰ পাছত কি কৰা যায় ঠিক কৰিম৷”
লক্ষণসিংহঁতলৈ
বুলি ৰঙা চাহ আৰু উহোৱা কাঠ আলু আহিল৷ লক্ষণসিঙে চাংবৰহঁতক ক’লে– “চাহ খাওক৷ মই আজি
আমাৰ ৰজাৰ ওচৰলৈ যাম৷”
“দেওঅজা লগত
হংকালে আলোচনা কঈবা লাগে৷”– এইবাৰ চাংবৰে মাত দিলে৷ “হংকালে এটা হিধান্ত ল’বা
লাগে৷ এই কেইদিনত আইজে হময় পাইছে৷ কিছু দিন’ পাছত ধান কাটিবা হ’ব৷ তেতিয়া আইজে ধান
কটা কামতহে লাগিব৷”
“অ অ, যি
কৰিবলগা আছে এই কেইদিনতে কৰিব লাগিব৷”
চাহ খাই চাংবৰ
আৰু ৰংবৰ লক্ষণসিঙৰ পৰা বিদায় লৈ ঘৰলৈ খোজ ল’লে৷
ডিচি স্কনচৰ
ব্যৱহাৰক লৈ চাৰিওফালে আলোচনা চলিল৷
কিন্তু স্কনচৰ ব্যৱহাৰ বেয়া বুলিয়েই ৰাইজে কামটো পেলাই থ’ব নোৱাৰে৷
টোপাকুছিৰ ৰজাৰ নিৰ্দেশত বাৰিকাবোৰৰ হতুৱাই মানুহ গোটাই ৰংবৰে এইবাৰ ফুলগুৰিত মেল
পাতিলে৷ সি ৰাইজক ক’লে– “আমি এনেদৰে মনে মনে থাকিলে নহ’ব৷ আমি যেনে তেনে আমাৰ
দৰ্খাস্তখন ডিচিক দিব লাগে৷ তেতিয়া সি কি কৰে চাওঁ৷...”
“হেইটোৱেই কথা৷”–
ফুলগুৰিৰ মেনা দেহীৰামে ৰংবৰৰ কথাক সমৰ্থন কৰিলে৷ “আমি যেনে তেনে আমা’ কথা লিখা
থাকা দখাস্তখন দিলে কিজানি হি ভাবিগুণি চায়েই৷ হি দখাস্তত লিখা থাকা কথাবো’ লিখি
ওপৰলৈ পঠিয়াবাও পাএ৷ আমি তেতিয়া আন্দোলন কআ নিচিনাকে যোৱা বাবে তা’ খং উঠিছিল
কিজানি৷”
“হয় হয়, হেইটো
হ’বা পাএ৷”– বহুতে দেহীৰামৰ কথাক সমৰ্থন কৰিলে৷
“তেতিয়া হ’লে
এইবা’ আমি বেছি মানুহ নাযাং৷ দখাস্তখন দিবা কাঅণে কেইজনমান মানুহ যাং৷ মই, ৰংব’,
চাংব’
এনেকে দহজনমান মানুহ যাং৷”
“অ অ, হেইটোকে
কআ যাক৷”– ৰাইজে দেহীৰামৰ কথাক পুনৰ সমৰ্থন কৰিলে৷
ৰংবৰকে ৰাইজে
কোন দিনা কাক কাক লগত লৈ ডিচিক দৰ্খাস্ত দিবলৈ যাব তাৰ দায়িত্ব দিলে৷
ৰংবৰে অক্তোবৰ
মাহৰ ৯ তাৰিখে চাংবৰ, মহী কোঁচ, দেহীৰাম, চাংবৰ
আদিকে ধৰি বাৰজন মানুহ লৈ ডিচিৰ হাতত দীঘলীয়া দৰ্খাস্তখন দি আহিল৷ ডিচি স্কনচে
দৰ্খাস্তখন ৰাখিলে৷ কিন্তু নিজে কিবা পদক্ষেপ ল’ব নে নলয় একো নক’লে৷ দৰ্খাস্তখন
ওপৰলৈ পঠিয়াব নে নপঠিয়াব তাকো একো নক’লে৷
পাছত চাব বুলি কৈ থৈ দিলে৷
দিন বাগৰিল৷
মানুহবোৰে খবৰ কৰি থাকিল স্কনচে দৰ্খাস্তখনৰ কি ব্যৱস্থা লৈছে৷ ৰংবৰ, চাংবৰ,
আৰু
মহী কোঁচে প্ৰায়ে নগাঁৱলৈ গৈ খবৰ কৰিলে৷ পাছত যেতিয়া গম পালে স্কনচে কোনো ধৰণৰ
ব্যৱস্থা লোৱা নাই আৰু কিবা ব্যৱস্থা লোৱাৰ সম্ভাৱনাও নাই তেতিয়া ৰংবৰ আৰু চাংবৰ
জ্বলি উঠিল৷ দেৰি নকৰি ৰংবৰে লক্ষণসিঙৰ সৈতে টোপাকুছিৰ ৰজাৰ ওচৰত গৈ ওলাল৷ সি
ক’বলৈ ধৰিলে– “দেওৰজা, ডিচি স্কনচে আমাক একেবাৰে গুৰুত্ব দিয়া নাই৷ সি
একো ব্যৱস্থা লোৱা নাই৷ দৰ্খাস্তখনকে এতিয়া অফিচত বিচাৰি পোৱা নাই৷ সি ফালি পেলালে
যেন পাওঁ৷ এতিয়া কি কৰে কৰক!”
“কথাটো নহ’লে
বেয়া হৈছে৷”– ৰজা ঘন সিঙৰ মাতত উষ্মতা৷ “ৰাইজক সি একো গুৰুত্বই দিয়া নাই৷ কিবা এটা
ব্যৱস্থা সোনকালেই কৰিব লাগিব৷”
“হয় দেওৰজা৷ কিবা
এটা নকৰিলে নহ’ব৷”
“ৰহা থানা আক্ৰমণ
কৰি দিওঁ নেকি?”– এইবাৰ লক্ষণসিঙে মাত দিলে৷ “তেতিয়াহে ডিচিৰ গা
লৰিব৷”
“নালাগে৷ এতিয়াই
নালাগে৷ ৰাইজৰ কথাও আছে৷ কিন্তু ডিচিয়ে একো ব্যৱস্থা নোলোৱা কথাটো ৰাইজৰ মাজত
প্ৰচাৰ কৰি দিব লাগে৷ মোৰ মতে ৰাইজক ক’ব লাগে ৰাইজমেল পাতি প্ৰতিবাদ কৰিব লাগে৷”
তেনেতে চাংবৰ
কোঠাটোলৈ সোমাই আহিল৷ সি আিহয়েই ক’লে– “দেওঅজা আউ হেনাপতি মহাহয়! মই গম পাই আহিছং
কালি ফুলগুঈ আইজে মেল পাতি ঠিক কঈছে, আইজে পাঁচদিনীয়া আইজ মেল পাতিবা লাগে
হেনো৷ তিনি দিন’ পাছত ফুলগুঈ নামঘঅতে মানুহবোঅক গোট খাবলৈ দিছে৷ আপোনালোকৰ লগত
আলোচনা কৰিবলৈ আজিয়েই ফুলগুৰিৰ ৰাইজ আহিব৷”
“ফুলগুৰি ৰাইজে
মই ভবাটোকে কৰিবলৈ গৈ আছে৷”–ৰজা ঘন সিঙে মাত দিলে৷ “আন উপায় নাই৷ ফুলগুৰিৰ ৰাইজে
ভাবাটোকে কৰা যাওক৷”
“তেন্তে মই
বাৰিকাবিলাকক গাঁৱে গাঁৱে পঠাই দিওঁ৷”– লক্ষণসিঙে ক’লে৷ “বাৰিকাবোৰে গাঁৱে গাঁৱে
গৈ মানুহবোৰক খবৰ দি ৰাইজ মেললৈ আহিবলৈ দিব৷ মানুহবোৰক লগত চাউল-পাত আনিব দিব
লাগিব৷ ফুলগুৰিকে ধৰি আমাৰ গাঁওবিলাকৰ কোনো কোনো মানুহৰ ঘৰত চাউল-পাত দি ভাত-পানী
খাব৷ দিনত মেল মাৰি ৰাতি সেই ঘৰতে থাকিব৷”
“ঠিকে আছে৷
ৰাইজমেলত যিমান পাৰি মানুহ গোটাব লাগে৷ কিন্তু ক’ত পাতিব?”
“ফুলগুৰিয়েই ভাল
হ’ব৷”– দেওৰজা ঘন সিঙে সিদ্ধান্ত দিলে৷ “ফুলগুৰিৰ নামঘৰতে মানুহবোৰ গোট খাওক৷ তাতে
চব ৰাইজে সিদ্ধান্ত কৰক কি কৰিব৷ ডিচিয়ে আহি ৰাইজৰ লগত আলোচনা কৰি এটা সমাধান
দিয়ক৷ ডিচিয়ে সমাধান নিদিয়ালৈকে ৰাইজ তাৰ পৰা গুচি যাব নালাগিব৷ আৰু আপুনি
সৈনিকবোৰক আমাৰ ইয়ালৈকে মাতি দিয়ক৷ সিহঁতে কি ধৰণে যুদ্ধ কৰিব পাৰে মই চাম৷ যুদ্ধ
কৰিব লগা হ’লে ইয়াৰ পৰাই সিহঁতক যুদ্ধলৈ লৈ যাব৷ সৈন্যবোৰৰ খোৰাকিৰ যোগাৰ আমাৰ
খাইগড়ৰ ৰজা শুভ সিঙে কৰি থৈছে৷ তথাপি সৈন্যবোৰক আহোঁতে মোনাত চাউল লৈ আনিব দিব৷”
“হয় দেওৰজা,
ঠিকে
আছে৷”
লক্ষণসিং,
ৰংবৰ
আৰু চাংবৰ ৰজাৰ পৰা বিদায় লৈ গুচি আহিল৷ লক্ষণসিঙে ঘৰলৈ আহিয়েই গাঁৱত থকা দুজন
বাৰিকাক ঘৰলৈ মাতিলে আৰু সকলোবোৰ কথা বুজাই দি ৰাইজ আৰু সৈনিকসকলক খবৰ দিবলৈ
পঠিয়াই দিলে৷ এই বাৰিকা দুজনে আন বাৰিকাবোৰকো খবৰ দি কামত লগাব৷
চৈধ্য
“আইজ, আমি
ইয়াত মেল পাতি ডিচিক জনাই দিম আমি একেবাএ ক’ নেদং বুলি৷”– চাংবৰে ৰাইজলৈ চাই ক’বলৈ
ধৰিলে৷ “আমি কঅ পআ এহাই দিবা লাগে বুলি দাবী জনাবা গৈছিলং৷ ডিচিয়ে আমা’ কথা
নুহুনিলে৷ আমাক হান্তি নষ্ট কঈবা আহা বুলি কৈ থানাতহে ভআই থ’লে৷ তা’ পাছত আকৌ আমি
দখাস্ত দিলং৷ হি তাউ একো ব্যৱস্থা নল’লে৷ দখাস্তখন ফালি পেলালে যেন পাং৷ ইমান
অহংকাঈ আউ অত্যাচাঈ মানুহ এইটো! যদিও আমি কঅ’ পআ এহাই দিবা লাগে বুলি লিখিছিলং আমি
ক’ কমোৱাটোকে বিচাঈছিলং৷ হি আমা’ লগত কথাই পাতা নাই৷ মানুহটো অত্যাচাঈ স্বভাৱ’
বাবে মই ভাবিছং আমি কঅ নেদং৷ তাতে কঅ দেংতে দেংতে আমি খাবা নোপোৱা হৈ গৈছং৷ হয়না
নহয় আইজ?”
“হয় হয়, কিয়
নহয়৷”– ৰাইজৰ মাজৰ পৰা বহু কেইজনে চাংবৰৰ কথাক সমৰ্থন কৰিলে৷
“ৰাইজ!”– নলে মাত
দিলে৷ নল কৈৱৰ্ত মানুহ৷ “এইখিনিতে মোৰ অনুৰোধৰ কথা এষাৰ ক’ম৷ পূৰ্বপুৰুষৰ দিনৰে
পৰা আমি মাছ মাৰি পেটটোক পোহপাল দি আহিছোঁ৷ মাছ মাৰি চাউল-তেল গোটোৱাটোৱেই আমাৰ
কাম৷ এতিয়া চৰকাৰে বিলৰ মহল খুলি আমাক মাছ মাৰিব নোৱৰা কৰিলে৷ আমি এতিয়া বিলত মাছ
মাৰিবলৈ যাব নোৱাৰোঁ৷ গ’লেই পহৰাদাৰে আমাক খেদে৷ সকলোবোৰ বিলতে মহলদাৰবোৰে পহৰাদাৰ
ৰাখিছে৷ আমি এতিয়া কেনেকৈ চলিম? এই মহলবোৰকো চৰকাৰে উঠাই দিব লাগে৷ মাছ
মাৰি আগতে আমি যেনেকৈ চলিছিলোঁ তেনেকৈ চলিবলৈ দিব লাগে৷ ডিচি আহিলে সকলোৱে একেমুখে
বিলৰ মহল উঠাবলৈ ক’ব৷ ৰাইজৰ ওচৰত এইটো মোৰ কাতৰ অনুৰোধ থাকিল৷ নহ’লে আিম মৰি যাম৷”
“মুঠতে চব উঠাব
লাগে৷”– কামপুৰৰ কলিমন লস্কৰে ক’লে৷ “কৰবিলাক উঠাই দিব লাগে, আক’
মহলবিলাককো উঠাই দিব লাগে৷ এইবোৰ কথা দৰ্খাস্তত লিখা হৈছেই৷ তথাপি মই কৈছং,
ডিচিৰ
লগত আলোচনা কৰাৰ হময়ত যাতে কোনেও পাহৰি নাযায়৷ হুনিছং তামোল-পাণৰ ওপৰতো কৰ লগাব
হেনো৷ এই কথাটোকো আলোচনা কৰিব লাগে৷ আমি ইয়াত পাঁচদিনীয়া ৰাইজ মেল পতাৰ কথা কৈছং৷
কিন্তু হমাধান নোলালে এই দিন বঢ়াই নিব লাগিব৷ হমাধান নোপোৱালৈকে আমি ইয়াৰ পৰা
নাযাঙেই৷ কি কয় ৰাইজ?”
“ঠিক কৈছে,
ঠিক
কৈছে৷ আমি সমাধান নোপোৱালৈকে ইয়াৰ পৰা নাযাওঁ৷”– ৰাইজৰ মাজৰ পৰা বহুজনে চিঞৰি
উঠিল৷
“ডিচিক ইয়ালৈ
আনিবলৈ হ’লে আমাৰ বল দেখুৱাব লাগিব৷”– মহী কোঁচে ক’লে৷ “হাজাৰ হাজাৰ মানুহে চৰকাৰৰ
কৰ-নীতিক বেয়া পোৱা কথাটো দেখুৱাবলৈ হ’লে ইয়াত হাজাৰ হাজাৰ মানুহ গোট খাব লাগিব৷
এতিয়া ছশমানহে মানুহ গোট খাইছে৷ মানুহ যিমান পাৰে সিমান আহিব লাগে৷ হাজাৰ হাজাৰ
মানুহ গোট খাব লাগে৷ আমি সকলোৱে কষ্ট পাই আছোঁ৷ গতিকে সকলোৱে আহিব লাগে, তেতিয়াহে
কিবা এটা উপায় ওলাবগৈ৷”
“আহিব আহিব৷”–
চাংবৰে মাত দিলে৷ “বাঈকাবোঅ হতুৱাই খব’ দিয়া হৈছে৷ কালিলৈ বহুত মানুহ আহি পাবা
লাগে৷ বাঈকাবোএ খব’ দিছেহে, হাজু হৈ আহংতে অলপ হময় লাগিব৷ মুঠতে
কালিলৈ বহুত মানুহ গোট খাব৷ আইজে চিন্তা কঈবা নালাগে৷ কালিলৈ হাজা’ হাজা’ মানুহ
আহি পাব৷”
ৰাইজে কথাবোৰ
আলোচনা কৰি থাকিল৷
তেমেকাই
কেইবাখনো গাঁৱৰ মুখিয়াল মানুহবোৰক খবৰ দিবলৈ গৈছিল৷ পাঁচদিনীয়া ৰাইজ মেলৰ সিদ্ধান্ত
হোৱাৰ পাছতে বাৰিকাবোৰে খবৰটো বিয়পাই দিছিল৷ এটা বাৰিকাৰ পৰা আন এটা বাৰিকালৈ গৈ
এটা দিনৰ ভিতৰতে খবৰটো বহু মানুহে পাইছিল আৰু নিৰ্দিষ্ট দিনত প্ৰায় ছশ লোক আহি
নামঘৰত থিতাপি লৈছে৷ ৰাইজৰ ভিতৰত কিছুমানৰ সাজু হওঁতে আৰু কিছুমানৰ বাট দূৰ হোৱা
বাবে প্ৰথম দিনা ইমান মানুহ গোট খাব নোৱাৰিলে৷
ৰাইজৰ আলোচনা
চলি থাকোঁতে হঠাতে তাত দাৰোগা হলধৰ বৰুৱা দহজনমান চিপাহীৰ সৈতে উপস্থিত হ’ল৷
তেমেকাও ৰাইজৰ লগতে আছে৷ সি ভাবিলে কোনোবা চোৰাংচোৱাই ইয়াত মানুহ গোট খোৱাৰ খবৰটো
ডিচিক দিলেগৈ চাগে’৷ নহ’লে প্ৰথম দিনাই হলধৰ দাৰোগা আহি ওলায়হি নে?
হলধৰে ৰাইজক
সুধিলে– “আপোনালোকে ইয়াত কিয় গোট খাইছে?”
“আমি ৰাইজ মেল
পাতিছোঁ৷ এই ৰাইজ মেল পাঁচদিন ধৰি চলিব৷”– ৰাইজৰ মাজৰ পৰা বহুকেইজনে মাত দিলে৷
“কিহৰ ৰাইজ মেল
পাতিছে?”
“আমি কৰ-কাটলৰ
কথা আলোচনা কৰিম৷”– হাফিজ আলিয়ে মাত দিলে৷ “আমি ৰাইজ মেলৰ যোগেদি ডিচিক কৰৰ পৰা
ৰেহাই দিবলৈ দাবী জনাম৷”
“নাই নাই৷
আপোনালোকে এনেদৰে ৰাইজ মেল নাপাতিব৷ কিবা আপত্তি থাকিলে ডিচিক কওকগৈ৷”
“কিয় আমি কোৱা
নাই নেকি?”– ৰংবৰে মাত দিলে৷ “প্ৰথমে কৰৰ পৰা ৰেহাই দিব
লাগে বুলি দাবী জনাই বিক্ষোভ প্ৰদৰ্শন কৰিছিলোঁ৷ আমাক থানাতহে ভৰাই থ’লে৷ তাৰ পাছত
আমাৰ দুখ-দুৰ্গতি বৰ্ণাই কৰৰ পৰা ৰেহাই দিব লাগে বুলি দৰ্খাস্ত দিছিলোঁ৷ সেই
দৰ্খাস্ত ক’ত গ’ল নাজানো৷ ডিচিয়ে একো ব্যৱস্থা নল’লে৷ আমাৰ পেট নাই নেকি? আমি
খাব নালাগিব নেকি? কৰ দিওঁতেই যদি আমাৰ চব শেষ হয়, আমি
কি খাম? গতিকে আমাক সুবিচাৰ লাগে৷ কৰৰ পৰা ৰেহাই দিব লাগে৷”
“নাই নাই,
আপোনালোকে
এনেকুৱা কৰিলে নহ’ব৷ ইয়াৰ পৰা গুচি যাওক৷”
“নাই নাই,
আমি
নাযাওঁ৷”– ৰাইজ গৰজি উঠিল৷ “সুবিচাৰ নোপোৱালৈকে আমি ইয়াতে থাকিম৷”
“মই অনুৰোধ
কৰিছোঁ৷ আপোনালোক ইয়াৰ পৰা যাওকগৈ৷”– হলধৰে বৰ নম্ৰ হৈ দেখুৱালে৷
“নাই নাই,
আমি
নাযাওঁ৷”– ৰাইজ পুনৰ গৰজি উঠিল৷
ৰাইজৰ হুংকাৰ
আৰু মানুহবোৰৰ হাতে হাতে লাঠি থকা বাবে হলধৰ বৰুৱাই কথা ভাল নেদেখিলে৷ মানুহবোৰক
জোকাই ল’বলৈ সাহস নকৰি সি চিপাহীকেইজনক লগত লৈ উভতি খোজ ল’লে৷ কথাটো সি ডিচি-ক
জনাব৷
ৰাইজে কথা পাতি
থাকিল৷ কৰৰ বাবে ক’ত ক’ত কি কি ঘটনা ঘটিছে, সেইবোৰো আলোচনাৰ
ভিতৰত সোমাল৷ মানুহবোৰৰ বহুতে যে খাবলৈ নাপাই বনৰ আলু-কচু খাই জীৱন নিৰ্বাহ
কৰিবলগা হৈছে– এনেকুৱা দুখৰ কথাবোৰো ওলাল৷
লাহে লাহে বেলি
মাৰ যাবৰ হ’ল৷
ৰংবৰে ৰাইজক
ক’লে– “ৰাইজ! বেলি মাৰ যাব এতিয়া৷ আজি হলধৰ দাৰোগা আৰু কেইজনমান চিপাহীহে ইয়ালৈ
আহি দেখা দিলে৷ পুলিচে আমাৰ সমস্যাৰ সমাধান কৰিব নোৱাৰে৷ আমি ডিচিকহে বিচাৰিছোঁ৷
সিহে আমাক কিবা এটা উপায় দিব পাৰিব৷ কিন্তু আজি ডিচি নাহিল৷ আিহবৰ সময়ো উকলি গ’ল৷
গতিকে ৰাইজৰ মেল ইমানতে ভগা যাওক৷ কাইলৈ আগবেলা আমি আকৌ ইয়াতে লগ হ’ম৷ কি কয় ৰাইজ?”
“ঠিক আছে,
ঠিক আছে৷”
ৰাইজ বহাৰ পৰা
উঠিল৷ কিছুমান মানুহৰ ওচৰৰ গাঁওকেইখনত অঙহী-বঙহী আছে৷ এইবোৰ মানুহে নিজৰ মিতিৰৰ
ঘৰতে থাকিবগৈ৷ কিছুমানৰ কিন্তু তেনে সুবিধা নাই৷ তেনেকুৱা মানুহবোৰে ৰাইজ মেল বহি
থকাৰ সময়তে স্থানীয় মানুহ কিছুমানৰ লগত কথা পাতি থকা ঠাই ঠিক কৰি লৈছে৷ এনে
মানুহবোৰ ফুলগুৰি, কুঁহিগুৰি, কটহগুৰি,
সৰাগাঁও,
ডিমৌ
আদিত সিঁচৰতি হৈ পৰিল৷ তেওঁলোকে ঠিক কৰা মানুহজনৰ লগতে গৈ তেওঁৰ ঘৰত চাপিল আৰু লগত
অনা চাউল-পাত দি ভাতৰ যোগাৰ কৰিবলৈ দিলে৷
কিছুমান মানুহে
চাউল-পাতৰ লগতে চৰু-হাৰীও আনিছে৷ এইসকলে লালুং মানুহৰ হাতেৰে ৰন্ধা নাখায়৷ এইটো
অঞ্চলত লালুং মানুহেই বেছি৷ সেয়ে নিজে ৰান্ধি খাবলৈ চৰু-হাৰীও আনিছে৷
তেমেকা আৰু
কেৰ্পাইৰ লগত আছে এজন কৈৱৰ্ত বাৰিকা৷ কামপুৰৰ৷ নাম তাৰ বুধেশ্বৰ৷ তাৰ লগত
চাউল-পাতো নাই, চৰু-হাৰীও৷ সি কোনো দিন লালুং মানুহৰ ঘৰত ভাত
খায়ো পোৱা নাই৷ লালুং মানুহে মদ-পানী আৰু গাহৰি মাংস খায় বাবে লালুঙৰ ঘৰত কৈৱৰ্ত
মানুহে ভাত নাখায়৷ তেমেকাই তাক সুধিলে– “তই এতিয়া কি কঈবি? ত’ খোৱা আউ থাকা
জাগা আছে?”
“নাই, কামত
ঘূৰি থাকোঁতে চাউল-পাত লোৱাই নহ’ল৷”
“তই লালুঙ’ ঘঅত
ভাত খাবি?”
বুধেশ্বৰে একো
নকৈ মনে মনে থাকিল৷
তেমেকাই তাক
পুনৰ সুধিলে– “তই লালুঙ’ ঘঅত ভাত খাবি? লালুঙ’ ঘঅত ভাত খাৱ যদি ব’ল আমা’ লগত৷
নহ’লে খাবা নাপাই মঈবি৷ ভাত খালেও জাত নাযায় দে৷ গৈছে বুলি যদি ভাবি লৱ তেন্তে
তুলখী পানী ছটিয়াই পআচিত হৈ ল’বি৷”
“হ’ব দে৷ লালুঙৰ
ঘৰত হ’লেও খাম৷ ভোক লাগিছেই৷ ভাত খাব নাপালে মৰিয়েই থাকিম৷ গাহৰি মাংস খাবলৈ নিদিলেই
হ’ল৷ বাকী চলি যাব৷”
“হ’ব তেন্তে৷ ব’ল
আমা’ লগত৷”
তেমেকা আৰু
কেৰ্পায়ে বুধেশ্বৰক লগত লৈ ফুলগুৰি গাঁৱৰে এঘৰলৈ খোজ ল’লে৷ আজি হংবৰে তেমেকাক
সন্মুখত পাই কৈছিল– “আজি ঘঅত এটা পূজা আছে৷ পূজাত গাহঈ আউ মুৰ্গী বলি দিয়া হ’ব৷ ত’
নিজ’ মানুহঅ ঘঅত থকাও হ’ব আউ পূজা খোৱাও হ’ব৷ আজি কেপাইক লগত লৈ আমা ঘঅতে আতি ভাত
খাবি আউ হুই থাকিবি৷ তন্তে এই কেইদিন ঘূঈ ফুঅংতে ভালকে খাবা পাইছ না নাই ঠিক নাই৷
আতি গাহঈ মাংহএ ভাত খাবি আউ হুই থাকিবি৷”
“হ’ব দে কাকা৷
আজি ত’ ঘঅতে ভাত খাম আউ হুই থাকিম৷”
হংবৰে
প্ৰস্তাৱটো দিয়াত তেমেকাই ভালেই পালে৷ হংবৰ তাৰ দূৰ সম্পৰ্কীয় ককায়েক৷ সিহঁত একেজন
আজোককাকৰে নাতি৷ আজুককাক সৰাগাঁও ৰজাৰ সেনাপতি আছিল৷ সেই অনুসৰিয়েই হংবৰ
আৰু তেমেকাৰ উপাধি সেনাপতি৷ এতিয়াও সৰাগাঁও ৰজাৰ সেনাপতিজন তেমেকাহঁতৰ বংশৰে৷
এইকেইদিন ঘূৰি ফুৰোঁতে সি মাছ ভাত, নিৰামিখ ভাত আৰু ক’ৰবাত কচু-আলুকে খাই
থাকিবলগীয়া হৈছে৷ বহুদিন মাংস-ভাত সি খাবলৈ পোৱাই নাই৷ হংবৰৰ প্ৰস্তাৱটো শুনি তাৰ
জিভাৰ পানীয়েই ওলাইছিল৷ লগে লগে সি সন্মতি প্ৰকাশ কৰিলে৷ সি ভাবিলে– এনেকুৱা
লোভনীয় প্ৰস্তাৱক কোনোবাই নেওচা দিব পাৰে নে?
তেমেকাহঁত গৈ থাকিল হংবৰৰ ঘৰলৈ বুলি৷
বাটতে গজেন ডেকাৰ ঘৰ৷
গজেন ডেকাৰ ঘৰ
পাই তিনিও সোমাল৷ গজেনৰ লগত তেমেকা আৰু কেৰ্পাইৰ চিনাকি আছে৷ গজেনো ৰাইজ মেললৈ
গৈছিল৷ চাৰিওফালে এতিয়া আন্ধাৰে আৱৰি ধৰিছে৷ বাৰাণ্ডাত এটা চাকি জ্বলাই গজেনে এজন
মানুহৰ লগত কথা পাতি আছে৷ তেমেকাহঁত সোমাই গৈয়েই গজেনৰ কাষত হাজিৰ হ’ল৷ গজেনে মাত
দিলে– “অ তহঁতে আহি পালি? বাৰাণ্ডাতে ঢাৰি আছে৷ পাৰি বহচোন৷”
“হ’ব দিয়ক৷”–
তেমেকাই উত্তৰ দিলে৷ “এই বুধেশ্বঅকহে থ’বা আহিছং৷ আমি হংব’ কাকা ঘঅলৈ যাম৷ এই
বুধেশ্ব’ মদ-গাহঈ নোখোৱা মানুহ৷ হেইকাঅণে ইয়াক আখি থওক৷”
“অ হ’ব৷”
“বুধেশ্ব’ তই
ইয়াতে থাক৷ গজেন কাকা হঅণ লোৱা মানুহ৷ ইয়াত মদ-গাহ’ঈ নচলে৷”
তেমেকাৰ কথা
শুনি বুধেশ্বৰৰ চকু-মুখ উজ্জ্বল হৈ পৰিল৷ সি বাৰাণ্ডাত এখন ঢাৰি পাৰি বহিল৷ তেমেকা
আৰু কেৰ্পায়ে গজেনৰ পৰা বিদায় লৈ হংবৰৰ ঘৰলৈ খোজ ল’লে৷
বাটত আহি থাকোঁতে তেমেকাহঁতে কানিৰ গোন্ধ পালে৷ কোনোবাই কানি খাইছে৷ কেৰ্পায়ে ক’লে– “মহলদাএ
এক তোলা কানিত চাঈঅনাকৈ দাম লয়৷ কানি’ দাম ইমান বেছি হোৱাতো মানুহবোএ কানি খাবা এআ
নাই৷”
“কেনেকে এঈব?
এবা’
কানি নিচা বহি গ’লে ইয়াক এআ ব’ টান৷ ঘঅ’ বাটি-ঘটি বিকি হ’লেও কানি খাব৷ কিছুমান
কানিয়াই কিন্তু এতিয়াও কোনেও গম নোপোৱাকৈ কানিখেতি কঈ আছে৷ আমা’ গাঙতে মদন,
মিহিআম,
গুপেশ্ব’,
গোপাল
আৰু হাবাং কানিয়া আছে৷ এইকেইটা ঘো’ কানিয়া৷ হিন্তে জংঘল’ ভিতঅত কানিখেতি কএ৷ মই
এবা’ মদন’ কানিখেতিত ওলাইছিলংগৈ৷ কলঙ’ পাঅতে জংঘল’ ভিতঅত তা’ খেতি আছে৷ কানিখেতি
কআ ইমান টান কাম নহয়৷ কলঙে পলখ পেলাই মাটিবো’ হাউৱা কঈ আখেই৷
মাত্ত জংঘল কাটি মাটিখিনি মোকলাই ল’লেই হ’ল৷ তাতে আফুগুটি হিঁচি দিলে আপোনা-আপুনি
আফুখেতি হৈ যায়৷ মিহিআম, হাবাং আউ গুপেশ্বয়েও খেতি কএ হেনো৷
হিন্ত’ খেতিবো’ মই দেখা নাই৷ হিন্ত খেতি মদন’ কানিখেতিৰ ওচএ-পাজএ হ’ব৷ হিন্তে আন
কানিয়াবোঅকো কানি ধাঅলৈ দিয়ে বোলে৷”
“অ কানিয়াবোএ
এনেকুৱাই কঈব লাগিব৷ নহ’লে ঘঅ বস্তু এটাও নাথাকিব, চব মহলদাঅ ঘঅত
বন্ধকত থাকিব৷”
“মদনে ম’ক কৈছিল–
‘কানি এঈবা নোৱাঅং অ বাপু! এদিন নাখালেই গাটো ব’ বেয়া কএ৷ কাম-বন কঈবা নোৱাআ হং৷
গতিকে কানি খাবাই লাগিব৷ কিনি খাবা পইচা নাই৷ জংঘলতে খেতি কঈবা লৈছং৷ কেতিয়াবা
চঅকাঅ মানুহে দেখা পাই নষ্ট কঈলেও কঅক৷ আমা’ মানুহবোএ খেতিখিনি মই কআ বুলি নক’লেই
হ’ল৷ ম’ খেতি কোনেও দেখা নাছিল৷ তই আজি দেখিলি৷ কাক’ নক’বি দেই বাপু!”
“মই কলং– ‘হ’ব
দে৷ মই কাক’ নকং৷’ কেৰ্পাই, আজি ত’ক কৈ পালং৷ তই কাক’ নক’বি৷ কাঅণ
কানিয়াবোএ এনেকে আফুখেতি কঈ নাখালে হিন্তে মঈব৷”
কেৰ্পায়ে মূৰ
দুপিয়াই সন্মতি জনালে– “নাই, কাক’ নকং৷”
দুয়ো আহি আহি
হংবৰৰ পদূলিমুখ পালে৷ জপনা খুলি চোতালত প্ৰৱেশ কৰি তেমেকাই হংবৰক মাত দিলে– “কাকা! ঘঅত আছ না?”
পোন্ধৰ
ফুলগুৰিলৈ মানুহৰ সোঁত বৈ থাকিল৷ নামঘৰত ঠাই
নোজোৰাত মানুহবোৰে নামঘৰৰ ওচৰতে থকা ডাঙৰ আঁহত গছ এজোপাৰ তলত গোট খাবলৈ ধৰিলে৷
ৰাইজে আঁহত গছৰ ছাঁত বহি ৰ’দৰ পৰা হাত সাৰিব বিচাৰিছে৷ নতুনকৈ অহা মানুহবোৰ কালি
অহা মানুহবোৰৰ লগত সানমিহলি হৈ বহিবলৈ লৈছে৷ নতুন মানুহবোৰৰ সকলোৰে কান্ধত একোটাকৈ
মোনা৷ মোনাত আছে চাউল আৰু শাক-পাচলি৷ কিছুমানৰ লগত চৰু-হাৰীও আছে৷
ফুলগুৰি এতিয়া
মানুহৰ খোজৰ ভৰত দলদোপ হেন্দোলদোপ৷ চাৰিওফালে বিক্ষুব্ধ মানুহৰ কোলাহল, ইফালে-সিফালে
মানুহৰ আহযাহ৷ হাজাৰ হাজাৰ মানুহে মনৰ ক্ষোভ উজাৰিবলৈ আজি ফুলগুৰিত গোট খাইছে৷
মানুহবোৰে ইমান দিনৰ পেটৰ ক্ষুধা দূৰ কৰিবৰ ব্যৱস্থা কৰিবলৈ আহিছে, কোনেনো
চৰকাৰৰ ডকাইতিৰ দৰে কাৰ্যক মানি ল’ব পাৰে৷ তেওঁলোকক ন্যায় লাগে, কৰৰ
পৰা ৰেহাই লাগে৷
তেমেকা,¸
কেৰ্পাইকে
ধৰি ফুলগুৰিৰ বহুকেইজন ডেকাই মানুহবোৰক খোৱা-পানীৰ যোগান ধৰিছে৷ আঁহত গছৰ তলত
বহিলেও গৰমত মানুহবোৰ ঘামি উঠিছে৷ মানুহবোৰক খোৱাপানীৰ প্ৰয়োজন৷ ৰাইজৰ কথা মতে
তেমেকাহঁতে কেইবাটাও নাদ আৰু কলঙৰ পৰা বাল্টিৰে পানী আনি
মানুহবোৰক খাবলৈ দিছে৷ নতুনকৈ অহাসকলৰ ভিতৰত যিসকলে চাউল-পাতৰ লগতে চৰু-হাৰীও
আনিছে তেওঁলোকে ৰাইজ মেলৰ কাষতে চৰু পাতি ভাত ৰান্ধিছে৷ এইসকলকো তেমেকাহঁতেই পানীৰ
যোগান ধৰিছে৷ আগতে অহা মানুহবোৰে নিজে থকা ঠাইৰ পৰাই ভাত খাই আহিছে৷ কিছুমানে লগত
লৈ আনিছে জলপান৷ তেওঁলোকে দুপৰীয়া তাকেই খাব৷
মানুহবোৰে
কেইবাটাও ভাগত বিভক্ত হৈ আঁহতৰ তলত বহি কথাত মগ্ন হৈ পৰিল৷ তেমেকাহঁতে পানী যোগান
দিওঁতে গম পাইছে মানুহবোৰে কৰৰ উপৰিও আন দুখ-দুৰ্দশাৰ কথাও পাতি আছে৷
সময় পাৰ হ’ল৷
লাহে লাহে
দুপৰীয়া হ’বৰ হ’লহি৷ তেনেতে দাৰোগা হলধৰ বৰুৱাই কিছুমান চিপাহী-চন্তৰী লৈ তাত
উপস্থিত হ’ল৷ এইবাৰ তাৰ লগত অহা চিপাহীৰ সংখ্যা সৰহ৷ সি আহিয়েই ৰাইজক উদ্দেশ্যি
ক’বলৈ ধৰিলে– “আপোনালোকক কালিয়েই কোৱা হৈছিল ইয়াত গোট নাখাবলৈ৷ কিয় গোট খাই আছে?
যাওক
এতিয়াই গুচি যাওক৷ আপোনালোকে কথা নুশুনে কেলেই?”
“কিয় শুনিম?
কিয়
শুনিম?”– ৰাইজৰ মাজৰ পৰা বহুকেইজন জকজকাই উঠিল৷
“ডিচি চাহাবে
হুকুম দিছে ইয়াৰ পৰা গুচি যাবলৈ৷ গতিকে
গুচি যাওক৷ ডিচিৰ কথা নুশুনে নেকি?”
“আমি ন্যায়
নোপোৱালৈকে কিয় গুচি যাম?”– ৰংবৰে মাত দিলে৷ “ডিচি চাহাবে নিজে আহি
আমাৰ লগত কথা পাতক৷ আমাক ন্যায় লাগে৷ সি আপোনাক পঠিয়াই আমাক ইয়াৰ পৰা খেদিবলৈ
খুজিলে নহ’ব৷ সি নিজেই আহক৷ নিজে নাহি আপোনাক পঠিয়াই থাকিলে আমি কেতিয়াও ইয়াৰ পৰা
নাযাওঁ৷ যোৱাৰ কথা নাহে৷ কথাটো ডিচিক কৈ দিব৷ ৰাইজে তাক বিচাৰিছে৷ গতিকে ডিচি
নিজেই আহিব লাগে৷ চৰকাৰে আমাৰ প্ৰতি অন্যায় কৰিছে৷ আমাক ন্যায় লাগে৷”
“কি ন্যায় লাগে?
আপোনালোকে
কি ন্যায় পাব লাগে? চৰকাৰে কৰ লগাইছে, চৰকাৰৰ কথা৷
ডিচি চাহাবে চৰকাৰৰ কথা মতে কৰ উঠাইছে৷ কিবা ক’বলগা থাকিলে চৰকাৰক কওক৷ ইয়াত ডিচি
চাহাবৰ একো দোষ নাই৷”
“কিয় নাই?
আমি
চৰকাৰক আমাৰ দুখ-দুৰ্গতিৰ কথা ক’বলৈ হ’লে ডিচিৰ যোগেদিয়েই ক’ব লাগিব৷ আপুনি আমাক
আভুৱা ভাঁৰিবলৈ আহিছে নেকি? নে আমাক দুবছৰীয়া কেঁচুৱা বুলি ভাবিছে?”
“নাই ভবা৷ কিন্তু
ইয়াৰ পৰা গুচি যাওক৷”– হলধৰে ৰাইজক গুচি যাবলৈ হাতেৰে ইংগিত দিলে৷
“তই এটা বৰ ডাঙৰ
বদমাছ৷”– মহী কোঁচ জকজকাই উঠিল৷ “ইংৰাজৰ ভৰি চেলেকি চেলেকি তোৰ মূৰটোত মগজ নোহোৱা
হ’ল৷ বগা বঙালৰ চুৱা খাবলৈ পাই তোৰ মূৰটো ইংৰাজৰ হাতত বিক্ৰী কৰিলি৷ নিজৰ
ভাই-ককাইকো পাহৰি গ’লি৷ নিজৰ ভাই-ককায়েৰকে ঠগিবলৈ কিছুমান কথা ক’বলৈ আহিছ৷ লাজ নাই
তোৰ?”
“নাই নাই,
মই
সেইবোৰ কথা নাজানো৷ আপোনালোক ইয়াৰ পৰা গুচি যাওক৷ নহ’লে ডিচিৰ নিৰ্দেশ মতে
আপোনালোকক গ্ৰেপ্তাৰ কৰিবলৈ মই বাধ্য হ’ম৷”
“কৰক কৰক৷
গ্ৰেপ্তাৰ কৰক৷”
খঙত ৰাইজ হলধৰ
দাৰোগাৰ ফালে আগুৱাই গ’ল৷ মুহূৰ্ততে চিপাহীবোৰে দাৰোগাক আগুৰি ধৰি নিৰাপত্তা
বেষ্টনী গঢ়ি তুলিলে আৰু সন্মুখলৈ অহা ৰাইজৰ কেইজনমানক গ্ৰেপ্তাৰ কৰিলে৷ লগে লগে
চাৰিওফালে হুলস্থূল লাগিল৷ ৰাইজে ‘ধৰ ধৰ, মাৰ মাৰ’ বুলি চিপাহীবোৰৰ ফালে আগুৱাই
গ’ল৷ চিপাহীবোৰে শূন্যলৈ গুলী ফুটালে আৰু ৰাইজলৈ বন্দুকৰ নলী টোঁৱাই ৰ’ল৷ ৰাইজ
থমকি ৰ’বলৈ বাধ্য হ’ল৷ হলধৰ দাৰোগাই গ্ৰেপ্তাৰ কৰা ৰাইজৰ এঘাৰজনক লৈ নগাঁৱলৈ
যাত্ৰা কৰিলে৷
ঘটনা দেখি ৰাইজে
বিচূৰ্তি খালে৷ ৰংবৰে ৰাইজক ক’লে– “দেখিলে নে ইয়াৰ বুদ্ধিটো! ডিচিৰ কথা মতে ই আমাক
ইয়াৰ পৰা খেদিবলৈ আহিছিল, ডিচিয়ে হয়তো তাক কৈ পঠিয়াইছিল আমাক
খেদিব নোৱৰিলে আমাৰ মাজৰ মুখিয়াল মানুহ কিছুমানক ধৰি নিব লাগে বুলি৷ আমাক খেদিব
নোৱাৰি সি আমাৰ মুখিয়াল মানুহ কিছুমানক ধৰি নিব খুজিছিল৷ কিন্তু নোৱাৰিলে৷ সেয়ে
সন্মুখত যাকে পালে তাকে ধৰি লৈ গ’ল৷ ই এটা বৰ ডাঙৰ জাতিদ্ৰোহী শিয়াল৷ এতিয়া
যিকেইজনক ধৰি নিছে সিহঁতকে মুখিয়াল মানুহ বুলি ডিচিক ক’বগৈ৷”
“কথাটো তেনেকুৱাই
হ’ব৷”– লহৰ নাথে মাত দিলে৷ “সি এতিয়া ডিচিৰ আগত বৰ মতাটো হৈ দেখুৱাবগৈ৷”
“কিন্তু আমাৰ
এঘাৰজনক ধৰি নিয়াটো ভাল কথা হোৱা নাই৷ ইয়াতে গম পাব পাৰি ডিচিয়ে আমাক একো গুৰুত্বই
দিয়া নাই৷ কাৰণ সি আমাৰ দাবীৰ কথাটো আলোচনা কৰিব বিচৰাই নাই৷ আমাক খেদিবহে
খুজিছে৷”
“বাৰু দেখা
যাওকচোন কেনেকৈ গুৰুত্ব নিদিয়াকৈ থাকে৷”– ৰাইজৰ মাজৰ পৰা কেইবাজনেও মাত দিলে৷
ঘটনা দেখি
তেমেকাই বিচূৰ্তি খালে৷ কৰৰ কথাবোৰ আলোচনা নকৰি ডিচিয়ে দাৰোগাৰ হতুৱাই মানুহকহে
গ্ৰেপ্তাৰ কৰিছে৷ কথাবোৰ ভাললৈ হোৱা নাই৷ গোটেই ঘটনাবোৰ লক্ষ্য কৰিবলৈ লক্ষণসিঙে
বাৰিকাবোৰক কৈ থৈছে আৰু ঘটনা ডাঙৰ হ’লে লগে লগে জনাব দিছে৷ তেমেকাই কাষতে থকা
কেৰ্পাইক ক’লে– “তই ইয়াত লাগি থাক৷ মই হেনাপতিক কথাবিলাক জনাই আহং৷”
“অ যা৷ মই ইয়াত
লাগি থাকিম৷ আউ কিবা ঘটে নাকি তাক’ চাই থাকিম৷”
তেমেকাই
লক্ষণসিঙৰ গুৰিলৈ খোজ ল’লে৷ লক্ষণসিং ক’ত আছে সি জানে৷ লক্ষণসিঙেও বন্দুকৰ শব্দ
শুনি সৈন্যবাহিনী লৈ আগুৱাই আহিছিল৷ আদবাটতে তেমেকা তেওঁৰ মুখামুখি হ’ল৷ তাক
দেখিয়েই লক্ষণসিঙে সুধিলে– “কি হ’ল? কিবা অঘটন ঘটিছে নেকি? বন্দুকৰ
শব্দ শুনিছিলোঁ৷”
“অ ঘটিছে৷ হলধ’
দাওগাই আমা’ মানুহ কেইজনমানক ধঈ নিছে৷ হি কৈছিলে মানুহবো’ আঁতঈ নগ’লে ডিচিয়ে হেনো
গেপ্তা’ কঈবা দিছে৷ ইমান মানুহক হি কেনেকে গেপ্তা’ কএ? হেয়ে হন্মুখত
পোৱা কেইজনমানক ধঈ নিছে৷ কথাবো’ বেয়া ফালে গৈ আছে৷ ডিচিয়ে আইজ’ লগত কথা নাপাতিব
যেন পাইছং৷ আইজ’ দুখ’ কথা নুহুনিব৷”
“ই আমাক মানুহ
বুলি নাভাবে৷ গতিকে আমাৰ লগত কথা নাপাতে৷ আমিও কি কৰিব পাৰোঁ চাম৷ আমাৰ সৈন্যবোৰক
সাজু কৰি ৰাখিছোঁ৷ যিকোনো সময়তে আক্ৰমণ কৰিম৷”
জংঘল আৰু
ইকৰাণিৰ মাজত সৈনিকবোৰ গিজগিজাই আছে৷ ফুলগুৰি আৰু ওচৰৰ দুখনমান গাঁৱতো সৈনিক
কিছুমান আছে বাহৰ পাতি৷ লক্ষণসিঙে সৈনিকবোৰক তিনিটা ভাগত ভাগ কৰিছে৷ এটা ভাগ নিজৰ
লগত ৰাখিছে৷ এই ভাগটোতে আন বহু সৈনিকৰ স’তে তেমেকাহঁতৰ গাঁৱৰ সৈনিকবোৰো আছে৷ এটা
ভাগ পালি সেনাপতি ৰূপসিঙৰ লগত আৰু আনটো ভাগ আছে বনমালীৰ লগত৷ পৰিকল্পনা অনুসৰি
ৰাইজ মেলত কোনো মীমাংসা নোহোৱাৰ সম্ভাৱনাই দেখা দিলেই লক্ষণসিং আৰু ৰূপসিঙে নগাঁৱৰ
ট্ৰেজেৰী অধিকাৰ কৰিবলৈ আগ বাঢ়িব৷ আনফালে বনমালীয়ে ৰহাৰ থানা আক্ৰমণ কৰিবলৈ যাব৷
বনমালীৰ লগত থকা সৈন্যদলটো সৰু৷
টোপাকুছিৰ ৰজা
ঘন সিঙৰ নিৰ্দেশক্ৰমে সকলোবোৰ সৈনিক টোপাকুছিত সমৱেত হৈছিল৷ লক্ষণসিঙে সৈনিকবোৰক
ৰজাৰ আগত ৰণকুশলতা দেখুৱাবলৈ কোৱাত সৈনিকবোৰে নিজৰ নিজৰ যুদ্ধ কৌশল কৰি
দেখুৱাইছিল৷ বন্দুকধাৰী আৰু কাঁড়ী সৈনিকবোৰেও কৰি দেখুৱাইছিল নিজৰ নিজৰ
পাৰ্গতালিবোৰ৷ বন্দুকধাৰী সৈনিক সংখ্যাত কম৷ বন্দুকবোৰ হস্তনিৰ্মিত খজা বন্দুক৷
লক্ষণসিঙে মূলতে কাঁড়ী সৈনিকবোৰৰ পৰাই বেছি সফলতা পোৱাৰ আশা কৰিছে৷ ৰজা ঘন সিঙে
সৈনিকবোৰক সাহস দি কৈছিল– “আমাৰ সাহসী বীৰসকল! তোমালোকে আিজ ইয়াত গোট খাইছা
অন্যায়কাৰী ইংৰাজৰ বিৰুদ্ধে যুঁজিবলৈ৷ তোমালোকে জানাই ইংৰাজে আমাক কেনেকৈ
চেপি-খুন্দি মাৰিব বিচাৰিছে৷ আমি সিহঁতৰ অন্যায় আৰু সহ্য নকৰোঁ৷ আমাক কৰা অন্যায়ৰ
প্ৰতিশোধ আমি ল’ব লাগিব৷ আমি এঘড়ী ভালদৰে যুঁজি সিহঁতক ইয়াৰ পৰা খেদিব লাগিব৷
তোমালোক জয়ী হ’বা৷... জয় কৃষক সৈনিকৰ জয়৷”
লগে লগে
সৈনিকবোৰে চিঞৰিছিল– “জয় কৃষক সৈনিকৰ জয়৷”
তদুপৰি
লক্ষণসিঙে কৈছিল– “সাহসী বীৰসকল! ইংৰাজৰ চিপাহীক হৰুৱাই নগাঁও ট্ৰেজাৰী আৰু খাৰঘৰ
অধিকাৰ কৰিব পাৰিলেই আমাৰ কাম সিজিব৷ এইকেইটা অধিকাৰ কৰিবৰ বাবেহে আমি বিশেষভাৱে
গুৰুত্ব দিম৷ নগাঁৱত যিমান চিপাহী আছে সকলোকে হত্যা কৰি সিহঁতৰ হাতিয়াৰবোৰ আমাৰ
হাতলৈ আনিব লাগিব৷ ট্ৰেজাৰী আৰু খাৰঘৰ অধিকাৰ কৰিব পাৰিলে আমাৰ হাতলৈ বহুত হাতিয়াৰ
আহিব৷ তেমোলোকে ভয় নকৰিবা৷...জয় কৃষক সৈনিকৰ জয়৷”
লগে লগে
সৈনিকবোৰে জয়ধবনি দিছিল৷
লক্ষণসিঙে ৰজা
ঘন সিঙৰ লগত আলোচনা কৰি কিছুমান বেজকো টোপাকুছিলৈ আনিছিল৷ বেজবোৰৰ কাম আছিল
সৈনিকবোৰক কৱচ দিয়া৷ তেওঁলোকে মন্ত্ৰপূত তাবিজ আৰু জৰী সৈনিকবোৰক দিছিল৷ লক্ষণসিঙে
সৈনিকবোৰক পুনৰ কৈছিল– “তোমালোকে এতিয়া একোকে ভয় খাব নালাগে৷ তোমালোকক গা-বান্ধনি
দিয়া হৈছে৷ এতিয়া ইংৰাজৰ চিপাহীৰ বন্দুকৰ গুলীয়ে তোমালোকক একো কৰিব নোৱাৰে৷”
তেওঁ ধ্বনি
দিছিল– “জয় কৃষক ৰাইজৰ জয়৷”
সৈনিকবোৰে লগে
লগে চিঞৰিছিল– “জয় কৃষক ৰাইজৰ জয়৷”
সৈনিকবোৰক
যুদ্ধৰ বাবে উজ্জীৱিত কৰি লক্ষণসিঙে লৈ আনিছিল ফুলগুৰিৰ চাৰিওফালে থকা জংঘলৰ
মাজলৈ৷ ওচৰৰ গাঁওকেইখনতো সৈনিকবোৰৰ কিছুমানক থাকিবলৈ দিয়া হৈছে৷ এতিয়া সৈনিকবোৰ ৰৈ
আছে লক্ষণসিঙৰ নিৰ্দেশলৈ৷ নিৰ্দেশ পালেই সিহঁত যুদ্ধত নামি পৰিব৷
ফুটুকীক ধৰি
নিবলৈ চেষ্টা কৰা গেলায়ো সৈন্যবাহিনীত আছে৷ সেই তেতিয়া হাল উঠাৰ পাছতে তেমেকাই তাৰ
বিৰুদ্ধে বিচাৰ বহুৱাইছিল৷ বিচাৰত সি দোষী সাব্যস্ত হোৱাত ৰাইজৰ আগত আঁঠু লৈ ক্ষমা
খোজাৰ উপৰি দায় ভৰিবলগীয়া হৈছিল৷ সি ফুটুকীৰ ওচৰতো ক্ষমা খুজিছিল৷ সেই গেলাই এতিয়া
ৰূপসিঙৰ সৈন্যদলটোত আছে৷ যুদ্ধৰ সময়ত তাতে জংঘলৰ মাজত কোনে কি সুবিধা লয় ঠিকনা
নাই৷ ঠিক নাই, এই সময়তে সি তেমেকাৰ ওপৰত প্ৰতিশোধ ল’ব পাৰে৷
তেমেকাই সেই কাৰণে তাৰ পৰা সদায় সাৱধানে চলা-ফিৰা কৰি ফুৰিছে৷
তেমেকাৰ
লক্ষণসিঙক খবৰ দিয়া কাম হৈ গ’ল৷ সি তেওঁক ক’লে– “মই আক’ তালৈকে যাং৷”
“অ ব’লা৷ আমিও
ওচৰতে লুকাই থাকি অলেখলেখ চাম৷ কথা বেয়ালৈ গ’লে আমি চিপাহীবোৰক আক্ৰমণ কৰিম৷”
তেমেকাই ৰাইজ
মেল হৈ থকা ঠাইলৈ খোজ ল’লে৷
লক্ষণিসঙেও
সৈন্যবাহিনী লৈ ৰাইজ মেলৰ কাষৰ হাবিত লুকাই থাকি কি ঘটে লক্ষ্য কৰি থাকিল৷
ৰাইজ আগৰ ঠাইতে
বহি আছে৷ কিছুমানে ভাত পানী খাইছে৷ কিছুমানে সৰু সৰু গোট হৈ কথা পাতি আছে৷
বেলি ভালেখিনি
তললৈ নামিল৷ হঠাৎ খবৰ আহিল যে কাইলৈ ডিচি নিজে আহি ৰাইজৰ লগত কথা পাতিব৷ বাৰ্তাটো
শুনি ৰাইজে বৰ ভাল পালে৷ মানুহবোৰৰ মুখত হাঁহি বিৰিঙি উঠিল৷
“ইমানখন ৰাইজৰ
দাবীক নেওচা দি থাকিব পাৰে নে?– মহী
কোঁচে মাত দিলে– “আমাৰ কথাবোৰ চৰকাৰক নজনাই সি দোষেই কৰিছে৷ ওপৰৰ মানুহে গম পালে
নিশ্চয় ইয়াক শাস্তি হ’ব৷”
“হ’ব হ’ব৷”–
চাপৰমুখৰ মনজিৎ সিঙে মহী কোঁচৰ কথা সমৰ্থন কৰিলে৷ “ইয়াৰ শাস্তি হ’ব৷ সি কৰিম বুলি
ভাবিলে কৰিবই পাৰে৷ আমি এখন দৰ্খাস্ত দিছোঁ৷ তাত আমাৰ ৰাইজখনৰ দুখ-দুৰ্গতিৰ কথা
আছে৷ এইটো অঞ্চলত হোৱা বেমাৰ-আজাৰ, বানপানী আৰু খৰাঙৰ বাবে ৰাইজে ইমান শইচ
উৎপাদন কৰিব নোৱাৰে৷ এইবোৰ কথাই দৰ্খাস্তখনত লিখা আছে৷ সি সেইবোৰ জনাই ওপৰলৈ
লিখিলেই হ’ল৷ চৰকাৰে কিজানি কিছু দয়াই কৰে৷ কৰৰ পৰা সম্পূৰ্ণ ৰেহাই নিদিলেও কৰৰ
পৰিমাণ কমাই দিব পাৰে৷ সি পঠাবলগীয়া কামটোকে কৰা নাই৷ ইমান আঁকোৰগোজ মানুহ৷ সি
নকৰোঁ বুলি ভাবিছে যেতিয়া নকৰে৷ চাওঁচোন এতিয়া কিবা ভাবি পাইছে নেকি? কালিলৈ
আহি কথা পাতিলেহে গম পাম৷”
“ম’ মনটো হ’লে
গোন্ধাইছে৷”– এইবাৰ চাংবৰে মাত দিলে৷ “আমাক কঅ পআ একেবাএ এহাই নিদিয়ে৷ ক’ অলপ কমাব
পাএ৷”
“সেইটোকে
কৰকচোন৷”– মহী কোঁচে পুনৰ মাত দিলে৷ “ৰাইজে কিন্তু এটা কথা এতিয়াই ডিচিক কৈ থ’ব
লাগিব৷ কৰ যদি ৰাইজে দিব পৰা নিৰিখলৈকে নকমায়, তেন্তে আমি
একেবাৰে কৰ নিদিয়াৰ সিদ্ধান্ত ল’ম৷ এই কথা এতিয়াই কৈ থ’ব লাগিব৷”
“হয় হয়, ঠিক
কথা কৈছে৷ এই কথাটোকো ডিচিয়ে ওপৰলৈ লিখি পঠিয়াওক৷”
ৰাইজৰ মাজত ডিচি
আহিলে কি কি কথা পাতিব তাৰে আলোচনা চলি থাকিল৷
বেলি মাৰ যোৱাৰ
সময় হৈ আহিল৷ দূৰৰ পৰা অহা ৰাইজে নিজৰ নিজৰ থকা ঠাইলৈ খোজ ল’লে৷ ওচৰৰ মানুহবোৰে
নিজৰ ঘৰলৈ যাবলৈ ধৰিলে৷ সকলোৱে বাটে বাটে কাইলৈ ডিচিৰ লগত পাতিবলগীয়া কথাবোৰকে
পাগুলিয়াই গৈ থাকিল৷
তেমেকা আৰু
কেৰ্পাইৰ এতিয়া একো কাম নাই৷ লক্ষণসিং আজি ঘৰত নাই, সৈন্যবাহিনী লৈ
জংঘলৰ মাজতে বাহৰ পাতি আছে৷ তেমেকাহঁতে লক্ষণসিঙৰ ঘৰলৈ নগৈ হংবৰৰ ঘৰলৈহে খোজ ল’লে৷
(আগলৈ)