বাসুদেব দাস
‘আৰোগ্য নিকেতন’ উপন্যাসৰ নায়ক এজন গাঁৱলীয়া চিকিৎসক—জীৱন মশাই। দেউতাক জগৎ মশাই। ল’ৰাক দীক্ষাদানৰ সময়ত মৃত্যুৰ ৰহস্য উন্মোচন কৰি তেওঁ কৈছিল—‘মৃত্যু প্রজাপতি ব্রহ্মাৰ অঙ্গৰ পৰা নির্গত ছাঁ’ৰ নিচিনা—‘পিঙ্গলকেশা, পিঙ্গলনেত্রা, পিঙ্গল বর্ণ। গ’লদেশে আৰু মণিদেশে পদ্মবীজের ভূষণ, অঙ্গে গৈ্রিক কাষায়।’ অনাচাৰ, অমিতাচাৰ, ব্যভিচাৰৰ ফলত ৰোগাক্রান্ত হয় মানুহ।মৃত্যু সিহঁতক যন্ত্রণাৰ পৰা মুক্তি দান কৰে, জলাৰ পৰা শান্তি,পুৰণি জন্মৰ পৰা দিয়ে নব জন্মান্তৰ।
জগৎ্ মশাইৰ শিক্ষা আৰু সাধনা জীৱনমশাইৰ মাজত চৰিতার্থ লাভ কৰিছিল। দেউতাৰ নির্দেশত আয়ুর্বেদ শিক্ষাৰ লগত পাশ্চাত্য চিকিৎসা শাস্ত্রও আয়ত্ত কৰিছিল। দেউতাকৰ নিচিনা তেওঁৰ নাড়ীজ্ঞান আছিল অভ্রান্ত। নিজা প্রিয়পুত্র বনবিহাৰীৰ মৃত্যুও তেওঁ আগতেই ঘোষণা কৰিবলৈ কুণ্ঠিত হোৱা নাছিল।নিৰাসক্ত জীৱন সাধনাত তুচ্চ হৃদয় দৌর্বল্যৰ কোনো স্থান নাছিল তেওঁৰ বাবে। যি নাড়ীজ্ঞানৰ বাবে জীৱন মশাইৰ সুনাম নাইবা দুর্নাম, তাৰ পাছত আছে জীৱন আৰু মৃত্যু সম্পর্কত এক ধৰণৰ বিশেষ বোধ। মৃত্যু অন্ধ আৰু বধিৰ। ৰোগ তাৰ সন্তানৰ নিচিনা নিয়ত তাৰ হাত ধৰি ঘুৰি ফুৰিছে। কিন্তু তাক নিয়ন্ত্রণ কৰিছে নিয়ম-কাল। যাৰ কাল পুর্ণ হৈ যায় তাক যাবলগীয়া হয়। অকালমৃত্যুও আছে। নিজৰ পাপকর্মৰ বাবে মানুহ নিজৰ আয়ু ক্ষয় কৰি কালক অকালত মাতি আনে।
পৰিৱর্তিত পৰিস্থিতিত জীৱনমশাইৰ চিকিৎসাপদ্ধতিত মানুহৰ আস্থা কমি আহিছে।ছোৱালী আৰু ল’ৰাৰ অকালমৃত্যু, সম্পত্তিৰ বিনাশ,জনপ্রিয়তা হেৰোৱাই বুঢ়া জীৱন মশাই আজি বিপর্যস্ত। যি চিকিৎসাৰ জৰিয়তে জীৱন মশাই এদিন বহু মানুহৰ প্রাণৰক্ষা কৰিছে, আজি বিজ্ঞানৰ নতুন নতুন আৱিষ্কাৰ তাক ‘নিদান হাকা’ নামত অভিহিত কৰিছে। তেতিয়াও জীৱন মশাই ইমান সহজতে হাৰ স্বীকাৰ কৰা নাই। নতুনৰ জয়যাত্রাক আচৰিত উদাৰতাৰ সৈ্তে মানি লৈছে। নৱীন ডাক্তৰ প্রদ্যোতৰ ধীৰতা, সাহস আৰু উদ্যমশীলতাক প্রশংসা কৰিবলৈও কুণ্ঠিত হোৱা নাই। জীৱন মশাই মৃত্যুৰ লগত মানুহৰ সাধনাকো প্রণাম জনাইছে। মৃত্যুক জয় কৰিব নোৱাৰে, কিন্তু মানুহ অকাল মৃত্যুক জয় কৰিব পাৰে। জীৱন মশাই সেই সময়ৰ ৰোগীবোৰক হাঁহিমুখত মৃ্ত্যুক সাবটি লোৱা চাইছে । নবগ্রামৰ ভুবন ৰায়ে নিজৰ মৃত্যুৰ কথা জানিব পাৰি বন্ধুৰ তাত মুক্তি বিচাৰি হাঁহিমুখে চকু মুদিছিল। অকলে ভুবন ৰায় নে?গনেশ বায়ন, আশী-পঁচাশী বছৰৰ বুঢ়া গণেশ বায়ন মৃত্যুৰ আগত ‘জীৱন-মচ্ছব’টো কৰি যাব বিচাৰে। সিহঁতবোৰই হ’ল মৃত্যুৰ সমাদৰৰ অতিথি। আজিকালি মৃত্যুক তেনে অতিথি জ্ঞান কৰি বিচাৰি পোৱা নাযায়।
নানা ধৰণৰ ৰোগত কাতৰ হৈ পৰা, মৃত্যুভয়ত ভীত মানুহবোৰৰ মাজত আমি মানৱাত্মাৰ বিভিন্ন ৰূপৰ প্রকাশ দেখিবলৈ পাওঁ। ৰানা পাঠক, মহাপীঠৰ মোহন্ত সন্ন্যাসী, ভুবন ৰায়, গনেশ বায়ন— সিহঁত প্রত্যেকেই মৃত্যুৰ ওচৰত ধীৰ-স্থিৰ-অচঞ্চল। কোনোবা স্বেচ্ছায় মৃত্যুক আহ্বান কৰিছে, কোনোবা আকৌ প্রতিযোগী মল্লযোদ্ধাৰ নিচিনাকৈ মৃত্যুৰ লগত শক্তিপৰীক্ষাৰ বাবে উৎসুক, কোনোবা মৃত্যু নিশ্চিত বুলি জানিও ‘জীৱন উছৱ’ৰ আয়োজন কৰি জীৱনক শেষ অভিনন্দন জনাবলৈ উল্লসিত, কোনোবা জীৱনৰ সকলো দেনা পৰিশোধ কৰি দায়মুক্তভাৱে মহাঅভিযানত ওলাবলৈ প্রস্তুত। আনফালে জীৱন মশাইৰ নিজৰ ল’ৰা বনবিহাৰী, মতিৰ আয়েক, মঞ্জৰী, দাঁতু ঘোষাল আদি জীৱনক আঁকোৱালি ল’বৰ বাবে অশোভন ৰূপত ব্যস্ত। এইসকলে জীৱন ৰসৰ শেষ বিন্দুলৈ্কে উপভোগ কৰাৰ বাবে ব্যর্থ আকাঙ্ক্ষাত ছটফটাই আছে। এই দুটা বিপৰীতমুখী স্রোতধাৰাত অৱগাহনৰত মানৱ জীৱনক তাৰাশঙ্কৰ বন্দ্যোপাধ্যায়ে অত্যন্ত দক্ষতাৰ সৈতে ‘আৰোগ্য নিকেতন’ উপন্যাসত উপস্থাপিত কৰিছে।
‘হাঁসুলী বাঁকৰ উপকথা’ (হাঁসুলী বাঁকের উপকথা) তাৰাশঙ্কৰৰ এক মহৎ সৃষ্টি। বীৰভূমৰ কোপাই নদীৰ হাঁসুলী বাঁকৰ বাঁশবাদি গাঁও ইয়াৰ পটভূমি। কাহাৰ সমাজৰ জীৱনযাত্রা, সমাজব্যৱস্থা, সংস্কাৰ-কুসংস্কাৰ, প্রেম-ভালপোৱা, দ্বন্দ্ব-সংঘাত, আনন্দ-উছৱ ইত্যাদিৰ বিচিত্র ৰূপ এই উপন্যাসৰ উপজীব্য।কাহাৰসকলৰ জীৱন প্রাচীন সংস্কাৰ-শাসিত। সিহঁতে পাল্কি বহন কৰে, খেতি কৰে, আনন্দ-উছৱত কর্তা বাবাৰ থানত পূজা দিয়ে। অতীতৰ জীৱনপ্রৱাহৰ পৰা সিহঁত আঁতৰি আহিবলৈ আগ্রহী নহয়। উপন্যাসত প্রথম মৃত্যু আহিছে কালোশশীৰ জীৱনলৈ। পৰমৰ স্ত্রী কালোশশীৰ লগত বনওৱাৰীৰ এটা অবৈধ সম্পর্ক গঢ় লৈ উঠিছে। বনওৱাৰীৰ প্রতি অবৈধ আকর্ষণৰ বাবে পৰমে মাজে মাজে কালোশশীক প্রহাৰ কৰে।কালোশশী নিঃসন্তান, বনওৱাৰীৰো কোনো লৰা-ছোৱালী নাই। সি সন্তানহীনতাৰ দুখ জানে। ইমান ডাঙৰ মাতব্বৰ সি, টকা-পইচা, মাটি-বাৰী ,ইমানবোৰ গৰু-গাই, কি কামত আহিব এইবোৰ? কালোশশী খুব এটা সুবিধাজনক মহিলা নহয়, তাইৰ চকুত মায়াবী নিচা আছে, সেই নিচাৰ তীব্র আকর্ষণত বনওৱাৰীয়ে সকলো পাহৰি যায়। বনওৱাৰীৰ লগত কোপাইৰ গর্ভত গা ধুবলৈ যাওঁতে কালোশশী পৰমৰ চকুত পৰি যায়। জোনৰ পোহৰত পৰমৰ চকু শ্বাপদৰ নিচিনা প্রতিহিংসাৰ জুইত জ্বলি থকা দেখি প্রাণৰ ভয়ত কালোশশী কোপাইৰ তীৰ ধৰি দৌৰি থাকে। পাছদিনা ৰাতিপুৱা কালীদহৰ মাজত কালোশশীৰ দেহা ভাহি উঠে। হাঁসুলী বাঁকৰ বাঁহবন আৱৰি থকা বাঁশবাদিৰ ইতিহাসত এনে অস্বাভাৱিক মৃত্যু সদায়ে ঘটি থাকে।
নতুন যুগৰ প্রতিনিধি কৰালীৰ লগত গাঁওবুঢ়া বনওৱাৰীৰ সহজতেই বিৰোধ আৰম্ভ হৈছে। কৰালীৰ হাতত বনওৱাৰী পৰাজিত হৈছে। অকল দৈহিক শক্তিৰ পৰীক্ষাত পৰাজিত হোৱাই নহয়, কৰালীয়ে তেওঁৰ নেতৃত্ব হৰণ কৰিছে, তেওঁৰ তিৰোতা সুবাসীক লৈ গৈছে। কাহাৰপাড়াত বান অহাৰ আগতেই বনওৱাৰীৰ মৃত্যু হৈছে। বনওৱাৰীয়ে আগৰ ইচ্ছা অনুসৰি মৃত্যুৰ তিনিদিনৰ আগত কোপাইৰ গর্ভত গৈ শেষ শয্যা পাতিছিল। গোটেই কাহাৰপাড়াৰ মানুহবোৰক মাতি আনি সিহঁতক চাই থাকি থাকিয়েই মৃত্যুক আলিঙ্গন কৰিছে।
দেবনাথ ঘোষ ওৰফে দেবু ‘গণদেৱতা’ উপন্যাসৰ প্রধান চৰিত্র। মূলতঃ তেওঁৰ দৃষ্টিত সমাজৰ ভাঙোন আৰু পৰিৱর্তন ধৰা পৰিছে। মহামাৰীত দেবুৰ পত্নী বিলু আৰু খোকাৰ আকস্মিক মৃত্যুত দেবুৰ জীৱনৰ পৰা সকলো ৰস, হাঁহি আৰু কোমলতা শুকাই গৈছে। ‘দেবু পাথরের মতো অশ্রুহীন নেত্রে নীরব নির্বাক হইয়া সব দেখিল, বুক পাতিয়া নিদারুণ আঘাত গ্রহণ কৰিল।…সুখ দুঃখের অনুভূতি মরিয়া গিয়াছে, হাসি ফুরাইয়াছে, অশ্রু শুকাইয়াছে, কথা হারাইয়াছে, মন অসাড়, দৃষ্টি শূন্য, ঠোঁট হইতে বুক পর্যন্ত নীরস শুষ্ক— সাহারার মতো খাঁ খাঁ করিতেছে।’ দেবুৰ এনে মানসিক অৱস্থাত ন্যায়ৰত্নৰ মৰম আৰু সান্ত্বনাৰ বাণীয়ে দেবুক নতুনকৈ জী উঠাৰ প্রেৰণা দিছে।
তাৰাশঙ্কৰৰ ছোৱালী বুলুৰ অকাল মৃত্যুৱে লেখকৰ জীৱনত গভীৰ শূন্যতাৰ সৃষ্টি কৰে। সেই সময়ছোৱাত তেওঁ বলিয়াৰ নিচিনাকৈ মৰাশালিত ঘূৰি ফুৰিছিল আৰু মৃত্যুৰ ৰহস্য জানিবলৈ চেষ্টা কৰিছিল। ‘প্রতিধ্বনি’ গল্পত লেখকৰ এনে মনোভাৱ ফুটি উঠিছে। গল্পটোৰ কেন্দ্রীয় চৰিত্র ৰসৰাজ। সি যেতিয়া বি এ ক্লাছৰ ছাত্র। প্লে’গ ৰোগত তেওঁৰ ভাই-ভনীৰ মৃত্যু হয় আৰু ক্ৰমে ক্ৰমে বংশত থকা বলিয়াৰ লক্ষণসমূহ তেওঁৰ মাজত জাগি উঠে। ৰসৰাজে সকলো ঠাঁইত মৃত্যুৰ তাণ্ডৱলীলা দেখিবলৈ পায়। ‘মৃত্যু কি,তার রূপ,কোথা তার বাস— এ ভিন্ন চিন্তা নেই,মৃত্যু ভিন্ন চোখে কিছু দেখতে পাই না, কান্না ভিন্ন কিছু শুনতে পাই না। অহরহ যেন একসঙ্গে অনেক লোক কাঁদছে।’ ৰসৰাজৰ এনে অসমাপ্ত জিজ্ঞাসাই ‘আরোগ্য নিকেতন’ উপন্যাসৰ জীৱন মশাই চৰিত্রৰ মাজত পৰিণতি লাভ কৰিছেগৈ।
‘শেষ কথা’ গল্পত বুঢ়িৰ মৃত্যু জীৱনৰ মাধুর্যময় পৰিণতি– ‘চোখে জল টলমল করছিল, তবুও বুড়ার মুখে হাসি ফূটে উঠল, বুড়া বললে, বল বুড়ি; কি বুলছ বল?’
‘— মরণ ভারি সুন্দর গো বুড়া, মরণ ভারি সুন্দর। বুড়া হাসতে লাগল, চোখের জল টপটপ করে ঝরে পড়ল বুড়ির কপালের উপর। বুড়া মুছিয়ে দিতে গেল সেই জল। বুড়ি বললে, না থাক।’
মৃত্যু সম্পর্কত এনে উপলদ্ধিয়েই তাৰাশঙ্কৰৰ জীৱনৰ অন্যতম সাধনা। মৃত্যু অকলে যন্ত্রণাজর্জৰ মানুহৰ দেহাৰ নিয়তিয়েই নহয়, কেতিয়াবা সেয়া সুন্দৰৰ নামান্তৰো।
এইবাৰ আমি বিভূতিভূষণৰ কথা সাহিত্যত মৃত্যুচেতনা সম্পৰ্কে আলোচনা কৰিম। ‘পথের পাঁচালী’ বিভূতিভূষণৰ এখন বিখ্যাত উপন্যাস। গোটেই উপন্যাসখন জীৱন-মৃত্যুৰ ফ্রেমত বন্ধা। উপন্যাসত প্রথম স্মৰণীয় মৃত্যু ইন্দিৰ ঠাকুৰুণৰ। বল্লাল সেন প্রৱর্তিত কৌলিন্য প্রথাৰ বলি ইন্দিৰ ঠাকুৰুণৰ তেওঁৰ গিৰীয়েকৰ লগত সাক্ষাৎ হৈছে মাত্র দুবাৰ। গিৰীয়েক আৰু আশ্রয়দাতা ককায়েকৰ মৃত্যুত সহায় সম্বলহীনা অৱস্থাত ইন্দিৰ ঠাকুৰুণ দূৰ সম্পর্কীয় আত্মীয় হৰিহৰৰ ঘৰত আশ্রয় লয়। হৰিহৰৰ পত্নী সর্বজয়াই তেওঁক সহজ মনেৰে গ্রহণ কৰিব পৰা নাই– ‘কোথাকার কে ঠিকানা নেই। বসিয়া বসিয়া অন্ন ধ্বংস করিতেছে।’ শেষত এদিন চৰম অপমানত বিতাড়িত ইন্দিৰ ঠাকুৰুন দুখত, ক্রোধত, অনাহাৰত জীর্ণ অৱস্থাত বাটৰ কাযত মৰি পৰি থাকে। ইন্দিৰ ঠাকুৰুণৰ মৃত্যুত এটা যুগৰ অবসান হৈ যায়। ইয়াৰ পাছত উপন্যাসৰ আটাতকৈ উল্লেখযোগ্য মৃত্যু হৈছে দুর্গাৰ। অপুৰ জীৱনত দুর্গাৰ মৃত্যুৱে প্রচণ্ড আঘাত হানিছে। এই আঘাতৰ মানস প্রতিক্রিয়া লেখকে সুন্দৰকৈ ফুটাই তুলিছে। লেখকৰ শিল্পীজনোচিত অসাধাৰণ সংযম ইয়াত বিশেষ কৈ লক্ষ্য কৰা যায়– ‘আকাশের নীল আস্তরণ ভেদ করিয়া মাঝে মাঝে অনন্তের হাতছানি আসে— পৃ্থিবীর বুক থেকে ছেলেমেয়েরা চঞ্চল হইয়া ছুটিয়া গিয়া অনন্ত নীলিমার মধ্যে ডুবিয়া নিজেদের হারাইয়া ফেলে। পরিচিত আৰু গতানুগতিক পথের বহুদূর পারে কোন পথহীন পথে— দুর্গার অশান্ত চঞ্চল প্রাণের বেলায় জীবনের সেই সর্বাপেক্ষা বড় অজানার ডাক আসিয়া পৌছিয়াছে।’
হৰিহৰ ৰায়ৰ মৃত্যুৰ সময়ত অপুৰ বয়স হৈছিল এঘাৰ। হৰিহৰ আছিল অপুৰ পৰম বন্ধু, চিৰকালৰ নির্ভৰতাৰ পাত্র। দেউতাকৰ কবিমন, ভ্রমণৰ প্রতি অনুৰাগ, কৰুণা আৰু চাৰিত্রিক মাধুর্য অপুৰ মাজত বহুখিনি সঞ্চাৰিত হৈছিল। অপুৰ মনৰ গঠন আন দহটা ল’ৰাৰ নিচিনা নহয়। দেউতাকৰ মৃত্যুত সি হাহাকাৰ কৰা নাই নাইবা সংসাৰৰ আর্থিক সমস্যাৰ কথা ভাবি ব্যাকুলো হোৱা নাই। অপুৱে ভাবিছে প্রতিদিনৰ নিচিনাকৈ দেউতাকে কোনোবা ঠাইত বহি উদাস পুৰৱীৰ সুৰত আশীর্বচন গান গাই আছে– ‘কালে বর্ষতু পর্জন্যং পৃ্থিবী শস্যশালিনী/ লোকো সন্ত নিরাময়াঃ’। পৃ্থক নামেৰে চিহ্নিত হ’লেও ‘অপরাজিত’ আচলতে ‘পথের পাঁচালী’ৰ উত্তৰ পর্ব। ইয়াত নির্জন প্রকৃ্তিৰ কিশোৰ অপুৱে কলিকতা চহৰৰ বিশাল জনসমুদ্রৰ মাজত জীৱনৰ বিচিত্র অভিজ্ঞতা অর্জন কৰিছে। মনসাপোতা গাঁৱৰ আন্ধাৰ ৰাতি মৰমৰ ল’ৰা অপুক সপোনতে চাই চাই সর্বজয়াৰ মৃত্যু হৈছে। মাকৰ মৃত্যুৰ সংবাদে অপুৰ মনত মিশ্রিত প্রতিক্রিয়াৰ সৃষ্টি কৰিছে। যি বৃহত্তৰ জীৱনৰ আহ্বানত অপু আগবাঢ়ি যাবলৈ সদায়ে সাজু হৈ আছিল, সেই জীৱনৰ বাটত একমাত্র চেনেহৰ বন্ধন আছিল আয়েক সর্বজয়া। আইৰ মৃত্যু সংবাদত প্রথমতে অপুৰ বান্ধোন ছিঙাৰ উল্লাস– ‘প্রথমটা তাহার মনে একটা আনন্দ, একটা যেন মুক্তির নিঃশ্বাস…একটা বাঁধন– ছেঁড়ার উল্লাস… অতি অল্পক্ষণের জন্য— নিজের অজ্ঞাতসারে।’ এইবাৰ অপর্ণাৰ পালা। পত্নী অপর্ণাৰ জৰিয়তে অপুৱে সর্বজয়াক, হেৰাই যোৱা নিশ্চিন্দিপুৰক বিচাৰি পাইছিল।সন্তানৰ জন্ম দিবলৈ গৈ অপর্ণাৰ মৃত্যুত অপুৰ জীৱনৰ আৰু এটা বন্ধন ছিন্ন হৈ গৈছে। এক বিশাল শূন্যতাই অপুক গ্রাস কৰিছে। উপন্যাসত ইমানবোৰ মৃত্যু যি কোনো লেখকক কাবু কৰাৰ বাবে যথেষ্ট আছিল কিন্তু বিভূতিভূষণৰ অনন্যসাধাৰণ শিল্পৰীতি আৰু অপূর্ব সংযমবোধে উপন্যাসখনক সার্থক কৰি তুলিছে।
মৃত্যুক বিভুতিভূষণে দেখিছে জীৱনৰ বৃহত্তৰ পটভূমিত, তেওঁৰ দৃষ্টিত মৃত্যু জীৱনৰ পৰিপন্থী নহয়।তেওঁ মৃত্যুৰ পৰিৱর্তনহীন নিত্যস্থিৰ চিৰশান্ত মূর্তিক সদায় গ্রহণ কৰিব পৰা নাই। সেইবাবে ‘দেবযান’ৰ মৃত্যুৰ মাজতো ইমান বৈচিত্র্য; ইমান বিস্ময় আৰু মর্ত্যৰ লগত যোগাযোগৰ বাবে ইমানখিনি ব্যাকুলতা।
মানিক বন্দ্যোপাধ্যায়ৰ উপন্যাসত মৃত্যুচেতনা বিশেষকৈ লক্ষ্য কৰিবলগীয়া। ‘পুতুল নাচের ইতিকথা’ উপন্যাস আৰম্ভ হৈছে হাৰু ঘোষৰ অসহায় মৃত্যুৰ জৰিয়তে– ‘খালের ধারে প্রকাণ্ড বটগাছের গুঁড়িতে ঠেস দিয়া হারু ঘোষ দাঁড়াইয়াছিল। আকাশের দেবতা সেইখানে তাহার দিকে চাহিয়া কটাক্ষ করিলেন। হারুর মাথায় কাঁচাপাকা চুল আর মুখে বসন্তের দাগভরা রুক্ষ চামড়া ঝলসিয়া পুড়িয়া গেল।সে কিন্তু কিছুই টের পাইল না। শতাব্দীর পুরাতন তরুটির মুক অবচেতনার সঙ্গে একান্ন বছরের আত্মমমতায় গড়িয়া তোলা চিন্ময় জগৎটি তাহার চোখের পলকে লুপ্ত হইয়া গিয়াছে।’ জীৱনৰ সামগ্রিক বোধৰ বাবে মৃত্যুবোধ বৰ প্রয়োজনীয়। বজ্রপাতত হাৰু ঘোষৰ মৃত্যু হৈছে। আপাতদৃষ্টিত এয়া এটা প্রাকৃ্তিক ঘটনা। ‘পদ্মা নদীৰ মাঝি’ৰ নিচিনাকৈ এই ঘটনাই মানুহৰ জীৱনৰ গতিপথ সলনি কৰা নাই।হাৰুৰ মৃত্যুৰ বাবে কাৰো কোনো ক্ষতি হোৱা নাই। তেনেহ’লে মানিক বন্দ্যোপাধ্যায়ৰ নিচিনা সচেতন লেখকে উপন্যাসৰ আৰম্ভণিত এনে এটা ঘটনাক কিয় স্থান দিলে এই প্রশ্নটো আমাৰ মনত উদয় হোৱা স্বাভাৱিক। নিপুণ শিল্পীয়ে যেনেদৰে ৰাগিণী বিস্তাৰ কৰাৰ আগত তাৰ মূল সুৰখিনি ধৰাই দিয়ে এয়াও ঠিক তেনেই। মৃত্যুৰ ঘটনাটো উপন্যাসৰ কথামুখ। অস্তিত্বমান মানুহৰ বিয়িং বা সত্তা একান্তই ঐহিক, তাৰ দুটা প্রান্ত জন্ম আৰ মৃত্যুৰ দ্বাৰা খণ্ডিত।মৃতদেহ সম্পর্কত মনুষ্যেতৰ প্রাণীৰ মাজত চেতনাৰ পৰিচয় উপন্যাসত লক্ষণীয়– ‘মরা শালিকের বাচ্চাটিকে মুখে করিয়া সামনে আসিয়া ছপছপ করিয়া পার হইয়া যাওয়ার সময় একটা শিয়াল বার বার মুখ ফিরাইয়া হারুকে দেখিয়া গেল।ওরা টের পায়।কেমন করিয়া টের পায় কে জানে।’
গোটেই উপন্যাসখনত মানুহৰ বিচিত্র বহুধা উৎসাৰিত জীৱন, ইমান চেনেহ-প্রেম-মৰম-লোভ-ঈর্ষা-জিঘাংসা লৈ উৎসাৰিত বর্ণালী,তাৰ পশ্চাতত আছে মৃত্যুৰ পটভূমি। মৃত্যুৱে বিভিন্নজনক ভিন ভিনভাৱে বিচলিত কৰে। আত্মীয়-পৰৰ মৃত্যুক লৈ যিবোৰ মানুহে শোক কৰে শশী সিহঁতৰ নিচিনা নহয়।কোনোবা এজনক মৰা দেখিলে শশীৰ মনত নপৰে যে সকলো মানুহ এদিন মৰিব। জীৱনটোক শশীয়ে অতি কামনাৰ আৰু উপভোগ্য বুলি ভাবে। মৃত্যুৰ প্ৰতি অন্যমনস্ক হৈ জীয়াই থকাৰ মাজত জীৱনৰ বহুত কিবাকিবি অপচয় হৈ যায়। জীৱনৰ তেনে ক্ষতি প্রতিকাৰহীন।
বাসুদেব বন্দ্যোপাধ্যায়ৰ সৰু ল’ৰা ভুতোৰ অপমৃত্যু হৈছে। দহ বছৰৰ ল’ৰা্টো সাতদিন আগতে গছৰ পৰা জাম পাৰিবলৈ গৈ পিছলি পৰি মৃত্যুবৰণ কৰিছে। মানুহৰ সকলো চেষ্টাই এনে আকস্মিক ব্যর্থতাত পর্যবসিত হয়। শশীহঁতৰ ঘৰত আশ্রিতা ছোৱালী ক্ষেমীৰ সন্তানৰ জন্ম দিবলৈ গৈ নিউমোনিয়াত মৃত্যু হয়। সেন বাইদেৱে বসন্ত ৰোগৰ পৰা সাময়িকভাৱে ৰক্ষা পায়, কিন্তু এয়া যেন স্থগিতাদেশ মাথোন।এটা সুন্দৰ ল’ৰাৰ জন্ম দিবলৈ গৈ তেওঁৰো মৃত্যু হয়। ইয়াৰ আগতে তেওঁৰ গিৰীয়েক যামিনী কবিৰাজ প্রবল জাৰৰ কোপত মৃত্যু হয়।
যাদব পণ্ডিত এই উপন্যাসৰ এটা অদ্ভুত চৰিত্র। যাদব সূর্যবিজ্ঞানত পাৰদর্শী। মানুহজন বুঢ়া, দেহা জৰাজীর্ণ। গৃহস্থ যোগী তেওঁ, সংসাৰী সাধক। নিজৰ চাৰিওফালে তেওঁ এটা অলৌকিক আকর্ষণ সৃষ্টি কৰি তুলিছে। আনৰ নিচিনাকৈ যাদব পণ্ডিতৰো মৃত্যুভয় আছে, তেওঁ আন্ধাৰত বাট বোলাৰ সময়ত সাপৰ পৰা আঁতৰি থাকিবলৈ লাখুটিৰে শব্দ কৰি আগবাঢ়ি যায়, আনফালে ইচ্ছামৃত্যু বৰণৰ আকাংক্ষাই তেওঁৰ চৰিত্রক ৰহস্যময় কৰি তুলিছে। নিজৰ প্রতি মানুহৰ ভক্তিভাব বজাই ৰখাৰ বাবে যাদব পণ্ডিতে আত্মহত্যা কৰিবলগীয়া হয়।
বিজ্ঞানৰ ছাত্র মানিক বন্দ্যোপাধ্যায়ে মৃত্যুক দেখিছে আৱেগহীন নির্মোহ দৃষ্টিৰে। মৃত্যু তেওঁৰ মতে জীৱনৰ স্বাভাৱিক পৰিণাম। মৃত্যুক লৈ কোনো ধৰণৰ আধ্যাত্মিকতাৰ বিলাস মানিক বন্দ্যোপাধ্যায়ৰ সাহিত্যত দেখিবলৈ পোৱা নাযায়।