মৃদুল শৰ্মা
২৯
দ্ৰৌপদী৷
মই ভাৰতবৰ্ষৰ
শ্ৰেষ্ঠ পুৰুষ শ্ৰীকৃষ্ণক জীৱনসঙ্গী হিচাপে আশা কৰিছিলোঁ৷ তেওঁৰ সান্নিধ্য লাভক
উদ্দেশ্যেই মই অশেষ সম্পদেৰে পৰিপূৰ্ণ পিতৃগৃহ পৰিত্যাগ কৰি দ্বাৰকাত উপস্থিত
হৈছিলোঁগৈ৷ দ্বাৰকাত যিগৰাকী মহিলাই মোক আশ্ৰয় প্ৰদান কৰিছিল তেওঁ মোৰ আগমনৰ
উদ্দেশ্য জানিব খুজিছিল যেতিয়া, তেতিয়া মই স্পষ্ট ভাষাৰেই কৈছিলোঁ যে
শ্ৰীকৃষ্ণৰ একান্ত সান্নিধ্য লাভৰ উদ্দেশ্যেই মোৰ সেই যাত্ৰা৷
তেওঁ মোক কৈছিল,
‘কৃষ্ণকতো
এনেকৈ লগ নাপাবা৷ তেওঁ যেতিয়া স্বেচ্ছায় বেশ্যালয়লৈ আহিব তেতিয়াহে তোমাৰ ভাগ্য
থাকিলে তেওঁৰ সান্নিধ্য লাভ কৰিব পাৰিবা৷’
‘বেশ্যালয়?’
– মই
আশ্চৰ্যান্বিত হৈছিলোঁ৷
‘হয়, বেশ্যালয়৷
তুমি সম্প্ৰতি বেশ্যালয়ত৷ ময়ে এই বেশ্যালয়ৰ
তত্ত্বাৱধায়িকা৷ তুমি দ্বাৰকাৰ দ্বাৰবিহীন বেশ্যালয়ৰ বিষয়ে শুনা নাই?’
তেওঁৰ কথা
শুনিহে মই আৱিষ্কাৰ কৰিলোঁ যে হয়৷ মই য’ত আছোঁ সেই গৃহবোৰৰ ক’তোৱেই দ্বাৰ কিম্বা
কপাটৰ ব্যৱস্থা নাই৷
মই ৰৈ গৈছিলোঁ
সেই বেশ্যালয়তে৷ একান্ত আশাত– কৃষ্ণৰ সান্নিধ্য লাভ কৰা৷
আৰু মোৰ বেশ্যা
জীৱনৰ প্ৰথমজন ক্ৰেতাৰ ৰূপত মোৰ কক্ষলৈ প্ৰৱেশ কৰিছিল কৃষ্ণ৷ মোৰ স্বপ্নপুৰুষ
কৃষ্ণ৷
মই মূক হৈ
পৰিছিলোঁ৷ মন গৈছিল হেঁপাহ পলুৱাই তেওঁক চাবলৈ৷ কিন্তু তেওঁৰ সম্মুখত মই অৱনতমস্তক
হৈয়ে ৰৈ আছিলোঁ৷
‘মোক বহিবলৈও
নক’বা নেকি?’– সুধিছিল কৃষ্ণই৷
মই একোকে মতা
নাছিলোঁ৷ তেওঁ কৈছিল, ‘তেন্তে মই যাওঁগৈ৷’
তেওঁ উভতিছিল৷
লগে লগে মই মোৰ সৰ্বোচ্চ শকতিৰে তেওঁৰ চৰণত দণ্ডৱৎ প্ৰণাম জনাইছিলোঁ৷ মই ক্ৰন্দন
কৰা নাছিলোঁ কিন্তু মোৰ চকুৰপৰা ধাৰাসাৰে অশ্ৰু নিগৰিছিল৷
কৃষ্ণই মোক
দুহাতেৰে তুলি ধৰিছিল৷ চকুলো মচি দিছিল৷ দাঙি নি পালঙ্কত শুৱাই দিছিল৷ তাৰ পাছত
সুধিছিল–
‘তোমাকতো সাধাৰণ
দেহোপজীৱিনী যেন লগা নাই৷’
‘মই এই জগতত
একেবাৰে নতুন৷ আপুনি মোৰ জীৱনৰ প্ৰথম পুৰুষ৷’
‘কিয় আহিলা এই
কলুষিত ক্ষেত্ৰলৈ? কি অসুবিধাই তোমাক ইয়ালৈ আহিবলৈ বাধ্য কৰিলে?’
‘আপুনি, কৃষ্ণ৷’
‘মই?’
‘হয়, আপুনি৷
কোনো অৰ্থসংকট কিম্বা দাৰিদ্ৰ্যই মোক ইয়ালৈ আহিবলৈ বাধ্য কৰা নাই৷ মই দ্বাৰকালৈ আহিছোঁ কেৱল মোৰ
স্বপ্নপুৰুষ কৃষ্ণৰ সান্নিধ্যৰ প্ৰাৰ্থনাৰে৷ তেওঁৰ সান্নিধা লাভ কৰাটো নিশ্চিত
হ’লে বেশ্যালয়তে মই জনমৰ পাছত জনম অতিবাহিত কৰিবলৈ সাজু৷
তাৰ পাছত বহু
কথা হৈছিল আমাৰ মাজত৷
কিন্তু আমাৰ
শৰীৰৰ মাজত একো আদান প্ৰদান হোৱা নাছিল৷
তাৰ পাছতো
বহুদিন কৃষ্ণ মোৰ কাষলৈ আহিছিল৷ বহু কথা পাতিছিলোঁ আমি৷ বহু কথা পাতিছিল আমাৰ
শৰীৰদুটায়ো৷ তেওঁ মোক এটা নতুন নাম দিছিল– ‘কৃষ্ণা৷’
এদিন কৃষ্ণই মোক
কৈছিল, ‘তোমাৰ জন্ম এক বিশেষ উদ্দেশ্যৰ কাৰণে, কৃষ্ণা! এই
উদ্দেশ্য পূৰণৰ কাৰণেই তুমি ধৰ্মতঃ মোৰ পত্নী হ’ব নোৱাৰিবা৷ কিন্তু মোৰেই আন এটা
অংশ কুন্তীপুত্ৰ অৰ্জুনক তুমি বিৱাহ কৰালে সকলো সফল হ’ব৷ প্ৰকৃততে অৰ্জুন আৰু মই
দুটা শৰীৰত বাস কৰা একেটা আত্মা৷ কিন্তু স্বৰূপাৰ্থত তুমি মোৰ সৰ্বজন্মৰে পত্নী৷
তুমিয়েই লক্ষ্মী৷ কিন্তু এই জন্মত তুমি অৰ্জুনৰ পত্নী হ’ব লাগিব৷
অনিচ্ছা সত্ত্বেও সেইদিন ধৰি মই অৰ্জুনকে কায়মনোবাক্যে স্বামীৰূপে আশা কৰি আহিছিলোঁ৷
কৃষ্ণই কিন্তু মোক পঞ্চপতি বৰণ কৰিব লাগিব বুলি সামান্যতম ইঙ্গিতো দিয়া নাছিল৷
পৰৱৰ্তী সময়ত মই
উপলব্ধি কৰিছিলোঁ, মাতা কুন্তীৰ বহুবল্লভা চৰিত্ৰৰ অৱদমিত বাসনাই তেওঁৰ পুত্ৰসকলৰ মাজত মোৰ ওপৰত অধিকাৰ প্ৰতিষ্ঠাৰ কাৰণ হৈ পৰিছিল৷ সম্পূৰ্ণ অৱচেতনাৰ ক্ৰিয়া
হিচাপে৷ অন্যথা কুন্তীয়ে নিজৰ ভুল প্ৰত্যাহাৰ কৰিবও পাৰিলেহেঁতেন৷
অৱশ্যে ৰাজনৈতিক
উদ্দেশ্যৰেও তেওঁ মোৰ জীৱনটোক, মোৰ ইচ্ছা অনিচ্ছাক উপেক্ষা কৰি সেই
অভাৱনীয় সিদ্ধান্ত পুত্ৰসকলৰ ওপৰত আৰোপ কৰিছিল যেনো ভাব হয়৷
এগৰাকী নাৰী হৈ
আন এগৰাকী নাৰীৰ অস্তিত্বৰ প্ৰতি এনে উদাসীনতাই মোক যি আঘাত দিছিল সেই আঘাত
অদ্যাপি গোপনে বহন কৰি ফুৰিছোঁ মই৷
কিন্তু নিজৰ
অনিচ্ছা সত্ত্বেও পাঁচজন ভ্ৰাতাৰ একপত্নী হ’বলগীয়া অৱস্থা হ’ল মোৰ৷ প্ৰথমে অৰ্জুনৰ
প্ৰতি মই অনুৰক্তা আছিলোঁ যদিও নিজৰ অৰ্জিত ধনস্বৰূপ দ্ৰৌপদী নামৰ এক ৰাজকন্যাক
বাকী চাৰিজন ভাতৃৰ সৈতে বিভাজিত কৰাত মৌন হৈ সম্মতি দি অৰ্জুনে মোৰ প্ৰাণত
ওপজা সেই অনুৰাগ হেৰুৱাই পেলালে৷ আৰু অৱধাৰিতভাৱে পঞ্চপাণ্ডৱৰ সৈতে মোৰ সম্পৰ্ক হৈ
ৰ’ল কেৱল সামাজিক আৰু দৈহিক৷
দ্যুতক্ৰীড়াত
যুধিষ্ঠিৰে ৰাজ্য-ধন, চতুৰ্ভ্ৰাতাৰ লগতে মোৰ পণ ৰাখি তেওঁৰ প্ৰতি মোৰ
অৱশিষ্ট শ্ৰদ্ধাখিনিও হেৰুৱালে৷ লগতে তেওঁৰ কাৰ্যৰ নীৰৱ সমৰ্থক মোৰ স্বামীৰূপী আন
চাৰিজনেও৷ সূত প্ৰতিকামীয়ে যেতিয়া মোক যুৱৰাজ দুৰ্যোধনে ৰাজসভালৈ যাবলৈ নিৰ্দেশ
দিয়া বুলি জনাইছিলগৈ, তেতিয়া মই আচৰিত হৈছিলোঁ দুৰ্যোধনৰ স্পৰ্ধা
দেখি৷ সেই মুহূৰ্তত মই ৰাজসভাত ইন্দ্ৰপ্ৰস্থৰ চক্ৰৱৰ্তী ৰজা যুধিষ্ঠিৰ প্ৰমুখ্যে
পাণ্ডৱসকলৰ কি অৱস্থা হৈছে সেই সম্পৰ্কে অৱগত নাছিলোঁ৷ গতিকে মই সেই নিৰ্দেশ
অস্বীকাৰ কৰিছিলোঁ৷ মোৰ তাৰ পাছত মোক দুঃশাসনে কেশাকৰ্ষণ কৰি ৰাজসভালৈ বলপূৰ্বক টানি
আনি অপমান কৰিলে৷ সেই অপমানো সহ্য কৰিলে ভীমসেন ব্যতিৰেকে বাকী চাৰিজনে৷ ভীমসেনেও
কেৱল দ্যুতক্ৰীড়াত কোনেও প্ৰৰোচিত নকৰাকৈয়ে ভাতৃসহ পত্নীক পণ ৰখাৰ দৰে নীচ কাৰ্যৰ
বাবে জ্যেষ্ঠ যুধিষ্ঠিৰক তিৰস্কাৰহে কৰিলে৷
সেই মুহূৰ্তত
মোক উদ্ধাৰ কৰিবলৈ আসনৰপৰা উঠি অহাৰ সাহস এজন পাণ্ডৱৰো নহ’ল৷ মই কিন্তু মোৰ
স্বামীসকলৰ মৰ্যাদাৰ প্ৰতি সচেতন আছিলোঁ৷ সেয়ে যুধিষ্ঠিৰক সামান্য তিৰস্কাৰ কৰি মই
বয়োজ্যেষ্ঠ ভীষ্ম-দ্ৰোণ-কৃপাদিৰ লগতে বাৰম্বাৰ ৰজা ধৃতৰাষ্ট্ৰকহে লক্ষ্য কৰি কথা
কৈছিলোঁ৷
সৰল আৰু
একদেশদৰ্শী ভীমসেনে অৱশ্যে গৰজি উঠি ‘সঠিক সময়’ত প্ৰতিশোধ লোৱাৰ কথা ক’লে৷ তেওঁ
অন্ততঃ সেইকণকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে৷ বাকী চাৰিজনেতো পৰাহ’লে মোৰ আঁচলৰ তলত
লুকালহেঁতেনহে৷
সেইদিনা মোৰ
মুখলজ্জা-চক্ষুলজ্জা সকলো সমাপ্ত হ’লহেঁতেন৷ সম্ভৱতঃ কৌৰৱ ৰাজপুত্ৰ দুৰ্যোধনৰ
ৰাজনৈতিক দূৰদৰ্শিতাই মোক ৰক্ষা কৰিছিল সেইদিনা৷ ইতিমধ্যে দ্যুতক্ৰীড়াত পৰাস্ত হৈ
দুৰ্যোধনৰ দাসত পৰিণত হোৱা পঞ্চপাণ্ডৱৰ শৰীৰৰ উধ্বৰ্াঙ্গৰপৰা বস্ত্ৰ অপসাৰণ কৰিবলৈ
নিৰ্দেশ দিয়া হৈছিল আৰু পঞ্চপাণ্ডৱে নতমস্তক হৈ সেই নিৰ্দেশ পালন কৰিছিল৷ তেওঁলোক
তেনে কৰিবলৈ ন্যায়তঃ বাধ্য হৈছিল৷ কৰ্ণই এবাৰ দুঃশাসনৰ ফালে চাই কৈছিল, ‘এতিয়া
ভাতৃ সুশাসনে ইচ্ছা কৰিলে এই দাসী দ্ৰৌপদীৰ বস্ত্ৰও অপসাৰণ কৰিব পাৰে, এই
সভাতে৷’ মোৰ বুকুত ভূকম্পন হৈছিল৷ আসন্ন লজ্জাজনক পৰিস্থিতিৰ সম্মুখত ৰৈ মই মোৰ
স্বামীসকললৈ চাইছিলোঁ৷ কেৱল ভীমসেনৰ বাহিৰে আটাই কেইজনে নতশিৰ হৈ বহি আছে৷ ভীমৰ
মুখমণ্ডলত পিছে ৰাৱণৰ চিতাগ্নিৰ অভিব্যক্তিৰ প্ৰকাশ ঘটিছে৷ দুঃশাসনে মোৰ বস্ত্ৰৰ
অঞ্চলত ধৰিবলৈ ওলাওঁতেই মই অসহায় হৈ সভাগৃহৰ মুখবোৰলৈ চাইছিলোঁ– কোনোবা এজন
নোলাবনে, মোৰ লজ্জা ৰক্ষা কৰোঁতা? মোক আচৰিত কৰি সেই মুহূৰ্ততে
দুৰ্যোধনেই দুঃশাসনক বাৰণ কৰিছিল হাতৰ ইঙ্গিতেৰে৷
কৰ্ণই মোক
অপমানিত কৰিব খুজিছিল৷ কাৰণ মই তেওঁক অপমান কৰি থৈছোঁ৷ দুৰ্যোধনকো মই অপমান কৰি
থৈছোঁ ইন্দ্ৰপ্ৰস্থত৷ তথাপি দুৰ্যোধনে মোক অপমান কৰাৰ সুযোগ লাভ কৰিও সেই সুযোগ
নল’লে কিয়?
মোৰ প্ৰকৃততে
নিজৰ ওচৰতে নিজক অপৰিচিত যেন লাগে৷ কৃষ্ণৰ প্ৰতি মোৰ যি আকৰ্ষণ সি অপূৰ্ণ হৈ ৰ’ল৷
তাৰ পাছত হস্তিনাপুৰৰ যুৱৰাজ দুৰ্যোধনে বক্ষলগ্ন কৰি লোৱা মহাবীৰ কৰ্ণকো দেখোন মই
বৰণ কৰাৰ কথা ভাবিছিলোঁ৷ তেৱোঁ সয়ম্বৰত মোক প্ৰায় জয় কৰিবলৈকে ওলাইছিল৷ কিন্তু
কৃষ্ণই কিয় যে মোক বাৰণ কৰিছিল৷ কি শক্তি আছে জানো কৃষ্ণৰ মাজত যাৰ কাৰণে মই তেওঁ
যি কৰিবলৈ কয় তাকে কৰিবলৈ বাধ্য হওঁ! যিজনক জীৱনৰ বাবে বৰণ কৰিব খুজিছিলোঁ
স্বামীৰূপে তেওঁকে মই ৰাজসভাত অপমান কৰি পেলাইছিলোঁ৷ তেতিয়াও মোৰ জীৱনলৈ অৰ্জুন
নামৰ তথাকথিত বীৰৰ আগমন অনিশ্চিত আছিল৷ কিন্তু কৃষ্ণক বিশ্বাস কৰিবলৈ মই যেন বাধ্য
আছিলোঁ৷
মই আন নাজানিলেও
অন্ততঃ নিজৰ ইতিহাস জানো৷ মই জানো যে মই কোনো আৰ্যলোকৰ সন্তান নহওঁ৷ মোক কেৱল
দীৰ্ঘদিনৰ প্ৰস্তুতিৰে মহাৰাজ দ্ৰুপদৰ কন্যৰূপে প্ৰতিষ্ঠা কৰা হৈছে৷ প্ৰস্তুতিৰ
কালত মোৰ কাষত প্ৰধানকৈ কৃষ্ণ আছিল৷ তেতিয়া মই কৃষ্ণ নামৰ সেই অতুলনীয় যুৱকৰ
প্ৰেমত মত্ত আছিলোঁ৷ তেওঁৰ প্ৰেমৰ পাত্ৰী হ’ব পাৰিম বুলিয়েই তেওঁৰ প্ৰতিটো কথা মই
অন্ধৰ দৰে অনুকৰণ কৰিছিলোঁ৷ কৃষ্ণয়ো মোক প্ৰায়েই প্ৰশ্ৰয়ৰ ইঙ্গিত দিছিল৷ মাজে মাজে
সূতপুত্ৰ হৈও ক্ষত্ৰিয়বিদ্যাত নৈপুণ্য অৰ্জন কৰা কৰ্ণ নামৰ বীৰৰ কথা শুনি মোৰ মনে
সেইজনৰ প্ৰতিও আকৰ্ষণ অনুভৱ কৰিছিল৷
কিন্তু কালৰ কি
কুটিল গতি! যি কৃষ্ণই মোক নিজৰ বাহুবন্ধনত সুৰক্ষিত কৰি ৰখাৰ পৰিৱৰ্তে
বহুবল্লভাৰূপে প্ৰতিষ্ঠী কৰিলে সেই কৃষ্ণৰ ইঙ্গিততে মই মোৰ এক আকৰ্ষণৰ কেন্দ্ৰ
কৰ্ণক সুতপুত্ৰ বুলি অপমান কৰিবও পাৰিছিলোঁ৷
কিন্তু আশ্চৰ্যজনক
বিষয় এয়ে যে, মহাবীৰ কৰ্ণক মই অপমান কৰাৰ কেইটামান প্ৰহৰৰ
পাছতেই একেজন কৃষ্ণই কোনো সংকোচ কিম্বা অপৰাধবোধ নোহোৱাকৈ মোক কৌশলপূৰ্বক
যুধিষ্ঠিৰ, ভীম, অৰ্জুন, নকুল আৰু সহদেৱৰ
মাজত ভগাই দিছিল!
আৰু ততোধিক
আশ্চৰ্যৰ বিষয় এয়ে যে কিবা এক অজ্ঞাত কাৰণত মই দেখোন কৃষ্ণক বেয়া পাবও নোৱাৰিলোঁ৷
তেওঁৰ মাজত এনে এক অদৃশ্য মোহনীয় গুণ আছে যাৰ কাৰণে তেওঁৰ সম্মুখীন হ’লেই তেওঁৰ
প্ৰতি মোৰ সকলো মান-অভিমান, তেওঁৰ কাৰণে হোৱা অপমানবোধ আদি লুপ্ত
হৈ পৰে৷
প্ৰাক্বিবাহ
মুহূৰ্তত যুধিষ্ঠিৰে বাৰম্বাৰ মোক উপভোগ কৰাৰ কথা কৈছিল৷ মোক তেন্তে পুৰুষৰ উপভোগৰ
উদ্দেশ্যেহে সৃষ্টি কৰা হৈছিল? আৰু নিৰ্লজ্জ দৰে পাঁচজন ভাতৃয়ে মোক
উপভোগ কৰাৰ বিষয় আলোচিত হৈছিল! মাতৃ কুন্তীয়ে অজ্ঞতাৰে কোৱা এটা বাক্যক সত্য
প্ৰমাণিত কৰিবলৈ বুলিয়ে নে! কেৱল এটা বাক্যক!
আৰু পৰৱৰ্তী
সময়ত দ্যুতক্ৰীড়াত যেতিয়া যুধিষ্ঠিৰে চাৰিওজন ভাতৃ, স্বয়ং নিজকে আৰু
শেষত মোক হেৰুৱাইছে তেতিয়া কিন্তু মোৰ কাষত, পঞ্চপাণ্ডৱৰ কাষত কৃষ্ণ নাই!
অৱশ্যে
দুৰ্যোধনে যেতিয়া মোক তেওঁৰ উৰুৰ ওপৰত বহাই ল’ব পাৰে বুলি ঘোষণা কৰিছিল তেতিয়াই
ভীমসেনৰ বজ্ৰকঠোৰ চিৎকাৰে নিশ্চয় তেওঁৰ বক্ষত কিঞ্চিত হ’লেও কম্পন সৃষ্টি কৰিছিল৷
আৰু তাৰ পাছতে দুঃশাসনৰ উদ্দেশ্যে ৰক্তদৃষ্টিৰে বৃকোদৰে দ্বিতীয় আৰু শেষবাৰৰ কাৰণে
বজ্ৰনিনাদ কৰি উঠিছিল৷ সেই মুহূৰ্ততে ময়ো মনে মনে ভাবিছিলোঁ : মোৰ মুক্তকেশে
দুঃশাসনৰ মৃত্যু ঘটিলেহে তেওঁৰ হাতৰ স্পৰ্শ লাভ কৰা কেশমালাৰ পুনৰ বেণীবন্ধন কৰিম
মই৷ একমাত্ৰ সেই বিশেষ দিনটোৰ অভিজ্ঞতাৰ কাৰণেই পঞ্চপাণ্ডৱৰ ভিতৰত ভীমসেন মোৰ
দৃষ্টিত শ্ৰদ্ধেয় হৈ থাকিল৷
আৰু
কুৰুক্ষেত্ৰৰ যুদ্ধৰ সমাপ্তিৰ পিনে ভীমসেনে কালান্তক ৰূপ ধাৰণ কৰি দুঃশাসনৰ ৰক্ত
পান কৰিছিল আৰু উন্মাদৰ দৰে সেই ৰক্তৰে মোৰ মুক্ত হৈ থকা কেশমালা ৰঞ্জিত কৰি
তুলিছিল৷ মোৰো এক বিকৃত প্ৰতিজ্ঞা সেইদিনা পৰিপূৰ্ণ হৈছিল৷ একমাত্ৰ ভীমসেন আছিল
মোৰ মান-সম্মানৰ প্ৰতি সদাজাগ্ৰত৷
কিন্তু মইতো
কেৱল এগৰাকী ৰাজকন্যা বা ৰাজবধুৱেই নহওঁ! মই এজনী নাৰী৷ ৰক্ত-মাংসৰে গঠিত এটা
শৰীৰৰ মানৱী নাৰী৷ মোৰ জীৱনটো মোৰ, মোৰ শৰীৰটোও মোৰ৷ মোৰ ইচ্চা অনুসাৰে মই
অজস্ৰ পুৰুষৰ সৈতে শাৰীৰিকভাৱে মিলিত হ’লেও পঞ্চস্বামীৰ পত্নীৰূপে পৰিচিত হোৱাৰ
বাসনা কদাপি নাছিল৷ কিন্তু মোৰ বন্ধু বাসুদেৱ কৃষ্ণই কি যে কৌশলেৰে নিজে গোপন
সূত্ৰধাৰ হৈ মোক পুত্তলিকাৰ দৰে যাপন কৰিবলৈ বাধ্য কৰিলে সুদীৰ্ঘ যন্ত্ৰণাদায়ক
জীৱন!
আনহাতে পাঁচোজন
পাণ্ডৱে মোৰ নাৰী শৰীৰটোক উপভোগ কৰিলে কিন্তু মোৰ অন্তৰ্গত নাৰীসত্ত্বাক এজনো
পাণ্ডৱে এদিনলৈকো সম্মান নকৰিলে৷ তেওঁলোকে এবাৰলৈকো উপলব্ধি কৰিবলৈ যত্ন নকৰিলে যে
সংগোপন আৰু একান্ত শাৰীৰিক সংসৰ্গৰ কালত মই তেওঁলোকৰ একোজনৰ মাজত আন একোজনক
আৱিষ্কাৰ কৰিব পাৰোঁ যি মোক মনে-প্ৰাণে অসুখী কৰি তোলে!
কাৰণ যুধিষ্ঠিৰে
শিৱিৰাজ গোভসেনৰ কন্যা দেৱিকাক আৰু অৰ্জুনে চিত্ৰাঙ্গদা-সুভদ্ৰা আৰু উলুপীৰ সৈতে
বিৱাহ পাশত আৱদ্ধ হৈ মোৰ প্ৰতি তেওঁৰ আগ্ৰহ নোহোৱাটোকে প্ৰমাণ কৰিলে৷ নকুলেও
ইতিমধ্যে বিৱাহ কৰালে চেদিৰাজ শিশুপালৰ মৃত্যুৰ পাছত তেওঁৰে কন্যা কৰেণুমতীক৷
সহদেৱেও দ্বিতীয়া পত্নীৰূপে গ্ৰহণ কৰিলে মহাত্মা ভানুৰ দুহিতা ভানুমতীক৷
ভীমৰ সৰলতা মই
ভাল পাইছিলোঁ কিন্তু তেওঁক মাজে মাজে চিন্তাশক্তিৰহিত যেনো লাগিছিল আৰু মই বিৰক্ত
হৈছিলোঁ৷ তথাপি তেওঁ একান্তভাৱে মোৰ হৈ ৰৈছিল আৰু মোৰ হৈয়ে থাকিব খুজিছিল৷
হিড়িম্বাৰ সৈতে তেওঁ কোনো ধৰণৰ সম্পৰ্ক প্ৰতিষ্ঠা কৰিব খোজা নাছিল৷
হিড়িম্বাই
যেতিয়া আমাৰ বনবাসকালত ভীমৰ সংসৰ্গ কামনা কৰিছিল তেতিয়া মই কথাবোৰ কিছু পৃথক ধৰণে
চিন্তা কৰিছিলোঁ৷ ভীমে হিড়িম্বাৰ আহ্বানৰ প্ৰতি আগ্ৰহী নহৈ বাৰম্বাৰ মোৰ কথা কৈ
আছিল৷ অথচ চুক্তি অনুসৰি সেই বছৰ মই আছিলোঁ চতুৰ্থ পাণ্ডৱ নকুলৰ শাৰীৰিক পত্নী৷
ভীমসেনৰ শৰীৰী প্ৰয়োজনৰ প্ৰমাণ মই লাভ কৰিছোঁ৷
ভীমৰ শৰীৰটোৰ
তুলনাত মনটো দুৰ্বল৷ কিন্তু মানুহ হিচাপে ভীম প্ৰকৃতিৰ দৰেই সৰল৷ তেওঁ সৎ, সাহসী
আৰু সৰল; যুধিষ্ঠিৰ নাইবা অৰ্জুনৰ নিচিনা জটিল তথা কুটিল নহয়৷ নকুল আৰু সহদেৱ
আছিল কেৱল জ্যেষ্ঠজনৰ মততে হয়ভৰ দিয়া স্বকীয়তাহীন পুৰুষ৷ ভীমে কিন্তু কেৱল
যুধিষ্ঠিৰৰ কথাতে হয়ভৰ দিয়া নাছিল৷ হ’ব পাৰে, ভীমৰ বহুতো কথা
মোৰো অবিৱেচনাৰ ফল যেন লাগে৷ কিন্তু মানুহটো নিজৰ সীমাৰ ভিতৰত সৎ আৰু সাহসী?
ৰাক্ষসী
হিড়িম্বিয়ে যেতিয়া ভীমৰ সৈতে সম্পৰ্ক কামনা কৰিলেহি, মই লক্ষ্য
কৰিছিলোঁ যে হিড়িম্বিৰ প্ৰতি সম্ভৱতঃ শাৰীৰিক কাৰণত ভীম আকৰ্ষিত হৈছে কিন্তু
ভাতৃবৰ্গৰ একান্ত পত্নীৰ অৰ্থাৎ মোৰ প্ৰতি দায়ৱদ্ধ হৈ তেওঁ হিড়িম্বিৰ প্ৰতি
বিকৰ্ষিত হৈও দেখুৱাইছে৷
তেনে সময়তে মই
ঘোষণা কৰিলোঁ – ‘দ্বিতীয় পাণ্ডৱ ভীমসেনক এটা বছৰৰ কাৰণে হিড়িম্বিয়ে নিজৰ স্বামী
হিচাপে লাভ কৰিছে৷ ভীম, তুমি যোৱাঁ৷’
প্ৰকৃততে তেনেকৈ
কৈ ৰক্ষা পৰিব খুজিছিলোঁ মই৷ ‘আঃ ভীমসেনৰ সৈতে একান্তভাৱে কটোৱা সময়খিনি কিমান যে
উপভোগ্য অথচ মোৰ কাৰণে শাৰীৰিকভাৱে কিমান যে বিষময়...!’
মাজে মাজে মোৰ
কৃতকৰ্মৰ প্ৰতি ধিক্কাৰো ওপজে৷ কিয় যে মই কৃষ্ণৰ অভিসন্ধিত বন্দী হৈছিলোঁ! কিয় যে
মোৰ সয়ম্বৰ সভাত কৃষ্ণৰ কথামতেই মহাৰথী কৰ্ণক অস্বীকাৰ কৰিছিলোঁ? সহস্ৰ
সূৰ্যহেন তেজোদ্দীপ্ত কৰ্ণৰ দৰে মহাতেজ পুৰুষক অস্বীকাৰ কৰাৰ কাৰণেই মোৰ ওপৰত
নিয়তিয়ে এনে অভিশাপ বৰ্ষণ কৰিলে নেকি? ময়োতো অগ্নিকন্যা! কৰ্ণৰ সৈতে মোৰ গঢ় লৈ নুঠা যুগ্মজীৱনৰ সপোন
দেখি দেখি মই মাত্ৰ মনৰ সন্তাপ দূৰ কৰিবলৈ যত্নহে কৰিব পাৰোঁ, দূৰ
কৰিব নোৱাৰোঁ৷
সময়ে সময়ে মোৰ
ভাবনাক পৰীক্ষা কৰিও চাওঁ – মোৰ ভুল হোৱা নাইতো? পাঁচজন পতিৰ
বৰ্তমানতে মই পৰপুৰুষৰ সপোন দেখাটো পাপ নহয়তো?
কিন্তু
অগ্নিকন্যা দ্ৰৌপদী পঞ্চপাণ্ডৱৰ দৰে পাঁচজন পুৰুষৰ বাহুবন্ধনত কোনো কাৰণতে
সন্তুষ্ট হ’ব নোৱাৰে৷ সেয়ে অনিচ্ছা সত্ত্বেও আকৈশোৰ বহুবল্লভা হৈ উঠি শেহত মোৰ
যুগৰ অন্যতম ক্ৰীড়ণক শ্ৰীকৃষ্ণৰ সৈতে মই শয্যাসঙ্গী হৈছিলাঁ, হৈছিলাঁ
সখী৷
প্ৰাকবিৱাহ
কালৰেপৰা মই কৃষ্ণক স্বামীৰূপে বাঞ্ছা কৰি আহিছিলোঁ৷ বিৱাহ-পৰৱৰ্তী কালত ব্যক্তিগত
মানসিক একাকিত্বৰপৰা পৰিত্ৰাণৰ উপায়স্বৰূপে কৃষ্ণক সততে সশৰীৰে লগ পাই পাই মোৰ
অতৃপ্ত বাসনাই জ্বালামুখীৰ ৰূপ লৈছিল৷
কৃষ্ণই মোৰ
জীৱনৰ সৰ্বস্ব হৈ উঠিছিল৷ দ্যুতক্ৰীড়াৰ সভাত মোৰ ওপৰত হোৱা অপমানো মই সহ্য
কৰিবলৈও সাহস পাইছিলোঁ কৃষ্ণৰপৰাই৷ জীৱনৰ আপেক্ষিক দৃষ্টিৰ অদৃশ্যত থকা অন্য এক
দৃষ্টিভঙ্গী মোক দিছিল কৃষ্ণই যাক আয়ত্ত কৰিবলৈ মই কষ্ট কৰিবলগীয়া হৈছিল৷ বস্ত্ৰৰে
কৰা শৰীৰৰ আভৰণ আৰু মানসিক আভৰণৰ প্ৰসঙ্গ কৃষ্ণই বহুবাৰ বহু প্ৰসঙ্গত মোক কৈছিল৷
বহু নাৰীৰ সৈতে
ক্ৰীড়ণক বৃন্দাৱন বিহাৰী কৃষ্ণই কিন্তু মোৰ প্ৰতি সামান্যতমো শাৰীৰিক আসক্তি
প্ৰদৰ্শন কৰা নাছিল৷
অৱশেষত মই নিজে
সকলো সঙ্কোচ মষিমূৰ কৰি মনৰ শান্তিৰ কাৰণে কৃষ্ণৰ ওচৰত আত্মসমৰ্পণ কৰিছিলোঁ
সম্পূৰ্ণ সুস্থ মস্তিষ্ক আৰু বিৱেকেৰে৷ মই মোৰ তথাকথিত পাঁচজন স্বামীৰপৰা লাভ কৰা
উপহাসৰপৰা পৰিত্ৰাণ বিচাৰিছিলোঁ৷
তেওঁ মোক বাৰে
বাৰে বাৰণ কৰিছিল৷ বাৰম্বাৰ তেওঁ মোক বুজাইছিল, ‘এনে কাৰ্য
অনুচিত, কৃষ্ণা৷ এনে কৰা অনৈতিক৷ মোৰ বন্ধুপত্নী তুমি৷ মোৰ সখী তুমি৷’
‘তুমি নিজেই
বিশ্লেষণ কৰি মোক বুজাইছিলা যদুমণি, যে অৰ্জুন আৰু তোমাৰ শৰীৰহে পৃথক;
আত্মা
অভেদ৷ তেন্তে? মোৰ আত্মাই কুমাৰী কালৰেপৰা তোমাৰ কাৰণে গাঁথি
আহিছোঁ যিধাৰি মালা, সেইধাৰি মই কি কৰিম, কোৱাঁ! মোক তুমি
যি প্ৰশিক্ষণ দিছিলা সেই প্ৰশিক্ষণ অনুসৰি মই মোৰ জীৱনটোকে ব্যৱহাৰ কৰা নাই জানো?
তাৰ
পাছতো, এক ব্যক্তিঅস্তিত্বৰূপে মোৰ কোনো পৃথক বাঞ্ছা থাকিব নোৱাৰেনে?
মোক
তুমি বাঞ্ছিত শান্তিৰ কণিকা এটাও নিদিবানে? মই স্বাৰ্থপৰ,
সামান্য
ৰক্ত-মাংসৰ শৰীৰ মোৰ যি কায়মনোবাক্যে এজন পুৰুষৰ ছায়া বাঞ্ছা কৰে৷ অথচ তুমিয়েই মোক
পঞ্চভ্ৰাতাৰ অঙ্কশায়িনী হ’বলৈ বাধ্য কৰা নাইনে? ইমান ঘৃণিত জীৱন
এটালৈ আগ বঢ়াই দি তুমি মোক কি দিব খুজিছা মাধৱ?’
তেওঁ মৌন হৈ
ৰৈছিল৷ তেওঁৰ নয়নত প্ৰত্যক্ষভাৱে নেত্ৰস্থাপন কৰি মই পুনৰ কৈছিলোঁ, ‘তুমি
দেখোন কৈছিলা যে মই সৰ্বজন্মতে তোমাৰ পত্নী৷ তেন্তে? সয়ম্বৰৰ পূৰ্বে
প্ৰথমে মোক তুমি মোক কেৱল অৰ্জুনৰহে পত্নী হ’বলৈ কৈছিলা৷ তেনে স্থলত অৰ্জুনৰ
চাৰিজন ভাতৃৰ সৈতে মই শৰীৰী আদান-প্ৰদান কৰিবলগীয়াত পৰি কেনেকৈ ক্ষত-বিক্ষত হৈ
পৰিছোঁ তুমি জানো দেখা নাই, দয়াময়? পাঁচজনকৈ ভাতৃৰ
সৈতে শৰীৰৰ সম্পৰ্ক ৰক্ষা কৰাত যদি অনৈতিকতা নাথাকে তেন্তে জ্ঞান হোৱাৰ দিন ধৰি
মনৰ গোপন প্ৰদেশত বহন কৰি ৰখা প্ৰজ্বলিত বহ্নি নিৰ্বাপণ কৰাত জানো অনৈতিকতা থাকিব?’
‘আৰু চোৱাঁ,
মোৰ
স্বামী প্ৰতিজন পাণ্ডৱেই মোৰ বৰ্তমানতে অপৰ পত্নী গ্ৰহণ কৰিব ধৰিছে৷ তেওঁলোকে কৰা
এনে কাৰ্য কি শ্ৰেয়ঃ?’
কৃষ্ণ মোৰ
শ্ৰেষ্ঠ বন্ধু৷ কৃষ্ণ মোৰ ভগৱান৷ মোৰ আন্তৰিকতাপূৰ্ণ দাবী তেওঁ পূৰণ কৰিলে
অৱলীলাক্ৰমে৷
এই সম্পৰ্ক
নিষ্পাপ৷ ইয়াত প্ৰাপ্তিৰ সম্ভাৱনা অথবা অপ্ৰাপ্তিৰ হাহাকাৰ নাই৷ আছে মাত্ৰ
আশ্বাসপূৰ্ণ নিৰাপত্তা৷
এদিন নিবিড় মুহূৰ্ত এটাত মোৰ থুঁতৰিত ধৰি কৃষ্ণই কৈছিল, ‘তোমাৰ দূৰদৃষ্টিৰ তুলনা নাই, সখী!’
কথা শুনি মই হৈছিলোঁ হতবাক! কৃষ্ণৰ সকলো
কথা বুজাৰ শক্তি মোৰ নাই৷ তথাপি আকাশ-পাতাল ভাবি তেওঁৰ চকুহাললৈ চাই থৰ হৈ ৰৈ
আছিলোঁ৷ তেনেতে তেৱেঁই মধুৰ হাঁহিৰে ক’লে, ‘তুমি ৰাজনীতিত
পাৰঙ্গতা৷’
‘কিয় তেনেকৈ
ক’লা সখী?’
‘যি উদ্দেশ্য
সাফল্যমণ্ডিত কৰাৰ স্বাৰ্থত তুমি জন্মগ্ৰহণ কৰিলা সেই স্বাৰ্থত মই যাতে
প্ৰত্যক্ষভাৱে অংশ গ্ৰহণ কৰিবলগীয়াত পৰোঁ তাৰ ব্যৱস্থা নিঃসন্ধিৰূপে কৰি পেলালা
তুমি৷’
‘তোমাৰ কথাৰ সাৰ
উপলব্ধি কৰাৰ দক্ষতা আজিও মোৰ নহ’ল বনমালী!’
‘কেৱল দ্বিতীয়
পাণ্ডৱ অৰ্জুনৰ সৈতে মোৰ বন্ধুত্বই জানো আসন্ন মহাযুদ্ধত মোৰ প্ৰত্যক্ষ অংশ গ্ৰহণ
নিশ্চিত কৰিব পাৰে? নোৱাৰে৷ কিন্তু সখী! তুমি পৃথক৷ তুমি অনন্যা৷
মোৰ জীৱনত তোমাৰ স্থানো অনন্য৷ এতিয়া তোমাৰ দাবী অনুসৰিয়েই জানো মই তোমাক
আশ্বাসপূৰ্ণ নিৰাপত্তা দিবলৈ যত্ন কৰিব নালাগিব? পিছে
যাজ্ঞসেনীয়ে জন্মতে গ্ৰহণ কৰি অহা প্ৰতিজ্ঞা পূৰণাৰ্থে মোৰ দৰে সামান্য বনবাসী
গোপালক এজনৰপৰা কি সাহায্য পাব সেইটোহে হাস্যকৰ হ’ব৷ মইনো কি মূল্যৱান সাহায্য আগ
বঢ়াব পাৰিম!’
এইবুলি তেওঁ
স্মিত হাঁহি এটা মাৰিছিল৷
যথা সময়ত
কৃষ্ণৰপৰা মোৰ স্বামী পাণ্ডৱসকলে ৰাজনৈতিক সাহায্য লাভ কৰাটো সেই ক্ষণতে নিশ্চিত
হৈছিল৷
কিন্তু কৃষ্ণৰ
সৈতে মোৰ সম্পৰ্ক তেওঁ কোৱাৰ দৰে ৰাজনৈতিক উদ্দেশ্যৰে পঙ্কিল নাছিল৷ তেওঁৰ প্ৰতি
মোৰ সমৰ্পণ আছিল পৱিত্ৰ আৰু আত্মিক৷ কিন্তু কৃষ্ণই যে সকলো সম্পৰ্ককে ৰাজনৈতিক
উদ্দেশ্যৰেহে গ্ৰহণ কৰে সেই কথা ক্ৰমে ক্ৰমে বোধগম্য হোৱাত কৃষ্ণৰ প্ৰতি মোৰ
পূৰ্বৰ নিগূঢ় নিস্কলুষ প্ৰেম যেন জলবাষ্প হৈ অদৃশ্য হৈ পৰিছিল৷
কৃষ্ণৰ সততাৰ
প্ৰতি মোৰ সন্দেহ ক্ৰমশঃ বৃদ্ধি হৈছিল বিভিন্ন কাৰণত, বিভিন্ন
ঘটনাৱলীৰ পৰিপ্ৰেক্ষাত কৃষ্ণই প্ৰদান কৰা মন্তব্যবোৰত৷
ইন্দ্ৰপ্ৰস্থত
ৰাজ্য প্ৰতিষ্ঠাৰ কিছুদিনৰ পাছতে অৰ্জুন বনবাসলৈ ওলাইছিল৷ সমগ্ৰ ৰাজ্যতে প্ৰচাৰ
হৈছিল যে দ্ৰৌপদী আৰু তেওঁৰ পতিসকলৰ সম্পৰ্কৰ পৱিত্ৰতা ৰক্ষা কৰিবলৈ দেৱৰ্ষি নাৰদে
স্থিৰ কৰি দিয়া নীতি উলংঘা কৰি অৰ্জুনে বাছ বছৰলৈ ব্ৰহ্মচৰ্যসহ বনবাস পালন কৰিবলৈ
গৈছে৷ সেই ভঙ্গ কৰা নীতিনো কি আছিল অৱশ্যে মই নাজানিছিলোঁ অথবা আমি কোনোৱেই
নাজানিছিলোঁ৷ কিন্তু প্ৰচাৰ হৈ গৈছিল যে কোনো ব্ৰাহ্মণৰ অপহৃত গোধন উদ্ধাৰ কৰিবলৈ
যত্ন কৰাৰ ফলতে অৰ্জুনে প্ৰতিষ্ঠিত পাৰিবাৰিক নীতিভঙ্গ কৰিছিল৷
মই কেইবাদিনো
অস্বস্তিৰ মাজেৰে কটোৱাৰ পাছত এদিন কৃষ্ণৰ আগমন ঘটিছিল ইন্দ্ৰপ্ৰস্থলৈ৷ তেওঁ মোক
বুজাইছিল যে আসন্ন মহাযুদ্ধৰ প্ৰস্তুতিস্বৰূপে অৰ্জুন দেৱগণৰপৰা নতুন নতুন
শক্তিশালী মাৰণাস্ত্ৰ সংগ্ৰহ কৰিবলৈ আৰু সেইবোৰৰ প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈহে গৈছে৷
মোৰ মনত প্ৰশ্ন
উত্থাপিত হৈছিল সেই মুহূৰ্ততে– অজুৰ্নৰ যি বীৰত্বৰ কথা প্ৰচাৰ কৰি থকা হয় সেই
বীৰত্ব সমাগত যুদ্ধখনত জয়লাভ কৰিবলৈ যথেষ্ট নহয় নেকি!
মোৰ হাঁহি
উঠিছে৷ নহয়তো! কেনেকৈ হ’ব? অৰ্জুন ইন্দ্ৰপ্ৰস্থৰপৰা আঁতৰি বনবাসলৈ
যোৱা সম্পৰ্কে যি বাগ্ধাৰা প্ৰচাৰ কৰা হৈছিল তাৰ এটা অংশ আছিল ব্ৰহ্মচৰ্য ব্ৰত৷
কিন্তু অৰ্জুনে বনবাসৰ নামত ক্ৰমে ক্ৰমে বিৱাহ পাশত আৱদ্ধ হ’লগৈ তিনিগৰাকী নাৰীৰ
সৈতে৷ আৰু অন্তিমগৰাকী দেখোন স্বয়ং কৃষ্ণৰে ভগ্নী সুভদ্ৰা! সুভদ্ৰাৰ বিৱাহ ভ্ৰাতা
সুযোধনৰ সৈতে সম্পন্ন হ’ব বুলিহে মই দীৰ্ঘদিন ধৰি শুনি আহিছিলোঁ৷ শুনিছিলোঁ যে
ভ্ৰাতা সুযোধন আৰু সুভদ্ৰাৰ মাজত দীৰ্ঘদিন ধৰি প্ৰণয় সম্পৰ্ক অব্যাহত আছে আৰু
দ্বাৰকাপতি বলৰামেও তেওঁলোকৰ মিলনত অনুমোদন জনাইছে৷
তেন্তে?
তেন্তে অৰ্জুন
আৰু সুভদ্ৰাৰ বিৱাহ সম্ভৱ হ’ল কেনেকৈ?
কৃষ্ণ?
হয়, কৃষ্ণ৷
কৃষ্ণ নথকাহ’লে ভগিনীক অপহৰণৰ অপৰাধত বলৰামে অৰ্জুনক ধৰাসায়ী কৰি পেলালেহেঁতেন৷
কিন্তু সুভদ্ৰাসহ অজুৰ্ন ইন্দ্ৰপ্ৰস্থলৈ প্ৰত্যাৱৰ্তন কৰোঁতে তেওঁলোকৰ লগত আছিল
স্বয়ং কৃষ্ণ৷
তেন্তে অৰ্জুনে
শস্ত্ৰ সংগ্ৰহ কৰিলেগৈ কেতিয়া? তেওঁৰ লক্ষ্য কি আছিল– পত্নীসংগ্ৰহ নে
শস্ত্ৰ সংগ্ৰহ?
দৰাচলতে,
মই
অনুমান কৰোঁ যে অৰ্জুনে সম্ভৱতঃ মোৰপৰা আঁতৰি থাকিব খুজিছিল৷ সম্ভৱতঃ তেওঁ বৈধভাৱে
লাভ কৰা পত্নীক জ্যেষ্ঠ-কণিষ্ঠ মিলি নিজৰে ভাতৃগণে অবৈধভাৱে উপভোগ কৰাটো তেওঁ সহ্য
কৰিব পৰা নাছিল৷
উপভোগ!
এৰা, উপভোগ৷
নিৰ্লজ্জ উপভোগ৷
জন্মদাতৃ মাতৃৰ
সম্মুখতে সয়ম্বৰৰ পৰৱৰ্তী সময়ত যুধিষ্ঠিৰেই দেখোন পাঁচোজনে মিলি মোক, এই
দ্ৰৌপদীক উপভোগ কৰাৰ কথা কৈছিল৷
সম্ভৱতঃ
বনবাসকালত অৰ্জুনে কোনোবা দেৱতাৰ সৈতে হস্তিনাপুৰ পুনৰুদ্ধাৰ সম্পৰ্কে কিবা
মন্ত্ৰণা কৰিছিল৷ হয়তো কোনোবা ঋষিৰ সৈতেও তেওঁৰ বাৰ্তালাপ হৈছিল৷ যিহেতু মহাৰাজ
পাণ্ডু দেৱ-ব্ৰাহ্মণৰ প্ৰতি শ্ৰদ্ধাশীল আছিল সেয়ে সম্ভৱতঃ সেই সম্পৰ্কৰ সূত্ৰৰেই
অৰ্জুনে আসন্ন যুদ্ধৰ বাবে পৰিৱেশ ৰচনা কৰিবলৈ যত্ন কৰিছিল৷
কিন্তু কৃষ্ণৰ
মুখত যুদ্ধ সম্পৰ্কীয় মন্ত্ৰণা আৰু পৰিকল্পনাত ন্যায়-অন্যায় বিচাৰৰ পৰিৱৰ্তে
ছলে-বলে কৌশলে শত্ৰু নিধনতহে অধিক গুৰুত আৰোপ কৰা শুনো, তেতিয়াই মোৰ
সন্দেহ হয়৷
তাৰ মানে
পঞ্চপাণ্ডৱৰ বীৰত্বৰ বিষয়টো কেৱল বহুলভাৱে প্ৰচাৰিত এটা ৰাজনৈতিক বাগধাৰাহে নেকি?
৩০
অৰ্জুন৷
ভাৰত ৰাজ্যৰে
নহয়, জম্বুদ্বীপৰে শ্ৰেষ্ঠ যোদ্ধা বুলি গুৰু দ্ৰোণাচাৰ্যই মোক যি স্বীকৃতি
প্ৰদান কৰিছিল তাক লৈ মই আস্বস্ত হ’ব পৰা নাছিলোঁ৷ ইয়াৰ কাৰণ আছিল কৰ্ণৰ
ৰণনৈপুণ্য৷ মোক শ্ৰেষ্ঠ ধনুৰ্বিদৰূপে গঢ় দিবলৈকে গুৰু দ্ৰোণাচাৰ্যই একাগ্ৰ সাধক
একলব্যৰ দক্ষিণ হস্তৰ বৃদ্ধাঙ্গুলি পৰ্যন্ত কৌশলেৰে কাটি পেলাইছিল৷ এই অসহনীয়
স্মৃতিয়ে মোক আজীৱন অনুসৰণ কৰিছে৷
পৰৱৰ্তী কালত
আমাৰ মাজলৈ কৃষ্ণ আহিল৷ মই যথেষ্ট চিন্তা-চৰ্চা কৰিছিলোঁ, তেওঁ আমাৰ সৈতে
ইমান বেছিকৈ সম্পৃক্ত হোৱাৰ কাৰণ কি? কেৱল আমাৰ মাতৃ কুন্তীদেৱী তেওঁৰ
পিতৃভগিনী হোৱাটোৱেই নে?
অৱশ্যে
মাতৃদেৱীয়ে আমাক কৈছিল, কৃষ্ণৰ আন যি উদ্দেশ্যই নাথাকক কিয়, তেওঁৰ
সাহচৰ্যই আমাক প্ৰতি পদে পদে সহায় কৰিব৷
আমি কদাপি
মাতৃদেৱীৰ কোনো মতৰে বিৰোধ কৰি পোৱা নাই৷
পৰৱৰ্তী সময়ত
মহাৰাজ ধৃতৰাষ্ট্ৰই আমাক প্ৰদান কৰিলে খাণ্ডৱ প্ৰস্থ৷ খাণ্ডৱ প্ৰস্থ এখন অন্তহীন
অৰণ্যহে৷ তেনে অৰণ্য এখনেৰে আমি কি কৰিম? জ্যেষ্ঠ যুধিষ্ঠিৰকে প্ৰমুখ্য কৰি আমি
কিংকৰ্তব্যবিমূঢ় হৈ পৰিলোঁ৷ কিন্তু পিতৃব্য বিদূৰ আৰু কৃষ্ণক খুব সুখী দেখা গ’ল৷
পিতৃব্যই জনালে,
খাণ্ডৱ
প্ৰস্থৰ অৰণ্য ধ্বংস কৰি তাত এখন মনোৰম নগৰ নিৰ্মাণ কৰিলে আমাক দেৱগণে হেনো
সৰ্বতোপ্ৰকাৰে সাহায্য প্ৰদান কৰিব৷ লগতে তেওঁ জনালে, সেই
অৰণ্যবাসীসকলক সমূলি নিপাত কৰিব লাগিব৷ তেওঁলোক হেনো ব্ৰাহ্মণ আৰু ক্ষত্ৰিয়ৰ
শত্ৰু৷ কৃষ্ণয়ো খাণ্ডৱ প্ৰস্থ মুক্ত কৰিবলৈ উৎসাহী হৈ উঠিল৷
সেই সময়তে
পিতৃব্য বিদূৰে মোৰ পিতৃ দেৱৰাজ ইন্দ্ৰ, অগ্নি আৰু বৰুণৰ সৈতে আমাক সাক্ষাৎ কৰিলেহি৷ ইন্দ্ৰদেৱতাৰ অনুৰোধত বৰুণদেৱে মোক গাণ্ডীৱ নামৰ বিশিষ্ট ধনু আৰু
অগ্নিদেৱে মোক কপিধ্বজ ৰথ প্ৰদান কৰিলে৷ ধ্বজাখনত পৱনপুত্ৰ হনুমানৰ চিহ্ন থকা বাবে
সামগ্ৰিকভাৱে ৰথখনক কপিধ্বজ বোলা হ’লেও ৰথখনৰ প্ৰকৃত নাম আছিল নন্দিঘোষহে৷
মই ৰথৰ সৈতে
জড়িত ঘোঁৰা চাৰিটাৰ দেহসৌস্থৱ আৰু প্ৰাণচাঞ্চল্যত প্ৰকৃততেই আনন্দিত হৈছিলোঁ৷
ঘোঁৰাকেইটা আমাৰ ভাৰত ৰাজ্যৰ সমভূমিৰ ঘোঁৰাবোৰৰ নিচিনা নহয়, বিৰাট আকাৰৰ৷
গান্ধাৰ, কম্বোজ আদি দেশতহে এনে বিশালকায় ঘোঁৰা আছে বুলি আমি জানো৷ দেৱগণে
কোৱা কথা মোৰ বিশ্বাস হৈছিল– এই ৰথ যিকোনো ধৰণৰ ভূমিত অনায়াসে চলাচল কৰিবলৈ সক্ষম৷
কৃষ্ণক
অগ্নিদেৱে প্ৰদান কৰিলে সুদৰ্শন নামৰ অপূৰ্বদৃষ্ট এক অতুলনীয় চক্ৰাকাৰ শস্ত্ৰ আৰু
কৌমুদকী নামৰ এক গদা৷
দেৱতাসকলৰ
স্বাৰ্থ কি আছিল বাৰু খাণ্ডৱপ্ৰস্থৰ ধ্বংসৰ সৈতে জড়িত?
এনে প্ৰশ্নৰ
সৈতে দেৱৰাজ ইন্দ্ৰই মোক গোপনে দি যোৱা পৰামৰ্শ এটাও ক্ৰিয়াশীল আছিল৷ তেখেতে মোক
কৈছিল–
‘যিয়েই নঘটক,
তক্ষকক
কিন্তু তোমালোকে হত্যা নকৰিবা৷ সম্ভৱ ক্ষেত্ৰত তেওঁক সপৰিবাৰে পলায়ন কৰাত সাহায্যহে কৰিবা৷’
পৰৱৰ্তী কালত
অৱশ্যে মই জানিব পাৰিছিলোঁ যে তক্ষক নামৰ নাগাধিৰাজজন আছিল দেৱনেতা ইন্দ্ৰৰ
অনুগামী৷ নিজৰ সম্প্ৰদায়ৰ তীব্ৰ দেৱবিদ্বেষ সত্তেও তক্ষকৰ ইন্দ্ৰপ্ৰেমত সম্ভৱতঃ
দেৱৰাজ সন্তুষ্ট আছিল৷
বহুদিন বৰষুণ
হোৱা নাছিল৷ কৃষ্ণ আৰু মই দ্বাৰকাৰপৰা অহা কৰ্মী তথা সেনাবলৰ সাহায্যত খাণ্ডৱ
প্ৰস্থৰ চতুৰ্দিশৰপৰা অগ্নিসংযোগ কৰিলোঁ৷ দেৱতাসকলৰ যোগাযোগৰ ফলস্বৰূপে সমীপস্থ
কেইবাখনো ৰাজ্যৰ সেনাই আমাক সঙ্গদান কৰিলে৷ অগণন বন্যপ্ৰাণী মৃত্যুৰ মুখত পৰিল৷
লগতে জাহ গ’ল হাজাৰ হাজাৰ অৰণ্যবাসী নিষাদ, নাগ, অসুৰ
আৰু দানৱ৷ কোনো যাতে পলায়ন কৰিব নোৱাৰে তাৰ কাৰণে মই নিজে শস্ত্ৰসহ চাৰিওফালে ৰথ
পৰিক্ৰমা কৰি থাকিলোঁ৷ সশস্ত্ৰ সৈন্যগণকো বাৰংবাৰ নিৰ্দেশনা দি থাকিলোঁ– কোনো
মানৱে পলায়নৰ যত্ন কৰিলেই যাতে হত্যা কৰা
হয়৷ সৈন্যগণক মই বাৰম্বাৰ দেৱকাৰ্য সাধনৰ আহ্বান জনালোঁ৷
কিন্তু সেই
নিঃছিদ্ৰ ব্যৱস্থাপনাৰ মাজতো বাসুকি নামৰ নাগ জনগোষ্ঠীৰ প্ৰাক্তন ৰজাজনক লৈ তক্ষক
নামৰ ৰজাজনে পলায়ন কৰিলে৷
পলায়ন কৰিলে
একলব্যয়ো৷ চৰৰ মুখে লাভ কৰা বাৰ্তা অনুসৰি গুৰু দ্ৰোণই দক্ষিণ হস্তৰ
বৃদ্ধাঙ্গুলিৰপৰা বঞ্চিত হোৱাৰ পাছতো একলব্যই ধনুৰ্বেদৰ অনুশীলন ত্যাগ কৰা নাছিল৷
বৰং তেওঁ হেনো ধনুৰ্বিদ্যাত অধিক পাৰদৰ্শী হৈহে উঠিছিল৷ একলব্যক বধ কৰিব নোৱৰাটোৱে
মোৰ মনত যিমান শংকা সৃষ্টি কৰিলে তাৰ তুলনাত অকাৰণতে নিহত হোৱা সহস্ৰ সহস্ৰ
বন্যপ্ৰাণী আৰু মানৱৰ মৃত্যুৱে কোনো প্ৰতিক্ৰিয়া সৃষ্টি কৰিব নোৱাৰিলে৷
একলব্যই যদি
কিবা প্ৰকাৰে দুৰ্যোধনৰ সান্নিধ্য লাভ কৰে!
তেনে
চিন্তা-দুঃচিন্তাৰ মাজতেই মই বধোদ্যত হ’লোঁ ময়দানৱক৷ কিন্তু কৃষ্ণই মোক বাধা
দিলে–‘এওঁক জীৱিত ৰখাটো প্ৰয়োজনীয়, পাৰ্থ৷’
‘কিয়, বাসুদেৱ?’
‘তুমি নাজানা,
প্ৰতিভাত
এওঁ মৰ্ত্যৰ বিশ্বকৰ্মা৷ দক্ষতাৰ দিশত এওঁৰ নিৰ্মাণে বিশ্বকৰ্মাকো লজ্জিত কৰিব
পাৰে৷ কেৱল উপযুক্ত সুযোগৰ অভাৱতহে এওঁ নিজৰ অৰ্জিত বিদ্যাৰ প্ৰকাশ ঘটাব পৰা নাই৷’
ময়দানৱক মই
প্ৰাণে নামাৰিলোঁ৷
খাণ্ডৱ প্ৰস্থ
মুক্ত হ’ল৷
অগ্নি নিৱাৰণ
হোৱাৰ পাছত পিতৃব্য বিদূৰ আৰু দেৱৰাজ ইন্দ্ৰ আহি সেই স্থানত আমাৰ সম্মুখীন হ’লহি৷
দেৱৰাজে আমাক অভিনন্দন জনাই তেওঁ দেৱগণৰ সকলো শস্ত্ৰ মোক প্ৰদান কৰিব বুলি
প্ৰতিশ্ৰুতি দিলে৷
আমি পৰম
উৎসাহেৰে নগৰ নিৰ্মাণৰ কামত মনোনিৱেশ কৰিলোঁ৷ ভাৰত ৰাজ্যত পূৰ্বে কোনো
নিৰ্মাণকাৰ্যত প্ৰয়োগ নকৰা অনেক নতুন নতুন সামগ্ৰী কৃষ্ণৰ মধ্যস্থতাত দেৱতাসকলে
প্ৰেৰণ কৰিলে৷ মাজে মাজে দেৱ অভিযন্তা বিশ্বকৰ্মাও আহি ময়দানৱৰ সৈতে নিৰ্মাণকাৰ্যৰ
বিষয়ে মন্ত্ৰণা কৰিলেহি৷
মই বুজি নাপালোঁ,
পাণ্ডৱৰ
নগৰ নিৰ্মাণৰ ক্ষেত্ৰত কৃষ্ণ আৰু বিদূৰৰ লগতে দেৱতাকুলৰ ইমান উৎসাহৰ কাৰণ কি?
কৃষ্ণক
কেইবা দিনো জিজ্ঞাসা কৰিও মই কোনো সমিধান নাপালোঁ৷
দেৱতাসকলৰ
সাহায্যৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশৰ কাৰণেই আমাৰ নৱনিৰ্মিত অতুলনীয় নগৰখনৰ নামাকৰণ
কৰা হ’ল ইন্দ্ৰপ্ৰস্থ৷
নগৰ নিৰ্মাণ
সম্পন্ন হোৱাৰ পৰৱৰ্তী কালতে কৃষ্ণৰ পৰামৰ্শ অনুসৰি জ্যেষ্ঠ যুধিষ্ঠিৰে ৰাজসূয়
যজ্ঞ সম্পাদন কৰাৰ উদ্যোগ ল’লে৷ লগে লগে জম্বুদ্বীপৰ বিভিন্ন ৰাজ্যৰপৰা
ইন্দ্ৰপ্ৰস্থলৈ ৰাজন্যবৰ্গৰ স্ৰোত আৰম্ভ হ’ল৷ আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি
হস্তিনাপুৰৰপৰা পিতামহ ভীষ্মৰ নেতৃত্বত দুৰ্যোধনাদিয়েও আমাক সহযোগ কৰিলেহি৷ কিন্তু
সেই যজ্ঞৰ অব্যৱহিত পৰৱৰ্তী সময়তে দুটা নেতিবাচক ঘটনা সংঘটিত হ’ল৷
কৃষ্ণক যজ্ঞৰ
অৰ্ঘ্য প্ৰদান কৰাক কেন্দ্ৰ কৰি চেদিৰাজ শিশুপালে কৃষ্ণক সভামধ্যতে অশেষ নিন্দা
কৰি যজ্ঞস্থলী ত্যাগ কৰিলে৷ তাৰ পৰৱৰ্তী সময়তে বাৰ্তা পোৱা গ’ল যে তেওঁক কোনোবাই
হত্যা কৰিলে৷ সেই বাৰ্তা লাভ কৰিয়েই সকলোকে আচৰিত কৰি কৃষ্ণই সকলোৰে সম্মুখতে
প্ৰকাশ কৰিলে যে যিহেতু তেওঁ জগতৰ ভাৰ লাঘৱ কৰিবলৈ জন্মগ্ৰহণ কৰিছে, গতিকে
তেওঁৰ নিন্দা কৰি কোনো সাৰি যাব নোৱাৰে৷ নিজৰ পিতৃভগিনীৰ পুত্ৰ শিশুপালক বাৰু
কৃষ্ণই কেতিয়া কেনেকৈ বধ কৰিলে– ইয়াকে লৈ সভাত মৃদু গুঞ্জন পৰিৱাহিত হ’ল৷
আৰু যজ্ঞৰ
পৰৱৰ্তী দিনতে মোৰ অবৰ্তমানত দুৰ্যোধনক ইচ্ছাকৃতভাৱে অপমান কৰিলে দ্ৰৌপদী আৰু
ভীমে৷
এইটো বাৰ্তাই
মোক হতচকিত কৰি তুলিছিল৷ কাৰণ ভ্ৰাতা দুৰ্যোধনৰ নেতৃত্বত কৌৰৱসকলে আমাক যজ্ঞকাৰ্যত
যৎপৰোনাস্তি সাহায্য প্ৰদান কৰিছিল৷ মই বুজি পালোঁ যে দ্ৰৌপদী আৰু ভীমৰ এনে কাৰ্যই
নিশ্চিতভাৱে দুৰ্যোধনৰ মনত আমাৰ প্ৰতি পূৰ্বতকৈও অধিক বিদ্বেষ জন্ম দিব৷
কৃষ্ণক মই মোৰ
মনোদশা অৱগত কৰিলোঁ৷ তেওঁ বিশেষ প্ৰতিক্ৰিয়া প্ৰকাশ নকৰি স্মিত হাঁহিটো মাৰিলে আৰু
ক’লে–
‘আসন্ন যুদ্ধখন
কোনেও বাধা দিব নোৱাৰে কৌন্তেয়৷ ভূমিৰ ভাৰ লাঘৱ কৰিবলৈকে যুদ্ধখন অৱশ্যম্ভাৱী হৈ
উঠিছে৷ এতিয়া তোমাৰ সম্মুখত আছে অনেক কৰ্তব্য৷ জগতৰ শ্ৰেষ্ঠ বীৰ হৈ তুমি কোনো
কাৰণতে কৌৰৱৰ সম্মুখত পৰাস্ত হ’ব নোৱাৰিবা৷ আৰু তাৰ কাৰণেই তুমি বিবিধ শ্ৰেষ্ঠ
শস্ত্ৰ আহৰণ কৰাটো সম্প্ৰতি সৰ্বাধিক গুৰুত্বপূৰ্ণ কৰ্তব্য৷’
মই দ্ৰুত গতিত
চিন্তা কৰিলোঁ৷ হয়, ক্ষত্ৰিয়ৰূপে মই পৰাস্ত হ’ব নালাগিব৷ মই
ইতিমধ্যে প্ৰায় সকলো দৈৱাস্ত্ৰৰ তথা ব্ৰহ্মাস্ত্ৰৰ অধিকাৰী হৈ উঠিছোঁ যদিও পশুপতি
শিৱৰ সৃষ্টি অতুলনীয় শক্তিশালী পাশুপাত অস্ত্ৰ মোক দেৱৰাজ ইন্দ্ৰই প্ৰদান কৰিব
নোৱাৰিলে৷ তেওঁ মোক কেৱল জনালে যে মহাদেৱ শিৱক নিজে সন্তুষ্ট কৰি সেই অস্ত্ৰ আদায়
কৰিব নোৱাৰিলে কোনো দেৱতাই সেই অস্ত্ৰ দিব নোৱাৰে৷ এফালে কৰ্ণৰ শস্ত্ৰদক্ষতা আৰু
একলব্যয়ো দুৰ্যোধনৰ সামৰিক শক্তি বৃদ্ধি কৰাৰ আশঙ্কা আৰু আনফালে গুৰু দ্ৰোণাচাৰ্য
তথা কৃষ্ণঘোষিত শ্ৰেষ্ঠ বীৰ মোৰ আত্মসন্মান ৰক্ষাৰ দায়িত্ব৷
এনে অৱস্থাত
উপলব্ধি কৰিলোঁ যে মই যিকোনো প্ৰকাৰে সৰ্বাধিক শক্তিশালী পাশুপাত নামৰ
ব্ৰহ্মাস্ত্ৰবিধ আহৰণ কৰিবই লাগিব৷ এই বিষয়ে মই বিশেষভাৱে কৃষ্ণৰ সৈতেই আলোচনা
কৰিলোঁ৷ কৃষ্ণই মোক কমেও এক বৰ্ষ কাল গোপনে শস্ত্ৰান্বেষণ কৰিবলৈ পৰামৰ্শ প্ৰদান
কৰিলে৷
একে সময়তে তেওঁ
মোক মন্ত্ৰণা দিলে যে হস্তিনাপুৰৰ সমীপৱৰ্তী ইন্দ্ৰপ্ৰস্থত কোনো কাৰণতে
যুদ্ধপ্ৰস্তুতি আৰম্ভ কৰিব পৰা নাযাব৷ গতিকে লোকজনৰ সম্মুখত মই স্বেচ্ছায় বনবাস
গ্ৰহণ কৰাৰ নামত কিছুকাল বিভিন্ন ৰাজ্যৰ সৈতে কুটনৈতিক সম্পৰ্ক স্থাপনেৰে সমৰ
প্ৰস্তুতি চলাব লাগিব৷ আৰু তাৰ কাৰণে এটা পৰিস্থিতি সৃষ্টি কৰিব লাগিব৷
বিষয়টো ভাতৃগণ
আৰু দ্ৰৌপদীৰ সৈতে আলোচনা কৰা হ’ল৷ দ্ৰৌপদীয়ে কিন্তু মোক বনবাস কিম্বা প্ৰবাসলৈ
যাবলৈ দিব নুখুজিলে৷ সম্ভৱতঃ তেওঁ তেনে কৰাৰ কাৰণ আছিল মোৰ সৈতে তেওঁৰ আসন্ন মিলনৰ
কাল৷ পূৰ্বৰ চুক্তিমতে তেওঁ জ্যেষ্ঠ যুধিষ্ঠিৰৰ সৈতে এটা বছৰ অতিক্ৰান্ত কৰি
সম্প্ৰতি ভীমৰ সৈতে সময় কটাই আছে৷ এনে অৱস্থাত কৃষ্ণৰ কথামতে মই সম্পূৰ্ণ এটা বছৰৰ
বাবে আঁতৰি গ’লে তেওঁৰ সৈতে কালযাপন কৰিবলৈ সুযোগ লাভ কৰিব ভ্ৰাতা নকুলে৷ বিষয়টোৱে
মোকো যথেষ্ট আমনি কৰিছিল৷ কিন্তু ইতিমধ্যেই দ্ৰৌপদীৰ সান্নিধ্যসুখবঞ্চিত হৈ মই
তেওঁৰ প্ৰতি সকলো আগ্ৰহ হেৰুৱাই পেলাইছোঁ৷
আলোচনাৰ অন্তত
মই জ্যেষ্ঠ যুধিষ্ঠিৰ আৰু দ্ৰৌপদীৰ একান্ত সময়ত তেওঁলোকৰ কক্ষত উপায়ান্তৰ হৈ
প্ৰৱেশ কৰা বুলি বৃত্তান্ত এটা ৰচনা কৰা হ’ল আৰু তাৰে প্ৰায়শ্চিত্বস্বৰূপে মই নূ্যনতম
এবছৰৰ বাবে বনবাস খটাৰ সিদ্ধান্ত গ্ৰহণ কৰা হ’ল৷
সেই এটা বছৰতে
মই বিভিন্ন ৰাজ্য ভ্ৰমণ কৰিলোঁ আৰু সমাগত যুদ্ধত আমাৰ পক্ষলৈ তেওঁলোকৰ সমৰ্থনৰ
প্ৰস্তাৱ আগ বঢ়ালোঁ৷ দুৰ্লংঘ্য হিমালয় অঞ্চল ভ্ৰমণ কৰি শিৱৰ ওচৰতো মই প্ৰাৰ্থনা
জনালোঁগৈ পাশুপাত অস্ত্ৰ বাবে৷
শিৱই মোৰ
প্ৰাৰ্থনা মঞ্জুৰ কৰিলে যদিও পাশুপাত অস্ত্ৰ প্ৰচণ্ড বিধ্বংসী শক্তিৰ কথাও বিবৃত
কৰি পৰাপক্ষত সেই অস্ত্ৰ ব্যৱহাৰ কৰাৰপৰা বাৰণ কৰিলে৷ মই তেওঁৰ কথা শুনি কিছু
আশ্চৰ্যবোধ কৰিছিলোঁ৷ কাৰণ নিজে এজন দেৱতা হৈও তেওঁ দেৱতাসকলৰ বিষয়ে অত্যন্ত
নেতিবাচক মন্তব্য প্ৰকাশ কৰি মোক ক’লে যে দেৱতাসকল অসীম অনাচাৰী৷ দেৱতাসকলেই
প্ৰকৃততে জম্বুদ্বীপত অনাচাৰ আৰু ব্যভিচাৰ বৃদ্ধি হোৱাৰ বাবে দায়ী৷
‘প্ৰভু, আপুনি
স্বয়ং দেৱতা হৈ নিজৰ সম্প্ৰদায়ৰ বিষয়ে এনে মত প্ৰকাশ কৰাৰ কাৰণ জনাবনে?’ জিজ্ঞাসা
প্ৰকাশ কৰিছিলোঁ মই৷ তেখেতে কৈছিল–
‘মই দেৱতা নহওঁ
বৎস৷ মোৰ জন্ম পাৰ্বত্য জনগোষ্ঠীৰ মাজত৷ তুমি মোক অনাৰ্য, নিষাদ আদি যি
বোলাঁ বুলিব পাৰাঁ৷ কিন্তু মই নিজা প্ৰয়াসেৰে এনে কিছুমান ক্ষমতা আহৰণ কৰিব
পাৰিছোঁ যিবোৰ দেৱতাবিলাকৰ নাই৷ সেয়ে সম্ভৱতঃ দেৱতাবিলাকে মোক ছলে বলে কৌশলে
সিহঁতৰ গোষ্ঠীভুক্ত কৰিবলৈ যত্ন কৰি আহিছে৷’
মই অবাক হৈ
তেখেতৰ মুখমণ্ডললৈ চাই আছিলোঁ৷ তেখেতে তদ্গত হৈ পুনৰ কৈ গৈছিল–
‘আৰু শুনা৷
ভাৰতকে কেন্দ্ৰ কৰি সমগ্ৰ জম্বুদ্বীপতে ব্ৰাহ্মণসকল আৰু কিছু সংখ্যক ক্ষত্ৰিয়ই
দেৱতাবিলাকৰ বশৱৰ্তী হৈ থাকি নিৰাপদ অনুভৱ কৰিবলৈ আৰম্ভ কৰিছে৷ ইয়াৰ কাৰণ
দেৱতাবিলাকে তেওঁলোকক বিভিন্ন প্ৰকাৰে সাহায্য প্ৰদান কৰি আহিছে৷ কিন্তু তাৰ
বিনিময়ত ক্ষত্ৰিয়সকলৰদ্বাৰা তেওঁলোকে কিছুমান দুষ্কাৰ্যও কৰাইছে৷’
‘দুষ্কাৰ্য,
প্ৰভু?’
‘ওঁ, দুষ্কাৰ্য৷
মই বুজাই দিছোঁ শুনা৷ ইন্দ্ৰই নিজৰ শত্ৰুস্বৰূপ নিষাদ, দানৱ, অসুৰসকলক
দমন কৰিবলৈ তোমাক ব্যৱহাৰ কৰিলে৷ তুমি কিন্তু বুজিবই নোৱাৰিলা৷ খাণ্ডৱপ্ৰস্থত বাস
কৰা এই জনজাতিসকলে বাৰম্বাৰ দেৱতাসকলক ব্যতিব্যস্ত কৰি ৰাখিছিল৷ সেই অৱস্থাৰ
প্ৰতিকাৰকল্পে তোমাৰ পিতৃব্য বিদূৰ আৰু দ্বাৰকাপতি কৃষ্ণৰ জৰিয়তে সিহঁতে কেৱল
খাণ্ডৱপ্ৰস্থ ধ্বংসই কৰোৱা নাই, লগতে সকলোকে হত্যাও কৰালে৷’
শিৱৰ কথাই মই
পূৰ্বতে নোপোৱা বহু প্ৰশ্নৰ উত্তৰ দিলে৷ কিন্তু কৃষ্ণৰ ভূমিকা সম্পৰ্কে মোৰ মনত
জন্ম হোৱা প্ৰশ্নৰ উত্তৰহে নাপালোঁ৷ সেয়ে মই পুনৰ সুধিলোঁ–
‘পিছে প্ৰভু,
কৃষ্ণ...’
মোৰ প্ৰশ্ন
উত্থাপন হোৱাৰ পূৰ্বেই তেখেতে ক’লে–
‘মোৰ অনুমান,
কৃষ্ণই
এক বৃহৎ কাণ্ড কৰিবলৈ আগ বাঢ়িছে৷ কিন্তু তেওঁৰ প্ৰতিটো পদক্ষেপতেই নানান
ছল-চাতুৰীৰ আশ্ৰয় হৈছে৷ সি যি নহওক, তেওঁ তোমাৰ পৰম মিত্ৰৰ ভূমিকা পালন কৰি
আহিছে৷’
তেখেতৰ সৈতে আৰু
বাৰ্তালাপ কৰিবলৈ মোৰ সাহস নহ’ল৷ মোৰ অনুভৱ হৈছিল, তেখেতৰ সৈতে
অধিক কথা পাতিলে যেন মোৰ চাৰিওপাশৰ বিভিন্ন ব্যক্তিৰ প্ৰতি মোৰ ধাৰণাই পৰিৱৰ্তিত
হ’ব৷ আৰু যদি তেনে হয় তেন্তে আজি পৰ্যন্ত মোৰ জীৱন পৰিক্ৰমাই অৰ্থশূন্য হৈ পৰিব৷
মই তেখেতৰপৰা
বিদায় ল’লোঁ৷
সেই বনবাসৰ
কালতে মই দ্বিতীয় আৰু তৃতীয়বাৰৰ বাবে পাণিগ্ৰহণ কৰিলোঁ ক্ৰমে চিত্ৰাঙ্গদা আৰু
উলুপীৰ৷
প্ৰকৃততে
পাণ্ডুপুত্ৰসকলৰ ভিতৰত ক্ষত্ৰিয়গুণত শ্ৰেষ্ঠ হৈও ময়েই যন্ত্ৰণাদগ্ধ হ’বলগীয়া হৈছে
সৰ্বাধিক৷ গুৰুদক্ষিণা প্ৰিতশোধ কৰাৰ সময়ত ময়েইতো যুদ্ধক্ষেত্ৰতে পাঞ্চালৰাজ দ্ৰুপদক
বন্দী কৰিছিলোঁ৷ সেই দ্ৰুপদকে পৰৱৰ্তী কালত নিজৰ শশুৰৰূপে বৰণ কৰিবলগীয়াত পৰি মই
যে মোৰ ভিতৰত কি এক বহ্নিশিখা বহন কৰিবলগীয়া হৈছে কোনে বুজিব? জগতৰ
সৰ্বশ্ৰেষ্ঠ নাৰীৰত্ন পাঞ্চালীক জয় কৰিছিলোঁ মই৷ কিন্তু দুৰ্বিপাকত সেই ৰত্নৰ
অধিকাৰী হ’লগৈ মোৰ চাৰিওজন ভ্ৰাতা৷
এতিয়া যুদ্ধৰ
আয়োজন চলিছে৷ কোৱা হৈছে যে যুদ্ধজয়ৰ গুৰুভাৰ বহন কৰিব লাগিব মই৷ আৰু জয়ৰ অন্তত?
জয়ৰ অন্তত
হস্তিনাপুৰৰ ৰাজসিংহাসনত অধিস্থিত হ’ব আমাৰ জ্যেষ্ঠ যুধিষ্ঠিৰ! সেই যুধিষ্ঠিৰ,
জীৱনৰ
কোনো ক্ষেত্ৰতে যাৰ একো বিশেষত্ব অন্ততঃ মোৰ দৃষ্টিগোচৰ হোৱা নাই৷
বঞ্চিত জীৱন এটা
যাপন কৰি কৰি মই দগ্ধ, বিধ্বস্ত৷ এনে অৱস্থাত বনবাসৰ একাকিত্বৰপৰা ৰক্ষা পাবৰ নিমিত্তেই
মই গ্ৰহণ কৰিলোঁ চিত্ৰাঙ্গদাৰ স্বামিত্ব৷ তেওঁৰ সৈতে প্ৰায় ত্ৰিমাসিক বৈৱাহিক
জীৱনৰ অন্তত মই পুনৰ আৰম্ভ কৰিলোঁ অজ্ঞাত যাত্ৰা৷
পুনৰাই সেই
যাত্ৰাত মোৰ জীৱনলৈ আহি পৰিলহি আন এগৰাকী মোহনীয়া নাৰী– উলুপী৷
দুয়োগৰাকীৰ
গৰ্ভত মই মোৰ অৱশেষ এৰি পুনৰ সমৰ প্ৰস্তুতিৰ কামত অগ্ৰসৰ হ’লোঁ৷
অচৰিত হওঁ মই,
কিদৰে
মোৰ মাজতে একে সময়তে বাৰু সৃষ্টি আৰু ধ্বংসৰ বাসনা ক্ৰিয়াশীল হৈ আছিল!
(আগলৈ)