অন্যযুগ/


মলেঁয়া

দাদুল দেৱকৃষ্ণ বৰুৱা


 (১৪)


এডাল এডাল কুটা— এটি এটি আশা। এবুকু হেঁপাহ, অযুত সপোন। এটা বাহ— এখন ঘৰ। কিমান যে আলফুলকৈ সম্পূৰ্ণ কৰি তোলে বাহ একোটা। কিমান যে আন্তৰিকতাৰে সম্পূৰ্ণ কৰে হেঁপাহৰ নীড় একোটা! মানুহে এটুকুৰা এটুকুৰা ইটাৰে যিদৰে সাজি উলিয়ায় একোটা অট্টালিকা, ঠিক তেনেদৰে এডাল এডালকৈ কুটা কঢ়িয়াই চৰায়ে সাজি উলিয়ায় নিজৰ ঘৰ। পাৰ্থক্য মাথোঁ এটাই— চৰাই নিজৰ সৰু বাহটোক লৈয়েই সন্তুষ্ট, মানুহ আকাশচুম্বী ইমাৰতক লৈও অসন্তুষ্ট। 

চৰাইবোৰে বৰ আগ্ৰহেৰে নিজৰ বাহ বান্ধে। যিদৰে মানুহে বহু আশা আৰু হেঁপাহেৰে আৰম্ভ কৰে নিজৰ ঘৰখন বান্ধিবলৈ। মানুহৰ বাবে ঘৰ একোটা যিদৰে আশ্ৰয় তেনেদৰে বাহ একোটা চৰাইৰ বাবে একোখন ঘৰ। য'ত কণী পাৰি সুৰক্ষিত কৰি ৰাখিব পাৰে, পোৱালি জগাব পাৰে, পোৱালি ডাঙৰ কৰিব পাৰে, চিকাৰীৰপৰা নিজৰ সন্তানক ৰক্ষা কৰিব পাৰে, প্ৰতিকূল বতৰ বা আবহাৱাৰপৰা পোৱালিক ৰক্ষা কৰিব পাৰে। 

মানুহে চৰাই হোৱাৰ বাসনা পুহি ৰাখে মনৰ একোণত! চৰাই হ'ব নোৱৰা মানুহে সেয়ে চৰাইক ঈৰ্ষা কৰে কিজানি! ষ্টেপানৰ মনলৈ আহিল ৰ'জাৰ টৰি পিটাৰচনৰ উক্তি— "চৰাইৰ ডেউকা থাকে। সিহঁত মুক্ত। যেতিয়াই মন যায় তেতিয়াই সিহঁত উৰিব পাৰে। চৰাইবোৰৰ মাজত এক ধৰণৰ গতিশীলতা আছে যাক অনেকে ঈর্ষা কৰে।" চোতালত থিয় দি মলেঁয়াৰ বাবে সাজি উলিওৱা বাহটোলৈ চাই চাই এইখিনি কথাকেই ভাবিলে ষ্টেপানে। তেনে সময়তে মাৰ্ক' সোমাই আহিল গেটখন খুলি। চাইকেলখন সি পদূলিৰ একাষে ৰাখিলে। তাক দেখা পাই ষ্টেপানে মিচিকিয়ালে। ষ্টেপানৰ কাষতে থকা মলেঁয়াই ডিঙিটো ওখ কৰি চালে— মাৰ্ক' তাইৰ চিনাকি। 

: চৰাইবোৰ লাহে লাহে আহিবলৈ আৰম্ভ কৰিছে দেই।— মাৰ্ক'ই বেলেগ কথাৰ অৱতাৰণা নকৰাকৈয়ে ক'লে।

: বৰ ভাল খবৰ।— ষ্টেপানে শলাগিলে।

: আমাৰ বাহটোলৈ বাৰু কেতিয়া আহিব!— মাৰ্ক'ই বাহটোলৈ চাই থাকি ক'লে।

: আশা কৰোঁ খুব সোনকালেই!— ষ্টেপানে বিৰবিৰালে। 

মাৰ্ক'ক কথাষাৰ কৈ ষ্টেপানে দুচকু মুদি কল্পনা কৰিলে এজাক উৰন্ত হোৱাইট ষ্টৰ্কৰ। সেই জাকটোতে আহিছে হয়তো মলেঁয়াৰ সতে একেটা বাহৰে আবাসী হ'বলৈ এক তৰুণ ষ্টৰ্ক! তেওঁ চকুহাল মুদি থাকিয়েই গুণগুণালে এটা কবিতাৰ পংক্তি—

Black shadows fall

From the lindens tall,

That lift aloft their massive wall

Against the southern sky;

 

And from the realms

Of the shadowy elms

A tide-like darkness overwhelms

The fields that round us lie. 

: কাৰ কবিতা?— মাৰ্ক'ই তধা লাগি চাই থকাৰপৰাই মাত দিলে।

: বিখ্যাত আমেৰিকান কবি Henry Wadsworth Longfellow-ৰ।

: কবিতাটোৰ শিৰোনাম...!— উৎসুক হৈ উঠে মাৰ্ক'

: Birds of Passage।— ষ্টেপানে লাহেকৈ ক'লে।

: চৰাইক লৈও ঢেৰ কবিতা আছে?

: আছে। বহু বিখ্যাত কবিতা আছে। আচলতে প্ৰতিটো চৰায়েই একোটা ধুনীয়া কবিতা! কিন্তু এটা কথা...।

: কি কথা?— মাৰ্ক'ই পৰম উৎসুকতাৰে সুধিলে।

: মানুহে কবিতা ভালপোৱাৰ দৰেই চৰায়ো ভাল পায়। সৃষ্টিকর্তায়ো চৰাই ভাল পাইছিল! সেয়ে তেওঁ চৰাইৰ বাবে সৃষ্টি কৰিছিল গছ। কিন্তু বহু চৰাই ভালপোৱা মানুহে আজিকালি চৰাইৰ বাবে পিঞ্জৰা সাজে।

: বিচিত্ৰ ভালপোৱা!

: হুম্...!

: চৰাইবোৰো বিচিত্ৰ!— মাৰ্ক'ই ক'লে।

: বিচিত্ৰ...। আনকি ইহঁতৰ বাহবোৰো বিচিত্ৰ।

: বিচিত্ৰ বাহ?

: অঁ। বহু চৰায়ে ঘৰৰ ওচৰতে পোৱা জাবৰ-জোথৰেৰে বাহ সাজে। বহুতে খেৰেৰে বাহ সাজে। বহু চৰায়ে বাহ সাজে বালিৰে। ফ্লেমিংগোৱে আকৌ নিজৰ বাহ বোকাৰে সাজে। আফ্ৰিকান ফ্লেমিংগোৰ বাহ বোকাৰে গঠিত। ফ্লেমিংগোৱে বোকাৰ ঢাকনি সাজি তাত ফুটা কৰি কণী পাৰে। আন আন বহু প্ৰজাতিৰ চৰায়েও বোকাৰে বাহ সাজে; ইয়াৰ অধিকাংশই আফ্ৰিকাৰ।— ষ্টেপানৰ উত্তৰ।

: আমিওতো মলেঁয়াৰ বাবে বাহ এটা সাজি দিছোঁ। এইটোৱেই চাগে হোৱাইট ষ্টৰ্কৰ বাবে মানুহে সাজি দিয়া প্ৰথমটো বাহ!— এইবাৰ মাৰ্ক'ই ক'লে।

: চৰাইৰ বাহ একোটা একোখন ঘৰৰ প্ৰতীক; ই এখন সুখী ঘৰ গঢ়াৰ বাবে প্ৰয়োজন হোৱা প্ৰেম, দায়ৱদ্ধতা আৰু প্ৰচেষ্টাক প্ৰতিনিধিত্ব কৰে। চৰাইৰ বাহ শুভ-ভাগ্যৰো প্ৰতীক। কিংবদন্তি অনুসৰি যিকোনো ঘৰতে চৰায়ে বাহ সাজিলে সমৃদ্ধি আহে। এই কিংবদন্তি আইচলেণ্ড, ছুইডেন আৰু জাৰ্মানীত সণ্ঢালনিকৈ প্ৰচলিত হৈ আহিছে। গতিকে আমি শুভ কাম এটাকে কৰিলোঁ নহয়নে মাৰ্ক'!— কথাষাৰ কৈ ষ্টেপানে হাঁহিলে।

: চৰাইৰ বাহ সজাই থোৱাও দেখিছোঁ মই মানুহৰ ঘৰত।— মাৰ্ক'ই মাত লগালে।

: সিমানেই নহয় বুজিছা? মানুহে চৰাইৰ বাহ খাদ্য হিচাপেও খায়।— ষ্টেপানে ক'লে।

: কিচৰাইৰ বাহ খাদ্য কেনেকৈ হ'ব পাৰে?— মাৰ্ক' দস্তুৰমত আচৰিত হয়।

: চুপ ৰান্ধি খায়।— ষ্টেপানে হাঁহিলে।

: চৰাইৰ বাহৰ চুপ! কিবা অখজা অখজা লগা কথা। বিশ্বাস কৰিবলৈকে মন নাযায়।

: বিশ্বাস কৰিবলৈ মন নগ'লেও মানুহে শ শ বছৰ আগৰেপৰা চৰাইৰ বাহৰ চুপ খাই আহিছে।— ষ্টেপানে ক'লে।

: শ শ বছৰ ধৰি!— আশ্চৰ্যত চকুহাল ডাঙৰ হৈ পৰে মাৰ্ক'ৰ।

: অঁ।

: কওকচোন সকলো কথা।— মাৰ্ক'ই খাটনি ধৰে ষ্টেপানক।

: পাছত ক'ম। আগতে কামটো কৰি ল'লে ভাল হ'ব।

: অঁ হয়, হয়। ব'লক। 

আজি মলেঁয়াৰ বাবে প্ৰথম আখৰাৰ দিন। আখৰা মানে ষ্টেপানহঁতে মলেঁয়াক ঘৰৰ মূধচত সজা বাহটোত থাকিবলৈ অভ্যাস কৰোৱাৰ প্ৰথমটো দিন। তাইক সেই অভ্যাস কৰাবৰ বাবেই মাৰ্ক' আহিছে। ষ্টেপানে অকলে তাইক ঘৰৰ মূধচত তুলি দি চম্ভালিব নোৱাৰিব বুলি জানিয়েই মাৰ্ক'ক আহিবলৈ কৈছিল। 

জখলাডাল ভালকৈ লগাই ল'লে মাৰ্ক'ই। সেইডালেৰে উঠি গৈ সি ঘৰৰ মূধচ পালেগৈ। পিছে পিছে ষ্টেপানো উঠি যাবলৈ উদ্যত হ'ল। কিন্তু মলেঁয়াক কিদৰে তুলি নিব ওপৰলৈ! এটা নতুন সমস্যা। ষ্টেপানে ভাবিলে— কি কৰা যায়! 

ঠিৰাং কৰা হ'ল— মলেঁয়াক কাপোৰ এখনেৰে বোকোচাত বান্ধি লৈ ষ্টেপান জখলাৰে ওপৰলৈ উঠি যাব। কথামতেই কাম। মাৰ্ক'ক নামি আহিবলৈ কোৱা হ'ল ওপৰৰপৰা। এইবাৰ ষ্টেপানে গোটাই আনিলে পুৰণি শ্বল এখন। সেইখনেৰে মলেঁয়াক তেওঁৰ বোকোচাত বান্ধি দিবলৈ ক'লে মাৰ্ক'ক। কিন্তু মলেঁয়া নাৰাজ! বহু সময় যুঁজ-বাগৰ কৰি, মলেঁয়াক মৰম কৰি কৰিহে ষ্টেপানে তাইক বোকোচাত তুলি ল'বলৈ সক্ষম হ'ল। 

আগে আগে মাৰ্ক'। পিছে পিছে মলেঁয়াক বোকোচাত তুলি লৈ ষ্টেপান। দুয়ো ঘৰৰ মূধচ পালেগৈ। মূধচতে দুয়ো বহিল। বোকোচাৰ গাঁঠি খুলিলে। মলেঁয়া মুকলি হ'ল। ষ্টেপানৰ কাষতে থিয় দি তাই কৌতূহলী চাৱনিৰে চৌপাশে চালে। আকাশখন যেন আগতকৈ ওচৰত দেখিলে! বতাহ যেন অলপ হ'লেও জোৰকৈ বলিছে! 

মাৰ্ক'ই মলেঁয়াক নি তাইৰ বাবে সাজি থোৱা বাহটোত থ'লেগৈ। নাই, তাই নাথাকে তাত। ওলাই আহিল। ঠেল-ঠেঙুলি কেইটামান ঠোঁটেৰে টানি ইফালে সিফালে দলিয়াই দিলে। সেইখন যে তাইৰ বাবে সাজি দিয়া ঘৰ সেই কথা মানি লোৱা নাই!

: কি হ', তোৰ পচন্দ হোৱা নাই 'বলা?— ষ্টেপানে মলেঁয়াৰ ফালে চাই ক'লে।

: তাই হয়তো বুজিয়েই পোৱা নাই!— মাৰ্ক'ই ক'লে।

: লাহে লাহে সকলো ঠিক হ'ব।— মলেঁয়াৰ মূৰত হাত বুলাই থাকি ষ্টেপানে ক'লে। 

সদায় মাটিত খোজকাঢ়ি ফুৰা মলেঁয়াৰ বাবে ঘৰৰ মূধচত খোজকাঢ়ি ইফাল সিফাল কৰাটো বৰ আচহুৱা লাগিল। তাই ঠেং দাঙিবই নোখোজে। তাইৰ গাত ধৰি মাৰ্ক'ই মূধচত কেনেকৈ খোজ দিব লাগে দেখুৱাবলৈ ধৰিলে। ভয়ে ভয়ে ইটোৰ পিছত সিটো ঠেং আগবঢ়াই তাই ৰৈ দিয়ে তাই।

: একেদিনাই নহ'ব মাৰ্ক'।— ষ্টেপানে ক'লে।

: এক সপ্তাহমান শিকালে হৈ যাব।— মাৰ্ক'ই ক'লে।

: তাই ভয় কৰি আছে। লাহে লাহে ভয় ভাগিব।

: তায়ো মানুহৰ দৰেই। প্ৰথমে ভয় জয় কৰি ল'ব লাগিব!— মাৰ্ক'ই বুজন মানুহৰ দৰে ক'লে।

: জয় কালত ভয় নাই, মৃত্যু কালত ঔষধ নাই।— ষ্টেপানে ক'লে। 

ঘৰৰ মূধচত শীতৰ শেষত বেলিৰ তাপ আৰু পোহৰখিনি ভাল লাগিছে ষ্টেপানৰ। মলেঁয়া তেওঁৰ ওচৰতে থিয় দি আছে। তাইৰ দৃষ্টি দূৰণিৰ কোনোবা একোণত হেৰাই গৈছেগৈ। ষ্টেপানে ভাবিলে— তাই বাৰু কি ভাবিছে! ঘৰৰ মূধচত এনেদৰে মলেঁয়াৰ বাবে কেতিয়াবা ৰ'দ পুৱাব লাগিব বুলি ভবা নাছিল তেওঁ কেতিয়াও। আচলতে নভবা বহু কথাই হৈ যায়। নঘটিবলগীয়া বুলি ভবা বহু ঘটনাই বাস্তৱত ঘটি যায়। জীৱনৰ যে কোনো ব্যাকৰণ নাই! 

মলেঁয়াই ঠোঁটখনেৰে ইফালে সিফালে দলিয়াই দিয়া ঠাল-ঠেঙুলিখিনি গোটাই আনি মাৰ্ক'ই পুনৰ তাইৰ বাবে সজা বাহটোত ৰাখিলে। তাৰ ফালে চাই ষ্টেপানে ভাবিলে— ঘৰ এটা সজাটো হয়তো সহজ; কিন্তু ঘৰটো এখন ঘৰ কৰি ৰখাটো বৰ জটিল। তেওঁ নিজেই ঘৰটো এখন ঘৰ কৰি ৰাখিব নোৱাৰিলে! সকলো উৰণীয়া চৰাইৰ দৰে নতুন ঠিকনালৈ উৰা মাৰিলে। মলেঁয়া কিন্তু তেওঁৰ কাষৰপৰা কেতিয়াও উৰি নাযায়। তাই উৰি যাব নোৱাৰে। সেইবাবেই হয়তো মলেঁয়াক লগ পালে তেওঁ! নিঃসংগ জীৱনৰ সংগী— এটি পখী, এজন মানুহ। 

সিদিনা মলেঁয়াৰ বাবে বাহটো সজাৰ পাছত আজি দ্বিতীয় বাৰলৈ ঘৰৰ মূধলৈ উঠিছে ষ্টেপান। আজিৰে পৰা এই কামটো তেওঁৰ দৈনন্দিন কামৰ তালিকাৰ ভিতৰুৱা হ'ল। মলেঁয়াক দিনটোৰ বাবে উঠোৱা-নমোৱা আৰু তাই ইয়াত অভ্যস্ত নোহোৱালৈকে আজিৰ দৰে তাইৰ ওচৰত বহি থকাটো নৈমিত্তিক কাৰ্য হৈ পৰিব তেওঁৰ বাবে। মানুহ এনেদৰেই অভ্যস্ত হৈ পৰে। এনেদৰেই শিকি যায় পৰিস্থিতিৰ সতে মিলি চলিবলৈ। 

: এনেয়ে বহি থকাতকৈ অথনিৰ আধৰুৱা কথাখিনিকে পাতিব পাৰোঁ আমি।— মাৰ্ক'ই ক'লে।

: পাৰি।— ষ্টেপানে মূৰ দুপিয়ালে।

: কওকচোন।

: আমি চৰাইৰ বাহৰ কথা পাতি আছিলোঁ নহয়নে?

: মানুহে চুপ তৈয়াৰ কৰি খোৱা চৰাইৰ বাহৰ কথা।— মাৰ্ক'ই ক'লে।

: চীনদেশত চৰাইৰ বাহৰপৰা তৈয়াৰ কৰা চুপ অতি জনপ্ৰিয় আৰু শ শ বছৰ আগৰেপৰা এই প্ৰথা প্ৰচলিত হৈ আহিছে। বিশ্বৰ ভিতৰতে অন্যতম মহঙা এই চৰাইৰ বাহৰ চুপৰ সোৱাদ বেছ অপূৰ্ব বুলি জনা যায়।— ষ্টেপানে আৰম্ভ কৰিলে।

: চীনদেশৰ মানুহবোৰে যে আমি নোখোৱা ঢেৰ কিবাকিবি খাদ্য হিচাপে গ্ৰহণ কৰে।— মাৰ্ক'ই কথাষাৰ কৈ মুখখন বিকটাই দিলে।

: কিছুমান প্ৰজাতিৰ Swallow আৰু Swiftlet-অৰ বাহ খোৱাৰ উপযোগী বুলি গণ্য কৰি খাদ্য হিচাপে গ্ৰহণ কৰি অহা হৈছে। এইবোৰ চৰাইৰ বেছিভাগেই দক্ষিণ-পূব এছিয়াত পোৱা যায়। এই চৰাইবিধে নিজৰ লেলাউটিৰে যি বাহ সাজে, সেই বাহ শুকালে কঠিন হৈ বগা আৰু ধুনীয়া হৈ উঠে। চাৰিশ বছৰতকৈও অধিক কাল চীনাসকলে এইবিধ চৰাইৰ বাহৰ চুপ খাই আহিছে। আন দেশৰ বাসিন্দাসকলেও ইয়াৰ সোৱাদ লৈছে। ইয়াৰ দাম অৱশ্যেই আকাশলংঘী। জীৱ-জন্তুৰ মাংস বা আন অংশৰ ভিতৰত মানুহে খোৱা খাদ্যৰ ভিতৰত হয়তো আটাইতকৈ দামী, চৰাইৰ বাহৰ পৰা তৈয়াৰী এই চুপ। চীনৰ বাহিৰেও হংকঙৰ বিখ্যাত দামী ৰেস্তোৰাঁত এই চুপ পোৱা যায়।— ষ্টেপানে দীঘলীয়াকৈ ক'লে।

: ইয়াৰ মূল্য কিমান হয় বাৰু?

: চীনা খাদ্যত ইয়াৰ বিৰলতা, উচ্চ প্ৰটিনসমৃদ্ধ আৰু সোৱাদৰ বাবে ইয়াক বিশেষভাৱে মূল্যৱান আৰু মানুহে খোৱা আটাইতকৈ দামী পশুজাত সামগ্ৰীৰ ভিতৰত অন্যতম, গ্ৰেডিঙৰ ওপৰত নিৰ্ভৰ কৰি প্ৰতি পাউণ্ডত প্ৰায় ৪,৩০০ ডলাৰ পৰ্যন্ত মূল্য হয়। বাহৰ গ্ৰেডিং চৰাইৰ প্ৰজাতিৰ ওপৰত নিৰ্ভৰ কৰে, লগতে চৰাইৰ বাহৰ আকৃতি আৰু ৰঙৰ ওপৰতো। বাহবোৰৰ ৰং সাধাৰণতে বগা; কিন্তু ইয়াৰ ৰঙা বাহো পোৱা যায়, যাক Blood Nest বুলি কোৱা হয়। চীনৰ পৰম্পৰাগত চিকিৎসা বিজ্ঞানৰ মতে এই বাহ ভক্ষণ কৰিলে সুস্বাস্থ্য ধৰি ৰাখিব পৰা যায়। ৰঙা বাহবিধ যথেষ্ট ব্যয়বহুল আৰু ইয়াৰ ঔষধি মূল্য অধিক বুলি বিশ্বাস কৰা হয়। বজাৰত এক কিলোগ্ৰাম বগা চৰাইৰ বাহৰ মূল্য ২,৮০০ মাৰ্কিন ডলাৰ পৰ্যন্ত আৰু এক কিলোগ্ৰাম ৰঙা বাহৰ মূল্য ১৪,০০০ মাৰ্কিন ডলাৰলৈকে হয়। ইণ্ডোনেছিয়াত খাব পৰা চৰাইবিধৰ বাহক Sarang Burung Walet বুলি কয়।

দীঘলীয়াকৈ কৈ ষ্টেপানে মাৰ্ক'ৰ ফালে চালে।

: মানুহে যে কি কি নাখায়!— মাৰ্ক' আচৰিত হয়। 

এৰা, মানুহে নোখোৱা বস্তু পৃথিৱীত হয়তো খুব কমেইহে ওলাব। ষ্টেপানে পঢ়া-শুনা কৰি যিখিনি গম পাইছে, সেইমতে চীনত খাব পৰা চৰাইৰ বাহৰ আটাইতকৈ পৰিচিত ব্যৱহাৰ হৈছে চুপ। এইবিধ চৰাইৰ বাহ পানীত দ্ৰৱীভূত হ’লে চৰাইৰ বাহটোত থকা সোৱাদযুক্ত জেলেটিনাছ টেক্সচাৰে চুপবিধ বৰ সোৱাদ কৰি তোলে। কিং (Qing) বংশৰ গেষ্ট্ৰ’নমিৰ হাতপুথি ছুইয়ুয়ান শ্বিডান (Suiyuan shidan) অনুসৰি চৰাইৰ বাহক কোনো ধৰণৰ অতিশয় শক্তিশালী বা তেলীয়া বস্তুৰে সোৱাদ বা ৰান্ধিব নোৱাৰা এক সূক্ষ্ম উপাদান হিচাপে গণ্য কৰা হৈছিল। ই বিৰল আৰু ব্যয়বহুল হ’লেও ইয়াক তুলনামূলকভাৱে বৃহৎ পৰিমাণে পৰিৱেশন কৰিব লাগিব; অন্যথা ইয়াৰ স্বাদ সম্পূৰ্ণৰূপে অনুভৱ আৰু উপভোগ কৰিব নোৱাৰি। চুপত ব্যৱহাৰ কৰাৰ উপৰি এই খাব পৰা চৰাইৰ বাহ আন আন খাদ্যতো উপাদান হিচাপে ব্যৱহাৰ কৰিব পাৰি। ভাতৰ লগত সিজাই চৰাইৰ বাহৰ কনজি (Bird's nest congee) বা চৰাইৰ বাহৰ সতে ভাপত দিয়া ভাত তৈয়াৰ কৰিব পাৰি বা কণীৰ টাৰ্ট আৰু অন্যান্য ডেজাৰ্টত মিহলাই দিব পাৰি। ন্যূনতম পানী আৰু চেনি (বা নিমখ) থকা চিৰামিক পাত্ৰত দুবাৰকৈ ভাপত দি বাহবিধৰ জেলীও তৈয়াৰ কৰিব পাৰি। অৱশ্যে বাহবোৰ খোৱাৰ উপযোগী কৰি তুলিবলৈ বহু সময় ব্যয় কৰিবলগীয়া হয় পৰিষ্কাৰ কৰাৰ ক্ষেত্ৰত। 

চৰাইৰ বিষয়ে পূৰ্বৰেপৰা পঢ়া-শুনা কৰি ভাল পাইছিল ষ্টেপানে। তেতিয়াই তেওঁ চৰাইৰ বাহ যে খাদ্য হিচাপে গ্ৰহণ কৰে সেই কথা জানিছিল। তেওঁ পঢ়িবলৈ পোৱামতে white-nest swiftlet (Aerodramus fuciphagus)-ৰ বাহবোৰেই আটাইতকৈ বেছিকৈ খোৱা হয়। অৱশ্যে Black-nest swiftlet (Aerodramus maximus)-ৰ বাহো খায়। লী (Lee) আৰু অন্যান্য গৱেষকে কৰা পূৰ্বৰ অধ্যয়নত প্ৰকাশ পাইছে যে খাদ্যৰ উপযোগী বাহৰ পুষ্টিকৰ গঠন উৎপত্তি দেশ, চৰাইৰ খাদ্য গ্ৰহণ, জলবায়ু আৰু প্ৰজনন স্থানৰ ওপৰত নিৰ্ভৰশীল। বেছিভাগ বাহ প্ৰজননৰ সময়ত মতা চুইফ্টলেটে ৩৫ দিনৰ ভিতৰত সাজি লয়। গুহাৰ বেৰত লাগি থকা বাহবোৰ অগভীৰ পিয়লা আকৃতিৰ। বাহবোৰ লেলাউটিৰ সূতাৰে গঠিত। এই বাহত কেলচিয়াম, আইৰন, পটাছিয়াম আৰু মেগনেছিয়ামৰ মাত্ৰা অধিক থাকে।

: এইযে চৰাইৰ বাহবোৰ খাদ্য হিচাপে গ্ৰহণ কৰে, সেয়া ক'ৰপৰা সংগ্ৰহ কৰে? চৰাইবোৰৰ অসুবিধা নহয়নে?— মাৰ্ক'ই সুধিলে।

: পূৰ্বতে বাহবোৰ গুহাৰপৰা সংগ্ৰহ কৰা হৈছিল, মূলতঃ ইন্দোনেছিয়াৰ বৰ্নিও দ্বীপৰ গোমানটং আৰু নিয়াহৰ বিশাল চূণশিলৰ গুহাবোৰৰপৰা। কিন্তু চাহিদা বৃদ্ধিৰ লগে লগে এই উৎসসমূহৰ ঠাইত ১৯৯০ চনৰ শেষৰ ফালৰপৰা কিছুমান ঠাইত চৰাইবোৰে বাহ সাজিব পৰা অনুকূল ঘৰ সাজি দিবলৈ আৰম্ভ কৰে বহু চতুৰ লোকে। তাত বহু চৰায়ে বাহ সাজে আৰু পোৱালি উৰণীয়া হোৱাৰ পাছত মানুহে সেই বাহবোৰ সংগ্ৰহ কৰে। এই ঘৰবোৰ সাধাৰণতে সাগৰৰ ওচৰৰ চহৰ অঞ্চলত পোৱা যায়, যিহেতু চৰাইবোৰে এনে ঠাইত গোট খোৱাৰ প্ৰৱণতা থাকে। উত্তৰ সুমাত্ৰা প্ৰদেশ বা থাইলেণ্ডৰ পাক ফানাং জিলাৰ দৰে ঠাইত ই এক সম্প্ৰসাৰিত উদ্যোগত পৰিণত হৈছে। সেই ঠাইবোৰৰ পৰাই বাহবোৰ বেছিভাগেই হংকঙৰ বজাৰলৈ ৰপ্তানি কৰা হয়, যিখন চৰাইৰ বাহৰ বিশ্ব বাণিজ্যৰ কেন্দ্ৰবিন্দু হৈ পৰিছে; এই উদ্যোগটোৰ মূল্য প্ৰতি বছৰে প্ৰায় ৪.৩ বিলিয়ন হংকং ডলাৰ। ইয়াৰ গ্ৰাহকৰ বেছিভাগেই চীনৰ। চীন বিশ্বৰ ভিতৰতে চৰাইৰ বাহৰ সৰ্বাধিক গ্ৰাহক আৰু দেশখনত ইয়াৰ ব্যৱহাৰৰ ৯০ শতাংশতকৈ অধিক। তুমি কি কৈছিলা? চৰাইবোৰৰ অসুবিধা? চৰাইবোৰৰতো হানি হ'বই অলপ হ'লেও। কিছুমান ঠাইত, বিশেষকৈ ফিলিপাইনছত বিজিড'ৰ নামেৰে জনাজাত চৰাইবিধৰ সংখ্যা দ্ৰুতগতিত হ্ৰাস পোৱা আৰু মৃত্যু হোৱা দেখা গৈছে বুলি মই পঢ়িবলৈ পাইছিলোঁ।— ষ্টেপানে বৰ্ণনা কৰিলে।

: একেই চৰাই, অথচ কিছুমানৰ বাহ ৰঙা হয় যে!— মাৰ্ক'ৰ প্ৰতিক্ৰিয়া।

: হয়, হয়...। কিছুমান বাহ ৰঙা পৰাৰ কাৰণ যুগ যুগ ধৰি এটা প্ৰহেলিকা হৈ আহিছে। গৱেষকসকলে উল্লেখ কৰামতে বাহৰ ৰং সম্ভৱতঃ গুহাৰ ভিতৰৰ অংশ আৰু চৰাইৰ ঘৰৰ পৰিৱেশগত কাৰকৰ বাবেই হয়। ছিংগাপুৰৰ নানয়াং টেকন’লজিকেল ইউনিভাৰ্চিটিৰ এটা গৱেষক দলে ইয়াৰ ৰঙা পৰাৰ কাৰণ বিক্ৰিয়াশীল নাইট্ৰ’জেনৰ বাষ্পৰ ফলত হোৱা বুলি ধৰা পেলাইছে।

: এই বাহবোৰ বেচা-কিনা কোনে কৰেনো?— মাৰ্ক'ই সুধিলে।

: মই পঢ়িবলৈ পোৱামতে ইণ্ডোনেছিয়া দক্ষিণ-পূব এছিয়াৰ সৰ্বাধিক চৰাইৰ বাহ উৎপাদনকাৰী দেশ। দেশখনে প্ৰতি বছৰে প্ৰায় ২০০০ মেট্ৰিক টন ৰপ্তানি কৰে। ইয়াৰ পিছতে আছে মালয়েছিয়া। দেশখনে ৬০০ মেট্ৰিক টন আৰু থাইলেণ্ডে ৪০০ মেট্ৰিক টন বাহ ৰপ্তানি কৰে। আনহাতে ফিলিপাইনছত বছৰি প্ৰায় ৫ মেট্ৰিক টন উৎপাদন কৰা হয়। চৰাইৰ বাহৰ উদ্যোগে ইণ্ডোনেছিয়াৰ জিডিপিৰ ০.৫ শতাংশ দখল কৰি আছে, যিটো দেশখনৰ মাছ ধৰা উদ্যোগৰ প্ৰায় এক চতুৰ্থাংশৰ সমতুল্য জিডিপি শতাংশ। থাইলেণ্ডত বনৰীয়া আৰু পাম পাতি সংগ্ৰহ কৰা উভয় চৰাইৰ বাহৰ বাণিজ্যিক মূল্য বছৰি প্ৰায় ২০ বিলিয়ন বাট বুলি অনুমান কৰা হৈছে। বিশ্বজুৰি এই উদ্যোগটোৰ মূল্য আনুমানিক ৮.৫ বিলিয়ন মাৰ্কিন ডলাৰ। হংকং আৰু আমেৰিকা বাহ আমদানিত আগৰণুৱা দেশ। হংকঙত চৰাইৰ বাহৰ এবাটি চুপৰ দাম ৩০ৰপৰা ১০০ মাৰ্কিন ডলাৰ।

: বেছ ডাঙৰ বজাৰ!— আচৰিত হৈ পৰে মাৰ্ক'

: প্ৰকৃতিয়ে মানুহক কিমান কি যে দিয়া নাই!— ষ্টেপানে নিজকে কোৱাৰ দৰে ক'লে।

: আৰু মানুহে কি দিছে প্ৰকৃতিক?— মাৰ্ক'ই সুধিলে।

: মলেঁয়াৰ ডেউকাখনত দিয়াৰ দৰে আঘাত।— মলেঁয়াৰ ফালে আঙুলিয়াই কৈ উঠিল ষ্টেপানে। 

মাৰ্ক' নিৰৱে বহি ৰ'ল। ষ্টেপানো। ঘৰৰ মূধত বহি থকা মাৰ্ক' আৰু ষ্টেপানৰ মাজত থিয় দি ৰ'ল মলেঁয়া। তাই কি ভাবিছে জনাৰ উপায় নাই!

(আগলৈ)

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ