অন্যযুগ/


মলেঁয়া

দাদুল দেৱকৃষ্ণ বৰুৱা


(৪)

        মলেঁয়া জাতত হোৱাইট ষ্টৰ্ক বা বগা ষ্টৰ্ক। ষ্টৰ্ক পৰিয়ালৰ চৰাইবোৰ বেছ ডাঙৰ হয়। মলেঁয়াও ডাঙৰ হ'ব। বিজ্ঞানীসকলে মলেঁয়াহঁতৰ পৰিয়ালটোৰ বৈজ্ঞানিক নাম দিছে Ciconia ciconia। এইটো পৰিয়ালৰ চৰাইবোৰৰ পাখি ঘাইকৈ বগা যদিও ডেউকাৰ পাখিৰ বৰণ ক’লা। পোৱালিৰপৰা প্ৰাপ্তবয়স্ক হোৱাৰ পাছত ঠেং দীঘল আৰু ৰঙা ৰঙৰ হয়। ঠোঁট দীঘল আৰু ৰঙা। ঠোঁটৰ আগৰপৰা ঠেঙৰ শেষলৈকে গড়ে ১০০–১১৫ চেণ্টিমিটাৰ হয়। আকাৰত সামান্য পাৰ্থক্য থকা হোৱাইট ষ্টৰ্কৰ দুটা উপপ্ৰজাতিয়ে ইউৰোপৰ ঘাইকৈ ফিনলেণ্ডৰ উত্তৰৰ ফালে, উত্তৰ-পশ্চিম আফ্ৰিকা আৰু দক্ষিণ-পশ্চিম এছিয়াৰ পূবৰপৰা দক্ষিণ কাজাখস্তান পৰ্যন্ত আৰু দক্ষিণ আফ্ৰিকাত প্ৰজনন কৰে।

          বগা ষ্টৰ্ক দীৰ্ঘ দূৰত্বৰ প্ৰব্ৰজনকাৰী। গ্রীষ্মমণ্ডলীয় উপ-চাহাৰা আফ্রিকাৰপৰা দক্ষিণ আফ্রিকালৈকে বা ভাৰতীয় উপমহাদেশলৈকে প্ৰব্ৰজন কৰে। শাতকালছোৱা আফ্রিকাত কটায়৷ ইউৰোপ আৰু আফ্ৰিকাৰ মাজত প্ৰব্ৰজন কৰাৰ সময়ত ইহঁত ভূমধ্য সাগৰ পাৰ হৈ পূবে লেভেণ্ট বা পশ্চিমে জিব্ৰাল্টাৰ জলদ্বীপৰ মাজৰ উৰণপথেৰে ভ্ৰমণ কৰাটো এৰাই চলে; কাৰণ ইহঁত উৰিবলৈ যিবোৰ বায়ু তাপীয় পদাৰ্থৰ ওপৰত নিৰ্ভৰশীল, সেইবোৰ পানীৰ ওপৰত গঠন নহয়।

          মলেঁয়াৰ উৰি যোৱাৰ বয়স হৈছিল। তাই হয়তো মাক-দেউতাক আৰু ককায়েক-ভায়েক বা বায়েক-ভনীয়েকৰ লগত উৰিবলৈ আৰম্ভ কৰিছিল। হাজাৰ হাজাৰ মাইল দূৰৰ আফ্ৰিকা অভিমুখে উৰিছিল মলেঁয়াহঁত। ক্ৰ'ৱেছিয়াত জন্ম লোৱা মলেঁয়া আৰু মলেঁয়াৰ দৰে আন বহু ষ্টৰ্ক আফ্ৰিকালৈ উৰা মাৰে শীতকালটো কটাবৰ বাবে। আফ্ৰিকা— দূৰ-সুদূৰৰ দেশ। সুপ্ৰাচীন মহাদেশ। বছৰৰ বাকীকেইটা মাহ তাত কটাই পুনৰ উভতি আহিলহেঁতেন মলেঁয়া ক্ৰ'ৱেছিয়ালৈ বুলি। কিন্তু উৰণ আৰম্ভ হওঁতেই ঘটিল অথন্তৰটো।

        ডেউকা মেলি উৰিছিল মলেঁয়া। আগত মাক আৰু দেউতাক; পিছত মলেঁয়াকে ধৰি তাইৰ ককাই-ভাই-ভনী— সম্ভৱতঃ চাৰিটা। মলেঁয়াৰ মনত আনন্দ আৰু উত্তেজনা— দুপাখি মেলি উৰি যাব হাজাৰ হাজাৰ মাইল! পাৰ হ'ব হাবি-বন, গাঁও-নগৰ। পাবগৈ দক্ষিণ আফ্ৰিকা। নতুন দেশৰ নতুন বাতাৱৰণৰ মাজত কটাব বছৰৰ বাকীছোৱা সময়। মলেঁয়াই কিজানি ভাবে— কেনে হ'ব বাৰু আফ্ৰিকাৰ বাতাৱৰণ! মনত যিদৰে আনন্দ আৰু উত্তেজনা কঢ়িয়াই ফুৰিছিল মলেঁয়াই; তেনেদৰে সংশয়ো আছিল— পাৰিবনে তাই দুপাখিৰ ভৰসাত পাৰ হ'ব হাজাৰ-বিজাৰ মাইল! আফ্ৰিকা পাবলৈ তাই হ'বনে সক্ষম!

        আনন্দ আৰু উত্তেজনাৰ ৰং সলনি হয়। সময়ে খেল খেলে— জীৱনক লৈ! মনৰ একোণত লৈ ফুৰা সংশয়ে যেন বেঢ়ি ধৰিবলৈ আৰম্ভ কৰিছিল মলেঁয়াক। তাহাঁত তেতিয়া চাভা নৈৰ কাষে কাষে উৰিছিল। হঠাৎ তাইৰ সোঁফালৰ ডেউকাখনত 'কিবা এটাই' আঘাত হানিলেহি। তাই একো তৎ  ধৰিব নোৱাৰিলে; মাথোঁ প্ৰচণ্ড বিষ অনুভৱ কৰিলে। ডেউকাখন যেন ছিগি খহিহে পৰিব তাইৰ দেহৰপৰা! তথাপি তাইৰ মনত উৰণৰ হেঁপাহ; নিলগৰ এক আফ্ৰিকীয় সপোন!

        নাই, তাই আৰু উৰিব নোৱাৰে। মাক-দেউতাকহঁতৰ লগত পাবগৈ নোৱাৰে এই দেশ এৰি এখন সুকীয়া দেশ। ক্ৰমাৎ খহি আহে তাই ওপৰৰপৰা। হো হো কৰে উৰণ পথৰপৰা খহি আহে মলেঁয়া। সৌৱা তলত বালি। অচিনাকি এখন নৈৰ বুকুৰ শুকান বালি। দুচকুৰ দৃষ্টি ধূসৰ হৈ আহিল তাইৰ। 

            তাইৰ বাবে অচিনাকি চাভা নৈৰ বালিয়েই হ'ব তাইৰ শেষ সমাধি!

        ধুপকৈ শব্দ কৰি চাভাৰ বালিত পৰিলহি মলেঁয়া। কিমান সময় তাই অচেতন হৈ আছিল নিজে নাজানে। যেতিয়া তাইৰ চেতনা ঘূৰাই পাইছিল, তেতিয়া তাই দেখিছিল— সোঁ ডেউকাখনৰপৰা বৈ অহা তেজে তুমৰলি কৰিছিল তাইৰ শুকুলা পাখিখিনি। বিষত লৰাবপৰা নাছিল ডেউকাখন— জঠৰ হৈ পৰিছিল। তাইৰ দুচকুৰে বৈ আহিছিল দুধাৰি পানী— তপত; দুখৰ নিজৰা।

          মলেঁয়াই ভাবি ল'লে— তাই আৰু নাবাচে! চিকাৰীয়ে দিয়া আঘাতে ততালিকে তাইক ভূপতিত কৰিব নোৱাৰিলে যদিও নিলগত আহি পৰাৰ পাছতো তাই নিৰাপদ নহয়। নৈত মাছ মাৰিবলৈ অহা কোনোবা মাছমৰীয়াই হয়তো তাইক পাব আৰু মাছ বিচাৰি আহি মাংস পোৱাৰ আনন্দত মতলীয়া হৈ তাইক ঘৰলৈ লৈ যাব! কাটি-বাচি খাব! ছুপ হ'ব তাইৰ মঙহখিনি! অথবা মাছমৰীয়াৰ লগত অহা কুকুৰে তাইৰ তেজে তুমৰলি দেহটো দেখি ওচৰ চাপি আহিব! গোন্ধ ল'ব আৰু পলকতে সুতীক্ষ্ণ দাঁতেৰে ছিঙি পেলাব তাইৰ ডিঙিটো! নখেৰে আঁচুৰি নেফানেফ কৰিব কোমল দেহটো! ...নাই, আৰু ভাবিব নিবিচাৰে তাই। ভাগি পৰা ডেউকাৰ বিষ আৰু বুকুৰ বিষটো একাকাৰ হৈ আহে তাইৰ।

        মাকলৈ মনত পৰে মলেঁয়াৰ। দেউতাকলৈ মনত পৰে। মনত পৰে তাইক বাদ দি পৰিয়ালৰ আন কেউটা ককাই-ভাই-ভনীলৈ। সিহঁত বাৰু কিমান দূৰ পালেগৈ? সিহঁতো বাৰু ঠিকেই উৰি গৈ আছেনে? নে সিহঁতৰ জীৱনতো ঘটিছে তাইৰ দৰে কিবা অথন্তৰ? মাক-দেউতাকসহ পৰিয়ালটোলৈ মনত পৰি তাই চিন্তিত হ'ল। তাইৰ দেহৰ পীড়া আৰু মনৰ এই চিন্তাৰ মাজতো সুতীব্ৰ ঘৃণা ভাব এটা উজাই আহিল। এই ঘৃণা মানুহ নামৰ প্ৰজাতিটোৰ প্ৰতি।

        মানুহৰূপী কোন নিৰ্দয় চিকাৰীৰ লোলুপ চকু পৰিল তাইৰ ওপৰত ? তাইৰতো কোনো অপৰাধ নাছিল। উৰণ জানো অপৰাধ? প্ৰব্ৰজন জানো অপৰাধ ? খাদ্য বিচাৰি খোৱাতো জানো অপৰাধ ? এই মাটি-পানী, গছ-বিৰিখ, আকাশ-সাগৰ কি কেৱল মানুহ নামৰ প্ৰজাতিটোৰ বাবেই নেকি ? তাই চকুৰ আগতে সদায় দেখি আহিছে প্ৰকৃতিৰ ওপৰত মানুহ নামৰ প্ৰজাতিটোৱে চলাই অহা অত্যাচাৰ। মন গ'লেই গছ কাটিছে, মন গ'লেই অৰণ্যত জুই জ্বলাই দিছে। মন কৰিলেই ধৰি আনিছে নৈৰ মাছ, জাল অথবা ফান্দ পাতি ধৰিছে চৰাই কিম্বা নিৰীহ জীৱ।

            মলেঁয়াৰ দেহত প্ৰচণ্ড বিষ। মনত সুতীব্ৰ ক্ষোভ।

        দেহৰ বিষ আৰু মনৰ ক্ষোভৰ মাজত মলেঁয়া দুলি থাকিল কিছুপৰ। তাইৰ তেজৰ দাগ লাগিছিল চাভাৰ বালিত। তেজ গৈ গৈ তাই নিশকতীয়া হৈ আহিছিল ক্ৰমশঃ। কিন্তু কোনোবা মাছমৰীয়াৰ ঘৰত ৰাতিৰ আহাৰ হোৱা বা মাছমৰীয়াৰ কুকুৰৰ দাঁতে চিৰাচিৰ কৰাটো বিচৰা নাছিল তাই। লাগিলে অনাহাৰত মৰিব, লাগিলে বিষত জৰ্জৰিত হৈ ছটফটাই থাকিব নমৰালৈকে, তথাপি তাই তেনে মৃত্যু কামনা নকৰে।

        শৰীৰৰ সমস্ত শক্তি একত্ৰিত কৰিছিল মলেঁয়াই। তাইৰ ভাল হৈ থকা ডেউকাখনত ভৰ দি পৰি থকা ঠাইকণৰপৰা কিছু নিলগলৈ যাব বিচাৰিলে। চুঁচৰি-বাগৰি তাই কোনোমতে নিলগতে থকা জাবৰৰ দ'মটো পাবগৈ বিচাৰে। তাতেই তাই পৰি থাকিব। লাগিলে তাতেই তাই মৰিব!

        বাৰিষা চাভা নৈয়ে কঢ়িয়াই অনা জাবৰ, ঘাঁহ-বন আদিৰ এটা সৰু স্তুপ। মলেঁয়া কোনোমতে সেই দ'মটো পালেহি। জাবৰ দ'মটোৱে তাইক নৈপৰীয়া বতাহজাকৰপৰা সামান্য সকাহ দিলে। তাই ভাবিলে— এতিয়া হয়তো বৰ সহজে তাই মানুহ অথবা কুকুৰৰ চকুত নপৰিব! অন্ততঃ তাই অলপ হ'লেও বেছি সময়লৈকে জী থাকিব পাৰিব !

        জী থাকিব ? তাই জী থাকিব ? থাকিবনে জী ! মৰণৰ চিন-নিচিন সীমান্ততো মলেঁয়াই জী থাকিবলৈ বিচাৰিলে। কি মোহ আছে এই জীৱনৰ যে, মৰণক সম্মুখত লৈও জী থকাৰ তাড়নাই যুঁজিবলৈ সাহস যোগায় ! কি আছে এই পৃথিৱীত ? এই প্ৰকৃতিত ?

         কথাবোৰ ভাবি ভাবি মলেঁয়াই মূৰটো পেলাই দিছিল জাবৰৰ দ'মটোত। প্ৰচণ্ড বিষে পিষ্ট কৰি আনিছিল তাইক। মানুহ আৰু কুকুৰৰ হাতত পৰাৰ ভয় থকাৰ পাছতো বিষে তাইক এনেদৰেই কাবু কৰি পেলাইছিল যে, সকলো শংকাক হেঁচি ধৰি তাইৰ ঠোঁটৰ ফাঁকেৰে কণ্ঠনলীৰে সৰকি আহিছিল এক অস্বাভাৱিক মাত— কেঁকনি।

          কিমান সময় কেঁকাই আছিল মনত নাই মলেঁয়াৰ। হঠাৎ তাই হাত এখন দেখিছিল। সচকিত হৈছিল তাই। ক্ৰমাৎ তাইৰ ফালে আগ বাঢ়ি অহা হাতখন দেখি দেহৰ সমস্ত শক্তি একগোট কৰি জাবৰৰ দ'মটোৰপৰা পলাব খুজিছিল। কিন্তু বিফল হৈছিল তাই। হাত দুখনে ধৰি পেলাইছিল তাইৰ শক্তিহীন আহত দেহাটো। তাই ভাবিছিল— সকলো শেষ!

        কথাবোৰ সদায় ভবাৰ দৰে নহয়। মলেঁয়াই ভবাৰ দৰেও নহ'ল। মানুহজনৰ হাতত পৰোঁতে তাই ভাবিছিল যে, তাই আজি কাৰোবাৰ খোৱামেজত ৰাতিৰ আহাৰ হ'ব ! ঘৰখনৰ সকলোৱে টকালি পাৰি পাৰি খাব ! কিন্তু তেনে নহ'ল। বুকুৰ উম্ দিলে তাইক মানুহজনে। পানী তপতাই তাইৰ তেজে তুমৰলি দেহাটো ধুৱাই দিলে। জুই জ্বলাই সেক-পোটক দিলে। ডেউকাৰ ঘাডোখৰত দৰব সানি দিয়াৰ লগতে 'কিবা' খুৱালে তাইক। আন এজন মানুহ আহি তেওঁৰ লগ লাগি তাইৰ ফালে চাই চাই কিবাকিবি কথাও পাতিলে। কি পাতিছিল ? তাইৰ মঙহ খোৱাৰ কথা পতা নাছিলতো! 

        নাই, তেনে মানুহ নহয় এই দুজন। কথা পাতি পাতি দুয়োজনে তাইৰ মূৰত আৰু পাখিত হাত বুলাই দিলে। মৰম কৰিলে ! মৰম !

        মানুহৰ মৰম মলেঁয়াৰ বাবে অকল্পনীয় আছিল। তাইতো সৰুৰেপৰা মানুহৰ নিৰ্দয় ৰূপটোকেই দেখি আহিছিল। কিন্তু যিজন মানুহে তাইক জাবৰৰ দ'মটোৰপৰা তুলি আনিছিল, সেইজন এজন সুকীয়া মানুহ। 

        ষ্টেপান নামৰ এই মানুহজনে তাইক দ্বিতীয় জীৱন দিছে। উৰণৰ সপোন দেখাৰ সুযোগ দিছে। তাইৰ এনে লাগিছে, ষ্টেপান নামৰ মানুহজনৰ নিৰাপদ আশ্ৰয়ত থাকিলে তাইৰ ভগা ডেউকাখন এদিন জোৰা লাগিব ! তাই উৰিব পাৰিব ! তাই আকাশেদি উৰিব পাৰিব ! উৰি উৰি অহা-যোৱা কৰিব পাৰিব দক্ষিণ আফ্ৰিকা আৰু ক্ৰ'ৱেছিয়া!

        মলেঁয়াৰ মনটো ক্ৰমাৎ ফৰকাল হৈ আহিল।

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ