অন্যযুগ/


মিনহঁতৰ দেশ ইন্দোচীনত- ২

তপন কুমাৰ শৰ্মা

 

ভিয়েটনামী ছোৱালীেয় বৰ দক্ষতাৰে সুছন্দ গতিত মটৰ বাইক চলায়। 

‘নাম।’

মিনৰ নিৰ্দেশত গাটো কাটি কৰি পিছ ভৰি দাঙি নামিবলৈ ধৰিলোঁ, তেনে অৱস্থাতে তাই সুধিলে- ‘ভিয়েটনাম জেইল চাবিনে?’

আমাৰ সম্মুখত সোঁহাতৰ ঘৰটোত দেখিলোঁ, তাতে লিখা আছে- ‘মাইছন চেণ্টেল’, ৰোমান আখৰেৰে লিখা থকা বাবে যত্ন নকৰাকে অনয়াসে পঢ়িলোঁ। তাইৰ প্ৰশ্নৰ উত্তৰত ভাবিলোঁ- কিয় নাচাম, মই দৰাচলতে এনেবোৰ স্মাৰক চাবলৈয়ে সাতসাগৰ তেৰনদী পাৰ হৈ আহিছোঁ, তোক লগ পাই ভালেই হ’ল, নহ’লে এদিনৰ সময় হাতত লৈ এইবোৰ ৰৈ গ’লহেঁতেন।

মুখ ফুটাই ক’লোঁ- ‘হয়, হয়, চাম’, অনুচ্চ স্বৰত ক’লোঁ- ‘ভিতৰত নিশ্চয়, হো-চি-মিনকো লগ পাম!’

ক’ত কেনেকৈ টিকট কাটিম গুণা-গঁথা কৰি থাকোঁতেই মিনে টিকেট কাউণ্টাৰটোলৈ আঙুলিয়াই দেখুৱালে, তাৰ পাছত টকাবোৰ হাতত উলিয়াই লওঁতে, মিনে মোৰ হাতৰ পৰা প্ৰয়োজনীয় ন’টকেইটা, বোধহয় ৩০ ডং, মোৰ তলুৱাৰ পৰা লৈ টিকেট কাউণ্টাৰৰ পৰা টিকেটটো আনি মোক দিলেহি আৰু ক’লে- ‘মই বাহিৰতে ৰৈ থাকিম, তই মিউজিয়ামটো চাই আহ, সময় কমেও আধা ঘণ্টা লাগিব, ভালকৈ চালে আৰু বেছি সময় লাগিব।’

 

                                                                                ,,,

মিন থুইক বাহিৰতে এৰিলোঁ।

অন্য এজন মিনক বিচাৰি জেইলত সোমালোঁ; সেইজন হো-চি-মিন। জেইল মিউজিয়াম।

মাইছন চেণ্টেল। প্ৰৱেশ কৰোঁতেই মূল ঘৰটোৰ ওপৰত লিখা নাম। মাইছন ফৰাচী শব্দ, অৰ্থ ঘৰ, কেন্দ্ৰীয় ঘৰ। ভিয়েটনামীসকলে কয়- হোৱা ল’ প্ৰিজন; হোৱা-ল মানে জলন্ত চৌকা, হোৱা-ল পথটিৰ নাম, এইটো পথত চৌকা বেচা দোকানবোৰ আছিল, সেয়ে হোৱা-ল জেইল। আমেৰিকান যুদ্ধবন্দীসকলে কৈছিল- হানয়-হিলটন। ফৰাচী ঔপনিৱেশিক চৰকাৰে বন্ধোৱা এখন অতি বৃহৎ জেইল। এতিয়া যাদুঘৰলৈ ৰূপান্তৰ কৰা এই জেইলখন এতিয়া ইমান ডাঙৰ নহয়। এসময়ৰ বিশাল বন্দীশালখনৰ সৰহ অংশ ১৯৯০ চনত ভাঙি পেলোৱা হ’ল, তাৰে কিয়দংশ মাত্ৰ যাদুঘৰলৈ ৰূপান্তৰ কৰা হ’ল। এসময়ত ইয়াত দুহাজাৰ বন্দীক একেলগে ৰখা হৈছিল। 

জেইল যাদুঘৰটো হিলটন হোটেলৰ কাষত।

ফৰাচী ঔপনিৱেশিক চৰকাৰে জেইলখন ১৮৮৬- ১৯০১চনৰ সময়ছোৱাত সাজি উলিয়ায়, মূলতঃ ভিয়েটনামী মুক্তিযোদ্ধা আৰু সাধাৰণ অপৰাধীক শাস্তি বিহিবৰ বাবে। ফৰাচীসকলে ১৮৮৩ চনত তেতিয়াৰ ভিয়েটনামী শাসক ঙুয়েন বংশৰ শেষ স্বাধীন ৰজা টু-ডুক পৰাস্ত কৰি ভিয়েটনাম জয় কৰি তাতে উপনিৱেশ স্থাপন কৰে, অৱশ্যে ফৰাচী চৰকাৰৰ তলত পুতলা ৰজা হিচাপে এই বংশই ১৯৪৫ চনলৈকে শাসনত থাকে, ঙুয়েন বংশৰ শাসন আছিল ১৮০২ চনৰ পৰা।

১৯৫৪ চনৰ পাছত, স্বাধীন হো-চি-মিন চৰকাৰৰ অহাৰ পাছত, আমেৰিকাৰ ভিয়েটনাম যুদ্ধৰ সময়ত, আমেৰিকাৰ আৰু দক্ষিণ ভিয়েটনামৰ যুদ্ধবন্দীসকলক এইখন জেইলত ৰখা হৈছিল; ১৯৬০-৭৩ চনৰ সময়ছোৱাত হানয় চহৰত পাঁচশৰো অধিক আমেৰিকাৰ যুদ্ধবন্দী আছিল। সৰহভাগ আছিল এইখন জেইলত, বাকীসকল অন্য দুঠাইত; আমেৰিকাৰ সেনাই কৌতুকপূৰ্ণভাৱে এই জেইলক ‘হানয় হিলটন’ বুলিছিল; আমেৰিকাৰ প্ৰসিদ্ধ হিলটন হোটেল কোম্পানীৰ ‘হিলটন হোটেল’ নামেৰে বিখ্যাত চহৰবোৰত ‘হোটেলৰ চেইন’ আছিল। পাছৰছোৱাৰ ইতিহাস ইয়াত তেনেকৈ সংৰক্ষণ হোৱা নাই, প্ৰদৰ্শিত বস্তুবোৰৰ ভিতৰত ফৰাচী চৰকাৰে ভিয়েটনামীসকলৰ ওপৰত কৰা অত্যাচাৰ দেখুওৱা হৈছে।

যাদুঘৰৰ ভিতৰছোৱা বৰ্ণনা কৰিলে কিছু ঠাই লাগিব। মনত ৰৈ যোৱা এটা সামগ্ৰী গিল’টিন দেখিলোঁ, সৰুতে অ’ত ত’ত ফৰাচী বিপ্লৱৰ কথা পঢ়োঁতে গিল’টিনত ফাঁচী দিয়াৰ কথা পঢ়োঁতে মনত সাঁচ বহি গৈছিল।  ফাঁচী ঠিক নহয়, মূৰ কাটি মৃত্যুদণ্ড দিয়া যন্ত্ৰবিশেষ।

 ১৭৮৯ চনত ফৰাচী ডক্টৰ যোচেফ গিল’টিনে মূৰ কটা সঁজুলিটি নিৰ্মাণ কৰে। ই খৰটকীয়াকৈ যন্ত্ৰণা নোহোৱাকৈ মানুহৰ মূৰ কটা কামটো সামধা কৰিব কৰিব পাৰে।  ১৭৯২ চনত ফৰাচী বিপ্লৱৰ সময়ত ইয়াৰ বহুল প্ৰয়োগ হয়।

কিন্তু যাদুঘৰৰ ভিতৰত হো-চি-মিনক নাপালোঁ।

ভিয়েটনামৰ ইতিহাস খৰচি মাৰি পঢ়া নাছিলোঁ; কিন্তু ল’ৰালিত, আনকি যৌৱনতো হো-চি-মিনৰ নাম শুনি শুনিয়ে আমি ডাঙৰ দীঘল হৈছোঁ। আমাৰ মনত ভিয়েটনাম আৰু হো-চি-মিন সমাৰ্থক শব্দ। এনেয়ে ধাৰণা কৰি লৈছিলোঁ যে তেখেতে নিশ্চয় কোনোবা সময়ত ফৰাচী চৰকাৰৰ হাতত বন্দী হৈ এই জেইলত সোমাইছিল। কিন্তু ইতিহাস তেনে নহয়। বৰং দ্বিতীয় মহাযুদ্ধৰ সময়ত হো চীনৰ চিয়াং-কাই-চেক চৰকাৰৰ হাততহে বন্দী হৈছিল, ৫০ বছৰ পৰ্যন্ত হো বিভিন্ন দেশত ঘূৰি ফুৰিছিল; সেইবোৰ ইতিহাস এতিয়া নকওঁ, অন্য প্ৰসংগত আকৌ ওলালে কেতিয়াবা ক’বও পাৰোঁ, বুদ্ধিমান পাঠকে এনেয়েও পঢ়ি ল’ব। এই মাইছন চেণ্টেলত হো-চি-মিন বন্দী হিচাপে সমোৱা নাছিল যদিও, ১৯৩০-৫০ চনৰ সময়ছোৱাত বহু ভিয়েটনামী কমিউনিষ্টি বিপ্লৱীক ফৰাচী চৰকাৰে বন্দী হিচাপে ৰাখিছিল, তেতিয়া হো বিদেশত আছিল।

বাহিৰ ওলালোঁ। কিছু সোনকালেই ওলালোঁ। হানয় চহৰত আৰু বহুত চাবলগীয়া আছে।

ভিতৰত হো-চিন-মিন নাই। সমস্যাত এতিয়াহে পৰিলোঁ! বাহিৰত মিন নাই, মোৰ ৰথৰ সাৰথি মিন থুই নাই! কি হ’ব! মাত্ৰ ত্ৰিছ চেকেণ্ড, সেই কণ সময়তে অসংখ্য দুঃচিন্তা! পদপথত কেইজনমান লোকৰ আঁৰতে মিন আছিল। ওলাই আহি মাত দিলে- ‘কেনে লাগিল? সকলো ঠিকেই আছেতো?’

“হয়, ঠিকেই আছে, ব’ল সোনকালে, আৰু ক’ত কি আছে সোনকালে দেখুৱাই ল।”

আকৌ স্কুটাৰৰ পিছত বহিলোঁ আৰু হানয়ক অধিক বুজিবলৈ ধাৱমান হ’লোঁ।

,,,

হানয় হিলটনৰ পৰা কিমানদূৰ আহিলোঁ গম নাপাওঁ। খুব বেচি দহ মিনিট বা ওচৰাউচৰি। সময়ৰ হিচাপ ৰখা নাই। দিনটো হাতত আছে, কাৰ্যক্ৰমনিকা মিনৰ হাতত; স্থান আৰু কাল মোৰ হাতত নাই, লক্ষ্যস্থান তায়ে জানে, ষ্টিয়েৰিং মিনৰ হাতত, মই কেৱল চহৰখন চাই গৈছোঁ। আমাৰ দুচকীয়াখন আহি এঠাইত ৰৈ গ’ল, পথৰ বাঁওহাতে পঞ্চাছ মিটাৰমান নিলগত পেগোডা এটা দেখিলোঁ, জলাশয় এটাৰ মাজত; মনতে ভাবিলোঁ- অ’ এইবোৰহে চাব বিচাৰোঁ। তেনেতে মিনৰ পৰা নিৰ্দেশ আহিল- ‘নাম।’ আকৌ মোলৈ চাই সপ্ৰশ্নক দৃষ্টিৰে চালে আৰু সুধিলে- ‘চাবি নহয়, ভিতৰলৈ যাবি?’, বাকী কি ক’ব খুজিছে বুজিলোঁ- ‘নাচাৱ যদি ব’ল, সময় কম আৰু বহুত বস্তু আছে, বেলেগ কিবা দেখুৱাম।’

‘ওঁ, চাম, চাম’- এই বুলি খোজ ল’লোঁ। পেগোডাটোৰ ওখ গম্বুজসদৃশ আকাশ ধিয়াই থকা অংশটিয়ে এনেয়ে আকৰ্ষণ কৰিলে। চকুত লগা দৃশ্য। এনেয়ে এইখন বৌদ্ধধৰ্ম প্ৰধান দেশ, ইয়াৰ পেগোডাবোৰ নাচালে দেশখনক সম্পূৰ্ণৰূপে নুবুজিম। চৰকাৰী তথ্যমতে বৰ্তমান ভিয়েটনামৰ প্ৰায় ১৫% বৌদ্ধবাদী, ৮% খ্ৰীষ্টিয়ান, ৭৮% ধৰ্মহীন অথবা পম্পৰাগত জড়বাদী ধৰ্মত বিশ্বাসী। মিনৰ ধৰ্ম বা কি সোধাই হোৱা নাই, তাই বোধহয় মহাযানী বৌদ্ধ। কিয় বা ভাব হ’ল! সম্ভাৱনাৰ দিশৰ পৰা ধৰ্মহীন হোৱাৰ সম্ভাৱনা সৰহ। অলপ নিৰিবিলি সময় পালে তাইক সুধিম, গাড়ী চলাই থাকোঁতে সোধা নাযায়। বৌদ্ধসকলৰ সৰহখিনি মহাযানী বৌদ্ধ, খেমেৰসকল (কাম্বোডিয়ান) সংখ্যাত নগণ্য। তেওঁলোক থেৰবাদী/হীনযানী।

এটা দীঘলীয়া পদূলিয়েদি পেগোডালৈ আগ বাঢ়িলোঁ। পদূলিৰ মুখতে দুগৰাকী ভিয়েটনামী মহিলাক লগ পালোঁ। তেওঁলোকৰ লগত মুখ চুপতি মাৰিলোঁ। মুখ চুপতি মাৰিবলৈ ভাষা অন্তৰায় নহয়, এনে কৰাটো মোৰ এক প্ৰকাৰ অভ্যাসতে পৰিণত হৈছে। এনে নকৰিলে ঠাইখনক, মানুহবোৰক, দেশখনক বুজি পোৱাত কঠিন হ’ব, ফটো কেইখনমান ল’লোঁ।

দেশ। এইটো এটা কিছু পৰিমাণে বিমুৰ্ত ধাৰণা। দেশ কেৱল পৰ্বত, নদ-নদী, পথাৰ, জলাশয়ৰ সমষ্টি নহয়; দেশ একোখন জনগণ, এওঁলোকৰ গীত-মাত, ভাষা, ধৰ্ম, আচাৰ-নীতিৰ সমষ্টি, ইতিহাসৰ দীঘলীয়া সময়ত গঢ় লৈ উঠা একোটা মানসিক গঠন।

দীঘলীয়া পদূলিটোৰ দুয়োকাষে পানী।

এইটো ত্ৰান ক্ৰোক পেগোডা। এইটো হেনো হাজাৰ বছৰীয়া পুৰণা পেগোডা। প্ৰায় ১৫০০বছৰ পুৰণি। খ্ৰী: ৫৪১-৪৭ সময়ছোৱাত নিৰ্মিত। ‘লি নাম ডে’ নামৰ ৰজাজনে ৰঙানদীৰ পাৰত এই মন্দিৰ সাজিছিল। ৰঙানদীৰ সেই স্থানত বৰ্তমান এই পেগোডাটো নাই।

প্ৰথম নিৰ্মাণ কৰাৰ পাছত পেগোডাটোৰ স্থান কেইবাবাৰো সলোৱা হ’ল, নামটোও সলনি হ’ল। এই বৰ্তমানৰ ‘ত্ৰান ক্ৰোক’ নামটো সপ্তদশ শতিকাৰ, বৰ্তমান স্থানলৈ তেতিয়াই অনা হয়। এইটো এটা হ্ৰদৰ মাজৰ দ্বীপসদৃশ, হ্ৰদটো ‘ৱেষ্ট লে’ক’। আগতেই কৈছোঁ, বহুত নদ-নদী আৰু জলাশয় সামৰিহে হানয় চহৰখন।

পেগোডাটেৰ চৌহদৰ ভিতৰত কেইবাটাও ঘৰ দেখিলোঁ। তাৰে ভালেখিনি ১৮ শতিকাত নিৰ্মিত, তাৰে মাজত লিংলিঙিয়া ওখ পেগোডাটি, এইটো ১১ মহলীয়া আৰু ১৫ মিটাৰ ওখ। এইটো ১৯৯৮ চনত সজা। প্ৰত্যেক মহলাতে দুৱাৰৰ দৰে ৬টাকৈ অংশ আছে, এনে একোটা দুৱাৰ মুখত অমিতাভ বুদ্ধৰ মুৰ্তি আছে; অমিতাভ বুদ্ধক বহু পাঠকে জানে, নজনাসকলৰ বাবে অন্য স্থানত পৰিচয় এটা দি থ’ম। স্তম্ভটোৰ শীৰ্ষত ‘ছূ-ফা-লিয়েন-হোৱা’ৰ শিলৰ মুৰ্তি আছে।

শীৰ্ষত থকা মুৰ্তিটোৰ কথা এজন স্থানীয় লোকক সোধোঁতে নামটো ক’লে। পিছে কোন ছূ-ফা-লিয়েন নুবুজিলোঁ, ৰাতি নেটত চাওঁতেও নাপালোঁ, কিছু ভিয়েটনামী উৎসত পালোঁ যদিও নুবুজিলোঁ।

ভিতৰখন চাই ১৫ মিনিটমানত উভতিলোঁ। অকলেই চালোঁ। মিন বাহিৰতে মোলৈ ৰৈ আছিল, কেইখনমান ফটো ল’লোঁ।

আকৌ স্কুটাৰৰ পিছৰ আসনত বহিলোঁ, মিনে প্ৰতিবাৰতে কৰাদি হেলমেটটো পিন্ধাই থুঁতৰিৰ ৰচীডাল বান্ধি দিলে, ভৰি দুটা পাওদানিত সঠিককৈ পৰিছেনে নাই চাই গাড়ী এৰি দিলে ... ছুইট ...। হানয়ক বুজিবলৈ আকৌ আগ বাঢ়িলোঁ।

গুগল ট্ৰেন্সলে’টৰ।

কথা এটা ক’বলৈ ৰৈ গৈছিল, ত্ৰান ক্ৰোক পেগোডা চোৱাৰ তিনি মিনিটমান আগতে পথৰ কাষত ৰৈছিলোঁ। মিন-থুৱে বাইক ৰখাই দিছিল, পথৰ সোঁহাতে বহল ঠাইখিনি, তাৰ সোঁহাতে বৃহৎ পুৰণা বিমান এখন চালি এখনৰ তলত প্ৰদৰ্শন কৰি থৈছে। ইয়াত যে ৰখাব সেইটো তাইৰ পৰিকল্পনাৰে অংশ আছিল। ৰলোঁ, ফটোৰ বাবে প’জ দি মিনলৈ মোবাইলটো আগ বঢ়াই দিলোঁ। য’ত ফটো লৈছেঁ, কাষতে সামৰিক বাহিনীৰ ফটো, দেশৰ জণগণক উদ্বুদ্ধ কৰিবলৈ। ফটো মানে অঁকা ছবি, লগতে দুটামান বাক্য, ভিয়েটনামী ভাষাত লিখা। বুজি নাপালোঁ। অচিন দেশত, অচিন পথত, অচিন ছোৱালী এজনীৰ লগত সেই মুহূৰ্তকেইটা ভাল লাগিল। মিনক সুধিব খুজিছিলোঁ, নুসুধিলোঁ, সময় খৰচ! মই কি সুধিম, তাই কি উত্তৰ দিব! নুবুজিলে আকৌ সুধিম- ‘ৰিপিট’। মানে আকৌ ক। তাতকৈ...। গুগল লেন্সে সহায় কৰিলে। 

ফটোখন লওঁতে তাত থকা আখৰকেইটা ফ’কাছ হওঁতে কেমেৰাৰ স্কীনত ‘ট্ৰেন্সলেট’ বুলি বাটন এটা পালোঁ। ফটোখনত ভিয়েটনামী আখৰৰ পৰিৱৰ্তে ইংৰাজী আখৰ আহি গ’ল, তাত লিখা আছিল-

“ভিয়েটনাম পিপ’লছ্ আৰ্মি গঠনৰ ৭৭ বছৰ উপলক্ষ্যে। ২২ ডিচেম্বৰ ১৯৪৪ - ডিচেম্বৰ ২০১২ চন।

দেশৰ প্ৰত্যেকজনকে সুৰক্ষা দিবলৈ প্ৰতিজ্ঞাবদ্ধ। দেশখনৰ পৱিত্ৰ ভাবনা।”

কেমেৰা এপটো, গুগল লেন্স্ এপটোৰ লগত তাল-মিল থকা বাবে ফটোত আখৰ দেখিলেই ই তৰ্জমা কৰিবলৈ পৰামৰ্শ দিয়ে, তৰ্জমা বাটনটো জিলিকি উঠে।

এইটো মূলতঃ ফটো চেছনৰ দৰে আছিল। পাছত ভাবিছোঁ- মিনক ফটোৰ ভিতৰলৈ এতিয়ালৈকে অনাই নাই! স্বাৰ্থপৰ পৰিব্ৰাজক মই! মই তাইক বাইকাৰ হিচাপে ভ্ৰমণতহে আনিছোঁ!

‘হ’ল নে? যাওঁ, ব’ল।’-

আকৌ বাইকৰ পিছৰ আসনত বহিলোঁ। প্ৰতিবাৰৰ দৰে মিনে হেলমেট পিন্ধাই দি বাইক দৌৰাই দিলে। চহৰৰ মাজেদি ফিৰফিৰিয়া আছফাল্টৰ ৰাষ্টা। সম্মুখলৈ দৃষ্টি। মাজে মাজে সোঁৱে-বাঁৱে চাই হানয় চহৰক উপলব্ধি কৰিবলৈ যত্ন কৰিছোঁ। এইখিনিতে পথটো মোটামুটি পোন, আগলৈ ১০ ডিগ্ৰীমানত পথটো ভাঁজ লৈছে, এটা বৃহৎ বৃত্তৰ পৰিধিৰ অংশ। তেনেতে বাঁওহাতৰ ঘৰ এটালৈ আঙুলিয়াই মিনে ক’লে- ‘সৌটো হো-চি-মিনৰ মৌচেলিয়াম’।

বাইক ৬০কিমি/ঘণ্টাত দৌৰি আছে, সামান্য হো-হোৱনি শব্দ, মূৰটো হাওলাই তাইৰ কাণৰ কাষত ক’বলৈ যত্ন কৰিলোঁ-

‘সোমাবি নহয়,,’

‘এতিয়া নহ’ব। আজি দেৰি হ’ল, ভালকৈ চাব নোৱাৰিবি’

‘নহয়, নহয়, পাৰিলে ৰাখ। মই কেৱল এইটো চাবলৈকে হানয় চহৰলৈ আহিছোঁ।’, 

মুখেৰে অনুচ্চ স্বৰত ভোৰভোৰালোঁ। ভোৰভোৰণি মোৰ মাৰ মুখৰ ভাষাতে ওলাল- ‘মই হো-চি-মিনক চাবলৈ আহিছোঁ, তোৰ লগত তহল দিবলৈ নহয়।’, তাই মোৰ মনৰ ভাব বুজিলে বোধহয়, ক’লে-

‘কাইলৈ পুৱা মই কিবা এটা কৰিম’।’- তাই আশ্বাস দিলে আৰু বাইক দৌৰাই থাকিল। কেইবাটাও অনুভূতি মনৰ মাজত অহা-যোৱা কৰিবলৈ ধৰিলে। ভাল লাগিল, খং উঠিল, কিছু হতাশ হ’লোঁ, কিছু আশা। তাই হয়তো কাইলৈ কথা ৰাখি মোক আনিব, যদি নানে! এইমাত্ৰ পাৰহৈ অহা ঘৰটো এটা যাদুঘৰ, এইটো হো-চি-মিনৰ থকাঘৰ আছিল, হানয়ত বসবাস কৰা ঘৰ আছিল, ইয়াৰ পৰা তেওঁ ভিয়েটনাম চলাইছিল, আৰু! 

আৰু ১৯৬৯ চনৰ ছেপ্তেম্বৰ মাহৰ পৰা ‘দদাইদেউ হো’ এইটো ঘৰতে স্থায়ীভাৱে শুই আছে। আজি ৫ জুলাই, হো বোধহয় ৯ ছেপ্তেম্বৰত ঢুকাইছিল, মানে ৫৩ বছৰে হোৰ প্ৰাণহীন দেহটো ইয়াতে আছে। সকলো ঠিকে ঠাকে থাকিলে কাইলৈ হো-চি-মিনক লগ পাম, অৱশ্যে কেৱল শৰীৰটো!

এইবোৰ ভাবি থাকোঁতেই এটা ধুনীয়া পেগোডাৰ সমুখত মিনৰ বাইক ৰৈ গ’ল।

পেগোডাৰ কাহিনী, পেগোডাত কি দেখিলোঁ, এইখিনি ইতিমধ্যে ক’লোঁ।

পেগোডাৰ পৰা ওলাই একেই যাত্ৰা! বাইকত বহিলোঁ, হেলমেট পিন্ধাই দিলে, পাওদানিত মোৰ ভৰিটো থিকেই পৰিছেনে চাই উঠি মিনি বাইক এৰি দিলে।

...

বাইক আহি এঠাইত ৰৈ গ’ল।

এইটো এটা পুখুৰী, পাণবজাৰৰ নাগপোতা পুখুৰীতকৈ চাগে সামান্য ডাঙৰ হ’ব। যোৰহাটৰ তৰাজানৰ বৰপুখুৰীটোৰ সমান হ’ব লাগে। ‘ওঁ, ইয়াতে নাম।’- মিনৰ আদেশত নামিলোঁ।

এইবাৰ তাই পুখুৰীৰ মাজলৈ দৃষ্টি আকৰ্ষণ কৰি ক’লে- “চা, সৌখন বিধ্বস্ত বিমান, বোমা কঢ়িওৱা বিমান।”

চাই দেখিলোঁ পানীৰ মাজত পানীৰ ওপৰলৈ মূৰ দাঙি ভগা-ছিগা পুৰণা গাড়ীৰ দৰে কিবা এটা আছে, ভগা লোহাৰ দম এটা। কাষতে ফলক এখনত পৰ্যটকৰ বাবে দহশাৰী মানত টোকা এটা লিখা আছে- (ফ’টো চাওক)। 

                                                                               ...

২৭ ডিচেম্বৰ, ১৯৭২ চনৰ ৰাতি। হানয় চহৰৰ কথা।

এখন আমেৰিকাৰ বোমাৰু বিমান B-25ক ভিয়েটনামী ৰকেটে আঘাত কৰি ভূপাতিত কৰে।

বিমানখনৰ অৱশেষ এই মুহূৰ্তত এতিয়াও আমাৰ এইখিনতে, সম্মুখৰ পুখুৰীটোতে পৰি আছে। পুখুৰীটোৰ নাম ‘হু-টিয়েপ-হ্ৰদ’। ভিয়েটনামৰ বায়ু সেনা বাহিনীৰ ৭২ বেটেলিয়নে আমেৰিকাৰ বোমা কঢ়িয়াই অনা বিমানখন ভূপাতিত কৰিছিল। বাগৰি পৰা বিমানখন প্ৰথমে লক্ষ্য কৰিছিল ‘দোৱান-থিড-হিয়েন’ নামৰ লোক এজনে।

এইখিনি কথা মিন থুৱে মোক পানী পানীকৈ বুজাই ক’ব পৰা নাছিল। পাছত কোনো বিদেশী লোকৰ ব্লগ এটাত পঢ়ি সবিশেষ জানি ল’লোঁ। 

ওপৰত উল্লেখ কৰা হিয়েন নামৰ প্ৰত্যক্ষদৰ্শীৰ মতে- ৰাতিটোৰ ভিতৰত এজন এজনকৈ বাগৰি পৰা বিমান চাবলৈ বহুলোক গোট খাইছিল। পুখুৰীত পৰা বিমানৰ ইঞ্জিনটোত জুই জ্বলি উঠিছিল, জুইৰ পোহৰত  ৰাতিটো উজলি উঠিছিল।

মিনে ক’লে- ‘দহ বছৰমান আগলৈকে এই জলাশয়টো পিটনিত পৰিণত হৈছিল। গছ-বনেৰে বহু পিট হৈছিল। লগতে পুখুৰীটো জাবৰ-জোথৰেৰে পোতা পুখুৰীত পৰিণত হৈছিল। ২০১২ চনত চৰকাৰে হানয়ত বহুকেইটা স্থান যুদ্ধৰ সময়ৰ স্মৃতি হিচাপে গঢ়ি তোলে, তাৰ ভিতৰত এই পুখুৰীটোও এটা।’

‘অ, আৰু এটা কথা...’- তাই কৈ গ’ল- ‘৫০ বছৰ হৈ গ’ল, বিমানখনৰ ব’ডিটো আৰু ইঞ্জিন মামৰে ধৰি, উঁৱলি যোৱা নাই, প্ৰায় একে মানুহব্যক্তি।’

৯০ দশক বোলোঁতে এটা কথা গম পালোঁ, মিনৰ বয়স বৰ বেছি ৩০ বছৰ। তাইক এইটো সোধোঁ সোধোঁ বুলিও সোধা নাই, শালীনতাৰ কথা আছে। আমাৰ দেশত সোধা নাযায়, সুধিব নাপায়, তাতে তাই ছোৱালী; কেতিয়াবা বুদ্ধি কৰি সোধা যায়- ‘তুমি কোন ইয়েৰ? বা গ্ৰেজুৱেছন কেতিয়া কৰিলা?’ সমগ্ৰ পৃথিৱী জুৰি, কম-বেছ পৰিমাণে, আচাৰ-নীতিৰ মিল আছে। পুব আৰু পশ্চিম বুলি পৃথক সাংস্কৃতিক মূল্যবোধ কিছু হয়তো আছে, কিন্তু এছীয় দেশসমূহত, বিশেষকৈ দক্ষিণ-পূব এছিয়াত সামাজিক আচাৰ-নীতিত প্ৰচুৰ মিল আছে। মনত পৰিছে চাংহাই চহৰত ২৪ বছৰীয়া ৰয়চে কৈছিল- ‘আমাৰ ইয়াত (চীনত) নাৰীৰ বয়স সোধাটো সদ আচৰণ নহয়।’ (নি-হাও-মা )।

বৰপুখুৰীটোৰ পাৰতে বহি মিনৰ লগত চৰবত খালোঁ, নেমুৰ চৰবত, তাতে বৰফ দি পৰিৱেশন কৰিছে; পানীয়ৰ সৈতে দীঘলীয়া বাৰ্তালাপ, প্ৰায় ৪০ মিনিট। সবিশেষ ক’ম।

এই হু-টিয়েপ-লেক আৰু বিধস্ত বিমানখনৰ পটভূমি আৰু ভিয়েটনাম ইতিহাসৰ কিছু কথা চমুকৈ কৈ থওঁ।

                                                                                ...

‘লিনেবেকাৰ টু।’

ভিয়েটনামৰ বাবে দুৰ্দিনৰ সময়, যুদ্ধৰ ভয়াৱহ সময়ৰ কথা। ‘লিনেবেকাৰ’- এই নামেৰে ১৯৭২ চনৰ ১৮-১৯ ডিচেম্বৰৰ পৰা ৩০ ডিচেম্বৰ সময়ছোৱাত আমেৰিকাৰ চৰকাৰে একেৰাহে ভিয়েটনামৰ মাটিত বোমা নিক্ষেপ কৰাৰ পৰিকল্পনা কৰে। ‘১১ দিনীয়া যুঁজ’, অপাৰেচনৰ নাম ‘লিনেবেকাৰ ২’, এইটো তেতিয়াৰ আমেৰিকীয় ৰাষ্ট্ৰপতি নিক্সন চৰকাৰৰ সিদ্ধান্ত, নিক্সনে অপাৰেচনৰ আদেশত চহী কৰিছিল ১৭ ডিচেম্বৰত; বোমা পেলোৱা বিমানবোৰৰ নাম আছিল B-25। এইবোৰ বিমানক আমেৰিকাই নাম দিছিল ‘উৰন্ত দুৰ্গ’। এইশ্ৰেণীৰ বিমান ১৯৪১ চনত মহাযুদ্ধৰ সময়ত আমেৰিকাত পোনতে নিৰ্মাণ কৰা যুদ্ধ বিমান। কোনোবা এজন বেলি মিটচেলে ইয়াৰ আৰ্হি প্ৰস্তুত কৰিছিল, সেয়ে নাম ‘B-25-মিটচেল’, দ্বিতীয় বিশ্বযুদ্ধত মিত্ৰশক্তিয়ে বহুলভাৱে ব্যৱহাৰ কৰিছিল।

এটা ভাল খবৰ- আমাৰ সমুখত থকা এই বিমানখনত থকা বোমাবোৰ ফুটাৰ আগতেই ইয়াক বগৰাই দিয়া হৈছিল, পাছলৈ এইবোৰ নুফুটিলে, নিস্ক্ৰিয় কৰা হ’ল। এই বিমানে কঢ়িয়াই অনা বোমাবোৰ ‘কাৰ্পেট বোমা’, যাৰ ধ্বংস কৰাৰ ক্ষমতা বহুত আছিল। বিমানখনৰ পৰা নুফুটা ৪৭-টা বোমা উদ্ধাৰ কৰা হৈছিল। সৰহভাগ পুখুৰীৰ বহু তলত আৰু দুই-এটা ৰাষ্টাত উদ্ধাৰ হৈছিল। সেইবোৰ পৰিস্কাৰ কৰোঁতে, নিস্ক্ৰিয় কৰোঁতে ভিয়েটনাম চৰকাৰক এসপ্তাহমান সময় লাগিছিল।

সেই ঘটনাৰ এমাহৰ পাছত ১৯৭৩ চনৰ ২৭ জানুৱাৰীত পেৰিছ শান্তি চুক্তিত চহী কৰা হৈছিল, দীঘলীয়া যুদ্ধৰ অৱসান হৈছিল। ভিয়েটনামত আৰু ইন্দোচীনত ফৰাচী উপনিৱেশ কেতিয়াৰ পৰা কেনেকৈ স্থাপন হৈছিল, তাৰ আগতে কোন ভিয়েটনামী শাসক আছিল, চীন আৰু ভাৰতৰ উপনিৱেশ অতীতত ভিয়েটনামত আছিল নেকি... এনেবোৰ ইতিহাস অন্য স্থানত ক’ম।

ইন্দোচীনত আমেৰিকাৰ নৃশংস আক্ৰমণ, আমেৰিকাৰ নিজৰ দেশতে সমুখীন হোৱা প্ৰতিবাদী জনগণ- এইখিনি কাহিনী এতিয়া, এই অলপতে মিনকো সুধিম।

ছাইগন ভ্ৰমণৰ সময়ত কিমকো সুধিম।

কোন কিম জানিবলৈ অলপ অপেক্ষা কৰক। মিনতকৈ কিম বেচি জনা-বুজা, ইনফৰমেটিভ।

                                                                                   ...

বৰপুখুৰীৰ পাৰ। মিনৰ লগত আড্ডা জমি উঠিল।

অস্থায়ী মেজ এখনৰ ওপৰতে খন সৰু দোকান, ভিয়েটনামী মহিলা এজনীয়ে চৰবত আদি বিক্ৰি কৰি আছিল। কাষতে চকী দুখনত বহি চৰবতৰ অৰ্ডাৰ দিলোঁ। এতিয়া দিনৰ দুই বাজি গ’ল, তিনি বাজিবৰ হ’ল। দৰাচলতে তাই মোক দুঘণ্টামান আগতেই প্ৰস্তাৱ দিছিল- ‘কৰবাত জলপান কৰিবি নেকি?’ মই যক্ষই নুশুনা ভাও জুৰি আছিলোঁ। মই খোৱা মানে তাইকো খুৱাব লাগিব। বিদেশত আছোঁ, ক্ষণে প্ৰতি জেপলৈ মনত পেলাই আছোঁ, ডলাৰ-ডং-টকাৰ হিচাপ কৰি আছোঁ। ভাৰতীয় অৰ্থনীতিৰ পৰা গৈছোঁ, পশ্চিমীয়া দেশৰ লোকে উন্নত কাৰেঞ্চিৰ বাবে দুইহাতে খৰচ কৰিব পাৰে। ভাৰত আৰু ভিয়েটনামৰ অৰ্থনীতি এতিয়াও বুজা নাই, এতিয়ালৈকে বুজিছোঁ- ইয়াত চলিবলৈ কিছু খৰচী, ভালকৈ খৰচী, ভ্ৰমণ খৰচো বেছি।

এইকণ সময়ত মই মিনৰ পৰা এহেজাৰ বছৰৰ ইতিহাস জানিব লাগিব।

দৰাচলতে মিনৰ পৰা এইখিনি সময়তে ভিয়েটনামৰ ইতিহাস, ৰীতি-নীতি, দেশাচাৰ সকলোবোৰ বুজিব লাগিব।

হানয় চহৰ হাজাৰ বছৰীয়া পুৰণি। হয়, আক্ষৰিক অৰ্থতেই হাজাৰ বছৰ, অলপতে হানয় চহৰে এহাজাৰ বছৰ পুৰ্তি পালন কৰিছিল। হানয় ২০১০ চনত এহেজাৰ বছৰ সম্পূৰ্ণ কৰা চহৰ।

‘অঁ, এতিয়া ক চোন...।’- মিনক সুধিবলৈ আৰম্ভ কৰিলোঁ।

(আগলৈ)


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ